05.03.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতাৰ জ্ঞান স্বৰূপ আত্মা সন্তানসকলহে প্ৰিয় সেয়েহে পিতাৰ সমান মাষ্টৰ জ্ঞান সাগৰ
হোৱা”
প্ৰশ্ন:
কল্যাণকাৰী
যুগত পিতাই সকলো সন্তানক কোনটো স্মৃতি সোঁৱৰাই দিয়ে?
উত্তৰ:
সন্তানসকল তোমালোকে নিজৰ ঘৰ এৰি অহা 5 হাজাৰ বছৰ হৈছে। তোমালোকে 5 হাজাৰ বছৰত 84
জন্ম ল'লা, এতিয়া এইটো অন্তিম জন্ম, বানপ্ৰস্থ অৱস্থা সেয়েহে এতিয়া ঘৰলৈ যাবলৈ
প্ৰস্তুতি চলোৱা তাৰপাছত সুখধামলৈ আহিবা। লাগিলে গৃহস্থালিতে থাকা কিন্তু এই অন্তিম
জন্মত পৱিত্ৰ হৈ পিতাক স্মৰণ কৰা।
গীত:
মেহফিল মে
জ্বল উঠি শমা..... (ৰঙ্গসভাত জ্বলি উঠিল দীপ শিখা…..)
ওঁম্শান্তি।
সন্তানসকলে
এইটো বুজিছে যে ভগৱান এজন, গড্ ইজ ৱান। সকলো আত্মাৰ পিতা এজন। তেওঁক পৰমপিতা
পৰমাত্মা বুলি কোৱা হয়। সৃষ্টিৰ ৰচয়িতা এজন। অনেক হ'বই নোৱাৰে। এইটো সিদ্ধান্ত
অনুসৰি মনুষ্যই নিজক ভগৱান বুলি ক’ব নোৱাৰে। এতিয়া তোমালোক ঈশ্বৰীয় সেৱাৰ নিমিত্ত
হৈছা। ঈশ্বৰে নতুন সৃষ্টি স্থাপন কৰি আছে, যাক সত্যযুগ বুলি কোৱা হয়, তাৰবাবে
তোমালোক লায়ক হৈ আছা। সত্যযুগত কোনো পতিত নাথাকে। এতিয়া তোমালোক পাৱন হৈ আছা। কয় মই
পতিত-পাৱন হওঁ আৰু তোমালোক সন্তানসকলক শ্ৰেষ্ঠ মত দিওঁ যে মোক অৰ্থাৎ নিজৰ নিৰাকাৰ
পিতাক স্মৰণ কৰিলে তোমালোক পতিত তমোপ্ৰধানৰ পৰা পাৱন সতোপ্ৰধান হৈ যাবা। স্মৃতিৰূপী
যোগ অগ্নিৰ দ্বাৰা তোমালোকৰ পাপ নাশ হৈ যাব। সাধু আদিয়েতো কৈ দিয়ে ঈশ্বৰ সৰ্বব্যাপী।
এফালে কয় ভগৱান এজন আকৌ ইয়াততো বহুতে নিজক ভগৱান বুলি কয়। শ্ৰী শ্ৰী 108 জগতগুৰু
বুলি কয়। এতিয়া জগতৰ গুৰুতো এজনেই পিতা। গোটেই জগতক পাৱন কৰোঁতা এজন পৰমাত্মাই
গোটেই বিশ্বক দুখৰ পৰা মুক্ত কৰে। তেৱেঁই দুখ-হৰ্তা সুখ-কৰ্তা। মনুষ্যক এনেকৈ ক'ব
নোৱাৰি। এয়াও তোমালোক সন্তানসকলে বুজি পোৱা। এইখন হয়েই পতিত সৃষ্টি। সকলো পতিত।
পাৱন সৃষ্টিত যথা মহাৰজা-মহাৰাণী তথা প্ৰজা। সত্যযুগত পূজ্য মহাৰজা-মহাৰাণী থাকে।
আকৌ ভক্তিমাৰ্গত পূজাৰী হৈ যায়। সত্যযুগত যিসকল মহাৰজা-মহাৰাণী থাকে, তেওঁলোকৰ
