04.11.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
জ্ঞানৱান হোৱা তেতিয়া ধনৱান হৈ যাবা, জগদম্বা জ্ঞান-জ্ঞানেশ্বৰীয়েই ৰাজ-ৰাজেশ্বৰী
হয়”
প্ৰশ্ন:
পিতাৰ নিজৰ
সন্তানসকলৰ ওপৰত দয়া ওপজে সেয়েহে শ্ৰেষ্ঠ ভাগ্য গঢ়িবৰ কাৰণে কোনটো শ্ৰীমত দিয়ে?
উত্তৰ:
মৰমৰ সন্তানসকল - শিৰত যি পাপৰ বোজা আছে, সেয়া মৃত্যুৰ আগতেই স্মৃতিৰ যাত্ৰাত থাকি
আঁতৰাই দিয়া। কোনোধৰণৰ বিকৰ্ম নকৰিবা। পিতা আহিছে তোমালোকক যমৰ ফাঁচীৰ পৰা ৰক্ষা
কৰিবলৈ, সেয়েহে এতিয়া এনেকুৱা কোনো কৰ্ম নকৰিবা।
গীত:
ৰাত কে ৰাহি
থক্ মত্ জানা… (নিশাৰ পথিক ভাগৰি নপৰিবা…)
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলে এই গীতটিৰ অৰ্থ বুজিলে। পিতা আহিছে ভক্তি ৰূপী ৰাত্ৰিৰ বিনাশ কৰি দিন
স্থাপন কৰিবলৈ কিয়নো পিতাকহে আহ্বান জনায় - হে পতিত-পাৱন আহক। বুজি পায় কোনোবা সময়ত
আমি পাৱন আছিলোঁ, এতিয়া পতিত। সেইটো বস্তু বিচৰা হয় যিটো আগতে আছিল এতিয়া নাই।
তোমালোক সন্তানসকলে জানা পৱিত্ৰ দেৱী-দেৱতাসকলৰ ৰাজধানী আছিল। জ্ঞান-জ্ঞানেশ্বৰীয়েই
আকৌ ৰাজ-ৰাজেশ্বৰী হ'বগৈ। যেনেকৈ জগত অম্বা, লক্ষ্মী বেলেগ বেলেগ হয়। লক্ষ্মীক
কেতিয়াও জগত অম্বা বুলি নকয়। লক্ষ্মীক তেওঁৰ দুটি সন্তানেহে মাতেশ্বৰী বুলি ক'ব।
ইয়াত জগত অম্বাক সকলো ভাৰতবাসীয়ে যিসকল ধাৰ্মিক মনৰ লোক আছে, সকলোৱে মা বুলি কয়।
দেৱী-দেৱতাসকলৰ মন্দিৰত গৈ তেওঁলোকৰ ভক্তি কৰে। এতিয়া তোমালোকে গম পাইছা যে আমি
বহুত ভক্তি কৰিছোঁ। দান-পুণ্য আদি যিমান তোমালোকে কৰিছা সিমান আন কোনেও চাগে কৰা
নাই। তোমালোকে সকলোতকৈ বেছি ভক্তি কৰিছা। এতিয়া তোমালোকে নিজৰ স্মাৰক জীৱন্তে দেখিছা।
আদি দেৱ আৰু আদি দেৱী হয়, যাক জগত অম্বা বুলি কয়। এতিয়া তোমালোকে জানা জগত অম্বা
ধনৱান হয়। তোমালোক তেওঁৰ সন্তান হোৱা নহয় জানো। এতিয়া তোমালোকে পঢ়ি আছা। তেওঁ হৈছে
জ্ঞানৰ দেৱী। সেই জ্ঞানেৰে কেতিয়াও ৰজা-ৰাণী নহয়। তোমালোকে জানা আমি আত্মাসকল
শিৱবাবাৰ সন্তান আৰু এওঁ হৈছে প্ৰজাপিতা ব্ৰহ্মা। শিৱবাবাই এওঁৰ দ্বাৰা নতুন
সৃষ্টিৰ স্থাপনা কৰি আছে। গায়নো কৰা হৈছে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। এইটো ভালদৰে বুজি
ধাৰণ কৰিব লাগে। এনেকৈ কয় নহয় যে সিংহীৰ গাখীৰ ৰাখিবৰ কাৰণে সোণৰ পাত্ৰ লাগে। এই
