04.09.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই বেহদৰ ড্ৰামাত মুখ্য ভাৱৰীয়াৰ ভূমিকা তোমালোকৰ, পিতাৰ নহয়, পিতাৰ কেৱল পতিতসকলক পাৱন কৰি তোলাৰ কলাহে আছে”

প্ৰশ্ন:
ব্ৰহ্মাৰ চিত্ৰ দেখি যিসকলে প্ৰশ্ন উত্থাপন কৰে, তেওঁলোকক কোনটো ৰহস্য বুজাব লাগে?

উত্তৰ:
তেওঁলোকক বুজোৱা যে এওঁ (ব্ৰহ্মা) আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰা আত্মা। যি প্ৰথম ৰাজকুমাৰ শ্ৰীকৃষ্ণ, তেওঁৰেই অন্তিম জন্মত পিতা আহে। এয়া পতিত শৰীৰ, এৱেঁই পাৱন হ'ব লাগে। এওঁ কোনো ভগৱান নহয়। ভগৱানতো চিৰ-পৱিত্ৰ। তেওঁ এওঁৰ শৰীৰৰ আধাৰ লৈছে।

গীত:
মুখৰা দেখ লে প্ৰাণী..… (চেহেৰা চাই লোৱা প্ৰাণী…..)

ওঁম্শান্তি।
পিতাই সন্তানসকলক বুজাইছে যে শান্তিৰ কাৰণে কোনেও বাহিৰত দুৱাৰে দুৱাৰে হাবাথুৰি খাব নালাগে। যিদৰে হঠযোগী সন্ন্যাসীয়ে ভাবে - গৃহস্থ ব্যৱহাৰত থাকি শান্তি পাব নোৱাৰি। শান্তি জংঘলত পোৱা যায়। কিন্তু পিতাই বুজায় যে শান্তি তাতো পাব নোৱাৰি। ইয়াৰ ওপৰত এটা কাহিনী বা দৃষ্টান্ত শুনোৱা হয় যে ৰাণীৰ ডিঙিত হাৰডাল আছিল আৰু বাহিৰত বিচাৰি আছিল… ঠিক সেইদৰে শান্তিতো তোমালোকৰ ডিঙিতেই আছে। বাহিৰত ক'ত বিচাৰি থাকা। পিতা আহি বুজায় - সন্তানসকল, তোমালোক আত্মাৰ স্ব-ধৰ্মই হৈছে শান্তি। এই শৰীৰতো তোমালোকৰ কৰ্মেন্দ্ৰিয়, যাৰ দ্বাৰা তোমালোকে ভূমিকা পালন কৰিবলগীয়া হয়। আত্মাতো অবিনাশী। আত্মাৰ কোনো সৰু-বৰ নাথাকে আৰু আত্মাৰ বিনাশো নহয়। অৱশ্যে আত্মা পতিত হয় আৰু আত্মাই পাৱন হ’বলগীয়া হয়। আত্মাই প্ৰথমতে শিশু শৰীৰ পায় তাৰ পাছত যুৱা, বৃদ্ধ হয়। আত্মাতো হয়েই একৰস। পোন-প্ৰথমেতো আত্মাক জানিবলগীয়া হয়। মই আত্মাই বেৰিষ্টাৰ আদি হওঁ। ইয়াক কোৱা হয় - আত্মা-অভিমানী হোৱা। পিতাই বুজায় - সন্তানসকল তোমালোক দেহ-অভিমানী হৈ গৈছা, সেইকাৰণে নিজক শৰীৰ বুলি ভাবি লোৱা, এইটো পাহৰি যোৱা যে মই আত্মা, এইটো মোৰ শৰীৰ। গতিকে নিজক উপলব্ধি কৰিব লাগে। 84 জন্মও আত্মাই লয়। এতিয়া পিতাই বুজাইছে যে যিসকল ব্ৰাহ্মণ হৈছে তেওঁলোকেই আকৌ দেৱতা হ'বগৈ। এনেকুৱাও নহয় যে সকলোৱে 84 জন্ম লয়। কোনোবা প্ৰথমে আহিব, কোনোবা 50-100 বছৰ পাছতো আহি থাকিব। কাৰোবাৰ 80-82, কাৰোবাৰ আন কিবা সংখ্যক জন্ম হ'ব। মনুষ্যইতো 84 লাখ জন্ম বুলি কৈ দিয়ে, ইয়াতো সন্তুষ্ট নহয় আকৌ কৈ দিয়ে কণ কণত ভগৱান আছে। এতিয়া ভগৱানে কয় - মই কোনো মনুষ্য শৰীৰতেই নাই তেন্তে জন্তু, পাথৰ-শিলগুটি কণ কণত কেনেকৈ থাকিম। পিতাই