যেতিয়া দুটা কলা কম হৈ যায় তেতিয়া ৰজা-ৰাণী বুলি কোৱা হয়। এয়া সকলো বিতং কথা।
নহ'লেতো এক চেকেণ্ডত জীৱন মুক্তি। পিতাই বুজায় লাগিলে গৃহস্থালিতে থাকা কিন্তু এই
অন্তিম জন্ম পৱিত্ৰ হৈ থাকা। এতিয়া বানপ্ৰস্থ অৱস্থা। বানপ্ৰস্থ বা শান্তিধাম একেই
কথা। ইয়াত আত্মাসকল ব্ৰহ্ম তত্ত্বত থাকে, যাক ব্ৰহ্মাণ্ড বুলি কোৱা হয়। বাস্তৱত
আত্মা কোনো ডিম্বাকৃতিৰ নহয়। আত্মাতো হৈছে তৰা সদৃশ। বাবাই বুজাইছে যিমান আত্মা আছে
সকলো এই ড্ৰামাত ভাৱৰীয়া। যেনেকৈ ভাৱৰীয়াই নাটকত পোছাক সলায়, ভিন্ন ভিন্ন ভাও দিয়ে,
এয়াও বেহদৰ নাটক। আত্মাসকলে এই সৃষ্টিত 5 তত্ত্বৰে গঠিত শৰীৰত প্ৰৱেশ কৰি আৰম্ভণিৰে
পৰা ভূমিকা পালন কৰে। পৰমাত্মা আৰু ব্ৰহ্মা, বিষ্ণু, শংকৰ সকলো ভাৱৰীয়া। নাটকত
ভূমিকা পালন কৰিবলৈ ভিন্ন ভিন্ন প্ৰকাৰৰ পোছাক পোৱা যায়। ঘৰত (পৰমধামত) সকলো আত্মা
অশৰীৰী হৈ থাকে। আকৌ যেতিয়া 5 তত্ত্বৰ শৰীৰ তৈয়াৰ হয়, তেতিয়া তাত প্ৰৱেশ কৰে। 84টা
শৰীৰ পায় গতিকে নামো সিমানেই সলনি হয়। আত্মাৰ নাম এটাই। এতিয়া শিৱবাবাতো হয়েই
পতিত-পাৱন। তেওঁৰ নিজৰ শৰীৰ নাই। শৰীৰৰ আধাৰ ল'বলগীয়া হয়। তেওঁ কয় - মোৰ নাম শিৱই
হয়। যদিও পুৰণা শৰীৰত আহোঁ। তেওঁৰ শৰীৰৰ নাম নিজা। তেওঁৰ ব্যক্ত নাম আছে, আকৌ
অব্যক্ত নাম পায়। এটা ধৰ্মৰ লোক অন্য ধৰ্মত গ'লে তেতিয়া নাম সলনি হয়। তোমালোকো
শূদ্ৰ ধৰ্মৰ পৰা বদলি হৈ ব্ৰাহ্মণ ধৰ্মত আহিছা সেয়েহে নাম সলনি হয়। তোমালোকে লিখা -
শিৱবাবা মাৰফৎ ব্ৰহ্মা। শিৱবাবা হৈছে পৰমপিতা পৰমাত্মা, তেওঁৰ নাম সলনি নহয়।
শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰাই আছে। যিটো
প্ৰায় লোপ হৈ গৈছে, যিসকল পাৱন পূজ্য আছিল তেওঁলোকেই পতিত পূজাৰী হয়। 84 জন্ম
সম্পূৰ্ণ কৰিছে। এতিয়া পুনৰাই দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা হয়। গায়ন কৰা হৈছে পৰমপিতা
পৰমাত্মা আহি ব্ৰহ্মাৰ দ্বাৰা পুনৰাই প্ৰতিষ্ঠা কৰায় তেন্তে ব্ৰাহ্মণ নিশ্চয় লাগে।
ব্ৰহ্মা আৰু ব্ৰাহ্মণ ক'ৰ পৰা আহিল? শিৱবাবা আহি ব্ৰহ্মাৰ দ্বাৰা তুলি লয়। তেওঁ কয়
