04.07.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – বন্ধনমুক্ত হৈ সেৱাত তৎপৰ হৈ থাকা, কিয়নো এই সেৱাত বহুত উচ্চ উপাৰ্জন হয়, 21 জন্মৰ কাৰণে তোমালোক বৈকুণ্ঠৰ মালিক হৈ যোৱা”

প্ৰশ্ন:
প্ৰতিজন সন্তানে কোনটো অভ্যাস কৰিব লাগে?

উত্তৰ:
মুৰুলীৰ সাৰ কথাবোৰৰ ওপৰত বুজোৱাৰ। ব্ৰাহ্মণী (শিক্ষক) যদি ক’ৰবাত গুচি যায় তেন্তে পৰস্পৰ লগ হৈ পাঠদান চলাই যাব লাগে। যদি মুৰুলীৰ শুনাবলৈ নিশিকা তেন্তে নিজৰ সমান কৰি কেনেকৈ গঢ়ি কৰি তুলিবা। ব্ৰাহ্মণী নহ’লে বিবুদ্ধিত পৰিব নালাগে। পাঠতো সৰল। পাঠদান চলাই গৈ থাকা, এইটোও অভ্যাস কৰিব লাগে।

গীত:
মুখৰা দেখ লে প্ৰাণী....... (চেহেৰা চাই লোৱা প্ৰাণী.......)

