04.06.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক এতিয়া শ্ৰীমতত শান্তিৰ শিখৰলৈ যোৱা, তোমালোকে পিতাৰ পৰা শান্তিৰ
উত্তৰাধিকাৰ লাভ কৰা, শান্তিত সকলো আহি যায়”
প্ৰশ্ন:
নতুন সৃষ্টি
স্থাপনাৰ মুখ্য আধাৰ কি?
উত্তৰ:
পৱিত্ৰতা। পিতা যেতিয়া ব্ৰহ্মাৰ শৰীৰত আহি নতুন সৃষ্টি স্থাপনা কৰে তেতিয়া তোমালোক
পৰস্পৰ ভাই-ভনী হৈ যোৱা। স্ত্ৰী পুৰুষৰ বোধ নাইকিয়া হৈ যায়। এই অন্তিম জন্মত পৱিত্ৰ
হ'লে পৱিত্ৰ সৃষ্টিৰ মালিক হৈ যোৱা। তোমালোকে নিজৰ সৈতে প্ৰতিজ্ঞা কৰা যে আমি
ভাই-ভনী হৈ থাকিম। বিকাৰী দৃষ্টি নাৰাখোঁ। ইজনে সিজনক সাৱধান কৰি উন্নতি সাধন কৰিম।
গীত:
জাগ চজনিয়া
জাগ….. (জাগা প্ৰিয়তমাসকল জাগা........)
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলে গীতটি শুনিলা আৰু বুদ্ধিত স্বদৰ্শন চক্ৰ ঘূৰি গ'ল। পিতাকো স্বদৰ্শন
চক্ৰধাৰী বুলি কয় কিয়নো সৃষ্টিৰ আদি–মধ্য-অন্তক জনা - এয়া হৈছে স্বদৰ্শন চক্ৰধাৰী
হোৱা। এই কথাবোৰ পিতাৰ বাহিৰে আন কোনেও বুজাব নোৱাৰে। তোমালোক ব্ৰাহ্মণসকলৰ সকলো
শান্তিৰ ওপৰতে নিৰ্ভৰ কৰে। সকলো মনুষ্যই শান্তি দাতা বুলিয়ে কয়, হে শান্তি দিওঁতা......
কোনেও নাজানে যে শান্তি কোনে দিয়ে বা শান্তিধামলৈ কোনে লৈ যাব। এইটো কেৱল তোমালোক
সন্তানসকলেহে জানা, ব্ৰাহ্মণেই স্বদৰ্শন চক্ৰধাৰী হয়। দেৱতাসকলক স্বদৰ্শন চক্ৰধাৰী
বুলি ক'ব নোৱাৰে। কিমান ৰাতি-দিনৰ পাৰ্থক্য আছে। পিতাই তোমালোক সন্তানসকলক বুজায় -
তোমালোক প্ৰত্যেকেই স্বদৰ্শন চক্ৰধাৰী হোৱা - পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে। পিতাক স্মৰণ
কৰিব লাগে, এইটোৱেই হৈছে মুখ্য কথা। পিতাক স্মৰণ কৰা মানে হৈছে শান্তিৰ উত্তৰাধিকাৰ
লোৱা। শান্তিত সকলো আহি যায়। তোমালোকৰ আয়ুসো বাঢ়ি যায়, শৰীৰো নিৰোগী হৈ গৈ থাকে।
পিতাৰ বাহিৰে আন কোনেও স্বদৰ্শন চক্ৰধাৰী কৰি তুলিব নোৱাৰে। আত্মায়েই স্বদৰ্শন
চক্ৰধাৰী হয়। পিতাও হয় কিয়নো তেওঁৰ সৃষ্টিৰ আদি- মধ্য-অন্তৰ জ্ঞান আছে। গীতটিও
শুনিলা যে এতিয়া নতুন সৃষ্টি স্থাপনা হৈ আছে। গীততো মনুষ্যয়ে ৰচনা কৰিছে। পিতাই বহি
সাৰ বুজায়। তেওঁ হৈছে সকলো আত্মাৰ পিতা, গতিকে সকলো আত্মা পৰস্পৰ ভাই ভাই হৈ যায়।
