04.03.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – যিসকলে আৰম্ভণিৰ পৰা ভক্তি কৰিছে, 84 জন্ম লৈছে, তেওঁলোকে তোমালোকৰ জ্ঞান বৰ ৰুচিৰে শুনিব, ইঙ্গিততে বুজি পাই যাব"

প্ৰশ্ন:
দেৱী-দেৱতা কুলৰ সমীপৰ আত্মা নে দূৰৈৰ, সেয়া কেনেকৈ চিনি পোৱা যাব?

উত্তৰ:
যিসকল তোমালোকৰ দেৱতা কুলৰ আত্মা হ’ব, তেওঁলোকে জ্ঞানৰ সকলো কথা শুনাৰ লগে লগে মানি ল’ব, তেওঁলোক বিবুদ্ধিত নপৰিব। যিমানে বেছি ভক্তি কৰিব সিমানে বেছিকৈ শুনিবলৈ চেষ্টা কৰিব। সেইকাৰণে সন্তানসকলে নাড়ীৰ স্পন্দন চাই সেৱা কৰিব লাগে।

ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায়। এয়াতো সন্তানসকলে বুজি পাইছে যে আত্মিক পিতা হ’ল নিৰাকাৰ, এই শৰীৰৰ দ্বাৰা বুজায়, আমি আত্মাসকলো নিৰাকাৰ, এই শৰীৰেৰে শুনোঁ। গতিকে এতিয়া দুজন পিতা একেলগে নাই জানো। সন্তানসকলে জানে দুয়োজন বাবা ইয়াত আছে। তৃতীয়জন পিতাক জানা কিন্তু তেওঁতকৈ তথাপি এওঁ ভাল, এওঁতকৈ আকৌ সেইজন ভাল, ক্ৰমানুসৰি হয় নহয়। সেইকাৰণে সেই লৌকিকৰ পৰা সম্বন্ধ ছিঙি বাকী এই দুয়োজনৰ সৈতে সম্বন্ধ গঢ়ি উঠে। পিতাই বহি বুজায়, মনুষ্যক কেনেকৈ বুজাব লাগে। তোমালোকৰ ওচৰলৈ মেলা প্ৰদৰ্শনীততো বহুত আহে। এইটোও তোমালোকে জানা 84 জন্ম সকলোৱেতো নলয়। এইটো কেনেকৈ জানিব পাৰি যে এওঁ 84 জন্ম লওঁতা নে 10 জন্ম লওঁতা বা 20 জন্ম লওঁতা? এতিয়া তোমালোক সন্তানসকলে এইটোতো বুজি পোৱা যে যিয়ে আৰম্ভণিৰ পৰা বহুত ভক্তি কৰিছে, তেওঁলোকে ফলো সিমান সোনকালে আৰু ভাল ফল পাব। যদি অলপ ভক্তি কৰিছে আৰু দেৰিকৈ ভক্তি আৰম্ভ কৰিছে তেতিয়া ফলো সিমানেই কম আৰু দেৰিকৈ পাব। এই বাবাই সেৱা কৰোঁতা সন্তানসকলৰ কাৰণে বুজায়। তেওঁলোকক কোৱা - তোমালোক ভাৰতবাসী হোৱা গতিকে কোৱাচোন দেৱী-দেৱতাসকলক মানানে? ভাৰতত এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল নহয়। যিসকল 84 জন্ম লওঁতা হ’ব, আৰম্ভণিৰ পৰাই ভক্তি কৰা হ’ব তেওঁলোকে তৎক্ষণাৎ বুজি পাব - যথাযথ আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল, ৰুচিৰে শুনিবলৈ ধৰিব। কিছুমানেতো এনেয়ে চাই গুচি