04.05.25 Avyakt Bapdada
Assame
Murli
20.02.2005 Om Shanti Madhuban
“*“অন্তৰেৰে ‘মোৰ বাবা’
বুলি কোৱা আৰু সকলো অবিনাশী সম্পদৰ মালিক হৈ নিশ্চিন্ত বাদশ্বাহ হোৱা”*”
আজি ভাগ্যবিধাতা
বাপদাদাই নিজৰ সকলো সন্তানৰ মস্তকৰ মধ্যত ভাগ্যৰ ৰেখা চাই আছেহঁক। প্ৰতিগৰাকী
সন্তানৰ মস্তকত চিকমিকাই থকা দিব্য তৰাৰ ৰেখা প্ৰত্যক্ষ কৰি আছোঁ। প্ৰত্যেকৰ নয়নত
স্নেহ আৰু শক্তিৰ ৰেখা প্ৰত্যক্ষ কৰি আছোঁ। মুখত শ্রেষ্ঠ মধুৰ বাণীৰ ৰেখা প্ৰত্যক্ষ
কৰি আছোঁ। ওঁঠজুৰিত মিঠা মিচিকিয়া হাঁহিৰ ৰেখা প্ৰত্যক্ষ কৰি আছোঁ। অন্তৰত দিলাৰামৰ
স্নেহত লীন ৰেখা প্ৰত্যক্ষ কৰি আছোঁ। হাতত সদায় সকলো সম্পদেৰে সম্পন্নতাৰ ৰেখা
প্ৰত্যক্ষ কৰি আছোঁ। দুখনি চৰণত প্ৰতিটো খোজত পদমৰ ৰেখা প্ৰত্যক্ষ কৰি আছোঁ। এনেকুৱা
শ্ৰেষ্ঠ ভাগ্য গোটেই কল্পত কাৰো নাথাকে, যি ভাগ্য তোমালোক সন্তানসকলৰ এই সংগমযুগত
প্ৰাপ্ত হৈছে। নিজৰ এনেকুৱা ভাগ্য অনুভৱ কৰানে? ইমান শ্ৰেষ্ঠ ভাগ্যৰ আত্মিক নিচা
অনুভৱ কৰানে? অন্তৰত স্বতঃ গীত বাজে - বাঃ মোৰ ভাগ্য! এই সংগমযুগৰ ভাগ্য অবিনাশী
ভাগ্য হৈ যায়। কিয়? অবিনাশী পিতাৰ দ্বাৰা অবিনাশী ভাগ্য প্ৰাপ্ত হৈছে। কিন্তু এই
সংগমতে প্ৰাপ্ত হয়। এই সংগমযুগতে অনুভূতি কৰা, সংগমযুগৰ এই বিশেষ প্ৰাপ্তি অতি
শ্ৰেষ্ঠ। তেন্তে এনেকুৱা শ্ৰেষ্ঠ ভাগ্যৰ অনুভৱ সদায় জাগ্ৰত হৈ থাকেনে নে কেতিয়াবা
সুপ্ত, কেতিয়াবা জাগ্ৰত হৈ থাকে? আৰু পুৰুষাৰ্থ কি কৰিলা? ইমান ডাঙৰ ভাগ্য
প্ৰাপ্তিৰ বাবে পুৰুষাৰ্থ কিমান সহজ। কেৱল অন্তৰেৰে জানিলা, মানি ল’লা আৰু নিজৰ কৰি
ল’লা - “মোৰ বাবা”। অন্তৰেৰে চিনি পালা, মই বাবাৰ, বাবা মোৰ। মোৰ বুলি মানি লোৱা আৰু
অবিনাশী হৈ যোৱা। অধিকাৰ কিমান উচ্চ! ভাবি চোৱা কোনোবাই যদি সোধে কি কি প্ৰাপ্ত
কৰিলা? তেতিয়া কি ক’বা? যি পাবলগীয়া আছিল সেয়া পাই গ’লোঁ। পৰমাত্ম ভঁৰালত অপ্ৰাপ্ত
বস্তু একো নাই। এনেকুৱা প্ৰাপ্তি স্বৰূপৰ অনুভৱ কৰি ল’লা নে কৰি আছা? ভৱিষ্যতৰ কথা
বেলেগ, এই সংগমযুগৰে প্ৰাপ্তি স্বৰূপৰ অনুভৱ হয়। যদি সংগমযুগত অনুভৱ নকৰা তেন্তে
ভৱিষ্যতেও কৰিব নোৱাৰা। কিয়? ভৱিষ্যতে প্ৰালব্ধ পোৱা যায় কিন্তু প্ৰালব্ধ এই
পুৰুষাৰ্থৰ শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা গঢ় লয়। এনেকুৱা নহয় যে অন্তিমত অনুভৱ স্বৰূপ হ’বাগৈ।
সংগমযুগৰ বহুকালৰ এয়া অনুভৱ। জীৱনমুক্তৰ বিশেষ অনুভৱ হৈছে এতিয়াৰ। নিশ্চিন্ত
বাদশ্বাহ হোৱাৰ অনুভৱ এতিয়া হয়। তেন্তে সকলো নিশ্চিন্ত বাদশ্বাহ হোৱানে নে চিন্তা
আছে? যিসকল নিশ্চিন্ত বাদশ্বাহ হৈছা তেওঁলোকে হাত দাঙা। হৈ গ’লানে নে হৈ আছা? হৈ
গ’লা নহয়! কি চিন্তা আছে? যিহেতু দাতাৰ সন্তান হৈ গ’লা তেন্তে বাকী কি চিন্তা থাকিল?
