05.01.26 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“পিতাৰ শ্ৰীমতেৰে তোমালোক মনুষ্যৰ পৰা দেৱতা হোৱা, গীতাৰ জ্ঞান আৰু ৰাজযোগে
তোমালোকক সম্পূৰ্ণ পাৱন কৰি দিয়ে”
প্ৰশ্ন:
সত্যযুগত
প্ৰতিটো বস্তু ভালতকৈও ভাল সতোপ্ৰধান হয় কিয়?
উত্তৰ:
কিয়নো তাত মনুষ্য সতোপ্ৰধান হয়, যেতিয়া মনুষ্য ভাল হয় তেতিয়া সামগ্ৰীও ভাল হয় আৰু
মনুষ্য বেয়া হ’লে সামগ্ৰীও ক্ষতিকাৰক হয়। সতোপ্ৰধান সৃষ্টিত কোনো বস্তুৱেই অপ্ৰাপ্ত
নহয়, একোৱেই কাৰো পৰা খুজিবলগীয়া নহয়।
ওঁম্শান্তি।
বাবাই এই
শৰীৰৰ দ্বাৰা বুজায়। এওঁক জীৱ বুলি কোৱা হয়, এওঁৰ শৰীৰত আত্মাও আছে আৰু তোমালোক
সন্তানসকলে জানা যে পৰমপিতা পৰমাত্মাও এওঁৰ শৰীৰত আছে। এইটোতো প্ৰথমেই নিশ্চয় জন্মা
উচিত, সেইকাৰণে এওঁক দাদা বুলিও কয়। এইটোতো সন্তানসকলৰ নিশ্চয়তা আছে। এইটো
নিশ্চয়তাৰেই চলিব লাগে। যথাযথ বাবা যাৰ শৰীৰত প্ৰৱেশ কৰিছে বা অৱতাৰ লৈছে, তেওঁৰ
কাৰণে পিতাই নিজেই কয় - মই এওঁৰ বহুত জন্মৰ অন্তৰো অন্তত আহোঁ। সন্তানসকলক বুজোৱা
হৈছে – এয়া হ’ল সকলো শাস্ত্ৰৰ ভিতৰত শিৰোমণি ‘গীতা’ৰ জ্ঞান। শ্ৰীমত অৰ্থাৎ শ্ৰেষ্ঠ
মত। শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ মত হৈছে উচ্চতকৈও উচ্চ ভগৱানৰ। যাৰ শ্ৰীমতেৰে তোমালোক
মনুষ্যৰ পৰা দেৱতা হোৱা। তোমালোক ভ্ৰষ্ট মনুষ্যৰ পৰা শ্ৰেষ্ঠ দেৱতা হোৱা। তোমালোক
এই কাৰণেই আহিছা। পিতায়ো নিজেই কয় - মই আহোঁ তোমালোকক শ্ৰেষ্ঠাচাৰী, নিৰ্বিকাৰী
মতধাৰী দেৱী-দেৱতা কৰি গঢ়ি তুলিবলৈ। মনুষ্যৰ পৰা দেৱতা হোৱাৰ অৰ্থও বুজিব লাগে।
বিকাৰী মনুষ্যৰ পৰা নির্বিকাৰী দেৱতা কৰি গঢ়ি তুলিবলৈ আহে। সত্যযুগত মনুষ্য থাকে
কিন্তু দৈৱীগুণসম্পন্ন। এতিয়া কলিযুগত হ’ল আসুৰিক গুণসম্পন্ন। হওতে গোটেইখন মনুষ্য
সৃষ্টি, কিন্তু তেওঁলোক হ’ল ঈশ্বৰীয় বুদ্ধিৰ, এয়া হ’ল আসুৰিক বুদ্ধিৰ। তাত জ্ঞান,
ইয়াত ভক্তি। জ্ঞান আৰু ভক্তি বেলেগ বেলেগ নহয় জানো৷ ভক্তিৰ কিতাপ কিমান আৰু জ্ঞানৰ
কিতাপ কিমান। জ্ঞানৰ সাগৰ হৈছে পিতা৷ তেওঁৰ কিতাপোতো এখনেই হোৱা উচিত। যিয়ে ধৰ্ম
প্ৰতিষ্ঠা কৰে, তেওঁৰ কিতাপ (শাস্ত্ৰ) এখন হোৱা উচিত। সেইখনক ধৰ্মশাস্ত্ৰ বুলি কোৱা
হয়। প্ৰথম ধৰ্মশাস্ত্ৰ হ’ল – ‘গীতা”। শ্ৰীমদ্ভাগৱত গীতা। এয়াও সন্তানসকলে জানে -
প্ৰথমে আদি সনাতন দেৱী-দেৱতাৰ ধৰ্ম, হিন্দু ধৰ্ম নহয়। মনুষ্যই ভাবে - গীতাৰ দ্বাৰা
হিন্দু ধৰ্ম প্ৰতিষ্ঠা হ’ল আৰু গীতা শ্ৰীকৃষ্ণই শুনাইছে। কাৰোবাক সুধিলে তেতিয়া ক’ব
- পৰম্পৰাগতভাৱে এয়া শ্ৰীকৃষ্ণই শুনাই আহিছে। কোনো শাস্ত্ৰতে ‘শিৱ ভগৱানুবাচ’ বুলি
উল্লেখ নাই। ‘শ্ৰীমদ্ কৃষ্ণ ভগৱানুবাচ’ বুলি লিখি দিছে, যিসকলে গীতা পঢ়িছে তেওঁলোকে
সহজেই বুজিব পাৰিব। এতিয়া তোমালোকে বুজি পোৱা - এই গীতা জ্ঞানেৰেই মনুষ্যৰ পৰা দেৱতা
হ’ল, যি এতিয়া পিতাই তোমালোকক দি আছে। ৰাজযোগ শিকাই আছে। পৱিত্রতাও শিকাই আছে। কাম
মহাশত্ৰু, ইয়াৰ বাবেই তোমালোক পৰাজিত হৈছা। এতিয়া পুনৰ কাম বিকাৰৰ ওপৰত জয়ী হ’লে
তোমালোক জগতজিৎ অৰ্থাৎ বিশ্বৰ মালিক হৈ যোৱা। এয়াতো বহুত সহজ। বেহদৰ পিতাই বহি এওঁৰ
(ব্ৰহ্মাৰ) দ্বাৰা তোমালোকক পঢ়ায়। তেওঁ হ’ল সকলো আত্মাৰ পিতা৷ এওঁ আকৌ হ’ল মনুষ্যৰ
বেহদৰ পিতা৷ নামেই হ’ল প্ৰজাপিতা ব্ৰহ্মা। তোমালোকে যাকেই সোধা ব্ৰহ্মাৰ পিতাৰ নামটি
কোৱাচোন, তেতিয়া বিবুদ্ধিত পৰিব। ব্ৰহ্মা-বিষ্ণু-শঙ্কৰ হ’ল ৰচনা। এওঁলোক তিনিওজনৰ
কোনোবাতো পিতা থাকিব নহয়। তোমালোকে দেখুওৱা - এওঁলোক তিনিওজনৰ পিতা হ’ল নিৰাকাৰ শিৱ।
ব্ৰহ্মা-বিষ্ণু-শঙ্কৰক সূক্ষ্মলোকৰ দেৱতা ৰূপত দেখুৱায়। তেওঁলোকৰ ওপৰত হৈছে শিৱ।
সন্তানসকলে জানে – শিৱবাবাৰ সন্তান যিসকল আত্মা আছে তেওঁলোকৰ নিজৰ শৰীৰতো থাকিব।
তেওঁতো সদায় নিৰাকাৰ পৰমপিতা পৰমাত্মা। সন্তানসকলে গম পাইছে - নিৰাকাৰ পৰমপিতা
পৰমাত্মাৰ আমি সন্তান হওঁ। আত্মাই শৰীৰৰ দ্বাৰা কয় – পৰমপিতা পৰমাত্মা। কিমান সহজ
কথা। ইয়াক কোৱা হয় – ‘অল্ফ’ (পিতা) আৰু ‘বে’ (বাদশ্বাহী)। কোনে পঢ়ায়? গীতাৰ জ্ঞান
কোনে শুনালে? নিৰাকাৰ পিতাই। তেওঁৰ কোনো মুকুট আদি নাই। তেওঁ জ্ঞানৰ সাগৰ, বীজৰূপ,
চৈতন্য। তোমালোকো চৈতন্য আত্মা হোৱা নহয়! গোটেই কল্প বৃক্ষৰ আদি-মধ্য-অন্তক তোমালোকে
