04.09.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সংগমত তোমালোকক মৰমৰ সাগৰ পিতাই মৰমৰহে উত্তৰাধিকাৰ দিয়ে, সেইবাবে তোমালোকে সকলোকে মৰম দিয়া, ক্ৰোধ নকৰিবা”

প্ৰশ্ন:
নিজৰ ৰেজিষ্টাৰ ঠিকে ৰাখিবৰ কাৰণে পিতাই তোমালোকক কোনটো মাৰ্গ দেখুৱাইছে?

উত্তৰ:
তোমালোকক পিতাই মৰমৰে মাৰ্গ দেখুৱায়, শ্রীমত দিয়ে সন্তানসকল প্ৰত্যেকৰে লগত মৰমেৰে চলা। কাকোৱে দুখ নিদিবা। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কোনো ওলোটা কাম নকৰিবা। সদায় এইটো পৰীক্ষা কৰা যে মোৰ কোনো আসুৰিক অৱগুণতো নাই? মেজাজীতো নহওঁ? কোনো কথাত ক্ষুণ্ণতো নহওঁ?

গীত:
য়হ ৱক্ত যা ৰহা হে.... (এই সময় অতিবাহিত হৈ গৈ আছে...)

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে গীতটি শুনিলে। দিনে-প্ৰতিদিনে নিজৰ ঘৰ অথবা লক্ষ্য সমীপত আহি থাকে। এতিয়া শ্রীমতে যি কয় সেই ক্ষেত্ৰত গাফিলতি নকৰিবা। পিতাৰ নিৰ্দেশনা পোৱা যায় যে সকলোকে বাৰ্তা দিয়া। সন্তানসকলে জানে লাখ লাখ কোটি কোটিক এই বাৰ্তা দিব লাগে। হয়তো কোনোবা সময়ত আহিও যাব। যেতিয়া বহুত হৈ যাব তেতিয়া বহুতক বাৰ্তা দিব। পিতাৰ বাৰ্তা পাবতো সকলোৱেই। বাৰ্তা হৈছে বহুত সহজ। কেৱল কোৱা নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰক আৰু কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা মন-বচন-কৰ্মত কোনো বেয়া কাম কৰিব নালাগে। প্ৰথমতে মনত আহে তাৰ পাছত বাণীত আহে। এতিয়া তোমালোকৰ ভুল-শুদ্ধ বুজিবৰ বাবে বুদ্ধি লাগে, এইটো পুণ্যৰ কাম, এইটো কৰিব লাগে। অন্তৰত সংকল্প উদয় হয় ক্ৰোধ কৰোঁ, এতিয়া বুদ্ধিতো পাইছা - যদি ক্ৰোধ কৰা তেন্তে পাপ হৈ যাব। পিতাক স্মৰণ কৰিলে পুণ্য আত্মা হৈ যাবা। এনেকুৱা নহয় যে বাৰু এতিয়া হ’ল পাছলৈ আৰু নকৰোঁ। এনেকৈ পাছলৈ পাছলৈ বুলি কৈ থাকিলে অভ্যাস হৈ যাব। মনুষ্যই এনেকুৱা কৰ্ম কৰিলে ভাবে যে এয়া পাপ নহয়। বিকাৰক পাপ বুলি নাভাবে। এতিয়া পিতাই কৈছে - এইটো সকলোতকৈ ডাঙৰ পাপ, ইয়াৰ ওপৰত বিজয়ী হ’ব লাগে আৰু সকলোকে পিতাৰ বাৰ্তা দিব লাগে যে পিতাই