04.01.26    Avyakt Bapdada     Assame Murli     30.11.2008     Om Shanti     Madhuban


“*“পূৰ্ণ বিৰাম লগাই, সম্পূৰ্ণ পৱিত্ৰতা ধাৰণ কৰি, মনেৰে শক্তিৰ কিৰণৰ দ্বাৰা সুখ-শান্তিৰ অঞ্জলি দিয়াৰ সেৱা কৰা”*”


আজি বাপদাদাই চাৰিওফালৰ মহান সন্তানসকলক চাই আছেহঁক। কি মহানতা কৰিলা? জগতৰ লোকে যিটো অসম্ভৱ বুলি কয় তাক সহজে সম্ভৱ কৰি দেখুৱালা, সেয়া হ’ল পৱিত্ৰতাৰ ব্ৰত। তোমালোক সকলোৱে পৱিত্ৰতাৰে ব্ৰত ধাৰণ কৰিছা নহয়! বাপদাদাৰ আগত পৰিৱৰ্তনৰ দৃঢ় সংকল্পৰ ব্ৰত লৈছা। ব্ৰত লোৱা অৰ্থাৎ বৃত্তি পৰিৱৰ্তন কৰা, কি বৃত্তি পৰিৱৰ্তন কৰিলা? সংকল্প কৰিলা যে আমি সকলো ভাই ভাই, এইটো বৃত্তি পৰিৱৰ্তনৰ বাবে ভক্তিমাৰ্গতো কিমান কথাৰ ব্ৰত লয় কিন্তু তোমালোক সকলোৱে পিতাৰ আগত দৃঢ় সংকল্প কৰিলা কিয়নো ব্ৰাহ্মণ জীৱনৰ আধাৰ হৈছে পৱিত্ৰতা আৰু পৱিত্ৰতাৰ দ্বাৰাই পৰমাত্ম স্নেহ আৰু সৰ্ব পৰমাত্ম প্ৰাপ্তি হৈ আছে। মহাত্মাই যাক কঠিন বুলি ভাবে, অসম্ভৱ বুলি ভাবে আৰু তোমালোকে পৱিত্ৰতাক স্বধৰ্ম বুলি বুজা। বাপদাদাই দেখি আছে বহুতো ভাল ভাল সন্তান আছে যিসকলে সংকল্প কৰিলে আৰু দৃঢ় সংকল্পৰ দ্বাৰা বাস্তৱত পৰিৱৰ্তন কৰি দেখুৱাইছে। এনেকুৱা চাৰিওফালৰ মহান সন্তানসকলক বাপদাদাই বহুত বহুত অন্তৰৰ আশীৰ্বাদ দি আছে।

তোমালোক সকলোৱে মন-বচন-কৰ্ম, বৃত্তি দৃষ্টিৰ দ্বাৰা পৱিত্ৰতাৰ অনুভৱ কৰি আছা নহয়! পৱিত্ৰতাৰ বৃত্তি অৰ্থাৎ প্ৰত্যেক আত্মাৰ প্ৰতি শুভ-ভাৱনা, শুভ-কামনা। দৃষ্টিৰ দ্বাৰা প্ৰত্যেক আত্মাক আত্মিক স্বৰূপত চোৱা, নিজকো সদায় আত্মিক স্থিতিত অনুভৱ কৰা। ব্ৰাহ্মণ জীৱনৰ মহত্ব হৈছে মন-বচন-কৰ্মৰ পৱিত্ৰতা। যদি পৱিত্ৰতা নাই তেন্তে ব্ৰাহ্মণ জীৱনৰ যি গায়ন আছে - সদায় পৱিত্ৰতাৰ বলত নিজেও নিজক আশীৰ্বাদ দিয়ে, কি আশীৰ্বাদ দিয়ে? পৱিত্ৰতাৰ দ্বাৰা সদায় নিজেও আনন্দ অনুভৱ কৰে আৰু আনকো আনন্দ দিয়ে। পৱিত্ৰ আত্মাই তিনিটা বিশেষ বৰদান প্ৰাপ্ত কৰে- 1) নিজে নিজক বৰদান দিয়ে যাৰ দ্বাৰা সহজে পিতাৰ প্ৰিয় হৈ যায়। 