জানা। যদিও মালী নোহোৱা কিন্তু বুজিব পাৰা কেনেকৈ বীজ ৰোপণ কৰে, তাৰ পৰা পুলি
অংকুৰিত হয়। সেয়াতো হ’ল জড় বৃক্ষ, এয়া হ’ল চৈতন্য। তোমালোক আত্মাত জ্ঞান আছে, অন্য
কোনো আত্মাত জ্ঞান নাথাকে। পিতা চৈতন্য মনুষ্য সৃষ্টিৰ বীজৰূপ হয়। সেয়েহে বৃক্ষও
মনুষ্যৰে হ’ব। এয়া হৈছে চৈতন্য ৰচনা। বীজ আৰু ৰচনাৰ মাজত প্ৰভেদতো আছে নহয়! আমৰ বীজ
ৰোপণ কৰিলে আমৰ পুলি গজে, তাৰপাছত বৃক্ষ কিমান ডাঙৰ হয়। সেইদৰে মনুষ্যৰ বীজৰ পৰা
কিমান মনুষ্য ওপজে। জড় বীজত কোনো জ্ঞান নাই। এয়াতো চৈতন্য বীজৰূপ। তেওঁৰ গোটেই
সৃষ্টিৰূপী বৃক্ষৰ জ্ঞান আছে যে কেনেকৈ উৎপত্তি, প্ৰতিপালন, তাৰপাছত বিনাশ হয়। এই
বহুত ডাঙৰ বৃক্ষ নাশ হৈ পুনৰ অন্য নতুন বৃক্ষ কেনেকৈ থিয় দি উঠে! এয়া হ’ল গুপ্ত।
তোমালোকে জ্ঞানো গুপ্তভাৱে লাভ কৰা। পিতাও গুপ্তভাৱে আহিছে। তোমালোকে জানা - এয়া
পুলি ৰোপণ কৰি থকা হৈছে। এতিয়াতো সকলো পতিত হৈ গৈছে। ভাল বীজৰ পৰা প্ৰথম নম্বৰত যিটো
পাত ওলাল তেওঁ কোন আছিল? সত্যযুগৰ প্ৰথম পাত বুলিতো শ্ৰীকৃষ্ণকেই কোৱা হ’ব,
লক্ষ্মী-নাৰায়ণক নহয়। নতুন পাত সৰু হয়। পাছত ডাঙৰ হয়। গতিকে এই বীজৰ কিমান মহিমা আছে,
এয়াতো চৈতন্য হয় নহয়৷ আকৌ পাতো ওলায়। তেওঁলোকৰো মহিমাতো হয়। এতিয়া তোমালোক
দেৱী-দেৱতা হৈ আছা। দৈৱীগুণ ধাৰণ কৰি আছা। মূল কথাই হৈছে এইটো যে আমি দৈৱীগুণ ধাৰণ
কৰিব লাগে, এওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ) দৰে হ’ব লাগে। চিত্ৰও আছে। এই চিত্ৰবোৰ
নথকাহেঁতেনতো বুদ্ধিত জ্ঞান উদয় নহ’লহেঁতেন। এই চিত্ৰবোৰ বহুত কামত আহে৷
ভক্তিমাৰ্গত এই চিত্ৰবোৰৰো পূজা হয় আৰু জ্ঞানমাৰ্গত এই চিত্ৰবোৰৰ দ্বাৰা তোমালোকে
জ্ঞান পোৱা যে এনেকুৱা হ’ব লাগে। ভক্তিমাৰ্গত এনেকৈ নুবুজে যে আমি এনেকুৱা হ’ব লাগে।
ভক্তিমাৰ্গত কিমান মন্দিৰ নির্মাণ কৰে। সকলোতকৈ বেছি মন্দিৰ কাৰ হ’ব? নিশ্চয়
শিৱবাবাৰ হ’ব, যিজন বীজৰূপ হয়। আকৌ তাৰপাছত প্ৰথম ৰচনাৰ মন্দিৰ হ’ব। প্ৰথম ৰচনা হৈছে
এই লক্ষ্মী-নাৰায়ণ। শিৱৰ পাছত এওঁলোকৰ পূজা সকলোতকৈ বেছিকৈ হয়। মাতাসকলেতো জ্ঞান
