05.04.26 Avyakt Bapdada
Assame
Murli
15.11.2009 Om Shanti Madhuban
“*“স্বৰাজ্যৰ ফলাফল
পৰীক্ষা কৰি নিজক পৰিৱৰ্তন কৰা আৰু অখণ্ড ৰাজ্যৰ অধিকাৰী হোৱা”*”
আজি দিলাৰাম পিতা
নিজৰ অতি আদৰৰ সন্তানসকলক লগ কৰিবলৈ আহিছেহঁক। আদৰৰ কিয়? জানানে যে তোমালোক
প্ৰতিগৰাকী সন্তান তিনিখন সিংহাসনৰ মালিক? এখন স্বৰাজ্যৰ সিংহাসন, দ্বিতীয়খন হ’ল
বাপদাদাৰ অন্তৰ সিংহাসন আৰু তৃতীয়খন হ’ল ভৱিষ্যতৰ সিংহাসন। তিনিওখন সিংহাসনৰ অধিকাৰী
হোৱা। নিজৰ ভৱিষ্যত সিংহাসনৰো ইয়াতেই অভ্যাস কৰি আছা। ভৱিষ্যতৰ প্ৰস্তুতি বা
পুৰুষাৰ্থ এতিয়াই কৰি আছা। এতিয়াৰ পুৰুষাৰ্থই অনেক জন্মৰ ৰাজ্য-ভাগ্য প্ৰাপ্ত কৰায়।
এই সময়তেই নিজৰ ৰাজ্য-ভাগ্যৰ সংস্কাৰ ধাৰণ কৰি আছা কাৰণ এতিয়াৰ পুৰুষাৰ্থই ভৱিষ্যত
ৰাজ্যৰ অধিকাৰী কৰি তোলে। গতিকে পৰীক্ষা কৰা যে এই সময়ত নিজৰ পুৰুষাৰ্থ যথাৰ্থ হয়নে?
যেনেকৈ ভৱিষ্যতে এক ৰাজ্য হ’ব, তেনেকৈ এতিয়া পৰীক্ষা কৰা যে মোৰ মনত এখনে ৰাজ্য
চলেনে? পুৰুষাৰ্থত এখন ৰাজ্য আছেনে? নে মায়াই ৰাজ্যত বিঘিনি ঘটায়? এখন ৰাজ্যৰ
পৰিৱৰ্তে মায়াৰ প্ৰভাৱতো নপৰে? দুখন ৰাজ্যতো হৈ নাযায়? ভৱিষ্যতৰ বৈশিষ্ট্যই হ’ল এখন
ৰাজ্যৰ। এতিয়াৰ অভ্যাস ভৱিষ্যতত চলে। গতিকে পৰীক্ষা কৰা যে এতিয়া স্বৰাজ্য আছেনে?
স্বৰাজ্যত ক’ৰবাত মায়াই দখলতো নকৰে? দুখন ৰাজ্যতো নাই? যদি দুখন ৰাজ্য চলে, তেন্তে
এখন ৰাজ্যৰ সংস্কাৰ কেতিয়া ধাৰণ হ’ব? ভৱিষ্যতৰ বৈশিষ্ট্যই হ’ল এখন ৰাজ্য আৰু এটা
ধৰ্ম। ধৰ্ম কোনটো? তোমালোকৰ বিশেষ ধাৰণা কোনটো? সম্পূৰ্ণ পৱিত্ৰতা। গতিকে পৰীক্ষা
কৰা যে এটা ধৰ্ম আছেনে? মাজত দ্বিতীয় ধৰ্ম অপৱিত্ৰতাই দখলতো নকৰে? লগতে এইটোও
পৰীক্ষা কৰা যে আইন আৰু শৃংখলা এজনৰ নে মায়ায়ো মাজত দখল কৰে? এজনৰ ৰাজ্য নিৰ্বিঘ্নে
চলেনে? আৰু এটা কথা ৰাজ্যত সদায় সুখ আৰু শান্তি স্বাভাৱিক হৈ থাকে। গতিকে এতিয়া
চোৱা নিজৰ ৰাজ্যত সদায় সুখ-শান্তি আছেনে? কোনোৱে দখলতো নকৰে? স্বৰাজ্যত মায়াই নিজৰ
দখল দি অশান্তিতো নিবিয়পায়? স্বৰাজ্যত কোনো আলম্বন, কোনো প্ৰশংসাৰ প্ৰভাৱতো মায়াই
