05.03.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – আনন্দৰ দৰে খোৰাক (পথ্য) নাই, তোমালোকে আনন্দ মনেৰে চলোঁতে-ফুৰোঁতে, খোজ কাঢ়োঁতে পিতাক স্মৰণ কৰিবা তেতিয়া পাৱন হৈ যাবা”

প্ৰশ্ন:
কোনো কৰ্মই যাতে বিকৰ্ম নহয় তাৰ যুক্তি কি?

উত্তৰ:
বিকৰ্মৰ পৰা পৰিত্ৰাণ পোৱাৰ সাধন হৈছে শ্রীমত। পিতাৰ যি প্ৰথম শ্রীমত যে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, এইটো শ্রীমতত চলিলে তোমালোক বিকৰ্মাজিৎ হৈ যাবা।

ওঁম্শান্তি।
আত্মিক সন্তানসকল ইয়াতো বহি আছে আৰু সকলো সেৱাকেন্দ্ৰতো আছে। সকলো সন্তানে জানে যে এতিয়া আত্মিক বাবাৰ আগমন হৈছে, তেওঁ আমাক এই পুৰণি ছিঃ ছিঃ পতিত সৃষ্টিৰ পৰা আকৌ ঘৰলৈ লৈ যাব। পিতা আহিছেই পাৱন কৰি তুলিবলৈ আৰু আত্মাসকলৰ সৈতেহে কথা পাতে। আত্মাইহে কাণেৰে শুনে কিয়নো পিতাৰতো নিজৰ শৰীৰ নাই সেয়েহে পিতাই কয় - মই শৰীৰৰ আধাৰ লৈ নিজৰ পৰিচয় দিওঁ। মই এই সাধাৰণ শৰীৰত আহি তোমালোক সন্তানসকলক পাৱন হোৱাৰ যুক্তি শুনাওঁ। সেয়াও প্ৰত্যেক কল্পতে আহি তোমালোকক এই যুক্তি শুনাওঁ। এই ৰাৱণৰাজ্যত তোমালোক কিমান দুখী হৈ গৈছা। ৰাৱণৰাজ্য, শোকৰ বাগিচাত তোমালোক আছা। কলিযুগক দুখধাম বুলিয়ে কোৱা হয়। সুখধাম হৈছে কৃষ্ণপুৰী, স্বর্গ। সেয়াতো এতিয়া নাই। সন্তানসকলে ভালদৰে জানে যে এতিয়া আমাক পঢ়াবৰ কাৰণে পিতাৰ আগমন হৈছে।

পিতাই কয় - তোমালোকে ঘৰতো স্কুল খুলিব পাৰা। পাৱন হ’ব লাগে আৰু আনকো পাৱন কৰি তুলিব লাগে। তোমালোক পাৱন হ'লে তেতিয়া নতুন সৃষ্টিও পাৱন হ'ব। এতিয়া এইখন হৈছে ভ্ৰষ্টাচাৰী পতিত সৃষ্টি। এতিয়া হৈছে ৰাৱণৰ ৰাজধানী। এই কথাবোৰ যিয়ে ভালদৰে বুজে তেওঁলোকে আকৌ আনকো বুজায়। পিতাইতো কেৱল কয়-সন্তানসকল, নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা, আনকো এনেকৈ বুজোৱা। পিতাৰ আগমন হৈছে, তেওঁ কয় মোক স্মৰণ কৰিলে তোমালোক পাৱন হৈ যাবা। কোনো ধৰণৰ আসুৰি কৰ্ম নকৰিবা। মায়াই তোমালোকৰ দ্বাৰা যি ছিঃ ছিঃ কৰ্ম কৰাব সেই কৰ্ম নিশ্চয় বিকৰ্ম হ'ব। প্ৰথমতে এনেকৈ যি