দিয়ে, তেওঁলোকৰ পূজা নহয়৷ তেওঁলোকেতো পঢ়ায় নহয়। পিতাই তোমালোকক পঢ়ায়। তোমালোকে কাৰো
পূজা নকৰা। পঢ়াওঁতাজনক এতিয়া পূজা কৰিব নোৱাৰা। তোমালোক যেতিয়া পঢ়ি পুনৰ অজ্ঞানী
হ’বাগৈ তেতিয়া আকৌ পূজা হ’ব। তোমালোকেই দেৱী-দেৱতা হোৱাগৈ৷ তোমালোকেই জানা যিজনে
আমাক এনেকৈ গঢ়ি তোলে তেওঁৰ পূজা হ’ব আৰু তাৰপাছত ক্ৰমানুসৰি আমাৰ পূজা হ’ব। পুনৰ
অৱনমিত হৈ হৈ পাঁচ তত্ত্বৰো পূজা কৰিবলৈ লাগি যায়। শৰীৰ 5 তত্ত্বৰে গঠিত হয় নহয়।
পাঁচ তত্ত্বৰ পূজা কৰা বা শৰীৰৰ পূজা কৰা, একেই হৈ যায়। এই জ্ঞানতো বুদ্ধিত আছে। এই
লক্ষ্মী-নাৰায়ণ গোটেই বিশ্বৰ মালিক আছিল। এই দেৱী-দেৱতাসকলৰ ৰাজত্ব নতুন সৃষ্টিত
আছিল। কিন্তু সেয়া কেতিয়া আছিল? এইটো নাজানে, লাখ লাখ বছৰ বুলি কৈ দিয়ে। এতিয়া লাখ
লাখ বছৰৰ কথাতো কেতিয়াও কাৰো বুদ্ধিত থাকিব নোৱাৰে। এতিয়া তোমালোকৰ স্মৃতিত আছে -
আমি আজিৰ পৰা 5000 বছৰ পূৰ্বে আদি সনাতন দেৱী-দেৱতা ধর্মৰ আছিলোঁ। দেৱী-দেৱতা
ধর্মাৱলম্বীসকল আকৌ আন ধৰ্মলৈ ধৰ্মান্তৰিত হ’ল। হিন্দু ধৰ্ম বুলি ক’ব নোৱাৰি৷ কিন্তু
পতিত হোৱাৰ বাবে নিজক দেৱী-দেৱতা বুলি ক’লেও শোভা নাপায়। অপৱিত্ৰক দেৱী-দেৱতা বুলি
ক’ব নোৱাৰি। মনুষ্যই পৱিত্ৰ দেৱীসকলৰ পূজা কৰে, তেন্তে নিশ্চয় নিজে অপৱিত্ৰ, সেইবাবে
পৱিত্ৰৰ আগত নতশিৰ হ’বলগীয়া হয়। ভাৰতত বিশেষকৈ কন্যাসকলৰ আগত নতশিৰ হয়। কুমাৰসকলৰ
আগত নতশিৰ নহয়। মহিলাৰ আগত নতশিৰ হয়। পুৰুষৰ আগত নতশিৰ কিয় নহয়? কিয়নো এই সময়ত
জ্ঞানো প্ৰথমে মাতাসকলে লাভ কৰে। পিতা এওঁৰ শৰীৰত প্ৰৱেশ কৰে। এইটোও বুজি পোৱা –
যথাযথ এওঁ জ্ঞানৰ বৰ নদী। জ্ঞান নদীও হয় আকৌ পুৰুষো হয়৷ এয়া হ’ল সকলোতকৈ ডাঙৰ নদী৷
ব্ৰহ্মপুত্ৰ নদী হ’ল সকলোতকৈ ডাঙৰ, যিখন কোলকাতাৰ ফালে গৈ সাগৰত মিলিছে। মেলাও তাত
অনুষ্ঠিত হয়। কিন্তু তেওঁলোকে এইটো নাজানে যে এয়া আত্মাসকল আৰু পৰমাত্মাৰ মেলা।
সেয়াতো পানীৰ নদী, যাৰ নাম ব্ৰহ্মপুত্ৰ ৰাখিছে। তেওঁলোকেতো ব্ৰহ্মক ঈশ্বৰ বুলি কয়,
সেইবাবে ব্ৰহ্মপুত্ৰক বহুত পাৱন বুলি মান্যতা দিয়ে। ডাঙৰ নদী হয় সেয়েহে পৱিত্ৰও
