04.11.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – নিজৰ ত্ৰুটিসমূহ দূৰ কৰিবলৈ হ’লে শুদ্ধ অন্তৰেৰে সেয়া পিতাক শুনাই দিয়া, বাবাই তোমালোকক ত্ৰুটিসমূহ দূৰ কৰাৰ যুক্তি (উপায়) শুনাব"
 

প্ৰশ্ন:
পিতাৰ শক্তি কোনসকল সন্তানে পায়?

উত্তৰ:
যিসকল সন্তানে সততাৰে ছাৰ্জনক নিজৰ বেমাৰৰ কথা শুনাই দিয়ে, বাবাই তেওঁলোকক দৃষ্টি দিয়ে। বাবাৰ সেইসকল সন্তানৰ প্ৰতি বহুত দয়া ওপজে। ভিতৰি বিচাৰে এই সন্তানটিৰ এইটো ভূত যাতে আঁতৰি যায়। বাবাই তেওঁলোকক শক্তি দিয়ে।

ওঁম্শান্তি।
বাবাই সন্তানসকলক সুধি থাকে। প্ৰতিগৰাকী সন্তানে নিজকে সুধিব লাগে যে পিতাৰ পৰা কিবা পাইছোঁনে? কোনটো কোনটো কথাত এতিয়াও অভাৱ আছে? প্ৰত্যেকে নিজক চাব লাগে। যেনেকৈ নাৰদৰ দৃষ্টান্ত আছে, তেওঁক ক’লে নিজৰ মুখখন আইনাত চোৱা- লক্ষ্মীক বৰমালা পিন্ধোৱাৰ লায়ক হোৱানে? সেয়েহে বাবায়ো তোমালোকক সোধে - কি ভাবা, লক্ষ্মীক বৰমালা পিন্ধোৱাৰ লায়ক হৈছানে? যদি হোৱা নাই তেন্তে কি কি ত্ৰুটি আছে? যিবোৰ আঁতৰাবলৈ সন্তানসকলে পুৰুষাৰ্থ কৰে। নতুন নতুন সন্তানসকলক এনেকৈ বুজোৱা হয় - নিজক চোৱা কোনো ত্ৰুটিতো নাই? কিয়নো তোমালোক সকলো নিখুঁত হ’ব লাগে। পিতা আহেই নিখুঁত কৰি তুলিবলৈ সেইকাৰণে লক্ষ্য-উদ্দেশ্যৰ চিত্ৰও সন্মুখত ৰখা হৈছে। নিজকে সোধা মই তেওঁলোকৰ দৰে নিখুঁত হৈছোঁনে? সেই পাৰ্থিৱ বিদ্যা শিকোৱা শিক্ষক আদিতো এতিয়া সকলো বিকাৰী। এই (লক্ষ্মী-নাৰায়ণ) হৈছে সম্পূৰ্ণ নির্বিকাৰীৰ আৰ্হি। আধাকল্প তোমালোকে তেওঁলোকৰে মহিমা গাই আহিছা। এতিয়া নিজকে সোধা - মোৰ মাজত কি কি খুঁত আছে, যিবোৰ দূৰ কৰি মই নিজৰ উন্নতি কৰিম? আৰু পিতাক শুনাম যে বাবা এইটো খুঁত আছে, যিটো মোৰ পৰা দূৰ নহয়, কিবা উপায় দিয়ক। বেমাৰ ছাৰ্জনৰ দ্বাৰাহে নিৰাময় হ’ব। কোনো কোনো সহকাৰী ছাৰ্জনো পাকৈত হয়। ডাক্তৰৰ পৰা কম্পাউণ্ডাৰে শিকে। পাছত পাকৈত ডাক্তৰ হৈ যায়। গতিকে সততাৰে নিজক পৰীক্ষা কৰা - মোৰ মাজত