04.07.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
জ্ঞান সাগৰ পিতা তোমালোকক জ্ঞানৰ তৃতীয় নেত্ৰ দিবলৈ আহিছে, যাৰ দ্বাৰা আত্মাৰ জ্যোতি
জ্বলি উঠে”
প্ৰশ্ন:
পিতাক
কৰণকৰাৱনহাৰ বুলি কিয় কোৱা হয়? তেওঁ কি কৰে আৰু কি কৰায়?
উত্তৰ:
বাবাই কয় - মই তোমালোক সন্তানসকলক মুৰুলী শুনোৱাৰ কাৰ্য কৰোঁ। মুৰুলী শুনাওঁ,
মন্ত্ৰ দিওঁ আৰু তোমালোকক যোগ্য কৰি তোলোঁ আকৌ তোমালোকৰ দ্বাৰা স্বৰ্গৰ উদ্ঘাটন
কৰাওঁ। তোমালোক পয়গম্বৰ হৈ সকলোকে বাৰ্তা দিয়া। মই তোমালোক সন্তানসকলক নিৰ্দেশনা
দিওঁ, এয়াই মোৰ কৃপা বা আশীৰ্বাদ।
গীত:
য়হ কৌন আয়া আজ
চবেৰে চবেৰে…… (এয়া কোন আহিল আজি প্ৰভাতে প্ৰভাতে……)
ওঁম্শান্তি।
সন্তানসকলে
গীতটি শুনিলা। আমাক অৰ্থাৎ সন্তানসকলক পুৱাতে জগাবলৈ কোন আহিছে যে আমাৰ জ্ঞানৰ
তৃতীয় নেত্ৰ একেবাৰে মুকলি হৈ গ’ল? জ্ঞান সাগৰ পৰমপিতা পৰমাত্মাৰ দ্বাৰা আমাৰ
জ্ঞানৰ তৃতীয় নেত্ৰ মুকলি হৈছে। এনেকৈ কয়ো যে পিতা জ্যোতি জ্বলাওঁতা হয়। কিন্তু তেওঁ
পিতা হয় - এইটো কোনেও নাজানে। ব্ৰহ্ম-সমাজীসকলে কয় তেওঁ অগ্নি শিখা, জ্যোতি।
মন্দিৰত সদায় সেই জ্যোতিয়েই জ্বলায় কিয়নো পৰমাত্মাক তেওঁলোকে জ্যোতি স্বৰূপ বুলি
মানে, সেইবাবে তাত মন্দিৰত বন্তি জ্বলায়েই ৰাখে। এতিয়া এই পিতাই কোনো জুইশলাৰে বন্তি
নজ্বলায়। এয়াতো কথাই অনন্য। গায়নো কৰা হয় – ঈশ্বৰৰ গতি মত অনন্য। তোমালোক সন্তানসকলে
এতিয়া বুজি পোৱা যে পিতাই সৎগতিৰ বাবে আহি জ্ঞান-যোগ শিকায়। শিকাওঁতাতো নিশ্চয় লাগে
নহয়। শৰীৰেতো নিশিকাব। আত্মায়েই সকলো কৰে। আত্মাতেই ভাল বেয়া সংস্কাৰ থাকে। এই সময়ত
ৰাৱণৰ প্ৰৱেশতাৰ বাবে মনুষ্যৰ সংস্কাৰো বেয়া অৰ্থাৎ 5 বিকাৰৰ প্ৰৱেশতা আছে।
দেৱতাসকলৰ এই 5 বিকাৰ নাথাকে। ভাৰতত যেতিয়া দৈৱী স্বৰাজ্য আছিল তেতিয়া এই 5 বিকাৰ
নাছিল। সৰ্বগুণ সম্পন্ন আছিল, দেৱী-দেৱতাসকলৰ কিমান ভাল সংস্কাৰ আছিল, যিবোৰ এতিয়া
তোমালোকে ধাৰণ কৰি আছা। পিতাহে আহি ছেকেণ্ডত সকলোকে সৎগতি দিয়ে। বাকী গুৰু গোঁসাই
আদি এয়াতো ভক্তি মাৰ্গত চলি আহিছে যিয়ে এজনৰো গতি সৎগতি কৰিব নোৱাৰে। পিতা আহিলেহে
সকলোৰে সৎগতি হয়। পৰমপিতা পৰমাত্মাক এইবাবেই আহ্বান জনায় যে আহি পতিত সৃষ্টিৰ বিনাশ
কৰি পাৱন সৃষ্টিৰ উদ্ঘাটন কৰক বা দ্বাৰ মুকলি কৰক। পিতা আহি শিৱশক্তি মাতাসকলৰ