পিতাই যেতিয়া নতুন সৃষ্টি ৰচনা কৰে তেতিয়া প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা তোমোলোক
ভাই-ভনী হোৱা, প্ৰত্যেকেই ব্ৰহ্মাকুমাৰ-কুমাৰী হয়, এইটো বুদ্ধিত থাকিলে স্ত্ৰী
পুৰুষৰ বোধ নাইকিয়া হৈ যায়। মনুষ্যই এইটো বুজি নাপায় যে আমিও বাস্তৱত সকলো ভাই ভাই
হওঁ। আকৌ যেতিয়া পিতাই ৰচনা ৰচে তেতিয়া ভাই-ভনী হৈ যায়। আসুৰিক দৃষ্টি অঁতৰি যায়।
পিতাই সোঁৱৰায়ো দিয়ে, তোমালোকে আহ্বান জনাই আহিছা - হে পতিত-পাৱন, এতিয়া মই আহিছোঁ,
তোমালোকক কওঁ যে এই অন্তিম জন্ম পৱিত্ৰ হৈ থাকা। তেতিয়া তোমালোক পৱিত্ৰ সৃষ্টিৰ
মালিক হ'বাগৈ। এই প্ৰদৰ্শনীতো তোমালোকৰ ঘৰে ঘৰে হ'ব লাগে কিয়নো তোমালোক সন্তানসকল
হৈছা ব্ৰাহ্মণ। তোমালোকৰ ঘৰত এই চিত্ৰসমূহ নিশ্চয় থাকিব লাগে। ইয়াৰ ওপৰত বুজোৱা
বহুত সহজ। 84ৰ চক্ৰতো বুদ্ধিত আছে। বাৰু - তোমালোকক এগৰাকী ব্ৰাহ্মণী (শিক্ষক) দি
দিম। তেওঁ আহি সেৱা কৰি যাব। তোমালোকে প্ৰদৰ্শনী অনুষ্ঠিত কৰা। ভক্তিমাৰ্গতো কোনোৱে
শ্ৰীকৃষ্ণৰ পূজা অথবা মন্ত্ৰ আদি নাজানিলে তেতিয়া ব্ৰাহ্মণক মাতে। তেওঁ নিতৌ আহি
পূজা কৰেহি। তোমালোকেও মাতি আনিব পাৰা। এইটো হওঁতে বহুত সহজ। পিতাই প্ৰজাপিতা
ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি ৰচনা কৰিছে যেতিয়া নিশ্চয় ব্ৰহ্মাকুমাৰ কুমাৰীসকল ভাই ভনী
হ'ব। প্ৰতিজ্ঞা কৰে যে আমি দুয়ো ভাই ভনী হৈ থাকিম, বিকাৰী দৃষ্টি নাৰাখোঁ। ইজনে
সিজনক সাৱধান কৰি উন্নতি সাধন কৰিম। মুখ্য হৈছেই স্মৃতিৰ যাত্ৰা। তেওঁলোকে বিজ্ঞানৰ
শক্তিৰে কিমান ওপৰলৈ যোৱাৰ চেষ্টা কৰে, কিন্তু ওপৰত জানো কোনো সৃষ্টি আছে। এয়া হৈছে
বিজ্ঞানৰ শিখৰলৈ যোৱা। এতিয়া তোমালোক শান্তিৰ শিখৰলৈ যোৱা, শ্ৰীমতৰ আধাৰত। তেওঁলোকৰ
হৈছে বিজ্ঞান, ইয়াততো তোমালোকৰ হৈছে শান্তি। সন্তানসকলে জানে যে আত্মাতো নিজেই
শান্ত স্বৰূপ হয়। এই শৰীৰৰ দ্বাৰা কেৱল ভূমিকা পালন কৰিবলগীয়া হয়। কৰ্ম অবিহনেতো
কোনেও থাকিব নোৱাৰে। পিতাই কয় - নিজক শৰীৰৰ পৰা পৃথক আত্মা বুলি বুজি পিতাক স্মৰণ
কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। অতিকৈ সহজ, সকলোতকৈ বেছি যিসকল মোৰ ভক্ত অৰ্থাৎ