কি কি খুঁত আছে? যাৰ কাৰণে বুজি পাওঁ যে মই এইটো পদ পাব নোৱাৰিম। পিতাইতো ক’ব - তোমালোক তেওঁলোকৰ দৰে হ’ব পাৰা। দোষ-ত্ৰুটিবোৰ শুনাই দিলে তেতিয়া বাবাই ৰায় দিব। বেমাৰতো বহুত আছে। বহুতৰে দোষ-ক্ৰুটি আছে। কাৰোবাৰ খং আছে, লোভ আছে.... তেওঁলোকৰ জ্ঞানৰ ধাৰণা হ’ব নোৱাৰে যে আনক ধাৰণা কৰাব পাৰিব। পিতাই নিতৌ বহুত বুজাই থাকে। বাস্তৱত ইমান বুজোৱাৰ প্ৰয়োজনেই দেখা নাযায়। মন্ত্ৰৰ অৰ্থ পিতাই বুজাই দিয়ে। পিতাতো এজনেই। বেহদৰ পিতাক স্মৰণ কৰিব লাগে আৰু তেওঁৰ পৰা এই উত্তৰাধিকাৰ প্ৰাপ্ত কৰি এনেকুৱা (লক্ষ্মী-নাৰায়ণ) হ’ব লাগে। অন্য স্কুলত 5 বিকাৰক জয় কৰাৰ কথাই নাথাকে। এইটো এতিয়াহে হয় যেতিয়া পিতা আহি বুজায়। তোমালোকৰ মাজত যি ভূত আছে, যিয়ে দুখ দিয়ে, তাৰ বৰ্ণনা কৰিলে তেতিয়া পিতাই যুক্তি শুনাব। বাবা এইটো এইটো ভূতে মোক আমনি কৰি থাকে। ভূত দূৰ কৰোঁতাজনৰ আগত বৰ্ণনা কৰা নহয় জানো। তোমালোকৰ মাজত তেনেকুৱা ভূত নাই। তোমালোকে জানা এই 5 বিকাৰৰূপী ভূত জন্ম-জন্মান্তৰৰ। চাব লাগে মোৰ মাজত কোনটো কোনটো ভূত আছে? সেই ভূতবোৰ দূৰ কৰিবলৈ আকৌ ৰায় ল’ব লাগে। এই দুচকুয়েও বহুত ঠগে, সেয়েহে পিতাই বুজায় নিজক আত্মা বুলি বুজি আনকো আত্মা বুলি বুজাৰ অভ্যাস কৰা। এইটো যুক্তিৰে তোমালোকৰ এই বেমাৰ আঁতৰি যাব। আমি সকলো আত্মাতো আত্মা ভাই ভাই হৈ গ’লোঁ। শৰীৰতো নাই। এইটোও জানা যে আমি সকলো আত্মা উভতি যাব লাগে। সেয়েহে নিজকে চাব লাগে মই সৰ্বগুণ সম্পন্ন হৈছোঁনে? নহ’লে মোৰ মাজত কি কি অৱগুণ আছে? তেতিয়াহে বাবায়ো সেই আত্মাটিৰ ফালে চকু দিয়ে, এওঁৰ এইটো খুঁত আছে তেতিয়া তেওঁক শক্তি দিব। এই সন্তানটিৰ এইটো বিঘ্ন দূৰ হওঁক। যদি ছাৰ্জনৰ পৰাই লুকুৱাই ৰাখা তেন্তে ডাক্তৰে কি কৰিব পাৰে? তোমালোকে নিজৰ অৱগুণবোৰ শুনাই থাকিলে তেতিয়া পিতায়ো ৰায় দি থাকিব। যেনেকৈ তোমালোক আত্মাসকলে পিতাক স্মৰণ কৰা - বাবা, আপুনি কিমান মৰমিয়াল! আমাক কিহ’ৰ পৰা কি কৰি