2) বৰদাতা পিতাৰ সবাটোকৈ সমীপৰ আৰু সবাটোকৈ প্ৰিয় সন্তান হৈ যায় সেয়েহে পিতাৰ আশীৰ্বাদ স্বতঃ প্ৰাপ্ত হয় আৰু সদায় প্ৰাপ্ত হয়। 3) যি ব্ৰাহ্মণ পৰিয়ালৰ বিশেষ নিমিত্ত হয়, তেওঁলোকৰ দ্বাৰাও আশীৰ্বাদ প্ৰাপ্ত হৈ থাকে। তিনিওৰে আশীৰ্বাদেৰে সদায় উৰি থাকে আৰু উৰাই থাকে। সেয়েহে তোমালোকেও নিজকে সোধা, নিজকে পৰীক্ষা কৰা যে পৱিত্ৰতাৰ বল আৰু পৱিত্ৰতাৰ ফল সদায় অনুভৱ কৰোঁনে? সদায় আত্মিক নিচা, অন্তৰত নিচা থাকেনে? কেতিয়াবা কেতিয়াবা কোনো কোনো সন্তানে যেতিয়া অমৃতবেলা মিলন উদ্‌যাপন কৰে, আন্তৰিক বাৰ্তালাপ কৰে তেতিয়া কি কয় জানানে? পৱিত্ৰতাৰ দ্বাৰা যি অতিন্দ্ৰীয় সুখৰ ফল প্ৰাপ্ত হয় সেয়া সদায় নাথাকে। কেতিয়াবা থাকে কেতিয়াবা নাথাকে কিয়নো পৱিত্ৰতাৰ ফলেই হ’ল অতিন্দ্ৰীয় সুখ। গতিকে নিজকে সোধা মই কোন? সদায় অতিন্দ্ৰীয় সুখৰ অনুভুতিত থাকোঁনে নে কেতিয়াবা কেতিয়াবা? নিজকে কি বুলি কোৱা? সকলোৱে নিজৰ নাম লিখিলে কি বুলি লিখা? বি.কে. অমুক... বি.কে. অমুকী আৰু নিজকে মাষ্টৰ সৰ্বশক্তিমান বুলি কোৱা। সকলো মাষ্টৰ সৰ্বশক্তিমান হোৱা নহয়! যিসকলে ভাবা যে মই মাষ্টৰ সৰ্বশক্তিমান, সদায়, কেতিয়াবা কেতিয়াবা নহয়! তেওঁলোকে হাত দাঙা। সদায়নে? চাবা, ভাবিবা, সদায় হয়নে? ডবল বিদেশীয়ে হাত দাঙা নাই, কিছুসংখ্যকে দাঙিছে। শিক্ষকসকলে হাত দাঙা, সদায় হয়নে? এনেয়ে নাদাঙিবা, যিসকলে সদায় ভাবা, তেওঁলোকে হাত দাঙা। বহুত কমসংখ্যক আছে। পাণ্ডৱে হাত দাঙা, পিছৰসকল, বহুত কমসংখ্যক আছে। গোটেই সভাই হাত দাঙা নাই। বাৰু মাষ্টৰ সৰ্বশক্তিমান হোৱা তেন্তে সেই সময়ত শক্তি ক’লৈ যায়? মাষ্টৰ হোৱা, ইয়াৰ অৰ্থই হ’ল মাষ্টৰতো পিতাতকৈও উচ্চ হয়। তেন্তে