- তোমালোক মোৰ হোৱা। শিৱবাবাৰ সন্তানতো হোৱাই আকৌ ব্ৰহ্মাৰ দ্বাৰা নাতি হৈ যোৱা।
গোটেই প্ৰজাৰ পিতাতো এজনেই। ইমানবিলাক সন্তান কুমাৰ-কুমাৰী আছে। তেওঁলোকক শিৱবাবাই
ব্ৰহ্মাৰ দ্বাৰা তুলি লয়। মনুষ্যই গম নাপায়। পিতা আহি আদি সনাতন দেৱী-দেৱতা ধৰ্ম
প্ৰতিষ্ঠা কৰে। গতিকে এনেকুৱা নহয় যে নতুনকৈ আহি থাকে। যেনেকৈ দেখুৱায় প্ৰলয় হ'ল
আকৌ আহতৰ পাতত সাগৰত আহিল....। এতিয়া এয়াতো সকলো কাহিনী ৰচি থোৱা আছে। এই বিশ্বৰ
বুৰঞ্জী-ভূগোল পুনৰাবৃত্তি হৈ থাকে। আত্মা হৈছে অমৰ। আত্মাত নিহিত হৈ থকা ভূমিকাও
অমৰ। ভূমিকা কেতিয়াও কম নহয়। সত্যযুগত সেই লক্ষ্মী-নাৰায়ণৰে সূৰ্যবংশী ৰাজধানী চলি
আহি থাকে। কেতিয়াও সলনি নহয়। সৃষ্টি নতুনৰ পৰা পুৰণি, পুৰণিৰ পৰা নতুন হৈ থাকে।
প্ৰত্যেকে অবিনাশী ভূমিকা পাইছে।
পিতাই কয় -
ভক্তিমাৰ্গত ভক্তই যি যি ভাৱনাৰে ভক্তি কৰে তেনেকুৱা সাক্ষাৎকাৰ কৰাওঁ। কাৰোবাক
হনুমানৰ, গণেশৰো সাক্ষাৎকাৰ কৰাওঁ। তেওঁলোকৰ সেই শুভ-ভাৱনা পূৰ্ণ কৰোঁ। এয়াও
ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। মনুষ্যই আকৌ ভাবে যে ভগৱান সকলোতে আছে সেইকাৰণে
সৰ্বব্যাপি বুলি কৈ দিয়ে। ভক্ত মালাও আছে, পুৰুষৰ ভিতৰত নাৰদক শিৰোমণি বুলি গায়ন কৰা
হয়, নাৰীৰ ভিতৰত মীৰা। ভক্ত মালা বেলেগ, ৰুদ্ৰ মালা বেলেগ, জ্ঞানৰ মালা বেলেগ।
ভক্তৰ মালাৰ কেতিয়াও পূজা নকৰে। ৰুদ্ৰ মালাৰ পূজা হয়। ওপৰত আছে ফুল (শিৱ) পাছত মেৰু
(ব্ৰহ্মা-সৰস্বতী)… তাৰপাছত আছে সন্তানসকল, যিসকল ৰাজ সিংহাসনত বহে। বৈজয়ন্তী মালাই
হৈছে বিষ্ণুৰ মালা। ভক্তসকলৰ মালাৰ কেৱল গায়ন কৰা হয়। এই ৰুদ্ৰ মালাতো সকলোৱে জপ কৰে।
তোমালোক ভক্ত নহয়, জ্ঞানী। পিতাই কয় – জ্ঞান স্বৰূপ আত্মা মোৰ প্ৰিয়। পিতাহে হৈছে
জ্ঞানৰ সাগৰ, তোমালোক সন্তানসকলক জ্ঞান দি আছে। মালাও তোমালোকৰ পূজা কৰা হয়। 8 (আঠ)
ৰত্নৰো পূজন হয় কিয়নো জ্ঞান স্বৰূপ হয় সেয়েহে তেওঁলোকৰ পূজা হয়। আঙঠি তৈয়াৰ কৰি
পিন্ধে কিয়নো এওঁলোকে ভাৰতক স্বৰ্গ কৰি তোলে। সন্মান সহকাৰে উত্তীৰ্ণ হয় সেয়েহে