তোলে! পিতাক স্মৰণ কৰি থাকিলে ভূতবোৰ আঁতৰ হৈ গৈ থাকিব। কিবা নহয় কিবা ভূত নিশ্চয় আছে। ছাৰ্জন ৰূপী পিতাক কোৱা, বাবা মোক এইটো ভূত আঁতৰোৱাৰ উপায় দিয়ক। নহ’লে বহুত লোকচান হৈ যাব। শুনালে পিতাৰো দয়া উপজিব - এই মায়াৰ ভূতটোৱে তেওঁক আমনি কৰি থাকে। ভূত আঁতৰ কৰোঁতাতো এজন পিতাই হয়। যুক্তিৰে আঁতৰ কৰে। বুজোৱা হয় - এই 5টা ভূত আঁতৰ কৰা। তথাপি সকলো ভূত আঁতৰি নাযায়। কাৰোবাৰ বিশেষ ৰূপত থাকে, কাৰোবাৰ কম। কিন্তু ভূত নিশ্চয় আছে। পিতাই দেখিবলৈ পায় এওঁৰ এইটো ভূত আছে। দৃষ্টি দিয়াৰ সময়ত তেওঁৰ ভিতৰত এইবোৰ চলি থাকে। এওঁতো বহুত ভাল সন্তান তেওঁৰ সকলো ভাল ভাল গুণ আছে কিন্তু মুখেৰে একো নকয়, কাকোৱে বুজাব নোৱাৰে। মায়াই যেন কণ্ঠ ৰুদ্ধ কৰি দিলে, এওঁৰ কণ্ঠ খুলি গ’লে আনৰো সেৱা কৰিবলৈ লাগি যাব। আনৰ সেৱা কৰা মানেই নিজৰ সেৱা, শিৱবাবাৰ সেৱা নকৰা। শিৱবাবা নিজেই সেৱা কৰিবলৈ আহিছে, তেওঁ কয় - এই জন্ম-জন্মান্তৰৰ ভূতবোৰ আঁতৰ কৰিব লাগে।

পিতাই বহি বুজায় - এইটোও জানা যে বৃক্ষ লাহে লাহে বৃদ্ধি হৈ থাকে। পাত সৰি থাকে। মায়াই বিঘ্ন আনে। বহি থাকোঁতেই খেয়াল সলনি হৈ যায়। যেনেকৈ সন্ন্যাসীসকলৰ ঘৃণা উপজিলে তেতিয়া একেবাৰে অন্তৰ্ধান হৈ যায়। কোনো কাৰণ নাই, কোনো কথা বাৰ্তা নাই। সকলোৰে সম্পৰ্কতো পিতাৰ সৈতে। সন্তানসকল হৈছে ক্ৰম নম্বৰ অনুসৰি। সেয়াও পিতাক সঁচাকৈ ক’লে তেতিয়া সেই খুঁতবোৰ আঁতৰ হ’ব আৰু উচ্চ পদ পাব পাৰিবা। পিতাই জানে কিছুমানে নোকোৱাৰ বাবে নিজৰে বহুত লোকচান কৰে। যিমানেই নুবুজাওঁক আকৌ সেই কাম কৰিবলৈ লাগি যায়। মায়াই ধৰি লয়। মায়া ৰূপী অজগৰ আছে, সকলোকে পেটত সুমুৱাই বহি আছে। পিটনিত ডিঙিলৈকে আৱদ্ধ হৈ আছে। পিতাই কিমান বুজায়। আন কোনো কথা নাই কেৱল কোৱা দুজন পিতা আছে। এক লৌকিক পিতাকতো সদায় পোৱাই যায়, সত্যযুগতো পোৱা যায় কলিযুগতো পোৱা যায়। এনেকুৱা নহয় যে সত্যযুগত পুনৰ পাৰলৌকিক পিতাক পাবা। পাৰলৌকিক পিতাতো এবাৰহে