দ্বাৰা দ্বাৰ মুকলি কৰায়। ‘বন্দে মাতৰম্’ বুলি গায়ন কৰা হৈছে। এই সময়ৰ কোনো মাতাৰ
বন্দনা কৰা নহয় কিয়নো কোনো শ্ৰেষ্ঠাচাৰী মাতা নাই। শ্ৰেষ্ঠাচাৰী বুলি তেওঁলোকক কোৱা
হয় যিসকল যোগবলেৰে জন্ম লয়। লক্ষ্মী-নাৰায়ণক শ্ৰেষ্ঠাচাৰী বুলি কোৱা হয়। ভাৰতত
যেতিয়া দেৱী-দেৱতা আছিল তেতিয়া ভাৰত শ্ৰেষ্ঠাচাৰী আছিল। এই কথাবোৰ মনুষ্যইতো
নাজানেই। তেওঁলোকে নিজৰেই পৰিকল্পনা কৰি আছে। গান্ধীয়েও ৰামৰাজ্য বিচাৰিছিল, ইয়াৰ
পৰা সিদ্ধ হয় যে এয়া ৰাৱণৰাজ্য। ভাৰত পতিত হয়। কিন্তু ৰামৰাজ্য স্থাপন কৰিবৰ বাবে
বেহদৰ বাপুজী লাগে, যি ৰামৰাজ্যৰ স্থাপনা আৰু ৰাৱণৰাজ্যৰ বিনাশ কৰিব। সন্তানসকলে
জানে যে ৰাৱণ ৰাজ্যত এতিয়া জুই লাগিব। সকলো আত্মা অজ্ঞান অন্ধকাৰত শুই আছে। তোমালোকে
জানা যে আমিও শুই আছিলোঁ, পিতা আহি জগালে। ভক্তিৰ ৰাতি পূৰা হ’ল, দিন আৰম্ভ হয়। ৰাতি
পূৰা হৈ এতিয়া দিন হৈ আছে। পিতা সংগমত আহিছে। সন্তানসকলক দিব্য দৃষ্টি আৰু জ্ঞানৰ
তৃতীয় নেত্ৰ প্ৰদান কৰে, যাৰ দ্বাৰা তোমালোকে গোটেই বিশ্বক জানি গৈছা। তোমালোকৰ
বুদ্ধিত ধাৰণ হৈছে যে এইখন ৰচি থোৱা অবিনাশী নাটক, যি ঘূৰিয়েই থাকে। এতিয়া তোমালোক
কিমান জাগি উঠিছা, গোটেই জগত শুই আছে।
এতিয়া তোমালোক
সন্তানসকলে গোটেই বিশ্বৰ আদি-মধ্য-অন্ত, মূললোক, সূক্ষ্মলোক আৰু স্থূললোকৰ বিষয়ে গম
পোৱা। বাকী গোটেই জগত কুম্ভকৰ্ণৰ অজ্ঞান নিদ্ৰাত শুই আছে। এইটো কোনেও নাজানে যে
পতিত-পাৱন কোন হয়। কাতৰে আহ্বান জনায় - হে পতিত-পাৱন আহা। এনেকৈ নকয় যে আহি সৃষ্টিৰ
আদি-মধ্য-অন্তৰ ৰহস্য বুজাওঁক। পিতাই কয় - তোমালোকে এই সৃষ্টি চক্ৰক বুজি পালে
চক্ৰৱৰ্তী ৰজা হোৱা। স্মৃতিৰ দ্বাৰাই পাৱন হোৱা। এইটোও জানা যে বিনাশ সমাগত, যুদ্ধও
লাগিব। বাকী কৌৰৱ পাণ্ডৱৰ যুদ্ধ হোৱা নাই। পাণ্ডৱ কোন আছিল! এইটোও কোনেও গম নাপায়।
সেনা আদিৰ কোনো কথাই নাই। তোমালোকৰ পক্ষত আছে সাক্ষাৎ পাৰলৌকিক পৰমপিতা। সেই পিতাৰ
পৰাই উত্তৰাধিকাৰ পোৱা যায়। তোমালোকে জানি গৈছা যে শ্ৰীকৃষ্ণৰ আত্মাই 84 জন্ম ভোগ
কৰি এতিয়া পুনৰ পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছে। বিশ্বৰ বুৰঞ্জী-ভূগোল পুনৰাবৃত্তি হয়।
এতিয়া তোমালোক সন্তানসকল বিনাশৰ আগতে সতোপ্ৰধান নিশ্চয় হ’ব লাগে। গৃহস্থালিত থাকি
পদুম ফুলৰ দৰে পৱিত্ৰ হৈ থাকিব লাগে। গায়নো আছে ভগৱানুবাচ, গৃহস্থালিত থাকি এই এটা