কয় যে ঈশ্বৰ সৰ্বব্যাপি, এয়াও মায়াই কোৱালে নহয়। মায়াই তোমালোকক প্ৰতিটো কথাতে বিকৰ্মই কৰাব। কৰ্ম-অকৰ্ম-বিকৰ্মৰ ৰহস্যও বুজাইছে। তোমালোকে শ্রীমতৰ দ্বাৰা আধাকল্প সুখ ভোগ কৰা, আধাকল্প আকৌ ৰাৱণৰ মতত দুখ ভোগ কৰা। এই ৰাৱণৰাজ্যত তোমালোকে যি ভক্তি কৰা, অধঃপতিতহে হৈ আহিছা। তোমালোকে এই কথাবোৰ নাজানিছিলা, একেবাৰে পাথৰ বুদ্ধিৰ আছিলা। পাথৰবুদ্ধি আৰু পাৰসবুদ্ধি বুলি কোৱা নহয়। ভক্তিমাৰ্গত কোৱাও হয় - হে ঈশ্বৰ, এওঁক ভাল বুদ্ধি দিয়ক যাতে এই কাজিয়া আদি বন্ধ কৰি দিৰে। তোমালোক সন্তানসকলে জানা যে বাবাই এতিয়া আমাক বৰ ভাল বুদ্ধি দি আছে। বাবাই কয় - মৰমৰ সন্তানসকল, তোমালোক আত্মা যি পতিত হৈ গৈছা, স্মৃতিৰ যাত্ৰাৰে এতিয়া পাৱন হ’ব লাগে। লাগিলে ঘূৰা-ফুৰা, পিতাৰ স্মৃতিত তোমালোকে যিমানে খোজকাঢ়ি নোযোৱা, তোমালোকে শৰীৰকো পাহৰি যাবা। গায়ন কৰা হয় নহয় যে আনন্দৰ দৰে খোৰাক (পথ্য) নাই। মনুষ্যই ধন উপাৰ্জনৰ কাৰণে কিমান দূৰ-দূৰণিলৈ আনন্দ মনেৰে যায়। ইয়াত তোমালোক কিমান ধনৱান, সম্পত্তিৱান হৈ যোৱা। পিতাই কয় - মই কল্পই কল্পই আহি তোমালোক আত্মাসকলক নিজৰ পৰিচয় দিওঁ। এই সময়ত সকলো পতিত, যিসকলে আহ্বান জনাই থাকে যে পাৱন কৰি তুলিবলৈ আহক। আত্মাইহে পিতাক আহ্বান জনায়। ৰাৱণৰাজ্যত, শোকৰ বাগিচাত সকলো দুখী। গোটেই সৃষ্টিতে ৰাৱণৰাজ্য। এই সময়ত সৃষ্টিয়েই তমোপ্ৰধান। সতোপ্ৰধান দেৱতাসকলৰ চিত্ৰ সন্মুখত আছে। গায়নো তেওঁলোকৰেই কৰা হয়। শান্তিধাম, সুখধামত যোৱাৰ কাৰণে মনুষ্যই কিমান মগজ খটুৱাই থাকে। এইটো জানো কোনোবাই জানে - ভগৱানে কেনেকৈ আহি আমাক ভক্তিৰ ফল দিব। তোমালোকে এতিয়া বুজি পোৱা যে আমি ভগৱানৰ পৰা ফল পাই আছোঁ। ভক্তিৰ দুটা ফল - এটা হ'ল মুক্তি, দ্বিতীয়টো জীৱনমুক্তি। এয়া বুজিবলগীয়া অতি গূঢ় কথা। যিসকলে আৰম্ভণিৰ পৰা বহুত ভক্তি কৰিছে, তেওঁলোকে জ্ঞান ভালকৈ ধাৰণ কৰিব তেতিয়া ফলো ভাল প্ৰাপ্তি হ'ব। ভক্তি যদি কম কৰিছে তেন্তে জ্ঞানো কমকৈ ধাৰণ কৰিব, ফলো কমকৈ পাব। হিচাপ আছে নহয়। পদ ক্ৰমানুসৰি হয়। পিতাই