আহে। পাৰলৌকিক পিতা আহি নৰকক স্বৰ্গ কৰি তোলে। তেওঁৰ ভক্তিমাৰ্গত কিমান পূজা কৰে। স্মৰণ কৰে। শিৱৰ মন্দিৰো বহুত আছে। সন্তানসকলে কয় সেৱা নাই। হেৰ’, শিৱৰ মন্দিৰতো য’তে-ত’তে আছে, তালৈ গৈ তোমালোকে সুধিব পাৰা, এওঁক কিয় পূজা কৰে? এওঁ শৰীৰধাৰীতো নহয়। এওঁ কোন? তেতিয়া ক’ব পৰমাত্মা। এওঁৰ বাহিৰে আন কাকোৱে তেনেকৈ নক’ব। সেয়েহে কোৱা - এই পৰমাত্মা পিতা নহয় জানো। এওঁক খোদা বুলিও কোৱা কয়, আল্লা বুলিও কয়। সাধাৰণতে পৰমপিতা পৰমাত্মা বুলি কোৱা হয়, তেওঁৰ পৰা কি প্ৰাপ্তি হ’ব সেয়া কিবা জানেনে? ভাৰতত শিৱৰ নামটো বহুত লোৱা হয় শিৱ জয়ন্তী উৎসৱো পালন কৰে। যিকোনো লোককে বুজোৱাতো বহুত সহজ। পিতাই ভিন্ন ভিন্ন প্ৰকাৰে বহুত কথাই বুজাই থাকে। তোমালোকে যিকোনো লোকৰ ওচৰলৈ যাব পাৰা। কিন্তু বহুত শীতলতাৰে, নম্ৰতাৰে বাৰ্তালাপ কৰিব লাগে। তোমালোকৰ নামতো ভাৰতত বহুত বিয়পি আছে। অলপ কথা ক’লেও ততালিকে বুজি পাই যাব - এওঁলোক বি.কে.। গাঁও আদিৰ ফালেতো বহুত সহজ-সৰল লোক থাকে। মন্দিৰলৈ গৈ সেৱা কৰা বহুত সহজ। এনেকৈ কোৱা - আহক তেতিয়া আমি আপোনালোকক শিৱবাবাৰ জীৱন কাহিনী শুনাম। আপোনালোকে শিৱৰ পূজা কৰে, তেওঁৰ পৰা কি বিচাৰে? আমিতো আপোনালোকক তেওঁৰ পূৰা জীৱন কাহিনী শুনাব পাৰোঁ। দ্বিতীয় দিনা আকৌ লক্ষ্মী-নাৰায়ণৰ মন্দিৰলৈ যোৱা। তোমালোকৰ অন্তৰ আনন্দিত হৈ থাকে। সন্তানসকলে বিচাৰে গাঁওত গৈ সেৱা কৰোঁ। সকলোৰে বোধশক্তি নিজা নিজা নহয় জানো। পিতাই কয় - প্ৰথমে শিৱবাবাৰ মন্দিৰলৈ যোৱা। তাৰপাছত লক্ষ্মী-নাৰায়ণৰ মন্দিৰলৈ গৈ সোধা - এওঁলোকৰ এই উত্তৰাধিকাৰ কেনেকৈ প্ৰাপ্ত হ’ল? আহক তেতিয়া আমি এই দেৱী-দেৱতাসকলৰ 84 জন্মৰ কাহিনী শুনাম। গাঁৱৰ লোকসকলকো জগাব লাগে। তোমালোকে গৈ মৰমেৰে বুজাবা। আপুনি আত্মা, আত্মাইহে কথা কয়, এই শৰীৰতো শেষ হৈ যাব। এতিয়া আমি আত্মাসকল পৱিত্ৰ হৈ পিতাৰ ওচৰলৈ যাব লাগে। পিতাই কয় - মোক স্মৰণ কৰা। তেতিয়া শুনিলেই তেওঁলোক আকৰ্ষিত