যায়, একো নোসোধেও যেন বুদ্ধিত ধাৰণেই নহয়। গতিকে তেওঁলোকৰ কাৰণে বুজিব লাগে যে তেওঁলোক এতিয়ালৈকে ইয়াৰ নহয়। আগলৈ হয়তো বুজিবও। কোনোবাই বুজালে তৎক্ষণাৎ কান্ধ লৰাব। যথাযথ এইটো হিচাপততো 84 জন্ম ঠিকেই আছে। যদি কয় আমি কেনেকৈ জানিম যে পূৰা 84 জন্ম লৈছোঁ? ঠিক আছে, 84 নহ’লেতো 82, দেৱতা ধৰ্মততো আহিছে। লক্ষ্য কৰিবা ইমানখিনিও যদি বুদ্ধিত ধাৰণ নহয় তেন্তে জানিবা এওঁ 84 জন্ম লওঁতা নহয়। দূৰৈৰসকলে কমকৈ শুনিব। যিমানে বেছি ভক্তি কৰোঁতা হ’ব তেওঁ বেছিকৈ শুনিবলৈ চেষ্টা কৰিব। তৎক্ষণাৎ বুজি পাব। কমকৈ বুজিলে তেতিয়া জানিবা এওঁ দেৰিকৈ আহোঁতা। ভক্তিও দেৰিকৈ কৰিব। বহুত ভক্তি কৰাজনে ইঙ্গিততে বুজি পাব। ড্ৰামা পুনৰাবৃত্তি হয় নহয়। গোটেইখিনি ভক্তিৰ ওপৰত নিৰ্ভৰ কৰে। এওঁ (বাবা) সকলোতকৈ বেছি ভক্তি কৰিছে। কম ভক্তি কৰা হ’লে তেন্তে ফলো কমকৈ পাব। এই সকলোবোৰ বুজিবলগীয়া কথা। ভোদা বুদ্ধিৰসকলে ধাৰণ কৰিব নোৱাৰিব। এই মেলা-প্ৰদৰ্শনী আদিতো হৈয়েই থাকিব। সকলো ভাষাতে ওলাব। গোটেই জগতখনকে বুজাব লাগে নহয়। তোমালোক হ’লা সঁচা পয়গম্বৰ আৰু বাৰ্তাবাহক। সেই ধৰ্ম প্ৰতিষ্ঠাপকেতো একোৱেই নকৰে। তেওঁলোক গুৰুও নহয়। গুৰু বুলি কয় কিন্তু তেওঁলোক জানো সৎগতি দাতা! তেওঁলোক যেতিয়া আহে, তেওঁলোকৰ সংস্থাই নাথাকে তেনেস্থলত কাৰ সৎগতি কৰিব। গুৰু সেইজন যিয়ে সৎগতি দিয়ে, দুখৰ সৃষ্টিৰ পৰা শান্তিধামলৈ লৈ যায়। যীশুখ্ৰীষ্ট আদি গুৰু নহয়, তেওঁলোক কেৱল ধৰ্ম প্ৰতিষ্ঠাপক। তেওঁলোকৰ আৰু একো পদমৰ্যাদা নাই। পদমৰ্যাদাতো সেইসকলৰ আছে, যিসকল পোনপ্ৰথমে সতোপ্ৰধান অৱস্থাত আকৌ সতো, ৰজো, তমোত আহে। তেওঁলোকেতো কেৱল নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰি পুনৰ্জন্ম লৈ থাকিব। যেতিয়া আকৌ সকলোৰে তমোপ্ৰধান অৱস্থা হয় তেতিয়া পিতা আহি সকলোকে পৱিত্ৰ কৰি লৈ যায়। পাৱন হৈ গ’লে তেতিয়া আকৌ পতিত সৃষ্টিত থাকিব নোৱাৰে। পৱিত্ৰ আত্মাসকল মুক্তিত গুচি যাব, আকৌ জীৱনমুক্তিত আহিব। এনেকৈ কয়ো যে তেওঁ মুক্তিদাতা, মাৰ্গ-দৰ্শক কিন্তু ইয়াৰো অৰ্থ বুজি নাপায়। অৰ্থ বুজি পালে তেতিয়া তেওঁক জানি যাব। সত্যযুগত ‘ভক্তিমাৰ্গ’ শব্দটিও নাথাকে।

এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে যে সকলোৱে নিজৰ নিজৰ ভূমিকা পালন কৰি থাকে। সৎগতিতো এজনেও পাব নোৱাৰে। এতিয়া তোমালোকে এই জ্ঞান পাই আছা। পিতায়ো কয় - মই কল্পই কল্পই, কল্পৰ সংগমযুগত আহোঁ। ইয়াক কোৱা হয় কল্যাণকাৰী সংগমযুগ, আৰু কোনো যুগ কল্যাণকাৰী নহয়। সত্যযুগ আৰু ত্ৰেতাৰ সংগমৰ কোনো মহত্ব নাই। সূৰ্যবংশী অতীত হৈ গ’লে আকৌ চন্দ্ৰবংশীৰ ৰাজ্য চলে। আকৌ চন্দ্ৰবংশীৰ পৰা বৈশ্যবংশী হ’লে তেতিয়া চন্দ্ৰবংশী অতীত হৈ যাব। তাৰ পাছত কি হ’ল, তাৰ খবৰেই নাথাকে। চিত্ৰ আদি থাকিলে তেতিয়া জানিব এয়া সূৰ্যবংশী আমাতকৈ ডাঙৰ আছিল, এয়া চন্দ্ৰবংশী আছিল। তেওঁ মহাৰজা, তেওঁ ৰজা, তেওঁ বহুত ধনৱান আছিল। হ’লেও তেওঁতো অনুত্তীৰ্ণ হ’ল নহয়। এই কথাবোৰ কোনো শাস্ত্ৰ আদিত নাই। এতিয়া পিতাই বহি বুজায়। সকলোৱে কয় - আমাক উদ্ধাৰ কৰক, পতিতৰ পৰা পাৱন কৰি তোলক। সুখৰ কাৰণে এনেকৈ নক’ব কাৰণ শাস্ত্ৰত সুখৰ নিন্দা কৰি দিছে। সকলোৱে ক’ব মনৰ শান্তি কেনেকৈ পাম? এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা তোমালোকে সুখ শান্তি দুয়োটা পোৱা, য’ত শান্তি আছে ত’ত সুখ আছে। য’ত অশান্তি আছে, ত’ত দুখ আছে। সত্যযুগত সুখ-শান্তি আছে, ইয়াত দুখ-অশান্তি আছে। এয়া পিতাই বহি বুজায়। তোমালোকক মায়া ৰাৱণে কিমান তুচ্ছ বুদ্ধিৰ কৰি দিলে, এয়াও ড্ৰামা ৰচি থোৱা আছে। পিতাই কয় - ময়ো ড্ৰামাৰ বন্ধনত বান্ধ খাই আছোঁ। মোৰ ভূমিকা এতিয়াই যিটো পালন কৰি আছোঁ। এনেকৈ কয়ো - বাবা কল্পই কল্পই আপুনিয়ে আহি ভ্ৰষ্টাচাৰী পতিতৰ পৰা শ্ৰেষ্ঠাচাৰী পাৱন কৰি তোলে। ৰাৱণৰ দ্বাৰা ভ্ৰষ্টাচাৰী হৈছা। এতিয়া পিতা আহি মনুষ্যৰ পৰা দেৱতা কৰি তোলে। এয়া যি গায়ন আছে তাৰ অৰ্থ পিতাইহে আহি বুজায়। সেই অকাল আসনত বহাজনেও ইয়াৰ অৰ্থ বুজি নাপায়। বাবাই তোমালোকক বুজাইছে - আত্মাসকল অকাল মূৰ্ত। আত্মাৰ এই শৰীৰ হৈছে ৰথ, ইয়াত অকাল অৰ্থাৎ যাক কালে নাখায়, সেই আত্মা বিৰাজমান হৈ আছে। সত্যযুগত তোমালোকক কালে নাখায়। অকাল মৃত্যু কেতিয়াও