কয় - মোৰ হৈ যদি বিকাৰত অধঃপতিত হোৱা তাৰমানে মোক এৰিলা। একেবাৰে তলত গৈ পৰিবা। কিছুমানতো অধঃপতিত হৈও আকৌ থিয় হৈ যায়। কিছুমানতো একেবাৰে গাঁতত পৰি যায়, বুদ্ধি একেবাৰে শুধৰণি নহয়। কাৰোবাৰ ভিতৰি অন্তৰ দহি থাকে, দুখ হয় - মই ভগৱানৰ ওচৰত প্ৰতিজ্ঞা কৰিলোঁ আকৌ তেওঁক প্ৰতাৰণা কৰিলোঁ, বিকাৰত অধঃপতিত হৈ গ’লোঁ। পিতাৰ হাত এৰি, মায়াৰ হৈ গ’লোঁ। তেওঁলোকে আকৌ বায়ুমণ্ডলেই নষ্ট কৰি দিয়ে, অভিশপ্ত হৈ যায়। পিতাৰ লগত ধৰ্মৰজাও আছে নহয়। সেই সময়ত গম পোৱা নাযায় যে আমি কি কৰোঁ, পাচত অনুতপ্ত হয়। এনেকুৱা বহুত আছে, কাৰোবাক হত্যা কৰে তেতিয়া কাৰাগাৰলৈ যাবলগীয়া হয়, তেতিয়া অনুতপ্ত হয় – অনাহকতে তেওঁক হত্যা কৰিলোঁ। ক্ৰোধৰ বশৱৰ্তী হৈ বহুতে মাৰেও। এনেকুৱা অনেক খবৰ বাতৰিকাকতত প্ৰকাশ পায়। তোমালোকেতো বাতৰিকাকত নপঢ়া। সৃষ্টিত কি কি হৈ আছে, তোমালোকে গম নোপোৱা। দিনে-প্ৰতিদিনে পৰিস্থিতি বেয়া হৈ গৈ থাকে। ছিৰি তললৈ নামিবই লাগে। তোমালোকে এই ড্ৰামাৰ ৰহস্যক জানা। বুদ্ধিত এইটো আছে যে আমি বাবাকহে স্মৰণ কৰিম। এনেকুৱা কোনো ধৰণৰ ছিঃ ছিঃ কৰ্তব্য কৰিব নালাগে যাৰ দ্বাৰা ৰেজিষ্টাৰ নষ্ট হৈ যায়। পিতাই কয় - মই তোমালোকৰ শিক্ষক নহয় জানো। শিক্ষকৰ ওচৰত বিদ্যাৰ্থীৰ পঢ়াৰ আৰু চাল-চলনৰ ৰেকৰ্ড নাথাকে জানো! কাৰোবাৰ চাল-চলন বহুত ভাল, কাৰোবাৰ কম ভাল, কাৰোবাৰ একেবাৰে বেয়া। ক্ৰমানুসৰি হয় নহয়। এয়াও পৰম পিতাই কিমান উচ্চ পাঠ পঢ়ায়। তেৱোঁ প্ৰত্যেকৰে চাল-চলনৰ বিষয়ে জানে। তোমালোকে নিজেও জানিব পাৰা - মোৰ এইটো বেয়া অভ্যাস আছে, সেই কাৰণে মই অনুত্তীৰ্ণ হৈ যাম। বাবাই প্ৰতিটো কথা স্পষ্ট কৰি বুজায়। ভালদৰে পাঠ নপঢ়িলে, কাৰোবাক দুখ দিলে দুখী হৈ মৰিবা। পদো ভ্ৰষ্ট হ'ব। শাস্তিও বহুত খাবা।

