04.04.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
‘অল্ফ’ আৰু ‘বে’ অৰ্থাৎ পিতা আৰু বাদশ্বাহীক স্মৰণ কৰা তেতিয়া ৰমণীয় হৈ যাবা, পিতাও
ৰমণীয় গতিকে তেওঁৰ সন্তানসকলো ৰমণীয় হ'ব লাগে”
প্ৰশ্ন:
দেৱতাসকলৰ
চিত্ৰই সকলোকে কিয় আকৰ্ষণ কৰে? তেওঁলোকৰ কোনটো বিশেষ গুণ আছে?
উত্তৰ:
দেৱতাসকল বহুত ৰমণীয় আৰু পৱিত্ৰ। ৰমণীয়তাৰ কাৰণে তেওঁলোকৰ চিত্ৰবোৰেও আকৰ্ষিত কৰে।
দেৱতাসকলৰ পৱিত্ৰতাৰ বিশেষ গুণ আছে, যি গুণৰ কাৰণে অপৱিত্ৰ মনুষ্যই মূৰ দোৱাই থাকে।
ৰমণীয় তেওঁলোকেই হয় যাৰ সকলো দৈৱী গুণ আছে, যি সদায় আনন্দিত হৈ থাকে।
ওঁম্শান্তি।
আত্মাসকল আৰু
পৰমাত্মাৰ মেলা কিমান বিচিত্ৰ। এনেকুৱা বেহদৰ পিতাৰ তোমালোক সকলো সন্তান হোৱা তেন্তে
সন্তানসকলো কিমান ৰমণীয় হ'ব লাগে। দেৱতাসকলো ৰমণীয় হয় নহয়। কিন্তু ৰাজধানী হৈছে
বহুত ডাঙৰ। সকলো একৰস ৰমণীয় হ'ব নোৱাৰে। তথাপিও কোনো কোনো সন্তান বহুত ৰমণীয় নিশ্চয়
হয়। ৰমণীয় কোন হয়? যি সদায় আনন্দিত হৈ থাকে, যিসকলৰ দৈৱীগুণ আছে। এওঁলোক ৰাধা-কৃষ্ণ
আদি ৰমণীয় হয় নহয়। তেওঁলোকে বহুত আকৰ্ষিত কৰে। কেনেকুৱা আকৰ্ষণ? পৱিত্ৰতাৰ কিয়নো
এওঁলোকৰ আত্মাও পৱিত্ৰ আৰু শৰীৰৰো পৱিত্র। গতিকে পৱিত্র আত্মাসকলে অপৱিত্ৰসকলক
আকৰ্ষিত কৰে। তেওঁলোকৰ চৰণত পৰে। তেওঁলোকৰ কিমান শক্তি আছে। যদিওবা সন্ন্যাসী,
কিন্তু সেই দেৱতাসকলৰ আগত নিশ্চয় নতশিৰ হয়। যদিও কোনোবা কোনোবা বহুত অহংকাৰী,
তথাপিও দেৱতাসকলৰ আগত অথবা শিৱৰ আগত নিশ্চয় নতশিৰ হ’ব। দেৱীসকলৰ চিত্ৰৰ আগতো নতশিৰ
হয় কিয়নো পিতাও ৰমণীয় আৰু পিতাই গঢ়ি তোলা দেৱী-দেৱতাসকলো ৰমণীয়। তেওঁলোকৰ পৱিত্ৰতাৰ
আকৰ্ষণ আছে। সেই আকৰ্ষণ তেওঁলোকৰ এতিয়ালৈকেও চলি আছে। গতিকে এওঁলোকৰ যিমান আকৰ্ষণ
আছে তোমালোকৰো সিমান আকৰ্ষণ থাকিব লাগে, যিসকলে ভাবে যে আমি এই লক্ষ্মী-নাৰায়ণ হ'মগৈ।
তোমালোকৰ এই সময়ৰ আকৰ্ষণ আকৌ অবিনাশী হৈ যায়। সকলোৰে নহয়। ক্ৰমানুসৰিতো হয় নহয়।
ভৱিষ্যতে যিসকল উচ্চ পদ প্ৰাপ্ত কৰোঁতা হ'ব, তেওঁলোকৰ ইয়াতেই আকৰ্ষণ হ'ব কিয়নো আত্মা
পৱিত্ৰ হৈ যায়। তোমালোকৰ ভিতৰত অধিক আকৰ্ষণ সেইসকলৰ আছে যিসকল বিশেষভাৱে স্মৃতিৰ
যাত্ৰাত থাকে। যাত্ৰাত নিশ্চয় পৱিত্ৰ হৈ থাকে। পৱিত্ৰতাতেই আকৰ্ষণ আছে। পৱিত্ৰতাৰ
