04.10.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে যিমানে পিতাক স্নেহেৰে স্মৰণ কৰিবা সিমানে আশীৰ্বাদ পাবা, পাপ খণ্ডন হৈ গৈ থাকিব”

প্ৰশ্ন:
পিতাই সন্তানসকলক কোনটো ধৰ্মত টিকি থকাৰ মত দিয়ে?

উত্তৰ:
পিতাই কয় – সন্তানসকল, তোমালোক নিজৰ বিচিত্ৰতাৰ ধৰ্মত টিকি থাকা, চিত্ৰৰ ধৰ্মত নহয়। যেনেকৈ পিতা বিদেহী, বিচিত্ৰ তেনেকৈ সন্তানসকলো বিচিত্ৰ আকৌ ইয়ালৈ চিত্ৰত (শৰীৰত) আহে। এতিয়া পিতাই সন্তানসকলক কয় – সন্তানসকল, বিচিত্ৰ হোৱা আৰু নিজৰ স্বধৰ্মত টিকা। দেহ-অভিমানত নাহিবা।

প্ৰশ্ন:
ভগৱানো ড্ৰামা অনুসৰি কোনটো কথাৰ বাবে বান্ধ খাই আছে?

উত্তৰ:
ড্ৰামা অনুসৰি সন্তানসকলক পতিতৰ পৰা পাৱন কৰি তুলিবলৈ ভগৱানো বান্ধ খাই আছে। তেওঁ পুৰুষোত্তম সংগমযুগত আহিবই লাগে।