মৰমৰ সন্তানসকল, নিজৰ লগতে আনৰো ভাগ্য গঢ়িবলৈ হ'লে দয়াশীলতাৰ সংস্কাৰ ধাৰণ কৰা। যেনেকৈ পিতা দয়াশীল সেইবাবে শিক্ষক হৈ তোমালোকক পঢ়ায়। কিছুমান সন্তানে ভালদৰে পঢ়ে আৰু পঢ়ায়, এই ক্ষেত্ৰত দয়াশীল হ'বলগীয়া হয়। শিক্ষক দয়াশীল নহয় জানো। উপাৰ্জনৰ পথ দেখুৱায় যে কেনেকৈ তোমালোকে ভাল পদমৰ্যাদা পাব পাৰা। সেই পঢ়াততো অনেক প্ৰকাৰৰ শিক্ষক থাকে। ইয়াত এজনেই শিক্ষক। পঢ়াও এটাই মনুষ্যৰ পৰা দেৱতা হোৱাৰ। ইয়াত মুখ্য হ'ল পৱিত্ৰতাৰ কথা। সকলোৱে পৱিত্ৰতাই বিচাৰে। পিতাইতো ৰাস্তা দেখুৱাই আছে কিন্তু যাৰ ভাগ্যতেই নাই তেওঁ কি পুৰুষাৰ্থ কৰিব পাৰিব! যদি উচ্চ নম্বৰ পাবলগীয়াই নাই তেন্তে শিক্ষকে কি পুৰুষাৰ্থ কৰাব! এওঁ বেহদৰ শিক্ষক নহয় জানো। পিতাই কয় - তোমালোকক আৰু অন্য কোনেও সৃষ্টিৰ আদি-মধ্য-অন্তৰ ইতিহাস-ভূগোল বুজাব নোৱাৰে। তোমালোকক সকলো বেহদৰ কথা বুজোৱা হয়। তোমালোকৰ হৈছে বেহদৰ বৈৰাগ্য। এয়াও তোমালোকক শিকাওঁ যিহেতু পতিত সৃষ্টিৰ বিনাশ, পাৱন সৃষ্টি স্থাপনা কৰিবলগীয়া হয়। সন্ন্যাসীতো হৈছে নিবৃত্তি মাৰ্গৰ, বাস্তৱত তেওঁলোকতো জংঘলত থাকিব লাগে। প্ৰথমতে ঋষি-মুনি আদি সকলো জংঘলত আছিল, তেওঁলোকৰ সতোপ্ৰধান শক্তি আছিল, মনুষ্যক আকৰ্ষণ কৰিছিল। কোনো কোনো ক্ষেত্ৰত জুপুৰিত গৈও তেওঁলোকক ভোজন দি আহিছিল। সন্ন্যাসীসকলৰ কেতিয়াও মন্দিৰ সজা নহয়। মন্দিৰ সদায় দেৱতাসকলৰহে সাজে। তোমালোকে কোনো ভক্তি নকৰা। তোমালোক যোগযুক্ত হৈ থাকা। তেওঁলোকৰ জ্ঞানেই হৈছে ব্ৰহ্ম তত্ত্বক স্মৰণ কৰাৰ। কেৱল ব্ৰহ্মত লীন হৈ যাব বিচাৰে। কিন্তু পিতাৰ বাহিৰে অন্য কোনেওতো তালৈ লৈ যাব নোৱাৰে। পিতা সংগমযুগতে আহে। আহি দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে। বাকী সকলো আত্মা উভতি যায় কিয়নো তোমালোকৰ কাৰণে নতুন সৃষ্টিৰ প্ৰয়োজন হয় নহয়। পুৰণি সৃষ্টিৰ একোৱে থকা উচিত নহয়। তোমালোক গোটেই সৃষ্টিৰ মালিক হোৱা। এয়াতো তোমালোকে জানা যে যেতিয়া আমাৰ ৰাজ্য আছিল তেতিয়া গোটেই বিশ্বত আমিয়েই আছিলোঁ, অন্য কোনো খণ্ড নাছিল। তাত বহুত মাটি থাকে। ইয়াত কিমান মাটি তথাপি সমুদ্ৰক শুকুৱাই মাটি উলিয়াই থাকে কিয়নো মনুষ্য বাঢ়ি গৈ থাকে। এই মাটি শুকুৱা আদি বিদেশীসকলৰ পৰা শিকিছে। বোম্বাই (এতিয়া মুম্বাই) আগতে কি আছিল পাছলৈ নাথাকিব। বাবাতো