04.02.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল -
সংগমত তোমালোকে নতুন আৰু অনুপম জ্ঞান পাইছা, তোমালোকে জানা যে আমি সকলো আত্মা
ভাৱৰীয়া, এজনৰ ভূমিকা আনজনৰ লগত নিমিলে”
প্ৰশ্ন:
মায়াৰ ওপৰত
বিজয়ী হ’বলৈ তোমালোক আত্মিক যোদ্ধাসকলে (ক্ষত্ৰিয়সকলে) কোনটো যুক্তি পাইছা?
উত্তৰ:
হে আত্মিক ক্ষত্ৰিয়, তোমালোক সদায় শ্ৰীমতত চলি থাকা। আত্ম-অভিমানী হৈ পিতাক স্মৰণ
কৰা, নিতৌ পুৱা উঠি স্মৃতিত থকাৰ অভ্যাস কৰা তেতিয়া মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবা।
উলট-পালট সংকল্পৰ পৰা হাত সাৰি যাবা। স্মৃতিৰ মিঠা যুক্তিয়ে মায়াজিৎ কৰি দিব।
গীত:
যিচকা চাথী হে
ভগৱান উচকো ক্যা ৰোকেগা আন্ধি ঔৰ তুফান…. (যাৰ সংগী ভগৱান তেওঁক ধুমুহা-বৰষুণে কি
বাধা দি ৰাখিব….)
ওঁম্শান্তি।
এইটো মনুষ্যই
ৰচনা কৰা গীত। ইয়াৰ অৰ্থ কোনেও একোৱেই নাজানে। ভক্তসকলে গীত ভজন আদি গায়, মহিমা কৰে
কিন্তু একোৱেই নাজানে। মহিমা বহুত কৰে। তোমালোক সন্তানসকলে কোনো মহিমা কৰিব নালাগে।
সন্তানে পিতাকৰ কেতিয়াও মহিমা নকৰে। পিতাই জানে এয়া মোৰ সন্তান। সন্তানেও জানে এয়া
মোৰ পিতা। এতিয়া এয়া হৈছে বেহদৰ কথা। তথাপিও সকলোৱে বেহদৰ পিতাক স্মৰণ কৰে।
এতিয়ালৈকে স্মৰণ কৰিয়েই থাকে। ভগৱানক কয় - হে বাবা, এওঁৰ নাম শিৱবাবা। যেনেকুৱা আমি
আত্মাসকল শিৱবাবাও তেনেকুৱাই। তেওঁ হ’ল পৰম আত্মা, যাক সৰ্বোচ্চ বুলি কোৱা হয়,
তেওঁৰ আমি সন্তান। তেওঁক পৰম আত্মা বুলি কোৱা হয়। তেওঁৰ নিবাস স্থান ক’ত? পৰমধামত।
সকলো আত্মা তাত নিবাস কৰে। ভাৱৰীয়াসকলেই আত্মা। তোমালোকে জানা যে ড্ৰামাত
ভাৱৰীয়াসকল ক্ৰমানুসৰি হয়। প্ৰত্যেকে ভূমিকা অনুসৰি ইমান দৰমহা পায়। সকলো আত্মা
যিসকল তাত থাকে, সকলো ভূমিকাধাৰী, ক্ৰম অনুসৰি সকলোৱে ভূমিকা প্ৰাপ্ত কৰিছে। আত্মিক
পিতাই বহি বুজায় যে আত্মাত কেনেকৈ অবিনাশী ভূমিকা নিহিত হৈ আছে। সকলো আত্মাৰ ভূমিকা
একেধৰণৰ হ’ব নোৱাৰে। সকলোৰে শক্তিও একেনিচিনা নহয়। তোমালোকে জানা যে সকলোতকৈ উত্তম
