04.03.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ কাম হৈছে মনুষ্যক জাগৃত কৰা, মাৰ্গ-দৰ্শন কৰা, যিমানে তোমালোক দেহী-অভিমানী
হৈ পিতাৰ পৰিচয় দিবা সিমানে কল্যাণ হ’ব”
প্ৰশ্ন:
গৰিব
সন্তানসকল কোনটো বিশেষত্বৰ আধাৰত চহকীসকলতকৈ আগত গুচি যায়?
উত্তৰ:
গৰিবসকলৰ দান-পুণ্যৰ প্ৰতি বহুত শ্ৰদ্ধা থাকে। গৰিবে ভক্তিও নিষ্ঠাৰে কৰে।
সাক্ষাৎকাৰো গৰিবসকলৰ হয়। চহকীসকলৰ নিজৰ ধনৰ নিচা থাকে। পাপ বেছি হয় সেইকাৰণে গৰিব
সন্তানসকল তেওঁলোকতকৈ আগত গুচি যায়।
গীত:
ওঁম নমঃ শিৱায়ে…..
ওঁম্শান্তি।
তুমি মাতা-পিতা
আমি তোমাৰ সন্তান….. এয়াতো নিশ্চয় পৰমপিতা পৰমাত্মাৰ মহিমা গোৱা হৈছে। এয়াতো স্পষ্ট
মহিমা কাৰণ তেওঁ ৰচয়িতা হয়। লৌকিক মাতা-পিতাও সন্তানসকলৰ ৰচয়িতা হয়। পাৰলৌকিক পিতাকো
ৰচয়িতা বুলি কোৱা হয়। বন্ধু, সহায়ক… বহুত মহিমা গায়। লৌকিক পিতাৰ ইমান মহিমা নাই।
পৰমপিতা পৰমাত্মাৰ মহিমাই বেলেগ। সন্তানসকলেও মহিমা কৰে জ্ঞানৰ সাগৰ, জ্ঞানৱান।
তেওঁৰ গোটেই জ্ঞান আছে। জ্ঞান কোনো শৰীৰ নিৰ্বাহৰ অৰ্থে পঢ়া পাঠ নহয়। তেওঁক জ্ঞানৰ
সাগৰ জ্ঞানৱান বুলি কোৱা হয়। গতিকে নিশ্চয় তেওঁৰ জ্ঞান আছে কিন্তু কি জ্ঞান? এই
সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে - তাৰ জ্ঞান। গতিকে তেৱেঁই জ্ঞানৰ সাগৰ পতিত-পাৱন হয়।
শ্ৰীকৃষ্ণক কেতিয়াও পতিত-পাৱন বা জ্ঞানৰ সাগৰ বুলি নকয়। তেওঁৰ মহিমা একেবাৰে অনন্য।
দুয়োগৰাকীয়েই ভাৰতৰ নিবাসী। শিৱবাবাৰো ভাৰতত মহিমা আছে। শিৱ জয়ন্তীও ইয়াত পালন কৰে।
শ্ৰীকৃষ্ণৰ জয়ন্তীও পালন কৰে। গীতাৰো জয়ন্তী পালন কৰে। তিনিটা জয়ন্তী মুখ্য। এতিয়া
প্ৰশ্ন উঠে প্ৰথমে জয়ন্তী কাৰ হৈছিল? শিৱৰ নে শ্ৰীকৃষ্ণৰ? মনুষ্যইতো একেবাৰে পিতাক
পাহৰি গৈছে। শ্ৰীকৃষ্ণৰ জয়ন্তী বৰ ধুমধামেৰে, মৰমেৰে পালন কৰে। শিৱ জয়ন্তীৰ ইমান
কাৰো খবৰ নাই, গায়নো নাই। শিৱই আহি কি কৰিলে? তেওঁৰ জীৱন বৃত্তান্ত কোনেও গম নাপায়।