তেওঁলোকৰ গায়ন আছে। 9 নম্বৰ দানা শিৱবাবাক মাজত ৰাখে। তাক কোৱা হয় 9 ৰত্ন। এয়া হ’ল
বিতং বুজনি। পিতাইতো কেৱল কয় - পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা তেতিয়া তোমালোকৰ
বিকৰ্ম বিনাশ হ’ব আৰু তোমালোক গুচি যাবাগৈ। পতিত আত্মাসকল পাৱন সৃষ্টিলৈ যাব নোৱাৰে।
ইয়াত সকলো পতিত। দেৱতাসকলৰ শৰীৰতো পৱিত্ৰ নিৰ্বিকাৰী। তেওঁলোক হ’ল পূজ্য, যেনেকুৱা
ৰজা-ৰাণী তেনেকুৱা প্ৰজাসকলো পূজ্য। ইয়াত সকলো হৈছে পূজাৰী। তাত দুখৰ কথা নাই। তাক
কোৱা হয় স্বৰ্গ, সুখধাম। তাত সুখ, সম্পত্তি, শান্তি সকলো আছিল। এতিয়াতো একোৱে নাই
সেইকাৰণে ইয়াক নৰক, সেইখনক স্বৰ্গ বুলি কোৱা হয়। আমি আত্মাসকল শান্তিধামৰ নিবাসী।
তাৰ পৰা ভূমিকা পালন কৰিবলৈ আহোঁ। 84 জন্ম পূৰা ভোগ কৰিবলগীয়া হয়। এতিয়া হৈছে
দুখধাম আকৌ আমি শান্তিধামলৈ যাওঁ পুনৰ সুখধামলৈ আহিম। পিতাই সুখধামৰ মালিক কৰি
তুলিবলৈ, মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ পুৰুষাৰ্থ কৰাই আছে। তোমালোকৰ এয়া হ’ল
সংগমযুগ। পিতাই কয় - মই কল্পৰ সংগমযুগত আহোঁ, যুগে যুগে নহয়। মই সংগমযুগত এবাৰেই
সৃষ্টি পৰিৱৰ্তন কৰিবলৈ আহোঁ। সত্যযুগ আছিল, এতিয়া কলিযুগ আকৌ সত্যযুগ আহিব, এয়া
হ’ল কল্যাণকাৰী সংগমযুগ। সকলোৰে কল্যাণ হ’ব, সকলোকে ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰে।
তেওঁক দুখ-হৰ্তা, সুখ-কৰ্তা বুলি কোৱা হয়। ইয়াত সকলো দুখী। তোমালোকে সুখধামলৈ যাবৰ
বাবে পুৰুষাৰ্থ কৰা। সুখধামলৈ যাবৰ বাবে প্ৰথমে শান্তিধামলৈ যাব লাগে। তোমালোকৰ
ভূমিকা পালন কৰাৰ 5 হাজাৰ বছৰ হ’ল। পিতাই বুজায় - তোমালোকে নিজৰ ঘৰ এৰা 5 হাজাৰ বছৰ
হ’ল। এই সময়চোৱাত তোমালোক ভাৰতবাসীয়ে 84 জন্ম লৈছা। এতিয়া তোমালোকৰ অন্তিম জন্ম,
সকলোৰে বানপ্ৰস্থ অৱস্থা। সকলো যাব লাগে। গায়নো আছে জ্ঞানৰ সাগৰ বা ৰুদ্ৰ। এয়া হ’ল
শিৱ জ্ঞান যজ্ঞ। পতিত-পাৱন হৈছে শিৱ, পৰমাত্মাও হৈছে শিৱ। ৰুদ্ৰ নামটি ভক্তসকলে ৰাখি
দিছে। তেওঁৰ আচল নাম এটাই ‘শিৱ’। শিৱবাবাই প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰায়।