অনুভৱী হয়। উদাহৰণ স্বৰূপে ভূমিকম্প হ'লে নাইবা ধাৰাসাৰ বৰষুণ হ'লে তেতিয়া কি কৰিব! বাহিৰলৈতো ওলাব নোৱাৰিব। প্ৰাকৃতিক দুৰ্যোগ বহুত হ’ব। নহ'লে ইমানবিলাক বিনাশ কেনেকৈ হ'ব। সত্যযুগততো অতি কম সংখ্যক ভাৰতবাসীহে থাকে। আজি কি, কাইলৈ কি হ'ব। এই সকলো কথা তোমালোক সন্তানসকলেহে জানা। এই জ্ঞান অন্য কোনেও দিব নোৱাৰে। পিতাই কয় - তোমালোক পতিত হৈ গৈছা সেয়েহে এতিয়া মোক আহ্বান জনোৱা যে আহি পাৱন কৰি তোলক তেন্তে নিশ্চয় আহিম তেতিয়াহে পাৱন সৃষ্টি স্থাপনা হ'ব নহয়। তোমালোক সন্তানসকলে জানা যে বাবাৰ আগমন হৈছে। কিমান ভাল যুক্তি শুনায়। ভগৱানুবাচ (ভগৱানে কয়) – ‘মনমনাভৱ'। দেহ সহিত দেহৰ সকলো সম্বন্ধ এৰি মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। ইয়াতেই পৰিশ্ৰম কৰিবলগীয়া হয়। জ্ঞানতো বহুত সহজ। সৰু ল'ৰা-ছোৱালীয়েও তৎক্ষণাৎ স্মৃতিত ৰাখি ল'ব। বাকী নিজক আত্মা বুলি বুজা আৰু পিতাক স্মৰণ কৰা, সেইটো অসম্ভৱ। ডাঙৰৰ বুদ্ধিতেই স্থায়ী হৈ নাথাকে, তেন্তে সৰুসকলে কেনেকৈ স্মৃতিত ৰাখিব পাৰিব? যদিও শিৱবাবা শিৱবাবা বুলি কয় কিন্তু বুদ্ধিহীন হয় নহয়। ময়ো বিন্দু, বাবাও বিন্দু এইটো স্মৃতিলৈ আনিবলৈ কঠিন লাগে। এয়াই যথাৰ্থ ৰীতিৰে স্মৰণ কৰিব লাগে। স্থূল বস্তুতো নহয়। পিতাই কয় - যথাৰ্থ ৰূপত মই বিন্দু হওঁ সেয়েহে মই যি হওঁ, যেনেকুৱা হওঁ তেনেকৈয়ে স্মৰণ কৰা – ইয়াৰ বাবে বহুত যত্ন কৰিবলগীয়া হয়।

তেওঁলোকেতো কৈ দিয়ে পৰমাত্মা হৈছে ব্ৰহ্ম তত্ত্ব আৰু আমি কওঁ তেওঁ একেবাৰে বিন্দু। ৰাতি-দিনৰ পার্থক্য নাই জানো। ব্ৰহ্ম তত্ত্ব হৈছে য’ত আমি আত্মাসকল থাকোঁ, তাকে পৰমাত্মা বুলি কৈ দিয়ে। বুদ্ধিত এইটো থকা উচিত - মই আত্মা, বাবাৰ সন্তান, এই কাণেৰে শুনোঁ, বাবাই এই মুখৰে শুনায় যে মই পৰম আত্মা, একেবাৰে সিপাৰৰ নিবাসী। তোমালোকো একেবাৰে সিপাৰে থাকা কিন্তু জন্ম-মৃত্যুত আহা, মই নাহোঁ। তোমালোকে এতিয়া নিজৰ 84 জন্মকো বুজিছা। পিতাৰ ভূমিকাকো বুজিছা। আত্মা কোনো সৰু-ডাঙৰ নহয়। বাকী লৌহ যুগত অহিলে মলিয়ন