ভূমিকা সেইজনৰ যি প্ৰথমতে শিৱৰ ৰুদ্ৰ মালাত আহে। ড্ৰামাত যিসকল বহুত ভাল ভাল ভাৱৰীয়া
থাকে তেওঁলোকৰ কিমান মহিমা কৰা হয়। কেৱল তেওঁলোকক চাবলৈও মানুহৰ সমাগম হয়। এয়া হৈছে
বেহদৰ ড্ৰামা। এই বেহদৰ ড্ৰামাতো উচ্চ হৈছে এজন পিতা। উচ্চতকৈও উচ্চ ভাৱৰীয়া, ৰচয়িতা
আৰু নিৰ্দেশক বুলিও ক’ব পাৰি, সেই সকলোবোৰ হৈছে হদৰ ভাৱৰীয়া, নিৰ্দেশক আদি। তেওঁলোকে
নিজৰ সাধাৰণ ভূমিকা পাইছে। ভূমিকা আত্মাই পালন কৰে কিন্তু দেহ-অভিমানৰ বাবে কৈ দিয়ে
যে মনুষ্যৰ এনেকুৱা ভূমিকা। পিতাই কয় – ভূমিকা সকলো আত্মাৰ, আত্ম-অভিমানী হ’ব লাগে।
পিতাই বুজাইছে যে সত্যযুগত আত্ম-আভিমানী হৈ থাকে। পিতাক নাজানে। ইয়াত কলিযুগততো
আত্ম-অভিমানীও নহয় আৰু পিতাকো নাজানে। এতিয়া তোমালোক আত্ম-অভিমানী হৈ আছা আৰু পিতাকো
জানা।
তোমালোক
ব্ৰাহ্মণসকলেহে অনুপম জ্ঞান পোৱা। তোমালোকে আত্মাক জানি গ’লা যে আমি সকলো আত্মা
ভাৱৰীয়া। সকলোৱে ভূমিকা পাইছে যি এজনৰ লগত আনজনৰ নিমিলে। সেই ভূমিকা সকলো আত্মাত আছে।
এনেয়েও যি নাটক ৰচে সেই ভুমিকাও আত্মাইহে ধাৰণ কৰে। ভাল ভূমিকাও আত্মাইহে পালন কৰে।
আত্মাইহে কয় – মই ৰাজ্যপাল, অমুক হওঁ। কিন্তু আত্ম-অভিমানী নহয়। সত্যযুগত বুজিবা যে
মই আত্মা। এটা শৰীৰ এৰি অন্য এটা ল’ব লাগে। পৰমাত্মাক তাত কোনেও নাজানে এই সময়ত
তোমালোকে সকলো জানা। শূদ্ৰ আৰু দেৱতাসকলতকৈ তোমালোক ব্ৰাহ্মণসকল উত্তম। ইমান অনেক
ব্ৰাহ্মণ ক’ৰ পৰা আহিব, যিসকল এনেকুৱা হ’ব। প্ৰদৰ্শনীলৈ লাখ লাখ আহে। যিসকলে ভালকৈ
বুজিলে, জ্ঞান শুনিলে তেওঁলোক প্ৰজা হ’বগৈ। এজন এজন ৰজাৰ বহুত প্ৰজা থাকে। তোমালোকে
প্ৰজা বহুত তৈয়াৰ কৰি আছা। প্ৰদৰ্শনী, প্ৰজেক্টৰৰ দ্বাৰা কোনোবাই বুজি ভালো হৈ যাব।
শিকিব, যোগ লগাব। এতিয়া তেওঁলোক ওলাই থাকিব। প্ৰজাও ওলাব আকৌ চহকী, ৰজা- ৰাণী, গৰিব
আদি সকলো ওলাব। ৰাজকুমাৰ-ৰাজকুমাৰী বহুত থাকে। সত্যযুগৰ পৰা ত্ৰেতালৈকে
ৰাজকুমাৰ-ৰাজকুমাৰী হয়। কেৱল 8 (আঠ) বা 108টো নহয়। কিন্তু এতিয়া সকলো তৈয়াৰ হৈ আছে।
তোমালোকে সেৱা কৰি থাকা। এয়াও একো নতুন নহয়। তোমালোকে কিবা অনুষ্ঠান পাতিলা, এয়াও