শ্ৰীকৃষ্ণৰ কাৰণেতো বহুত কথা লিখি দিছে। গোপীসকলক পলুৱাই নিলে, এইটো কৰিলে।
শ্ৰীকৃষ্ণৰ চৰিত্ৰৰ ওপৰত বিশেষকৈ এখন আলোচনীও প্ৰকাশিত হয়। শিৱৰ চৰিত্ৰ আদি একো
পাবলৈ নাই। শ্ৰীকৃষ্ণৰ জয়ন্তী কেতিয়া হ’ল আকৌ গীতাৰ জয়ন্তী কেতিয়া হ’ল? শ্ৰীকৃষ্ণ
যেতিয়া ডাঙৰ হ’ব তেতিয়াহে জ্ঞান শুনাব। শ্ৰীকৃষ্ণৰ শিশুকালতো দেখুৱায়, পাচিত ভৰাই
সিপাৰলৈ লৈ গ’ল। ডাঙৰ হোৱাৰ পাছত দেখুৱায়, ৰথৰ ওপৰত ঠিয় হৈ আছে। পৰিক্ৰমা লগায়।
16-17 বছৰ মান হ’ব। বাকী চিত্ৰ শিশুকালৰ দেখুৱায়। এতিয়া গীতা কেতিয়া শুনালে। সেই
সময়ততো শুনোৱা নাই। যিহেতু লিখে অমুকক পলুৱাই নিলে, এইটো কৰিলে। সেই সময়ততো জ্ঞান
শোভাও নাপায়। জ্ঞানতো যেতিয়া বয়সস্থ হ’ব তেতিয়া শুনাব। গীতাও কিছু সময় পাছত
শুনাইছিল নিশ্চয়। এতিয়া শিৱই কি কৰিলে, একো নাজানে। অজ্ঞানতাৰ নিদ্ৰাত শুই আছে।
পিতাই কয় - মোৰ জীৱন বৃত্তান্ত কোনেও নাজানে। মই কি কৰিলোঁ? মোকেই পতিত-পাৱন বুলি
কয়। মই যেতিয়া আহোঁ তেতিয়া লগত গীতা থাকে। মই সাধাৰণ বৃদ্ধ অনুভৱী শৰীৰত আহোঁ। শিৱ
জয়ন্তী তোমালোকে ভাৰততে পালন কৰা। শ্ৰীকৃষ্ণ জয়ন্তী, গীতা জয়ন্তী এই তিনিটা মুখ্য।
ৰামৰ জয়ন্তীতো পাছত হয়। এই সময়ত যিবিলাক হয় সেয়া পাছলৈ পালন কৰা হয়। সত্যযুগ
ত্ৰেতাত জয়ন্তী আদি নহয়। সূৰ্যবংশীৰ পৰা চন্দ্ৰবংশীয়ে উত্তৰাধিকাৰ লয় আৰু কাৰো মহিমা
নাই। মাত্ৰ ৰজাসকলৰ ৰাজ-অভিষেক পালন কৰে। জন্ম দিনতো আজিকালি সকলোৱে পালন কৰে।
সেয়াতো গতানুগতিক কথা হ’ল। শ্ৰীকৃষ্ণই জন্ম ল’লে ডাঙৰ হৈ ৰাজধানী চলালে, তাত
মহিমাৰতো কথাই নাই। সত্যযুগ ত্ৰেতাত সুখৰ ৰাজ্য চলি আহিছে। সেই ৰাজ্য কেতিয়া, কেনেকৈ
স্থাপন হ’ল! এয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। পিতাই কয় - সন্তানসকল মই কল্পই
কল্পই কল্পৰ সংগমযুগত আহোঁ। কলিযুগৰ অন্ত হ’ল পতিত সৃষ্টি। সত্যযুগ আদি পাৱন সৃষ্টি।
মই পিতাও হওঁ। তোমালোক সন্তানসকলক উত্তৰাধিকাৰো দিম। কল্প পূৰ্বেও তোমালোকক
