04.01.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে যেতিয়া অশৰীৰী হৈ পিতাক স্মৰণ কৰা তেতিয়া তোমালোকৰ কাৰণে এই জগতখনেই নোহোৱা
হৈ যায়, দেহ আৰু জগত পাহৰি যোৱা"
প্ৰশ্ন:
পিতাৰ দ্বাৰা
সকলো সন্তানে জ্ঞানৰ তৃতীয় নেত্র কিয় প্ৰাপ্ত কৰিছে?
উত্তৰ:
নিজক আত্মা বুলি বুজি, পিতা যি হয় যেনেকুৱা হয়, সেইটো ৰূপত স্মৰণ কৰিবলৈ জ্ঞানৰ
তৃতীয় নেত্র পাইছা। কিন্তু এই তৃতীয় নেত্রই তেতিয়াহে কাম কৰিব যেতিয়া সম্পূৰ্ণ
যোগযুক্ত হৈ থাকিবা অৰ্থাৎ এজন পিতাৰ সৈতে সঁচা প্ৰীতি থাকিব। কাৰো নাম-ৰূপত ওলমি
নাথাকিবা। মায়াই প্ৰীতি ৰখাতেই বিঘিনি আনে। ইয়াতেই সন্তানসকল প্ৰতাৰিত হৈ যায়।
গীত:
মৰনা তেৰী গলি
মে....... (তোমাৰ গলিতে যেন মৰোঁ…… )
ওঁম্শান্তি।
কেৱল তোমালোক
ব্ৰাহ্মণ সন্তানসকলৰ বাহিৰে অন্য কোনেও এই গীতটিৰ অৰ্থ বুজিব নোৱাৰে। যেনেকৈ
বেদ-শাস্ত্ৰ আদি ৰচনা কৰিছে কিন্তু যি পঢ়ে তাৰ অৰ্থ একো বুজিব নোৱাৰে সেয়েহে পিতাই
কয় - মই ব্ৰহ্মাৰ মুখেৰে সকলো বেদ-শাস্ত্ৰৰ সাৰ বুজাওঁ, তেনেকৈ এই গীতবোৰৰ অৰ্থও
কোনেও বুজিব নোৱাৰে, পিতাইহে ইয়াৰ অৰ্থ বুজায়। আত্মা যেতিয়া শৰীৰৰ পৰা পৃথক হৈ যায়
তেতিয়া জগতৰ সকলো সম্বন্ধ ছিঙি যায়। গীততো কোৱা হৈছে নিজক আত্মা বুলি বুজি অশৰীৰী
হৈ পিতাক স্মৰণ কৰা তেতিয়া এই জগতখনেই নোহোৱা হৈ যায়। এই শৰীৰ এই পৃথিৱীত আছে, আত্মা
ইয়াৰ পৰা ওলাই গ’লে সেই সময়ত সেই আত্মাটিৰ বাবে মনুষ্য সৃষ্টি নাই। আত্মা নাঙঠ (শৰীৰ
বিহীন) হৈ যায়। পুনৰ যেতিয়া শৰীৰত আহে তেতিয়া ভূমিকা আৰম্ভ হয়। পুনৰ এটা শৰীৰ ত্যাগ
কৰি অন্য এটা শৰীৰত গৈ প্ৰৱেশ কৰে। মহাতত্ত্বলৈ উভতিব যাব নালাগে। উৰি অন্য এটা
শৰীৰত যায়। ইয়াত এই আকাশ তত্ত্বতেই আত্মাই ভূমিকা পালন কৰিব লাগে। মূলধামলৈ যাব
নালাগে। যেতিয়া শৰীৰ ত্যাগ কৰে তেতিয়া ত্যাগ কৰা শৰীৰটোৰ সৈতে নতুবা প্ৰৱেশ
কৰিবলগীয়া শৰীৰটোৰ সৈতে কর্মবন্ধন নাথাকে। শৰীৰৰ পৰাই পৃথক হৈ যায় নহয়। আকৌ যেতিয়া
অন্য শৰীৰ লয় তেতিয়া কর্মবন্ধন আৰম্ভ হয়। এই কথাবোৰ তোমালোকৰ বাহিৰে আৰু অন্য কোনো
মনুষ্যই নাজানে। পিতাই বুজাইছে সকলো একেবাৰে বুদ্ধিহীন। কিন্তু এনেকৈ কোনোবাই মানি
লয় জানো। নিজকে কিমান বুদ্ধিমান বুলি ভাবে, শান্তিৰ পুৰস্কাৰ দি থাকে। এয়াও তোমালোক
ব্ৰাহ্মণ কুল ভূষণসকলে ভালকৈ বুজাব পাৰা। তেওঁলোকেতো নাজানেই যে শান্তি কাক কোৱা হয়?
কিছুমানতো মহাত্মাসকলৰ ওচৰলৈ যায় যে মনৰ শান্তি কেনেকৈ হ’ব? এনেকৈতো কয় যে বিশ্বত
শান্তি কেনেকৈ হ'ব! এনেকৈ নকয় যে নিৰাকাৰী সৃষ্টিত শান্তি কেনেকৈ হ'ব? সেইখনতো হয়েই
শান্তিধাম। আমি আত্মাসকল শান্তিধামত থাকোঁ কিন্তু তেওঁলোকেতো মনৰ শান্তি বুলি কয়।
তেওঁলোকে নাজানে যে শান্তি কেনেকৈ পোৱা যাব? শান্তিধামতো আমাৰ নিজৰ ঘৰ। ইয়াত শান্তি
কেনেকৈ পাব পাৰি? অৱশ্যে হয়, সত্যযুগত সুখ, শান্তি, সম্পত্তি সকলো আছে, যাৰ স্থাপনা
পিতাই কৰে। ইয়াততো কিমান অশান্তি। এই সকলোবোৰ এতিয়া তোমালোক সন্তানসকলেহে বুজি পোৱা।
সুখ, শান্তি, সম্পত্তি ভাৰততহে আছিল। সেয়া পিতাৰ উত্তৰাধিকাৰ আছিল আৰু দুখ, অশান্তি,
দৰিদ্ৰতা, এইবোৰ ৰাৱণৰ উত্তৰাধিকাৰ। এই সকলোবোৰ কথা বেহদৰ পিতাই বহি সন্তানসকলক
বুজায়। পিতা পৰমধাম নিবাসী জ্ঞানৱান, যিয়ে আমাক সুখধামৰ উত্তৰাধিকাৰ দিয়ে। তেওঁ
আমাক অৰ্থাৎ আত্মাসকলক বুজাই আছে। এয়াতো জানা যে জ্ঞান আত্মাত থাকে। তেওঁকেই জ্ঞানৰ
সাগৰ বুলি কোৱা হয়। সেই জ্ঞানৰ সাগৰে এই শৰীৰৰ দ্বাৰা সৃষ্টিৰ ইতিহাস-ভূগোল বুজায়।
সৃষ্টিৰ আয়ুসতো থকা উচিত নহয় জানো। সৃষ্টিখনতো আছেই। কেৱল নতুন সৃষ্টি আৰু পুৰণি
সৃষ্টি বুলি কোৱা হয়। এয়াও মনুষ্যই গম নাপায়। নতুন সৃষ্টিৰ পৰা পুৰণি সৃষ্টি হ’বলৈ
কিমান সময় লাগে?