নেপেলায়? সদায় সুখ, শান্তি, আনন্দ, প্ৰেম, অতিন্দ্ৰীয় সুখ অটুট থাকেনে? কিয়নো এইটো
জানা যে ভৱিষ্যত ৰাজ্যত সকলো প্ৰাপ্তি আছে, সম্পন্নতা আছে, সেই কাৰণে সন্তুষ্টিও আছে।
গতিকে এতিয়াও স্বৰাজ্য সম্পন্ন হৈ থাকেনে নে কিবা অভাৱ আছে? কিয়নো এতিয়াৰ
পুৰুষাৰ্থত যদি অভাৱ থাকি যায়, তেন্তে ভৱিষ্যতে অখণ্ড ৰাজ্যৰ অধিকাৰী কেনেকৈ হ’বা!
সকলো নিৰ্ভৰ কৰে এতিয়াৰ পুৰুষাৰ্থৰ ওপৰত। এতিয়া যিকোনো অভাৱ থাকিলে ভৱিষ্যতে
সম্পূৰ্ণ ৰাজ্যৰ অধিকাৰী হ’ব নোৱাৰে। বহুকালৰ এই স্বৰাজ্যৰ অভ্যাসে ভৱিষ্যতে ৰাজ্যৰ
অধিকাৰী কৰি তোলে। গতিকে এই নিজৰ পৰীক্ষণ সদায় যাতে চলি থাকে কিয়নো এতিয়া যদি
বহুকালৰ পুৰুষাৰ্থ নহয়, তেন্তে প্ৰালব্ধও কম পোৱা যায়, সেইবাবে বাপদাদাই সময়ে সময়ে
এইটো মনোযোগ আকৰ্ষণ কৰাই আছে যে ইয়াৰ বাবে এতিয়া নিজক সম্পন্ন আৰু সম্পূৰ্ণ কৰি
তোলা। যদি এতিয়া মাজে মাজে কৈ দিয়া যে পুৰুষাৰ্থ চলি আছে কিন্তু পুৰুষাৰ্থৰ মাজত
'তো তো' টো নাহে নহয়! এইটোতো হৈ যাব, এইটোতো কৰি ল’ম, এই সংস্কাৰে অবিনাশী 21 জন্মৰ
অখণ্ড ৰাজ্যৰ অধিকাৰী কৰি নুতুলিব।
বাপদাদাই সদাকালৰ বাবে
মনোযোগ আকৰ্ষণ কৰাই আছে, পৰীক্ষা কৰা যে যদি কোনো বিঘিনি আহে, ধুমুহা আহে, তেন্তে
ধুমুহা উপহাৰ হৈ যায়নে? ধুমুহা ধুমুহা নহয়, উপহাৰ হৈ যাওক। মায়াই যি প্ৰহাৰ কৰে,
মায়াই অনুভৱ কৰায়, তেন্তে সেই অনুভৱো এনেকুৱা অনুভৱ হওক যে আমাক এই অনুভৱৰ ছিৰি
আগুৱাই লৈ যায়। ইয়াৰ বাবে বাপদাদাই কয় সদায় নিজৰ খতিয়ান নিজেই পৰীক্ষা কৰা। যিমানে
নিজৰ খতিয়ান পৰীক্ষা কৰিবা, সিমানে পৰীক্ষা কৰি পৰিৱৰ্তন কৰিবা। তেন্তে প্ৰত্যেকে
নিজৰ খতিয়ান পৰীক্ষা কৰানে? কৰানে? যিয়ে নিতৌ কৰে তেওঁলোকে হাত দাঙা। যিয়ে নিতৌ কৰে,
কেতিয়াবা কেতিয়াবা নহয়? নিতৌ খতিয়ান পৰীক্ষা কৰা আৰু পৰিৱৰ্তন কৰা কিয়নো সময়ৰ ইংগিত
বাপদাদাই বহু সময়ৰ পৰাই দি আহিছে। সময় দেখিও আছা, মনুষ্যৰ মনত চিন্তা বাঢ়িছে আৰু
তোমালোকৰ মনত চিন্তা নাই কিন্তু প্ৰভুৰ চিন্তন আছে। প্ৰভুৰ চিন্তন থকাৰ বাবে