ওঁম্শান্তি।
পিতাই বহি আত্মিক সন্তানসকলক বুজায় – যেতিয়া ‘ওঁম্‌ শান্তি’ বুলি কোৱা হয় তেতিয়া আত্মাৰ নিজৰ স্বধৰ্মৰ পৰিচয় দিয়া হয়। সেয়েহে পিতাও স্বতঃ স্মৃতিলৈ আহে কিয়নো প্ৰত্যেক মনুষ্যই ভগৱানকে স্মৰণ কৰে। কেৱল ভগৱানৰ পূৰা পৰিচয় নাই। ভগৱান নিজৰ আৰু আত্মাৰ পৰিচয় দিবলৈকে আহে। পতিত-পাৱন বুলি ভগৱানকে কোৱা হয়। পতিতৰ পৰা পাৱন কৰি তুলিবলৈ ভগৱানো ড্ৰামা অনুসৰি বান্ধ খাই আছে। তেৱোঁ পুৰুষোত্তম সংগমযুগত আহিব লাগে। সংগমযুগৰ বুজনিও দিয়ে। পুৰণি সৃষ্টি আৰু নতুন সৃষ্টিৰ মাজৰ সময়খিনিতে পিতা আহে। পুৰণি সৃষ্টিক মৃত্যুলোক, নতুন সৃষ্টিক অমৰলোক বুলি কোৱা হয়। এয়াও তোমালোকে বুজিছা, মৃত্যুলোকত আয়ুস কম হয়। অকাল মৃত্যু হৈ থাকে। সেয়া আকৌ হৈছে অমৰলোক, য’ত অকালমৃত্যু নহয় কিয়নো পৱিত্ৰ হয়। অপৱিত্ৰতাৰ দ্বাৰা ব্যভিচাৰী হয় আৰু আয়ুসো কম হয়। বলো কম হৈ যায়। সত্যযুগত পৱিত্ৰ হোৱা বাবে অব্যভিচাৰী হয়। বলো বেছি থাকে। বল অবিহনে ৰাজ্য কেনেকৈ প্ৰাপ্ত কৰিলে? নিশ্চয় তেওঁলোকে পিতাৰ পৰা আশীৰ্বাদ লৈছে। পিতা হৈছে সৰ্বশক্তিমান। আশীৰ্বাদ কেনেকৈ লৈছে? পিতাই কয় – মোক স্মৰণ কৰা। গতিকে যিসকলে বেছি স্মৰণ কৰিছে তেওঁলোকেহে আশীৰ্বাদ লৈছে। আশীৰ্বাদ কোনো খুজি লোৱা বস্তু নহয়। এয়াতো হৈছে পৰিশ্ৰম কৰিবলগীয়া বস্তু। যিমান বেছি স্মৰণ কৰিবা সিমান বেছি আশীৰ্বাদ পাবা অৰ্থাৎ উচ্চ পদ পাবা। স্মৰণেই যদি নকৰা তেন্তে আশীৰ্বাদো নাপাবা। লৌকিক পিতাই সন্তানসকলক কেতিয়াও এনেকৈ নকয় যে মোক স্মৰণ কৰা। তেওঁলোকে সৰুকালৰ পৰা নিজে নিজে মম্মা-বাবা বুলি কৈ থাকে। কৰ্মেন্দ্ৰিয় অপৈণত হৈ থাকে, ডাঙৰ সন্তানসকলে কেতিয়াও এনেকৈ বাবা বাবা, মম্মা মম্মা বুলি নকয়। তেওঁলোকৰ বুদ্ধিত থাকে – এয়া আমাৰ মাতা-পিতা, যাৰ পৰা এই উত্তৰাধিকাৰ পোৱা যায়। কোৱা অথবা স্মৰণ কৰাৰ কথা নাথাকে। ইয়াততো পিতাই কয় - মোক আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। হদৰ সম্বন্ধ এৰি এতিয়া বেহদৰ সম্বন্ধ স্মৃতিত ৰাখিব লাগে। সকলো মনুষ্যই বিচাৰে আমাৰ গতি হওঁক। গতি বুলি কোৱা হয় মুক্তিধামক। তাৰ পৰা পুনৰ সুখধামলৈ অহাটোকে সৎগতি বুলি কোৱা হয়। যিয়ে প্ৰথমে আহিব তেওঁ নিশ্চয় সুখেই পাব। পিতা সুখৰ বাবেই আহে। নিশ্চয় কিবা কথা কঠিন হয় সেইবাবে ইয়াক উচ্চ পঢ়া বুলি কোৱা হয়। যিমান উচ্চ পঢ়া সিমান কঠিনো হ’ব। সকলোৱেতো উত্তীৰ্ণ হ’ব নোৱাৰে। ডাঙৰতকৈও ডাঙৰ পৰীক্ষাত বহুত কম শিক্ষাৰ্থী উত্তীৰ্ণ হয় কিয়নো ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ হ’লে চৰকাৰে বেতনো (চাকৰিও) বহুত দিব লাগিব নহয়। কিছুমান শিক্ষাৰ্থীয়ে ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ হৈও এনেয়ে বহি থাকে। চৰকাৰৰ ওচৰত ইমান পইচা নাই যে বেছি বেতন দিব। ইয়াততো পিতাই কয় – যিমান উচ্চ পঢ়িবা সিমান উচ্চ পদ পাবা। এনেকুৱাও নহয় যে সকলো ৰজা বা ধনৱান হ’ব। সকলো নিৰ্ভৰ কৰে