কয় - মোক স্মৰণ কৰা, মৃত্যু সন্মুখত আছে। যেতিয়া কাৰোবাৰ মৃত্যুৰ সময় হয় তেতিয়া তেওঁক কয় – ঈশ্বৰ পিতাক স্মৰণ কৰা। “ৰিমেম্বাৰ গড্‌ ফাদাৰ”। তেওঁলোকে ভাবে যে মৃত্যুৰ পাছত এওঁ ভগৱানৰ ওচৰলৈ যাব। কিন্তু তেওঁলোকেতো নাজানে যে ঈশ্বৰ পিতাক স্মৰণ কৰিলে কি হ’ব? ক’লৈ যাব? আত্মাই এটা শৰীৰ এৰি আন এটা লয়। ঈশ্বৰ পিতাৰ ওচৰলৈতো কোনেও যাব নোৱাৰে। গতিকে এতিয়া তোমালোক সন্তানসকল অবিনাশী পিতাৰ অবিনাশী স্মৃতিত থাকিব লাগে। যেতিয়া তমোপ্ৰধান দুখী হৈ যায় তেতিয়াতো ইজনে সিজনক কয় - ঈশ্বৰ পিতাক স্মৰণ কৰা, সকলো আত্মাই ইজনে সিজনক কয়, কয়তো আত্মাই নহয়। এনেকুৱা নহয় যে পৰমাত্মাই কয়। আত্মাই আত্মাক কয় – পিতাক স্মৰণ কৰা। এইটো এটা গতানুগতিক প্ৰথা হৈ গৈছে। মৃত্যুৰ সময়ত ঈশ্বৰক স্মৰণ কৰে। ঈশ্বৰলৈ ভয় কৰে। এনেকৈ ভাবে যে ভাল বা বেয়া কৰ্মৰ ফল ঈশ্বৰেহে দিয়ে। বেয়া কৰ্ম কৰিলে ঈশ্বৰে ধৰ্মৰজাৰ দ্বাৰা বহুত শাস্তি দিব সেইকাৰণে ভয় থাকে, যথাযথ কৰ্মভোগতো ভুগিবই লাগে। তোমালোক সন্তানসকলে এতিয়া কৰ্ম-অকৰ্ম-বিকৰ্মৰ গতিক জানা। জানা যে এইটো কৰ্ম অকৰ্ম হ’ল। স্মৃতিত থাকি যি কৰ্ম কৰা হয় সেয়া ভাল হয়। ৰাৱণৰ ৰাজ্যত মনুষ্যই বেয়া কৰ্মহে কৰে। ৰামৰাজ্যত বেয়া কাম কেতিয়াও নহয়। এতিয়াতো শ্রীমত পাই থাকা। ক’ৰবালৈ নিমন্ত্ৰণ পালে, এইটো কৰা উচিত নে অনুচিত - প্ৰতিটো কথাতে সুধি থাকিবা। ধৰি লোৱা কোনোবাই পুলিচৰ চাকৰি কৰে তেন্তে তেওঁকো কোৱা হয় – তুলি প্ৰথমতে মৰমেৰে বুজোৱা। সঁচা যদি নকয় তাৰ পাছত মাৰা। মৰমেৰে বুজালে হাতলৈ আনিব পাৰা কিন্তু সেই মৰমতো যদি যোগবল ভৰপূৰ হৈ থাকে তেতিয়া সেই মৰমৰ শক্তিৰে কাৰোবাক বুজালে বুজিব, এয়া যেন ঈশ্বৰে বুজাইছে। তোমালোক ঈশ্বৰৰ সন্তান যোগী হোৱা নহয়। তোমালোকৰো ঈশ্বৰীয় শক্তি আছে। ঈশ্বৰ মৰমৰ সাগৰ হয়, তেওঁৰ শক্তি আছে নহয়। সকলোকে উত্তৰাধিকাৰ দিয়ে। তোমালোকে জানা যে স্বৰ্গত বহুত মৰমেৰে থাকে। এতিয়া তোমালোকে মৰমৰ সম্পূৰ্ণ উত্তৰাধিকাৰ লৈ আছা। লৈ লৈ ক্ৰমানুসৰি পুৰুষাৰ্থ কৰি কৰি মৰমিয়াল হৈ যাবা।