তোমালোকে সদায় জানা যে আমি নিমিত্ত, নম্ৰ কাৰণ কৰাওঁতা হৈছে পিতা। ইয়াৰ বাবে
তোমালোকৰ মনত চিন্তা নাই, কৰাওঁতাই কৰাই আছে, এইটো স্মৃতিয়ে সদায় আগুৱাই লৈ গৈ আছে।
এতিয়া বিশেষভাৱে
প্ৰত্যেকে এইটো পৰীক্ষা কৰিব লাগে যে এই সংগমযুগৰ প্ৰতিটো ছেকেণ্ড সময় আৰু সংকল্প
শুভ চলেনে? এই সময়ৰ মহত্ব জানি এক ছেকেণ্ড, ছেকেণ্ড নহয় কিন্তু এক ছেকেণ্ডৰ মূল্য
আছে, মহত্ব আছে। কেতিয়াবা কেতিয়াবা সন্তানসকলে কয় যে সংকল্প উদয় হ’ল কিন্তু
দুই-চাৰি ছেকেণ্ড থাকিল। কিন্তু সংগম সময়ৰ মূল্য আছে, এতিয়া এক ছেকেণ্ড এঘণ্টাৰ
সমান। ইমানেই এই সময়ৰ মূল্য কাৰণ বাপদাদাই কৈ দিছে যে অকস্মাত যিকোনো সময়ত তোমালোকৰ
চূড়ান্ত পৰীক্ষা হ’ব। বাপদাদায়ো নক’ব, সেইবাবে এই সময়ৰ মনোযোগ নিজক সম্পূৰ্ণ আৰু
সম্পন্ন কৰি তুলিব লাগে। বাপদাদাই যি সৰ্ব সম্পদ দিছে, সেই এটি এটি সম্পদ সময়ত
কাৰ্যত ব্যৱহাৰ কৰিব লাগে। সম্পদৰ মালিক হোৱা, মালিকৰ বৈশিষ্ট্য এয়াই যে যি সময়ত
যিটো সম্পদৰ প্ৰয়োজন, সেই সময়ত সেইটো সম্পদ কাৰ্যত ব্যৱহাৰ কৰে। তোমালোকে সমাহিত কৰা
শক্তিক আদেশ দিয়া, তেতিয়া সমাহিত কৰা শক্তি কাৰ্যত প্ৰয়োগ হয়নে? কিয়নো মালিক
তেওঁকেই কোৱা হয় যিয়ে সময়ত নিজৰ সম্পদ কাৰ্যত ব্যৱহাৰ কৰিব পাৰে। গতিকে এতিয়া সকলোৱে
নিজৰ প্ৰতি ইমান মনোযোগ দিব লাগে। সকলোৰে ভিতৰত আনন্দৰ সম্পদ সদায় মুখমণ্ডল আৰু
চাল-চলনত দৃষ্টিগোচৰ হওক। আনন্দ অবিনাশী পিতাৰ দান। গতিকে অবিনাশী পিতাৰ দান অবিনাশী
কৰি ৰাখা। আনন্দৰ বাবে কোৱা হয় - আনন্দৰ দৰে কোনো পথ্য নাই, আনন্দৰ দৰে কোনো সম্পদ
নাই। গতিকে যাৰ ভিতৰত সদায় আনন্দ আছে, তেওঁলোকৰ চকুত, মুখমণ্ডলত, চাল-চলনত স্বতঃ
দেখা যায়। বাপদাদাৰ বৰদান আছে যে সদায় আনন্দিত হৈ থাকা আৰু সদায় আনন্দ বিলোৱা কিয়নো
আনন্দ বিলাই দিলে আনন্দ বাঢ়িব অন্য সম্পদ বিলাই দিলে কমে কিন্তু আনন্দ ৰূপী সম্পদ
যিমানে বিলাই দিবা সিমানে বাঢ়িব। গতিকে পৰীক্ষা কৰা আনন্দ ৰূপী সম্পদ সদায় অটুট
আছেনে?