তোমালোক সন্তানসকলে
জানা যে কলিযুগৰ পাছত সত্যযুগ নিশ্চয় আহিব সেয়েহে কলিযুগ আৰু সত্যযুগৰ সংগমত পিতা
আহিবলগীয়া হয়। এয়াও তোমালোকে জানা যে পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা নতুন
সৃষ্টিৰ স্থাপনা, শংকৰৰ দ্বাৰা বিনাশ কৰায়। ত্ৰিমূৰ্তিৰ অর্থই হৈছে এইটো - স্থাপনা,
বিনাশ, পালন। এয়াতো গতানুগতিক কথা। কিন্তু এই কথাবোৰ তোমালোক সন্তানসকলে পাহৰি যোৱা।
নহ'লে তোমালোক বহুত আনন্দিত হৈ থাকিলাহেঁতেন। নিৰন্তৰ স্মৃতি থকা উচিত। বাবাই আমাক
এতিয়া নতুন সৃষ্টিৰ বাবে লায়ক কৰি আছে। তোমালোক ভাৰতবাসীহে লায়ক হোৱা, অন্য কোনো
নহয়। অৱশ্যে হয়, যিসকল অন্য ধর্মলৈ ধৰ্মান্তৰিত হৈ গৈছে, তেওঁলোক আহিব পাৰে। পুনৰ
ইয়ালৈ (দৈৱী ধৰ্মলৈ) ধৰ্মান্তৰিত হৈ যাব, যেনেকৈ অন্য ধৰ্মলৈ গৈছিল। এই সকলো জ্ঞান
তোমালোকৰ বুদ্ধিত আছে। মনুষ্যক বুজাব লাগে যে এই পুৰণি সৃষ্টিৰ এতিয়া পৰিৱৰ্তন হ'ব।
মহাভাৰতৰ যুদ্ধও নিশ্চয় হ'ব। এই সময়তে বাবা আহি ৰাজযোগ শিকায়। যিয়ে ৰাজযোগ শিকে,
তেওঁলোক নতুন সৃষ্টিলৈ গুচি যাব। তোমালোকে সকলোকে বুজাব পাৰা যে উচ্চতকৈও উচ্চ
ভগৱান, তাৰপাছত ব্ৰহ্মা-বিষ্ণু-শংকৰ, আকৌ ইয়ালৈ (স্থূললোকলৈ) আহা, ইয়াত মুখ্য হৈছে
জগত অম্বা, জগত পিতা। পিতাও ইয়ালৈকে ব্ৰহ্মাৰ শৰীৰত আহে কিয়নো প্ৰজাপিতা ব্ৰহ্মাতো
ইয়াত আছে নহয়। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা সূক্ষ্মলোকততো হ’ব নোৱাৰে। ইয়াতেই হয়। এওঁ
ব্যক্তৰ পৰা অব্যক্ত হৈ যায়। এওঁলোকে ৰাজযোগ শিকি পুনৰ বিষ্ণুৰ দুটি ৰূপ হয়।
সৃষ্টিৰ ইতিহাস-ভূগোল বুজিব লাগে নহয়। মনুষ্যইহে বুজিব। সৃষ্টিৰ মালিকেহে সৃষ্টিৰ
ইতিহাস-ভূগোল বুজাব পাৰিব। তেওঁ জ্ঞানৱান, পুনৰ্জন্ম ৰহিত। এই জ্ঞান কাৰো বুদ্ধিত
নাই। পৰ্যবেক্ষণ কৰাৰো বুদ্ধি লাগে। কিবা বুদ্ধিত ধাৰণ হয়নে নে এনেয়ে, নাড়ীৰ
স্পন্দন চোৱা উচিত। অজমল খাঁ নামেৰে এজন প্ৰসিদ্ধ বৈদ্য আছিল। এনেকৈ কয় যে তেওঁ
দেখিলেই বেমাৰৰ কথা গম পাই গৈছিল। এতিয়া তোমালোক সন্তানসকলেও বুজা উচিত যে এওঁ লায়ক
হয় নে নহয়?
