05.01.25 Avyakt Bapdada
Assame
Murli
17.10.2003 Om Shanti Madhuban
“*“গোটেই বছৰ –
সন্তুষ্টমণি হৈ সদায় সন্তুষ্ট হৈ থাকিবা আৰু সকলোকে সন্তুষ্ট কৰিবা”*”
আজি ‘দিলাৰাম’
বাপদাদাই নিজৰ চাৰিওফালৰ, সন্মুখত থকাসকলকো আৰু দূৰৈত থাকিও সমীপত থকাসকলকো
প্ৰতিগৰাকী অত্যন্ত প্ৰিয় ৰাজকীয়, অতি স্নেহী সন্তানসকলক দেখি হৰ্ষিত হৈ আছেহঁক।
প্ৰতিগৰাকী সন্তানেই ৰজা সেইবাবে অত্যন্ত প্ৰিয়। এই পৰমাত্ম স্নেহ, ৰাজকীয় মৰম
বিশ্বত বহুত কম আত্মাৰ প্ৰাপ্ত হয়। কিন্তু তোমালোক সকলো পৰমাত্ম স্নেহ, পৰমাত্ম
ৰাজকীয় মৰমৰ অধিকাৰী। জগতৰ আত্মাসকলে কাতৰোক্তি কৰি আছে আহক, আহক কিন্তু তোমালোক
সকলোৱে পৰমাত্ম স্নেহ অনুভৱ কৰি আছা। পৰমাত্ম প্ৰতিপালনেৰে পালিত হৈ আছা। নিজৰ
এনেকুৱা ভাগ্য অনুভৱ কৰানে? বাপদাদাই সকলো সন্তানকে ডবল ৰাজ্য অধিকাৰী ৰূপত
প্ৰত্যক্ষ কৰি আছে। এতিয়াৰো স্ব-ৰাজ্য অধিকাৰী ৰজা হোৱা আৰু ভৱিষ্যতেতো ৰাজ্য
তোমালোকৰ জন্মসিদ্ধ অধিকাৰ। গতিকে ডবল ৰজা হোৱা। সকলো ৰজা হোৱা নহয়, প্ৰজাতো নোহোৱা!
ৰাজযোগী হোৱা নে কোনো কোনো প্ৰজাযোগীও আছা? আছেনে কোনোবা প্ৰজা যোগী, পিছত বহাসকল
ৰাজযোগী হোৱানে? প্ৰজাযোগী কোনো নাই নহয়! দৃঢ়নে? ভাবি গুণী সঁহাৰি জনাবা! ৰাজ্য
অধিকাৰী অৰ্থাৎ সকলো সূক্ষ্ম আৰু স্থূল কৰ্মেন্দ্ৰিয়ৰ অধিকাৰী কিয়নো স্বৰাজ্য হয়
নহয়? গতিকে কেতিয়াবা কেতিয়াবা ৰজা হোৱা নে সদায় ৰজা হৈ থাকা? মূল কথা হ’ল - নিজৰ
মন-বুদ্ধি-সংস্কাৰৰো অধিকাৰী হোৱানে? সদায় অধিকাৰী হোৱা নে কেতিয়াবা কেতিয়াবা?
স্ব-ৰাজ্যতো সদায় স্বৰাজ্য হয় নে এদিন হয় পাছৰ দিনা নহয়? ৰাজ্যতো সদায় থাকে নহয়?
গতিকে সদায় স্বৰাজ্য অধিকাৰী অৰ্থাৎ সদায় মন-বুদ্ধি-সংস্কাৰৰ ওপৰত অধিকাৰ। সদায়
থাকেনে? সদায় হয় নে নহয় সুধিলে ‘হয়’ বুলি নোকোৱা কিয়? কেতিয়াবা মনে তোমালোকক চলায়
নে তোমালোকে মনক চলোৱা? কেতিয়াবা মন মালিক হয় নেকি? হয় নহয়! গতিকে সদায় স্বৰাজ্য
অধিকাৰী তথা বিশ্ব ৰাজ্য অধিকাৰী।
সদায় পৰীক্ষা কৰা –
যিমান সময় আৰু যিমান শক্তিৰে নিজৰ কৰ্মেন্দ্ৰিয়, মন-বুদ্ধি-সংস্কাৰৰ ওপৰত এতিয়া
অধিকাৰী হোৱা সিমানে ভৱিষ্যতে ৰাজ্য অধিকাৰ পাবা। যদি এতিয়া পৰমাত্ম প্ৰতিপালন,
পৰমাত্ম শিক্ষা, পৰমাত্ম শ্ৰীমতৰ আধাৰত এই সংগমযুগৰ এটা জন্মত সদায় অধিকাৰী নোহোৱা
তেন্তে 21জন্ম কেনেকৈ ৰাজ্য অধিকাৰী হ’বা? হিচাপ আছে নহয়! এই সময়ৰ স্বৰাজ্য, ‘স্ব’
ৰ ৰজা হ’লেই 21জন্মৰ প্ৰতিশ্ৰুতি আছে। মই কোন আৰু কি হ’মগৈ, নিজৰ ভৱিষ্যত বৰ্তমানৰ
অধিকাৰৰ দ্বাৰা স্বয়ং জনিব পাৰা। চিন্তা কৰা, তোমালোক বিশেষ আত্মাসকলৰ অনাদি আদি
ব্যক্তিত্ব আৰু আভিজাত্য কিমান উচ্চ! অনাদি ৰূপতো চোৱা যেতিয়া তোমালোক আত্মাসকল
পৰমধামত থাকা তেতিয়া আত্মা কিমান জিকমিকাই থকা দেখা যায়। সেই জিলিকনিৰ আভিজাত্য আৰু
ব্যক্তিত্ব কিমান শ্ৰেষ্ঠ। দেখিবলৈ পোৱানে? আৰু পিতাৰ লগতে আত্মা ৰূপতো থাকা, সমীপত
থাকা। যেনেকৈ আকাশত কিছুমান তৰা বেছি জিকমিকাই থাকে নহয়! তেনেকৈ তোমালোক আত্মাসকলো
বিশেষ পিতাৰ লগত আৰু বিশেষ জিকমিকাই থকা তৰা। পৰমধামতো তোমালোক পিতাৰ সমীপৰ হোৱা আকৌ
আদি সত্যযুগতো তোমালোক দেৱ আত্মাসকলৰ ব্যক্তিত্ব, আভিজাত্য কিমান উচ্চ। গোটেই কল্প
পৰিক্ৰমা লগোৱা, ধৰ্ম আত্মাসকল আহি গ’ল, মহাত্মাসকল আহি গ’ল, ধৰ্ম পিতাসকল আহি গ’ল,
নেতাসকল আহি গ’ল, অভিনেতাসকল আহি গ’ল এনেকুৱা ব্যক্তিত্ব কাৰোবাৰ আছেনে, যিটো
তোমালোক দেৱ আত্মাসকলৰ সত্যযুগত থাকে? নিজৰ দেৱ স্বৰূপ সন্মুখত আহিছে নহয়? আহিছেনে
নে গম নোপোৱা যে মই হ’ম নে নহ’ম? দৃঢ় হোৱা নহয়! নিজৰ দেৱ ৰূপ সন্মুখত আনা আৰু চোৱা
ব্যক্তিত্ব সন্মুখত আহি গ’লনে? কিমান অভিজাত, প্ৰকৃতিও ব্যক্তিত্ব সম্পন্ন হৈ যায়।
পক্ষী, বৃক্ষ, ফল, ফুল সকলো ব্যক্তিত্ব সম্পন্ন, অভিজাত। বাৰু আকৌ তললৈ আহা, নিজৰ
পূজ্য ৰূপ দেখিলানে? তোমালোকৰ পূজা হয়! ডবল বিদেশীসকল পূজ্য হ’বা নে ভাৰতীয়সকল হ’ব?