জ্ঞানো হৈছে সৰ্বশক্তিমান পৰমপিতা পৰমাত্মাৰ। তাৰ বাবেও বুদ্ধি ৰূপী পাত্ৰ সোণৰ লাগে।
নতুন সৃষ্টিত আত্মা আৰু শৰীৰ দুয়োটা সোণৰ হয়। এতিয়া তোমালোক আত্মা পাথৰৰ পাত্ৰ।
গতিকে শৰীৰো এনেকুৱাই। ভাৰততেই শ্যাম আৰু সুন্দৰ, পতিত-পাৱন বুলি কয়। অন্য কোনো
খণ্ডত এনেকৈ নক'ব যে আমাক পতিতসকলক আহি পাৱন কৰি তোলক। এনেকৈ কয় - দুখৰ পৰা মুক্ত
কৰি, শান্তিলৈ লৈ যাওক। বিবেকেও কয় যে আমি ভাৰতবাসী পাৱন আছিলোঁ, এই
লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। লাগিলে যিমানেই বিশিষ্ট ব্যক্তি নহওক। তেওঁলোকো গুৰুৰ
চৰণত পৰে কিয়নো গুৰুসকলে সন্ন্যাস ধাৰণ কৰিছে। 5 বিকাৰক ত্যাগ কৰিছে গতিকে
বিকাৰীসকলে নিৰ্বিকাৰীসকলক মান দিয়ে। পৱিত্ৰতাৰহে মান আছে। দ্বাপৰৰ পৰা ৰজা-ৰাণী আৰু
পৰামৰ্শদাতা (মন্ত্ৰী) থাকে। সত্যযুগত ৰজা-ৰাণীৰ পৰামৰ্শদাতা নাথাকে। যেতিয়া পতিত
ৰজা-ৰাণী হয় তেতিয়া এজন পৰামৰ্শদাতা ৰাখে, এতিয়াতো বহুত পতিত হৈ গৈছে গতিকে শ শ
পৰামৰ্শদাতা ৰাখে। এয়া হৈছে নাটকৰ নিয়তি। বাবাই শুনায় - চোৱা কেনেকৈ নাটকৰ নিয়তি
নিৰ্ধাৰিত হৈ আছে। গতিকে প্ৰথমে নিশ্চয় ভাৰতেই আছিল পুনৰ অন্য ধৰ্মাৱলম্বীসকল আহিল।
পিতাই বুজায় - এই সময়ত তোমালোক হৈছা জ্ঞান-জ্ঞানেশ্বৰী। জগত অম্বা হৈছে ব্ৰহ্মাৰ
জীয়ৰী, জ্ঞানৰ দেৱী। জগত অম্বা জ্ঞানৱান হয়, যি পৰৱৰ্তী জন্মত ধন লক্ষ্মী হয়।
তোমালোকক এতিয়া পিতাই জ্ঞান শিকাই আছে। তোমালোকে জানা আমি তাত ধনৱান হ'ম। জগতত এইটো
কোনেও গম নাপায় যে এই লক্ষ্মী-নাৰায়ণ ধনৱান কেনেকৈ হ'ল। লক্ষ্মী-নাৰায়ণ তেওঁলোকেই
ব্ৰহ্মা সৰস্বতী হয়। ব্ৰহ্মা হৈছে জগত পিতা তেন্তে নিশ্চয় ব্ৰাহ্মণ ব্ৰাহ্মণীও বহুত
হ'ব। তোমালোক কিমান ব্ৰাহ্মণ ব্ৰাহ্মণী আছা। তোমালোকে জানা যে আমি এই জ্ঞানেৰে
ভৱিষ্যতলৈ এনেকুৱা ধনৱান হ'মগৈ। একদম ধনৰ দেৱী, এওঁলোকতকৈ অধিক ধন কাৰো ওচৰত থাকিব
নোৱাৰে সেয়েহে গায়ন কৰা হয় – জ্ঞান হৈছে উপাৰ্জনৰ উৎস, জজ্, উকীল আদি জ্ঞানৰ দ্বাৰা
হয় নহয় জানো। গতিকে এয়া উপাৰ্জন নহয় জানো। কোনোবা কোনোবা ডাক্তৰে এটা এটা কেচত লাখ
টকা পায়। কোনোবা ৰজা-ৰাণী বা ৰাজকুমাৰৰ বেমাৰ হ'ল, ডাক্তৰে বেমাৰৰ পৰা আৰোগ্য কৰিলে
তেতিয়া আনন্দত ডাঙৰ ডাঙৰ মহল নিৰ্মাণ কৰিবলৈ পইচা দি দিয়ে। কিমান উপাৰ্জন হ'ল। গতিকে