মোৰ বাবা বুলি মানি ল’লা আৰু চিন্তাৰ অনেক টুকুৰীৰ বোজা আঁতৰি গ’ল। বোজা আছে জানো?
আছেনে? প্ৰকৃতিৰ খেলো দেখিবলৈ পোৱা, মায়াৰ খেলো দেখিবলৈ পোৱা কিন্তু নিশ্চিন্ত
বাদশ্বাহ হৈ, সাক্ষী হৈ খেল প্ৰত্যক্ষ কৰা। জগতৰ লোকেতো ভয় কৰে, গম নাপাওঁ কি হ’ব?
তোমালোকৰ ভয় আছেনে? ভয় কৰানে? নিশ্চয় আৰু নিশ্চিন্ত হোৱা যি হ’ব সেয়া ভালতকৈও ভাল
হ’ব। কিয়? ত্ৰিকালদৰ্শী হৈ প্ৰতিটো দৃশ্য প্ৰত্যক্ষ কৰা। আজি কি হৈছে, কাইলৈ কি
হ’বলগীয়া আছে, সেয়া ভালদৰে জানি গৈছা, জ্ঞানৱান হোৱা নহয়! সংগমৰ পাছত কি হ’ব,
তোমালোক সকলোৰে আগত স্পষ্ট হৈ আছে নহয়! নৱযুগ আহিবই। জগতৰ লোকে ক’ব আহিবনে? প্ৰশ্ন
হয় আহিবনে? আৰু তোমালোকে কি কোৱা? আহিয়েই আছে সেয়েহে কি হ’ব, প্ৰশ্ন নাই। গম পোৱা
যে স্বৰ্ণিম যুগ আহিবই। ৰাত্ৰিৰ পাছত এতিয়া সংগম প্ৰভাত, অমৃতবেলা, অমৃতবেলাৰ পাছত
দিন আহিবই। যাৰ নিশ্চয়তা থাকিব তেওঁ নিশ্চিন্ত, কোনো চিন্তা নাথাকিব, নিশ্চিন্ত।
বিশ্ব ৰচয়িতাৰ দ্বাৰা ৰচনাৰ স্পষ্ট জ্ঞান পাই গৈছে।
বাপদাদাই দেখি আছে
সকলো সন্তান স্নেহ, সহযোগ আৰু সম্পৰ্কৰ প্ৰেমত বান্ধ খাই নিজৰ ঘৰত আহি উপস্থিত
হৈছেহি। বাপদাদাই সকলো স্নেহী সন্তানসকলক, সহযোগী সন্তানসকলক, সম্পৰ্কত অহা
সন্তানসকলক নিজৰ অধিকাৰ ল’বৰ বাবে নিজৰ ঘৰত উপস্থিত হোৱাৰ বাবে অভিনন্দন জনাই আছে।
অভিনন্দন, অভিনন্দন। বাপদাদাৰ সন্তানসকললৈ বেছি স্নেহ আছে নে সন্তানসকলৰ বাপদাদালৈ
বেছি স্নেহ আছে? কাৰ আছে? তোমালোকৰ নে পিতাৰ? পিতাই কয় সন্তানসকলৰ বেছি আছে। চোৱা,
সন্তানসকলৰ স্নেহ আছে সেইবাবেতো ক’ৰ ক’ৰ পৰা আহি উপস্থিত হৈছা নহয়। কিমান দেশৰ পৰা
আহিছে? (50 খন দেশৰ পৰা) 50 খন দেশৰ পৰা আহিছা। কিন্তু সকলোতকৈ দূৰৰ পৰা কোন আহিছে?