ওঁম্শান্তি।
সন্তানসকলে যেতিয়া শুনা তেতিয়া নিজক আত্মা বুলি নিশ্চয় কৰি বহিবা আৰু এইটো নিশ্চয় কৰা যে পিতা পৰমাত্মাই আমাক শুনাই আছে। এই নিৰ্দেশনা অথবা মত এজন পিতাইহে দিয়ে। তাকেই শ্ৰীমত বুলি কোৱা হয়। শ্ৰী অৰ্থাৎ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। তেওঁ হৈছে বেহদৰ পিতা, যাক উচ্চতকৈও উচ্চ ভগৱান বুলি কোৱা হয়। বহুত মনুষ্য আছে যিয়ে সেই প্ৰেমেৰে পৰামাত্মাক পিতা বুলি জ্ঞানো নকৰে। যদিও শিৱৰ ভক্তি কৰে, বহুত স্নেহেৰে স্মৰণ কৰে কিন্তু মনুষ্যই কৈ দিছে যে সকলোতে পৰমাত্মা আছে, গতিকে সেই প্ৰেম কাৰ প্ৰতি ৰাখিব সেইকাৰণে পিতাৰ প্ৰতি অপ্ৰীতিকৰ বুদ্ধিৰ হৈ গৈছে। ভক্তিত যেতিয়া কিবা দুখ বা ৰোগ আদি হয় তেতিয়া প্ৰীতি দেখুৱায়। কয় - ভগৱান ৰক্ষা কৰক। সন্তানসকলে জানে যে গীতা হৈছে শ্ৰীমত ভগৱানৰ মুখেৰে গায়ন কৰা। আৰু অন্য কোনো এনেকুৱা শাস্ত্ৰ নাই য’ত ভগৱানে ৰাজযোগ শিকায় বা শ্ৰীমত দিয়ে। এখনেই ভাৰতৰ গীতা, যাৰ প্ৰভাৱো বহুত। এখন গীতাহে ভগৱানে গায়ন কৰিছে, ভগৱান বুলি ক’লে এক নিৰাকাৰৰ ফালেহে দৃষ্টি যায়। আঙুলিৰ দ্বাৰা ওপৰলৈ ইংগিত দিব। শ্ৰীকৃষ্ণৰ কাৰণে এনেকৈ কেতিয়াও কোৱা নহ’ব কিয়নো তেওঁতো দেহধাৰী হয়। তোমালোকে এতিয়া তেওঁৰ সৈতে সম্পৰ্কৰ কথা জানিছা সেইকাৰণে কোৱা হয় পিতাক স্মৰণ কৰা, তেওঁৰ সৈতে প্ৰীতি ৰাখা। আত্মাই নিজৰ পিতাক স্মৰণ কৰে। এতিয়া সেই ভগৱানে সন্তানসকলক পঢ়াই আছে। গতিকে সেইটো নিচা বহুত বাঢ়ি থাকিব লাগে। আৰু নিচা স্থায়ীও হ’ব লাগে। এনেকুৱা নহয় যে ব্ৰাহ্মণী সন্মুখত থাকিলে তেতিয়া নিচা থাকিব, ব্ৰাহ্মণী নাথাকিলে নিচা উৰি যাব। বচ্‌, ব্ৰাহ্মণী নহ’লে আমি ক্লাছ আগবঢ়াই নিব নোৱাৰো। কোনোবা কোনোবা সেৱাকেন্দ্ৰৰ কাৰণে বাবাই বুজায় – কোনোবাতো সেৱাকেন্দ্ৰৰ পৰা 5-6 মাহৰ বাবেও ব্ৰাহ্মণী ওলায় যায় তেতিয়া পৰস্পৰ সেৱাকেন্দ্ৰৰ তত্তাৱধান লয় কিয়নো পঢ়াতো সৰল। কোনোবাতো ব্ৰাহ্মণী অবিহনে অন্ধ লেঙেৰা হৈ যায়। ব্ৰাহ্মণী ওলায় গ’ল তেতিয়া সেৱাকেন্দ্ৰলৈ অহা এৰি দিব। হেৰ’, বহুত বহি আছা, পাঠদান আগবঢ়াই নিব নোৱাৰা জানো। গুৰু বাহিৰলৈ গুচি গ’লে শিষ্যই পাছলৈ তত্তাৱধান লয় নহয়। সন্তানসকলে সেৱা কৰিব লাগে। শিক্ষাৰ্থীসকলৰ ভিতৰত ক্ৰম অনুসৰি থাকেই। বাপদাদাই জানে প্ৰথম শ্ৰেণীৰসকলক ক’লৈ পঠিয়াব লাগে। সন্তানসকলে ইমান বছৰে শিকি আছে, কিবাতো ধাৰণা হ’ব যে পৰস্পৰ লগ হৈ সেৱাকেন্দ্ৰৰ তত্তাৱধান ল’ব। মুৰুলীতো পোৱাই যায়। সাৰ কথবোৰৰ আধাৰতে বুজোৱা হয়। শুনাৰ অভ্যাস হৈ গ’ল কিন্তু শুনোৱাৰ অভ্যাস নহয়। স্মৃতিত থাকিলেতো ধাৰণাও হ’ব। সেৱাকেন্দ্ৰত এনেকুৱা কোনোবা থাকিব লাগে যিয়ে ক’ব, বাৰু - ব্ৰাহ্মণী ক’ৰবালৈ গৈছে, মই সেৱাকেন্দ্ৰৰ তত্তাৱধান ল’ম। বাবাই ব্ৰাহ্মণীক সেৱাৰ কাৰণে ক’ৰবাত ভাল সেৱাকেন্দ্ৰলৈ পঠিয়াইছে। ব্ৰাহ্মণী নাথাকিলে বিবুদ্ধিত পৰা উচিত নহয়। ব্ৰাহ্মণীৰ দৰে নহ’লে অন্যক নিজৰ সমান কৰি কেনেকৈ গঢ়ি তুলিবা, প্ৰজা কেনেকৈ তৈয়াৰ কৰিবা। মুৰুলীতো সকলোৱে পায়। সন্তানসকল আনন্দিত হ’ব লাগে আমি গাদীত বহি বুজাওঁ। অভ্যাস কৰিলে সেৱাৰ যোগ্য হ’ব পৰা যায়। বাবাই সোধে - সেৱা কৰিব পৰা হৈছানে? তেতিয়া কোনো ওলাই নাহে। সেৱাৰ কাৰণে ছুটী লৈ ল’ব লাগে। য’ৰ পৰাই সেৱাৰ কাৰণে নিমন্ত্ৰণ আহে তালৈ ছুটী লৈ গুচি যাব লাগে। যিসকল বন্ধনমুক্ত সন্তান আছে তেওঁলোকে এনেকুৱা সেৱা কৰিব পাৰে। সেই চৰকাৰখনতকৈতো এইখন চৰকাৰৰ উপাৰ্জন বহুত উচ্চ। ভগৱানে পঢ়ায়, যাৰ দ্বাৰা তোমালোক 21 জন্মৰ কাৰণে বৈকুণ্ঠৰ মালিক হৈ যোৱা। কিমান শ্ৰেষ্ঠ উপাৰ্জন, সেই উপাৰ্জনৰ পৰা কি পাবা? অলপ সময়ৰ বাবে সুখ। ইয়াততো বিশ্বৰ মালিক হৈ যোৱা। যাৰ দৃঢ় নিশ্চয়তা আছে তেওঁলোকেতো ক’ব আমি এই সেৱাত লাগি যাওঁ। কিন্তু সম্পুৰ্ণ নিচা থাকিব লাগিব। চাব লাগে যে আমি কাক বুজাব পাৰো! বহুত সহজ। কলিযুগৰ অন্তত ইমান কোটি মনুষ্য, সত্যযুগত নিশ্চয় কম হ’ব। তাৰ স্থাপনাৰ কাৰণে নিশ্চয় পিতা সংগমতেই আহিব। পুৰণি সৃষ্টিৰ বিনাশ হ’ব। মহাভাৰত যুদ্ধও প্ৰসিদ্ধ। এই যুদ্ধ তেতিয়াহে হয় যেতিয়া ভগৱান আহি সত্যযুগৰ কাৰণে ৰাজযোগ শিকাই ৰজাৰো ৰজা কৰি তোলে। কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰায়। তেওঁ কয় – দেহ সহিত দেহৰ সকলো সম্বন্ধ এৰি মামেকম্ (কেৱল মোক) স্মৰণ কৰিলে পাপ খণ্ডন হৈ গৈ থাকিব। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা - এইটোৱে পৰিশ্ৰম। যোগৰ অৰ্থ এগৰাকী মনুষ্যইও নাজানে।