নতুন কথা নহয়। অনেক বাৰ কৰিছা আকৌ সংগমত এইটোৱে বেপাৰ কৰিবা আৰু কি কৰিবা! পতিতক
পাৱন কৰি তুলিবলৈ পিতা আহিব। ইয়াক কোৱা হয় বিশ্বৰ ইতিহাস-ভূগোল। প্ৰতিটো কথাতে
ক্ৰমানুসৰিতো হয়েই। তোমালোকৰ মাজত যিসকলে ভাল ভাষণ দিয়ে তেতিয়া সকলোৱে ক’ব যে এওঁ
বহুত ভাল ভাষণ দিলে। দ্বিতীয়গৰাকীৰ শুনিলে তেতিয়াও ক’ব যে প্ৰথম গৰাকীয়ে ভালকৈ
বুজাইছিল। তৃতীয় গৰাকী আকৌ তেওঁতকৈ তীক্ষ্ণ হ’লে তেতিয়া ক’ব এওঁ তেওঁতকৈও তীক্ষ্ণ।
প্ৰতিটো কথাতে পুৰুষাৰ্থ কৰিবলগীয়া হয় যাতে মই তেওঁতকৈ আগবাঢ়ি যাওঁ। যিসকল
বুদ্ধিমান হয় তেওঁ তৎক্ষণাৎ হাত উঠাব ভাষণ দিবৰ বাবে। তোমালোক সকলো পুৰুষাৰ্থী, আগলৈ
গৈ “বেগী ৰেলগাড়ী’ হৈ যাবা। যিদৰে মম্মা বিশেষ “বেগী ৰেলগাড়ী” আছিল। বাবাৰতো গম পোৱা
নাযাব কিয়নো দুয়ো একেলগে আছে। তোমালোকে বুজিব নোৱাৰিবা যে কোনে কয়। তোমালোকে সদায়
বুজিবা যে শিৱবাবাই বুজায়। পিতা আৰু দাদা দুয়োগৰাকীয়ে জানে কিন্তু তেওঁ অন্তৰ্যামী।
বাহিৰৰ পৰা কয় এওঁতো বহুত বুদ্ধিমান। পিতাও মহিমা শুনি আনন্দিত হয়। লৌকিক পিতাৰো
কোনো সন্তানে ভালদৰে পঢ়ি উচ্চ পদ পালে তেতিয়া পিতাই বুজে যে এই সন্তানটিয়ে ভাল নাম
কৰিব। এয়াও বুজি পায় যে অমুক সন্তানটি এই আত্মিক সেৱাত বুদ্ধিমান হয়। মুখ্য হৈছে
ভাষণ, কাৰোবাক পিতাৰ বাৰ্তা দিয়া, বুজোৱা। বাবাই উদাহৰণো দিছিল যে কাৰোবাৰ 5টা
সন্তান আছিল তেতিয়া কোনোবাই সুধিলে যে তোমাৰ সন্তান কেইটি? তেতিয়া ক’লে যে দুটি
সন্তান আছে। ক’লে যে তোমাৰতো 5 টি সন্তান আছে! তেতিয়া ক’লে সুসন্তান দুটি। ইয়াতো
এনেকুৱা। সন্তানতো বহুত আছে। পিতাই ক’ব যে এই ডাক্টৰ নিৰ্মলা কন্যাটি বহুত ভাল।
বহুত প্ৰেমেৰে লৌকিক পিতাকক বুজাই সেৱাকেন্দ্ৰ খুলি দিলে। এয়া ভাৰতৰ সেৱা। তোমালোকে
ভাৰতক স্বৰ্গ কৰি তোলা। এই ভাৰতক ৰাৱণে নৰক কৰি দিলে। এগৰাকী সীতা বন্দীশালত নাছিল
কিন্তু তোমালোক সীতাসকল ৰাৱণৰ বন্দীশালত আছিলা। বাকী শাস্ত্ৰত সকলো মুখৰোচক কথা আছে।
এই ভক্তিমাৰ্গো ড্ৰামাত আছে। তোমালোকে জানা সত্যযুগৰ পৰা যি অতীত হৈ গ’ল সেয়া