আমেৰিকাবাসী দূৰৰ পৰা আহিছানে। তোমালোকো দূৰৰ পৰা আহিছা কিন্তু বাপদাদাতো পৰমধামৰ
পৰা আহিছে। তাৰ তুলনাত আমেৰিকানো কি! আমেৰিকা দূৰত নে পৰমধাম দূৰত? সকলোতকৈ দূৰণিৰ
দেশৰ হৈছে পিতা। সন্তাসকলে স্মৰণ কৰে আৰু পিতা হাজিৰ হৈ যায়।
এতিয়া পিতাই
সন্তানসকলৰ পৰা কি বিচাৰে? সোধে নহয় যে পিতাই কি বিচাৰে? বাপদাদাই মৰমৰ সন্তানসকলৰ
পৰা এয়াই বিচাৰে যে এটি এটি সন্তান স্বৰাজ্য অধিকাৰী ৰজা হওঁক। সকলো ৰজা হোৱানে?
স্বৰাজ্য আছেনে? নিজৰ ওপৰত ৰাজ্যতো আছে নহয়! যিসকলে ভাবা যে স্বৰাজ্য অধিকাৰী ৰজা
হৈছোঁ, তেওঁলোকে হাত দাঙা। বহুত ভাল। বাপদাদাৰ সন্তানসকলক দেখি স্নেহ উপজে যে 63
জন্ম দুখ-অশান্তিৰ পৰা মুক্ত হ’বলৈ বহুত পৰিশ্ৰম কৰিলে। সেয়েহে পিতাই এয়াই বিচাৰে
যে প্ৰতিগৰাকী সন্তান এতিয়া স্বৰাজ্য অধিকাৰী হওঁক। মন-বুদ্ধি-সংস্কাৰৰ মালিক হওঁক,
ৰজা হওঁক। যেতিয়া বিচাৰে, য’ত বিচাৰে, যেনেকৈ বিচাৰে তেনেকৈ যাতে মন-বুদ্ধি-সংস্কাৰ
পৰিৱৰ্তন কৰিব পাৰে। দুশ্চিন্তামুক্ত জীৱন সদায় জাগ্ৰত হৈ থাকক। বাপদাদাই দেখিবলৈ
পায় যে কেতিয়াবা কেতিয়াবা সুপ্তও হৈ যায়। ভাবে এইটো কৰিব নালাগে, এইটো শুদ্ধ, এইটো
ভুল, কিন্তু কেৱল ভাবেহে স্বৰূপত নানে। ভবা অৰ্থাৎ সুপ্ত হৈ থকা, স্বৰূপত অনা অৰ্থাৎ
জাগ্ৰত হোৱা। সময়ৰ বাবেতো অপেক্ষা কৰি থকা নাই নহয়! কেতিয়াবা কেতিয়াবা কৰে।
বাৰ্তালাপ কৰে নহয় তেতিয়া বহুত সন্তানে কয়, সময়ত ঠিক হৈ যাম। সময়তো তোমালোকৰ ৰচনা।
তোমালোকতো মাষ্টৰ ৰচয়িতা! মাষ্টৰ ৰচয়িতা, ৰচনাৰ আধাৰত নচলে। সময়ক সমাপ্তিৰ সমীপত
তোমালোক মাষ্টৰ ৰচয়িতাই আনিব লাগে।
এক চেকেণ্ডত মনৰ
মালিক হৈ মনক আদেশ দিব পাৰানে? কৰিব পাৰানে? মন একাগ্ৰ কৰিব পাৰানে? যতি চিহ্ন (বিন্দু)
লগাব পাৰানে নে লগাবা যতি চিহ্ন আৰু লাগি যাব প্ৰশ্নবোধক চিহ্ন? কিয়, কি, কেনেকৈ,
এয়া কি, সেয়া কি, আশ্চৰ্যৰ মাত্ৰাও নহয়। যতি, চেকেণ্ডত বিন্দু হৈ যোৱা। অন্য একো
পৰিশ্ৰম নাই, কেৱল এটা শব্দ অভ্যাস কৰা ‘বিন্দু’। বিন্দুস্বৰূপ হ’ব লাগে, ব্যৰ্থত
বিন্দু লগাব লাগে আৰু যি মহাবাক্য শুনা সেই কথাবোৰ মন্থন কৰিব লাগে, অন্য একোৱেই
কষ্ট নাই। বিন্দু স্মৃতিত ৰাখা, বিন্দু লগোৱা, বিন্দু হৈ যোৱা। এইটো অভ্যাস গোটেই
দিনটোত মাজে মাজে কৰা, যিমানেই ব্যস্ত হৈ নাথাকা এইটো চেষ্টা কৰা এক চেকেণ্ডত বিন্দু
হ’ব পাৰানে? এক চেকেণ্ডত বিন্দু লগাব পাৰানে? যেতিয়া এইটো অভ্যাস বাৰে বাৰে কৰিবা