পিতাই সন্তানসকলক
জ্ঞানৰ তৃতীয় নেত্র প্ৰদান কৰিছে, যাৰ দ্বাৰা তোমালোকে নিজক আত্মা বুলি বুজি, পিতা
যি হয়, যেনেকুৱা হয়, তেওঁক সেইটো ৰূপত স্মৰণ কৰা। কিন্তু এনেকুৱা বুদ্ধি তেওঁলোকৰহে
হ’ব যিসকল সম্পূৰ্ণ যোগযুক্ত হ’ব, যাৰ পিতাৰ প্ৰতি প্ৰীতি বুদ্ধি থাকিব। সকলোতো
এনেকুৱা নহয়। ইজন সিজনৰ নাম-ৰূপত ওলমি যায়। পিতাই কয় - প্ৰীতি মোৰ প্ৰতি ৰাখাচোন।
মায়া এনেকুৱা যে পিতাৰ প্ৰতি প্ৰীতি ৰাখিবলৈ নিদিয়ে। মায়ায়ো দেখিবলৈ পায় যে মোৰ
গ্ৰাহক আঁতৰি গৈছে সেয়েহে একেবাৰে নাক-কাণত ধৰি লয়। পাছত যেতিয়া প্ৰতাৰিত হয় তেতিয়া
বুজে যে মায়াৰ হাতত প্ৰতাৰিত হ'লোঁ। মায়াজিৎ, জগতজিৎ হ’ব নোৱাৰিব, উচ্চ পদ পাব
নোৱাৰিব। ইয়াতেই পৰিশ্ৰম কৰিবলগীয়া হয়। শ্ৰীমতে কয় মামেকম্ (কেৱল মোক; পৰমাত্মাক)
স্মৰণ কৰিলে তেতিয়া তোমালোকৰ যি পতিত বুদ্ধি সেয়া পাৱন হৈ যাব। কিন্তু বহুতে বৰ
কঠিন অনুভৱ কৰে। ইয়াত বিষয় এটাই ‘অল্ফ’ আৰু ‘বে’ (আল্লা আৰু বাদশ্বাহী)। বচ্, এই
দুটা শব্দও স্মৃতিত ৰাখিব নোৱাৰানে! বাবাই কয় ‘অল্ফ’ক স্মৰণ কৰা আকৌ নিজৰ দেহক,
অন্যৰ দেহক স্মৰণ কৰি থাকে। বাবাই কয় - দেহক দেখিও তোমালোকে মোক স্মৰণ কৰা। আত্মাই
এতিয়া মোক চাবলৈ আৰু বুজিবলৈ তৃতীয় নেত্র পাইছে, সেই তৃতীয় নেত্ৰই ব্যৱহাৰ কৰা।
তোমালোক সন্তানসকল এতিয়া ত্রিনেত্ৰী, ত্ৰিকালদৰ্শী হৈছা। কিন্তু ত্ৰিকালদৰ্শীয়ো
ক্ৰমানুসৰি হয়। জ্ঞান ধাৰণ কৰাতো কোনো কঠিন নহয়। বহুতেই ভালকৈ বুজে কিন্তু যোগবল কম,
দেহী-অভিমানী বোধ বহুত কম। অলপ কথাতে ক্ৰোধ আহি যায়, অৱনমিত হৈ থাকে। আজি উঠে পুনৰ
কাইলৈ বাগৰি পৰে। দেহ-অভিমান হৈছে মুখ্য তাৰপাছত অন্য বিকাৰ লোভ, মোহ আদিত বান্ধ
খাই যায়। দেহৰ প্ৰতিও মোহ থাকে নহয়। মাতাসকলৰ মোহ অধিক। পিতাই এতিয়া তাৰ পৰা মুক্ত
কৰে। তোমালোকে বেহদৰ পিতাক পাইছা তেন্তে আকৌ মোহ কিয় ৰাখা? সেই সময়ত চেহেৰা,
কথা-বাৰ্তাৰ ধৰণ দেখিবলৈ বান্দৰ সদৃশ্য হৈ যায়। পিতাই কয় - নষ্টোমোহা হৈ যোৱা,
নিৰন্তৰ মোক স্মৰণ কৰা। শিৰত পাপৰ বোজা বহুত আছে, সেয়া কেনেকৈ আঁতৰিব? কিন্তু মায়া
এনেকুৱা যে স্মৰণ কৰিবলৈ নিদিব। যিমানেই মগজ নখটুওৱা কিয় ঘনে ঘনে বুদ্ধি আঁতৰাই দিয়ে।
কিমান চেষ্টা কৰা যে মই অতিকৈ মৰমৰ বাবাৰ মহিমা গাই থাকোঁ। বাবা, বচ্ এতিয়া আপোনাৰ
ওচৰলৈ যাম, কিন্তু পুনৰ পাহৰি যোৱা। বুদ্ধি অন্য ফালে গুচি যায়। এওঁ (ব্ৰহ্মা) এক