বুজাইছে - প্ৰথম নম্বৰৰজনেই শেষৰ নম্বৰত তমোপ্ৰধান হয়। মই নিজেই কওঁ যে বহুত জন্মৰ অন্তত সাধাৰণ শৰীৰত প্ৰৱেশ কৰোঁ। যিয়ে সম্পূৰ্ণ 84 জন্ম লৈছে তেওঁ নিশ্চয় পতিত হ'ব। পাৱনতো হ'ব নোৱাৰে। পিতাই নিজেই কয় - প্ৰথম নম্বৰত হৈছে শ্ৰীকৃষ্ণ, প্ৰথম ৰাজকুমাৰ। শ্ৰী নাৰায়ণতো পাছত হয়, যেতিয়া ডাঙৰ হয়। সেয়াও 20-25 বছৰ কম হৈ যায়। তেওঁৰো (শ্ৰী নাৰায়ণৰো) পূৰা 84 জন্ম বুলি কোৱা নহ’ব। প্ৰথম নম্বৰত হ'ল শ্ৰীকৃষ্ণ। যদিও তেৱেঁই সয়ম্বৰৰ পাছত নাৰায়ণ হয়। কিন্তু হিচাপতো সন্তানসকলে কৰিব লাগে নহয় জানো। সম্পূৰ্ণ 84 জন্ম, 5 হাজাৰ বছৰ শ্ৰীকৃষ্ণৰে কোৱা হ’ব। গতিকে পিতাই বহি বুজায় - মই কল্পই কল্পই সেইটো শৰীৰতে আহোঁ, যাৰ আদিৰ পৰা অন্তলৈকে ভূমিকা আছে। অন্য কাৰো শৰীৰত আহিব নোৱাৰোঁ। হিচাপ আছে নহয়। ব্ৰহ্মাই প্ৰথম নম্বৰ হ’ল। মই আন কাৰোবাৰ শৰীৰত কেনেকৈ আহিব পাৰোঁ। তোমালোকক বহুলোকে প্ৰশ্ন সোধে যে কেৱল এজন ব্ৰহ্মাৰ (শৰীৰতে) কিয় আহে! কিন্তু এয়া হিচাপ আছে নহয়। এইবোৰ বুজিবলগীয়া কথা। গায়নো কৰা হৈছে - ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰে। বিষ্ণু বা শংকৰৰ দ্বাৰা স্থাপনা নকৰে। এয়া আন কাৰো কাম নহয়। মনুষ্যই ৰচয়িতা আৰু ৰচনাক নাজানে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। ড্ৰামাত যি ৰচি থোৱা আছে সেয়াই হৈ আছে… তেন্তে চিন্তা কিয় কৰা… এয়া এতিয়াৰ কথা, যি হ'বলগীয়া আছে সেয়াই হয়। সেয়া সলনি হ’ব নোৱাৰে। আজি যিবোৰ হয় সেয়া আকৌ 5 হাজাৰ বছৰ পাছত হ'ব। পিতাই বুজাইছিলোঁ – যদি এনেকুৱা কিবা কথা দেখা তেন্তে কোৱা এয়া কোনো নতুন কথা নহয়। 5 হাজাৰ বছৰ পূৰ্বেও হৈছিল। একেবাৰে এনেকৈ লিখি দিয়া। লাগিলে তেওঁলোকে আহি সোধক, লিখাত কোনো বাধা নাই। এই যুদ্ধ আগতে লাগিছিল, একো নতুন নহয়। মহাভাৰতৰ যুদ্ধ 5 হাজাৰ বছৰ পূৰ্বেও হৈছিল। খ্ৰীষ্টানসকলে ভাৰতলৈ আহি ৰাজ্য কাঢ়ি ল'লে, একো নতুন নহয়। আকৌ কল্পৰ পাছতো এনেকুৱাই হ'ব। বিশ্বৰ এই ইতিহাস-ভূগোল পুনৰাবৃত্তি হৈ থাকে। এতিয়া পুনৰাই আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা হৈ আছে। যিসকলৰ 84 জন্ম সম্পূৰ্ণ হৈছে তেওঁলোকেই প্ৰথম নম্বৰত লক্ষ্মী-নাৰায়ণ হ'ব। এই সকলোবোৰ ৰহস্য পিতাই বহি বুজায়। পিতাই কয় - মই মনুষ্য সৃষ্টিৰ বীজৰূপ হওঁ, ইয়াক ওলোটা বৃক্ষ বুলি কোৱা হয়। এই কল্পবৃক্ষৰ আয়ুস 5 হজাৰ বছৰ। স্বস্তিকাত 4 টা ভাগ একে নিচিনা দেখিবা। যুগো একে সমান, ইয়াত কোনো পাৰ্থক্য নাথাকে।