পিতাই বুজায় - ভক্তিমাৰ্গো ড্ৰামাত নিৰ্ধাৰিত আছে। ভক্তিমাৰ্গ চলিবই। জ্ঞান, ভক্তি, বৈৰাগ্যৰ খেল ৰচি থোৱা আছে। বৈৰাগ্যও দুই প্ৰকাৰৰ। এক হদৰ বৈৰাগ্য, দ্বিতীয়তে হৈছে এই বেহদৰ বৈৰাগ্য। এতিয়া তোমালোক সন্তানসকলে গোটেই পুৰণি সৃষ্টিখনক পাহৰি যাবৰ বাবে পুৰুষাৰ্থ কৰা কিয়নো তোমালোকে জানা যে আমি এতিয়া শিৱালয়, পৱিত্ৰ সৃষ্টিলৈ গৈ আছোঁ। তোমালোক সকলো ব্ৰহ্মাকুমাৰ-কুমাৰী ভাই ভনী হোৱা। বিকাৰী দৃষ্টি যাব নোৱাৰে। আজিকালিতো সকলোৰে দৃষ্টি কু-দৃষ্টি হৈ গ'ল। তমোপ্ৰধান হ'ল নহয়। ইয়াৰ নামেই হৈছে নৰক কিন্তু নিজকে জানো নৰকবাসী বুলি বুজে। নিজৰ পৰিচয় নাই সেয়েহে কৈ দিয়ে স্বৰ্গ-নৰক ইয়াতেই আছে। যাৰ মনত যি আহে সেয়াই কৈ দিয়ে। ইয়াততো কোনো স্বৰ্গ নাই। স্বৰ্গততো ৰাজধানী আছিল। ধাৰ্মিক, শ্ৰেষ্ঠাচাৰী আছিল। কিমান শক্তি আছিল। এতিয়া পুনৰ তোমালোকে পুৰুষাৰ্থ কৰি আছা। বিশ্বৰ মালিক হৈ যাবা। ইয়ালৈ তোমালোক আহাই বিশ্বৰ মালিক হ’বলৈ। স্বৰ্গ স্থাপনা কৰোঁতা ঈশ্বৰ পিতা যাক শিৱ পৰমাত্মা বুলি কোৱা হয়, তেওঁ তোমালোকক পঢ়ায়। সন্তানসকলৰ কিমান নিচা থকা উচিত। একেবাৰে সহজ জ্ঞান। তোমালোক সন্তানসকলৰ মাজত যিবোৰ পুৰণি অভ্যাস আছে সেইবোৰ ত্যাগ কৰিব লাগে। ঈৰ্ষাৰ অভ্যাসেও বহুত লোকচান কৰি দিয়ে। তোমালোকৰ সকলো নিৰ্ভৰ কৰে মুৰুলীৰ ওপৰত, তোমালোকে যাকে হ'লেও মুৰুলীৰ দ্বাৰা বুজাব পাৰা। কিন্তু অন্তৰত ঈৰ্ষা থাকে - এওঁ জানো ব্ৰাহ্মণী, এওঁ কি জানে। বচ্‌, পিছদিনাখন নাহিবই। এনেকুৱা পুৰণি অভ্যাসবোৰ আছেই, যাৰ কাৰণে অহিতো হয়। জ্ঞানতো একেবাৰে সহজ। কুমাৰীসকলৰতো কোনো পেছাগত কাম-কাজ আদিও নাই। তেওঁলোকক সোধা হয় সেই পঢ়া ভাল নে এই পঢ়া ভাল? তেতিয়া কয় এয়া বহুত ভাল। বাবা - এতিয়া আমি সেই পঢ়া নপঢ়োঁ। অন্তৰে নিবিচাৰে। লৌকিক পিতাৰ জ্ঞান নাথাকিলেতো মাৰ খাব। আকৌ কোনো কোনো কন্যা দুৰ্বলো হয়। বুজাব লাগে নহয় যে এই পঢ়াৰ দ্বাৰা মই মহাৰাণী হ’মগৈ। সেই পঢ়াৰ দ্বাৰা কি পাই-পইচাৰ চাকৰি কৰিম। এই পঢ়াইতো ভৱিষ্যত 21 জন্মৰ কাৰণে স্বৰ্গৰ মালিক কৰি তোলে। প্ৰজাও স্বৰ্গবাসীতো হয় নহয়। এতিয়া সকলো হৈছে নৰকবাসী।