হ’ব। যিমানে তোমালোক দেহী-অভিমানী হ’বা সিমানেই তোমালোকে আকৰ্ষিত কৰিব পাৰিবা। এতিয়া এই দেহ আদিৰ প্ৰতি, পুৰণি জগতৰ প্ৰতি ইমান বৈৰাগ্য ওপজা নাই। এয়াতো জানা যে এই পুৰণি চোলা এৰিব লাগিব, ইয়াৰ প্ৰতি কি মমত্ব ৰাখিব লাগে। শৰীৰ থকা সত্বেও শৰীৰৰ প্ৰতি অলপো মমত্ব থকা উচিত নহয়। অন্তৰত যাতে এইটোৱে চলি থাকে– এতিয়া আমি আত্মাসকল পৱিত্ৰ হৈ নিজৰ ঘৰলৈ যাম। আকৌ অন্তৰে এইটোও বিচাৰে - এনেকুৱা বাবাক কেনেকৈ এৰোঁ? এনেকুৱা বাবাতো আকৌ কেতিয়াও নাপাওঁ। গতিকে এনেকুৱা খেয়াল চলি থাকিলে পিতাও স্মৃতিলৈ আহিব, ঘৰো স্মৃতিলৈ আহিব। এতিয়া মই ঘৰলৈ যাম। 84 জন্ম পূৰা হ’ল। লাগিলে দিনত নিজৰ পেছাগত কাম-কাজ আদি কৰা। গৃহস্থালিততো থাকিবই লাগিব। তাত থাকিও তোমালোকে বুদ্ধিত এইটো ৰাখা যে এয়া সকলো নাশ হৈ যাব। এতিয়া আমি ঘৰলৈ উভতি যাব লাগে। পিতাই কয়- গৃহস্থালিততো নিশ্চয় থাকিব লাগে। নহ’লে ক’লৈ যাবা? পেছাগত কাম-কাজ আদি কৰা, বুদ্ধিত যাতে এইটো স্মৃতি থাকে। এয়াতো সকলো নাশ হৈ যাব। প্ৰথমে আমি ঘৰলৈ যাম তাৰপাছত পুনৰ সুখধামলৈ আহিম। যিমান সময় পোৱা নিজৰ লগত কথা পাতিব লাগে। বহুত সময় পোৱা, 8 (আঠ) ঘণ্টা পেছাগত কাম-কাজ কৰা। 8 (আঠ) ঘণ্টা আৰামো কৰা। বাকী 8 (আঠ) ঘণ্টা এই পিতাৰ সৈতে বাৰ্তালাপ কৰা পুনৰ গৈ সেৱা কৰা। যিমানেই সময় পোৱা শিৱবাবাৰ মন্দিৰত, লক্ষ্মী-নাৰায়ণৰ মন্দিৰত গৈ সেৱা কৰা। মন্দিৰতো তোমালোকে বহুত পাবা। তোমালোক য’লৈকে নোযোৱা শিৱৰ মন্দিৰ নিশ্চয় থাকিব। তোমালোক সন্তানসকলৰ কাৰণে মুখ্য হৈছে স্মৃতিৰ যাত্ৰা। স্মৃতিত ভালকৈ থাকিলে তেতিয়া যি বিচৰা সেয়া পাব পাৰা। প্ৰকৃতি তোমালোকৰ দাসী হৈ যাব। স্মৃতিত থকাসকলৰ চেহেৰা আদিও এনেকুৱা আকৰ্ষণীয় হৈ থাকে, একো বিচৰাৰ দৰকাৰ নাই। সন্ন্যাসীসকলৰ মাজতো কোনো কোনো অতি দৃঢ় হৈ থাকে। বচ্‌ এইটো নিশ্চয়েৰে বহে - মই ব্ৰহ্মত গৈ লীন হৈ যাম। এইটো নিশ্চয়তাত বহুত দৃঢ় হৈ থাকে। তেওঁলোকে অভ্যাস কৰে, আমি এই শৰীৰ এৰি থৈ যাম। কিন্তু তেওঁলোকতো ভুল ৰাস্তাত আছে। ব্ৰহ্মত লীন হৈ যাবৰ কাৰণে বহুত চেষ্টা কৰে। ভক্তিত দৰ্শন পাবৰ কাৰণে কিমান চেষ্টা কৰে। জীৱনো দি দিয়ে। আত্মঘাত নহয়, জীৱঘাত হয়। আত্মাতো আছেই, আত্মা গৈ অন্য জীৱন অৰ্থাৎ শৰীৰ ধাৰণ কৰে।