উত্তৰাধিকাৰ দিছিলোঁ সেইকাৰণে তোমালোকে পালন কৰি আহিছা। কিন্তু নাম পাহৰি যোৱা বাবে
শ্ৰীকৃষ্ণৰ নাম দি দিছে। সকলোতকৈ শ্ৰেষ্ঠতো শিৱ হয় নহয়। প্ৰথমেতো যেতিয়া তেওঁৰ
জয়ন্তী হ’ব তেতিয়াহে আকৌ সাকাৰ মনুষ্যৰ হ’ব। আত্মাসকলতো বাস্তৱত ওপৰৰ পৰা নামি আহে।
মোৰো অৱতৰণ হয়। শ্ৰীকৃষ্ণই মাতৃগৰ্ভৰ পৰা জন্ম ল’লে, প্ৰতিপালিত হ’ল। সকলোৱে
পুনৰ্জন্মত আহিবই লাগে। শিৱবাবাই পুনৰ্জন্ম নলয়। আহেতো নহয়। গতিকে এই সকলোবোৰ পিতাই
বহি বুজায়। ব্ৰহ্মা-বিষ্ণু-শঙ্কৰৰ ত্ৰিমূৰ্তি দেখুৱায় নহয়। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা,
কিয়নো শিৱৰতো নিজৰ শৰীৰ নাই। নিজেই বহি কয় মই এওঁৰ বৃদ্ধ শৰীৰত আহোঁ। এওঁ নিজৰ
জন্মক নাজানে। এয়া এওঁৰ বহুত জন্মৰ অন্তৰ জন্ম। সেয়েহে পোন-প্ৰথমে বুজাবলগীয়া হয়।
শিৱ জয়ন্তী শ্ৰেষ্ঠ নে শ্ৰীকৃষ্ণ জয়ন্তী শ্ৰেষ্ঠ? যদি শ্ৰীকৃষ্ণই গীতা শুনালে তেন্তে
গীতা জয়ন্তীতো শ্ৰীকৃষ্ণৰ বহুত বছৰৰ পাছতহে হ’ব পাৰিব, যেতিয়া শ্ৰীকৃষ্ণ ডাঙৰ হ’ব।
এই সকলোবোৰ বুজিবলগীয়া কথা হয় নহয়। কিন্তু বাস্তৱত শিৱ জয়ন্তীৰ লগে লগে গীতা জয়ন্তী।
এই সাৰ কথাটিও বুদ্ধিত ৰাখিব লাগে। সাৰ কথাতো বহুত আছে। টোকা নাৰাখিলে স্মৃতিত
থাকিব নোৱাৰে। বাবা ইমান সমীপত, তেওঁৰ ৰথ, তেৱোঁ কয় সকলো সাৰ কথা সময়ত স্মৃতিলৈ
অহাতো কঠিন। বাবাই বুজাইছে সকলোকে দুজন পিতাৰ ৰহস্য বুজোৱা। শিৱবাবাৰ জয়ন্তী পালন
কৰে, নিশ্চয় আহিছিল। যেনেকৈ যীশুখ্ৰীষ্ট, বুদ্ধ আদি আহি নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে।
তেওঁলোকৰ ক্ষেত্ৰতো আত্মা আহি প্ৰৱেশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰে। তেওঁ হ’ল স্বৰ্গীয়
ঈশ্বৰ পিতা, সৃষ্টিৰ ৰচয়িতা। গতিকে নিশ্চয় নতুন সৃষ্টি ৰচিব। পুৰণি ৰচিব জানো। নতুন
সৃষ্টিক স্বৰ্গ বুলি কোৱা হয়, এতিয়া হ’ল নৰক। বাবাই কয় - মই কল্পই কল্পই সংগমত আহি
তোমালোক সন্তানসকলক ৰাজযোগৰ জ্ঞান দিওঁ। এয়া হ’ল ভাৰতৰ প্ৰাচীন যোগ। কোনে শিকালে?
