04.07.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – ভাই-ভনীৰ বোধৰ পৰা আঁতৰি ভাই ভাই বুলি বুজা তেতিয়া দৃষ্টি সভ্য হৈ যাব, আত্মা যেতিয়া সভ্য দৃষ্টিৰ হ’ব তেতিয়াহে কৰ্মাতীত হ’ব পাৰে”

প্ৰশ্ন:
নিজৰ ত্ৰুটিসমূহ দূৰ কৰিবলৈ কোনটো যুক্তি ৰচিব লাগে?

উত্তৰ:
নিজৰ চৰিত্ৰৰ ৰেজিষ্টাৰ ৰাখা। সেই ৰেজিষ্টাৰত নিতৌ খতিয়ান টুকি ৰাখা। ৰেজিষ্টাৰ ৰাখিলে নিজৰ ত্ৰুটিসমূহৰ বিষয়ে গম পাবা তেতিয়া সহজে সেয়া দূৰ কৰিব পাৰিবা। ত্ৰুটিসমূহ দূৰ কৰি কৰি সেইটো অৱস্থাত উপনীত হ’ব লাগে যাতে একমাত্ৰ পিতাৰ বাহিৰে আন একোৱেই স্মৃতিলৈ নাহে। কোনো পুৰণি বস্তুৰ প্ৰতি যাতে মমত্ব নাথাকে। ভিতৰি একোৱে বিচৰাৰ ইচ্ছা যাতে নাথাকে।