পৰীক্ষা কৰা - নিশ্চয় পৱিত্ৰতাৰ আধাৰত কিছু দুৰ্বল হোৱা। কি দুৰ্বলতা আছে? মনত অৰ্থাৎ সংকল্পত দুৰ্বলতা আছে, বাণীত দুৰ্বলতা আছে নতুবা কৰ্মত দুৰ্বলতা আছে, নে সপোনতো কিবা দুৰ্বলতা আছে, কিয়নো পৱিত্ৰ আত্মাৰ মন-বচন-কৰ্ম, সমন্ধ-সম্পৰ্ক, সপোন স্বতঃ শক্তিশালী হয়। যিহেতু ব্ৰত লৈ ল’লা, বৃত্তি পৰিৱৰ্তন কৰাৰ, তেন্তে কেতিয়াবা কেতিয়াবা কিয়? সময় দেখি আছা, সময়ৰ আহ্বান, ভক্তসকলৰ আহ্বান, আত্মাসকলৰ আহ্বান শুনি আছা আৰু অকস্মাতৰ পাঠতো সকলোৰে দৃঢ়। তেন্তে আধাৰৰ দুৰ্বলতা অৰ্থাৎ পৱিত্ৰতাৰ দুৰ্বলতা, যদি বাণীতো শুভ-ভাৱনা, শুভ-কামনা নাই, পৱিত্ৰতাৰ বিপৰীত তেতিয়াও সম্পূ্ৰ্ণ পৱিত্ৰতাৰ যি সুখ অতিন্দ্ৰীয় সুখ, তাৰ অনুভৱ হ’ব নোৱাৰে কিয়নো ব্ৰাহ্মণ জীৱনৰ লক্ষ্যই হ’ল অসম্ভৱক সম্ভৱ কৰা। তাত ‘যিমান’ আৰু ‘সিমান’ৰ কথা নাহে। যিমান লাগে সিমান নহয়। তেন্তে কাইলৈ অমৃতবেলা বিশেষভাৱে প্ৰত্যেকেই পৰীক্ষা কৰিবা, আনৰ কথা নাভাবিবা, আনক নাচাবা, কিন্তু নিজক পৰীক্ষা কৰিবা যে কিমান শতাংশ পৱিত্ৰতাৰ ব্ৰত পালন কৰি আছোঁ? চাৰিটা কথা পৰীক্ষা কৰিবা – এটা হ’ল বৃত্তি, দ্বিতীয়তে সমন্ধ-সম্পৰ্কত শুভ-ভাৱনা, শুভ-কামনা, এওঁতো হয়েই এনেকুৱা, নহয়। কিন্তু সেই আত্মাটিৰ প্ৰতিও শুভ-ভাৱনা। যিহেতু তোমালোক সকলোৱে নিজক বিশ্ব পৰিৱৰ্তক বুলি মানি লৈছা, হোৱানে সকলো? নিজক বিশ্ব পৰিৱৰ্তক ভাবানে? হাত দাঙা। এই ক্ষেত্ৰততো বহুত ভালদৰে হাত দাঙিছা, অভিনন্দন। কিন্তু বাপদাদাই সকলোকে এটা প্ৰশ্ন সুধিব। প্ৰশ্ন সোধোনে? যিহেতু তোমালোক বিশ্ব পৰিৱৰ্তক হোৱা তেন্তে বিশ্ব পৰিৱৰ্তনত এই প্ৰকৃতি, 5 তত্বও আহি যায়, সেইবোৰ পৰিৱৰ্তন কৰিব পাৰা আৰু নিজক বা সংগীসকলক, পৰিয়ালক পৰিৱৰ্তন কৰিব নোৱাৰানে? বিশ্ব পৰিৱৰ্তক অৰ্থাৎ আত্মাসকল, প্ৰকৃতি, সকলোৰে পৰিৱৰ্তন কৰা। তেন্তে নিজৰ প্ৰতিজ্ঞা স্মৃতিলৈ আনা, সকলোৱে পিতাৰ আগত প্ৰতিজ্ঞা বহুবাৰ কৰিছা কিন্তু বাপদাদাই এয়াই দেখি আছে যে সময় বহুত তীব্ৰ বেগেৰে গৈ আছে, সকলোৰে আহ্বান বহুত বৃদ্ধি পাইছে, তেন্তে আহ্বান শুনোঁতা আৰু পৰিৱৰ্তন কৰোঁতা উপকাৰী আত্মাসকল কোন? তোমালোকেই হোৱা নহয়! বাপদাদাই আগতেও শুনাইছে, পৰোপকাৰী তথা বিশ্ব উপকাৰী হবলৈ তিনিটা শব্দ সমাপ্ত কৰিব লাগিব – জানাতো নিশ্চয়। জনাৰ ক্ষেত্ৰততো হুচিয়াৰ, বাপদাদাই জানে সকলো হুচিয়াৰ। এটা প্ৰথম শব্দ হৈছে পৰচিন্তন, দ্বিতীয়তে পৰদৰ্শন আৰু তৃতীয়তে পৰমত, এই তিনিওটা ‘পৰ’ শব্দ সমাপ্ত কৰি, পৰ-উপকাৰী হ’বা। এই তিনিটা শব্দই বিঘ্ন ৰূপ লয়। স্মৃতিত আছে নহয়! নতুন কথা নহয়। গতিকে কাইলৈ পৰীক্ষা কৰিবা অমৃতবেলা, বাপদাদায়ো পৰিক্ৰমা লগায়, চাম কি কৰি আছা? কিয়নো এতিয়া আৱশ্যকতা হ’ল সময় অনুসৰি, আহ্বান অনুসৰি প্ৰত্যেক দুখী আত্মাক মনেৰে শক্তিৰ কিৰণৰ দ্বাৰা সুখ শান্তিৰ অঞ্জলি দিয়াৰ। কাৰণ কি? বাপদাদাই কেতিয়াবা কেতিয়াবা সন্তানসকলক অকস্মাতে চায় কি কৰি আছে? কিয়নো সন্তানসকলৰ প্ৰতি স্নেহতো আছে নহয়, আৰু সন্তানসকলৰ লগত যাব লাগে, অকলে নাযায়। লগত যাবা নহয়! লগত যাবানে? এই আগৰসকলে হাত দাঙা নাই? নোযোৱা নেকি? যাব লাগে নহয়! বাপদাদাও সন্তানসকলৰ বাবে অপেক্ষা কৰি আছে, আগতীয়া দলে তোমালোকৰ দাদীসকলে, তোমালোকৰ বিশেষ পাণ্ডৱসকলে, তোমালোক সকলোৰে অপেক্ষা কৰি আছে, তেওঁলোকেও অন্তৰত দৃঢ় প্ৰতিজ্ঞা কৰিছে যে আমি সকলো একেলগে যাম। অলপ নহয়, সকলো লগত যাম। তেন্তে কালিলৈ অমৃতবেলা নিজক পৰীক্ষা কৰিবা যে কি কথাত অভাৱ আছে? মনৰ, বাণীৰ বা কৰ্মত অহাৰ ক্ষেত্ৰত। বাপদাদাই এবাৰ সকলো সেৱাকেন্দ্ৰ পৰিক্ৰমা লগালে। শুনাওঁনে কি দেখিলোঁ? অভাৱ কোনটো কথাত আছে? এয়াই দেখা গ’ল যে এক চেকেণ্ডত পৰিৱৰ্তন কৰি পূৰ্ণ বিৰাম লগোৱা, এই ক্ষেত্ৰত অভাৱ আছে। যেতিয়ালৈ পূৰ্ণ বিৰাম