নম্বৰ হ’বলগীয়াজনো পুৰুষাৰ্থী হয় নহয়।
সন্তানসকলৰ বুদ্ধিত
এইটো স্মৃতি থকা উচিত যে আমি ঈশ্বৰ পিতাৰ বিদ্যাৰ্থী। ‘গীতা’তো আছে - ভগৱানুবাচ, মই
তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ। কেৱল শিৱৰ সলনি শ্ৰীকৃষ্ণৰ নাম দি দিলে। বাস্তৱত
শিৱবাবাৰ জয়ন্তী গোটেই জগততে পালন কৰিব লাগে। শিৱবাবাই মাৰ্গ-দৰ্শক হৈ সকলোকে দুখৰ
পৰা মুক্ত কৰি লৈ যায়। এয়াতো সকলোৱে মানি লয় যে তেওঁ মুক্তিদাতা, মাৰ্গ-দৰ্শক হয়।
পিতা সকলোৰে পতিত-পাৱন, সকলোকে সুখধাম-শান্তিধামলৈ লৈ যাওঁতা তেন্তে তেওঁৰ জয়ন্তী
কিয় পালন নকৰে? ভাৰতবাসীয়েই পালন নকৰে সেয়েহে ভাৰতৰ এনেকুৱা বেয়া গতি হৈ গ’ল।
মৃত্যুও বেয়া গতিৰে হয়। তেওঁলোকেতো এনেকুৱা বোমা সাজিছে, গেছ নিৰ্গত হ’ল আৰু শেষ,
যেন ‘ক্লৰ’ফৰ্ম’ (চেতনা নাশক ঔষধ) লাগি যায়। এয়াও তেওঁলোকে তৈয়াৰ কৰিবই। বন্ধ হোৱা
অসম্ভৱ। যি কল্প পূৰ্বে হৈছিল সেয়া পুনৰাবৃত্তি হ’ব। এই ক্ষেপণাস্ত্ৰ আৰু প্ৰাকৃতিক
দুৰ্যোগৰ দ্বাৰা পুৰণি সৃষ্টিৰ বিনাশ হৈছিল, সেয়া এতিয়াও হ’ব। যেতিয়া বিনাশৰ সময়
হ'ব তেতিয়া ড্ৰামাৰ পৰিকল্পনা অনুসৰি সেয়া কাৰ্যত আহিয়ে যাব। ড্ৰামাই বিনাশ নিশ্চয়
কৰাব। ৰক্তৰ নদী ইয়াতেই বৈ যাব। গৃহযুদ্ধত ইজনে-সিজনক মাৰি নেপেলায় জানো। তোমালোকৰ
মাজতো কিছুসংখ্যকেহে জানে যে এই সৃষ্টি পৰিৱৰ্তন হৈ আছে। আমি এতিয়া সুখধামলৈ যাম।
গতিকে সদায় জ্ঞানৰ অতীন্দ্ৰিয় সুখত থাকিব লাগে। যিমানে স্মৃতিত থাকিবা সিমানে সুখ
বাঢ়ি গৈ থাকিব। ছিঃ ছিঃ দেহৰ পৰা নষ্টোমোহা হৈ গৈ থাকিবা। পিতাই কেৱল কয় – ‘অল্ফ’ক
স্মৰণ কৰা তেতিয়া ‘বে’ অৰ্থাৎ বাদশ্বাহী তোমালোকৰ। চেকেণ্ডত বাদশ্বাহী, বাদশ্বাহৰ
সন্তান হ’ল তাৰমানে সেই সন্তাটি বাদশ্বাহ হৈ গ’ল নহয়। গতিকে পিতাই কয় - মোক আৰু
চক্ৰক স্মৰণ কৰি থাকা তেতিয়া চক্ৰৱৰ্তী মহাৰজা হ’বাগৈ সেয়েহে গায়ন কৰা হয় চেকেণ্ডত
জীৱনমুক্তি, চেকেণ্ডত ভিকহুৰ পৰা ৰাজকুমাৰ। কিমান ভাল। সেয়েহে শ্ৰীমতত ভালদৰে চলিব
লাগে। খোজে প্ৰতি ৰায় ল’ব লাগে।
পিতাই বুজায় - মৰমৰ
সন্তানসকল, নিমিত্ত হৈ থাকিলে মমত্ব নোহোৱা হ'ব। কিন্তু নিমিত্ত হোৱাটো কোনো মাহীৰ
ঘৰলৈ যোৱাৰ নিচিনা (ইমান উজু) নহয়। এওঁ নিজে নিমিত্ত হৈছে, সন্তানসকলকো নিমিত্ত কৰে।
এওঁ কিবা লয় জানো? এওঁ কয় - তোমালোকে নিমিত্ত হৈ চম্ভালি থাকা। নিমিত্ত হৈ গ’লে