তোমালোক দেৱী, দেৱতা হৈছানে? শূৰ থকা নহয়, নেজ থকা নহয়। দেৱীসকলো সেই কালী ৰূপ নহয়,
কিন্তু দেৱতাসকলৰ মন্দিৰত চোৱা, তোমালোকৰ পূজ্য স্বৰূপৰ কিমান আভিজাত্য আছে, কিমান
ব্যক্তিত্ব আছে? মূৰ্তি হ’ব, 4 ফুট, 5 ফুটৰ আৰু মন্দিৰ কিমান ডাঙৰকৈ সাজে। এয়া হৈছে
আভিজাত্য আৰু ব্যক্তিত্ব। আজিকালি লাগিলে প্ৰধানমন্ত্ৰীয়ে হওঁক বা ৰজাই হওঁক কিন্তু
ৰ’দত বেচেৰাসকলৰ প্ৰতিমূৰ্তি সাজি ৰাখি দিব, কিনো হৈ থাকে। আৰু তোমালোকৰ পূজ্য
স্বৰূপৰ ব্যক্তিত্ব কিমান উচ্চ। বঢ়িয়া হয় নহয়! কুমাৰীসকল বহি আছা নহয়! তোমালোকৰ
আভিজাত্য আছে নহয়? আকৌ অন্তত সংগমযুগতো তোমালোক সকলোৰে আভিজাত্য কিমান উচ্চ।
ব্ৰাহ্মণ জীৱনৰ ব্যক্তিত্ব কিমান উচ্চ। ভগৱানে পোনপটীয়াকৈ তোমালোকৰ ব্ৰাহ্মণ জীৱনত
ব্যক্তিত্ব আৰু আভিজাত্য প্ৰদান কৰিছে। ব্ৰাহ্মণ জীৱনৰ চিত্ৰকাৰ কোন? স্বয়ং পিতা।
ব্ৰাহ্মণ জীৱনৰ ব্যক্তিত্ব আভিজাত্য কোনটো? পৱিত্ৰতা। পৱিত্ৰতাই আভিজাত্য। নহয় জানো!
সকলো ব্ৰাহ্মণ আত্মা যিসকল বহি আছা তেওঁলোকৰ পৱিত্ৰতাৰ আভিজাত্য আছে নহয়! হয়, কান্ধ
লৰোৱা। পিছৰসকলে হাত দাঙি আছে। তোমালোক পিছত থকা নাই, সন্মুখত আছা। চোৱা দৃষ্টি
পিছলৈ যায়, আগৰসকলকতো এনেকৈ চাবলগীয়া হয় পিছলৈ আপোনআপুনি দৃষ্টি যায়।
গতিকে পৰীক্ষা কৰা –
পৱিত্ৰতাৰ ব্যক্তিত্ব সদায় থাকেনে? মন-বাণী-কৰ্ম, বৃত্তি, দৃষ্টি আৰু কৃতি সকলোতে
পৱিত্ৰতা আছেনে? মনৰ পৱিত্ৰতা অৰ্থাৎ সদায় আৰু সকলোৰে প্ৰতি শুভ-ভাৱনা, শুভ-কামনা।
সেই আত্মাটি যেনেকুৱাই নহওঁক কিন্তু * পৱিত্ৰতাৰ আভিজাত্য সম্পন্ন মনৰ অৰ্থ হৈছে –
সকলোৰে প্ৰতি শুভ-ভাৱনা, শুভ- কামনা, কল্যাণৰ ভাৱনা, দয়াৰ ভাৱনা, দাতাবোধৰ ভাৱনা*।
আৰু দৃষ্টিত সদায় প্ৰত্যেকৰে প্ৰতি হয় আত্মিক স্বৰূপ দৃষ্টিগোচৰ হওঁক নতুবা ফৰিস্তা
ৰূপ দৃষ্টিগোচৰ হওঁক। লাগিলে তেওঁ যেনিবা ফৰিস্তা হোৱাই নাই, কিন্তু মোৰ দৃষ্টিত
ফৰিস্তা ৰূপ আৰু আত্মিক ৰূপহে আছে আৰু কৃতি অৰ্থাৎ সম্বন্ধ-সম্পৰ্কত, কৰ্মত আহোঁতে,
সেই ক্ষেত্ৰত সদায়েই সকলোৰে প্ৰতি স্নেহ দিয়া, সুখ দিয়া। লাগিলে আনে স্নেহ দিয়ক বা
নিদিয়ক কিন্তু মোৰ কৰ্তব্য হৈছে স্নেহ দি স্নেহী কৰি তোলা। সুখ দিয়া। শ্লোগান আছে