জন্ম পৱিত্ৰ হোৱা। যি হৈ গ’ল সেয়া হৈ গ’ল। এয়াতো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। সৃষ্টি
সতোপ্ৰধান হ’বই, এয়া ড্ৰামাৰ নিয়তি। ঈশ্বৰৰ নিয়তি নহয়, ড্ৰামাৰ নিয়তি এনেদৰেই ৰচিত
হৈ আছে। সেয়া পিতাই বহি বুজায়। আধাকল্প যেতিয়া পূৰা হয় তেতিয়া পিতা আহে। পিতাই কয় -
যেতিয়া ৰাতি পূৰা হৈ দিন আৰম্ভ হ’বৰ হয় তেতিয়াহে মই আহোঁ। শিৱৰাত্ৰি বুলিও কয় নহয়।
শিৱৰ পূজাৰীয়ে শিৱৰাত্ৰি পালন কৰে। চৰকাৰেতো বন্ধৰ দিনো বাতিল কৰি দিছে। নহ’লতো অতি
কমেও এমাহ বন্ধ হোৱা উচিত। কোনেও গম নাপায় যে শিৱবাবা সকলোৰে সৎগতি কৰোঁতা হয়।
তেৱেঁই সকলোৰে দুখ হৰ্তা, সুখ কৰ্তা। তেওঁৰ জয়ন্তীতো বহুত ধুমধামেৰে এক মাহ সকলো
ধৰ্মাৱলম্বীয়ে পালন কৰিব লাগে। বিশেষকৈ ভাৰতক পিতাই পোনপটীয়াকৈ আহি সৎগতি দিয়ে।
যেতিয়া ভাৰত স্বৰ্গ আছিল তেতিয়া দেৱী-দেৱতাসকলৰ ৰাজত্ব আছিল, সেই সময়ত অন্য কোনো
ধৰ্মই নাছিল, দেৱতাসকল বিশ্বৰ মালিক আছিল। কোনো বিভাজন আদি নাছিল সেইকাৰণে কোৱা হয়
অটল, অখণ্ড, সুখ-শান্তি, সম্পত্তিৰ দৈৱী ৰাজ্য পুনৰাই আমি প্ৰাপ্ত কৰি আছোঁ। বেহদৰ
পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ 5 হাজাৰ বছৰ পূৰ্বেও প্ৰাপ্ত কৰিছিলোঁ। সূৰ্যবংশী
চন্দ্ৰবংশী ৰাজ্যত দুখৰ কোনো নাম নাছিল। গায়নো কৰা হয় - ৰাম ৰজা, ৰাম প্ৰজা, ৰাম….
তাত অধৰ্মৰ কোনো কথা নাই। বাবাই তোমালোকক ব্ৰহ্মা আৰু বিষ্ণুৰ বিষয়েও বুজাইছে যে এই
দুয়োগৰাকীৰ পৰস্পৰ কি সম্বন্ধ আছে। ব্ৰহ্মাৰ নাভিৰ পৰা বিষ্ণুৰ আবিৰ্ভাৱ হ’ল... এয়া
কেনেকুৱা আচৰিত চিত্ৰ অংকন কৰিছে। পিতাই বুজায় - এই লক্ষ্মী-নাৰায়ণেই অন্তিমত আহি
ব্ৰহ্মা সৰস্বতী, জগত-অম্বা, জগত-পিতা হয়, এই দুয়োগৰাকীয়েই পুনৰ বিষ্ণু অৰ্থাৎ
লক্ষ্মী-নাৰায়ণ হয়। পিতাই বহি বুজায় - যিবোৰ চিত্ৰ দেখিবলৈ পোৱা – এইবোৰৰ কোনোখনেই
যথাৰ্থ নহয়। শিৱৰ বৃহৎ চিত্ৰ সাজে, সেয়াও অযথাৰ্থ। ভক্তিৰ বাবে ডাঙৰকৈ সাজে। নহ’লে
বিন্দুৰ পূজা কেনেকৈ হ’ব পাৰে। বাৰু, আকৌ ব্ৰহ্মা, বিষ্ণু, শংকৰৰ ক্ষেত্ৰতো বুজিব
নোৱাৰে। ত্ৰিমূৰ্তি ব্ৰহ্মা বুলি কৈ দিয়ে। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, বিষ্ণুৰ দ্বাৰা
প্ৰতিপালন... এনেকৈও কয় কিন্তু ব্ৰহ্মাইতো স্থাপনা নকৰে। স্বৰ্গৰ স্থাপনা ব্ৰহ্মাই