পুনৰাবৃত্তি হ’ব। নিজেই পূজ্য নিজেই পূজাৰী হয়। পিতাই কয় - মই আহি পূজাৰীৰ পৰা
পুজ্য কৰি তুলিবলগীয়া হয়। প্ৰথমে সোণালী যুগী পাছত লৌহ যুগী হয়। সত্যযুগত সূৰ্যবংশী
লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। ৰামৰাজ্যতো চন্দ্ৰবংশীত আছিল ।
এই সময়ত তোমালোক সকলো
আত্মিক ক্ষত্ৰিয় (যোদ্ধা)। যুদ্ধক্ষেত্ৰত অহাসকলক ক্ষত্ৰিয় বুলি কোৱা হয়। তোমালোক
হৈছা আত্মিক ক্ষত্ৰিয়। বাকী তেওঁলোক হৈছে পাৰ্থিৱ ক্ষত্ৰিয়। তাক কোৱা হয় বাহুবলেৰে
যুঁজ-বাগৰ কৰা। আৰম্ভণিত মল্লযুদ্ধ হৈছিল বাহু আদিৰে। নিজৰ মাজত যুদ্ধ কৰিছিল আকৌ
বিজয়ী হৈছিল। এতিয়াতো চোৱা বোমা আদি তৈয়াৰ হৈ আছে। তোমালোকো ক্ষত্ৰিয়, তেওঁলোকো
ক্ষত্ৰিয়। তোমালোক শ্ৰীমতত চলি মায়াৰ ওপৰত জয়ী হোৱা। তোমালোক হৈছা আত্মিক ক্ষত্ৰিয়।
আত্মাইহে সকলো কৰি আছে এই শৰীৰৰ কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা। আত্মাক পিতাই আহি
শিকায়-সন্তানসকল, মোক স্মৰণ কৰিলে তেতিয়া মায়াই নাখাব। তোমালোকৰ বিকৰ্ম বিনাশ হ’ব
আৰু তোমালোকৰ উলট-পালট সংকল্প উদয় নহ’ব। পিতাক স্মৰণ কৰিলে আনন্দিত হৈও থাকিবা
সেইকাৰণে পিতাই বুজায় যে ৰাতিপুৱা উঠি অভ্যাস কৰা। বাবা আপুনি কিমান মৰমিয়াল।
আত্মাই কয় - বাবা। পিতাই পৰিচয় দিছে - মই তোমালোকৰ পিতা হওঁ, তোমালোকক সৃষ্টিৰ আদি
মধ্য-অন্তৰ জ্ঞান শুনাবলৈ আহিছোঁ। এয়া মনুষ্য সৃষ্টিৰ ওলোটা বৃক্ষ। এয়া বিভিন্ন
ধৰ্মৰ মনুষ্য সৃষ্টি, ইয়াক কোৱা হয় ‘বিৰাট লীলা’। পিতাই বুজাইছে যে এই মনুষ্য
বৃক্ষৰ মই বীজ ৰূপ হওঁ। মোক স্মৰণ কৰে। কোনোগৰাকী কোনোবা বৃক্ষৰ, কোনোগৰাকী অন্য
কোনোবা বৃক্ষৰ। পুনৰ ক্ৰমানুসৰি ওলায়। এই ড্ৰামাখন পূৰ্ব নিৰ্ধাৰিত। প্ৰচলিত আছে যে
অমুকে ধৰ্ম প্ৰতিষ্ঠাপক পয়গম্বৰক পঠিয়ালে। কিন্তু তাৰ পৰা নপঠিয়ায়। এয়া ড্ৰামা
অনুসৰি পুনৰাবৃত্তি হয়। এয়া এজনেই যিয়ে ধৰ্ম আৰু ৰাজধানী স্থাপন কৰি আছে। এইটো জগতত
কোনেও নাজানে। এতিয়া হৈছে সংগম। বিনাশ জ্বালা প্ৰজ্বলিত হ’ব। এয়া হৈছে শিৱবাবাৰ