পিতাই কয় - কাকোৱে দুখ দিব নালাগে, নহ’লে দুখী হৈ মৰিবা। পিতাই মৰমৰ ৰাস্তা দেখুৱাইছে। মনত আহিলে সেয়া মুখমণ্ডলতো আহি যায়। কৰ্মেন্দ্ৰিয়ৰে কৰি পেলালে ৰেজিষ্টাৰ নষ্ট হৈ যাব। দেৱতাসকলৰ চাল-চলনৰ গায়ন কৰা হয় নহয় সেইবাবে বাবাই কয় - দেৱতাসকলৰ পূজাৰীসকলক বুজোৱা। তেওঁলোকে মহিমা কৰে আপুনি সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ, আৰু নিজৰ চাল-চালনৰ বিষয়েও শুনায়। গতিকে তেওঁলোকক বুজোৱা - আপোনালোক এনেকুৱা আছিলা, এতিয়া নহয় পুনৰ নিশ্চয় হ’ব। আপোনালোক এনেকুৱা দেৱতা হ’বলৈ হ’লে নিজৰ চলন এনেকুৱা কৰি তোলক তেতিয়া আপোনালোক এনেকুৱা হৈ যাব। নিজক পৰীক্ষা কৰিব লাগে - মই সম্পূৰ্ণ নির্বিকাৰী হওঁনে? মোৰ কোনো আসুৰিক অৱগুণতো নাই? কোনো কথাত ক্ষুণ্ণতো হৈ নাযাওঁ, মেজাজীতো নহওঁ? অনেকবাৰ তোমালোকে পুৰুষাৰ্থ কৰিছা। পিতাই কয় - তোমালোক এনেকুৱা হ’ব লাগে। গঢ়ি তোলোঁতাজনো উপস্থিত আছে। তেওঁ কয় – কল্পই কল্পই তোমালোকক এনেকুৱা কৰি তোলোঁ। কল্প পূৰ্বে যিসকলে জ্ঞান লৈছিল তেওঁলোকে আহি নিশ্চয় ল’ব। পুৰুষাৰ্থও কৰোৱা হয় আৰু নিচিন্তও হৈ থাকে। ড্ৰামাত এনেকৈ নিৰ্ধাৰিত হৈ আছে। কোনোৱে কয় - ড্ৰামাত যদি আছে তেন্তে নিশ্চয় কৰিম। খতিয়ান ভাল হ’বলগীয়া আছে যদি ড্ৰামাই কৰাব। বুজা যায়- তেওঁৰ ভাগ্যত নাই। আগতেও এজন এনেকৈ নষ্ট হৈ গৈছিল, ভাগ্যত নাছিল – ক’লে ড্ৰামাত যদি আছে তেন্তে ড্ৰামাই মোৰ দ্বাৰা পুৰুষাৰ্থ কৰাব। বচ্‌, এৰি দিলে। এনেকুৱা তোমালোকেও বহুত পোৱা। তোমালোকৰ লক্ষ্য-উদ্দেশ্যতো এয়া থিয় হৈ আছে, বেজতো তোমালোকৰ লগত আছে, যেনেকৈ নিজৰ খতিয়ান ৰাখা গতিকে বেজটোকো চোৱা, নিজৰ চাল-চলনো চোৱা। কেতিয়াও যাতে কুদৃষ্টি নাযায়। মুখেৰে কোনো আসুৰিক কথা উচ্চাৰিত নহয়। আসুৰিক কথা কওঁতাই যদি নাথাকে তেন্তে কাণে কেনেকৈ শুনিব? সত্যযুগত সকলো দৈৱীগুণ সম্পন্নই থাকে। কোনো আসুৰিক কথা নাথাকে। এওঁলোকেও (লক্ষ্মী-নাৰায়ণেও) প্ৰালব্ধ পিতাৰ পৰাই পাইছে। এইটো সকলোকে কোৱা যে পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হৈ যাব। ইয়াত লোকচানৰ কোনো কথা নাই। সংস্কাৰ আত্মাই লৈ যায়। সন্ন্যাসী হ’লে আকৌ সন্ন্যাস ধৰ্মত আহি যাব। বৃক্ষতো তেওঁলোকৰ বৃদ্ধি হৈ গৈ থাকে নহয়। এই সময়ত তোমালোক সলনি হৈ আছা। মনুষ্যই দেৱতা হয়। সকলোৱে জানো একেলগে আহিব। আহিব ক্ৰমানুসৰি, ড্ৰামাত অসময়ত জানো কোনো ভাৱৰীয়া মঞ্চত আহিব। ভিতৰত বহি থাকে। যেতিয়া সময় হয় তেতিয়া বাহিৰলৈ মঞ্চত ভূমিকা পালন কৰিবলৈ আহে। সেয়া হৈছে হদৰ নাটক, এয়া হৈছে বেহদৰ। বুদ্ধিত আছে যে আমি ভাৱৰীয়াসকলে নিজৰ সময়ত আহি নিজৰ ভূমিকা পালন কৰিব লাগে। এয়া বেহদৰ ডাঙৰ বৃক্ষ। ক্ৰম অনুসৰি আহি গৈ থাকে। পোন-প্ৰথমে এটাই ধৰ্ম আছিল সকলো ধৰ্মৰ লোকতো প্ৰথমতে আহিব নোৱাৰে।