লগোৱা তেতিয়ালৈ ক’ব নোৱাৰো কি কি হৈ যায়। বাপদাদাই শুনাইছে যে অন্তিম সময়ৰ অন্তিম এটা মুহূৰ্ত হ’ব যেতিয়া পূৰ্ণ বিৰাম লগাব লাগিব। কিন্তু কি দেখিলোঁ? লগাব লাগে পূৰ্ণ বিৰাম (।) কিন্তু লাগি যায় কমা (,), আনৰ কথা স্মৃতিলৈ আনে, এয়া কিয় হয়, ইয়াত আশ্চৰ্যৰ মাত্ৰা লাগি যায়। পূৰ্ণ বিৰাম নালাগে কিন্তু কমা, আশ্চৰ্যৰ মাত্ৰা আৰু প্ৰশ্নসূচক মাত্ৰা, প্ৰশ্নৰ শাৰী লাগি যায়। গতিকে এইটো পৰীক্ষা কৰিবা। যদি পূৰ্ণ বিৰাম লগোৱাৰ অভ্যাস নাথাকে তেন্তে অন্তিমৰ স্থিতি অনুসৰিয়ে গতি অৰ্থাৎ গতি শ্ৰেষ্ঠ নহ’ব। উচ্চ নহ’ব সেয়েহে বাপদাদাই ঘৰত কৰিবলৈ কাম দি আছে যে বিশেষকৈ কাইলৈ অমৃতবেলা পৰীক্ষা কৰিবা আৰু পৰিৱৰ্তন কৰিব লাগিব। গতিকে এতিয়া 18 জানুৱাৰীলৈকে চেকেণ্ডত পূৰ্ণ বিৰাম লগোৱাৰ বাৰে বাৰে অভ্যাস কৰা। জানুৱাৰী মাহত সকলোৰে পিতাৰ সমান হোৱাৰ উৎসাহ জাগে নহয়, তেন্তে 18 জানুৱাৰীৰ দিনা সকলোৱে নিজৰ টোকা লিখি বাকচত দিবা যে 18 তাৰিখলৈকে ফলাফল কি হ’ল? পূৰ্ণ বিৰাম লাগিল নে আন মাত্ৰ লাগি গ’ল? পচন্দ হৈছেনে? পচন্দ হৈছেনে? কান্ধ লৰোৱা কিয়নো বাপদাদাৰ সন্তানসকলৰ প্ৰতি বহুত স্নেহ আছে, অকলে যাব নোখোজে, তেন্তে কি কৰিবা? এতিয়া তীব্ৰ বেগেৰে তীব্ৰ পুৰুষাৰ্থ কৰা। এতিয়া ঢিলা পুৰুষাৰ্থই সফলতা প্ৰাপ্ত কৰাব নোৱাৰে।

পৱিত্ৰতাক ব্যক্তিত্ব, সত্যতা, আভিজাত্য বুলি কোৱা হয়। গতিকে নিজৰ আভিজাত্য স্মৃতিলৈ আনা। অনাদি ৰূপতো তোমালোক আত্মা পিতাৰ লগত নিজৰ দেশৰ বিশেষ আত্মা। যেনেকৈ আকাশত বিশেষ তৰা চিকমিকাই থাকে তেনেকৈ তোমালোক অনাদি ৰূপত বিশেষ তৰা চিকমিকাই থাকা। নিজৰ অনাদি কালৰ আভিজাত্য স্মৃতিলৈ আনা। আকৌ সত্যযুগত যেতিয়া আহা তেতিয়া দেৱতা ৰূপৰ আভিজাত্য স্মৃতিলৈ আনা। সকলোৰে শিৰত আভিজাত্যৰ লাইটৰ মুকুট আছে। অনাদি, আদি কিমান আভিজাত্য আছে। আকৌ দ্বাপৰত আহা তেতিয়াও তোমালোকৰ চিত্ৰৰ নিচিনা আভিজাত্য আন কাৰো নাই। নেতাসকলৰ, অভিনেতাসকলৰ, ধৰ্ম আত্মাসকলৰ চিত্ৰ তৈয়াৰ কৰা হয় কিন্তু তোমালোকৰ চিত্ৰৰ পূজা আৰু তোমালোকৰ চিত্ৰৰ বিশেষত্ব কিমান অভিজাত। চিত্ৰ দেখিয়েই সকলো হৰ্ষিত হৈ যায়। চিত্ৰৰ দ্বাৰা কিমান আশীৰ্বাদ লয়। এই সকলো আভিজাত্য হৈছে পৱিত্ৰতাৰ। পৱিত্ৰতা ব্ৰাহ্মণ জীৱনৰ জন্ম সিদ্ধ অধিকাৰ। পৱিত্ৰতাৰ অভাৱ সমাপ্ত হ’ব লাগে। এনেকুৱা নহয় হৈ যাব, সেই সময়ত বৈৰাগ্য জাগি যাব তেতিয়া হৈ যাব, কথা বহুত ভাল ভাল শুনায়। বাবা আপুনি চিন্তা নকৰিব হৈ যাব। কিন্তু বাপদাদাই এই জানুৱাৰী মাহৰলৈকে বিশেষকৈ পৱিত্ৰতাত প্ৰত্যেককে সম্পন্ন কৰিব খোজে। পৱিত্ৰতা কেৱল ব্ৰহ্মচৰ্য নহয়, ব্যৰ্থ সংকল্পও অপৱিত্ৰতা। ব্যৰ্থ বচন, হুমকি দি কোৱা ব্যৰ্থ বচন, যাক ক্ৰোধৰ অংশ ভীতি প্ৰদৰ্শন বুলি কোৱা হয়। সেয়াও সমাপ্ত হৈ যাওক। সংস্কাৰ এনেকুৱা কৰি তোলা যে দূৰৈৰ পৰাই তোমালোকক দেখি পৱিত্ৰতাৰ প্ৰকম্পন লয় কিয়নো তোমালোকৰ নিচিনা পৱিত্ৰতা, যাৰ ফলাফলত আত্মাও পৱিত্ৰ, শৰীৰো পৱিত্ৰ, ডবল পৱিত্ৰতা প্ৰাপ্ত হয়।

যেতিয়াই কোনো সন্তান প্ৰথমে আহে তেতিয়া পিতাৰ কি বৰদান প্ৰাপ্ত হয়? স্মৃতিত আছেনে? পৱিত্ৰ হোৱা, যোগী হোৱা। গতিকে দুয়োটা কথা - এটা পৱিত্ৰতা আৰু আনটো পূৰ্ণ বিৰাম, যোগী। পচন্দ হৈছেনে? বাপদাদাই অমৃতবেলা পৰিক্ৰমা লগাব। সেৱাকেন্দ্ৰৰো পৰিক্ৰমা লগাব। বাপদাদাইতো চেকেণ্ডত চাৰিওফালৰ পৰিক্ৰমা লগাব পাৰে। গতিকে এই জানুৱাৰী, অব্যক্ত মাহৰ কিবা নতুন পৰিকল্পনা কৰা। মনৰ সেৱা, মনৰ স্থিতি আৰু অব্যক্ত কৰ্ম আৰু বাণী এয়া বৃদ্ধি কৰা। 18 জানুৱাৰীৰ দিনা বাপদাদাই সকলোৰে ফলাফল চাব। স্নেহ আছে নহয়, 18 জানুৱাৰীত অমৃতবেলাৰ পৰা স্নেহৰে কথা পাতা। সকলোৱে আপত্তি কৰে, বাবা অব্যক্ত কিয় হ’ল? তেতিয়া পিতায়ো আপত্তি কৰে যে সাকাৰত থাকি পিতাৰ সমান কেতিয়া হ’বা?