কৰিব? নকৰে। স্বৰ্গৰ স্থাপনাতো পৰমপিতা পৰমাত্মাইহে কৰে। এই আত্মাটিতো পতিত হয়,
এওঁক ব্যক্ত ব্ৰহ্মা বুলি কোৱা হয়। এই আত্মাটিয়ে পাৱন হৈ যাব আৰু গুচি যাব। পুনৰ
সত্যযুগত গৈ নাৰায়ণ হয়। তেন্তে প্ৰজাপিতা ব্ৰহ্মা নিশ্চয় ইয়াতেই লাগিব নহয়। চিত্ৰ
আকৌ তাত দি দিছে। যেনেকৈ এই জ্ঞানৰ অলংকাৰ বাস্তৱত তোমালোকৰ কিন্তু বিষ্ণুক দি দিছে।
ঐকান্তিক ভক্তিতো সাক্ষাৎকাৰ হয়। মীৰাৰ নামো গায়ন কৰা হৈছে নহয়। পুৰুষৰ ভিতৰত এক
নম্বৰ ভক্ত হৈছে নাৰদ। মাতাসকলৰ ভিতৰত মীৰাৰ গায়ন কৰা হৈছে। তোমালোকে এতিয়া নাৰায়ণ
অথবা লক্ষ্মীক বৰণ কৰিবৰ বাবে এই জ্ঞান শুনি আছা। তোমালোকৰেই সয়ম্বৰ হয়। নাৰদৰ
ক্ষেত্ৰতো দেখুৱায় – সভাত আহি ক’লে মই লক্ষ্মীক বৰণ কৰিব পাৰো! এতিয়া লক্ষ্মীক বৰণ
কৰাৰ যোগ্য তোমালোক হৈ আছা। বাকী সেয়াতো হৈছে সকলো ভক্তি মাৰ্গৰ কথা। পিতাই সত্য কথা
বহি বুজায়। লক্ষ্মী সত্যযুগত, নাৰদ ভকত দ্বাপৰত। সত্যযুগত আকৌ নাৰদ ক’ৰ পৰা আহিল।
ৰাধা-কৃষ্ণৰেই সয়ম্বৰ হয় পাছত নাম লক্ষ্মী-নাৰায়ণ হয়। এয়াও ভাৰতবাসীয়ে নাজানে।
কিমান অজ্ঞান অন্ধকাৰ। পিতা হৈছে কল্যাণকাৰী। তোমালোককো কল্যাণকাৰী কৰি তোলে। এতিয়া
বিচাৰ সাগৰ মন্থন কৰিব লাগে অন্যকো কেনেকৈ বুজাওঁ। গতিকে পিতাই বুজায় যে চিত্ৰ আদি
কেনেকৈ বহি তৈয়াৰ কৰিছে। গান্ধীৰ নাভীৰ পৰা নেহেৰুৰ আবিৰ্ভাৱ হ’ল, এতিয়া ক’ত সেই
বিষ্ণু দেৱতা, ক’ত এই মনুষ্য… এই সকলোবোৰ কথা তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা।
ক্ৰমানুসৰি তোমালোক আনন্দিত হৈ থাকা। বেহদৰ পিতাই আমাক পঢ়াই আছে। এনেকৈতো কেতিয়াও
শুনা নাছিলা কিয়নো ‘গীতা'ততো কৃষ্ণ ভগৱানুবাচ বুলি লিখি দিছে। ভগৱান কেতিয়া আহিল,
কেতিয়া আহি গীতা শুনালে! তিথি তাৰিখ একোৱেই নাই। কল্পৰ আয়ুসেই লাখ লাখ বছৰ বুলি কৈ
দিয়ে। কাৰো বুদ্ধিত উদয় নহয়। এতিয়া পিতাই বহি সন্তানসকলক বুজায়। ব্ৰাহ্মণৰ বৃক্ষ
বৃদ্ধি হৈ গৈ থাকে। বৃদ্ধি হৈ হৈ অগণন হৈ যাব। তোমালোক সন্তানসকলে জানা বৰ্ণবোৰে
কেনেকৈ পৰিক্ৰমা লগায়। আমাৰ ব্ৰাহ্মণসকলৰ বৰ্ণ সকলোতকৈ উচ্চ। আমি হৈছোঁ ভাৰতৰ গুপ্ত
সঁচা আত্মিক সমাজ সেৱক। পৰমপিতা পৰমাত্মাই আমাৰ দ্বাৰা সেৱা কৰাই আছে। আমি আত্মিক
সেৱা কৰোঁ, তেওঁলোকে পাৰ্থিৱ সেৱা কৰে। তোমালোকক কয় - তোমালোকে ভাৰতৰ কি সেৱা কৰা?