হ’ব। পতিত-পাৱন বুলি বাস্তৱত গংগাক নহয়, ব্ৰহ্মপুত্ৰকহে কোৱা হ’ব। মেলাও ইয়াৰে লাগে৷
এয়াও সাগৰ আৰু ব্ৰহ্মা নদীৰ মেলা৷ ব্ৰহ্মাৰ দ্বাৰা কেনেকৈ তুলি লয় - এই গূঢ় কথাবোৰ
বুজিবলগীয়া, যি প্ৰায় লুপ্ত হৈ যায়। এয়াতো একেবাৰে সহজ কথা নহয় জানো।
ভগৱানুবাচ - মই
তোমালোকক ৰাজযোগ শিকাওঁ, তাৰপাছত এই জগতখনেই নাশ হৈ যাব। শাস্ত্ৰ আদি একোৱেই
নাথাকিব। আকৌ ভক্তিমাৰ্গত এই শাস্ত্ৰ ৰচনা হ’ব। জ্ঞানমাৰ্গত শাস্ত্ৰ নাথাকে।
মনুষ্যই ভাবে - এই শাস্ত্ৰ পৰম্পৰাগতভাৱে চলি আহি থাকে। জ্ঞানতো একোৱেই নাই। কল্পৰ
আয়ুয়েই লাখ লাখ বছৰ বুলি কৈ দিছে সেইকাৰণে পৰম্পৰা বুলি কৈ দিয়ে। ইয়াক কোৱা হয়
অজ্ঞান অন্ধকাৰ। এতিয়া তোমালোক সন্তানসকলে এই বেহদৰ শিক্ষা লাভ কৰা, যাৰ দ্বাৰা
তোমালোকে আদি-মধ্য-অন্তৰ ৰহস্য বুজাব পাৰা। তোমালোকে এই দেৱী-দেৱতাসকলৰ
ভূগোল-বুৰঞ্জী সম্পূৰ্ণকৈ জানা। এওঁলোক পৱিত্ৰ প্ৰবৃত্তি মাৰ্গৰ পূজ্য আছিল। এতিয়া
পূজাৰী পতিত হৈছে। সত্যযুগত হৈছে পৱিত্ৰ প্ৰবৃত্তি মাৰ্গ, ইয়াত কলিযুগত অপৱিত্র
প্ৰবৃত্তি মাৰ্গ। আকৌ পাছত নিবৃত্তি মাৰ্গ হয়। সেয়াও ড্ৰামাত আছে। তাক সন্ন্যাস
ধৰ্ম বুলি কোৱা হয়। ঘৰ-সংসাৰৰ সন্ন্যাস কৰি জংঘললৈ গুচি যায়। সেয়া হ'ল হদৰ
সন্ন্যাস। থাকেতো এই পুৰণি জগততে নহয় জানো। এতিয়া তোমালোকে বুজি পোৱা - আমি
সংগমযুগত আছোঁ আকৌ নতুন সৃষ্টিলৈ যাম। তোমালোকে তিথি, তাৰিখ, চেকেণ্ড সহিত সকলো
জানা। সেই লোকসকলেতো কল্পৰ আয়ুসেই লাখ লাখ বছৰ বুলি কৈ দিয়ে, ইয়াৰ সম্পূর্ণ হিচাপ
উলিয়াব পাৰি। লাখ লাখ বছৰৰ কথাতো কোনেও স্মৃতিলৈও আনিব নোৱাৰে। এতিয়া তোমালোকে
বুজি পোৱা - পিতা কি হয়, কেনেকৈ আহে, কি কৰ্তব্য কৰে? তোমালোকে সকলোৰে বৃত্তিক,
জন্মপত্ৰিকাক জানা। বাকী বৃক্ষৰ পাততো অনেক থাকে। সেয়া জানো গণনা কৰিব পাৰি। এই
বেহদ সৃষ্টিৰূপী বৃক্ষত কিমান পাত আছে? 5000 বছৰতেই ইমান কোটি। তেনেহ’লে লাখ লাখ
বছৰত কিমান, অগণন মনুষ্য হৈ যাব। ভক্তিমাৰ্গত দেখুৱায় - লিখা আছে সত্যযুগৰ ইমান
বছৰ, ত্ৰেতাত ইমান বছৰ, দ্বাপৰ ইমান বছৰৰ। সেয়েহে পিতাই বহি তোমালোক সন্তানসকলক এই