পঢ়াৰ ওপৰত। ভক্তিক পঢ়া বুলি কোৱা নহয়। এয়া হ’ল আত্মিক জ্ঞান যি আত্মাৰ পিতাই পঢ়ায়। কিমান উচ্চ পঢ়া। সন্তানসকলৰ কঠিন লাগে কিয়নো পিতাক স্মৰণ নকৰে সেয়েহে চৰিত্ৰও শুধৰণি নহয়। যিয়ে ভালকৈ স্মৰণ কৰে তেওঁলোকৰ চৰিত্ৰও ভাল হৈ গৈ থাকে। বৰ অমায়িক সেৱাধাৰী হৈ গৈ থাকে। চৰিত্ৰ ভাল নহ’লে তেতিয়া কাৰো পছণ্ডও নহয়। যিসকলৰ উত্তীৰ্ণ নহয় তেওঁলোকৰ নিশ্চয় চৰিত্ৰত দোষ আছে। শ্ৰীলক্ষ্মী-নাৰায়ণৰ চৰিত্ৰ বহুত ভাল আছিল। ৰামৰ দুটা কলা কম বুলি কোৱা হ’ব। ৰাৱণৰাজ্যত ভাৰত অসত্য খণ্ড হৈ যায়। সত্য খণ্ডততো অলপো অসত্য থাকিব নোৱাৰে। ৰাৱণৰাজ্যত হৈছে অসত্যই অসত্য। অসত্য মনুষ্যক দৈৱী গুণধাৰী বুলি ক’ব নোৱাৰি। এয়া হ’ল বেহদৰ কথা। এতিয়া পিতাই কয় – এনেকুৱা অসত্য কথা কাৰো পৰা নুশুনিবা আৰু নিজেও নুশুনাবা। একমাত্ৰ ঈশ্বৰৰ মতকে বিধিসন্মত মত বুলি কোৱা হয়। মনুষ্যৰ মতক নীতিবহিৰ্ভূত মত বুলি কোৱা হয়। বিধিসন্মত মতৰ দ্বাৰা তোমালোক উচ্চ হোৱা। কিন্তু সকলো চলিব নোৱাৰে সেয়েহে নীতিবহিৰ্ভূত হৈ যায়। কোনোৱে পিতাৰ আগত প্ৰতিজ্ঞাও কৰে – বাবা ইমান বয়সলৈকে মই নীতিবহিৰ্ভূত কাম কৰিলোঁ, এতিয়া নকৰোঁ। সকলোতকৈ নীতিবহিৰ্ভূত কাম হ’ল বিকাৰৰ ভূত। দেহ-অভিমানৰ ভূততো সকলোৰে আছে। মায়াবী পুৰুষৰ দেহ-অভিমানেই থাকে। পিতাতো হয়েই বিদেহী, বিচিত্ৰ। সেয়েহে সন্তানসকলো বিচিত্ৰ হয়। এয়া বুজিবলগীয়া কথা। আমি আত্মাসকল হৈছোঁ বিচিত্ৰ পুনৰ ইয়াত চিত্ৰত (শৰীৰত) আহোঁ। এতিয়া পিতাই পুনৰ কয় – বিচিত্ৰ হোৱা। নিজৰ স্বধৰ্মত টিকি থাকা। চিত্ৰৰ ধৰ্মত নিটিকিবা। বিচিত্ৰতাৰ ধৰ্মত টিকা। দেহ-অভিমানত নাহিবা। পিতাই কিমান বুজায় – ইয়াৰ বাবে স্মৃতিত থকাৰ অতি প্ৰয়োজন। পিতাই কয় – নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা তেতিয়া তোমালোক সতোপ্ৰধান, পৱিত্ৰ হৈ যাবাগৈ। অপৱিত্ৰতাত যোৱা বাবে বহুত শাস্তি খাবলগীয়া হয়। পিতাৰ হোৱাৰ পাছত যদি কিবা ভুল হয় তেন্তে তাৰ বাবে গায়ন আছে – সৎগুৰুৰ নিন্দুকে উচ্চ পদ পাব নোৱাৰে। যদি তোমালোকে মোৰ মতত চলি পৱিত্ৰ নোহোৱা তেন্তে 100 গুণ দণ্ড ভোগ কৰিব লাগিব। বিবেক চলাব লাগে। যদি আমি স্মৰণ কৰিব নোৱাৰোঁ তেন্তে ইমান উচ্চ পদো পাব নোৱাৰিম। পুৰুষাৰ্থৰ কাৰণে সময়ো দিয়ে। তোমালোকক কয় – প্ৰমাণ কি? তোমালোকে কোৱা, যিটো শৰীৰত আহে সেই প্ৰজাপিতা ব্ৰহ্মাতো মনুষ্য হয় নহয়। মনুষ্যৰ শৰীৰৰ নাম ৰাখে। শিৱবাবাতো মনুষ্যও নহয়, দেৱতাও নহয়। তেওঁক সৰ্বোত্তম আত্মা বুলি কোৱা হয়। তেওঁতো পতিত অথবা পাৱন নহয়, তেওঁ বুজায় – মোক স্মৰণ কৰিলে তোমালোকৰ পাপ খণ্ডন হ’ব। পিতাইয়ে বহি বুজায় – তোমালোক সতোপ্ৰধান আছিলা, এতিয়া তমোপ্ৰধান হৈছা। পুনৰ সতোপ্ৰধান হ’বলৈ মোক স্মৰণ কৰা। এই দেৱতাসকলৰ অৰ্হতা চোৱা কেনেকুৱা আৰু তেওঁলোকৰ পৰা দয়া ভিক্ষা কৰোঁতাসকলকো চোৱা আচৰিত লাগে - আমি কি আছিলোঁ! পুনৰ 84 জন্মত কিমান স্খলিত হৈ একেবাৰে অধঃপতিত হৈ গ’লো।