গতিকে তোমালোক সন্তানসকলে যথা ৰীতিয়ে সেৱাৰ ৰুচি ৰাখা তেন্তে পিতাও স্মৃতিলৈ আহিব। ইয়াতো মন্দিৰ আদি বহুত আছে। তোমালোকে পূৰা যোগত থাকি কাৰোবাক যিয়ে নোকোৱা, কোনো বিচাৰ উদয় নহ’ব। যোগযুক্তসকলৰ তীৰে পূৰা লক্ষ্য ভেদ কৰিব। তোমালোকে বহুত সেৱা কৰিব পাৰা। চেষ্টা কৰি চোৱা, কিন্তু প্ৰথমে নিজৰ ভিতৰত চাব লাগে - মোৰ ভিতৰত কোনো মায়াৰ ভূততো নাই? মায়াৰ ভূত থকাসকলে জানো সফলতা লাভ কৰিব। সেৱাতো বহুত আছে। বাবাতো যাব নোৱাৰে কিয়নো পিতা লগত আছে। পিতাক আমি ক'ত আৱৰ্জনাৰ মাজলৈ লৈ যাম! কাৰ লগত কথা পাতিব! পিতাইতো সন্তানসকলকহে ক'ব বিচাৰে। গতিকে সন্তানসকলে সেৱা কৰিব লাগে। গায়নো আছে - সন্তানে পিতাকক প্ৰত্যক্ষ কৰায়। পিতাইতো সন্তানসকলক বিচাৰ বুদ্ধি সম্পন্ন কৰি তুলিছে নহয় জানো। ভাল ভাল সন্তান আছে যাৰ সেৱাৰ প্ৰতি আগ্ৰহ থাকে। এনেকৈ কয় - আমি গাৱঁত গৈ সেৱা কৰোঁ। বাবাই কয় নিশ্চয় কৰা। কেৱল ভাঁজ কৰিব পৰা চিত্ৰ লগত ৰাখা। চিত্ৰ অবিহনে কাৰোবাক বুজোবলৈ কঠিন হয়। ৰাতিয়ে-দিনে এইটোৱে চিন্তন চলি থাকে - অন্যৰ জীৱন কেনেকৈ গঢ়ি তোলোঁ? মোৰ যিবোৰ খুঁত আছে সেয়া কেনেকৈ আঁতৰ কৰি উন্নতি কৰিব পাৰোঁ। তোমালোক আনন্দিতো হোৱা। বাবা এওঁ 8-9 মহীয়া সন্তান। এনেকুৱা বহুত ওলায়। সোনকালেই সেৱাৰ যোগ্য হৈ যায়। প্ৰত্যেকৰে এইটোও চিন্তা থাকে মই নিজৰ গাঁওখনৰ উন্নতি কৰোঁ, সমনীয়া ভাইসকলৰ সেৱা কৰোঁ। দান ঘৰৰ পৰাই আৰম্ভ হয়। সেৱাৰ প্ৰতি বহুত আগ্ৰহ থাকিব লাগে। একে ঠাইতে থাকি যাব নালাগে। পৰিক্ৰমা লগাই থাকিব লাগে। সময়তো বহুত কম আছে নহয়। তেওঁলোকৰ কিমান ডাঙৰ ডাঙৰ আশ্ৰম তৈয়াৰ হৈ যায়। এনেকুৱা আত্মা আহি প্ৰৱেশ কৰে