নহ’ব। সেইখন হয়েই অমৰলোক, এইখন হ’ল মৃত্যুলোক। অমৰলোক, মৃত্যুলোকৰো অৰ্থ কোনেও বুজি নাপায়। পিতাই কয় - মই তোমালোকক বহুত সৰল কৰি বুজাওঁ – কেৱল মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা তেতিয়া তোমালোক পৱিত্ৰ হৈ যাবা। সাধু-সন্ত আদিয়েও গায় – পতিত-পাৱন.......... পতিত-পাৱন পিতাক আহ্বান জনায়, য’লৈকে যায় এনেকৈ নিশ্চয় ক’ব পতিত-পাৱন.......... সত্যতো কেতিয়াও লুকাই নাথাকে। তোমালোকে জানা এতিয়া পতিত-পাৱন পিতাৰ আগমন হৈছে। আমাক ৰাস্তা দেখুৱাই আছে। কল্প পূৰ্বেও কৈছিল - নিজক আত্মা বুলি বুজি মামেকম্‌ স্মৰণ কৰা তেতিয়া তোমালোক সতোপ্ৰধান হৈ যাবা। তোমালোক সকলো মোৰ (প্ৰেমিকৰ) প্ৰেয়সী। সেই প্ৰেমিক-প্ৰেমিকাতো এটা জন্মৰ কাৰণে হয়, তোমালোক জন্ম-জন্মান্তৰৰ প্ৰেয়সী। স্মৰণ কৰি আহিছা - হে প্ৰভু। দিওঁতাতো এজনেই পিতা নহয় জানো। সকলো সন্তানে পিতাৰ পৰাই বিচাৰিব। আত্মা যেতিয়া দুখী হয় তেতিয়া পিতাক স্মৰণ কৰে। সুখত কোনেও স্মৰণ নকৰে, দুখত স্মৰণ কৰে - বাবা আহি সৎগতি দিয়া। যেনেকৈ গুৰুৰ ওচৰলৈ যায়, আমাক সন্তান দিয়া। সন্তান লাভ কৰিলে তেতিয়া বহুত আনন্দিত হ’ব। সন্তান নহ’লে ক’ব ঈশ্বৰৰ ইচ্ছা। ড্ৰামাকতো তেওঁলোকে বুজিয়ে নাপায়। যদি তেওঁলোকে ড্ৰামা বুলি কয় তেন্তে সকলো জনা উচিত। তোমালোকে ড্ৰামাক জানা, আৰু কোনেও নাজানে। কোনো শাস্ত্ৰতো এই কথাবোৰ নাই। ড্ৰামা মানে ড্ৰামা। তাৰ আদি-মধ্য-অন্তৰ বিষয়ে জনা উচিত। পিতাই কয় - মই প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আহোঁ। এই 4টা যুগ একেবাৰে সমান। স্বস্তিকাৰো মহত্ব আছে নহয়। হিচাপ বহীত স্বস্তিকা আঁকি দিয়ে। এয়াও হিচাপ নহয় জানো। আমাৰ লাভ কেনেকৈ হয়, আকৌ লোকচান কেনেকৈ হয়। লোকচান হৈ হৈ এতিয়া পূৰা লোকচান হৈ গ’ল। এয়া হৰা-জিকাৰ খেল। যদি পইচা আছে আৰু স্বাস্থ্যও আছে তেন্তে সুখ আছে, যদি পইচা আছে স্বাস্থ্য নাই তেন্তে সুখ নাই। তোমালোকক স্বাস্থ্য-সম্পত্তি দুয়োটাই দিওঁ। গতিকে সুখতো আছেই।