তেতিয়া মমত্ব নোহোৱা হৈ যায়। এনেকৈ কয়ো যে সকলো ঈশ্বৰে দিয়া। আকৌ কিবা হেৰুৱালে বা
কাৰোবাৰ মৃত্যু হ'লে বেমাৰ হৈ যায়। পালে আনন্দিত হয়। যিহেতু এনেকৈ কোৱাই যে সকলো
ঈশ্বৰেই দিছে তেন্তে মৃত্যু হ’লে কন্দাৰ কি প্ৰয়োজন? কিন্তু মায়াও কম নহয়, মাহীৰ ঘৰ
জানো। এই সময়ত পিতাই কয় - তোমালোকে মোক আহ্বান জনাইছা যে এই পতিত সৃষ্টিত আমি থাকিব
নিবিচাৰোঁ, আমাক পাৱন সৃষ্টিলৈ লৈ ব'লক, লগত লৈ ব'লক কিন্তু ইয়াৰ অর্থও বুজি নাপায়।
পতিত-পাৱন আহিলে নিশ্চয় শৰীৰ নাশ হ'ব, তেতিয়াহে আত্মাসকলক লগত লৈ যাব। গতিকে এনেহেন
পিতাৰ প্ৰতি প্ৰন্তি বুদ্ধি থকা উচিত। এজনৰ প্ৰতিয়ে প্ৰীতি ৰাখিব লাগে, তেওঁকহে
স্মৰণ কৰিব লাগে। মায়াৰ ধুমুহাতো আহিব। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কোনো বিকৰ্ম কৰিব
নালাগে। সেয়া নীতিবহিৰ্ভূত হৈ যায়। পিতাই কয় - মই আহি এই শৰীৰৰ আধাৰ লওঁ। এইটো এওঁৰ
শৰীৰ। তোমালোকে পিতাক স্মৰণ কৰিব লাগে। তোমালোকে জানা যে ব্ৰহ্মাও বাবা, শিৱও বাবা।
বিষ্ণু আৰু শংকৰক বাবা বুলি কোৱা নহয়। শিৱ হৈছে নিৰাকাৰ পিতা। প্ৰজাপিতা ব্ৰহ্মা
হৈছে সাকাৰী (শৰীৰধাৰী) পিতা। এতিয়া তোমালোকে সাকাৰৰ দ্বাৰা নিৰাকাৰ পিতাৰ পৰা
উত্তৰাধিকাৰ লৈ আছা। ককা (শিৱবাবা) এওঁৰ শৰীৰত প্ৰৱেশ কৰে সেইকাৰণে কয় আমি ককাৰ
উত্তৰাধিকাৰ পিতাৰ (ব্ৰহ্মাৰ) দ্বাৰা লওঁ। ককা নিৰাকাৰ, পিতা হৈছে সাকাৰ। এয়া
একেবাৰে আচৰিত নতুন কথা নহয় জানো। ত্ৰিমূৰ্তি দেখুৱায় কিন্তু বুজি নাপায়। শিৱক
নোহোৱা কৰি দিলে। পিতাই কিমান ভাল ভাল কথা বুজায় গতিকে আনন্দিত হৈ থকা উচিত - আমি
বিদ্যাৰ্থী। বাবা আমাৰ পিতা, শিক্ষক, সৎগুৰু হয়। তোমালোকে এতিয়া সৃষ্টিৰ
ইতিহাস-ভূগোল বেহদৰ পিতাৰ পৰা শুনি আছা আকৌ অন্যকো শুনোৱা। এয়া 5 হাজাৰ বছৰৰ চক্ৰ।
কলেজৰ ল'ৰা-ছোৱালীক সৃষ্টিৰ ইতিহাস-ভূগোলৰ কথা বুজাব লাগে। 84 জন্মৰ ছিৰি কি, ভাৰতৰ
উত্থানৰ কলা আৰু পতনৰ কলা কেনেকৈ হয়, এয়া বুজাব লাগে। চেকেণ্ডত ভাৰত স্বর্গ হৈ যায়
আকৌ 84 জন্মত ভাৰত নৰক হৈ যায়। এয়াতো অতি সহজে বুজিব পৰা কথা। ভাৰত সোণালী যুগৰ পৰা
লৌহ যুগলৈ কেনেকৈ আহিল - এয়াতো ভাৰতবাসীক বুজোৱা উচিত। শিক্ষককো বুজোৱা উচিত। সেয়া
হ'ল পাৰ্থিৱ জ্ঞান, এয়া হ'ল আত্মিক জ্ঞান। সেয়া মনুষ্যই দিয়ে, এয়া ঈশ্বৰ পিতাই দিয়ে।
তেওঁ হৈছে মনুষ্য সৃষ্টিৰ বীজৰূপ, গতিকে তেওঁৰ মনুষ্য সৃষ্টিৰে জ্ঞান থাকিব। ভাল
বাৰু !