শিৱৰ পূজাৰী আছে, তেওঁলোকক বুজোৱা। উচ্চতকৈও উচ্চ পূজা হৈছে শিৱৰ কিয়নো তেৱেঁই
সকলোৰে সৎগতিদাতা হয়।
এতিয়া তোমালোক
সন্তানসকলে জানা যে পিতা সকলোকে লগত লৈ যাবলৈ আহিছে। নিজৰ সময়ত আমিও ড্ৰামা অনুসৰি
কৰ্মাতীত অৱস্থাত উপনীত হ’ম আৰু তেতিয়া বিনাশ হৈ যাব। পুৰুষাৰ্থ বহুত কৰিব লাগে যাতে
আমি আত্মাসকল সতোপ্ৰধান হৈ যাওঁ। পিতাৰ শ্ৰীমতত চলিব লাগে, শ্ৰীমদ্ভাগৱত গীতা বুলি
কয়, কিমান শ্ৰেষ্ঠ মহিমা। দেৱতাসকলৰো মহিমা গায় - সৰ্বগুণ সম্পন্ন, সম্পূৰ্ণ
নিৰ্বিকাৰী... পিতাহে আহি সম্পূৰ্ণ পাৱন কৰি তোলে। যেতিয়া সৃষ্টি সম্পূৰ্ণ পতিত হৈ
যায় তেতিয়াহে পিতা আহি সম্পূৰ্ণ পাৱন সৃষ্টি ৰচনা কৰে। সকলোৱে কয় - আমি ভগৱানৰ
সন্তান তেন্তে নিশ্চয় স্বৰ্গৰ উত্তৰাধিকাৰ থকা উচিত। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা আমি
এতিয়া ভাই-ভনী হৈছোঁ। কল্প পূৰ্বেও পিতা আহিছিল, শিৱ জয়ন্তী পালন কৰে। নিশ্চয়
প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান হৈছিল। পিতাৰ ওচৰত প্ৰতিজ্ঞা কৰে - বাবা আমি পৰস্পৰ সংগী
হৈ পৱিত্ৰ হৈ থাকোঁ। আপোনাৰ নিৰ্দেশনা মতে চলোঁ। কোনো ডাঙৰ কথা নহয়। এতিয়া এইটো
অন্তিম জন্ম, এই মৃত্যুলোক এতিয়া নাশ হৈ যাব। এতিয়া তোমালোক বিচাৰ বুদ্ধি সম্পন্ন
হৈছা। কোনোবাই নিজকে ভগৱান বুলি ক'লে তেতিয়া ক'ব ভগৱানতো সকলোৰে সৎগতিদাতা। এওঁলোকে
আকৌ নিজকে ভগৱান বুলি কেনেকৈ ক'ব পাৰে। কিন্তু বুজি পায় এয়া ড্ৰামাৰ খেল হয়।
পিতাই তোমালোক
সন্তানসকলক স্বৰ্দশন চক্ৰধাৰী কৰি আছে। পিতাই কয় - এতিয়া সেৱাত তৎপৰ হৈ থাকা। ঘৰে
ঘৰে প্ৰদৰ্শনী খোলা। ইয়াৰ দৰে মহান পুণ্য আৰু একো নাই। কাৰোবাক পিতাৰ ৰাস্তা দেখুওৱা,
ইয়াৰ দৰে দান আৰু একো নাই। পিতাই কয় – মামেকম্ (কেৱল মোক) স্মৰণ কৰা তেতিয়া পাপ
নাশ হ'ব। পিতাক আহ্বানো এই কাৰণেই জনোৱা যে পতিত-পাৱন, মুক্তিদাতা, মাৰ্গ-দৰ্শক আহক।
তোমালোকৰো নাম ‘পাণ্ডৱ’ বুলি গায়ন কৰা হৈছে। পিতাও পাণ্ডা হয়। সকলো আত্মাকে লৈ যাব।
সেয়া হৈছে পাৰ্থিৱ (শাৰীৰিক) পাণ্ডা। এয়া হৈছে আত্মিক। সেয়া হৈছে পাৰ্থিৱ যাত্ৰা,
এয়া হৈছে আত্মিক যাত্ৰা। সত্যযুগত ভক্তিমাৰ্গৰ পাৰ্থিৱ যাত্ৰা নাথাকে। তাত তোমালোক