পিতাই বুজায় যে চোৱা জগতত কি কি হৈ আছে। কোনোবা চন্দ্ৰলৈ যায়, কোনোবাই জুইত, কোনোবাই পানীত খোজকাঢ়িবলৈ শিকে। এই সকলোবোৰ হৈছে ফাল্টু, ইয়াৰ পৰা কোনো লাভ নহয়। মনুষ্যই পাৱন হৈ মুক্তি-জীৱনমুক্তিততো যাব নোৱাৰে। যিয়েই নকৰক কিন্তু ঘৰলৈ উভতি যাব নোৱাৰে। আত্মাই নিজৰ ঘৰ আৰু পিতাৰ ঘৰ পাহৰি গৈছে। আত্মাই নিজকে পাহৰি দেহ-অভিমানী হৈ গৈছে। আকৌ মন্দিৰত গৈ মহিমা গায়। আপুনি সৰ্বগুণ সম্পন্ন, আমি নীচ, পাপী। নিজৰ গ্লানি কৰে। পিতাতো কেতিয়াও পূজাৰী নহয়। আকৌ দ্বিতীয় নম্বৰত কোৱা হ’ব শংকৰো চিৰপূজ্য। তেৱোঁ পূজাৰী নহয়, তেওঁৰ ভূমিকাই ইয়াত নাই। এই মঞ্চত ব্ৰহ্মা আৰু বিষ্ণুৰ ভূমিকা আছে। ব্ৰহ্মা আৰু বিষ্ণুৰ কি কি ভূমিকা আছে, এয়া জগতত কোনেও গম নাপায়। ত্ৰিমূৰ্তি ব্ৰহ্মা বুলি কৈ দিয়ে, অৰ্থ একোৱে বুজি নাপায়। এনেকৈও গায় যে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, কোনে কৰে, তেওঁৰ চিত্ৰই নাই। মুখেৰে কয় কিন্তু তেওঁ ক'ত আছে। শিৱ কি বস্তু, সেয়াও নাজানে। আত্মাৰ বাবে কয় - ভ্ৰূকুটিৰ মাজত জিলিকি থাকে আচৰিত তৰা...। মই আত্মা অবিনাশী, শৰীৰ বিনাশী। কিমান শৰীৰ লয়, একোৱে গম নাপায়। মনুষ্য কিমান দুখী, চিঞৰি থাকে – হে ঈশ্বৰ পিতা। যেতিয়াৰ পৰা দুখ আৰম্ভ হৈছে, আহ্বান জনাই আহিছে। এইটোও বুজোৱা হৈছে যে ভাৰতত যেতিয়া ৰাৱণৰাজ্য আৰম্ভ হয়, তেতিয়া এনেকুৱা নহয় যে অন্য ধৰ্মতো ৰাৱণ হৈ গ’ল। নহয়, তেওঁলোকতো নিজৰ সময়ত সতো, ৰজো, তমোত আহিবই লাগে। এই গোটেই কাহিনী ভাৰতক লৈয়েই। সেইবোৰতো আনুষংগিক কাহিনী। পিতা মাজতেই আহে। ভাৰত যেতিয়া তমোপ্ৰধান হৈ যায় তেতিয়া গোটেই বৃক্ষ তমোপ্ৰধান হৈ যায়। তেওঁলোকেও সুখ-দুখ ভুগিব লাগে। বৃক্ষত নতুন নতুন পাত ওলায়। সেয়া বৰ শোভনীয় হয়। নতুনসকল আকৌ সতো, ৰজো, তমোত আহিব লাগে। অন্তিমত যিসকল আহে তেওঁলোকৰ কিছু মান থাকে। এটা জন্মতে সতো, ৰজো, তমো অৱস্থাৰ মাজেৰে পাৰ হ’ব পাৰে, কিন্তু তেওঁলোকৰ কোনো মূল্য নাথাকে। মূল্যতো তেওঁলোকৰ আছে যিসকলে মুখ্য ভাৱৰীয়াৰ ভূমিকা পালন কৰে। এনেকৈ কোৱা নহ'ব যে বাবাই মুখ্য ভাৱৰীয়াৰ ভূমিকা পালন কৰে। বাবাৰ ক্ষেত্ৰত এনেকৈ ক'ব নোৱাৰে। তেওঁতো আহি পতিতসকলক পাৱন কৰে। নিজে পতিত নহয়। তোমালোকে পতিতৰ পৰা পাৱন হ'বলৈ পৰিশ্ৰম কৰা। শ্ৰীমতত ৰাজযোগৰ দ্বাৰাই ৰাজ্য লৈছিলা। এতিয়া তোমালোকে পুনৰ লৈ আছা। বাবাই কয় - মইতো ৰাজত্ব নকৰোঁ, তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ। এতিয়া জগতত মনুষ্যই কয়তো বহুত। ভগৱানুবাচ - মই তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ। কিন্তু ইয়াৰ অৰ্থ নিজেও নুবুজে আৰু আনকো বুজাব নোৱাৰে। ভগৱানুৱাচ, গতিকে নিশ্চয় ভগৱান আহিছিল সেইবাবেইতো কৈছে যে হে সন্তানসকল, ভাৰততেই শিৱ জয়ন্তী, শিৱৰাত্ৰি পালন কৰে। পিতা আহেও ভাৰত খণ্ডতেই। ভাৰতেই অবিনাশী খণ্ড। ভাৰতৰ মহিমা অতি শ্ৰেষ্ঠ। যিদৰে পিতাৰ মহিমা অপাৰ সেইদৰে ভাৰতৰ মহিমাও অপাৰ। ভাৰততেই পৰমপিতা পৰমাত্মা আহি সকলো মনুষ্য মাত্ৰৰে সৎগতি কৰে। সকলোকে সুখ দিয়ে। তেওঁৰ জন্মস্থান হৈছে ভাৰত। ভাৰতেই প্ৰাচীন দেশ। ভগৱানে ৰাজযোগ শিকাবলৈ ভাৰতলৈকে আহিছিল। কিন্তু শ্ৰীকৃষ্ণক ভগৱান বুলি কৈ দিয়াৰ বাবে তেওঁৰ মহিমা নাথাকিল। ভগৱানতো হয়েই এজন তেওঁকেই সৎগুৰু বুলি কোৱা হয়। বাকী গুৰুতো অনেক আছে। কোনোবাই বেপাৰ বা কৰ্ম শিকাওঁতাজনকো গুৰু বুলি কৈ দিয়ে। আজিকালিতো সকলোকে অৱতাৰ বুলি মানি লয়। একোৱে বুজি নাপায়। যেতিয়া একেবাৰে পতিত হৈ যায় তেতিয়া আহ্বান জনায় - বাবা আহি আমাক পাৱন কৰি তোলক।