যে কিবা নহয় কিবা শিক্ষা দিয়ে তেতিয়া নাম প্ৰসিদ্ধ হৈ যায়। এয়াতো বেহদৰ পিতা বহি শিক্ষা দিয়ে কল্প পূৰ্বৰ দৰে। এই আত্মিক কল্প বৃক্ষ বাঢ়িব। নিৰাকাৰী বৃক্ষৰ পৰা ক্ৰম অনুসৰি আত্মাসকল আহে। শিৱবাবাৰ বহুত দীঘলীয়া মালা বা বৃক্ষ তৈয়াৰ কৰি থোৱা আছে। এই সকলোবোৰ কথা স্মৰণ কৰিলেও পিতাহে স্মৃতিলৈ আহিব। সোনকালে উন্নতি হ'ব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অতি কমেও 8 (আঠ) ঘণ্টা পিতাৰ সৈতে বাৰ্তালাপ কৰি অতি শীতল বা নম্ৰতাৰে আত্মিক সেৱা কৰিব লাগে। সেৱাত সফল হ’বৰ কাৰণে ভিতৰত যাতে মায়াৰ কোনো ভূত নাথাকে।

(2) নিজে নিজৰ সৈতে কথা পাতিব লাগে যে এয়া আমি যি দেখিবলৈ পাওঁ সেয়া সকলো বিনাশ হৈ যাব, আমি নিজৰ ঘৰলৈ যাম আকৌ সুখধামলৈ আহিম।

বৰদান:
অটল নিশ্চয়তাৰে সহজে বিজয়ৰ অনুভৱ কৰোঁতা সদায় হৰ্ষিত, নিশ্চিন্ত হোৱা

নিশ্চয়তাৰ চিন হৈছে সহজ বিজয়। কিন্তু নিশ্চয়তা সকলো কথাতে লাগে। কেৱল পিতাৰ প্ৰতি নিশ্চয়তা নহয়, নিজে নিজৰ প্ৰতি, ব্ৰাহ্মণ পৰিয়ালৰ প্ৰতি আৰু ড্ৰামাৰ প্ৰতিটো দৃশ্যত সম্পূৰ্ণ নিশ্চয়তা থাকিব লাগে, অলপ কথাতে নিশ্চয়তা হেৰফেৰ হ’ব নালাগে। সদায় যাতে এইটো স্মৃতি থাকে যে বিজয়ৰ নিয়তি হেৰফেৰ হ’ব নোৱাৰে, এনেকুৱা নিশ্চয়বুদ্ধিৰ সন্তানে, কি হ’ল, কিয় হ’ল... এই সকলো প্ৰশ্নৰ পৰাও উপৰাম সদায় নিশ্চন্ত, সদায় হৰ্ষিত হৈ থাকে।

স্লোগান:
সময় নষ্ট কৰাৰ সলনি তৎক্ষণাৎ নিৰ্ণয় কৰি সিদ্ধান্ত লোৱা।


সফলতামূৰ্ত হ’বলৈ আজিৰ অব্যক্ত সংকেত:

বৰ্তমান সময়ৰ সেৱাত সফলতাৰ বিশেষ সাধন হৈছে – বৃত্তিৰে বায়ুমণ্ডল গঢ়ি তোলা। আজিকালিৰ আত্মাসকল নিজৰ পৰিশ্ৰমেৰে আগবাঢ়ি যোৱাটো কঠিন সেয়েহে নিজৰ প্ৰকম্পনৰ দ্বাৰা বায়ুমণ্ডল এনেকুৱা শক্তিশালী কৰি তোলা যাতে আত্মাসকল স্বতঃ আকৰ্ষিত হৈ আহি যায়। এতিয়া সেৱাত শক্তিৰ প্ৰকম্পন দি সকলোৰে বুদ্ধি পৰিৱৰ্তন কৰাৰ সেৱা কৰা তেতিয়া সফলতা তোমালোকৰ সন্মুখত স্বতঃ নতশিৰ হ’ব।