নহয় – দুখ নিদিবা, দুখ নল’বা। দিবও নালাগে, ল’বও নালাগে। দিওঁতাই তোমালোকক কেতিয়াবা
দুখো দিয়ক কিন্তু তোমালোকে তেওঁক সুখৰ স্মৃতিৰে চোৱা। অধোগতি হোৱাজনক আৰু তললৈ
পেলাই দিয়া নহয়, অধোগতি হোৱাজনক সদায় ওপৰলৈ উঠোৱা হয়। তেওঁ বশীভূত হৈ দুখ দি আছে।
অধোগতি হ’ল নহয়! গতিকে তেওঁক তললৈ পেলাই দিব নালাগে সেই বেচেৰাক আৰুহে এক গোৰ লগাই
দিওঁ, এনেকুৱা নহয়। তেওঁক স্নেহেৰে ওপৰলৈ উঠোৱা। তাৰ ভিতৰতো প্ৰথমে দান ঘৰৰ পৰাই
আৰম্ভ হয়। প্ৰথমেতো দান ঘৰৰ পৰাই আৰম্ভ হয় নহয়, নিজৰ সকলো সঙ্গী, সেৱাৰ সঙ্গী,
ব্ৰাহ্মণ পৰিয়ালৰ সঙ্গী প্ৰত্যেকৰে উৎকৰ্ষ সাধন কৰা। তেওঁলোকে নিজৰ বেয়াটো
দেখুৱালেও কিন্তু তোমালোকে তেওঁলোকৰ বিশেষত্ব চোৱা। ক্ৰমানুসৰিতো হয়েই নহয়! চোৱা
তোমালোকৰ স্মাৰক মালা আছে। তেন্তে সকলো এক নম্বৰতো নহয়! 108 (এশ আঠ) নম্বৰ আছে নহয়!
সেয়েহে ক্ৰমানুসৰি হয় আৰু থাকিবও কিন্তু মোৰ দ্বায়িত্ব কি? এনেকৈ নাভাবিবা যে মই 8
(আঠ) নম্বৰততো নায়েই, 108 ত কিজানি আহি যাম। গতিকে 108 ত শেষৰ ফালেও হ’ব পাৰে তেন্তে
মোৰো কিবা সংস্কাৰতো থাকিব নহয়, কিন্তু নহয়। আনক সুখ দিওঁতে দিওঁতে, স্নেহ দিওঁতে
দিওঁতে তোমালোকৰ সংস্কাৰো স্নেহী, সুখী হৈয়েই যাব। এয়া হৈছে সেৱা আৰু এই সেৱা প্ৰথমে
ঘৰৰ পৰাই আৰম্ভ হয়।
বাপদাদাৰ আজি এটা
কথাত হাঁহি উঠি আছিল, কওঁনে। চাবা তোমালোকৰো হাঁহি উঠিব। বাপদাদাইতো সন্তানসকলৰ খেল
চাই থাকে নহয়! বাপদাদাই এক চেকেণ্ডত কেতিয়াবা কোনোবাটো সেৱাকেন্দ্ৰৰ টি.ভি. খুলি
দিয়ে, কেতিয়াবা আন কোনোবাটো সেৱাকেন্দ্ৰৰ, কেতিয়াবা বিদেশৰ, কেতিয়াবা ভাৰতৰ বুতাম
টিপি দিয়ে, গম পাই যায়, কি কৰি আছে কিয়নো পিতাৰ সন্তানসকললৈ স্নেহ আছে নহয়।
সন্তানসকলেও কয় সমান হ’বই লাগে। দৃঢ় হোৱা নহয়, সমান হ’বই লাগে! ভাবি গুণী হাত দাঙা।
হয় যিসকলে ভাবিছা মৰিবলগীয়া হওঁক, সেও মানিবলগীয়া হওঁক, সহ্য কৰিবলগীয়া হওঁক, কথা
শুনিবলগীয়া হওঁক কিন্তু সমান হৈ হে দেখুৱাম! সেইসকলে হাত দাঙা। কুমাৰীসকলে ভাবি গুণী
হাত দাঙিবা। এওঁলোকৰ ফটো লোৱা। কুমাৰী বহুত আছে। মৰিব লাগিব? সেও মানিব লাগিব?
পাণ্ডৱে দাঙা। শুনিলা, সমান হ’ব লাগে। সমান নহ’লে তেতিয়া মজা নালাগিব। পৰমধামতো
সমীপত নাথাকিবা। পূজ্যতো পাৰ্থক্য আহি যাব, সত্যযুগৰ ৰাজ্য-ভাগ্যতো পাৰ্থক্য আহি
যাব।
পিতা ব্ৰহ্মাৰ প্ৰতি
তোমালোকৰ স্নেহ আছে নহয়, ডবল বিদেশীসকলৰ সকলোতকৈ বেছি স্নেহ আছে। যিসকলৰ ব্ৰহ্মা
বাবাৰ প্ৰতি গভীৰ, আন্তৰিক স্নেহ আছে তেওঁলোকে হাত দাঙা। বাৰু, দৃঢ় স্নেহ আছেনে?
এতিয়া প্ৰশ্ন সুধিম, যাৰ প্ৰতি স্নেহ থাকে, তেন্তে স্নেহৰ লক্ষণ হ’ল যি তেওঁৰ ভাল
লাগে, সেয়া স্নেহ কৰোঁতাজনৰো ভাল লাগে, দুয়োৰে সংস্কাৰ, সংকল্প, স্বভাৱ মিলি যায়
সেয়েহে তেওঁ স্নেহী হয়। গতিকে পিতা ব্ৰহ্মাৰ প্ৰতি যদি স্নেহ আছে তেন্তে 21 জন্ম,
প্ৰথম জন্মৰ পৰা ধৰি, দ্বিতীয় তৃতীয়ত আহিলে ভাল নহয় কিন্তু প্ৰথম জন্মৰ পৰা শেষৰ
জন্মলৈকে লগত থাকিব, ভিন্ন ভিন্ন ৰূপত লগত থাকিব। তেন্তে লগত কোন থাকিব পাৰে? যি
সমান হ’ব। তেওঁ এক নম্বৰৰ আত্মা। তেন্তে লগত কেনেকৈ থাকিবা? এক নম্বৰ হ’লে তেতিয়াহে
লগত থাকিবা, সকলোতে এক নম্বৰ, মনেৰে, বাণীত, কৰ্মত, বৃত্তিত, দৃষ্টিত, কৃতিত সকলোতে।
তেন্তে এক নম্বৰ হোৱা নে ক্ৰম নম্বৰ? গতিকে যদি স্নেহ আছে তেন্তে স্নেহৰ কাৰণে যি
কোনো ত্যাগ কৰা কঠিন নহয়। কলিযুগৰ অন্তৰ শেষৰ জন্মতো দৈহিক প্ৰেম কৰোঁতাসকলে জীৱনো
উৎসৰ্গা কৰি দিয়ে। গতিকে তোমালোকে যদি ব্ৰহ্মা বাবাৰ স্নেহত নিজৰ সংস্কাৰ পৰিৱৰ্তন
কৰি দিয়া তেন্তে কি ডাঙৰ কথা! ডাঙৰ কথা জানো? নহয়। গতিকে আজিৰ পৰা সকলোৰে সংস্কাৰ
পৰিৱৰ্তন হৈ গ’ল! দৃঢ়নে? খবৰ আহিব, তোমালোকৰ সঙ্গীয়ে লিখিব, দৃঢ়নে? দাদীসকলে শুনি
আছে, কয় যে সংস্কাৰ পৰিৱৰ্তন হৈ গ’ল। নে সময় লাগিব? কি? মোহিনী (নিউয়ৰ্ক) কোৱা,
পৰিৱৰ্তন হ’ব নহয়? এওঁলোক সকলো পৰিৱৰ্তন হ’ব নহয়? আমেৰিকাৰসকলতো পৰিৱৰ্তন হৈ যাব।
হাঁহি উঠা কথাটিতো থাকি গ’ল।
হাঁহি উঠা কথাটি হৈছে
– সকলোৱে কয় যে পুৰুষাৰ্থতো বহুত কৰোঁ, আৰু বাপদাদাৰ দেখি দয়াও ওপজে পুৰুষাৰ্থ বহুত