ওঁম্শান্তি।
এক হৈছে মানৱ বুদ্ধি, আনটো হৈছে ঈশ্বৰীয় বুদ্ধি, আকৌ হ’ব দৈৱী বুদ্ধি। মানৱ বুদ্ধি হৈছে আসুৰিক বুদ্ধি। আসুৰিক দৃষ্টি নহয় জানো। এক হৈছে সভ্য দৃষ্টি, আনটো হৈছে আসুৰিক দৃষ্টি। দেৱতাসকল হৈছে নিৰ্বিকাৰী, সভ্য দৃষ্টিৰ আৰু ইয়াত কলিযুগী মনুষ্য হৈছে বিকাৰী আসুৰিক দৃষ্টিৰ। তেওঁলোকৰ খেয়ালেই বিকাৰী হ’ব। আসুৰিক দৃষ্টিৰ মনুষ্য ৰাৱণৰ কাৰাগাৰত পৰি থাকে। ৰাৱণৰাজ্যত সকলো হৈছে আসুৰিক দৃষ্টিৰ, এজনো সভ্য দৃষ্টিৰ নাই। এতিয়া তোমালোক পুৰুষোত্তম সংগমযুগত আছা। এতিয়া বাবাই তোমালোকক আসুৰিক দৃষ্টিৰ পৰা সলনি কৰি সভ্য দৃষ্টিৰ কৰি আছে। আসুৰিক দৃষ্টিও অনেক প্ৰকাৰ থাকে - কাৰোবাৰ আধা, কাৰোবাৰ কেনেকুৱা। যেতিয়া সভ্য দৃষ্টিৰ হৈ যাব তেতিয়া কৰ্মাতীত অৱস্থা হ’ব তেতিয়া আকৌ ‘ভাই ভাই’ৰ দৃষ্টি হৈ যাব। আত্মাই আত্মাক চায়, শৰীৰতো নাথাকেই তেন্তে আসুৰিক দৃষ্টি কেনেকৈ থাকিব সেই কাৰণে পিতাই কয় - নিজক ভাই-ভনীৰ বোধৰ পৰা মুক্ত কৰি গৈ থাকা। ভাই ভাই বুলি বুজা। এয়াও অতি গূঢ় কথা। কেতিয়াও কাৰো বুদ্ধিত এয়া উদয় হ’ব নোৱাৰে। সভ্য দৃষ্টিৰ অৰ্থ কাৰো বুদ্ধিত উদয় হ’ব নোৱাৰে। যদি উদয় হৈ যায় তেন্তে উচ্চ পদ পাই যাব। পিতাই বুজায় - নিজক আত্মা বুলি বুজা, দেহক পাহৰি যাব লাগে। এই দেহ পিতাৰ স্মৃতিতে ত্যাগ কৰিব লাগে। মই আত্মা বাবাৰ ওচৰলৈ গৈ আছোঁ। দেহৰ অভিমান এৰি, পৱিত্ৰ কৰি তোলোঁতা পিতাৰ স্মৃতিতে দেহ ত্যাগ কৰিব লাগে। আসুৰিক দৃষ্টিৰ হ’লে নিশ্চয় অন্তৰ দহি থাকিব। লক্ষ্য বহুত উচ্চ। যদিও কিছুমান ভাল ভাল সন্তান আছে তথাপিও কিবা নহয় কিবা ভুল নিশ্চয় হৈ থাকে কিয়নো মায়া আছে নহয়। কৰ্মাতীততো কোনেও হ’ব নোৱাৰে। কৰ্মাতীত অৱস্থা অন্তিম সময়ত হ’ব তেতিয়া দৃষ্টি সভ্য হ’ব পাৰে। তেতিয়া সেই আত্মিক ভাই ভাইৰ মৰম থাকিব। আত্মিক ভাই ভাইৰ মৰম বহুত ভাল হৈ থাকে, তেতিয়া আসুৰিক দৃষ্টি নাথাকিব, তেতিয়াহে উচ্চ পদ পাব পাৰিবা। বাবাই লক্ষ্য-উদ্দেশ্যৰ বিষয়েতো পূৰা শুনাইছে। সন্তানসকলে বুজি পায় যে মোৰ এইটো এইটো ত্ৰুটি আছে। ৰেজিষ্টাৰ যেতিয়া ৰাখিবা তেতিয়া ত্ৰুটিবোৰৰ বিষয়ে গম পাবা। অৱশ্যে এনেকুৱাও হ’ব পাৰে কোনোবা ৰেজিষ্টাৰ নৰখাকৈও শুধৰণি হ’ব পাৰে। কিন্তু যিসকল কেঁচা সন্তান তেওঁলোকে ৰেজিষ্টাৰ নিশ্চয় ৰাখিব লাগে। কেঁচাতো বহুত আছে, কোনো কোনোৱেতো লিখিবই নাজানে। তোমালোকৰ অৱস্থা এনেকুৱা হ’ব লাগে যাতে অন্য কোনো স্মৃতিলৈ নাহে। মই আত্মা শৰীৰ অবিহনে আহিছিলোঁ, এতিয়া অশৰীৰী হৈ যাব লাগে। ইয়াৰ ওপৰত এটা কাহিনী আছে - তেওঁ ক’লে তুমি লাঠিও নল’বা, সেয়াও অন্তিম সময়ত স্মৃতিলৈ আহিব। কোনো বস্তুৰ প্ৰতি মমত্ব ৰাখিব নালাগে। বহুতৰ পুৰণি বস্তুৰ প্ৰতি মমত্ব থাকে। পিতাৰ বাহিৰে একোৱেই যাতে স্মৃতিলৈ নাহে। কিমান উচ্চ লক্ষ্য। ক’ত তুচ্ছ বস্তু, ক’ত শিৱবাবাৰ স্মৃতি। বিচৰাৰ ইচ্ছা থাকিব নালাগে। প্ৰত্যেকেই অতি কমেও 5-6 ঘণ্টা সেৱা নিশ্চয় কৰিব লাগে। এনেয়েতো চৰকাৰৰ সেৱা 8 (আঠ) ঘণ্টা কৰিবলগীয়া হয় কিন্তু পাণ্ডৱ চৰকাৰৰ সেৱা অতিকমেও 5-6 ঘণ্টা নিশ্চয় কৰিবা। পতিত মনুষ্যই কেতিয়াও বাবাক স্মৰণ কৰিব নোৱাৰে। সত্যযুগত হৈছে নিৰ্বিকাৰী সৃষ্টি। দেৱী-দেৱতাসকলৰ মহিমা গোৱা হয় - সৰ্ৱগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ… তোমালোক সন্তানসকলৰ অৱস্থা কিমান উপৰাম হোৱা উচিত। কোনো ধৰণৰ ছিঃ ছিঃ বস্তুৰ প্ৰতি মমত্ব ৰাখিব নালাগে। শৰীৰৰ প্ৰতিও যাতে মমত্ব নাথাকে, ইমান যোগী হ’ব লাগে। যেতিয়া সঁচাকৈয়ে এনেকুৱা যোগী হ’বা তেতিয়া সজীৱ হৈ থাকিবা। যিমান তোমালোক সতোপ্ৰধান হৈ যাবা, সিমানেই আনন্দৰ পাৰাপাৰ নোহোৱা হ’ব। 5 হাজাৰ বছৰ পূৰ্বেও এনেকুৱা আনন্দ আছিল। সত্যযুগতো সেয়াই আনন্দ থাকিব। ইয়াতো আনন্দিত হৈ থাকিবা আকৌ সেই আনন্দই লগত লৈ যাবা। অন্তিমৰ স্থিতি অনুসৰিয়ে গতি বুলি কোৱা হয়। এতিয়া তোমালোকে মত পাই আছা আকৌ সত্যযুগত সেই অনুসৰি গতি হ’ব। ইয়াৰ ওপৰত বহুত বিচাৰ সাগৰ মন্থন কৰিব লাগে।