প্ৰথমতেতো দেৱী-দেৱতা ধৰ্মাৱলম্বীসকলেই আহিব ভূমিকা পালন কৰিবলৈ, সেয়াও ক্ৰমানুসৰিহে। বৃক্ষৰ ৰহস্যও বুজিব লাগে। পিতাহে আহি গোটেই কল্প বৃক্ষৰ জ্ঞান শুনায়। ইয়াৰ তুলনা আকৌ নিৰকাৰী বৃক্ষৰ লগত কৰা হয়। এজন পিতাইহে কয় - মই মনুষ্য সৃষ্টি ৰূপী বৃক্ষৰ বীজ হওঁ। বীজত বৃক্ষ সমাহিত হৈ থকা নাই কিন্তু বৃক্ষৰ জ্ঞান সমাহিত হৈ আছে। প্ৰত্যেকৰে নিজৰ নিজৰ ভূমিকা আছে। চৈতন্য বৃক্ষ হয় নহয়। বৃক্ষৰ পাতো ক্ৰমানুসৰি ওলাব। এই বৃক্ষক কোনেও বুজি নাপায়, ইয়াৰ বীজ ওপৰত আছে সেইকাৰণে ইয়াক ওলোটা বৃক্ষ বুলি কোৱা হয়। ৰচয়িতা পিতা ওপৰত আছে। তোমালোকে জানা যে আমি এতিয়া ঘৰলৈ যাব লাগে, য’ত আত্মাসকল থাকে। এতিয়া আমি পৱিত্ৰ হৈ যাব লাগে। তোমালোকৰ দ্বাৰা যোগবলেৰে গোটেই বিশ্ব পৱিত্ৰ হৈ যায়। তোমালোকৰ কাৰণেতো পৱিত্ৰ সৃষ্টি লাগে নহয়। তোমালোক পৱিত্ৰ হোৱা গতিকে সৃষ্টিও পৱিত্ৰ কৰি তুলিবলগীয়া হয়। সকলো পৱিত্ৰ হৈ যায়। তোমালোকৰ বুদ্ধিত আছে, আত্মাতহে মন-বুদ্ধি আছে নহয়। চৈতন্য হয়। আত্মাইহে জ্ঞান ধাৰণ কৰিব পাৰে। গতিকে মৰমৰ সন্তানসকলৰ এই গোটেই ৰহস্য বুদ্ধিত থাকিব লাগে - কেনেকৈ আমি পুনৰ্জন্ম লওঁ। 84ৰ চক্ৰ তোমালোকৰ পূৰা হ’লে তেতিয়া সকলোৰে পূৰা হয়। সকলো পাৱন হৈ যায়। এইখন অনাদি ৰচি থোৱা ড্ৰামা। এক চেকেণ্ডো ৰৈ নাথাকে। চেকেণ্ডৰ পাছত চেকেণ্ড যি হয়, সেয়া আকৌ কল্পৰ পাছত হ’ব। প্ৰত্যেক আত্মাত অবিনাশী ভূমিকা সমাহিত হৈ আছে। সেই ভাৱৰীয়াসকলে খুব বেছি 2-4 ঘণ্টাৰ ভূমিকা পালন কৰে। এয়াতো আত্মাই স্বাভাৱসিদ্ধ ভূমিকা প্ৰাপ্ত কৰিছে তেন্তে সন্তানসকল কিমান আনন্দিত হ’ব লাগে। অতীন্দ্ৰিয় সুখ এতিয়া সংগমৰহে গায়ন কৰা হৈছে। পিতা আহে, 21 জন্মৰ বাবে আমি সদায় সুখী হৈ যাওঁ। আনন্দৰ কথা নহয় জানো। যিসকলে ভালকৈ বুজে আৰু বুজায় তেওঁলোক সেৱাত ব্যস্ত হৈ থাকে। কোনো সন্তান যদি নিজেই ক্ৰোধী হয় তেতিয়া আনৰ ভিতৰতো প্ৰৱেশ হৈ যায়। তালি দুখন হাতেৰে বাজে। তাত এনেকুৱা নহয়। ইয়াত তোমালোক সন্তানসকলে শিক্ষা পোৱা - কোনোবাই যদি ক্ৰোধ কৰে তেন্তে তেওঁৰ প্ৰতি ফুল চটিওৱা। মৰমেৰে বুজোৱা। ইয়ো (ক্ৰোধ) এটা ভূত, বহুত লোকচান কৰি দিব। কেতিয়াও ক্ৰোধ কৰিব নালাগে। শিকাঁওতাজনৰতো একেবাৰে ক্ৰোধ থাকিব নালাগে। ক্ৰমানুসৰি পুৰুষাৰ্থ কৰি থাকে। কাৰোবাৰ পুৰুষাৰ্থ তীব্ৰ, কাৰোবাৰ ঠাণ্ডা। ঠাণ্ডা পুৰুষাৰ্থ কৰোঁতাই নিশ্চয় নিজৰ বদনাম কৰিব। কাৰোবাৰ ক্ৰোধ থাকিলে য’লৈ যায় তাৰ পৰা উলিয়াই দিয়ে। কোনো বেয়া চলনধাৰী থাকিব নোৱাৰে। পৰীক্ষা যেতিয়া পূৰা হ’ব তেতিয়া সকলোৱে গম পাব। কোন কোন কি হ’ব, সকলো সাক্ষাৎকাৰ হ’ব। যিয়ে যেনেকুৱা কাম কৰে, তেওঁৰ তেনেকুৱা মহিমা হয়।