কৰে, কেতিয়াবা কেতিয়াবা পৰিশ্ৰম বহুত কৰে আৰু কি বুলি কয় – কি কৰোঁ, মোৰ সংস্কাৰ
এনেকুৱা! সংস্কাৰৰ ফালে ঠেলি দি নিজক পাতল কৰি লয় কিন্তু পিতাই আজি দেখিছে যে এয়া
যি তোমালোকে কোৱা যে মোৰ সংস্কাৰ, তেন্তে তোমালোকৰ এয়া সংস্কাৰ নেকি? তোমালোক আত্মা,
আত্মা হোৱা নহয়! দেহতো নোহোৱা নহয়! তেন্তে আত্মাৰ সংস্কাৰ কি? আৰু তোমালোকৰ মূল
সংস্কাৰ কি? যিটোক আজি তোমালোকে মোৰ বুলি কৈছা সেয়া মোৰ নে ৰাৱণৰ? কাৰ? তোমালোকৰ
হয়নে? নহয়? তেন্তে মোৰ বুলি কিয় কোৱা! এনেকৈতো কোৱা নহয় যে মোৰ সংস্কাৰ এনেকুৱা?
গতিকে আজিৰ পৰা এনেকৈ ‘মোৰ সংস্কাৰ’ বুলি নক’বা। কেতিয়াবা অ’ৰ ত’ৰ পৰা জাবৰ উৰি আহে
নহয়! গতিকে এয়া ৰাৱণৰ বস্তু আহি গ’ল তেন্তে তাক মোৰ বুলি কেনেকৈ ক’বা! মোৰ হয়নে?
নহয় নহয়? গতিকে এতিয়া কেতিয়াও নক’বা, যেতিয়া মোৰ শব্দটি কোৱা তেতিয়া স্মৰণ কৰিবা মই
কোন আৰু মোৰ সংস্কাৰ কি? দেহ-অভিমানত সেয়া তোমালোকৰ সংস্কাৰ, আত্মা-অভিমানত এই
সংস্কাৰ নাই। গতিকে এতিয়া এই ভাষাও পৰিৱৰ্তন কৰিবা। ‘মোৰ সংস্কাৰ’ বুলি কৈ অমনোযোগী
হৈ যোৱা। ক’ব যে ভাৱ নাই, সংস্কাৰহে। বাৰু আনটো কি শব্দ কোৱা? ‘মোৰ স্বভাৱ’। এতিয়া
‘স্বভাৱ’ শব্দটি কিমান ভাল। ‘স্ব’ তো সদায় ভাল হয়। মোৰ স্বভাৱ, ‘স্ব’ ৰ ভাৱ ভাল,
বেয়া নহয়। গতিকে এয়া যি শব্দ ব্যৱহাৰ কৰা নহয়, মোৰ স্বভাৱ, মোৰ সংস্কাৰ, এতিয়া এই
ভাষা পৰিৱৰ্তন কৰা, যেতিয়াই ‘মোৰ’ শব্দটি আহে, তেতিয়া স্মৰণ কৰা মোৰ মূল সংস্কাৰ
কি? এয়া কোনে কয়? আত্মাই কয় জানো যে এয়া মোৰ সংস্কাৰ? গতিকে যেতিয়া এইটো ভাবিবা নহয়
তেতিয়া নিজৰ ওপৰতেই হাঁহি উঠিব, উঠিব নহয় হাঁহি? হাঁহি উঠিব তেতিয়া যি সংঘাত হয় সেয়া
সমাপ্ত হৈ যাব। ইয়াক কোৱা হয় ভাষাৰ পৰিৱৰ্তন কৰা অৰ্থাৎ প্ৰত্যেক আত্মাৰ প্ৰতি
স্বমান আৰু সন্মানত থাকোঁতা। নিজেও সদায় স্বমানত থাকা, আনকো স্বমানেৰে চোৱা।
স্বমানেৰে চালে তেতিয়া আকৌ যি পৰিস্থিতি আহে, যিটো তোমালোকৰো পচন্দৰ নহয়, কেতিয়াবা