পঢ়াৰ দ্বাৰাই পদ পায়। এয়া তোমালোকৰ পঢ়াও হয়, বেপাৰো হয়।
তোমালোক মৰমৰ
সন্তানসকলে এতিয়া চুক্তি কৰিবলৈ আহিছা। খেৰ-কুটা (মূল্যহীন বস্তু) দি লাখ উপাৰ্জন
কৰা। পিতা অবিনাশী ডাক্তৰো হয়, সৰ্বদা স্বাস্থ্যৱান হ'বৰ কাৰণে বাবাই যোগ শিকাই আছে।
বাবাই কয় - মই প্ৰতিশ্ৰুতি দিছোঁ - তোমালোক 21 জন্মৰ কাৰণে সৰ্বদা নিৰোগী হ’বা।
গতিকে এনেকুৱা ডাক্তৰৰ দৰব অৰ্থাৎ শ্ৰীমতত কিয় চলিব নালাগে। পিতাৰ কথা মানা। মোক
স্মৰণ কৰা। এনেকৈ কয় নহয় - স্মৰণ কৰি কৰি সুখ পোৱা, শৰীৰৰ সকলো দুখ-যন্ত্ৰণা দূৰ
হওঁক…..। ভক্তি মাৰ্গত কোনো দুখ-যন্ত্ৰণা নোহোৱা হৈ নাযায়। বহুত সন্ন্যাসী লোকো
পক্ষাঘাত ৰোগগ্ৰস্ত হৈ পৰি থাকে। যেন পাগল হৈ যায়। তোমালোক সন্তানসকলে জানা যে
পিতাৰ শ্ৰীমতত চলিলে তেতিয়া আমি সৰ্বদা স্বাস্থ্যৱান হ'মগৈ। তাত গড় আয়ুস 125-150
বছৰ হয়। এনেকুৱা নহয় দ্বাপৰত একদম 35 বছৰৰ হৈ যায়। নহয়, প্ৰথমে 100-125 হ'ব।
তাৰপাছত 70-80 হ'ব, এতিয়াতো 35-40 বছৰলৈকে আহি পাইছে। সৰুকালতেই মৰি যায় কিয়নো ভোগী
হয়। তোমালোকে জানা - এতিয়া ভোগীৰ পৰা যোগী হৈ আছোঁ। তাত আয়ুস ইমান দীঘলীয়া হ'ব যে
অকালতে কেতিয়াও মৃত্যু নহ'ব। পিতাই স্মৃতি সোঁৱৰাই দিয়ে, তোমালোকৰ কিমান
ৰাজ্য-ভাগ্য আছিল। এতিয়া ৰাৱণে লুটি নিলে। তাত এই মন্দিৰ আদি নাথাকে। তোমালোকৰ
শ্লোগানো আছে - ভাৰতৰ আদি সনাতন দেৱী-দেৱতা ধৰ্ম জিন্দাবাদ, বাকী সকলো মুৰ্দাবাদ
অৰ্থাৎ অনেক ধৰ্মৰ বিনাশ। তাত কেৱল এখনেই ভাৰত খণ্ড আছিল। এটা খণ্ডত মনুষ্যও নিশ্চয়
কম হ'ব। তোমালোকে লিখিব পাৰা অলপ সময়তে ভাৰতৰ জনসংখ্যা 9 লাখ হ'ব বাকী সকলোবোৰ নাশ
হৈ যাব। এটা ধৰ্মৰ প্ৰতিষ্ঠা এতিয়া হৈ আছে। নতুন দৈৱিক ৰাজ্যত এটাই ভাষা, এটাই
ৰীতি-প্ৰথা হ'ব। ইয়াত প্ৰত্যেকৰে ৰীতি নিজৰ। তাত এখন ৰাজ্য, এটা সম্প্ৰদায় আছিল।
তোমালোকে এনেকুৱা শ্লোগান বাতৰিকাকততো প্ৰকাশ কৰিব পাৰা। বাবাৰ পৰা ৰায় লয় যে পইচা
খৰচ কৰি বাতৰিকাকতত প্ৰকাশ কৰোঁনে? বাবাই ক'ব নিশ্চয় প্ৰকাশ কৰা। মনুষ্যই গম পাওক
যে কি হৈ আছে। এনেকৈ কয়ো যে যীশুখ্ৰীষ্টৰ 3 হাজাৰ বছৰ পূৰ্বে স্বৰ্গ আছিল।
সূৰ্যবংশী দেৱী-দেৱতাসকলৰ এটা ধৰ্ম, এটা সম্প্ৰদায় আছিল। এই মহাভাৰতৰ যুদ্ধৰ পাছত
স্বৰ্গৰ দ্বাৰ মুকলি হ’ব। বাতৰিকাকতত প্ৰকাশ কৰা, নাম বী.কে.ৰ হওক। কিন্তু বী.কে.