জ্ঞান যজ্ঞ। তেওঁলোকে ৰুদ্ৰ নাম ৰাখি দিছে। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা তোমালোক
ব্ৰাহ্মণসকলৰ জন্ম হৈছে। তোমালোক উচ্চ হ’লা নহয়। পাছলৈ অন্য বংশাৱলী ওলায়। বাস্তৱততো
সকলো ব্ৰহ্মাৰ সন্তান। ব্ৰহ্মাক কোৱা হয় গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ। বংশ বৃক্ষ আছে,
পোন-প্ৰথমে ব্ৰহ্মা উচ্চ, তাৰপাছত বংশ বৃক্ষ ওলায়। কয় - ভগৱানে সৃষ্টি কেনেকৈ ৰচে।
ৰচনাতো কৰে। যেতিয়া তেওঁলোক পতিত হৈ যায় তেতিয়া তেওঁক আহ্বান জনায়। তেৱেঁই আহি দুখী
সৃষ্টিক সুখী কৰি তোলে সেই কাৰণে আহ্বান জনায় বাবা দুখ হৰ্তা, সুখ কৰ্তা আহক। নাম
ৰাখিছে ‘হৰিদ্বাৰ’। ‘হৰিদ্বাৰ’ অৰ্থাৎ হৰিৰ দ্বাৰ। তাত গংগা বৈ থাকে। বুজি লয় আমি
গংগাত স্নান কৰিলে হৰিৰ দ্বাৰলৈ গুচি যাম। কিন্তু হৰিৰ দ্বাৰ ক’ত আছে? তেওঁলোকে আকৌ
শ্ৰীকৃষ্ণৰ কথা কৈ দিয়ে। হৰিৰ দ্বাৰতো হৈছে শিৱবাবা। দুখ হৰ্তা, সুখ কৰ্তা। প্ৰথমে
তোমালোক নিজৰ ঘৰলৈ যাব লাগে। তোমালোক সন্তানসকলে নিজৰ পিতা আৰু ঘৰৰ বিষয়ে এতিয়া গম
পাইছা। পিতাৰ আসন অলপ উচ্চ। ওপৰত ফুল আছে তাৰপাছত যুগল দানা তাতকৈ তলত। তাৰ পাছত
হৈছে বৈজয়ন্তী মালা তথা বিষ্ণুৰ মালা। বিষ্ণুৰ ডিঙিৰ মালা আকৌ তেওঁলোকেই
বিষ্ণুপুৰীত ৰাজ্য কৰে। ব্ৰাহ্মণৰ মালা নাই কিয়নো বাৰে বাৰে ছিঙি যায়। পিতাই বুজায়
যে ক্ৰমানুসৰিতো হয় নহয়। আজি ঠিক আছে কালিলৈ ধুমুহা আহিলে, গ্ৰহণ লাগিলে ঠাণ্ডা হৈ
যায়। পিতাই কয় যে মোৰ হয়, আশ্চৰ্যজনকভাৱে শুনে, শুনায়, ধ্যানত যায়, মালাত গঁথা যায়…
আকৌ একেবাৰে আঁতৰি গুচি যায়, চণ্ডাল হৈ যায়। তেন্তে মালা কেনেকৈ হ’ব? সেয়েহে পিতাই
বুজায় যে ব্ৰাহ্মণৰ মালা নহয়। ভক্ত মালা বেলেগ, ৰুদ্ৰ মালা বেলেগ। ভক্ত মালাত মুখ্য
হৈছে নাৰীৰ ভিতৰত মীৰা আৰু পুৰুষৰ ভিতৰত নাৰদ। এয়া হৈছে ৰুদ্ৰ মালা। সংগমত পিতা আহি
মুক্তি-জীৱনমুক্তি দিয়ে। সন্তানসকলে বুজি পায় যে আমিয়েই স্বৰ্গৰ মালিক আছিলোঁ। এতিয়া
নৰকত আছোঁ। পিতাই কয় যে নৰকক লঠিয়াই দিয়া, স্বৰ্গৰ বাদশ্বাহী লোৱা, যি বাদশ্বাহী