পিতাতো হয়েই দুখ-হৰ্তা, সুখ-কৰ্তা। তোমালোকে কোৱা আমি পিতাৰ সন্তান গতিকে কাকো দুখ দিব নালাগে। সকলোকে সুখৰ ৰাস্তা দেখুৱাব লাগে। যদি সুখ নিদিয়া তেন্তে নিশ্চয় দুখ দিয়া। এয়া হৈছে পুৰুষোত্তম সংগমযুগ, যেতিয়া তোমালোকে সতোপ্ৰধান হ’বলৈ পুৰুষাৰ্থ কৰা। পুৰুষাৰ্থীও ক্ৰম অনুসৰি হয়। যেতিয়া সন্তানসকলে ভাল সেৱা কৰে তেতিয়া পিতাই তেওঁলোকৰ মহিমা কৰে - অমুক সন্তানটি যোগী। যিসকল সেৱাৰ লায়ক সন্তান হয় তেওঁলোকৰ নিৰ্বিকাৰী জীৱন। যাৰ অলপো অলাগতিয়াল খেয়াল নাহে তেওঁলোকেই পাছলৈ কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰিব। তোমালোক ব্ৰাহ্মণেই সভ্য দৃষ্টিৰ হৈ আছা। মনুষ্যক কেতিয়াও দেৱতা বুলি ক’ব নোৱাৰি। যি আসুৰিক দৃষ্টিৰ হ’ব তেওঁ পাপ নিশ্চয় কৰিব। সত্যযুগী সৃষ্টি হৈছে পৱিত্ৰ সৃষ্টি। এইখন হৈছে পতিত সৃষ্টি। এইটো অৰ্থও বুজি নাপায়। যেতিয়া ব্ৰাহ্মণ হ’ব তেতিয়াহে বুজিব। এনেকৈ কয় যে জ্ঞানতো বহুত ভাল, যেতিয়া আজৰি হ’ম তেতিয়া আহিম। বাবাই বুজি পায় কেতিয়াও নাহে। এয়াতো পিতাক অপমান কৰা হ’ল। মনুষ্যৰ পৰা দেৱতা হয় তেন্তে তৎকালে কৰিব লাগে। কালিলৈ এৰিলে মায়াই নাকত ধৰি গাঁতত পেলাই দিব। কালি কালি কৰোঁতে কৰোঁতে কালে খাই পেলাব। শুভ কাৰ্যত দেৰি কৰা উচিত। মৃত্যু শিৰত বিৰাজমান হৈ আছে। কিমান মনুষ্যৰ অকস্মাতে মৃত্যু হৈ যায়। এতিয়া বোমা নিক্ষেপ কৰিলে কিমান মনুষ্য মৰি যাব! ভূমিকম্প আহে নহয়, তেতিয়া জানো আগতিয়াকৈ গম পোৱা যায়! ড্ৰামা অনুসৰি প্ৰাকৃতিক দুৰ্যোগ আদিও হ’ব, যাক কোনেও জানিব নোৱাৰে। বহুত লোকচান হৈ যায়। তেতিয়া চৰকাৰে ৰেলৰ ভাড়া আদিও বঢ়াই দিয়ে। মনুষ্যইতো যাত্ৰা কৰিবই লাগিব। খেয়াল চলি থাকে - কেনেকৈ আমদানি বৃদ্ধি কৰোঁ যাতে মনুষ্যক দিব পাৰি। খাদ্য-শস্যৰ কিমান দাম বাঢ়ি গৈছে। গতিকে পিতাই বহি বুজায়- সভ্য দৃষ্টিৰ হ’লে পৱিত্ৰ আত্মা বুলি কোৱা হয়। এই জগতখনেই হৈছে আসুৰিক দৃষ্টিৰ। তোমালোক এতিয়া সভ্য দৃষ্টিৰ হোৱা। পৰিশ্ৰম কৰিবলগীয়া হয়, উচ্চ পদ পোৱাতো কোনো মাহীৰ ঘৰৰ দৰে (ইমান সহজ) নহয়। যি বহুত সভ্য দৃষ্টিৰ হ’ব তেওঁ উচ্চ পদ পাব। তোমালোকতো ইয়ালৈ নৰৰ পৰা নাৰায়ণ হ’বলৈ আহিছা। কিন্তু যি সভ্য দৃষ্টিৰ নহয়, জ্ঞান ধাৰণ কৰিব নোৱাৰে, তেওঁ পদো কম পাব। এই সময়ত সকলো মনুষ্য আসুৰিক দৃষ্টিৰ। সত্যযুগত সভ্য দৃষ্টিৰ হয়।