কিবা সংঘাত হ’লে তেতিয়া পচন্দ কৰা জানো? নকৰা নহয়? গতিকে ইজনে সিজনক স্বমানেৰে চোৱা।
এওঁ বিশেষ আত্মা, এওঁ পিতাৰ প্ৰতিপালনেৰে পালিত ব্ৰাহ্মণ আত্মা। এওঁ কোটিৰ মাজত
কোনোবা, কোনোবাৰ মাজতো কোনোবা আত্মা। কেৱল এটা কাম কৰা – নিজৰ নয়নত বিন্দু সমাহিত
কৰি দিয়া, বচ্। এটা বিন্দুৰেতো দেখা, আনটো বিন্দুও সমাহিত কৰি দিয়া তেতিয়া একোৱে
নহ’ব, পৰিশ্ৰম কৰিবলগীয়া নহ’ব। যেন আত্মাই আত্মাক চাই আছে। আত্মাই আত্মাক কৈ আছে।
বৃত্তি আত্মিক, দৃষ্টি আত্মিক কৰি তোলা। বুজিলা – কি কৰিব লাগে? এতিয়া ‘মোৰ সংস্কাৰ’
বুলি কেতিয়াও নক’বা, স্বভাৱ বুলি ক’লে তেতিয়া ‘স্ব’ ৰ ভাৱত থাকিবা। ঠিক আছে নহয়।
বাপদাদাই এইটোৱেই বিচাৰে যে এই গোটেই বছৰ, যদিও ‘চিজন’ 6 মাহ চলে কিন্তু গোটেই
বছৰটোৱেই সকলোকে যেতিয়াই লগ পোৱা, যাকেই লগ পোৱা, লাগিলে পৰস্পৰৰ মাজত বা অন্য
আত্মাসকলক কিন্তু যেতিয়াই পোৱা, যাকেই পোৱা তেওঁক সন্তুষ্টতাৰ সহযোগ দিয়া। নিজেও
সন্তুষ্ট হৈ থাকা আৰু আনকো সন্তুষ্ট কৰা। * এইটো ‘চিজন’ৰ স্বমান হৈছে সন্তুষ্টমণি।
সদায় সন্তুষ্টমণি*। ভায়ো ‘মণি’ (স্ত্ৰীলিঙ্গ বাচক), ‘মণা’ (পুলিঙ্গ বাচক) নহয়, মণি।
প্ৰত্যেক আত্মা সকলো সময়ত সন্তুষ্টমণি। আৰু স্বয়ং সন্তুষ্ট হৈ থাকিলে তেতিয়া আনকো
সন্তুষ্ট কৰিবা। সন্তুষ্ট হৈ থাকা আৰু সন্তুষ্ট কৰা। ঠিক আছে, পচন্দ হৈছে? (সকলোৱে
হাত দাঙিলে) বৰ ভাল, অভিনন্দন, অভিনন্দন। বাৰু। যিয়েই নহওঁক, নিজৰ স্বমানৰ আসনত
একাগ্ৰ হৈ থাকা, দিগভ্ৰান্ত হৈ নুফুৰিবা, কেতিয়াবা কোনোবাখন আসনত, কেতিয়াবা আন
কোনোবাখন আসনত, নহয়। নিজৰ স্বমানৰ আসনত একাগ্ৰ হৈ থাকা। আৰু একাগ্ৰ আসনত থাকি যদি
কোনো সমস্যা আহে তেতিয়া তাক কাৰ্টুন প্ৰদৰ্শনীৰ দৰে চোৱা, কাৰ্টুন চাবলৈ ভাল লাগে
নহয়, গতিকে এয়া সমস্যা নহয়, কাৰ্টুন প্ৰদৰ্শনী চলি আছে। কোনো বাঘ আহে, কোনো ছাগলী