পিতাই কয় – মৰমৰ সন্তানসকল, তোমালোক দৈৱী কুলৰ আছিলা। এতিয়া নিজৰ আচৰণ চোৱা এয়া (দেৱী-দেৱতা) হ’ব পাৰিমনে? এনেকুৱা নহয় যে সকলো লক্ষ্মী-নাৰায়ণ হ’বগৈ। তেনেহ’লেতো গোটেইখন ফুলৰ বাগিচা হৈ যাব। শিৱবাবাক কেৱল গোলাপ ফুলহে অৰ্পণ কৰিব লাগে, কিন্তু নহয়, অক্‌ ফুলো অৰ্পণ কৰে। পিতাৰ সন্তানসকল কোনোবা ফুলো হয়, কোনোবা অক্‌ ফুলো হয়। উত্তীৰ্ণ-অনুত্তীৰ্ণতো হয়েই। নিজেও বুজে যে মইতো ৰজা হ’ব নোৱাৰিম। নিজৰ সমানকৈ গঢ়ি নোতোলে। ধনৱান কেনেকৈ, কোন হ’ব সেয়াতো পিতাই জানে। আগলৈ তোমালোক সন্তানসকলেও বুজিবা যে অমুক পিতাৰ কেনেকুৱা সহায়কাৰী হয়। কল্পই কল্পই যিয়ে যি কৰিছে সেয়াই কৰিব। এই ক্ষেত্ৰত হীনডেঢ়ি হ’ব নোৱাৰে। পিতাই সাৰ কথাবোৰতো কৈয়েই থাকে। এনেকৈ এনেকৈ পিতাক স্মৰণ কৰিব লাগে আৰু স্থানান্তৰো কৰিব লাগে। ভক্তিমাৰ্গত তোমালোকে ঈশ্বৰৰ অৰ্থে কৰা। কিন্তু ঈশ্বৰক নাজানাই। ইমানেই বুজা যে উচ্চতকৈও উচ্চ হৈছে ভগৱান। এনেকুৱা নহয় যে উচ্চকৈও উচ্চ নাম-ৰূপধাৰী হয়। তেওঁ হয়েই নিৰাকাৰ। পাছত উচ্চতকৈও উচ্চ সাকাৰ ইয়াতেই হয়। ব্ৰহ্মা, বিষ্ণু, শংকৰক দেৱতা বুলি কোৱা হয়। ব্ৰহ্মা দেৱতায়ে নমঃ, বিষ্ণু দেৱতায়ে নমঃ, তাৰপাছত কয় শিৱ পৰমাত্মায়ে নমঃ। তেন্তে পৰমাত্মা ডাঙৰ নহ’ল জানো। ব্ৰহ্মা, বিষ্ণু, শংকৰক পৰমাত্মা বুলি কোৱা নহয়। মুখেৰে কয়ো – শিৱ পৰমাত্মায়ে নমঃ তেন্তে নিশ্চয় পৰমাত্মা এজন হ’ল নহয়। দেৱতাসকলক নমন কৰে। মনুষ্য লোকত মনুষ্যক মনুষ্য বুলিয়েই ক’ব। মনুষ্যক পৰমাত্মাই নমঃ বুলি কোৱা – এয়াতো একেবাৰে অজ্ঞানতা। সকলোৰে বুদ্ধিত এইটো আছে যে ঈশ্বৰ সৰ্বব্যাপি। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে ভগৱানতো এজনেই, তেওঁকেই পতিত-পাৱন বুলি কোৱা হয়। সকলোকে পাৱন কৰি তোলাতো ভগৱানৰে কাম। জগতৰ গুৰু কোনো মনুষ্য হ’ব নোৱাৰে। গুৰু পাৱন নহয় জানো। ইয়াততো সকলোৰে বিকাৰৰ দ্বাৰা জন্ম হয়। জ্ঞানক অমৃত বুলি কোৱা হয়। ভক্তিক অমৃত বুলি কোৱা নহয়। ভক্তিমাৰ্গত ভক্তিয়ে চলে। সকলো মনুষ্যই ভক্তি কৰি আছে। জ্ঞানৰ সাগৰ, জগতৰ গুৰু বুলি এজনকে কোৱা হয়। এতিয়া তোমালোকে জানা পিতা আহি কি কৰে। তত্ববিলাককো পৱিত্ৰ কৰি তোলে। ড্ৰামাত তেওঁৰ ভূমিকা আছে। পিতা নিমিত্ত হয় সকলোৰে সৎগতি দাতা হয়। এতিয়া এয়া কেনেকৈ বুজোৱা হ’ব। আহেতো বহুতেই। উদ্‌ঘাটন কৰিবলৈ আহিলে তেতিয়া তাঁৰবাৰ্তা দিয়া হয় যে সমাগত বিনাশৰ আগতে বেহদৰ পিতাক জানি তেওঁৰ পৰা উত্তৰাধিকাৰ লওঁক। এওঁ হ’ল আত্মিক পিতা। যি মনুষ্য মাত্ৰ আছে সকলোৱে পিতা বুলি কয়। ৰচয়িতা হয় সেয়েহে নিশ্চয় ৰচনাই উত্তৰাধিকাৰ পাব। বেহদৰ পিতাক কোনেও নাজানে। পিতাক পাহৰি যোৱা – এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। বেহদৰ পিতা উচ্চতকৈও উচ্চ হয়, তেওঁ কোনো হদৰ উত্তৰাধিকাৰতো নিদিয়ে নহয় জানো। লৌকিক পিতা থকাৰ পাছতো বেহদৰ পিতাক সকলোৱে স্মৰণ কৰে। সত্যযুগত তেওঁক কোনেও স্মৰণ নকৰে কিয়নো বেহদ সুখৰ উত্তৰাধিকাৰ লাভ কৰে। এতিয়া তোমালোকে পিতাক স্মৰণ কৰা। আত্মাইহে স্মৰণ কৰে পাছত আত্মাসকলে নিজক আৰু নিজৰ পিতাক, ড্ৰামাক পাহৰি যায়। মায়াৰ ছায়া পৰি যায়। সতোপ্ৰধান বুদ্ধি পুনৰ তমোপ্ৰধান নিশ্চয় হ’ব। স্মৃতিলৈ আহে, নতুন সৃষ্টিত দেৱী-দেৱতাসকল সতোপ্ৰধান আছিল, এয়া কোনেও নাজানে। সৃষ্টিখনেই সতোপ্ৰধান সোণালী যুগী হৈ যায়। ইয়াকে কোৱা হয় নতুন সৃষ্টি। এয়া হ’ল লৌহ যুগী সৃষ্টি। এই সকলো কথা পিতাহে আহি সন্তানসকলক বুজায়। কল্পই কল্পই তোমালোকে যি উত্তৰাধিকাৰ লোৱা, পুৰুষাৰ্থ অনুসৰি সেয়াই পাবা। তোমালোকেও এতিয়া জানিছা – আমি এয়া আছিলোঁ আকৌ এনেকৈ তললৈ আহি গ’লোঁ। পিতাইহে কয় যে এনেকুৱা এনেকুৱা হ’ব। কোনোৱে কয় – বহুত চেষ্টা কৰোঁ কিন্তু স্মৃতি টিকি নাথাকে। এই ক্ষেত্ৰত পিতা অথবা শিক্ষকে কি কৰিব, কোনোবাই নপঢ়িলে তেতিয়া শিক্ষকে কি কৰিব। শিক্ষকে আশীৰ্বাদ দিলে তেতিয়া সকলো উত্তীৰ্ণ হৈ যাব। পঢ়াৰ পাৰ্থক্যতো বহুত থাকে। এয়া হ’ল একেবাৰে নতুন পঢ়া। ইয়াত তোমালোকৰ ওচৰলৈ সাধাৰণতে গৰিব, দুখীসকলে আহিব, ধনৱান নাহিব। দুখী হয় তেতিয়া আহে। ধনৱানে ভাবে – আমিতো স্বৰ্গত বহি আছো। ভাগ্যত নাই, যাৰ ভাগ্যত আছে, তেওঁলোকৰ তৎক্ষণাৎ নিশ্চয় জন্মি যায়। নিশ্চয়ৰ পৰা সংশয় হ’বলৈ দেৰী নালাগে। মায়াই তৎক্ষণাৎ পাহৰাই দিয়ে। সময়তো লাগেই নহয়। এই ক্ষেত্ৰত বিভ্ৰান্ত হোৱাৰ দৰকাৰ নাই। নিজৰ ওপৰত দয়া কৰিব লাগে। শ্ৰীমততো পাই থকা যায়। কিমান সহজ – পিতাই কয় কেৱল নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা।