যেতিয়া কোনোবাই শৰীৰ এৰে তেতিয়া মুখেৰেতো কয় - অমুক স্বৰ্গগামী হ’ল। কিন্তু ভিতৰি দুখী হৈ থাকে। এই ক্ষেত্ৰততো আৰুহে আনন্দিত হ’ব লাগে আকৌ তেওঁৰ আত্মাক নৰকলৈ কিয় মাতা? একোৱে বুজি নাপায়। এতিয়া পিতা আহি এই সকলো কথা বুজায়। বীজ আৰু বৃক্ষৰ ৰহস্য বুজায়। এনেকুৱা বৃক্ষ আৰু কোনেও ৰচিব নোৱাৰে। এয়া এওঁ ৰচা নাই। এওঁৰ কোনো গুৰু নাছিল। থকা হ’লে তেওঁৰ আৰু শিষ্য থাকিলহেঁতেন নহয় জানো। মনুষ্যই ভাবে এওঁক কোনো গুৰুৱে শিকাইছে নহ’লে কয় পৰমাত্মাৰ শক্তি প্ৰৱেশ কৰিছে। হেৰ’ পৰমাত্মাৰ শক্তি কেনেকৈ প্ৰৱেশ কৰিব! বেচেৰাহঁতে একোৱে নাজানে। পিতাই নিজে বহি শুনায় - মই কৈছিলোঁ মই সাধাৰণ বৃদ্ধ শৰীৰত আহোঁ, আহি তোমালোকক পঢ়াওঁ। এৱোঁ (ব্ৰহ্মায়ো) শুনে, এওঁৰ ধ্যানতো মোৰ ফালে থাকে। এৱোঁ বিদ্যাৰ্থী। এওঁ নিজক আৰু একো বুলি নকয়। প্ৰজাপিতা হ’লেও বিদ্যাৰ্থী। যদিও এওঁ বিনাশো দেখিছে কিন্তু একো বুজি নাপালে। লাহে লাহে বুজি উঠিল। যেনেকৈ তোমালোকে বুজি গৈ থাকা। পিতাই তোমালোকক বুজায়, মাজতে এৱোঁ বুজি গৈ থাকে, পঢ়ি থাকে। প্ৰত্যেক বিদ্যাৰ্থীয়ে পঢ়িবলৈ পুৰুষাৰ্থ কৰে। ব্ৰহ্মা-বিষ্ণু-শঙ্কৰতো হৈছে সূক্ষ্মলোক নিবাসী। তেওঁলোকৰ কি ভূমিকা আছে, এইটোও কোনেও নাজানে। পিতাই প্ৰতিটো কথা নিজেই বুজায়। তোমালোকে একো প্ৰশ্ন সুধিব নোৱাৰা। ওপৰত আছে শিৱ পৰমাত্মা তাৰ পাছত দেৱতাসকল, তেওঁলোকক কেনেকৈ একে শাৰীতে ৰাখিব পাৰা। এতিয়া তোমালোক সন্তানসকলে জানা যে পিতা আহি এওঁৰ শৰীৰত প্ৰৱেশ কৰে সেইকাৰণে ‘বাপদাদা’ বুলি কোৱা হয়। পিতা বেলেগ, দাদা বেলেগ। শিৱ হৈছে পিতা, ব্ৰহ্মা হৈছে দাদা। উত্তৰাধিকাৰ এওঁৰ দ্বাৰা শিৱবাবাৰ পৰা পোৱা যায়। ব্ৰাহ্মণসকল ব্ৰহ্মাৰ সন্তান হৈ গ’ল। পিতাই ড্ৰামাৰ পৰিকল্পনা অনুসৰি তুলি লৈছে। পিতাই কয় – এওঁ হৈছে প্ৰথম নম্বৰৰ ভক্ত। 84 জন্মও এওঁ লৈছে। শ্যাম আৰু সুন্দৰ বুলিও এওঁকে কয়। শ্ৰীকৃষ্ণ সত্যযুগত সুন্দৰ আছিল, কলিযুগত শ্যাম বৰণীয়া হ’ল। পতিত হয় নহয় আকৌ পাৱন হয়। তোমালোকো এনেকুৱাই হোৱা। এইখন হ’ল লৌহযুগী সৃষ্টি, সেইখন হ’ল স্বৰ্ণীমযুগী সৃষ্টি। ছিৰিৰ বিষয়ে কোনেও নাজানে। যিসকল পাছত আহে তেওঁলোকে 84 জন্ম ল’ব জানো। তেওঁলোকে নিশ্চয় কম