সকলো ৰহস্য বুজায়৷ আমৰ বীজ দেখিলে আমৰ গছ সন্মুখত আহি যাব নহয়! এতিয়া মনুষ্য
সৃষ্টিৰ বীজৰূপ তোমালোকৰ সন্মুখত আছে। তোমালোকক বহি বৃক্ষৰ ৰহস্য বুজায় কিয়নো
চৈতন্য হয়। তেওঁ কয় - আমাৰ এয়া ওলোটা বৃক্ষ। তোমালোকে বুজাব পাৰা - যিয়েই এই
সৃষ্টিত আছে জড় বা চৈতন্য, হুবহু পুনৰাবৃত্তি হ’ব। এতিয়া কিমান বৃদ্ধি হৈ গৈ থাকে।
সত্যযুগত ইমান হ’ব নোৱাৰে। কোৱা হয় অমুক বস্তুটো অষ্ট্ৰেলিয়াৰ পৰা, জাপানৰ পৰা আহে।
সত্যযুগত অষ্ট্ৰেলিয়া, জাপান আদি আছিল জানো। ড্ৰামা অনুসৰি তাৰ বস্তু ইয়ালৈ আহে।
আগতে আমেৰিকাৰ পৰা ঘেঁহু আদি আহিছিল। সত্যযুগত জানো ক’ৰবাৰ পৰা আহিব৷ তাততো হয়েই এক
ধৰ্ম, সকলো বস্তু ভৰপূৰ হৈ থাকে। ইয়াত ধৰ্ম বৃদ্ধি পাই গৈ থাকে, গতিকে তাৰ লগে লগে
সকলো বস্তু কম হৈ গৈ থাকে। সত্যযুগত ক’ৰো পৰা খুজি নানে। এতিয়াতো চোৱা – ক’ৰ ক’ৰ
পৰা খুজি আনি থাকে! মনুষ্য পাছলৈ বৃদ্ধি পাই গ’ল, সত্যযুগততো অপ্ৰাপ্ত কোনো বস্তু
নাথাকে৷ তাৰ প্ৰতিটো বস্তু সতোপ্ৰধান বহুত ভাল হয়। মনুষ্যই সতোপ্ৰধান হয়। মনুষ্য
ভাল হ’লে তেতিয়া সামগ্রীও ভাল হয়। মনুষ্য বেয়া হ’লে সামগ্ৰীও ক্ষতিকাৰক হয়।
বিজ্ঞানৰ মুখ্য বস্তু
হ’ল পৰমাণৱিক বোমা, যাৰ দ্বাৰা গোটেই বিনাশ হয়৷ কেনেকৈ তৈয়াৰ কৰে! তৈয়াৰ কৰোঁতা
আত্মাত আগৰ পৰাই ড্ৰামা অনুসৰি জ্ঞান থাকিব। যেতিয়া সময় আহে তেতিয়া তেওঁৰ এই
জ্ঞান উদয় হয়, যাৰ বোধ হ’ব তেৱেঁই কাম কৰিব আৰু আনক শিকাব। কল্পই কল্পই যি ভূমিকা
পালন কৰিছে সেয়াই পালন কৰিব৷ এতিয়া তোমালোক কিমান জ্ঞানৱান হোৱা, ইয়াতকৈ বেছি
জ্ঞান নাথাকে। তোমালোকে এই জ্ঞানেৰে দেৱতা হৈ যোৱা। ইয়াতকৈ উচ্চ অন্য কোনো জ্ঞান
নাই। সেয়া হ’ল মায়াৰ জ্ঞান। যাৰ দ্বাৰা বিনাশ হয়। সেই লোকসকল (বিজ্ঞানীসকল)
চন্দ্রলৈ যায়, অনুসন্ধান কৰে। তোমালোকৰ কাৰণে কোনো নতুন কথা নহয়। এই সকলোবোৰ হৈছে
মায়াৰ পাম্প। বহুত জাকজমকতা কৰে, অতি গভীৰত যায়। বুদ্ধি বহুত খটুৱায়। কিবা আচৰিত
কৰি দেখুৱাওঁ! বহুত আচৰিত কৰিলে পাছত আকৌ লোকচান হৈ যায়৷ কি কি তৈয়াৰ কৰি থাকে?