আকৰ্ষণে আকৌ পঢ়াতো আকৰ্ষিত কৰি তোলে। এয়া এতিয়া তোমালোকে গম পাইছা। তোমালোকে
তেওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ) জীৱন বৃত্তান্ত জানা। তেওঁলোকেও কিমান পিতাক স্মৰণ কৰিছে।
এয়া তেওঁলোকে যি ইমান বাদশ্বাহী পালে, সেয়া নিশ্চয় ৰাজযোগৰ দ্বাৰাই পাইছে। এই সময়ত
তোমালোক এই পদ পাবৰ কাৰণে আহিছা। পিতাই বহি তোমালোকক ৰাজযোগ শিকায়। এইটোতো দৃঢ়
নিশ্চয়তাৰে ইয়ালৈ আহিছা নহয়। পিতাও তেৱেঁই, পঢ়াওঁতাও তেৱেঁই। লগতো তেৱেঁই লৈ যাওঁতা।
তেন্তে এই গুণবোৰ সদায় থাকিব লাগে। সদায় হৰ্ষিত মুখৰ হৈ থাকিবা। সদায় হৰ্ষিত হৈ
তেতিয়াহে থাকিবা যেতিয়া ‘অল্ফ’ৰ (পিতাৰ) স্মৃতিত থাকিবা। তেতিয়া ‘বে’ৰো (বাদশ্বাহীৰো)
স্মৃতি থাকিব আৰু ইয়াৰ দ্বাৰা ৰমণীয়ও বহুত হ’বা। তোমালোক সন্তানসকলে জানা - আমি
ইয়াত ৰমণীয় হৈ আকৌ ভৱিষ্যতে এনেকুৱা ৰমণীয় হ’ম। ইয়াৰ পঢ়াইহে অমৰপুৰীলৈ লৈ যাব। এই
সঁচা বাবাই তোমালোকক সঁচা উপাৰ্জন কৰাই আছে। এই সঁচা উপাৰ্জনেই লগত যাব – 21 জন্মৰ
কাৰণে। পুনৰ ভক্তিমাৰ্গত যি উপাৰ্জন কৰা সেয়াতো হয়েই অল্পকালৰ সুখৰ বাবে। সেয়া কোনো
সদায় লগত নাথাকে। গতিকে এই পঢ়াত সন্তানসকল বৰ সাৱধান হৈ থাকিব লাগে। তোমালোক হৈছা
সাধাৰণ, তোমালোকক পঢ়াওঁতাজনো একেবাৰে সাধাৰণ ৰূপত আছে। গতিকে পঢ়োঁতাসকলো সাধাৰণ হৈয়ে
থাকিব। নহ’লে লাজ পাব। আমি দামী কাপোৰ কেনেকৈ পিন্ধোঁ। আমাৰ মম্মা বাবা কিমান
সাধাৰণ তেন্তে আমিও সাধাৰণ। এওঁলোক কিয় সাধাৰণ হৈ থাকে? কিয়নো বনবাসত আছে নহয়। এতিয়া
তোমালোক যাব লাগে, ইয়াত কোনো বিবাহ কৰিব নালাগে। তেওঁলোকে যেতিয়া বিবাহ কৰে তেতিয়া
কুমাৰী বনবাসত থাকে। মলিয়ন কাপোৰ পিন্ধে, তেল আদি লগায় কিয়নো শহুৰৰ ঘৰলৈ যায়।
ব্ৰাহ্মণৰ দ্বাৰা বাগদান হয়। তোমালোকো শহুৰৰ ঘৰলৈ যাব লাগে। ৰাৱণপুৰীৰ পৰা ৰামপুৰীলৈ
অথবা বিষ্ণুপুৰীলৈ যাব লাগে। গতিকে এই বনবাসৰ প্ৰথা এইবাবেই ৰাখিছে যাতে দেহ বা
কাপোৰৰ কোনো অভিমান নহয়। কাৰোবাৰ সাধাৰণ শাৰী, অন্যক দেখে যে এওঁৰ ওচৰততো দামী শাৰী
আছে তেতিয়া খেয়াল চলে। চিন্তা কৰে যে এওঁতো বনবাসত নাই। কিন্তু তোমালোক বনবাসত এনেকৈ
