04.06.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে পাৰলৌকিক পিতাক যথাৰ্থ ৰীতিৰে জানা সেয়েহে তোমালোককহে সঁচা প্ৰীতি বুদ্ধিৰ বা আস্তিক বুলি কোৱা হ'ব”

প্ৰশ্ন:
পিতাৰ কোনটো কৰ্তব্যৰ দ্বাৰা সিদ্ধ হয় যে তেওঁ ভক্তসকলৰ ৰক্ষক?

উত্তৰ:
সকলো ভক্তক ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰা, দেউলীয়াৰ পৰা চহকী কৰি তোলা, এয়া এজন পিতাৰহে কৰ্তব্য। যিসকল পুৰণি ভক্ত আছে তেওঁলোকক ব্ৰাহ্মণ কৰি দেৱতা ৰূপে গঢ়ি তোলা - এয়াই তেওঁৰ ৰক্ষা। ভক্তসকলৰ ৰক্ষক আহিছে - নিজৰ সকলো ভক্তক মুক্তি-জীৱনমুক্তি দিবলৈ।

গীত:
ভোলেনাথ চে নিৰালা…… (ভোলানাথতকৈ অনন্য......)

ওঁম্শান্তি।
এয়া কাৰ মহিমা শুনিলে সন্তানসকলে? গায়ন কৰা হয় উচ্চতকৈও উচ্চ ভগৱান আৰু ভগৱানকহে পিতা বুলি কোৱা হয়। তেৱেঁই এই গোটেই ৰচনাৰ ৰচয়িতা। যেনেকৈ লৌকিক পিতাও নিজৰ ৰচনাৰ ৰচয়িতা হয়। প্ৰথমে কুমাৰীক নিজৰ স্ত্ৰী কৰি লয় আৰু তাৰপাছত তেওঁৰ দ্বাৰা ৰচনা ৰচে। 5-7 টা সন্তান জন্ম দিয়ে। সিহঁতক ৰচনা বুলি কোৱা হ’ব। পিতা হ'ল ৰচয়িতা। তেওঁ (লৌকিক পিতা) হদৰ ৰচয়িতা হ'ল। এইটোও সন্তানসকলে জানে যে ৰচনাই ৰচয়িতা পিতাৰ পৰা উত্তৰাধিকাৰ লাভ কৰে। মনুষ্যৰ দুজন পিতাতো থাকেই - এজন লৌকিক, আনজন পাৰলৌকিক। সন্তানসকলক বুজোৱা হৈছে জ্ঞান আৰু ভক্তি ভিন্ন ভিন্ন, তাৰপাছত হৈছে বৈৰাগ্য। এই সময়ত তোমালোক সন্তানসকল সংগমত বহি আছা আৰু বাকী সকলো কলিযুগত বহি আছে। হওঁতে সকলো সন্তানেই কিন্তু তোমালোকে বেহদৰ পিতাক জানিলা যিজন গোটেই ৰচনাৰ ৰচয়িতা। লৌকিক পিতা থকা সত্ত্বেও সেই পাৰলৌকিক পিতাক স্মৰণ কৰে। সত্যযুগত লৌকিক পিতা থাকে পাৰলৌকিক পিতাক কোনেও স্মৰণ নকৰে কিয়নো হয়েই সুখধাম। সেই পাৰলৌকিক পিতাক দুখত স্মৰণ কৰে। ইয়াত পঢ়োৱা হয়, মনুষ্যক বুদ্ধিমান কৰি তোলা হয়। ভক্তিমাৰ্গত মনুষ্যই পিতাকো নাজানে। কয়ো যে পৰমপিতা পৰমাত্মা, হে ঈশ্বৰ পিতা, হে দুখহৰ্তা সুখকৰ্তা। পুনৰ কৈ দিয়ে সৰ্বব্যাপী। পাথৰ, কণ কণত, কুকুৰ, মেকুৰী সকলোতে আছে। পৰমাত্মা পিতাক গালি দিবলৈ লাগি যায়।