শিৱবাবাৰ নামতো নোহোৱা কৰি দিলে। এফালে কয় গীতাৰ ভগৱান শ্ৰীকৃষ্ণ আৰু বিষ্ণু আদিৰ
নাম দি দিয়ে। শিৱবাবাই ৰাজযোগ শিকাইছিল। কোনেও নাজানে। শিৱ জয়ন্তী নিৰাকাৰৰ জয়ন্তীহে
দেখুৱায়। তেওঁ কেনেকৈ আহিল, আহি কি কৰিলে? তেওঁতো সকলোৰে সৎগতি দাতা, মুক্তি দাতা,
মাৰ্গ-দৰ্শক। এতিয়া সকলো আত্মাক মাৰ্গ-দৰ্শক পৰমাত্মাক লাগে। তেৱোঁ আত্মা। যেনেকৈ
মনুষ্যৰ মাৰ্গ-দৰ্শকো মনুষ্য হয়, তেনেকৈ আত্মাসকলৰ মাৰ্গ-দৰ্শকো আত্মা হ’ব লাগে।
তেওঁকতো পৰম আত্মা বুলিয়ে ক’ব। সকলো মনুষ্যইতো পুনৰ্জন্ম লৈ পতিত হৈ যায়। আকৌ পাৱন
কৰি কোনে উভতাই লৈ যাব? পিতাই কয় - মইহে আহি পাৱন হোৱাৰ যুক্তি শুনাওঁ। তোমালোকে
মোক স্মৰণ কৰা। শ্ৰীকৃষ্ণইতো ক’ব নোৱাৰে যে দেহৰ সম্বন্ধ এৰা। তেওঁতো 84 জন্ম লয়।
সকলো সম্বন্ধত আহে। পিতাৰ নিজৰ শৰীৰ নাই। তোমালোকক এই আত্মিক যাত্ৰা পিতাই শিকায়।
এয়া হ’ল আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক জ্ঞান। শ্ৰীকৃষ্ণ জানো
কাৰোবাৰ আত্মিক পিতা হয়। সকলোৰে আত্মিক পিতা মই হওঁ। মইহে মাৰ্গ-দৰ্শক হ’ব পাৰোঁ।
মুক্তি দাতা, মাৰ্গ-দৰ্শক, আনন্দময়, শান্তিময়, সৰ্বদা পৱিত্ৰ এয়া সকলো মোৰ কাৰণে কয়।
এতিয়া তোমালোক আত্মাসকলক জ্ঞান দি আছে। পিতাই কয় - মই এই শৰীৰৰ দ্বাৰা তোমালোকক দি
আছোঁ। তোমালোকেও শৰীৰৰ দ্বাৰা জ্ঞান আহৰণ কৰি আছা। তেওঁ হ’ল ঈশ্বৰ পিতা। তেওঁৰ ৰূপৰ
বিষয়েও শুনাইছে। যেনেকৈ আত্মা বিন্দু, তেনেকৈ পৰমাত্মাও বিন্দু। এয়া প্ৰকৃতি হয় নহয়।
বাস্তৱত ডাঙৰ প্ৰকৃতিতো হৈছে এয়া। ইমান সূক্ষ্ম তৰাত 84 জন্মৰ ভূমিকা আছে। এয়া হ’ল
প্ৰকৃতি। পিতাৰো ড্ৰামাত ভূমিকা আছে। ভক্তিমাৰ্গতো তোমালোকৰ সেৱা কৰে। তোমালোক
আত্মাত 84 জন্মৰ অবিনাশী ভূমিকা আছে, ইয়াক কোৱা হয় প্ৰকৃতি, ইয়াৰ বৰ্ণনা কেনেকৈ
কৰিব। ইমান সূক্ষ্ম আত্মা। এই কথাবোৰ শুনি আচৰিত হয়। আত্মা হয়ো তৰা সদৃশ। 84 জন্ম