বুলি তেতিয়া ক'ব পাৰে যেতিয়া পৱিত্ৰ হৈ থাকিব। পিতাক আহ্বান জনাইছে। এতিয়া পিতা
আহিছে গতিকে এতিয়া পিতাৰ ওচৰত প্ৰতিজ্ঞা কৰা। ভক্তি মাৰ্গত কিমান হাবাথুৰি খালে,
যজ্ঞ, তপ, দান আদি কৰিলে। প্ৰথমে এজন শিৱৰ ভক্তি কৰিছিল তাৰপাছত দেৱতাসকলৰ, এতিয়াতো
ব্যাভিচাৰী হৈ গৈছে। এতিয়া পিতাই তোমালোকক সকলো দুখৰ পৰা মুক্ত কৰে। পিতাই তোমালোক
সন্তানসকলক জ্ঞান দি কিমান উচ্চ, মনুষ্যৰ পৰা দেৱতা কৰি তোলে। সত্যযুগত তোমালোকৰ
ওচৰত সকলোবোৰ সোণৰ হ'ব। পিতাই তোমালোকক শ্ৰীমত দি স্বৰ্গৰ মালিক কৰি তোলে। তোমালোকে
আকৌ শ্ৰীমতত কিয় নচলা। পিতাই যমৰ ফাঁচীৰ পৰা ৰক্ষা কৰে, গৰ্ভ কাৰাগাৰ শাস্তিৰ পৰা
ৰক্ষা কৰে। তোমালোক সত্যযুগত গৰ্ভ মহলত থাকা। ইয়াত হৈছে কাৰাগাৰ কিয়নো মনুষ্যই পাপ
কৰ্ম কৰে। তাত 5 বিকাৰেই নাই তথাপিও ৰজা-ৰাণী প্ৰজাৰ পদামৰ্যাদাত পাৰ্থক্য হ'ব নহয়
জানো। পইচা উপাৰ্জন কৰিবৰ কাৰণে মনুষ্যই পৰিশ্ৰমতো কৰে নহয় জানো। তাত পৰামৰ্শদাতা
নাই কিয়নো তোমালোকে ইয়াৰ প্ৰালব্ধ ভোগ কৰা। এতিয়া পিতাই কয় -সন্তানসকল তোমালোক
শ্ৰীমতত চলা। মই দূৰণিৰ দেশৰ পৰা আহিছোঁ - পতিত শৰীৰত, পতিত ৰাজ্যত। এয়া হৈছে ৰাৱণৰ
দেশ, মই আহি তোমালোক সন্তানসকলক উত্তৰাধিকাৰ দিওঁ। এনেকুৱা পিতাৰ আজ্ঞা নামানা,
তেওঁতো কুসন্তান হ'ল। বিকাৰৰ পাছত জানো ইমান হায়ৰাণ হ'ব লাগে। বাবাই কয় - এই বিকাৰ
দুখ দিওঁতা হয়। পতিতসকলক পাৱন কৰি তোলা - এইটো মোৰ কাম। কিমান মৰমেৰে বুজায় -
খোৱা-বোৱা কৰা, সুখত থাকা, এইটো স্মৃতিত ৰাখিবা যে আমি শিৱবাবাৰ ওচৰলৈ আহিছোঁ,
তেওঁৰ দ্বাৰা আমাৰ প্ৰতিপালন হয়। যদি মিত্ৰ-সম্বন্ধীয় আদিৰ বস্তু পিন্ধা তেন্তে
মিত্ৰ-সম্বন্ধীয় স্মৃতিলৈ আহিব, পদ ভ্ৰষ্ট হৈ যাব। ইয়াত শিৱবাবাৰ ভঁৰালৰ পৰা,
পতিত-পাৱন পিতাৰ যজ্ঞৰ পৰা প্ৰতিপালন হ'ব লাগে, পতিত ঘৰৰ পৰা নহয়। অন্য কোনোবাই দিয়া
বস্তু হ’লে তেতিয়া তেওঁ স্মৃতিলৈ আহিব। তাৰ বাবে গায়ন আছে - অন্তিম সময়ত যিয়ে
স্ত্ৰীক স্মৰণ কৰে..... কিমান ভাল অৱস্থা হ'ব লাগে। গৃহস্থ ব্যৱহাৰত থাকি বুদ্ধিৰে
বুজিব লাগে যে এই সকলোবোৰ নাশ হোৱাৰ পথত। মোৰতো একমাত্ৰ বাবা। এতিয়া পিতাৰ কেতিয়াবা
মালা স্মৰণ কৰা হয় জানো? মই তোমালোক সন্তানসকলক স্মৃতি সোঁৱৰাই দিওঁ যে মোক স্মৰণ