সাধাৰণ হৈ থাকি যিকোনো লোককে ইমান উচ্চ জ্ঞান দিয়া, ইমান নিচা বাঢ়ি থাকক তেতিয়া
তেওঁলোককো তীৰে আঘাত কৰিব (শুনোৱা জ্ঞানে প্ৰভাৱিত কৰিব)। লাগিলে বাচন ধুই থাকা বা
কাপোৰ পৰিস্কাৰ কৰি থাকা, তোমালোকৰ সন্মুখত কোনোবা আহিলে তেতিয়া তোমালোকে তৎক্ষণাৎ
তেওঁক ‘অল্ফ’ৰ স্মৃতি সোঁৱৰাই দিয়া। তোমালোকৰ সেই নিচা বাঢ়ি থাকিব লাগে আৰু সাধাৰণ
কাপোৰ পৰিধান কৰি কাৰোবাক জ্ঞান দিলে তেতিয়া তেৱোঁ আচৰিত হৈ যাব, এওঁলোকৰ ইমান উচ্চ
জ্ঞান আছে! এই জ্ঞানতো ‘গীতা’ৰ আৰু ভগৱানে দিয়া। ৰাজযোগতো ‘গীতা’ৰ জ্ঞানেই হয়।
তেন্তে এনেকৈ নিচা বাঢ়েনে? যেনেকৈ বাবাই নিজৰ উদাহৰণ দিয়ে। ধৰিলোৱা মই সন্তানসকলৰ
লগত কিবা খেলি আছোঁ। কোনোবা যিজ্ঞাসু সন্মুখত আহি গ’ল তেতিয়া তৎক্ষণাৎ তেওঁক পিতাৰ
পৰিচয় দি দিওঁ। যোগৰ শক্তি, যোগবল থকাৰ কাৰণে তেৱোঁ তাতেই থিয় হৈ যাব তেতিয়া আচৰিত
হৈ যাব যে এওঁ ইমান সাধাৰণ, এওঁৰ ইমান শক্তি! তেতিয়া তেওঁলোকে একোৱেই ক’ব নোৱাৰিব।
মুখেৰে কোনো কথা নোলাবই। যেনেকৈ তোমালোক বাণীৰ পৰা উপৰাম তেনেকৈ তেওঁলোকো বাণীৰ পৰা
উপৰাম হৈ যাব। এইটো নিচা ভিতৰত থাকিব লাগে। যিকোনো ভাই অথবা ভনী আহিলে তেতিয়া তেওঁক
একেবাৰে থিয় কৰাই বিশ্বৰ মালিক কৰি তোলাৰ মত দিব পাৰা। ভিতৰি ইমান নিচা থাকিব লাগে।
নিজৰ নিষ্ঠাৰে থিয় হৈ যাব লাগে। বাবাই সদায় কয়- তোমালোকৰ ওচৰত জ্ঞানতো আছে কিন্তু
যোগৰ ধাৰ (শক্তি) নাই। পৱিত্ৰতা আৰু স্মৃতিত থাকিলেহে ধাৰ আহিব। স্মৃতিৰ যাত্ৰাৰে
তোমালোক পৱিত্ৰ হোৱা। শক্তি পোৱা যায়। জ্ঞানতো হৈছে ধনৰ কথা। যেনেকৈ স্কুলত পঢ়ি
এম.এ., বি.এ. আদি কৰে তেতিয়া আকৌ ইমান ধন পায়। ইয়াত হৈছে অন্য কথা। ভাৰতৰ প্ৰাচীন
যোগতো প্ৰসিদ্ধ। এয়া হৈছে স্মৃতি। পিতা সৰ্বশক্তিমান গতিকে সন্তানসকলে পিতাৰ পৰা
শক্তি পায়। সন্তানসকলৰ ভিতৰত থাকিব লাগে – আমি আত্মাসকল বাবাৰ সন্তান, কিন্তু বাবাৰ
সমান আমি পৱিত্ৰ নহয়। এতিয়া হ’ব লাগে। এতিয়া লক্ষ্য-উদ্দেশ্য আছে। যোগেৰেই তোমালোক
পৱিত্ৰ হ’বা। যিসকল অনন্য সন্তান আছে তেওঁলোকে গোটেই দিন এইটোৱে খেয়াল কৰি থাকিব।
কোনোবা আহিলে তেওঁক আমি মাৰ্গ-দৰ্শন কৰাম, দয়া উপজিব লাগে, বেচেৰাসকল অন্ধ। অন্ধৰ
লাখুটিত ধৰি লৈ যায় নহয়। এই সকলোবিলাক অন্ধ, জ্ঞানৰ চক্ষু নাই।