তোমালোক সন্তানসকলে ড্ৰামাৰ আদি-মধ্য-অন্তক জানা। তোমালোক সকলো অন্তৰ্যামী হোৱা। আত্মাই ভিতৰি জানে - এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে। গোটেই সৃষ্টিৰ মনুষ্যৰ চাল-চলনৰ, সকলো ধৰ্মৰ জ্ঞান তোমালোকৰ আছে। ইয়াক কোৱা হ’ব- অন্তৰ্যামী। আত্মাই সকলো জানি গ’ল। এনেকুৱা নহয়, ভগৱান সকলোতে নিবাস কৰে, তেওঁক জনাৰ কি প্ৰয়োজন? তেওঁতো এতিয়াও কয় যিয়ে যেনেকুৱা পুৰুষাৰ্থ কৰিব তেনেকুৱা ফল পাব। মই জনাৰ কি প্ৰয়োজন। যিয়ে কৰে তাৰ শাস্তিও নিজেই পাব। এনেকুৱা চলন হ’লে অধম গতি পাব। পদ বহুত কম হৈ যাব, সেই স্কুলততো অকৃতকাৰ্য হ’লে তেতিয়া পুনৰ পৰৱৰ্তী বছৰত পঢ়ে। এই পঢ়াতো হয় কল্প-কল্পান্তৰৰ বাবে। এতিয়া নপঢ়িলে কল্প-কল্পান্তৰৰ বাবে নপঢ়িব। ঈশ্বৰীয় লটাৰিতো পূৰা ল’ব লাগে নহয়। এই কথাবোৰ তোমালোক সন্তানসকলে বুজিব পাৰা। যেতিয়া ভাৰত সুখধাম হ’ব তেতিয়া বাকী সকলো শান্তিধামত থাকিব। সন্তানসকল আনন্দিত হ’ব লাগে - এতিয়া আমাৰ সুখৰ দিন আহি আছে। দেৱালীৰ দিন সমীপত আহিলে তেতিয়া কয় নহয় যে বাকী ইমান দিন আছে তাৰপাছত নতুন কাপোৰ পিন্ধিম। তোমালোকেও কোৱা স্বৰ্গ আহি আছে, আমি নিজক অলংকৃত কৰিলে তেতিয়া স্বৰ্গত ভাল সুখ পাম। চহকীসকলৰতো ধনৰ নিচা থাকে। মনুষ্য একেবাৰে ঘোৰ নিদ্ৰাত আছে আকৌ অকস্মাতে গম পাব - এওঁলোকেতো সঁচা কথা কৈছিল। সঁচাক তেতিয়া বুজিব পাৰিব যেতিয়া সঁচাৰ সংগ হ’ব। তোমালোক সত্য পিতাৰ দ্বাৰা সত্য হোৱা। তেওঁলোক সকলো অসত্যৰ দ্বাৰা অসত্য হয়। এতিয়া পাৰ্থক্যও ছপাই আছে যে ভগৱানে কি কয় আৰু মনুষ্যই কি কয়। আলোচনীতো প্ৰকাশ কৰিব পাৰা। অৱশেষত বিজয়তো তোমালোকৰে হ’ব, যিসকলে কল্প পূৰ্বে পদ পাইছিল তেওঁলোকে নিশ্চয় পাব। এইটো নিশ্চিত। তাত অকাল মৃত্যু নহয়। আয়ুসো দীঘলীয়া হয়। যেতিয়া পৱিত্ৰতা আছিল তেতিয়া আয়ুস দীঘলীয়া আছিল। পতিত-পাৱন পৰমাত্মা পিতা হয় তেন্তে নিশ্চয় তেৱেঁই পাৱন কৰি তুলিছিল। শ্ৰীকৃষ্ণৰ কথাতো শোভা নাপায়। পুৰুষোত্তম সংগমযুগত আকৌ শ্ৰীকৃষ্ণ ক’ৰ পৰা আহিব। সেই চেহেৰাৰ মনুষ্যতো পুনৰ নহয়। 84 জন্ম, 84 চেহেৰা, 84 কৰ্মকাণ্ড - এয়া ৰচি থোৱা খেল। ইয়াত কোনো অন্তৰ হ’ব নোৱাৰে। ড্ৰামাখন কেনেকৈ বিস্ময়কৰভাৱে ৰচি থোৱা আছে। আত্মা সূক্ষ্ম বিন্দু, তাত অনাদি ভূমিকা নিহিত হৈ আছে – ইয়াক প্ৰকৃতি বুলি কোৱা হয়। মনুষ্যই শুনি আচম্বিত হ’ব। কিন্তু প্ৰথমতেতো এইটো বাৰ্তা দিব লাগে যে পিতাক স্মৰণ কৰক। তেৱেঁই পতিত-পাৱন, সকলোৰে সৎগতি দাতা। সত্যযুগত দুখৰ কথা নাথাকে। কলিযুগততো কিমান দুখ। কিন্তু এই কথাবোৰ বুজোঁতাসকল ক্ৰমানুসৰি হয়। পিতাইতো নিতৌ বুজাই থাকে। তোমালোক সন্তানসকলে জানা যে শিৱবাবাৰ আগমন হৈছে আমাক পঢ়াবলৈ, আকৌ লগত লৈ যাব। লগত থকাসকলতকৈও বান্ধোনত থকাসকলে বেছিকৈ স্মৰণ কৰে। তেওঁলোকে উচ্চ পদ পাব পাৰে। এইটোও বোধশক্তিৰ কথা নহয় জানো। বাবাৰ স্মৃতিত চটফটাই থাকে। পিতাই কয় - সন্তানসকল স্মৃতিৰ যাত্ৰাত থাকা, দৈৱীগুণো ধাৰণ কৰা তেতিয়া বন্ধন নাইকিয়া হৈ গৈ থাকিব। পাপৰ কলহ শেষ হৈ যাব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ চাল-চলন দেৱতাৰ নিচিনা কৰি তুলিব লাগে। কোনো আসুৰিক কথা মুখেৰে ক’ব নালাগে। এই দুচকু যাতে কেতিয়াও আসুৰিক নহয়।