পিতাহে আহি সঁচা অমৰকথা শুনায়। এতিয়া তোমালোকৰ বুদ্ধিত আছে যে আমি 84 জন্মত কেনেকৈ আহোঁ। প্ৰথমে ভাল জন্ম তাৰপাছত অৱনমিত হৈ আহিম। জগতৰো অৱৰোহণ কলা হয়। মনুষ্যৰ বুদ্ধিও সতো, ৰজো, তমো হয়। সত্যযুগৰ পৰা লাহে লাহে অৱৰোহণ কলা আৰম্ভ হৈ যায়। তোমালোকৰ যেতিয়া আৰোহণ কলা হয় তেতিয়া সকলোৰে মংগল হয়। সকলোৰে সৎগতি দাতাতো একমাত্ৰ পিতাই হয় নহয়। সেই গুৰুসকলেতো কেৱল শাস্ত্ৰ শুনায়। শুনি শুনি অৱনমিতই হৈ আহিছে। বেহদৰ পিতা আহি সন্তানসকলক সোধে, মই তোমালোকক ইমান চহকী কৰি গ'লোঁ, ইমান হীৰা-মুকুতাৰ মহল দি গ'লোঁ সেই সকলোবোৰ ক'ত গ'ল? লৌকিক পিতাই সন্তানসকলক পইচা দিয়ে কিন্তু সন্তানে পইচা অপচয় কৰি দিলে তেতিয়া পিতাকে মাতি আনি সোধে তুমি ইমান পইচা ক'ত অপচয় কৰিলা? সন্তানসকলৰ পইচা বেছি থাকিলে বহুত অপচয় কৰে। পিতা ধৰ্মাত্মা হ’লে, সন্তানে বিলাতলৈ গৈ লাখ লাখ টকা অপচয় কৰি আহে। পিতাকে একো কৰিব নোৱাৰে। পিতাকে ত্যাগো কৰিব নোৱাৰে কিয়নো ককাকৰ সম্পত্তি। কিন্তু ভিতৰি জ্বলি থাকে। কিছুমান এনেকুৱা বেয়া সন্তান আছে যে পিতাকৰ মৃত্যুৰ পাছত 12 মাহতেই সকলো সম্পত্তি শেষ কৰি দিয়ে। সেইবোৰ হ'ল হদৰ (লৌকিকৰ) কথা। এয়া আকৌ হৈছে বেহদৰ কথা। বেহদৰ পিতাই কয় - তোমালোক কিমান ধনৱান আছিলা, বিশ্বৰ মালিক আছিলা। আকৌ কঙাল কেনেকৈ হ'লা? ইমান ধন কি কৰিলা? সন্তানসকলকে পিতাই সোধে - ভাৰতক ইমান চহকী কৰিলোঁ, সকলো পইচা ক'লৈ গ'ল? আকৌ পিতায়েই বহি বুজায়। ভক্তিমাৰ্গত কিমান খৰচ কৰে। শাস্ত্ৰ আদিৰ কাৰণে কিমান খৰচ কৰে। মূৰো দোৱাই থাকিলা, কপালো ক্ষয় গ’ল। পইচা আদি সকলো হেৰুৱাই পেলালা, এয়া হৈছে ড্ৰামা। মই তোমালোকক চহকী কৰি তোলোঁ। ৰাৱণে তোমালোকক কঙাল কৰি দিয়ে। ভাৰতবাসীকে পিতাই বুজাব নহয়। ভাৰতেই সোণৰ চৰাই আছিল, ইমান ধন আছিল যিবোৰ অন্য ধৰ্মাৱলম্বীয়ে লুটি লৈ গ'ল। চিন্তনতো কৰা – ভাৰত কি আছিল! এয়াও নাটক ৰচি থোৱা আছে। ভাৰতেই স্বৰ্গ, ভাৰতেই নৰক। এতিয়া হ'ল নৰক, সেইবাবে বাবাই ছিৰিৰ চিত্ৰও এনেদৰে তৈয়াৰ কৰাইছে যাতে যিকোনো লোকে বুজে যে আমি পতিত। সৰু সৰু ল'ৰা-ছোৱালীকো চিত্ৰৰ ওপৰত বুজোৱা হয় নহয়। নক্সা অবিহনে সন্তানসকলে কি বুজিব। পিতাহে আহি পতিতৰ পৰা পাৱন হোৱাৰ সহজ যুক্তি (উপায়) শুনায়। অতিকৈ সহজ, অতিকৈ কঠিন। সত্যযুগত দেহী-অভিমানী হৈ থাকে। আত্মাই বুজি পায় যে এতিয়া শৰীৰ বুঢ়া হৈছে, এই পুৰণা চোলা এৰি অন্য এটা ল'ব লাগে। যেন সাক্ষাৎকাৰ হৈ যায় - এতিয়া গৈ কেঁচুৱা হ'মগৈ, পুৰণা ছাল এৰি দিয়ে। ইয়াত কোনোবা মৰিলে কান্দেও। ঢোল-বাদ্যও লৈ যায়। সত্যযুগততো আনন্দেৰে এটা শৰীৰ এৰি আন এটা লয়, গতিকে উৎসৱ পালন কৰে। ইয়াত কিমান দুখ কৰে। কোনোবা মৰিলে তেতিয়া কয় - স্বৰ্গলৈ গ'ল। গতিকে ইয়াৰ অৰ্থ নৰকত আছিল নহয় জানো! এতিয়া তোমালোকে স্বৰ্গবাসী হ’বৰ কাৰণে পুৰুষাৰ্থ কৰি আছা। পিতাই তোমালোকক স্বৰ্গবাসী কৰি তোলে। পিতা আহেই জীৱন-মুক্তি দিবলৈ। ৰাৱণৰ বন্ধনৰ পৰা এৰুৱাই জীৱন-মুক্ত কৰে। পিতাই কয় - মই কল্প পূৰ্বৰ দৰে আহি ৰাজযোগ শিকাওঁ। কল্পই কল্পই ব্ৰহ্মাৰহে শৰীৰত আহোঁ। তোমালোক ব্ৰাহ্মণ নিশ্চয় হ'ব লাগে। যজ্ঞত ব্ৰাহ্মণতো নিশ্চয় লাগে। এয়া হ'ল ৰাজস্ব অশ্বমেধ অবিনাশী জ্ঞান যজ্ঞ। এই ৰথ (শৰীৰ) স্বাহা কৰিব লাগে। অশ্ব বুলি এই ৰথক কোৱা হয়। ৰাজস্ব, স্বৰাজ্যৰ বাবে এই সকলো অশ্ব ইয়াত স্বাহা হ’ব। আত্মাতো স্বাহা নহ’ব। আত্মাসকলে হিচাপ-নিকাচ নিষ্পত্তি কৰি গুচি যাব। আকৌ নতুনকৈ সকলোৰে ভূমিকা আৰম্ভ হ'ব। ইয়াকে কোৱা হয় ইতিহাস-ভূগোলৰ পুনৰাবৃত্তি। পিতা আহেই নতুন সৃষ্টি স্থাপনা কৰি পুৰণি সৃষ্টি নাশ কৰিবলৈ। এয়া এখনেই মহাভাৰতৰ যুদ্ধ, যাৰ বিষয়ে শাস্ত্ৰবোৰত গায়ন কৰা হৈছে। গতিকে বুজাব লাগে - এই যুদ্ধৰ দ্বাৰা এই স্বৰ্গৰ দ্বাৰ মুকলি হয়, সেইবাবে ইয়াৰ গায়ন শাস্ত্ৰবোৰত আছে। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) হৈ যোৱা কথাৰ কেতিয়াও চিন্তন কৰিব নালাগে। যি কথা হৈ গ'ল, “একো নতুন নহয়” বুলি বুজি পাহৰি যাব লাগে।