এতিয়া সকলো সন্তানক
দেশৰে হওক বা বিদেশৰে হওক সকলো সন্তানক বাপদাদাই এটা কথাৰ বাবে বিশেষ অভিনন্দন জনাই
আছে। কোনটো কথা? যিটো সকলোৱে দেশতে হওক বা বিদেশতে হওক নিজৰ উৎসাহ-উদ্দীপনাৰে
আত্মাসকলক পিতাৰ বাৰ্তা দি দিলে। সকলোৱে নিজৰ আনন্দেৰে যি কাৰ্য কৰিলে সেই কাৰ্যত
অনুষ্ঠান এটা কৰিলে, প্ৰতিটো ঠাইতে এটা অনুষ্ঠান কৰিলে কিন্তু তাৰ ফল হাজাৰ গুণ লাভ
কৰিলে। বাপদাদাৰ এইটোৱেই সংকল্প যে এতিয়া সময় অনুসৰি যেনেকুৱা পৰিস্থিতি সেয়া আগলৈ
স্পৰ্শকাতৰ হৈ গৈ থাকিব, সেইবাবে গাঁৱেই হওক বা যিকোনো কোণাই হওক, এনেকুৱা আক্ষেপ
যাতে থাকি নাযায় যে আমাৰ পিতা আহিল আৰু আমাক আপোনালোকে খবৰেই নিদিলে, সেইবাবে সকলোৱে
যি উৎসাহ-উদ্দীপনাৰে কাৰ্য কৰিলা, বাপদাদা আনন্দিত হৈছে আৰু এনেকৈয়ে পৰস্পৰ মিলি
এনেকুৱা কাৰ্যসূচী হাতত লৈ থাকিবা। বাপদাদাই দেখিলে যে উৎসাহ-উদ্দীপনা আৰু সাহস
সকলোৱে নিজা নিজা বিধিৰে কাৰ্যত লগাইছা কিন্তু এতিয়াতো সকলোৱে বহুত ভাল কৰিলা,
আগলৈও সময় অনুসৰি এইটো লক্ষ্য ৰাখা যে কোনো এটা কোণাও যাতে বাৰ্তা নোপোৱাকৈ ৰৈ
নাযায়। ইয়াৰ দ্বাৰা নিজৰো পুৰুষাৰ্থ ভাল হয় আৰু আত্মাসকলৰো কল্যাণ হয়। সকলোৰে
এইটো অনুষ্ঠান ভাল লাগিল নহয়! ভাল লাগিল! গতিকে বাপদাদাই সকলো সন্তানক বাৰে বাৰে
এয়াই কয় যে আত্মাসকলৰ প্ৰতি দয়াশীল হোৱা। আজিকালি দুখ-অশান্তিৰ বাবে সকলোৱে
অন্তৰেৰে কয় - দয়া কৰক, ক্ষমা কৰক। তোমালোক পিতাৰ সহযোগী সন্তান, গতিকে পিতাই
সন্তানসকলৰ দ্বাৰা এতিয়া প্ৰতিগৰাকী সন্তানৰ দয়াশীলৰ ভূমিকা চাব বিচাৰে। তোমালোকৰ
উৎসাহ আছে যে দুখময় সংসাৰ পৰিৱৰ্তন হৈ সুখময় সংসাৰ আহিবই। গতিকে সুখময় সংসাৰ আহিবৰ
বাবে এই দুখ-অশান্তি বিনাশ হ’বৰ কাৰণে পৰিস্থিতি সলনি হৈ আছে। গতিকে আজিৰ পিতাৰ এই
বাৰ্তা স্মৃতিত ৰাখা যে এতিয়া মনেৰেই হওক, বাণীৰেই হওক বা মুখমণ্ডল আৰু চাল-চলনৰ