তোমালোক পিতাৰ হৈছা গতিকে তোমালোক হৈ গ'লা আস্তিক। তোমালোকৰ পিতাৰ প্ৰতি প্ৰীতি বুদ্ধি আছে। বাকী সকলোৰে পিতাৰ প্ৰতি অপ্ৰীতিকৰ (ভ্ৰষ্ট) বুদ্ধি। এতিয়া তোমালোকে জানা ভয়ানক যুদ্ধও সন্মুখত ঠিয় হৈ আছে। পুৰণি সৃষ্টিৰ বিনাশৰ অৰ্থে প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত কলিযুগী পতিত সৃষ্টি পূৰা হৈ পুনৰ পিতাৰ দ্বাৰা সত্যযুগী পাৱন সৃষ্টি স্থাপন হয়। যিজনকে স্মৰণ কৰে - হে পতিত-পাৱন আহা। হে নাৱৰীয়া আমাক এই বিষয় সাগৰৰ পৰা উলিয়াই ক্ষীৰ সাগৰলৈ লৈ যোৱা। গান্ধীজীয়েও গায়ন কৰিছিল - পতিত-পাৱন সীতাৰাম.... হে ৰাম, সকলো সীতাক পাৱন কৰি তোলা। তোমালোক সকলো হৈছা সীতা, ভক্ত। তেওঁ হৈছে ভগৱান, সকলোৱে তেওঁক আহ্বান জনায়। তেওঁ তোমালোকক পতিতৰ পৰা পাৱন কৰি আছে। তোমালোকক ক'তোৱে ঠেকা-খুন্দা নুখুৱায়। এনেকৈ নকয় যে তীৰ্থলৈ যোৱা, কুম্ভ মেলালৈ যোৱা। নহয়, এই নদীসমূহ কোনো পতিত-পাৱনী নহয়। পতিত-পাৱন এজনেই জ্ঞানৰ সাগৰ পিতা। সাগৰ বা নদীসমূহক কোনেও স্মৰণ নকৰে। পিতাক আহ্বান জনায়, হে পতিত-পাৱন বাবা আমাক পাৱন কৰি তোলা। বাকী পানীৰ নদীতো গোটেই জগততেই আছে, সেয়া জানো পতিত-পাৱনী হয়। পতিত-পাৱন এজন পিতাকহে কোৱা হয়। তেওঁ যেতিয়া আহিব তেতিয়াহে পাৱন কৰি তুলিব। ভাৰতৰ মহিমা অতি প্ৰসিদ্ধ। ভাৰত সকলো ধৰ্মৰে তীৰ্থস্থান। শিৱ জয়ন্তীও ইয়াতে গায়ন কৰা হয়। সত্যযুগতো হৈছে পাৱন সৃষ্টি, তাত দেৱী-দেৱতাসকল থাকে। দেৱতাসকলৰ মহিমাৰ গায়ন কৰা হয়, সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ.... চন্দ্ৰবংশীসকলক 14 কলা বুলি কোৱা হ’ব। পুনৰ ছিৰি তললৈ নামি আহে (অৱনমিত হয়)। পিতা আহি চেকেণ্ডত চিৰি আৰোহণ কৰাই শান্তিধাম-সুখধামলৈ লৈ যায়। আকৌ 84 জন্মৰ চক্ৰ পৰিক্ৰমা কৰি ছিৰি নামে। 84 জন্ম কোনোবাইতো নিশ্চয় লৈছে। মুখ্য হৈছে সৰ্বশাস্ত্ৰৰ ভিতৰত শিৰোমণি গীতা, শ্ৰীমদ্ভাগৱত মানে ভগৱানে শুনোৱা। কিন্তু ভগৱান কাক কোৱা হয় - এয়া পতিত মনুষ্যই নাজানে। পতিত-পাৱন সকলোৰে সৎগতি দাতা এজন নিৰাকাৰ শিৱই হয় কিন্তু তেওঁ কেতিয়া আহিল, এইটো কোনেও নাজানে। পিতা নিজে আহি নিজৰ পৰিচয় দিয়ে। এতিয়া চোৱা এওঁলোক কুমাৰ আৰু কুমাৰী দুয়োৱে বাবা বুলি কয়। গায়নো কৰা হয় তুমি মাতা-পিতা..... আপোনাৰ এই ৰাজযোগ শিকিলে অপাৰ সুখ পোৱা যায়। তোমালোক ইয়ালৈ আহাই বেহদৰ পিতাৰ পৰা স্বৰ্গৰ 21 জন্মৰ উত্তৰাধিকাৰ ল'বলৈ। এতিয়া শিৱ জয়ন্তীও ভাৰততেই পালন কৰা হয়। ৰাৱণকো ভাৰততে দেখুৱায়। কিন্তু অৰ্থ একোৱে নাজানে। শিৱ আমাৰ বেহদৰ পিতা, এইটো এজনেও নাজানে কেৱল শিৱৰ পূজা কৰি থাকে। যেতিয়া গোটেই বৃক্ষ তমোপ্ৰধান হৈ যায় তেতিয়া পিতা আহে। নতুন সৃষ্টিত ভাৰত স্বৰ্গ আছিল। ভাৰততেই সত্যযুগ আছিল। ভাৰততেই এতিয়া কলিযুগ। পিতাই বুজায় - পোন-প্ৰথমে তোমালোক স্বৰ্গৰ মালিক আছিলা। এতিয়া তোমালোকে 84 জন্ম ভোগ কৰি নৰকবাসী হৈ গৈছা। এতিয়া মই তোমালোকক ৰাজযোগ শিকাই মনুষ্যৰ পৰা দেৱতা, পতিতৰ পৰা পাৱন কৰি তোলোঁ। ভক্তি অৰ্থাৎ ব্ৰহ্মাৰ ৰাতি। জ্ঞান অৰ্থাৎ ব্ৰহ্মাৰ দিন। তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰীসকল দিনলৈ যোৱা। এই পুৰণি সৃষ্টিত এতিয়া জুই লাগিব, যথাযথ মহাভাৰতৰ যুদ্ধ হ’ব। যথাযথ এই মহাভাৰতৰ যুদ্ধৰ পাছতহে ভাৰত স্বৰ্গ হৈ যায়। অনেক ধৰ্মৰ বিনাশ হৈ এক ধৰ্মৰ প্ৰতিষ্ঠা হয়।

তোমালোক সন্তানসকল বাবাৰ সহায়কাৰী হৈ আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰি আছা। তোমালোক স্বৰ্গৰ মালিক হোৱাৰ যোগ্য হৈ যাবা তেতিয়া আকৌ বিনাশ আৰম্ভ হৈ যাব। এয়া হৈছে শিৱবাবাৰ জ্ঞান যজ্ঞ, লাগিলে শিৱ বুলিয়ে কোৱা বা ৰুদ্ৰ বুলিয়ে কোৱা। কৃষ্ণ জ্ঞান যজ্ঞ বুলি কেতিয়াও কোৱা নহয়। সত্যযুগ ত্ৰেতাত যজ্ঞ নহয়। যজ্ঞ তেতিয়া ৰচা হয় যেতিয়া উপদ্ৰৱ হয়। খাদ্য শস্যৰ অভাৱ হ’লে বা যুদ্ধ লাগিলে তেতিয়া শান্তিৰ কাৰণে যজ্ঞ ৰচিব। তোমালোক সন্তানসকলে জানা – বিনাশ নোহোৱাকৈতো ভাৰত স্বৰ্গ হ’ব নোৱাৰে। ভাৰত মাতা শিৱ শক্তি সেনা বুলি গায়ন কৰা হৈছে। বন্দনা পৱিত্ৰৰেই কৰা হয়। তোমালোক মাতাসকলক “বন্দে মাতৰম্‌” বুলি কোৱা হয় কিয়নো তোমালোকে শ্ৰীমতত ভাৰতক স্বৰ্গ কৰি গঢ়ি তুলিছা। এতিয়া পিতাই কয় - মৃত্যুতো সকলোৰে শিৰত থিয় হৈ আছে গতিকে এতিয়া এই এটা জন্ম পৱিত্ৰ হোৱা আৰু পিতাক স্মৰণ কৰা তেতিয়া তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। এতিয়া তোমালোক শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈ পুনৰ দেৱতা হ’বাগৈ, এয়া কোনো নতুন কথা নহয়। কল্পই কল্পই প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত এই চক্ৰ ঘূৰি থাকে। নৰকৰ পৰা স্বৰ্গ হয়। পতিত সৃষ্টিত মনুষ্যই যি কিছু কৰ্ম কৰে সেয়া বিকৰ্মই হয়। পিতাই কয় - 5 হাজাৰ বছৰ পূৰ্বেও তোমালোকক কৰ্ম-অকৰ্ম-বিকৰ্মৰ গতি বুজাইছিলোঁ। এতিয়া পুনৰাই তোমালোকক বুজাওঁ। মই পৰমপিতা পৰমাত্মা নিৰাকাৰ তোমালোকৰ পিতা হওঁ। এই শৰীৰ, যাৰ মই আধাৰ লৈছোঁ এওঁ কোনো ভগৱান নহয়। মনুষ্যক দেৱতা বুলিও কোৱা নহয়। তেন্তে মনুষ্যক ভগৱান বুলি কেনেকৈ ক’ব পাৰি। পিতাই বুজায়, তোমালোকে 84 জন্ম লৈ লৈ ছিৰি তললৈ নামি (অৱনমিত হৈ) আহিছা, ওপৰলৈ কোনেও যাব নোৱাৰে। সকলোৱে পতিত হোৱাৰে মাৰ্গ দেখুৱায়, নিজেও পতিত হৈ গৈ থাকে। সেইবাবে পিতাই কয় - তেওঁলোকৰো উদ্ধাৰ কৰিবলৈ মই আহিবলগীয়া হয়। এয়া হৈছে ৰাৱণ ৰাজ্য। তোমালোক এতিয়া ৰাৱণৰাজ্যৰ পৰা আঁতৰি আহিলা। লাহে লাহে সকলোৱে গম পাব। ব্ৰাহ্মণ নোহোৱাকৈ শিৱবাবাৰ পৰা উত্তৰাধিকাৰ ল’ব নোৱাৰে। পিতা হয়েই দুজন। এজন নিৰাকাৰী পিতা, আনজন সাকাৰী পিতা। উত্তৰাধিকাৰ এফালে সাকাৰী পিতাৰ পৰা সাকাৰী সন্তানে পায় আকৌ আনফালে নিৰাকাৰী বেহদৰ পিতাৰ পৰা নিৰাকাৰী আত্মাসকলে উত্তৰাধিকাৰ পায়। এতিয়া তোমালোক সন্তানসকলে জানা - মৰমৰ শিৱবাবাৰ পৰা আমি 21 জন্মৰ কাৰণে সুখধামৰ উত্তৰাধিকাৰ ল’বলৈ আহিছোঁ। যোগবলেৰে বিশ্বৰ মালিক হওঁ। কোনো অস্ত্ৰ আদি নাই। গতিকে পিতাৰ সৈতে যোগযুক্ত হৈ বিকৰ্ম বিনাশ কৰি বিষ্ণুপুৰীৰ মালিক হওঁ। এতিয়া অমৰলোকলৈ যাবৰ বাবে অমৰ কথা শুনি আছোঁ। তাত অকালতে কেতিয়াও মৃত্যু নহয়। দুখৰ নাম-চিহ্ন নাই। তোমালোক সন্তানসকল আহিছা শ্ৰীমতত চলি বেহদৰ পিতাৰ পৰা শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ দেৱী-দেৱতা হ’বলৈ। এয়া কোনো শাস্ত্ৰৰ জ্ঞান নহয়। এনেকৈ দেখুৱায় যে বিষ্ণুৰ নাভীৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হ’ল। তেওঁৰ হাতত আকৌ শাস্ত্ৰ দিয়ে। পিতাই কয় - ব্ৰহ্মাৰ দ্বাৰা মই তোমালোকক গোটেই ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনাই আছোঁ। মইহে জ্ঞানৰ সাগৰ হওঁ। গায়নো কৰে - জ্ঞান সূৰ্য উদয় হ’ল… অজ্ঞান অন্ধকাৰ বিনাশ হ’ল। সত্যযুগত অজ্ঞানতা নাথাকে। সেয়া সঁচাখণ্ড আছিল তেতিয়া ভাৰত হীৰা তুল্য আছিল, হীৰা-মুকুতাৰ মহল নিৰ্মাণ কৰা হৈছিল। এতিয়াতো মনুষ্যৰ পূৰা খাবলৈও নাই। দেউলীয়া বিশ্বক পুনৰ চহকী কোনে কৰি তুলিব! এয়া পিতাৰেই কাম। পিতাৰে দয়া উপজে। তেওঁ কয় - তোমালোকক ৰাজযোগ শিকাবলৈ আহিছোঁ। নৰক নাৰায়ণ, নাৰীক লক্ষ্মী কৰি তোলোঁ। ভক্তসকলৰ ৰক্ষক হয়েই পিতা। তোমালোকক ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰি সুখধামলৈ লৈ যাওঁ। গোটেই সৃষ্টিত যিসকল ব্ৰাহ্মণ হ’ব তেওঁলোকেই দেৱতা হ’বগৈ। ব্ৰহ্মাৰ নামো প্ৰসিদ্ধ - প্ৰজাপিতা ব্ৰহ্মা। তোমালোক ব্ৰাহ্মণসকল হৈছা সকলোতকৈ উত্তম, তোমালোকে ভাৰতৰ সঁচা আত্মিক সেৱা কৰি আছা। পিতাৰ স্মৃতিৰেই বিকৰ্ম বিনাশ হ’ব। পতিতৰ পৰা পাৱন হোৱাৰ অন্য কোনো মাৰ্গ নাই। স্মৃতিৰেই খাদ (বিকাৰৰ লেপ) ভস্ম হ’ব। সোণাৰীয়ে জানে – সঁচা সোণ, মিছা সোণ কেনেকৈ তৈয়াৰ কৰা হয়। তাত ৰূপ-তাম-লো মিহলাই দিয়ে। তোমালোকো প্ৰথমে সতোপ্ৰধান আছিলা পুনৰ তোমালোকৰ খাদ পৰে, তমোপ্ৰধান হৈ গৈছা। এতিয়া পুনৰ সতোপ্ৰধান হ’ব লাগে তেতিয়াহে সত্যযুগলৈ যাব পাৰিবা। পিতাই কয় - কোনো দেহধাৰীক স্মৰণ নকৰিবা। গৃহস্থ ব্যৱহাৰত থাকি একমাত্ৰ পিতাৰ বাহিৰে অন্য কাকোৱেই স্মৰণ নকৰিবা তেতিয়া তোমালোক স্বৰ্গপুৰীৰ মালিক হৈ যাবাগৈ। স্বৰ্গ অথবা বিষ্ণুপুৰী আছিল, এতিয়া ৰাৱণপুৰী। পুনৰ বিষ্ণুপুৰী নিশ্চয় হ’ব। সাধু-সন্ত আদি সকলোৰে উদ্ধাৰ কৰিবলৈ আহোঁ, সেইবাবেই কোৱা হয় - যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভবতি ভাৰত… এয়া ভাৰতৰেই কথা। সকলোৰে সৎগতি দাতা মই একমাত্ৰ পিতা শিৱ। শিৱ, ৰুদ্ৰ সকলোবোৰ তেওঁৰেই নাম, অনেক নাম ৰাখি দিছে। পিতাই কয় - মোৰ প্ৰকৃত নামতো এটাই - শিৱ। মই শিৱ হওঁ, তোমালোক শালগ্ৰাম সন্তান। তোমালোক আধাকল্প দেহ-অভিমানী হৈ আছা। এতিয়া দেহী-অভিমানী হোৱা। এক পিতাক জানিলে পিতাৰ দ্বাৰা তোমালোকে সকলো জানি যোৱা। মাষ্টৰ জ্ঞান সাগৰ হৈ যোৱা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শ্ৰীমতত চলি শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ দেৱতা হ’ব লাগে। গোটেই বিশ্বৰ সঁচা আত্মিক সেৱা কৰিব লাগে। আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠাত পিতাৰ সম্পূৰ্ণ সহায়কাৰী হ’ব লাগে।