জন্ম ল’ব তেন্তে আকৌ তেওঁলোকক ছিৰিত কেনেকৈ দেখুৱাব পাৰি। বাবাই বুজাইছে - সকলোতকৈ বেছি জন্ম কোনে ল’ব? সকলোতকৈ কম জন্ম কোনে ল’ব? এয়া হ’ল জ্ঞান। পিতাহে জ্ঞানৱান, পতিত-পাৱন। আদি-মধ্য-অন্তৰ জ্ঞান শুনাই আছে। তেওঁলোক সকলোৱে “নাজানো নাজানো” বুলি কৈ আহিছে। নিজ আত্মাকেই নাজানে তেন্তে আকৌ পিতাক কেনেকৈ জানিব? মাত্ৰ ক’ব লাগে কাৰণে কৈ দিয়ে, আত্মা কি বস্তু, একোৱে নাজানে। তোমালোকে এতিয়া জানা যে আত্মা অবিনাশী, আত্মাত 84 জন্মৰ অবিনাশী ভূমিকা নিহিত হৈ আছে। ইমান সূক্ষ্ম আত্মাত কিমান ভূমিকা নিহিত হৈ আছে, যিয়ে ভালকৈ শুনে আৰু বুজি পায় তেতিয়া বুজা যায় এওঁ সমীপৰ আত্মা। যদি বুদ্ধিত ধাৰণ নহয় তেন্তে দেৰিকৈ আহিবলগীয়া আত্মা হ’ব। শুনোৱাৰ সময়ত নাড়ীৰ স্পন্দন লক্ষ্য কৰা হয়। বুজোৱাসকলো ক্ৰমানুসৰি হয় নহয়। এয়া হৈছে তোমালোকৰ পঢ়া, ৰাজধানী স্থাপনা হৈ আছে। কোনোৱেতো উচ্চতকৈও উচ্চ ৰজাৰ পদ পায়, কোনোবা প্ৰজাৰ চাকৰ হয়গৈ। অৱশ্যে এইটো হয় সত্যযুগত কোনো দুখ নহয়। সেইখনক কোৱাই হয় সুখধাম, স্বৰ্গ। অতীত হৈ গ’ল সেই কাৰণেতো স্মৰণ কৰে নহয়। মনুষ্যই ভাবে স্বৰ্গ ওপৰৰ ছাদত থাকিব। দেলৱাড়া মন্দিৰত তোমালোকৰ গোটেই স্মাৰক আছে। আদি দেৱ, আদি দেৱী আৰু সন্তানসকল তলত যোগত বহি আছে। ওপৰত ৰাজ্য আছে। মনুষ্যইতো দৰ্শন কৰিব, পইচা দিব। একোৱে বুজি নাপায়। তোমালোক সন্তানসকলে জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা, তোমালোকে সৰ্ব প্ৰথমেতো পিতাৰ জীৱন বৃত্তান্ত জানি গ’লা তেন্তে আৰু কি লাগে। পিতাক জানিলেই সকলো বুজি পোৱা যায়। সেইকাৰণে আনন্দিত হ’ব লাগে। তোমালোকে জানা যে এতিয়া আমি সত্যযুগত গৈ সোণৰ মহল সাজিম, ৰাজ্য কৰিম। যিসকল সেৱাধাৰী সন্তান আছে তেওঁলোকৰ বুদ্ধিত থাকিব এই আধ্যাত্মিক জ্ঞান আধ্যাত্মিক পিতাই দিয়ে। আত্মাসকলৰ পিতাক আধ্যাত্মিক পিতা বুলি কোৱা হয়। তেৱেঁই সৎগতি দাতা। সুখ-শান্তিৰ উত্তৰাধিকাৰ দিয়ে। তোমালোকে বুজাব পাৰা এই ছিৰি ভাৰতবাসীৰ কাৰণে, যিয়ে 84 জন্ম লয়। তোমালোক আহিছাই মধ্যত, তেন্তে তোমালোকৰ 84 জন্ম কেনেকৈ হ’ব? সকলোতকৈ বেছি