সঠিককৈ ভোগে। সুখো তেওঁলোকে সঠিককৈ ভুগিব। এয়া হ’ল প্ৰকৃতি। পিতাও হ’ল আত্মা, পৰম
আত্মা। তেওঁৰ গোটেই জ্ঞান ভৰপূৰ হৈ আছে, যি সন্তানসকলক বুজায়। এয়া হ’ল নতুন কথা,
নতুন মনুষ্যই শুনিলে ক’ব এওঁলোকৰ জ্ঞানতো কোনো শাস্ত্ৰ আদিতো নাই। তথাপিও যিসকলে
কল্প পূৰ্বে শুনিছিল, উত্তৰাধিকাৰ লৈছিল তেওঁলোকৰে বৃদ্ধি হৈ থাকে। সময় লাগে। প্ৰজা
অনেক হয়। সেয়াতো সহজ। ৰজা হোৱাত পৰিশ্ৰম আছে। মনুষ্য যিয়ে বহুত ধন দান কৰে তেতিয়া
ৰজাৰ ঘৰত জন্ম লয়। গৰিবেও নিজৰ সাধ্যানুসাৰে যি কিছু দান কৰিব তেৱোঁ ৰজা হয়। যিসকল
পূৰা ভকত তেওঁলোকে দান পুণ্যও কৰে। চহকীসকলৰ দ্বাৰা পাপ বেছি হয়। গৰিবসকলৰ শ্ৰদ্ধা
বহুত থাকে। তেওঁলোকে বৰ মৰমেৰে অলপো যদি দান কৰে তেন্তে বহুত পায়। গৰিবে ভক্তিও
বহুত কৰে। দৰ্শন দিয়া নহ’লে মই ডিঙি কাটি দিম। চহকীয়ে এনেকুৱা নকৰে। সাক্ষাৎকাৰো
গৰিবসকলৰ হয়। তেওঁলোকেই দান পুণ্য কৰে, ৰজাও তেওঁলোকেই হয়। পইচা থকাসকলৰ অহংকাৰ থাকে।
ইয়াতো গৰিবে 21জন্মৰ সুখ পায়। গৰিব বেছি আছে। চহকীসকল পাছৰ ফালে আহিব। গতিকে ভাৰত
যি ইমান উচ্চ আছিল সেই ভাৰত আকৌ ইমান গৰিব কেনেকৈ হ’ল, তোমালোকে বুজি পোৱা।
ভূমিকম্প আদিত সকলো অট্টালিকা আদি ধ্বংস হৈ যাব তেতিয়া গৰিব হৈ যাব। ৰাৱণৰাজ্য
হোৱাৰ কাৰণে হাহাকাৰ হৈ যায় তেতিয়া আকৌ এনেকুৱা বস্তু থাকিব নোৱাৰে। প্ৰতিটো বস্তুৰে
আয়ুসতো থাকে নহয়। তাত যেনেকৈ মনুষ্যৰ আয়ুস দীঘলীয়া হয় তেনেকৈ ঘৰৰো আয়ুস দীঘলীয়া হয়।
সোণৰ, মাৰ্বলৰ ডাঙৰ ডাঙৰ মহল তৈয়াৰ হৈ গৈ থাকিব। সোণৰতো আৰুহে মজবুত হ’ব। নাটকতো
দেখুৱায় নহয় – যুদ্ধ লাগে, ঘৰ ভাঙি খহি যায়। আকৌ তৈয়াৰ হৈ যায়। তেওঁলোকৰ নিৰ্মাণ
শৈলী এনেকুৱা হয়। এয়া যি স্বৰ্গৰ মহল আদি নিৰ্মাণ কৰিব, এনেকৈতো নেদেখুৱাব যে
মিস্ত্ৰিসকলে কেনেকৈ ঘৰ নিৰ্মাণ কৰে। অৱশ্যে হয় বুজি পায় সেয়াই ঘৰ হ’ব। আগলৈ
তোমালোকৰ সাক্ষাৎকাৰ হ’ব। এনেকৈ বিবেকে কয়। এই কথাবোৰৰ লগত সন্তানসকলৰ সম্পৰ্ক নাই।