পিতাই বুজায় - মৰমৰ সন্তানসকল, তোমালোক দেৱী-দেৱতাসকল স্বৰ্গৰ মালিক হ’ব বিচৰা যদি বহুত সভ্য দৃষ্টিৰ হোৱা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া 100 শতাংশ আত্মা-সচেতন হ’ব পাৰিবা। যিকোনো লোককে অৰ্থ বুজাব লাগে। সত্যযুগত পাপৰ কোনো কথাই নাথাকে। সেইখন হয়েই সৰ্ৱগুণ সম্পন্ন, সম্পূৰ্ণ সভ্য দৃষ্টিৰ। চন্দ্ৰবংশীৰো দুটা কলা কম হয়। চন্দ্ৰমাৰো পাছৰ ফালে কেৱল আঁচ এডালহে থাকেগৈ। একেবাৰে নাইকিয়া হৈ নাযায়। এনেকৈ ক’ব যে প্ৰায় লোপ হৈ গ’ল। ডাৱৰৰ বাবে দেখা পোৱা নাযায়। সেয়েহে পিতাই কয় - তোমালোকৰ জ্যোতিও একেবাৰে নুমাই নাযায়, কিবা নহয় কিবা অলপ পোহৰ থাকেগৈ। চুপ্ৰিম বেটাৰীৰ পৰা তোমালোকে পুনৰ শক্তি আহৰণ কৰা। স্বয়ং আহি শিকায় যে মোৰ সৈতে তোমালোক কেনেকৈ যোগযুক্ত হ’ব পাৰিবা। শিক্ষকে পঢ়ায় সেয়েহে বুদ্ধিযোগ শিক্ষকৰ লগত থাকে নহয়। শিক্ষকে যি মত দিব সেয়াই পঢ়িব। ময়ো পঢ়ি শিক্ষক অথবা বেৰিষ্টাৰ হ’ম, এই ক্ষেত্ৰত কৃপা বা আশীৰ্বাদ আদিৰ কথাই নাথাকে। নতশিৰ হোৱাৰো দৰকাৰ নাই। অৱশ্যে হয়, কোনোবাই “হৰি ঔম” বা “ৰাম ৰাম” বুলি ক’লে তেতিয়া সঁহাৰি জনাই ক’বলগীয়া হয়। এয়া একপ্ৰকাৰ সন্মান জনোৱাৰ কথা। অহংকাৰ দেখুৱাব নালাগে। তোমালোকে জানা যে আমিতো এজন পিতাকে স্মৰণ কৰিব লাগে। কোনোবাই ভক্তি এৰিলে তেতিয়াও হুলস্থুল হৈ যায়। ভক্তি এৰি দিয়াসকলক নাস্তিক বুলি ভাবে। তেওঁলোকে নাস্তিক বুলি কোৱা আৰু তোমালোকে কোৱাৰ মাজত কিমান পাৰ্থক্য আছে। তোমালোকে কোৱা তেওঁলোকে পিতাক নাজানে সেই কাৰণে নাস্তিক, অনাথ, সেই কাৰণে সকলোৱে কাজিয়া কৰি থাকে। ঘৰে ঘৰে কাজিয়া-অশান্তি। ক্ৰোধৰ চিন হৈছে অশান্তি। তাত কিমান অপাৰ শান্তি থাকে। মনুষ্যই কয় - ভক্তিত বহুত শান্তি পোৱা যায়, কিন্তু সেয়া হৈছে অল্পকালৰ। সদাকালৰ বাবে শান্তি লাগে নহয় জানো। তোমালোক প্ৰভূৰ আছিলা আকৌ অনাথ হৈ গ’লা তেতিয়া শান্তিৰ পৰা আকৌ অশান্তিত আহি যোৱা। বেহদৰ পিতাই বেহদ সুখৰ উত্তৰাধিকাৰ দিয়ে। হদৰ পিতাৰ পৰা হদৰ সুখৰ উত্তৰাধিকাৰ পোৱা যায়। সেয়া বাস্তৱত হৈছে দুখৰ, কাম-কটাৰীৰ উত্তৰাধিকাৰ, য’ত দুখেই দুখ আছে সেই কাৰণে পিতাই কয় - তোমালোকে আদি-মধ্য-অন্ত দুখ পোৱা।