হৈ যায়। ইমান সূক্ষ্ম আত্মাত গোটেই জ্ঞান আছে। পিতাও সিমানেই সূক্ষ্ম নহয় জানো। কিন্তু তেওঁক পৰম আত্মা বুলি কোৱা হয়। তেওঁ জ্ঞানৰ সাগৰ, তোমালোকক আহি বুজায়। এই সময়ত তোমালোকে যি পঢ়ি আছা সেয়া কল্প পূৰ্বেও পঢ়িছিলা, যাৰ দ্বাৰা তোমালোক দেৱতা হৈছিলা। তোমালোকৰ মাজত দুৰ্ভগীয়া সেইজন যি পতিত হৈ নিজৰ বুদ্ধি মলিয়ন কৰি দিয়ে, কিয়নো তেওঁ ধাৰণা কৰিব নোৱাৰে। ভিতৰি অন্তৰ দহি থাকিব। আনক পৱিত্ৰ হ’বলৈ ক’ব নোৱাৰিব। ভিতৰি বুজি পায় মই পাৱন হ’বলৈ গৈ পৰাজিত হৈ গলোঁ, যি উপাৰ্জন কৰিলোঁ সকলো হেৰুৱাই পেলালোঁ। পাছত উঠিবলৈ (উন্নতি কৰিবলৈ) বহুত সময় লাগি যায়। এটা ঘোচাই বহুত আঘাত কৰি দিয়ে, ৰেজিষ্টাৰ নষ্ট হৈ যায়। পিতাই ক’ব - তুমি মায়াৰ হাতত পৰাজিত হ’লা, তুমি দুৰ্ভগীয়া। মায়াজিৎ জগতজিৎ হ'ব লাগে। জগতজিৎ বুলি মহাৰজা-মহাৰাণীকহে কোৱা হয়। প্ৰজাক জানো তেনেকৈ ক’ব। এতিয়া দৈৱী স্বৰ্গৰ স্থাপনা হৈ আছে। নিজৰ কাৰণে যি কৰিবা সেয়াই পাবা। যিমানে পাৱন হৈ আনকো পাৱন কৰি তুলিবা সেই অনুসৰিয়ে তাৰ ফল পাবা যেনেকৈ বহুত দান কৰোঁতাই ফলো পায় নহয়। দান কৰোঁতাজনৰ নামো হয়। পৰৱৰ্তী জন্মত অলপ সময়ৰ বাবে সুখ পায়। ইয়াত হৈছে 21 জন্মৰ কথা। পাৱন সৃষ্টিৰ মালিক হ'ব লাগে। যিসকল পাৱন হৈছিল তেওঁলোকেই হ'ব। আগবাঢ়ি গৈ থাকোতে মায়াই চৰ মাৰি একেবাৰে বগৰাই পেলায়। মায়াও কম শক্তিশালী নহয়। 8-10 বছৰ পৱিত্ৰ হৈ থাকিল, পৱিত্ৰতাৰ কাৰণে কাজিয়া হ'ল, আনকো অধঃপতিত হোৱাৰ পৰা ৰক্ষা কৰিলে আৰু পাছত নিজেই অধঃপতিত হৈ গ’ল। ভাগ্য বুলিয়ে কোৱা হ’ব নহয়। পিতাৰ হৈ আকৌ মায়াৰ হৈ যায় তেন্তে শত্ৰু হৈ নগ’ল জানো। “খোদা দোস্ত”ৰো এটা কাহিনী আছে নহয়। পিতা আহি সন্তানসকলক মৰম কৰে, সাক্ষাৎকাৰ কৰায়, কাৰোবাৰ ভক্তি নকৰাকৈও সাক্ষাৎকাৰ হয়। তেন্তে মিত্ৰ কৰি ল’লে নহয়। কিমান যে সাক্ষাৎকাৰ হৈছিল আকৌ যাদু বুলি ভাবি হৈ-চৈ কৰিবলৈ ধৰাত বন্ধ কৰি দিলে আকৌ শেষৰ ফালে তোমালোকে বহুত সাক্ষাৎকাৰ কৰি থাকিবা। আগতে যে কিমান বিনোদন হৈছিল। সেয়া দেখি