এতিয়া পিতাই কয় - তোমালোক সৰ্বগুণ সম্পন্ন আছিলা। এতিয়া তোমালোকেই কিমান তমোপ্ৰধান হৈ গৈছা। ছিৰি তললৈ (অৱনমিত হৈ) নামি আহিছা। ভাৰত যাক সোণৰ চৰাই (অতি সমৃদ্ধিশালী) বুলি কোৱা হৈছিল, এতিয়াতো পাথৰৰ বুলিও নকয়। ভাৰত 100 শতাংশ চহকী আছিল। এতিয়া 100 শতাংশ কঙাল হৈ গ’ল। তোমালোকে জানা যে আমি বিশ্বৰ মালিক পাৰসনাথ আছিলোঁ। পুনৰ 84 জন্ম লৈ লৈ এতিয়া পাথৰনাথ হৈ গ’লোঁ। হওঁতেতো মনুষ্যই হয় কিন্তু পাৰসনাথ আৰু পাথৰনাথ বুলি কোৱা হয়। গীতো শুনিলা - নিজৰ অন্তৰখন চোৱা মই কিমানলৈকে লায়ক হৈছোঁ। নাৰদৰ উদাহৰণ আছে নহয়। দিনে-প্ৰতিদিনে তললৈ নামি আহে। তললৈ নামি নামি একেবাৰে পিটনিত ডিঙিলৈকে আবদ্ধ হৈ যায়। এতিয়া তোমালোক ব্ৰাহ্মণসকলে সকলোকে টিকনিত ধৰি পিটনিৰ পৰা বাহিৰলৈ উলিয়াই আনা। অন্য কোনো ঠাইয়েই নাই ধৰিবলৈ। সেয়েহে টিকটিত ধৰিবলৈ সহজ হয়। পিটনিৰ পৰা বাহিৰ কৰিবলৈ টিকনিত ধৰিবলগীয়া হয়। পিটনিত এনেকৈ আবদ্ধ হৈ আছে যে তাৰ কথাই নুসুধিবা। ভক্তিৰ ৰাজ্য হয় নহয়। এতিয়া তোমালোকে কোৱা যে বাবা - আমি কল্প পূৰ্বেও ৰাজ্য-ভাগ্য ল’বলৈ আপোনাৰ ওচৰলৈ আহিছিলোঁ। লক্ষ্মী-নাৰায়ণৰ মন্দিৰ যদিও নিৰ্মাণ কৰি থাকে কিন্তু তেওঁলোকে এইটো নাজানে যে এওঁলোক (লক্ষ্মী-নাৰায়ণ) বিশ্বৰ মালিক কেনেকৈ হ’ল। এতিয়া তোমালোক কিমান বিচাৰ বুদ্ধি সম্পন্ন হৈছা। তোমালোকে জানা যে এওঁলোকে (লক্ষ্মী-নাৰায়ণে) ৰাজ্য-ভাগ্য কেনেকৈ প্ৰাপ্ত কৰিলে। আকৌ 84 জন্ম কেনেকৈ ল’লে। বিৰলাই (এগৰাকী চহকী ব্যক্তি) কিমান মন্দিৰ নিৰ্মাণ কৰে। যেনেকৈ পুতলা সাজে। সেয়া হৈছে সৰু সৰু পুতলা এয়া আকৌ বৃহৎ পুতলা নিৰ্মাণ কৰে। চিত্ৰ অংকন কৰি পূজা কৰে। তেওঁলোকৰ বৃত্তিক নজনাতো সেয়া পুতলাৰ পূজা হৈ নগ’ল জানো। এতিয়া তোমালোকে জানা পিতাই আমাক কিমান চহকী কৰি তুলিছিল, এতিয়া কিমান গৰিব হৈ গৈছোঁ। যিসকল পূজ্য আছিল, সেইসকল এতিয়া পূজাৰী হৈ গ’ল। ভক্তসকলে ভগৱানৰ কাৰণে কৈ দিয়ে - তেওঁৱেই পূজ্য তেওঁৱেই পূজাৰী। আপুনিয়েই সুখ দিয়ে, আপুনিয়েই দুখ দিয়ে। সকলোবোৰ আপুনিয়েই কৰি থাকে। বচ, ইয়াতেই মগ্ন হৈ যায়, কয় - আত্মা নিৰ্লেপ, যিহকে পোৱা খোৱা-বোৱা আনন্দ কৰা, শৰীৰত লেপ পৰে, সেয়া গংগাত স্নান কৰিলেই শুদ্ধ হৈ যাব। যি বিচৰা তাকে খোৱা। কি কি ফেশ্বন। বচ, যিয়ে যি ৰীতি-নীতি অভ্যাস কৰিলে সেয়াই প্ৰচলিত হৈ যায়। এতিয়া পিতাই বুজায় - বিষয় সাগৰৰ পৰা ওলাই শিৱালয়লৈ ব’লা। সত্যযুগক ক্ষীৰসাগৰ বুলি কোৱা হয়। এইখন হৈছে বিষয় সাগৰ। তোমালোকে জানা যে আমি 84 জন্ম লৈ পতিত হৈ গলোঁ, সেইবাবেহে পতিত-পাৱন পিতাক আহ্বান জনোৱা। চিত্ৰৰ ওপৰত বুজালে তেতিয়া মনুষ্যই সহজে বুজি পায়। ছিৰিৰ চিত্ৰত সম্পূৰ্ণভাৱে 84 জন্মৰ কাহিনী আছে। ইমান সহজ কথাও কাৰোবাক বুজাব নোৱাৰিলে তেতিয়া বাবাই বুজিব যে পূৰাকৈ নপঢ়ে। উন্নতি নকৰে।