আহে, কোনো বৃশ্চিক আহে, কোনো লেতেৰা জেঠী আহে – কাৰ্টুন প্ৰদৰ্শনী। নিজৰ আসনৰ পৰা
নানামিবা। মজা লাগিব। ভাল বাৰু।
চাৰিওফালৰ অত্যন্ত
প্ৰিয় ৰাজকীয় সন্তানসকলক, সকলো স্নেহী, সহযোগী, সমান হওঁতা সন্তানসকলক, সদায় নিজৰ
শ্ৰেষ্ঠ স্ব-ভাৱ আৰু সংস্কাৰক স্বৰূপত জাগ্ৰত কৰোঁতা সন্তানসকলক, সদায় সুখ দিওঁতা,
সকলোকে স্নেহ দিওঁতা সন্তানসকলক, সদায় সন্তুষ্টমণি হৈ সন্তুষ্টতাৰ কিৰণ বিলাওঁতা
সন্তানসকলক বাপদাদাৰ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ।
বৰদান:
শুভচিন্তন আৰু
শুভচিন্তক স্থিতিৰ অনুভৱেৰে পিতা ব্ৰহ্মাৰ সমান মাষ্টৰ দাতা হোৱা
পিতা ব্ৰহ্মাৰ সমান
মাষ্টৰ দাতা হ’বলৈ ঈৰ্ষা, ঘৃণা, আৰু সমালোচনা কৰা – এই তিনিটা কথাৰ পৰা মুক্ত হৈ
থাকি সকলোৰে প্ৰতি শুভচিন্তক হোৱা আৰু শুভচিন্তন স্থিতিৰ অনুভৱ কৰা কিয়নো যাৰ
ঈৰ্ষাৰ অগ্নি থাকে তেওঁ নিজেও জ্বলে অৰু আনকো অশান্ত কৰে, ঘৃণা কৰোঁতাজন নিজেও
অধোগতি পায় আনকো অধোগামী কৰায় আৰু ধেমালিতো সমালোচনা কৰোঁতাজনে, আত্মাক সাহসহীন কৰি
দুখী কৰে সেইবাবে এই তিনিওটা কথাৰ পৰা মুক্ত হৈ থাকি শুভচিন্তক স্থিতিৰ অনুভৱেৰে
দাতাৰ সন্তান মাষ্টৰ দাতা হোৱা।
স্লোগান:
মন-বুদ্ধি আৰু
সংস্কাৰৰ ওপৰত সম্পূৰ্ণ ৰাজ্য কৰোঁতা স্বৰাজ্য অধিকাৰী হোৱা।
শক্তিশালী মনেৰে
শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
তোমালোক ব্ৰাহ্মণ
সন্তানসকল হৈছা মূল। মূলৰ দ্বাৰাই গোটেই বৃক্ষলৈ শক্তিৰ প্ৰকম্পন প্ৰবাহিত হয়।
সেয়েহে এতিয়া বিশ্বক শক্তিৰ প্ৰকম্পন দিওঁতা হোৱা। যদি 20টা সেৱাকেন্দ্ৰ, 30টা
সেৱাকেন্দ্ৰ নতুবা দুই আঢ়ৈশ সেৱাকেন্দ্ৰ বা মণ্ডল - এয়া বুদ্ধিত থাকে তেন্তে গোটেই
বিশ্বত শক্তিৰ প্ৰকম্পন দিব নোৱাৰিবা সেইবাবে সীমিত পৰিসৰৰ পৰা ওলাই এতিয়া গোটেই
বিশ্বৰ সেৱাৰ ভূমিকা আৰম্ভ কৰা। গোটেই বিশ্বৰ বিশাল পৰিসৰত গ’লে লৌকিকৰ সীমিত
কথাবোৰ নিজেই আঁতৰি যাব। বিশাল পৰিসৰত শক্তিৰ প্ৰকম্পনৰ দ্বাৰা পৰিৱৰ্তন হোৱা – এয়া
তীব্ৰ গতিৰ সেৱাৰ ফলাফল।