দেখিও কিমান আঁতৰি গ'ল। ভাতীৰ পৰা কোনোবাটো ইটা পৈণত হৈ ওলাল, কোনোবাটো অলপ কেঁচা হৈ থাকিল। কোনোবাটো একেবাৰে ভাঙি গ’ল। কিমান গুচি গ'ল। এতিয়া তেওঁলোক লাখপতি, কোটিপতি হৈ গৈছে। এনেকৈ ভাবে যে আমিতো স্বৰ্গত বহি আছোঁ। এতিয়া স্বর্গ ইয়াত কেনেকৈ হ'ব পাৰে। স্বর্গতো নতুন সৃষ্টিতহে হয়। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ উচ্চ ভাগ্য গঢ়িবৰ কাৰণে দয়াশীল হৈ পঢ়িব আৰু পঢ়াব লাগে। কেতিয়াও কোনো অভ্যাসৰ বশীভূত হৈ নিজৰ ৰেজিষ্টাৰ নষ্ট কৰিব নালাগে।

(2) মনুষ্যৰ পৰা দেৱতা হ’বৰ বাবে মুখ্য হৈছে পৱিত্ৰতা সেয়েহে কেতিয়াও পতিত হৈ নিজৰ বুদ্ধি মলিন কৰিব নালাগে। এনেকুৱা কৰ্ম কৰিব নালাগে যাৰ কাৰণে অন্তৰ দহি থাকে, পশ্চাতাপ কৰিবলগীয়া হয়।

বৰদান:
বীজৰূপ স্থিতিৰ দ্বাৰা বিশ্বক লাইট ৰূপী জল দিওঁতা বিশ্ব কল্যাণকাৰী হোৱা

বীজৰূপ স্থিতি সকলোতকৈ শক্তিশালী অৱস্থা এইটো অৱস্থাই ‘লাইট হাউচ’ৰ কাৰ্য কৰে, ইয়াৰ দ্বাৰা গোটেই বিশ্বত লাইট বিয়পাই দিয়াৰ নিমিত্ত হোৱা। যেনেকৈ বীজৰ দ্বাৰা স্বতঃ গোটেই বৃক্ষজোপাই পানী পাই যায়, তেনেকৈ যেতিয়া বীজৰূপ অৱস্থাত স্থিৰ হৈ থাকা তেতিয়া বিশ্বই লাইট ৰূপী জল পাই যায়। কিন্তু গোটেই বিশ্বলৈকে নিজৰ লাইট বিয়পাই দিবৰ বাবে বিশ্ব কল্যাণকাৰীৰ শক্তিশালী অৱস্থা লাগে। ইয়াৰ বাবে ‘লাইট হাউচ’ হোৱা ‘বাল্ব’ নহয়। প্ৰতিটো সংকল্পত স্মৃতি থাকিব লাগে যে গোটেই বিশ্বৰ কল্যাণ হওঁক।

স্লোগান:
খাপ-খুৱাই লোৱাৰ শক্তিয়ে স্পৰ্শকাতৰ সময়ত সন্মান সহকাৰে উত্তীৰ্ণ কৰাই দিব।


সত্যতা আৰু সভ্যতা ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

পৰমাত্ম প্ৰত্যক্ষতাৰ আধাৰ হৈছে সত্যতা। সত্যতাৰেই প্ৰত্যক্ষতা হ’ব - এটা নিজৰ স্থিতিৰ সত্যতা, দ্বিতীয়তে সেৱাৰ সত্যতা। সত্যতাৰ আধাৰ হৈছে - স্বচ্ছতা আৰু নিৰ্ভয়তা। এই দুয়োটা ধাৰণাৰ আধাৰত সত্যতাৰ দ্বাৰা পৰমাত্ম প্ৰত্যক্ষতাৰ নিমিত্ত হোৱা। যিকোনো প্ৰকাৰৰ অস্বচ্ছতা অৰ্থাৎ সত্যতাৰ অলপো অভাৱ হ’লে কৰ্তব্যৰ সিদ্ধি হ’ব নোৱাৰে।