তেতিয়া ক’বা - আমি হৈছোঁ আত্মিক সেৱাধাৰী। স্বৰ্গৰ উদ্ঘাটন কৰাই আছোঁ, স্থাপনা কৰাই
আছোঁ। শিৱবাবা হৈছে কৰণকৰাৱনহাৰ, যিয়ে কৰাই আছে। তেওঁ কৰেও। মুৰুলী কোনে শুনায়?
গতিকে কৰ্ম কৰে! তোমালোককো শিকায় যে এনেকৈ শুনোৱা। মহামন্ত্ৰ দিয়ে ‘মনমনাভৱ’ (নিজক
আত্মা বুলি বুজি পৰমপিতাক স্মৰণ কৰা)। কৰ্ম শিকালে নহয়। পুনৰ তোমালোকক কয় - আনকো
শিকোৱা, সেইকাৰণে কৰণকৰাৱনহাৰ বুলি কোৱা হয়। তোমালোক সন্তানসকলেও এয়াই শিক্ষা দিয়া।
পিতাক স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। এয়াই তোমালোক সন্তানসকলে বাৰ্তা দিব
লাগে। এনেকুৱা নহয় যে আনক বাৰ্তা দিবা আৰু নিজে স্মৃতিত নাথাকা তেন্তে কি হ’ব। আনে
পুৰুষাৰ্থ কৰি উচ্চলৈ গুচি যাব, বাৰ্তা দিওঁতাগৰাকী থাকি যাব। স্মৃতিত থকাৰ
পুৰুষাৰ্থ নকৰিলে ইমান উচ্চ পদ নাপায়। অন্যসকল স্মৃতিৰ যাত্ৰাৰে পাৱন হৈ যায়। যেনেকৈ
বাবাই বন্ধনত থকাসকলৰ উদাহৰণ দিয়ে। তেওঁলোক স্মৃতিত অধিক থাকে, নেদেখাকৈও চিঠি লিখে।
বাবা মই আপোনাৰ হৈ গৈছোঁ, মই নিশ্চয় পৱিত্ৰ হৈ থাকিম। তোমালোক সন্তানসকলৰ পিতাৰ সৈতে
প্ৰীতি বুদ্ধি আছে। তোমালোকৰে মালা গঁথা আছে। বিষ্ণুৰ মালা আৰু ৰুদ্ৰাক্ষৰ মালাৰ
ওপৰত মেৰু আছে। মালা হাতত লোৱাৰ লগে লগে প্ৰথমে ফুল আৰু দুটি দানা হাতত আহে, তাক
নমস্কাৰ জনায়। তাৰপাছত হৈছে মালা। তোমালোকে ভাৰতক স্বৰ্গ কৰি গঢ়ি আছা গতিকে এই মালা
তোমালোকৰেই স্মাৰক। পিতাই এয়া ‘গীতা’ জ্ঞান যজ্ঞ ৰচিছে, ইয়াত গোটেই পুৰণি সৃষ্টি
স্বাহা হ'ব। পিতা হৈছে আটাইতকৈ মৰমৰ পিতা। তোমালোকক ভৱিষ্যতৰ কাৰণে সৰ্বদা সুখৰ
উত্তৰাধিকাৰ দিয়ে - 21 জন্মৰ বাবে। যিসকলে কল্প পূৰ্বে উত্তৰাধিকাৰ লৈছিল তেওঁলোক
নিশ্চয় আহিব, ড্ৰামাৰ পৰিকল্পনা অনুসৰি। পিতাই কয় - সন্তানসকল সুখধামলৈ যাবলৈ হ’লে
পৱিত্ৰ হ'ব লাগে। মোক স্মৰণ কৰা, একোৱে বিচাৰিব নালাগে যে কৃপা কৰা বা সহায় কৰা।
নহয়। মইতো সকলোকে সহায় কৰোঁ। পুৰুষাৰ্থতো তোমালোকে কৰিব লাগে। আশীৰ্বাদৰ কথা নাই।
পিতাই কয় – মামেকম্ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা। স্মৰণ কৰাটো তোমালোকৰ কাম।