দ্বাৰাই হওক সেৱাৰ গতি বঢ়াই গৈ থাকা। নিজৰ ৰাজ্য সমীপত আনি থাকা। বাৰু।
এইবাৰ যিসকল প্ৰথমবাৰ
বাপদাদাক লগ কৰিবলৈ আহিছা, তেওঁলোকে হাত দাঙা। ভাল, বহুত আছা। সকলো থিয় হোৱা।
অভিনন্দন। তথাপিও সমাপ্তিৰ পূৰ্বেই আহি উপস্থিত হ’লা। নতুন জন্ম ল’লা, ইয়াৰ বাবে
সকলোৰে ফালৰ পৰা এতিয়া অহা সন্তানসকলক বাপদাদা আৰু চাৰিওফালৰ সন্তানসকলৰ দ্বাৰা
অভিনন্দন, অভিনন্দন। ব্ৰাহ্মণ পৰিয়ালক দেখি আনন্দিত হোৱা নহয়! কিন্তু যিসকল এতিয়া
আহিছা তেওঁলোকক বাপদাদাই ইয়াকে কয় যে এতিয়া বহুত সময় অতিবাহিত হ’ল, বহুত কম সময়
বাকী আছে, সেইবাবে পুৰুষাৰ্থ তীব্ৰতাৰে কৰিব লাগে। তীব্ৰ পুৰুষাৰ্থীসকল আগবাঢ়িব,
খোজ কাঢ়িব নালাগে উৰা। উৰন্ত কলাৰ পুৰুষাৰ্থ কৰিলে পিতাৰ উত্তৰাধিকাৰ পলমকৈ আহিও
পূৰা নিজৰ অধিকাৰ প্ৰাপ্ত কৰিব পাৰা। প্ৰতিটো ছেকেণ্ড আনন্দত থাকিবা আৰু সকলোকে
বাৰ্তা দিবা, সংবাদ দিবা। বাৰু।
বাপদাদাই আজি যি ক’লে
যে স্বৰাজ্যৰ অধিকাৰী হৈ স্বৰাজ্যৰ ফলাফল পৰীক্ষা কৰা, সেয়া পৰীক্ষা কৰি যিকোনো
ক্ৰুটি বহু সময়ৰ পৰা পৰিৱৰ্তন কৰিব লাগে কিয়নো বহুকাল অখণ্ড ৰাজ্য চলক তাৰ আৱশ্যকতা
আছে, বহুকালৰ পুৰুষাৰ্থই বহুকালৰ প্ৰালব্ধৰ স্বতঃ অধিকাৰী কৰে, সেইবাবে বহুকালৰ
পুৰুষাৰ্থৰ প্ৰতি মনোযোগ থাকিব লাগে। পৰীক্ষা কৰা আৰু পৰিৱৰ্তন কৰা।
চাৰিওফালৰ বাপদাদাৰ
অন্তৰ সিংহাসনত অধিষ্ঠিত প্ৰতিগৰাকী সন্তানক বাপদাদাই নিতৌ অমৃতবেলা বিশেষ শক্তি
বিলায়। অমৃতবেলা বিশেষ বৰদান, শক্তি বিলায়। যিসকলে অমৃতবেলাৰ শক্তি বিশেষ বৰদান
গ্ৰহণ কৰে তেওঁলোক বিশেষ তীব্ৰ পুৰুষাৰ্থী হৈ যায়। অমৃতবেলাক মহত্ব দিয়া মানেই সদায়
বাপদাদাৰ সিংহাসনত বহা। গতিকে বহু সন্তানৰ মনোযোগ আছে আৰু বাপদাদাই নিতৌ তেওঁলোকক
বিশেষ প্ৰমাণপত্ৰ দিয়ে যে 'বাঃ! সন্তান বাঃ!'