কৰা, তোমালোকে বহুত শক্তি পাবা, বিকৰ্ম বিনাশ হ'ব, শক্তিশালী হৈ যাবা। এই
লক্ষ্মী-নাৰায়ণ শক্তিশালী হয় নহয় জানো। যিসকল শক্তিশালী হয় তেওঁলোকে বাদশ্বাহী
প্ৰাপ্ত কৰে। বাবাই নিজৰ উদাহৰণ দিয়ে। মই 12 গৰাকী গুৰুৰ শৰণ ল’লোঁ, গুৰুৱে ক’লে -
পুৱা উঠি 1000 মালা জপ কৰা। মই কৈছিলোঁ অন্য সময় কওক। গোটেই দিন বেপাৰ কৰি ভাগৰি পৰোঁ।
যেনেকৈ তোমালোকেও কোৱা - বাবা পুৱা উঠিব নোৱাৰোঁ। পিতাই কয় - এনেকৈ নক'বা আমি
পৱিত্ৰ হৈ থাকিব নোৱাৰোঁ, স্মৃতিত থাকিব নোৱাৰোঁ। স্মৰণ নকৰিলে বিকৰ্ম বিনাশ কেনেকৈ
হ'ব। তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান নিশ্চয় হ'ব লাগে। এইটো হৈছে অন্তিম জন্ম,
পৱিত্ৰ নিশ্চয় হোৱা। পিতাৰ শ্ৰীমতত নচলিলে কি পদ পাবা। আধাকল্পৰ পৰা মোক আহ্বান
জনাইছা। এতিয়া মই কওঁ - পাৱন হৈ মোক স্মৰণ কৰা। অন্যকো মাৰ্গ-দৰ্শন কৰাই থাকা,
বাৰ্তা দি থাকা। পিতাই কয় – মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা)।
মৃত্যু সন্মুখত ঠিয় হৈ আছে। তোমালোককে দূত অথবা পয়গম্বৰ বুলি কোৱা হয়। তোমালোক
ব্ৰাহ্মণসকলৰ বাহিৰে আন কোনো দূত হ'ব নোৱাৰে। পতিত-পাৱন শিৱবাবা আহে। কাৰ শৰীৰত
প্ৰৱেশ কৰে, এইটোও লিখা আছে। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। এইটো জানো বুজি পায়।
সূক্ষ্মধামত প্ৰজাপিতা ব্ৰহ্মা থাকিব জানো? ইয়াতহে পতিতৰ পৰা পাৱন হয়। শান্তিৰ বলেৰে
স্থাপনা হয়, বিজ্ঞানৰ বলেৰে বিনাশ। সকলোৱে কয় - শান্তি কেনেকৈ পাওঁ। এতিয়া আত্মাতো
হয়েই শান্ত স্বৰূপ। ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহিছে, ইয়াত শান্ত হৈ কেনেকৈ থাকিব।
সেই শান্তি শান্তিধামত পোৱা যাব, ইয়াততো দুখ পাবা। সত্যযুগত সুখ-শান্তি দুয়োটা
থাকিব।
এতিয়া তোমালোক
সন্তানসকলে ইয়াত সন্মুখত বহি আছা। পিতাই কয় - পতিতে মোক কেতিয়াও পাব নোৱাৰে। নহ'লে
লৈ আনোঁতা ব্ৰাহ্মণীৰ পাপ লাগিব। (ইন্দ্ৰ সভাৰ পৰীৰ দৃষ্টান্ত) বাস্তৱত ইন্দ্ৰ সভা
হৈছে এইখন। এয়া জ্ঞান সব্জ পৰী, পোখৰাজ পৰী। গতিকে আৰুহে বেয়া পৰিণতি হ’ব। বাবাই
কঠোৰভাৱে মানা কৰে। কোনো পতিতক লৈ আহিব নালাগে। আগতে বাবাই সদায় সুধিছিল যে