তেতিয়াহে আগন্তুক অন্তিম সময়ত সম্পূৰ্ণ নম্বৰ ল’ব পাৰিবা। সন্মানসহকাৰে উত্তীৰ্ণ হৈ
যাবা। এয়াই পৰমাত্ম শিক্ষা, এয়াই পৰমাত্ম প্ৰতিপালন।
গতিকে যিয়েই আহিছা,
প্ৰথমবাৰ অহাই হওঁক, যিসকল প্ৰথমবাৰ মিলন উদ্যাপন কৰিবলৈ আহিছে তেওঁলোকে হাত দাঙা।
বহুত আহিছে। স্বাগতম্। যেনেকৈ এতিয়া প্ৰথমবাৰ আহিছা নহয়, তেনেকৈ প্ৰথম নম্বৰো ল’বা।
সুযোগ আছে, তোমালোকে ভাবিবা আমিতো এতিয়াহে প্ৰথম বাৰ আহিছোঁ, আমাতকৈ আগত অহাতো বহুত
আছে কিন্তু ড্ৰামাত এইটো সুযোগ ৰখা আছে যে শেষত আহিও তীব্ৰগতিৰে প্ৰথম হ’ব পাৰা।
সুযোগ আছে আৰু সুযোগ লওঁতাক বাপদাদাই ‘চাঞ্চলৰ’ বুলি কয়। সেয়েহে ‘চাঞ্চলৰ’ হোৱা।
হ’বানে ‘চাঞ্চলৰ’? চাঞ্চলৰ হ’বানে? যিসকলে ভাবা ‘চাঞ্চলৰ’ হ’ম, তেওঁলোকে হাত দাঙা।
‘চাঞ্চলৰ’ হ’বানে? বাঃ! অভিনন্দন। বাপদাদাই দেখিছে ইয়ালৈ যিয়েই আহিছে তেওঁলোক সকলোৱে
হাত দাঙি আছে, গৰিষ্ঠসংখ্যকে দাঙি আছে, অভিনন্দন, অভিনন্দন। বাপদাদাই ইয়ালৈ অহা
তোমালোক সকলো মৰমৰ সন্তানসকলক বিশেষভাৱে স্মৰণ কৰিছে, কিয় স্মৰণ কৰিছে? (আজিৰ সভাত
দেশ-বিদেশৰ পৰা অহা বহুত ভি.আই.পি. বহি আছে) কিয় নিমন্ত্ৰণ দিয়া হ’ল? গম পোৱানে?
চোৱা, নিমন্ত্ৰণতো বহুতে পালে কিন্তু তোমালোকহে আহি উপস্থিত হ’লাহি। বাপদাদাই কিয়
স্মৰণ কৰিছে? কিয়নো বাপদাদাই জানে যে যিয়েই আহিছে তেওঁলোকৰ স্নেহী, সহযোগীৰ পৰা
সহজযোগী হোৱাৰ গুণ আছে। যদি সাহস কৰা তেন্তে তোমালোক সহজ যোগী হৈ আনকো সহজ যোগৰ
বাৰ্তাবাহক হৈ বাৰ্তা দিব পাৰা। বাৰ্তা দিয়া অৰ্থাৎ ঈশ্বৰীয় বাৰ্তাবাহক হোৱা।
আত্মাসকলক দুখ-অশান্তিৰ পৰা মুক্ত কৰা। ইয়াৰ দ্বাৰা বহুত আশীৰ্বাদ প্ৰাপ্ত হয়।
যিকোনো আত্মাক দুখ, অশান্তিৰ পৰা মুক্ত কৰিলে আশীৰ্বাদ বহুত পোৱা যায় আৰু আশীৰ্বাদ
প্ৰাপ্ত কৰিলে অতীন্দ্ৰিয় সুখ, আন্তৰিক আনন্দৰ অনুভূতি বহুত হয়। কিয়? কিয়নো আনন্দ
বিলাই দিলা নহয় সেয়েহে আনন্দ বিলাই দিলে আনন্দ বাঢ়ে। সকলো আনন্দিত হোৱানে? বাপদাদাই
বিশেষকৈ অতিথিসকলক নহয়, অধিকাৰীসকলক সুধিছে। নিজক অতিথি বুলি নাভাবিবা, অধিকাৰী হোৱা।
তেন্তে সকলো আনন্দিত হৈ আছানে? হয় তোমালোক অহাসকলক সুধিছোঁ, অতিথি বুলি কোৱা হয়
কিন্তু অতিথি নোহোৱা, মহান হৈ মহান কৰি তোলোঁতা হোৱা। তেন্তে সোধোনে আনন্দিত হৈ
আছানে? আনন্দিত হোৱা যদি হাত লৰোৱা। সকলো আনন্দিত হৈ আছানে, এতিয়া গৈ কি কৰিবা?