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই ছিঃ
ছিঃ দেহৰ পৰা সম্পূৰ্ণ নষ্টোমোহা হৈ জ্ঞানৰ অতীন্দ্ৰিয় সুখত থাকিব লাগে। বুদ্ধিত থকা
উচিত যে এতিয়া এই সৃষ্টি পৰিৱৰ্তন হৈ আছে আমি আমাৰ সুখধামলৈ যাওঁ।
(2) নিমিত্ত হৈ সকলো
চম্ভালিও নিজৰ মমত্ত্ব নোহোৱা কৰিব লাগে। এজন পিতাৰ প্ৰতি সঁচা প্ৰীতি ৰাখিব লাগে।
কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কেতিয়াও কোনো বিকৰ্ম কৰিব নালাগে।
বৰদান:
পিতা ব্ৰহ্মাৰ
সমান শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ চিত্ৰ অংকন কৰোঁতা পৰোপকাৰী হোৱা
শ্ৰেষ্ঠ স্মৃতি আৰু
শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা ভাগ্যৰ চিত্ৰতো সকলো সন্তানে আঁকিছা, এতিয়া কেৱল অন্তিম
স্পৰ্শ হৈছে সম্পূৰ্ণতাৰ বা পিতা ব্ৰহ্মাৰ সমান শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হোৱাৰ, ইয়াৰ
বাবে পৰোপকাৰী হোৱা অৰ্থাৎ স্বাৰ্থ ভাৱৰ পৰা সদায় মুক্ত হৈ থাকা। সকলো পৰিস্থিতিত,
সকলো কাৰ্য্যত, সকলো সহযোগী সংগঠনত যিমানে নিঃস্বাৰ্থ বোধ থাকিব সিমানে পৰোপকাৰী
হ'ব পাৰিবা। সদায় নিজক ভৰপূৰ অনুভৱ কৰিবা। সদায় প্ৰাপ্তি স্বৰূপৰ স্থিতিত থাকিবা,
নিজৰ প্ৰতি একোৱেই স্বীকাৰ নকৰিবা।
স্লোগান:
সৰ্বস্ব ত্যাগী হ’লেহে সৰলতা আৰু সহনশীলতাৰ গুণ ধাৰণ হ’ব।
শক্তিশালী মনেৰে
শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
এই শক্তিৰ প্ৰকম্পন
দিয়াৰ সেৱা নিৰন্তৰ কৰিব পাৰা, এই ক্ষেত্ৰত স্বাস্থ্য বা সময়ৰ কথা নাই। দিনে-ৰাতিয়ে
এই বেহদৰ সেৱাত লাগি যাব পাৰা। যেনেকৈ পিতা ব্ৰহ্মাক দেখিলা, ৰাতিও সাৰ পালে আৰু
শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰি থাকিল, তেনেকৈ পিতাক অনুসৰণ কৰা। যেতিয়া তোমালোক
সন্তানসকলে বেহদক (গোটেই জগতক) শক্তিৰ প্ৰকম্পন দিবা তেতিয়া ওচৰত থকাসকলে আপোনাআপুনি
শক্তিৰ প্ৰকম্পন লৈ থাকিব। এই বেহদৰ শক্তিৰ প্ৰকম্পন দিলে বায়ুমণ্ডল আপোনাআপুনি গঢ়
লৈ উঠিব।