পূজ্য হৈ যোৱা, এতিয়া পিতাই তোমালোকক কিমান বিচাৰ বুদ্ধি সম্পন্ন কৰি তোলে। তেন্তে
পিতাৰ মতত চলিব লাগে নহয়। কোনো সংশয় আদি থাকিলে তেতিয়া সুধিব লাগে। এতিয়া পিতাই কয়
- মৰমৰ সন্তানসকল, আত্ম-অভিমানী হোৱা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা।
তোমালোক মোৰ অতি মৰমৰ সন্তান হোৱা নহয়। তোমালোক আধাকল্পৰ প্ৰেমিক। এজনৰেই অনেক নাম
ৰাখি দিছে, কিমান নাম, কিমান মন্দিৰ নিৰ্মাণ কৰে। মই হওঁতো এজনেই। মোৰ নাম হৈছে
‘শিৱ’। মই 5 হাজাৰ বছৰ পূৰ্বে ভাৰতলৈকে আহিছিলোঁ। সন্তানসকলক তুলি লৈছিলোঁ। এতিয়াও
তুলি আছোঁ। ব্ৰহ্মাৰ সন্তান হোৱা হেতুকে তোমালোক নাতি-নাতিনী হৈ গ’লা। ইয়াত
উত্তৰাধিকাৰ আত্মাসকলেই পায়। এই ক্ষেত্ৰত ভাই-ভনীৰ প্ৰশ্ন উদয় হ’ব নোৱাৰে। আত্মাইহে
পঢ়ে, উত্তৰাধিকাৰ লয়। সকলোৰে অধিকাৰ আছে। তোমালোক সন্তানসকলে এই পুৰণি সৃষ্টিত যি
কিছু দেখিছাহঁক এই সকলোবোৰ বিনাশ হৈ যাব। যথাযথ মহাভাৰতৰ যুদ্ধও হয়। বেহদৰ পিতাই
বেহদৰ উত্তৰাধিকাৰ দি আছে। বেহদৰ জ্ঞান শুনাই আছে। গতিকে ত্যাগো বেহদৰ কৰিব লাগে।
তোমালোকে জানা কল্প পূৰ্বেও পিতাই ৰাজযোগ শিকাইছিল, ‘ৰাজস্ব অশ্বমেধ যজ্ঞ’ ৰচনা
কৰিছিল আকৌ ৰাজত্ব কৰিবলৈ সত্যযুগী নতুন সৃষ্টি নিশ্চয় লাগে। পুৰণি সৃষ্টিৰ বিনাশো
হৈছিল। 5 হাজাৰ বছৰৰ কথা নহয় জানো। এয়াই যুদ্ধ হৈছিল, যাৰ দ্বাৰা দ্বাৰ মুকলি হৈছিল।
ফলকতো লিখি দিয়া – স্বৰ্গৰ দ্বাৰ কেনেকৈ মুকলি হৈ আছে – আহি বুজক। তোমালোকে বুজাব
নোৱাৰিলে আনক মাতি আনিব পাৰা। তেতিয়া লাহে লাহে বৃদ্ধি হৈ গৈ থাকিব। তোমালোক
প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান কিমান অনেক ব্ৰাহ্মণ ব্ৰাহ্মণী আছা। উত্তৰাধিকাৰ পোৱা
যায় শিৱবাবাৰ পৰা। তেৱেঁই সকলোৰে পিতা। বুদ্ধিত এইটো স্মৃতিতো ভালকৈ থাকিব লাগে যে
আমি ব্ৰাহ্মণৰ পৰা দেৱতা হওঁগৈ। আমিয়েই দেৱতা আছিলোঁ আকৌ চক্ৰ পৰিক্ৰমা লগালোঁ। আমি
এতিয়া ব্ৰাহ্মণ হৈছোঁ আকৌ বিষ্ণুপুৰীলৈ যাম। জ্ঞান হওঁতে বহুত সহজ। কিন্তু কোটিৰ
মাজত কোনোবাহে ওলায়। প্ৰদৰ্শনীত কিমান অনেক আহে, কাচিৎহে কোনোবা ওলায়, কোনো কোনোৱেতো
কেৱল মহিমা কৰে যে বহুত ভাল, আমি আহিম। কোনোবা বিৰলজনেহে 7 দিনৰ পাঠ্যক্ৰমত অংশ লয়।