(2) ক্ৰোধ ৰূপী ভূতে বহুত লোকচান কৰে। তালি দুখন হাতেৰে বাজে সেইবাবে কোনোবাই ক্ৰোধ কৰিলে একাষৰীয়া হৈ যাব লাগে, তেওঁক মৰমেৰে বুজাব লাগে।

বৰদান:
ত্যাগ, তপস্যা আৰু সেৱা ভাৱৰ বিধিৰে সদায় সফলতা স্বৰূপ হোৱা

ত্যাগ আৰু তপস্যাই সফলতাৰ আধাৰ। ত্যাগৰ ভাৱনা থকাসকলেই সঁচা সেৱাধাৰী হ’ব পাৰে। ত্যাগেৰেহে নিজৰ আৰু আনৰ ভাগ্য গঢ় লয় আৰু দৃঢ় সংকল্প কৰা- এয়াই তপস্যা। ত্যাগ, তপস্যা আৰু সেৱা ভাৱেৰে অনেক হদৰ ভাৱ সমাপ্ত হৈ যায়। সংগঠন শক্তিশালী হয়। এজনে ক’লে আনজনে কৰিলে, কেতিয়াও ‘তুমি’ ‘মই’, ‘মোৰ’ ‘তোমাৰ’ আহিব নালাগে তেতিয়া সফলতা স্বৰূপ, নিৰ্বিঘ্ন হৈ যাবা।

স্লোগান:
সংকল্পৰেও কাকো দুখ নিদিয়া- এয়াই সম্পূৰ্ণ অহিংসা।


অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা

যোগক জ্বালা ৰূপ কৰি তুলিবলৈ চেকেণ্ডত বিন্দু স্বৰূপ হৈ মন-বুদ্ধি একাগ্ৰ কৰাৰ বাৰে বাৰে অভ্যাস কৰা। ৰ’বলৈ ক’লা আৰু চেকেণ্ডত ব্যৰ্থ দেহবোধৰ পৰা মন-বুদ্ধি একাগ্ৰ হৈ যাওঁক। এনেকুৱা নিয়ন্ত্ৰণ শক্তি গোটেই দিনটোত প্ৰয়োগ কৰা। শক্ৰিশালী ব্ৰেকৰ দ্বাৰা মন-বুদ্ধি নিয়ন্ত্ৰণ কৰা, য’ত মন-বুদ্ধি একাগ্ৰ কৰিব বিচৰা তাত চেকেণ্ডত যাতে একাগ্ৰ হৈ যায়।