পিতাই কয় মোক পতিত-পাৱন পিতাক স্মৰণ কৰা, ইয়াক কোৱা হয় সহজ স্মৃতি আৰু সৃষ্টি চক্ৰৰ সহজ জ্ঞান। তোমালোকে নিজকে আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ বুলি বুজিলে তেতিয়া নিশ্চয় স্বৰ্গলৈ আহিবা। স্বৰ্গত সকলো সভ্য দৃষ্টিৰ আছিল, দেহ-অভিমানীক আসুৰিক দৃষ্টিৰ বুলি কোৱা হয়। সভ্য দৃষ্টিৰ হ’লে কোনো বিকাৰ নাথাকে। পিতাই কিমান সহজকৈ বুজায় কিন্তু সন্তানসকলৰ এইটোও স্মৃতিত নাথাকে কিয়নো আসুৰিক দৃষ্টিৰ হয়। সেয়েহে ছিঃ ছিঃ জগতখনেই তেওঁলোকৰ স্মৃতিলৈ আহে। পিতাই কয় - এইখন জগতক পাহৰি যোৱা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এনেকুৱা যোগী হ’ব লাগে যাতে শৰীৰৰ প্ৰতি অলপো মমত্ব নাথাকে। কোনোধৰণৰ ছিঃ ছিঃ বস্তুৰ প্ৰতি যাতে আসক্তি নাথাকে। অৱস্থা এনেকুৱা উপৰাম হ’ব লাগে। আনন্দৰ পাৰাপাৰ থাকিব নালাগে ।

(2) মৃত্যু শিৰত বিৰাজমান হৈ আছে সেইকাৰণে শুভ কামত পলম কৰিব নলাগে। কালিলৈ কৰিম বুলি এৰিব নালাগে।

বৰদান:
অতিকৈ চতুৰ পিতাৰ সৈতে চতুৰালি কৰাৰ পৰিৱৰ্তে উপলব্ধি কৰাৰ শক্তিৰে সকলো পাপৰ পৰা মুক্ত হোৱা

বহুত সন্তানে অতিকৈ চতুৰ পিতাৰ সৈতেও চতুৰালি কৰে - নিজৰ কাম সিদ্ধ কৰিবলৈ নিজৰ নাম ভাল কৰিবলৈ সেই সময়ত উপলব্ধি কৰি লয় কিন্তু সেই উপলব্ধিত শক্তি নাথাকে সেইবাবে পৰিৱৰ্তন নহয়। বহুত আছে যিসকলে ভাবে যে এইটো ঠিক নহয় কিন্তু ভাবে যে ক’ৰবাত যাতে নাম বেয়া নহয় সেয়েহে নিজৰ বিবেকক হত্যা কৰে সেয়াও পাপৰ হিচাব-নিকাচত জমা হয় সেয়েহে চতুৰালি ত্যাগ কৰি সঁচা আন্তৰিক উপলব্ধিৰে নিজক পৰিৱৰ্তন কৰি পাপৰ পৰা মুক্ত হোৱা।

স্লোগান:
জীৱনত থাকিও ভিন্ন ভিন্ন বন্ধনৰ পৰা মুক্ত হৈ থকাটোৱেই জীৱনমুক্ত স্থিতি।


পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

সন্তুষ্টজনক সন্তুষ্ট কৰি ৰখা, স্নেহীক স্নেহ দিয়া, সহযোগীৰ লগত সহযোগী হোৱা – এয়া মহা বীৰত্ব নহয়, কিন্তু কোনোবা যিমানেই অসহযোগী নহওঁক, নিজৰ সহযোগৰ শক্তিৰে অসহযোগীজনকো সহযোগী কৰি তোলা ইয়াক মহা বীৰত্ব বুলি কোৱা হয়। দুৰ্বলজনক দুৰ্বল বুলি ভাবি এৰি নিদিবা। তাৰ পৰিৱৰ্তে তেওঁক শক্তি দি শক্তিমান কৰি তোলা, দুৰ্বলজনক উচ্চলৈ জপিওৱাৰ যোগ্য কৰি তোলা তেতিয়া মহাবীৰ বা সকলোৰে উপকাৰ কৰোঁতা বুলি কোৱা হ’ব।