(2) আত্মাক খাটি সোণ কৰি তুলিবলৈ এজন পিতাৰ বাদে অন্য কোনো দেহধাৰীক স্মৰণ কৰিব নালাগে। পাৰলৌকিক পিতাৰ সৈতে সঁচা প্ৰীতি ৰাখিব লাগে।

বৰদান:
আত্মিক উন্নতি সাধনৰ দ্বাৰা সকলো পৰিস্থিতিত বিজয় প্ৰাপ্ত কৰোঁতা অকালমূৰ্ত হোৱা

যেনেকৈ শৰীৰ নিৰ্বাহৰ বাবে অনেক সাধন ব্যৱহাৰ কৰা তেনেকৈ আত্মিক উন্নতিৰ বাবেও সাধন ব্যৱহাৰ কৰা, ইয়াৰ বাবে সদায় অকালমূৰ্ত স্থিতিত স্থিৰ হোৱাৰ অভ্যাস কৰা। যিয়ে নিজক অকালমূৰ্ত (আত্মা) বুলি বুজি চলে তেওঁ অকাল মৃত্যুৰ পৰা, দুৰ্ভিক্ষৰ পৰা, সকলো সমস্যাৰ পৰা হাত সাৰি যায়। মানসিক চিন্তা, মানসিক পৰিস্থিতিবোৰ আঁতৰাবলৈ কেৱল নিজৰ পুৰণা শৰীৰৰ বোধ নাইকিয়া কৰি যোৱা।

স্লোগান:
যিয়ে কোনো কথাৰ বাবে বাৰে বাৰে আবেগ প্ৰৱণতাত আহি থাকে তেওঁ অৱশেষত অনুত্তীৰ্ণ হৈ যায়।


মাতেশ্বৰীৰ অমূল্য মহাবাক্য - “মনুষ্য সাক্ষাৎকাৰত কেনেকৈ যায়?”