তোমালোক ব্ৰাহ্মণসকলৰ কৰ্তব্য হৈছে - ভোমোৰাৰ দৰে পোক-পতংগক ভোঁ ভোঁ কৰি নিজৰ সমান কৰি তোলা। আৰু তোমালোকৰ পুৰুষাৰ্থ হ’ল - সাপৰ দৰে পুৰণি ছাল (মোট) এৰি নতুন লোৱাৰ। তোমালোকে জানা যে এয়া পুৰণি পচি যোৱা শৰীৰ, ইয়াক এৰিব লাগে। এই সৃষ্টিও পুৰণি। শৰীৰো পুৰণি। এয়া এৰি এতিয়া নতুন সৃষ্টিলৈ যাব লাগে। তোমালোকৰ এই পঢ়া হৈছেই নতুন সৃষ্টি স্বৰ্গৰ কাৰণে। এই পুৰণি সৃষ্টিৰ বিনাশ হ’ব। সাগৰৰ এটা ঢৌতে সকলো তচনচ হৈ যাব। বিনাশতো হ’বই নহয়। প্ৰাকৃতিক দুৰ্যোগৰ পৰা কোনেও ৰক্ষা পাব নোৱাৰে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ভিতৰত ঈৰ্ষা আদিৰ যি পুৰণি অভ্যাস আছে, সেয়া এৰি পৰস্পৰ অতি স্নেহেৰে মিলিজুলি থাকিব লাগে। ঈৰ্ষাৰ বাবে পঢ়া এৰিব নালাগে।