এতিয়া 7 দিনৰ কথাটিও কি? গীতা পাঠো 7 দিনৰ বাবে ৰাখে। সাতদিন তোমালোকো ভাতীত থাকিব
লাগে। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলে গোটেই ময়লা আঁতৰি যাব। আধাকল্পৰ
লেতেৰা বেমাৰ হৈছে দেহ-অভিমানৰ, সেয়া আঁতৰাব লাগে। আত্ম-অভিমানী হ'ব লাগে। 7 দিনৰ
পাঠ্যক্ৰম বহুত দীঘলীয়া হয় জানো। কাৰোবাৰ চেকেণ্ডত তীৰ লাগি যাব পাৰে (জ্ঞানৰ দ্বাৰা
প্ৰভাৱিত হ’ব পাৰে)। পলমকৈ অহাসকল আগত যাব পাৰে। ক'ব আমি দৌৰি গৈ পিতাৰ পৰা
উত্তৰাধিকাৰ লৈয়ে ল'ম। বহুতেতো পুৰণাসকলতকৈও তীব্ৰ বেগেৰে আগবাঢ়ি যায় কিয়নো ভাল ভাল
সাৰ কথা, তৈয়াৰ কৰি থোৱা বস্তু (জ্ঞানৰ সাধন) প্ৰাপ্ত কৰে। প্ৰদৰ্শনী আদিত বুজাবলৈ
কিমান সহজ। যদি নিজে বুজাব নোৱাৰা তেন্তে ভগ্নীক (ব্ৰাহ্মণীক) মাতি পঠিওৱা যে নিতৌ
আহি বুজাই থৈ যোৱা। 5 হাজাৰ বছৰ পূৰ্বে এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল, যি 1250
বছৰ চলিল। কিমান সৰু কাহিনী। আমিয়েই দেৱতা আছিলোঁ আকৌ আমিয়েই ক্ষত্ৰিয়, বৈশ্য,
শূদ্ৰ হ’লোঁ। আমি আত্মাসকল ব্ৰাহ্মণ হ'লোঁ, ‘আমিয়েই আছিলোঁ’ৰ অৰ্থ কিমান
যুক্তিযুক্তভাৱে বুজায়। বিৰাট ৰূপো আছে, কিন্তু তাত ব্ৰাহ্মণসকলক আৰু শিৱবাবাক
নাইকিয়া কৰি দিলে। অৰ্থ একোৱে বুজি নাপায়। এতিয়া তোমালোক সন্তানসকলে স্মৃতিত থকাৰ
পৰিশ্ৰম কৰিব লাগে। আৰু কোনো সংশয়ত আহিব নালাগে। বিকৰ্মজিৎ হৈ উচ্চ পদ প্ৰাপ্ত
কৰিবলৈ হ’লে এইটো চিন্তন সমাপ্ত কৰিব লাগে যে এয়া কিয় হয়, এওঁ এনেকুৱা কিয় কৰে। এই
সকলোবোৰ কথা এৰি এটাই চিন্তনত থাকিব লাগে যে আমি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব লাগে।
যিমানে পিতাক স্মৰণ কৰিবা সিমানে বিকৰ্মজিৎ হৈ উচ্চ পদ প্ৰাপ্ত কৰিবা। বাকী অযথা কথা
শুনি নিজৰ মগজ বেয়া কৰিব নালাগে। সকলো কথাতকৈ এটা মুখ্য কথা হৈছে – তেওঁক (শিৱবাবাক)
পাহৰি নাযাবা। কাৰো লগত সময় নষ্ট নকৰিবা। তোমালোকৰ সময় বহুত মূল্যৱান। ধুমুহালৈ ভয়
কৰিব নালাগে। বহুত সমস্যা আহিব, লোকচান হ’ব। কিন্তু পিতাৰ স্মৃতি কেতিয়াও পাহৰি যাব
নালাগে। স্মৃতিৰেই পাৱন হ’ব লাগে, পুৰুষাৰ্থ কৰি উচ্চ পদ পাব লাগে। এই বৃদ্ধ বাবাই
(ব্ৰহ্মাই) ইমান উচ্চ পদ পায়, আমি কিয় নহ’ম। এয়াও পঢ়া নহয় জানো। তোমালোকে ইয়াত কোনো