ৰাৱণে কাঢ়ি নিছে। এয়াতো পিতাহে আহি কয়। তেওঁ এই সকলো শাস্ত্ৰ, তীৰ্থ আদিৰ বিষয়ে জানে।
বীজৰূপ হয় নহয়। জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ.... এয়া আত্মাই কয়।
পিতাই বুজায় যে
এওঁলোক লক্ষ্মী-নাৰায়ণ সত্যযুগৰ মালিক আছিল। তাৰ আগতে কি আছিল? নিশ্চয় কলিযুগৰ অন্ত
হ’ব গতিকে সংগমযুগ হ’ল এতিয়া আকৌ স্বৰ্গ হয়। পিতাক স্বৰ্গৰ ৰচয়িতা বুলি কোৱা হয়,
স্বৰ্গ স্থাপনা কৰোঁতা। এই লক্ষ্মী-নাৰায়ণ স্বৰ্গৰ মালিক আছিল। তেওঁলোকে
উত্তৰাধিকাৰ ক’ৰ পৰা পালে। স্বৰ্গৰ ৰচয়িতা পিতাৰ পৰা। এয়া পিতাৰেই উত্তৰাধিকাৰ।
তোমালোকে যিকোনো লোককে সুধিব পাৰা যে এই লক্ষ্মী-নাৰায়ণৰ সত্যযুগত ৰাজধানী আছিল।
কেনেকৈ ল’লে? কোনেও ক’ব নোৱাৰিব। এই দাদায়ো কয় - মই নাজানিছিলোঁ। পূজা কৰিছিলোঁ
কিন্তু নাজানিছিলোঁ। এতিয়া পিতাই বুজাইছে - তেওঁ সংগমত ৰাজযোগ শিকে। গীতাতহে
ৰাজযোগৰ বৰ্ণনা আছে। গীতাৰ বাহিৰে কোনো শাস্ত্ৰতেই ৰাজযোগৰ কথা নাই। পিতাই কয় - মই
তোমালোকক ৰজাৰো ৰজা কৰি গঢ়ি তোলোঁ। ভগৱানেহে নৰৰ পৰা নাৰায়ণ হোৱাৰ জ্ঞান দিয়ে।
ভাৰতৰ মুখ্য শাস্ত্ৰ হ'ল গীতা। গীতা কেতিয়া ৰচনা কৰা হ’ল, সেইটো নাজানে। পিতাই কয় –
কল্পই কল্পই সংগমত আহোঁ। যাক ৰাজ্য দিছিলোঁ তেওঁলোকে ৰাজ্য হেৰুৱাই আকৌ তমোপ্ৰধান
দুখী গৈছে। ৰাৱণৰ ৰাজ্য। গোটেই ভাৰতৰেই কাহিনী। ভাৰত আদিৰ পৰা অন্তলৈকে থাকে, বাকী
সকলো পাছত আহে। পিতাই কয় - তোমালোকক 84 জন্মৰ ৰহস্য শুনাওঁ। 5 হাজাৰ বছৰ পূৰ্বে
তোমালোক দেৱী-দেৱতা আছিলা, তোমালোকে নিজৰ জন্মৰ কথা নাজানা, হে ভাৰতবাসী! পিতা
অন্তত আহে। আদিত আহিলে আদি-অন্তৰ জ্ঞান কেনেকৈ শুনাব! সৃষ্টিৰ বৃদ্ধিয়েই নহ’লে
বুজাব কেনেকৈ? তাততো জ্ঞানৰ দৰকাৰেই নাই। পিতাই এতিয়া সংগমতহে জ্ঞান দিয়ে। জ্ঞানৱান
হয় নহয়। নিশ্চয় জ্ঞান শুনাবলৈ অন্তিমত আহিবলগীয়া হয়। আদিত তোমালোকক কি শুনাব! এয়া
বুজিবলগীয়া কথা। ভগৱানুবাচ যে মই তোমালোকক ৰাজযোগ শিকাওঁ। এইখন পাণ্ডৱ চৰকাৰৰ বিশ্ব
বিদ্যালয়। এতিয়া হৈছে সংগম - যাদৱ, কৌৰৱ আৰু পাণ্ডৱ, তেওঁলোকে বহি সৈন্য দেখুৱাইছে।