তোমালোকে জানা যে এইখন হয়েই মৃত্যুলোক। সেইখন হ’ল অমৰলোক। তাত অকাল মৃত্যু নহয়। শ্ৰেণীত বিদ্যাৰ্থীসকল ক্ৰমানুসৰি নবহে জানো। এইখনো হৈছে স্কুল। ব্ৰাহ্মণীক সোধা হয় – তোমাৰ ওচৰত ক্ৰমানুসৰি বুদ্ধিমান সন্তান কোন? যিসকলে ভালকৈ পঢ়ে, তেওঁলোক সোঁফালে বহা উচিত। সোঁহাতৰ মহত্ব আছে নহয়। পূজা আদিও সোঁহাতেৰে কৰা হয়। সন্তানসকলে খেয়াল কৰি থাকিব লাগে – সত্যযুগত কি হ’ব। সত্যযুগ স্মৃতিত আহিলে তেতিয়া সত্য বাবাও স্মৃতিলৈ আহিব। বাবাই আমাক সত্যযুগৰ মালিক কৰি তোলে। তাত এইটো নাজানে যে আমি এই বাদশ্বাহী কেনেকৈ পালোঁ। সেইবাবে বাবাই কয় – এই লক্ষ্মী-নাৰায়ণৰো এই জ্ঞান নাই, পিতাই প্ৰতিটো কথা ভালদৰে বুজাই থাকে যিয়ে কল্প পূৰ্বে বুজিছিল তেওঁলোকেই নিশ্চয় বুজিব। তথাপিও পুৰুষাৰ্থ কৰিবলগীয়া হয়। পিতা পঢ়াবলৈকে আহে। এয়া হৈছে পঢ়া, ইয়াৰ বাবে বোধশক্তিৰ প্ৰয়োজন। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই আত্মিক পঢ়া বহুত উচ্চ আৰু কঠিন, ইয়াত উত্তীৰ্ণ হ’বলৈ পিতাৰ স্মৃতিৰ দ্বাৰা আশীৰ্বাদ ল’ব লাগে। নিজৰ চৰিত্ৰ শুধৰাব লাগে।