এতিয়া তোমালোকে
জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা, গতিকে সকলোবোৰ জানি গ’লা। গোটেই সৃষ্টিৰ আদি- মধ্য-অন্তক
এতিয়া আমি জানোঁ। এই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ কথা। তোমালোকে আগতে জানিছিলা জানো যে
“বেয়া নুশুনিবা, বেয়া নাচাবা…” এই চিত্ৰ কিয় তৈয়াৰ কৰা হৈছে? জগতত কোনেও ইয়াৰ অৰ্থ
নুবুজে, তোমালোকে এতিয়া জানা। যেনেকৈ পিতা জ্ঞানপূৰ্ণ, তোমালোক তেওঁৰ সন্তানসকলো
এতিয়া পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জ্ঞানপূৰ্ণ হৈ আছা। কিছুমানৰতো বহুত নিচা বাঢ়ি থাকে।
বাঃ! বাবাৰ সন্তান হৈ আৰু বাবাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ নল’লে তেন্তে সন্তান হৈ
কিয়েই বা কৰিলোঁ! নিতৌ ৰাতি নিজৰ খতিয়ান চাব লাগে। বাবা বেপাৰী হয় নহয়। বেপাৰীসকলৰ
খতিয়ান উলিওৱা সহজ হয়। চৰকাৰী চাকৰিয়ালসকলে খতিয়ান উলিয়াব নাজানে, তেওঁলোক সদাগৰো
নহয়। বেপাৰীসকলে ভালকৈ বুজিব। তোমালোক হৈছা বেপাৰী। তোমালোকে নিজৰ লাভ-লোকচান বুজি
পোৱা, নিতৌ খতিয়ান চোৱা। হিচাপ চোৱাচিতা কৰা। লোকচান নে লাভ হ’ল? সদাগৰ হোৱা নহয়।
গায়ন আছে নহয় - বাবা সদাগৰ, ৰত্নাকৰ। অবিনাশী জ্ঞান ৰত্নৰ চুক্তি কৰায়। এয়াও
তোমালোকে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা। সকলো কোনো তীক্ষ্ণ বুদ্ধিৰ নহয়, এখন কাণেৰে
শুনে আকৌ আনখনেৰে ওলাই যায়। জোলোঙাত থকা বিন্ধাৰে ওলাই যায়। জোলোঙা ভৰপূৰেই নহয়।
পিতাই কয় - ধন দিলে ধন কমি নাযায়। অবিনাশী জ্ঞান ৰত্ন হয় নহয়। পিতা হৈছে জ্ঞানী-যোগী।
আত্মাতো আছে, আত্মাত জ্ঞান আছে। তোমালোক তেওঁৰ সন্তানসকলো জ্ঞানী-যোগী। আত্মাত
জ্ঞান ভৰি পৰে। আত্মাৰ ৰূপ আছে, যদিও আত্মা সূক্ষ্ম। ৰূপতো আছে নহয়। আত্মাক জানিব
পাৰি, পৰমাত্মাকো জানিব পাৰি। সোমনাথৰ ভক্তি কৰে তেন্তে ইমান সূক্ষ্ম তৰাৰ কি পূজা
কৰিব। পূজাৰ বাবে কিমান লিংগ তৈয়াৰ কৰে। শিৱলিংগ ছাদৰ সমান ডাঙকৈও নিৰ্মাণ কৰে।
এনেয়েতো সূক্ষ্ম কিন্তু পদমৰ্যাদাতো উচ্চ হয় নহয়।
পিতাই কল্প পূৰ্বেও
কৈছিল যে এই জপ, তপ আদিৰে একো প্ৰাপ্তি নহয়। এই সকলোবোৰ কৰি অৱনমিতহে হৈ যায়। ছিৰি
তললৈকে নামে। তোমালোকৰতো এতিয়া আৰোহণ কলা। তোমালোক ব্ৰাহ্মণসকল হৈছা প্ৰথম নম্বৰৰ