সেয়েহে আজি অলপ বিশেষ মনোযোগ আকৰ্ষণ কৰাই আছে। স্নেহো দি আছে কেৱল মনোযোগ আকৰ্ষণ কৰাই থকা নাই, স্নেহো আছে কিয়নো পিতাই এয়াই বিচাৰে যে মোৰ এটি সন্তানো যাতে ৰৈ নাযায়। প্ৰতিটো কৰ্মৰ শ্ৰীমত পৰীক্ষা কৰিবা, অমৃতবেলাৰ পৰা ৰাতিলৈকে প্ৰতিটো কৰ্মৰ বাবে যি শ্ৰীমত প্ৰাপ্ত হৈছে, সেয়া পৰীক্ষা কৰিবা। মজবুত হোৱা নহয়! লগত যাব লাগে নহয়! যদি যাবা তেন্তে হাত দাঙা। যাবানে? বাৰু, শিক্ষকসকল? পিছৰসকল, চকীত বহাসকল, পাণ্ডৱ হাত দাঙা। সমান হ’লে তেতিয়াহে হাতে হাত ধৰি যাবা নহয়! কৰিবই লাগিব, হ’বই লাগিব, এইটো দৃঢ় সংকল্প কৰা। 15-20 দিন এই দৃঢ়তা থাকে আকৌ লাহে লাহে অলপ অমনোযোগিতা আহি যায়। গতিকে অমনোযোগিতা সমাপ্ত কৰা। অধিকতকৈও অধিক দেখা যায় এমাহ পূৰা উৎসাহ থাকে, দৃঢ়তা থাকে তাৰ পাছত এমাহৰ পাছত অলপ অলপ অমনোযোগিতা আৰম্ভ হৈ যায়। এতিয়া এইটো বৰ্ষ সমাপ্ত হ’ব, তেন্তে কি সমাপ্ত কৰিবা? বৰ্ষ সমাপ্ত কৰিবা নে বৰ্ষৰ লগতে যিয়েই যি সংকল্পতো ধাৰণাত দুৰ্বলতা আছে সেয়া সমাপ্ত কৰিবা? কৰিবা নহয়! হাত দাঙা নাই? তেন্তে স্বতঃ অন্তৰত এইটো গুঞ্জৰিত হ’ব লাগে, এতিয়া ঘৰলৈ যাব লাগে। কেৱল যাব নালাগে, কিন্তু ৰাজ্যলৈও আহিব লাগে। বাৰু যিসকল বাপদাদাৰ সৈতে মিলন উদ্‌যাপন কৰিবলৈ প্ৰথমবাৰ আহিছা তেওঁলোকে হাত দাঙা, ঠিয় হৈ যোৱা।

প্ৰথমবাৰ অহাসকলক বিশেষ অভিনন্দন জনাই আছোঁ। পলমকৈ আহিছে, অতি পলমকৈ অহা নাই। কিন্তু তীব্ৰ পুৰুষাৰ্থৰ বৰদান সদায় মনত ৰাখিবা, তীব্ৰ পুৰুষাৰ্থ কৰিবই লাগিব। কৰিম, ‘ম’ ‘ম’ নকৰিবা, কৰিবই লাগিব। শেষত আহি তীব্ৰ বেগেৰে প্ৰথমত আহিব লাগে। বাৰু।

চাৰিওফালৰ মহান পৱিত্ৰ আত্মাসকলক বাপদাদাৰ বিশেষ অন্তৰৰ আশীৰ্বাদ, অন্তৰৰ স্নেহ আৰু অন্তৰত সমাহিত হোৱাৰ বাবে অভিনন্দন। বাপদাদাই জানে যে যেতিয়াই আগমন হয় তেতিয়া ইমেইল বা পত্ৰ ভিন্ন ভিন্ন সাধনেৰে চাৰিওফালৰ সন্তানসকলে স্নেহপূৰ্ণ স্মৃতি পঠিয়ায় আৰু বাপদাদাক শুনোৱাৰ পূৰ্বেই, কোনোবাই দিয়ক, তাৰ পূৰ্বেই সকলোৰে স্নেহপূৰ্ণ স্মৃতি আহি পাই যায় কিয়নো এনেকুৱা স্মৰণ কৰোঁতা যিসকল অতিকৈ মৰমৰ সন্তান আছে তেওঁলোকৰ সংযোগ অতি তীব্ৰতাৰে স্থাপন হৈ যায়, তোমালোকে তিনি