নিৰ্দেশনা দিয়া - এয়াই কৃপা। বাকী লাগিলে খোৱা, পান কৰা, ঘূৰা, ফুৰা… তোমালোকে
পৱিত্ৰ ভোজনহে গ্ৰহণ কৰি লাগে। আমি দেৱী-দেৱতা হওঁ, তাত পিয়াজ আদি থাকিব জানো। এই
সকলোবোৰ ইয়াত এৰিব লাগে। এই বস্তুবোৰ তাত নাথাকে। বীজেই নাথাকে। যেনেকৈ সত্যযুগত
বেমাৰ আদি নহয়। এতিয়া চোৱা কিমান বেমাৰ ওলাইছে। তাত তমোগুণী কোনো বস্তু নাথাকে।
প্ৰতিটো বস্তু সতোপ্ৰধান। ইয়াত চোৱা মনুষ্যই কি কি খায়। এতিয়া পিতাই সন্তানসকলক কয়
- মোক স্মৰণ কৰা অন্যৰ সংগ ত্যাগ কৰি মোৰ সৈতে সংগ গঢ়া তেতিয়া তোমালোক পাৱন হৈ যাবা।
ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যি হৈ গ’ল
সেয়া হৈ গ’ল, যি পাৰ হৈ গ'ল সেয়া পাহৰি, গৃহস্থালিত থাকি সতোপ্ৰধান হোৱাৰ পুৰুষাৰ্থ
কৰিব লাগে। বিনাশৰ আগতে পাৱন নিশ্চয় হ'ব লাগে।
(2) ভাৰতক স্বৰ্গ কৰি
তোলাৰ প্ৰকৃত সেৱাত তৎপৰ হৈ থাকিব লাগে। খোৱা-বোৱা বহুত শুদ্ধ হ'ব লাগে। পৱিত্ৰ
ভোজনহে গ্ৰহণ কৰিব লাগে।
বৰদান:
স্থূল কাৰ্য
কৰিও মনেৰে বিশ্ব পৰিবৰ্তনৰ সেৱা কৰোঁতা দায়িত্বশীল আত্মা হোৱা
যিকোনো স্থূল কাৰ্য
কৰোঁতে সদায় যাতে এইটো স্মৃতি থাকে যে মই বিশ্বৰ মঞ্চত বিশ্ব কল্যাণৰ সেৱাৰ অৰ্থে
নিমিত্ত। মই নিজৰ শ্ৰেষ্ঠ মনেৰে বিশ্ব পৰিবৰ্তনৰ কাৰ্যৰ গুৰু দায়িত্ব পাইছোঁ। এইটো
স্মৃতিৰে অমনোযোগিতা সমাপ্ত হৈ যাব আৰু সময়ো ব্যৰ্থত যোৱাৰ পৰা বাচি যাব। এটি এটি
ছেকেণ্ড অমূল্য বুলি বুজি বিশ্ব কল্যাণৰ বা জড়-চৈতন্যক পৰিবৰ্তন কৰাৰ কাৰ্যত সফল কৰি
থাকিবা।
স্লোগান:
এতিয়া যোদ্ধা হোৱাৰ সলনি নিৰন্তৰ যোগী হোৱা।
অব্যক্ত ইংগিত :
জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা
যেনেকৈ দুখী
আত্মাসকলৰ মনত এইটো আৱাজ আৰম্ভ হৈছে যে এতিয়া বিনাশ হওক, ঠিক তেনেদৰেই তোমালোক
বিশ্ব-কল্যাণকাৰী আত্মাসকলৰ মনতো এইটো সংকল্প উৎপন্ন হওক যে এতিয়া অতি সোনকালেই
সকলোৰে কল্যাণ হওক, তেতিয়াহে সমাপ্তি ঘটিব। বিনাশকাৰীসকলক কল্যাণকাৰী আত্মাসকলৰ
সংকল্পৰ ইংগিতৰ প্ৰয়োজন, সেইবাবেই নিজৰ সদাপ্ৰস্তুত হোৱাৰ শক্তিশালী সংকল্পৰ দ্বাৰা
জ্বালা ৰূপ যোগৰ দ্বাৰা বিনাশৰ জুইকুৰা অধিক তীব্ৰ কৰি তোলা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]