জিন। কাহিনী আছে নহয় – জিনে কলে, মোক কাম নিদিলে খাই পেলাম। গতিকে তাক কাম দিলে –
ছিৰি উঠা আৰু নামা। সি কাম পাই গ’ল। বাবায়ো কৈছে যে এই বেহদৰ ছিৰি তোমালোকে উঠা আকৌ
নামা। তোমালোকেই পূৰা ছিৰি নামা আৰু উঠা। তোমালোক হৈছা জিন। অন্য কোনেও পূৰা ছিৰি
নুঠে। পূৰা ছিৰিৰ জ্ঞান পোৱাৰ বাবে তোমালোকে কিমান উচ্চ পদ পোৱা। আকৌ অৱনমিত হোৱা,
আৰোহণ কৰা। পিতাই কয় – মই তোমালোকৰ পিতা হওঁ। তোমালোকে মোক পতিত-পাৱন বুলি কোৱা নহয়,
মই সৰ্বশক্তিমান হওঁ কিয়নো মই আত্মা সদায় 100 শতাংশ পৱিত্ৰ হৈ থাকোঁ। মই বিন্দু ৰূপ
হৰ্তা-কৰ্তা হওঁ। সকলো শাস্ত্ৰৰ ৰহস্য জানো। এয়া কিমান বিস্ময়কৰ। এই সকলোবোৰ
বিস্ময়কৰ জ্ঞান। এনেকৈ কেতিয়াও শুনা নাই চাগৈ যে আত্মাত 84 জন্মৰ অবিনাশী ভূমিকা আছে।
সেয়া কেতিয়াও ক্ষয় নহয়। চলিয়েই আহে। 84 জন্মৰ চক্ৰ ঘূৰি থাকে। 84 জন্মৰ ৰেকৰ্ড
ভৰপূৰ হৈ আছে। ইমান সূক্ষ্ম আত্মাত ইমান জ্ঞান আছে। বাবাৰো আছে গতিকে তোমালোক
সন্তানসকলৰো আছে। কিমান ভূমিকা পালন কৰে। এই ভূমিকা কেতিয়াও নাশ হৈ নাযায়। আত্মা এই
দুচকুৰে দেখিবলৈ পোৱা নাযায়। বিন্দু হয়, বাবায়ো কয় - মই এনেকুৱা বিন্দু। এয়াও
তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা। তোমালোক হৈছা বেহদৰ ত্যাগী আৰু ৰাজঋষি। কিমান
নিচা বাঢ়িব লাগে। ৰাজঋষি একেবাৰে পৱিত্ৰ হৈ থাকে। ৰাজঋষি হৈছে সূৰ্যবংশী, চন্দ্ৰবংশী,
যিসকলে ইয়াত বাদশ্বাহী প্ৰাপ্ত কৰে। যেনেকৈ এতিয়া তোমালোকে কৰি আছা। এয়াতো
সন্তানসকলে বুজি পায় যে আমি গৈ আছোঁ। নাবিকৰ পানী জাহাজত বহি আছোঁ। আৰু এয়াও জানা
যে এয়া হৈছে পুৰুষোত্তম সংগমযুগ। পুৰণি জগতৰ পৰা নতুন জগতলৈ, শন্তিধাম হৈ যাবও
নিশ্চয় লাগিব। এয়া সদায় সন্তানসকলৰ বুদ্ধিত থাকিব লাগে। যেতিয়া আমি সত্যযুগত আছিলোঁ
তেতিয়া কোনো খণ্ড নাছিল। আমাৰেই ৰাজ্য আছিল। এতিয়া পুনৰাই যোগবলৰ দ্বাৰা নিজৰ ৰাজ্য
লৈ আছোঁ কিয়নো বুজোৱা হৈছে যোগবলৰ দ্বাৰাহে বিশ্বৰ ৰাজ্য লাভ কৰিব পাৰে। বাহুবলেৰে
কোনেও পাব নোৱাৰে। এইখন বেহদৰ ড্ৰামা। খেল ৰচি থোৱা আছে। এই খেলৰ বুজনি পিতাইহে দিয়ে।
আৰম্ভণিৰে পৰা গোটেই জগতৰ বুৰঞ্জী-ভূগোল শুনায়। তোমালোকে সূক্ষ্মলোক, মূললোকৰ