ধৰণৰ কিতাপ আদি লোৱাৰ দৰকাৰ নাই। বুদ্ধিত গোটেই কাহিনী আছে। কিমান সৰু কাহিনী।
চেকেণ্ডৰ কথা, জীৱনমুক্তি চেকেণ্ডত পোৱা যায়। মূল কথা হৈছে পিতাক স্মৰণ কৰা। পিতা
যিয়ে তোমালোকক বিশ্বৰ মালিক কৰি তোলে তেওঁক তোমালোকে পাহৰি যোৱা! এনেকৈ কয় যে সকলোৱে
জানো ৰজা হ’ব। হেৰ’ তোমালোকে আনৰ চিন্তা কিয় কৰা! স্কুলত জানো এইটো চিন্তা থাকে যে
সকলোৱে জানো বৃত্তি পাব? পঢ়িবলৈ লাগি যাব নহয়। প্ৰত্যেকৰে পুৰুষাৰ্থৰ পৰা বুজি পোৱা
যায় যে এওঁ কি পদ পাব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই সময়
বহুত মূল্যৱান, ইয়াক অদৰকাৰী কথাত নষ্ট কৰিব নালাগে। যিমানেই ধুমুহা নাহক, লোকচান
নহওঁক পিতাৰ স্মৃতিত থাকিব লাগে।
(2) তমোপ্ৰধানৰ পৰা
সতোপ্ৰধান হোৱাৰহে চিন্তন কৰিব লাগে, অন্য কোনো চিন্তন যাতে নচলে। “আমিয়েই আছিলোঁ,
আমিয়েই হ’মগৈ” এই সৰু কাহিনীটি বহুত যুক্তিৰে বুজিব লাগে আৰু আনকো বুজাব লাগে।
বৰদান:
মগন অৱস্থাৰ
অনুভৱেৰে মায়াক নিজৰ ভক্ত কৰি দিওঁতা মায়াজিৎ হোৱা
মগন অৱস্থাৰ অনুভৱ
কৰিবলৈ নিজৰ অনেক উপাধি বা স্বৰূপ, অনেক গুণৰ অলংকাৰ, অনেক প্ৰকাৰৰ আনন্দৰ, আত্মিক
নিচাৰ, ৰচয়িতা আৰু ৰচনাৰ বিস্তাৰৰ মুখ্য কথাবোৰ, প্ৰাপ্তিৰ মুখ্য কথাবোৰ স্মৃতিত
ৰাখা যিবোৰ তোমালোকৰ পচন্দৰ তাৰ ওপৰত মনন কৰা তেতিয়া মগন অৱস্থা সহজে অনুভৱ হ’ব।
তেতিয়া কেতিয়াও পৰৰ বশীভূত নোহোৱা, মায়াই সদাকালৰ বাবে নমস্কাৰ জনাব। সংগমযুগৰ
প্ৰথম ভক্ত মায়া হৈ যাব। যেতিয়া তোমালোক মায়াজিৎ মাষ্টৰ ভগৱান হ’বা তেতিয়া মায়া
ভক্ত হৈ যাব।
স্লোগান:
তোমালোকৰ উচ্চাৰণ (বাণী) আৰু আচৰণ পিতা ব্ৰহ্মাৰ সমান হ’লে তেতিয়া সঁচা ব্ৰাহ্মণ
বুলি কোৱা হ’ব।
অব্যক্ত সংকেত:
আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা
নিৰন্তৰ স্মৃতিত থকাৰ
সহজ সাধন হৈছে - প্ৰবৃত্তিত থাকি পৰ-বৃত্তিত থকা। পৰ-বৃত্তি অৰ্থাৎ আত্মিক ৰূপ।
এনেকৈ আত্মিক ৰূপত থাকোঁতাসকল সদায় অনাসক্ত আৰু পিতাৰ স্নেহী হ’ব। যিয়েই নকৰক কিন্তু
এনেকুৱা অনুভৱ হ’ব যেন কাম কৰা নাই, খেল খেলিছে। এই আত্মিক নয়ন, এই আত্মিক মূৰ্ত
এনেকুৱা দিব্য দৰ্পণ হৈ যাব যি দৰ্পণত প্ৰত্যেক আত্মাই পৰিশ্ৰম নকৰাকৈ আত্মিক
স্বৰূপহে দেখিব।