প্ৰতিজ্ঞা কৰিছানে। তেতিয়া কৈছিল - পুৰুষাৰ্থ কৰি আছোঁ। যেতিয়া দৃঢ় নিশ্চয় হ'ব
তেতিয়া লগ কৰিম। যদি সাক্ষাৎ কৰি বিকাৰত যোৱা তেন্তে এশগুণ দণ্ড হৈ যাব। পিতাই
বুজিব কিজানি এওঁৰ ভাগ্যত নাই। পিতাইতো পুৰুষাৰ্থ কৰায় ভাগ্য গঢ়িবৰ কাৰণে। আকৌ
এনেকুৱা পিতাৰ কথা নামানিলে তেন্তে কি গতি হ'ব! পিতাৰ দয়া ওপজে, পিতাই কয় - নিজকে
শুধৰাই গৈ থাকা। এনেকুৱা যাতে নহয় আগবাঢ়ি গৈ গৈ মৰি যাবা। ভয় থাকিব লাগে, মই পিতাক
স্মৰণ কৰি পাপৰ বোজা আঁতৰ কৰোঁ। বাৰু।
সকলোৰে সৎগতি কৰোঁতা
এজনেই শিৱবাবা, তেওঁৰতো ফটো উলিয়াব নোৱাৰি তেওঁক দিব্য দৃষ্টিৰেহে চাব পাৰে। বাকী
জানিব পৰা যায়। ভাল বাৰু।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
াৰণাৰবাবেমুখ্যসাৰ:-
(1) এনেকুৱা
অৱস্থা গঢ়ি তুলিব লাগে যাতে অন্তিম সময়ত একমাত্ৰ পিতা স্মৃতিলৈ আহে। দ্বিতীয় কোনো
স্মৃতিলৈ নাহে, বুদ্ধিত থাকিব লাগে যে এই সকলোবোৰ এতিয়া বিনাশ হৈ যাব।
(2) নিজক নিজে শুধৰাব
লাগে, এই অন্তিম জন্মত পৱিত্ৰ নিশ্চয় হ'ব লাগে। ভয় থাকিব লাগে যে আমাৰ দ্বাৰা কোনো
পাপ কৰ্ম যাতে হৈ নাযায়।
বৰদান:
ড্ৰামাৰ ঢাল
সন্মুখত ৰাখি আনন্দৰ খোৰাক খাওঁতা সদায় শক্তিশালী হোৱা
আনন্দৰূপী ভোজনে
আত্মাক শক্তিশালী কৰি দিয়ে, কোৱাও হয়— আনন্দৰ দৰে কোনো খোৰাক (পথ্য) নাই। ইয়াৰ
বাবে ড্ৰামাৰ ঢাল ভালদৰে কাৰ্যত লগোৱা। যদি সদায় ড্ৰামাৰ স্মৃতি থাকে, তেন্তে
কেতিয়াও মৰহি যাব নোৱাৰা, আনন্দ নোহোৱা হ’ব নোৱাৰে, কিয়নো এই ড্ৰামাখন কল্যাণকাৰী,
সেইবাবে অকল্যাণকাৰী দৃশ্যতো কল্যাণ সমাহিত হৈ আছে, এনেদৰে বুজি সদায় আনন্দিত হৈ
থাকিবা।
স্লোগান:
পৰচিন্তন আৰু প্ৰদৰ্শনৰ ধূলিৰ পৰা দূৰৈত থকাসকলেই সঁচা অমূল্য হীৰা।
অব্যক্ত সংকেত: পিতা
ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:
সম্পন্নতা বা
সম্পূৰ্ণতা প্ৰাপ্ত কৰিবলৈ অভিমানেৰে সম্পূৰ্ণ সমৰ্পণ হ’ব লাগে। দেহ অভিমান একেবাৰে
নোহোৱা হৈ যাওঁক, তেতিয়া সৰ্ব সমৰ্পণময় জীৱন বুলি কোৱা হ’ব, এনেকৈ যিসকল
সৰ্বত্যাগী, সৰ্বসমৰ্পণ জীৱনধাৰী হয় তেওঁলোকৰেই সম্পূৰ্ণ অৱস্থাৰ গায়ন হয় আৰু
যেতিয়া সম্পূৰ্ণ হৈ যাবা, তেতিয়া লগত যাবা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]