চাৰি দিনৰ পাছত সন্মুখত লগ পোৱা কিন্তু তেওঁলোকৰ স্নেহপূৰ্ণ স্মৃতি যিসকল সঁচা পাত্ৰ আত্মা তেওঁলোকৰ সেই মুহূৰ্ততে বাপদাদাৰ ওচৰলৈ স্নেহপূৰ্ণ স্মৃতি আহি পায়। গতিকে যিসকলে অন্তৰেৰে স্মৰণ কৰিলে, সাধন নাপালে, তেওঁলোকৰো স্নেহপূৰ্ণ স্মৃতি আহি পাইছে, আৰু বাপদাদাই প্ৰতিগৰাকী সন্তানক পদম পদম পদম গুণ স্নেহপূৰ্ণ স্মৃতিৰ সঁহাৰি জনাই আছে। বাকী এতিয়া সকলো ঠাইতে মাত্ৰ এটাই চিন্তা থাকক - এটা পূৰ্ণ বিৰাম আৰু আনটো সম্পূৰ্ণ পৱিত্ৰতা গোটেই ব্ৰাহ্মণ পৰিয়ালত বিয়পাব লাগে। যিসকল দুৰ্বল তেওঁলোককো সহযোগ দি তৈয়াৰ কৰি তোলা। এইটো ডাঙৰ পুণ্য। এৰি নিদিবা এওঁতো হয়েই এনেকুৱা, এওঁতো সলনিয়েই নহ’ব, এইটো অভিশাপ নিদিবা, পুণ্যৰ কাম কৰা। পৰিৱৰ্তন হৈ দেখুৱাম, পৰিৱৰ্তন হ’বই। তেওঁলোকৰ আশা বৃদ্ধি কৰা, অৱনমিত হোৱাসকলক আৰু অৱনমিত নকৰিবা, আলম্বন দিয়া, শক্তি দিয়া। চাৰিওফালৰ সৌভাগ্যশালী, প্ৰফুল্লিত, আনন্দ বিলাওঁতা সন্তানসকলৰ প্ৰতি বহুত বহুত স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

বৰদান:
পৰীক্ষা কৰাৰ বিশেষত্বক নিজৰ সংস্কাৰ কৰি লওঁতা মহান আত্মা হোৱা

যিয়েই সংকল্প কৰা, বচন কোৱা, কৰ্ম কৰা, সম্বন্ধ বা সম্পৰ্কত আহা কেৱল এইটো পৰীক্ষা কৰা যে এয়া পিতাৰ সমান হয়নে! প্ৰথমে মিলোৱা তাৰ পাছত বাস্তৱত ৰূপায়িত কৰা। যেনেকৈ স্থূলতো অনেক আত্মাৰ সংস্কাৰ থাকে, প্ৰথমে পৰীক্ষা কৰিব তাৰ পাছত স্বীকাৰ কৰিব। তেনেকৈ তোমালোক হৈছা মহান পৱিত্ৰ আত্মা, কেৱল পৰীক্ষাৰ যন্ত্ৰ তীব্ৰ কৰা। ইয়াক নিজৰ নিজা সংস্কাৰ কৰি লোৱা - এয়াই সকলোতকৈ উচ্চ মহানতা।

স্লোগান:
সম্পূৰ্ণ পৱিত্ৰ আৰু যোগী হোৱা মানেই স্নেহৰ প্ৰতিদান দিয়া।

অব্যক্ত সংকেত: এই অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা

এতিয়া যিয়েই পৰিস্থিতি আহি আছে বা আহিবলগীয়া আছে, প্ৰকৃতিৰ পাঁচোটা তত্বই ভালদৰে অস্থিৰ কৰিবলৈ প্ৰয়াস কৰিব কিন্তু জীৱনমুক্ত বিদেহী অৱস্থাৰ অভ্যাসী আত্মাসকল অবিচলিত সন্মান সহকাৰে উত্তীৰ্ণ হৈ সকলো কথা সহজে অতিক্ৰম কৰি ল’ব সেয়েহে নিৰন্তৰ কৰ্মযোগী, নিৰন্তৰ সহজযোগী নিৰন্তৰ মুক্ত আত্মাৰ সংস্কাৰ এতিয়াৰে পৰা অনুভৱ কৰিব লাগে।