(2) এই ৰাজস্ব অশ্বমেধ যজ্ঞত নিজৰ তন-মন-ধন সকলো স্বাহা কৰি (আহুতি দি) সফল কৰিব লাগে। এই অন্তিম জন্মত সম্পূৰ্ণ পাৱন হ'বৰ বাবে পৰিশ্ৰম কৰিব লাগে।

বৰদান:
শ্ৰেষ্ঠ বৃত্তিৰ দ্বাৰা প্ৰবৃত্তিক প্ৰগতিৰ সাধন কৰি লওঁতা সদায় সমৰ্থ হোৱা

প্ৰবৃত্তিত প্ৰথমতে বৃত্তিৰ দ্বাৰাই পৱিত্ৰ বা অপৱিত্ৰ হয়। যদি বৃত্তি সদায় এজন পিতাৰ সৈতে যুক্ত কৰা, একমাত্ৰ পিতা, দ্বিতীয় কোনো নাই — বৃত্তি এনেকুৱা উচ্চ হ’লে, তেতিয়া প্ৰবৃত্তি প্ৰগতিৰ সাধন হৈ যাব। বৃত্তি উচ্চ আৰু শ্ৰেষ্ঠ হ’লে চঞ্চল হ’ব নোৱাৰে। এনে শ্ৰেষ্ঠ বৃত্তিৰ দ্বাৰা প্ৰগতি কৰি গতি-সৎগতি সহজে পাই যাবা। তেতিয়া সকলো অভিযোগ সমাপ্ত হৈ যাব।

স্লোগান:
যদি পৱিত্ৰতাই সপোনতো বিচলিত কৰে, তেন্তে নিশ্চয়তাৰ ভেটি কেঁচা।


অব্যক্ত ইংগিত: নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা

যেতিয়া তোমালোক জিলিকি থকা তৰা, সূৰ্য, চন্দ্ৰৰ দৰে নিজৰ সম্পূৰ্ণ অৱস্থাত অথবা মাষ্টৰ দাতাবোধৰ অৱস্থাত স্থিৰ হ’বা, তেতিয়া দিগভ্ৰান্ত আত্মাসকল, বিচাৰি থকা আত্মাসকল অগ্নি শিখাৰ (পিতাৰ) ফালে স্বতঃ পাবৰ বাবে, সাক্ষাৎ কৰিবৰ বাবে তীব্ৰ গতিৰে তোমালোকৰ ওচৰলৈ আহিব আৰু তোমালোক সকলোৱে ছেকেণ্ডত পিতাৰ দ্বাৰা মুক্তি-জীৱনমুক্তিৰ অধিকাৰ প্ৰাপ্ত কৰোৱাৰ সেৱা তীব্ৰ গতিৰে কৰিব লাগিব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]