(2) এই পুৰণি পচি যোৱা শৰীৰৰ বোধ এৰি দিব লাগে। ভোমোৰাৰ দৰে জ্ঞানৰ ভোঁ ভোঁ কৰি কীটবোৰক নিজৰ সমান কৰি গঢ়ি তোলাৰ সেৱা কৰিব লাগে। এই আত্মিক বেপাৰত লাগি যাব লাগে।

বৰদান:
মনৰ বন্ধনৰ পৰা মুক্ত, অতীন্দ্ৰিয় সুখৰ অনুভূতি কৰোঁতা মুক্তিদাতা হোৱা

অতীন্দ্ৰিয় সুখত দুলি থকা - এয়া সংযমযুগী ব্ৰাহ্মণৰ বিশেষত্ব। কিন্তু মনৰ সংকল্পৰ বন্ধনে আন্তৰিক আনন্দ বা অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰিবলৈ নিদিয়ে। ব্যৰ্থ সংকল্প, ঈৰ্ষা, অমনোযোগিতা বা আলস্যৰ সংকল্পৰ বন্ধনত বান্ধ খোৱা মানেই মনৰ বন্ধন, এনেকুৱা আত্মাই অভিমানৰ বশত আনৰেই দোষৰ কথা ভাবি থাকে, তেওঁলোকৰ উপলব্ধি কৰাৰ শক্তি সমাপ্ত হৈ যায় সেই কাৰণে এই সূক্ষ্ম বন্ধনৰ পৰা মুক্ত হোৱা তেতিয়া মুক্তি দাতা হ’ব পাৰিবা।

স্লোগান:
আনন্দৰ খনিৰে এনেকৈ সম্পন্ন হৈ থাকা যাতে তোমালোকৰ ওচৰলৈ দুখৰ লহৰো নাহে।


অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা

যিকোনো শ্ৰেষ্ঠ সংকল্প ৰূপী বীজ ফলপ্ৰসূ কৰাৰ সহজ সাধন এটাই - সেয়া হৈছে সদায় বীজ ৰূপ পিতাৰ পৰা সকলো সময়ত সৰ্ব শক্তিৰ বল আহৰণ কৰি সেই বীজত ভৰাই থাকা। বীজ ৰূপৰ দ্বাৰা তোমালোকৰ সংকল্প ৰূপী বীজ সহজ আৰু স্বতঃ বৃদ্ধি হৈ ফলপ্ৰসূ হৈ যাব। সংকল্প শক্তি জমা হৈ যাব।