ব্ৰহ্মা এজনেই। এওঁ পতিত আকৌ সেই ব্ৰহ্মাই পাৱন হ’লে তেতিয়া ফৰিস্তা হৈ যায়। যাক
সূক্ষ্মলোকত দেখুৱায়, সেইজন বেলেগ ব্ৰহ্মা নহয়। ব্ৰহ্মা এজনেই। এওঁ ব্যক্ত তেওঁ
অব্যক্ত। এওঁ সম্পূৰ্ণ পাৱন হৈ গ’লে তেতিয়া সূক্ষ্মলোকত দেখিবা। তাত হাড় আদি নাথাকে।
যেনেকৈ বাবাই বুজাইছিল – যি আত্মাই শৰীৰ নাপায় তেতিয়া দিগভ্ৰান্ত হৈ ঘূৰি ফুৰে। তাক
ভূত বুলি কয়। যেতিয়ালৈকে শৰীৰ নাপায় তেতিয়ালৈকে দিগভ্ৰান্ত হৈ ঘূৰি ফুৰে। কিছুমান
ভাল থাকে, কিছুমান বেয়া থাকে। গতিকে পিতাই প্ৰতিটো কথাৰে বুজনি দিয়ে। তেওঁ জ্ঞানৰ
সাগৰ যেতিয়া নিশ্চয় বুজাব নহয়। এক চেকেণ্ডত জীৱন মুক্তি। ‘অল্ফ’ (পিতা) আৰু ‘বে’ (বাদশ্বাহী)ক
স্মৰণ কৰা তেতিয়া চেকেণ্ডত জীৱন মুক্তিৰ উত্তৰাধিকাৰ পাবা। কিমান সহজ। নামেই হ’ল
সহজ ৰাজযোগ। তেওঁলোকে বুজি পায় এয়াই ভাৰতৰ যোগ আছিল। কিন্তু সেয়া হৈছে
সন্ন্যাসীসকলৰ হঠযোগ। এয়াতো একেবাৰে সহজ। যোগ মানে স্মৃতি। তেওঁলোকৰ হ’ল হঠযোগ। এয়া
হ’ল সহজ। পিতাই কয় - মোক এনেকৈ স্মৰণ কৰা। কোনো লকেট আদি লগোৱাৰ দৰকাৰ নাই।
তোমালোকতো পিতাৰ সন্তান হোৱা। পিতাক কেৱল স্মৰণ কৰা। তোমালোক ইয়াত ভূমিকা পালন
কৰিবলৈ আহিছা। এতিয়া সকলো ঘৰলৈ উভতি যাব লাগে আকৌ সেয়াই ভূমিকা পালন কৰিব লাগে।
ভাৰতবাসীয়েই সূৰ্যবংশী, চন্দ্ৰবংশী, বৈশ্যবংশী, শূদ্ৰবংশী হয়। ইয়াৰ মাজতে অন্য
ধৰ্মাৱলম্বীসকলো আহে। 84 জন্ম তোমালোকে লোৱা। আকৌ তোমালোকেই প্ৰথম নম্বৰত যাব লাগে।
পুনৰ তোমালোক সত্যযুগত আহিবা তেতিয়া অন্য সকলো শান্তিধামত থাকিব। অন্য ধৰ্মাৱলম্বীৰ
বৰ্ণ নাই। বৰ্ণ ভাৰতৰহে আছে। তোমালোকেই সূৰ্যবংশী, চন্দ্ৰবংশী হৈছিলা। এতিয়া
ব্ৰাহ্মণ বৰ্ণৰ। ব্ৰহ্মাবংশী ব্ৰাহ্মণ হৈছা। এই সকলোবোৰ কথা পিতাই বহি বুজায়। যাৰ
বুদ্ধিত ধাৰণ হ’ব নোৱাৰে, তেওঁলোকক কয় কেৱল পিতাক স্মৰণ কৰা। যেনেকৈ পিতাক জানিলে
সন্তানে গম পাই যায় যে এয়া সম্পত্তি। কন্যাইতো উত্তৰাধিকাৰ নাপায়। ইয়াত তোমালোক সকলো
শিৱবাবাৰ সন্তান, সকলোৰে অধিকাৰ আছে। পুৰুষ অথবা নাৰী সকলোৰে অধিকাৰ আছে। সকলোকে