তৈয়াৰ কৰোঁতাজনে জানে - ইয়াৰ দ্বাৰা এয়া বিনাশ হ'ব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) গুপ্ত
জ্ঞান মন্থন কৰি হৰ্ষিত হৈ থাকিব লাগে। দেৱতাসকলৰ চিত্ৰ সন্মুখত দেখি, তেওঁলোকক
প্ৰণাম জনোৱা, বন্দনা কৰাৰ সলনি তেওঁলোকৰ নিচিনা হ’বলৈ দৈৱীগুণ ধাৰণ কৰিব লাগে।
(2) সৃষ্টিৰ বীজৰূপ
পিতা আৰু তেওঁৰ চৈতন্য ৰচনাক বুজি জ্ঞানৱান হ’ব লাগে, এই জ্ঞানতকৈ উচ্চ আন একো
জ্ঞান থাকিব নোৱাৰে, এইটো নিচাত থাকিব লাগে।
বৰদান:
“একমাত্ৰ পিতা
অন্য কোনো নাই” এইটো পাঠৰ স্মৃতিৰে একৰস স্থিতি গঢ়ি তোলোঁতা শ্ৰেষ্ঠ আত্মা হোৱা
“একমাত্ৰ পিতা অন্য
কোনো নাই” এইটো পাঠ নিৰন্তৰ স্মৃতিত থাকিলে স্থিতি একৰস হৈ যাব কিয়নো জ্ঞানতো সকলো
পাই গ’লা, অনেক সাৰ কথা আছে, কিন্তু সাৰ কথা থকা সত্ত্বেও বিন্দু ৰূপত থকা – এয়া
হৈছে সেই সময়ৰ চমৎকাৰ যি সময়ত কোনোবাই তললৈ টানি থাকে। কেতিয়াবা পৰিস্থিতিয়ে তললৈ
টানিব, কেতিয়াবা ব্যক্তি, কেতিয়াবা কোনো বস্তুৱে, কেতিয়াবা বায়ুমণ্ডলে… এয়াতো হ’বই।
কিন্তু চেকেণ্ডত এই সকলো বিস্তাৰ সমাপ্ত হৈ স্থিতি একৰস হৈ থাকক – তেতিয়া শ্ৰেষ্ঠ
আত্মা হোৱাৰ বৰদানী বুলি কোৱা হ’ব।
স্লোগান:
জ্ঞানৰ শক্তি ধাৰণ কৰি লোৱা তেতিয়া বিঘিনিয়ে প্ৰহাৰ কৰাৰ পৰিৱৰ্তে পৰাজিত হৈ যাব।
অব্যক্ত ইংগিত: এই
অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা
এতিয়া তোমালোক সকলো
এনেকুৱা মুক্ত হৈ মাষ্টৰ মুক্তিদাতা হোৱা যাতে সকলো আত্মা, প্ৰকৃতি, ভক্ত মুক্ত হৈ
যায়। এতিয়া পিতা ব্ৰহ্মা এই এটা কথাতে তাৰিখ সচেতন যে মোৰ এটি এটি সন্তান কেতিয়া
জীৱনমুক্ত হ’ব? এনেকৈ নাভাবিবা যে অন্তত জীৱনমুক্ত হ’মগৈ, নহয়। বহুকালৰ পৰা
জীৱনমুক্ত স্থিতিৰ অভ্যাসে বহুকালৰ জীৱনমুক্ত ৰাজ্য-ভাগ্যৰ অধিকাৰী কৰি তুলিব।