সন্তানসকলেতো পাঠ পঢ়িব লাগে। স্বৰ্গৰ মালিক হ’ব লাগে। স্বৰ্গ আৰু নৰক অনেক বাৰ
অতিবাহিত হৈছে। এতিয়া দুয়োটাই অতিবাহিত হ’ল। এতিয়া হ’ল সংগম। সত্যযুগত এই জ্ঞান
নাথাকিব। এই সময়ত তোমালোক সন্তানসকলৰ সম্পূৰ্ণ জ্ঞান আছে। লক্ষ্মী-নাৰায়ণক এই ৰাজ্য
কোনে দিছিল। এতিয়া তোমালোক সন্তানসকলে গম পোৱা। এওঁলোকে এই উত্তৰাধিকাৰ কাৰ পৰা পালে।
ইয়াত পাঠ পঢ়ি স্বৰ্গৰ মালিক হয়। আকৌ তালৈ গৈ মহল আদি নিৰ্মাণ কৰে। ছাৰ্জনেও ডাঙৰ
ডাঙৰ চিকিৎসালয় নিৰ্মাণ কৰায় নহয়।
পিতাই তোমালোক
সন্তানসকলক দিনে-প্ৰতিদিনে ভাল ভাল সাৰ কথা শুনাই থাকে। তোমালোকৰ কামেই হ’ল –
মনুষ্যক জাগৃত কৰা, মাৰ্গ দেখুওৱা। যেনেকৈ পিতাই কিমান মৰমেৰে বহি বুজায়।
দেহ-অভিমানৰ দৰকাৰ নাই। পিতাৰো দেহ-অভিমান থাকিব নোৱাৰে। দেহী-অভিমানী হওঁতেই
তোমালোকৰ সকলো পৰিশ্ৰম হয়। যিয়ে দেহী-অভিমানী হৈ বহি পিতাৰ পৰিচয় দিয়ে, মানে বহুতৰে
কল্যাণ কৰে। প্ৰথমে দেহ-অভিমান আহিলে তেতিয়া অন্য বিকাৰ আহে। হাই-কাজিয়া কৰা, নবাবৰ
দৰে (বিলাসত) চলা - এয়া হৈছে দেহ-অভিমান। যদিও তোমালোকৰ হৈছে ৰাজযোগ, তেতিয়াও বহুত
সাধাৰণ হৈ থাকিব লাগে। অলপ বস্তুতে অহংকাৰ আহি যায়। ঘড়ী চৌখিন দেখিলে অন্তৰে
বিচাৰিব এইটো পিন্ধোঁ। খেয়াল চলি থাকিব। ইয়াকো দেহ-অভিমান বুলি কোৱা হয়। ভাল দামী
বস্তু হ’লে তেতিয়া তত্ত্বাৱধান ল’ব লাগে। হেৰালে চিন্তা হ’ব। অন্তিম সময়ত অলপো কিবা
স্মৃতিলৈ আহিলে তেতিয়া পদ ভ্ৰষ্ট হৈ যাব। এয়া হৈছে দেহ-অভিমানৰ অভ্যাস। তেতিয়া
সেৱাৰ সলনি অহিতো নিশ্চয় কৰিব। ৰাৱণে তোমালোকক দেহ-অভিমানী কৰি তুলিছে। দেখিবলৈ পোৱা
বাবা কিমান সাধাৰণ হৈ চলে। প্ৰত্যেকৰে সেৱা লক্ষ্য কৰা হয়। মহাৰথী সন্তানসকলে নিজক
প্ৰত্যক্ষ কৰিব লাগে। মহাৰথী সন্তানসকললৈকে লিখা হয় তুমি অমুক স্থানত গৈ ভাষণ দিয়া।
দুই এজনক মাতে। কিন্তু সন্তানসকলৰ দেহ-অভিমান বহুত থাকে। ভাষণ দিয়াত যদিও ভাল কিন্তু