(2) এতিয়া কোনো নীতিবহিৰ্ভূত কাম কৰিব নালাগে। বিচিত্ৰ হৈ নিজৰ স্বধৰ্মত টিকিব লাগে আৰু বিচিত্ৰ পিতাৰ বিধিসন্মত মতত চলিব লাগে।

বৰদান:
পিতাৰ সান্নিধ্য দ্বাৰা পৱিত্ৰতাৰূপী স্বধৰ্ম সহজে পালন কৰোঁতা মাষ্টৰ সৰ্বশক্তিমান হোৱা

আত্মাৰ স্বধৰ্ম হৈছে পৱিত্ৰতা, অপৱিত্ৰতা হৈছে পৰধৰ্ম। যেতিয়া স্বধৰ্মৰ নিশ্চয়তা জন্মি যায় তেতিয়া পৰধৰ্মই অস্থিৰ কৰিব নোৱাৰে। পিতা যি হয় যেনেকুৱা হয়, যদি তেওঁক যথাৰ্থ ৰূপত জানি লৈ লগত ৰাখা তেতিয়া পৱিত্ৰতাৰূপী স্বধৰ্ম ধাৰণ কৰা বহুত সহজ হয়, কিয়নো সংগী হৈছে সৰ্বশক্তিমান। সৰ্বশক্তিমানৰ সন্তান মাষ্টৰ সৰ্বশক্তিমানৰ আগত অপৱিত্ৰতা আহিব নোৱাৰে। যদি সংকল্পতো মায়া আহে তেন্তে নিশ্চয় কোনোবা দ্বাৰ খোলা আছে অথবা নিশ্চয়তাত অভাৱ আছে।

স্লোগান:
ত্ৰিকালদৰ্শীয়ে কোনো কথা এক কালৰ দৃষ্টিয়ে নাচায়, প্ৰতিটো কথাত কল্যাণ আছে বুলি বুজে।


পুৰণা সংস্কাৰ পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

তোমালোক সকলো সন্তানৰ এই ব্ৰাহ্মণ জীৱন হৈছে জীৱন্তে মৃত জন্ম। জীৱন্তে মৰা অৰ্থাৎ নিজৰ দেহৰ পৰা, মিত্ৰ সম্বন্ধীয়ৰ পৰা, পুৰণা জগতৰ পৰা মৰি যোৱা। যেনেকৈ কোনোবা মৰিলে তেতিয়া আগৰ সংস্কাৰ শেষ হৈ যায়। তেনেকৈ ইয়াতো আগৰ পুৰণা সংস্কাৰ এনেকুৱা লাগিব লাগে যেন আনৰহে আছিল, মোৰ নাছিল। যেনেকৈ ব্ৰাহ্মণে লেতেৰা বস্তু স্পৰ্শ নকৰে তেনেকৈ নিজক পুৰণা সংস্কাৰৰ পৰা ৰক্ষা কৰিব লাগে। স্পৰ্শ কৰিব নালাগে।