এয়া যি সাক্ষাৎকাৰত যোৱা হয় ইয়াৰ দৰ্শনো অতি সূক্ষ্ম। এই অন্তঃবাহক শৰীৰেৰে গৈ ফুৰি আহে। যেনেকৈ কোনোবা বাহিৰত ঘুৰিবলৈ যায়, এনেকুৱা নহয় যে ফুৰিবলৈ গ’লে মৰি যাব, তেওঁ ফুৰি পুনৰ উভতি আহিব নহয়। গতিকে এয়াও আত্মা এই শৰীৰৰ পৰা ওলাই অন্তঃবাহক শৰীৰেৰে ফুৰিবলৈ যায়, অলপ সময়ৰ বাবে এওঁৰ আত্মা উৰন্ত পখী হয়, এয়াও পৰমাত্মাৰ কাম যিয়ে এওঁৰ ৰচি টানি দিব্য দৃষ্টিৰে তেওঁক সাক্ষাৎকাৰ কৰায়। যেনেকৈ ৰাতি আমি যেতিয়া শৰীৰৰ পৰা উৰ্দ্ধত আত্মা হৈ সুখ-পথ অথবা স্বপ্নৰ অৱস্থাত গুচি যাওঁ, তেতিয়া সেই সময়ত শৰীৰ শান্ত হয়, সেয়েহে দেহ আৰু দেহৰ ধৰ্ম পাহৰি যায় কিন্তু এনেকুৱা নহয় যে শৰীৰ মৰি গ’ল আকৌ যেতিয়া জাগৃত হৈ যায়, তেতিয়া সেই ৰাতিৰ সপোনৰ অৱস্থা বৰ্ণনা কৰি শুনায়। তেনেকৈ পৰমাত্মাৰ সৈতে যোগযুক্ত হ’লে পৰমাত্মাই তেতিয়া দিব্য দৃষ্টিৰে আত্মাক ভ্ৰমণ কৰায়। আকৌ যেতিয়া ধ্যানৰ পৰা উঠে তেতিয়া দেখা পোৱা সেই সাক্ষাৎকাৰ বৰ্ণনা কৰি শুনায় যে মই এয়া দেখি আহিলোঁ। সেই সপোন ৰজোগুণী, তমোগুণীও হয়, এই ধ্যান আকৌ সতোগুণী অৱস্থাৰ হয়। গতিকে ধ্যানত শৰীৰ নমৰে, কিন্তু শৰীৰৰ বোধ নাইকিয়া হৈ যায়। যেনেকৈ সংজ্ঞানাশক ঔষধ দিলে শৰীৰৰ চেতনা নোহোৱা হৈ যায়, চোৱা, চিকিৎসকে যেতিয়া কোনো অংগক মৃত (অচেতন) কৰি দিয়ে তেতিয়া বেজী দি মৃত কৰি দিয়ে কিন্তু অন্য ইন্দ্ৰিয়বোৰেতো কাম কৰি থাকে, তেনেকৈ ধ্যানো এই ধৰণে হয় যে আত্মা উৰি গৈ পৰিভ্ৰমণ কৰি আহে কিন্তু শৰীৰ মৰি নাযায়, এতিয়া এই ৰচি টনাৰ স্মৃতিও পৰমাত্মাৰ আছে, মনুষ্য আত্মাত নাই। ভাল বাৰু। ওঁম্‌ শান্তি।

অব্যক্ত ইংগিত: সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা

সদায় হৰ্ষিত হৈ থাকোঁতাসকলৰ স্মাৰক বিষ্ণুৰ ৰূপত দেখুৱাইছে। বিষ্ণু ক্ষীৰ সাগৰত আৰামেৰে শয়ন কৰি জ্ঞান চিন্তন কৰি হৰ্ষিত হৈ আছে। গতিকে, হৰ্ষিত হৈ থকাৰ প্ৰধান সাধন হৈছে জ্ঞান চিন্তন। যিয়ে যিমানে জ্ঞান চিন্তন কৰে, তেওঁ সিমানেই হৰ্ষিত হৈ থাকে। কোনো পৰিস্থিতিয়ে তেওঁৰ সাহস, উৎসাহ-উদ্দীপনা কম কৰিব নোৱাৰে। তেওঁ সহনশীলতা শক্তিৰে সকলো পৰিস্থিতি সহজে অতিক্ৰম কৰি লয়।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]