পৰস্পৰ আত্মিক স্নেহ নাই। দেহ-অভিমানে লুণীয়া পানী অৰ্থাৎ অপ্ৰীতিকৰ কৰি দিয়ে। কোনো
কথাত তৎক্ষণাৎ বিতুষ্ট হৈ যোৱা এইটোও হ’ব নালাগে সেইকাৰণে বাবাই কয় – কাৰোবাৰ কিবা
সুধিবলগীয়া আছে যদি পিতাক আহি সোধা। কিছুমানে কয় - বাবা আপোনাৰ কেইটি সন্তান? তেতিয়া
ক’ম - সন্তানতো অনেক আছে কিন্তু কিছুমান কু-সন্তান, কিছুমান ভাল সু-সন্তান। এনেকুৱা
পিতাৰতো আজ্ঞাকাৰী, বিশ্বাসী হ’ব লাগে নহয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1)
দেহ-অভিমানত আহি কোনো ধৰণৰ ধুন-পেচ কৰিব নালাগে। বেচি চখ ৰাখিব নালাগে। বহুত সাধাৰণ
হৈ চলিব লাগে।
(2) পৰস্পৰ বহুত
আত্মিক স্নেহেৰে চলিব লাগে, কেতিয়াও লুণীয়া পানী অৰ্থাৎ অপ্ৰীতিকৰ হ’ব নালাগে।
বাবাৰ সু-সন্তান হ’ব লাগে। অহংকাৰত কেতিয়াও আহিব নালাগে।
বৰদান:
নিজৰ ভাগ্য আৰু
ভাগ্য বিধাতাৰ গুণ গান কৰোঁতা সদায় প্ৰসন্নচিত্ত হোৱা
সকলো ব্ৰাহ্মণ
সন্তানৰ জন্মতেই মুকুট, সিংহাসন আৰু তিলক জন্মসিদ্ধ অধিকাৰৰ ৰূপত প্ৰাপ্ত হয়। গতিকে
ভাগ্যৰ এই চিকমিকাই থকা তৰাক চাই নিজৰ ভাগ্য আৰু ভাগ্য বিধাতাৰ গুণ গান কৰি থাকা,
তেতিয়া গুণ সম্পন্ন হৈ যাবা। নিজৰ দুৰ্বলতাবোৰৰ গুণ গান নকৰিবা, ভাগ্যৰ গুণ গাই
থাকা আৰু প্ৰশ্নৰ পৰা দূৰৈত থাকা, তেতিয়া সদায় প্ৰসন্নচিত্ত হৈ থকাৰ বৰদান
প্ৰাপ্ত হ'ব। তেতিয়া আনকো সহজে প্ৰসন্ন কৰিব পাৰিবা।
স্লোগান:
‘একনামী’ (এজনৰ প্ৰতি একাগ্ৰচিত্ত) আৰু ইকন’মী (মিতব্যয়ী) হৈ চলাটোৱে ব্ৰাহ্মণ
জীৱনত সফলতাৰ আধাৰ।
অব্যক্ত ইংগিত:
নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা
নিশ্চয়তাই সদায়
নিশ্চিন্ত কৰি তোলে আৰু যিয়ে নিশ্চিন্ত স্থিতিত থাকি কোনো কাৰ্য কৰে তেওঁ তাত অৱশ্যে
সফল হয় কিয়নো নিশ্চিন্ত স্থিতিত বুদ্ধিয়ে যথাৰ্থ নিৰ্ণয় লয়। যথাৰ্থ নিৰ্ণয়ৰ আধাৰ
হৈছে — নিশ্চয়বুদ্ধি আৰু নিশ্চিন্ত স্থিতি, ইয়াত চিন্তা কৰাৰো আৱশ্যকতা নাই।