জন্ম আমি লওঁ। এয়া অতিকৈ বুজিবলগীয়া কথা। মুখ্য কথাই হৈছে পতিতৰ পৰা পাৱন হ’বলৈ বুদ্ধিৰ যোগসূত্ৰ গঢ়িব লাগে। পাৱন হোৱাৰ প্ৰতিজ্ঞা কৰি আকৌ পতিত হ’লে একেবাৰে হাড়-মূৰ ভাঙি যায়, যেন 5 মহলাৰ পৰা বাগৰি পৰে। বুদ্ধিয়েই নীচ হৈ যাব, ভিতৰি অন্তৰ দহি থাকিব। মুখেৰে একো ক’ব নোৱাৰিব সেইকাৰণে পিতাই কয় - সাৱধানে থাকিবা। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই ড্ৰামাখনক যথাৰ্থ ৰীতিৰে বুজি মায়াৰ বন্ধনৰ পৰা মুক্ত হ’ব লাগে। নিজক অকালমূৰ্ত আত্মা বুলি বুজি পিতাক স্মৰণ কৰি পৱিত্ৰ হ’ব লাগে।

(2) সঁচা পয়গম্বৰ আৰু বাৰ্তাবাহক হৈ সকলোকে শান্তিধাম, সুখধামৰ ৰাস্তা দেখুৱাব লাগে। এই কল্যাণকাৰী সংগমযুগত সকলো আত্মাৰ কল্যাণ কৰিব লাগে।

বৰদান:
পিতা আৰু সেৱাৰ স্মৃতিৰে একৰস স্থিতিৰ অনুভৱ কৰোঁতা সৰ্ব আকৰ্ষণমুক্ত হোৱা

যেনেকৈ সেৱকৰ সদায় সেৱা আৰু গৰাকী স্মৃতিত থাকে। তেনেকৈ বিশ্ব সেৱক, সঁচা সেৱাধাৰী সন্তানসকলৰো পিতা আৰু সেৱাৰ বাহিৰে একোৱেই স্মৃতিত নাথাকে, ইয়াৰ দ্বাৰাই একৰস স্থিতিত থকাৰ অনুভৱ হয়। তেওঁলোকৰ একমাত্ৰ পিতাৰ বাহিৰে সকলো ৰস নিৰস লাগে। এক পিতাৰ ৰসৰ অনুভৱ হোৱাৰ কাৰণে ক’লৈকো আকৰ্ষণ যাব নোৱাৰে, এই একৰস স্থিতিৰ তীব্ৰ পুৰুষাৰ্থই সকলো আকৰ্ষণৰ পৰা মুক্ত কৰি দিয়ে। এয়াই শ্ৰেষ্ঠ লক্ষ্য।

স্লোগান:
স্পৰ্শকাতৰ পৰিস্থিতিসমূহৰ কাকতত উত্তীৰ্ণ হ’বলৈ নিজৰ স্বভাৱ শক্তিশালী কৰি তোলা।


সত্যতা আৰু সভ্যতা ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

যেতিয়াই কোনো অসত্য কথা দেখা, শুনা তেতিয়া অসত্য বায়ুমণ্ডল নিবিয়পাবা। বহুতে কয় এইটো পাপ কৰ্ম হয় নহয়, পাপ কৰ্মক চোৱা নহয় কিন্তু বায়ুমণ্ডলত অসত্যতাৰ কথা বিয়পাই দিয়া, এয়াওতো পাপ হয়। লৌকিক পৰিয়ালতো এনেকুৱা কোনো কথা দেখিলে বা শুনিলে তেতিয়া সেয়া বিয়পাই দিয়া নহয়। কাণেৰে শুনিলে আৰু অন্তৰত লুকুৱাই ৰাখিলে। যদি কোনো ব্যৰ্থ কথা বিয়পাই দিয়ে তেন্তে এই সৰু সৰু পাপে উৰন্ত কলাৰ অনুভৱ সমাপ্ত কৰি দিয়ে, সেই কাৰণে এই কৰ্মৰ গহন গতিক বুজি যথাৰ্থ ৰূপত সত্যতাৰ শক্তি ধাৰণ কৰা।