আনন্দ বিলাবা নহয়! সকলোকে খুৱ আনন্দ বিলাবা। যিমানে বিলাবা সিমানে বাঢ়িব, ঠিক আছে।
বাৰু - খুব হাত চাপৰি বজোৱা। (সকলোৱে খুব হাত চাপৰি বজালে) যেনেকৈ এতিয়া হাত চাপৰি
বজালা, তেনেকৈ সদায় যাতে আনন্দৰ হাত চাপৰি স্বতঃ বাজি থাকে। বাৰু।
বাপদাদাই সদায়
শিক্ষকসকলক কয়, শিক্ষক অৰ্থাৎ যাৰ চেহেৰাত ভৱিষ্যৎ দেখা যায়। এনেকুৱা শিক্ষক হোৱা
নহয়! তোমালোকক দেখি স্বৰ্গৰ সুখ অনুভৱ হওঁক। শান্তিৰ অনুভূতি হওঁক। চলোঁতে-ফুৰোঁতে
ফৰিস্তা দৃষ্টিগোচৰ হওঁক। এনেকুৱা শিক্ষক হোৱা নহয়! ভাল কথা। প্ৰবৃত্তিত থাকোঁতাই
হওঁক বা সেৱাৰ নিমিত্ত হোৱাই হওঁক সকলো বাপদাদাৰ সমান হওঁতা নিশ্চয়বুদ্ধিৰ বিজয়ী।
বাৰু।
চাৰিওফালৰ লাগিলে
সাকাৰ ৰূপতে সন্মুখত আছে বা দূৰৈত বহি অন্তৰৰ সমীপত আছে, এনেকুৱা সদায় শ্ৰেষ্ঠ
ভাগ্যৱান আত্মাসকলক, সদায় নিমিত্ত হৈ নিৰ্মাণৰ কাৰ্য সফল কৰোঁতা বিশেষ আত্মাসকলক,
সদায় পিতাৰ সমান হোৱাৰ উৎসাহ-উদ্দীপনাৰে আগবাঢ়োঁতা সাহসী সন্তানসকলক, সদায় প্ৰতিটো
খোজত পদমৰ উপাৰ্জন কৰোঁতা বহুত বহুত বিশ্বৰ পদমগুণ ধনৱান, ভৰপূৰ আত্মাসকলক বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।
ডবল বিদেশী নিমিত্ত
জেষ্ঠ ভগ্নীসকলৰ প্ৰতি:-
সেৱাৰ ভাল প্ৰমাণ দি আছা। ইয়াৰ দ্বাৰাই আৱাজ বিয়পিব। অনুভৱ শুনালে আনৰো অনুভৱ বৃদ্ধি
পায়। বাপদাদা আনন্দিত হৈছে, বিদেশ সেৱাৰ নিমিত্ত হোৱাসকলে ভাল উৎসাহ-উদ্দীপনাৰে
সেৱাত ব্যস্ত হৈ থাকে। দেশৰ পৰা গৈছে কিন্তু বিদেশীসকলে সেৱা এনেকৈ নিমিত্ত হৈ কৰি
আছে যেন তাৰেই হয়। আপোনভাৱৰ অনুভৱ কৰোৱা। আৰু সকলো ফালৰে আছে। এফালৰ নহয়, লণ্ডনৰ বা
আমেৰিকাৰ নহয়, বেহদৰ সেৱাধাৰী। দায়িত্বতো বিশ্বৰ হয় নহয়। সেয়েহে বাপদাদাই অভিনন্দন
জনাই আছে। কৰি আছা, আগলৈ ভালতকৈও ভালকৈ উৰি আৰু উৰুৱাই থাকিবা। বাৰু।
ব্যক্তিগত সাক্ষাৎ:-
সকলো পৱিত্ৰ
আৰু সুখী হংস হোৱা নহয়। হংসৰ কাম কি? হংসৰ নিৰ্ণয় শক্তি বহুত থাকে। গতিকে তোমালোকো