শিকাব লাগে – শিৱবাবাক স্মৰণ কৰা। যিমানে স্মৰণ কৰিবা সিমানে বিকৰ্ম বিনাশ হ’ব,
পতিতৰ পৰা পাৱন হ’বা। আত্মাত যি খাদ পৰি আছে সেয়া কেনেকৈ আঁতৰিব? পিতাই কয় – যোগৰ
দ্বাৰাহে তোমালোকৰ খাদ নোহোৱা হৈ যাব। এই পতিত শৰীৰতো ইয়াতেই এৰিব লাগিব। আত্মা
পৱিত্ৰ হৈ যাব। মহৰ দৰে সকলো যাবগৈ। বুদ্ধিয়েও কয় সত্যযুগত বহুত কমসংখ্যক থাকে। এই
বিনাশত কিমান মনুষ্য মৰিব। বাকী অলপ থাকিবগৈ। ৰজাতো কিছুসংখ্যকহে থাকিব, বাকী 9 লাখ
প্ৰজা সত্যযুগত থাকিব। ইয়াৰ ওপৰত গায়নো কৰে নহয় – 9 লাখ তৰা, অৰ্থাৎ প্ৰজা। বৃক্ষ
প্ৰথমে সৰু হয় পুনৰ বৃদ্ধি হয়। এতিয়াতো কিমান আত্মা আছে। পিতা আহে সকলোৰে
মাৰ্গ-দৰ্শক হৈ লৈ যাবলৈ। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যোগ
অগ্নিৰে বিকৰ্মৰ খাদ ভস্ম কৰি পৱিত্ৰ হ’ব লাগে। এতিয়া বানপ্ৰস্থ অৱস্থা সেয়েহে ঘৰলৈ
উভতি যাবৰ বাবে সম্পূৰ্ণ সতোপ্ৰধান হ’ব লাগে।
(2) এই কল্যাণকাৰী
যুগত পিতাৰ সমান দুখ-হৰ্তা, সুখ-কৰ্তা হ’ব লাগে।
বৰদান:
সদায় সংযুক্ত
স্বৰূপৰ স্মৃতিৰে কঠিন কাৰ্যক সহজ কৰি দিওঁতা ডবল লাইট হোৱা
যিসকল সন্তান নিৰন্তৰ
স্মৃতিত থাকে, তেওঁলোকে সদায় সান্নিধ্যৰ অনুভৱ কৰে। তেওঁলোকৰ সন্মুখত কোনো সমস্যা
আহিলে নিজক সংযুক্ত অনুভৱ কৰিব, ভয় নকৰিব। এই সংযুক্ত স্বৰূপৰ স্মৃতিয়ে যিকোনো
কঠিন কাৰ্য সহজ কৰি দিয়ে। কেতিয়াবা কিবা ডাঙৰ কথা সন্মুখত আহিলে তেতিয়া নিজৰ বোজা
পিতাক দি নিজে ডবল লাইট হৈ যোৱা। তেতিয়া ফৰিস্তাৰ দৰে দিনে-ৰাতিয়ে আনন্দত মনেৰে
নৃত্য কৰি থাকিবা।
স্লোগান:
যিকোনো কাৰণৰ নিবাৰণ কৰি সন্তুষ্ট হৈ থাকোঁতা আৰু আনক সন্তুষ্ট কৰোঁতাজনেই
সন্তুষ্টমণি।
অব্যক্ত ইংগিত:
নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা
শ্ৰীমত অনুসৰি প্ৰতিটো
খোজ দি থাকিলে সদায় নিশ্চিন্ত হৈ থাকিবা আৰু নিশ্চিন্ত হৈ থাকিলে সদায় যথাৰ্থ
নিৰ্ণয় ল’বা। যেতিয়া নিৰ্ণয় যথাৰ্থ হ’ব, তেতিয়া বিজয়ী হ’বা। ত্ৰিকালদৰ্শী আত্মা
সদায় নিশ্চিন্ত হৈ থাকে কাৰণ তেওঁলোকৰ নিশ্চয়তা আছে যে আমাৰ বিজয় হৈয়েই আছে।