ৰহস্যও ভালদৰে জানা। স্থূললোকত এওঁলোকৰ ৰাজ্য আছিল অৰ্থাৎ আমাৰ ৰাজ্য আছিল। তোমালোকে
কেনেকৈ ছিৰি নামা, সেয়াও স্মৃতিত আহি গ’ল। ছিৰি উঠা আৰু নমা এই খেলখন সন্তানসকলৰ
বুদ্ধিত বহি গৈছে। এতিয়া বুদ্ধিত আছে যে কেনেকৈ বিশ্বৰ বুৰঞ্জী-ভূগোল পুনৰাবৃত্তি
হয়, ইয়াত আমাৰ নায়ক- নায়িকাৰ ভূমিকা আছে। আমিয়েই পৰাজিত হওঁ আকৌ পাছত জয় লাভ কৰোঁ
সেইবাবেই নাম ৰখা হৈছে নায়ক, নায়িকা। ভাল বাৰু।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আমি এতিয়া
বনবাসত আছোঁ - সেইবাবে বহুত সাধাৰণভাৱে থাকিব লাগে। দেহ বা কাপোৰৰ কোনো অভিমান
থাকিব নালাগে। যিকোনো কৰ্ম কৰিও যাতে পিতাৰ স্মৃতিৰ নিচা বাঢ়ি থাকে।
(2) আমি বেহদৰ ত্যাগী
আৰু ৰাজঋষি - এইটো নিচাত থাকি পৱিত্ৰ হ’ব লাগে। জ্ঞান ধনেৰে ভৰপূৰ হৈ দান কৰিব লাগে।
সঁচা সদাগৰ হৈ নিজৰ খতিয়ান ৰাখিব লাগে।
বৰদান:
নিজক সেৱাধাৰী
বুলি বুজি নতশিৰ হওঁতা (বিনম্ৰ হৈ থাকোঁতা) আৰু সকলোকে নতশিৰ কৰাওঁতা ‘নিমিত্ত’ আৰু
‘নম্ৰচিত্ত’ হোৱা
নিমিত্ত তেওঁক কোৱা
হয়, যিয়ে নিজৰ প্ৰতিটো সংকল্প বা প্ৰতিটো কৰ্ম পিতাক অৰ্পণ কৰি দিয়ে। নিমিত্ত
হোৱা অৰ্থাৎ অৰ্পণ হোৱা। নম্ৰচিত্ত তেওঁ যি নতশিৰ হয়, যিমানে সংস্কাৰ আৰু সংকল্পত
নতশিৰ হ’বা সিমানে বিশ্ব তোমালোকৰ আগত নতশিৰ হ’ব। নতশিৰ হোৱা অৰ্থাৎ নতশিৰ কৰাওতা।
সংকল্পতো এইটো উদয় হ’ব নালাগে যে অন্য মোৰ আগত নতশিৰ হওক। যিসকল প্ৰকৃত সেৱাধাৰী,
তেওঁলোক সদায় নতশিৰ হৈ থাকে। কেতিয়াও নিজৰ প্ৰভুত্ব নেদেখুৱায়।
স্লোগান:
এতিয়া সমস্যাস্বৰূপ নহয়, সমাধান স্বৰূপ হোৱা।
অব্যক্ত ইংগিত: মহান
হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা
তোমালোক মহান
আত্মাসকলৰ মনৰ প্ৰতিটো সংকল্প সকলো আত্মাৰ প্ৰতি মধুৰ আৰু মহান হওক। যেনেকৈ পিতাৰ
স্বভাৱ সদায় সকলো আত্মাৰ প্ৰতি কল্যাণকাৰী আৰু দয়াশীল ভাৱনাৰ, সকলোকে উচ্চ কৰি
তোলাৰ, মধুৰতা আৰু নম্ৰতাৰ তোমালোকৰ স্বভাৱো তেনেকুৱা কৰি তোলা। যদি উচ্চ স্বৰত
কোৱাৰ, আবেগপ্ৰৱণ হোৱাৰ স্বভাৱ আছে তেন্তে এয়াও ব্ৰাহ্মণ জীৱনত বহুত ডাঙৰ বিঘিনি।
এতিয়া এনে স্বভাৱ পৰিৱৰ্তন কৰা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]