পিতাই বুজায় যাদৱ-কৌৰৱ বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধিৰ হয়। এজনে-আনজনক গালি দি থাকে।
পিতাৰ প্ৰতি প্ৰীতি নাই। কৈ দিয়ে যে কুকুৰ-মেকুৰী সকলোতে পৰমাত্মা আছে। বাকী
পাণ্ডৱৰ প্ৰীতি বুদ্ধিৰ আছিল। পাণ্ডৱৰ সংগী স্বয়ং পৰমাত্মা আছিল। পাণ্ডৱ মানে
আত্মিক পাণ্ডা। তেওঁলোক পাৰ্থিৱ (দেহধাৰী) পাণ্ডা, তোমালোক আত্মিক পাণ্ডা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1)
আত্ম-অভিমানী হৈ এই বেহদৰ নাটকত মুখ্য ভাৱৰীয়াৰ ভূমিকা পালন কৰিব লাগে। প্ৰত্যেক
ভাৱৰীয়াৰ ভূমিকা নিজা নিজা সেয়েহে কাৰো ভূমিকাৰ লগত প্ৰতিদ্বন্দিতা কৰিব নালাগে।
(2) পুৱাতে উঠি নিজে
নিজৰ লগত কথা পাতিব লাগে, অভ্যাস কৰিব লাগে - মই এই শৰীৰৰ কৰ্মেন্দ্ৰিয়ৰ পৰা পৃথক,
বাবা আপুনি কিমান মৰমিয়াল, আপুনি আমাক সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান দিয়ে।
বৰদান:
পিতাৰ
সংস্কাৰক নিজৰ নিজা সংস্কাৰ কৰি লওঁতা ব্যৰ্থ তথা পুৰণি সংস্কাৰৰ পৰা মুক্ত হোৱা
যিকোনো ব্যৰ্থ সংকল্প
বা পুৰণি সংস্কাৰ দেহ-অভিমানৰ সম্পৰ্কৰ লগত জড়িত, আত্মিক স্বৰূপৰ সংস্কাৰ পিতাৰ
সমান হ’ব। যেনেকৈ পিতা সদায় বিশ্ব কল্যাণকাৰী, পৰোপকাৰী, দয়ালু, বৰদাতা... হয়,
তেনেকৈ নিজৰ সংস্কাৰো স্বভাৱসিদ্ধ হৈ যাওক। সংস্কাৰ ধাৰণ কৰা অৰ্থাৎ সংকল্প, বাণী
আৰু কৰ্ম স্বতঃ সেই অনুসৰি চলা। জীৱনত সংস্কাৰ এক চাবিৰ দৰে যাৰ দ্বাৰা সকলো
আপোনা-আপুনি চলি থাকে আৰু তেতিয়া পৰিশ্ৰম কৰাৰ প্ৰয়োজন নাথাকে।
স্লোগান:
আত্মিক স্থিতিত স্থিৰ হৈ থাকি নিজৰ ৰথৰ অৰ্থাৎ শৰীৰৰ দ্বাৰা কাৰ্য কৰাওঁতাসকলেই
প্ৰকৃত পুৰুষাৰ্থী।
অব্যক্ত ইংগিত: একতা
আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা
পিতাই তোমালোক সকলোকে
চুক-কোণৰ পৰা বিচাৰি উলিয়াই আনিলে, অনেক বৃক্ষৰ ডালবোৰ এতিয়া এজোপাই চন্দনৰ বৃক্ষ
গ’ল। মানুহে কয়- দুই-চাৰিগৰাকী মাতাও একেলগে থাকিব নোৱাৰে আৰু তোমালোক মাতাসকল
গোটেই বিশ্বত একতা প্ৰতিষ্ঠা কৰাৰ নিমিত্ত হ’লা, তোমালোকৰ পৰস্পৰৰ এই একতাই পিতাক
প্ৰত্যক্ষ কৰিব।