পৱিত্ৰ সুখী হংস ব্যৰ্থক সমাপ্ত কৰোঁতা আৰু সমৰ্থ হৈ সমৰ্থ কৰি তোলোঁতা হোৱা। সকলো
সদায় সুখীনে? সদায় সদায় সুখী। এতিয়া কেতিয়াও দুখ আহিবলৈ নিদিবা। দুখক তালাক দিলা,
তেতিয়াহেতো আনৰ দুখ নিবাৰণ কৰিবা নহয়! গতিকে সুখী হৈ থাকিব লাগে আৰু সুখ দিব লাগে।
এইটো কাম কৰিবা নহয়! ইয়াৰ পৰা যি সুখ পাইছা সেয়া জমা কৰি ৰাখিবা। যিয়েই হৈ নাযাওঁক
– বাবা, মৰমৰ বাবা, দুখ লৈ লওঁক, নিজৰ লগত নাৰাখিবা। বেয়া বস্তু ৰাখি থোৱা হয় জানো?
তেন্তে দুখ বেয়া বস্তু নহয় জানো! সেয়েহে দুখ আঁতৰাই দিয়া, সুখী হৈ থাকা। গতিকে এয়া
হ’ল সুখী দল আৰু সুখদায়ী দল। চলোঁতে-ফুৰোঁতে সুখ দি থাকিবা। তোমালোকে কিমান
আশীৰ্বাদ পাবা। গতিকে এইটো দল আশীৰ্বাদৰ প্ৰাত্ৰ। তেন্তে সকলো আনন্দিত হৈ আছা নহয়!
এতিয়া মিচিকিয়াই হাঁহা। বচ্ মিচিকিয়াই হাঁহি থাকিবা। আনন্দত নাচা। বাৰু।
বৰদান:
স্মৃতি আৰু
সেৱাৰ সন্তুলনৰ দ্বাৰা আৰোহণ কলাৰ অনুভৱ কৰোঁতা ৰাজ্য অধিকাৰী হোৱা
স্মৃতি আৰু সেৱাৰ
সন্তুলনৰ দ্বাৰা প্ৰতিটো খোজত আৰোহণ কলাৰ অনুভৱ কৰি থাকিবা। প্ৰতিটো সংকল্পত সেৱা
হওঁক তেতিয়া ব্যৰ্থৰ পৰা মুক্ত হৈ যাবা। সেৱা জীৱনৰ এক অংগ হৈ যাওঁক, যেনেকৈ শৰীৰত
সকলো অংগ জৰুৰী তেনেকৈ ব্ৰাহ্মণ জীৱনৰ বিশেষ অংগ হৈছে সেৱা। বহুত সেৱাৰ সুযোগ পোৱা,
স্থান পোৱা, সংগ পোৱা - এয়াও ভাগ্য লক্ষণ। এনেকৈ সেৱাৰ সোণালী সুযোগ লওঁতাসকলহে
ৰাজ্য অধিকাৰী হয়।
স্লোগান:
পৰমাত্ম
স্নেহৰ প্ৰতিপালনৰ স্বৰূপ হৈছে - সহজযোগী জীৱন।
আত্মিক আভিজাত্য আৰু
পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
পৱিত্ৰতা ব্ৰাহ্মণ
জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ অলংকাৰ, সম্পূৰ্ণ পৱিত্ৰতা হৈছে তোমালোকৰ জীৱনৰ সকলোতকৈ
শ্ৰেষ্ঠ সম্পদ, আভিজাত্য আৰু ব্যক্তিত্ব, ইয়াক ধাৰণ কৰি সদাপ্ৰস্তুত হোৱা তেতিয়া
প্ৰকৃতিয়ে নিজৰ কাম আৰম্ভ কৰিব। পৱিত্ৰতাৰ ব্যক্তিত্বৰে সম্পন্ন অভিজাত আত্মাসকলক
সভ্যতাৰ দেৱী বুলি কোৱা হয়।