চাৰিওফালৰ তীব্ৰ
পুৰুষাৰ্থী, সকলো সময়ত বাপদাদাক নিজৰ সংগী কৰি সংযুক্ত হৈ থকাৰ অভ্যাস কৰা
সন্তানসকলক বাপদাদাই বিশেষ বৰদান দি আছে যে সদায় উৰি থাকা আৰু আনকো উৰাত সহযোগ কৰি
উৰাই থাকা। সকলো বিজয়ী আৰু বিজয়ৰ ফল সকলো সময়ত বাপদাদাৰ আশীৰ্বাদ প্ৰাপ্ত হয়। গতিকে
অমৰ হৈ সকলোকে অমৃত পান কৰাই থাকা। চাৰিওফালৰ সন্তানসকল বাপদাদাৰ সন্মুখত আছে।
প্ৰতিগৰাকী সন্তানৰ প্ৰতি বাপদাদাৰ আন্তৰিক মৰম আছে কাৰণ প্ৰতিগৰাকী সন্তানৰে কিবা
নহয় কিবা বিশেষত্ব আছে। এতিয়া সকলো বিশেষত্বৰে নিজক বিশেষ আত্মা কৰি তুলি আগবাঢ়ি
গৈ থাকা। বাপদাদাই প্ৰতিগৰাকী সন্তানক ব্যক্তিগতভাৱে পদমগুণ স্নেহ সহিত স্মৰণ কৰি
আছে। বাৰু, এতিয়াতো লগ পাই থাকিম। নমস্কাৰ।
দাদিসকলৰ সৈতে:-
সকলোৱে ভালকৈ পৰিক্ৰমা
লগালা। আজিকালি অশান্তি বাঢ়ি থাকে সেয়েহে গোটেই দিন অশান্ত হৈ থাকে আৰু শান্তিৰ
প্ৰকম্পনে শান্তি দিয়ে, তেতিয়া আনন্দিত হৈ যায়। যেনেকৈ কোনোবা ক্লান্ত হৈ পৰিলে তেওঁ
আধা ঘণ্টাও যদি জিৰণি পায় তেন্তে আনন্দিত হৈ যায়। ভাল কৰিলা। সকলো ঠাইতে, সেয়া
সৰুৱেই হওক বা ডাঙৰেই হওক সকলোৱে ভাল কৰিলে। য’ত উৎসাহ আছে ত’ত খৰচৰ কোনো কথা নাই।
ইমানবিলাক আত্মাই বাৰ্তাতো পাই গ’ল। আক্ষেপতো পূৰা হ’ল। ভাল কথা। এনেকৈ মাজে মাজে
কাৰ্যসূচী হাতত লৈ থাকিবা। প্ৰতিখন চহৰে নিজৰ সুবিধা অনুসৰি যিয়েই কৰে সেয়া ঠিক।
ডবল বিদেশী জ্যেষ্ঠ
ভগ্নীসকলৰ সৈতে:- বাপদাদাৰ দল অনুযায়ী মাতি সজীৱ কৰি তুলিবলৈ ভাল লাগে কিয়নো তাত বহু
দূৰ-দূৰণিত থাকে। সমীপত আহিলে ইজনৰ সিজনৰ গুণ দেখিবলৈ পোৱা যায়। দূৰ-দূৰণিত থাকিলে
গম পোৱা নাযায়। গতিকে ইজনে সিজনক দেখি উৎসাহিতও হয়। গতিকে আবুৰ এই অনুষ্ঠান ভাল লাগে
আৰু ইজনে সিজনক উৎসাহিত কৰি সংগঠন দৃঢ় কৰা, এয়া ভাল কথা। ঠিক আছে। ঠিকে চলি আছে নহয়!
ইজনে সিজনক সহযোগ দিলে
ইয়াৰ দ্বাৰা আগবাঢ়ি যায়। সময় দিয়া নহয়, নিজৰ সেৱা এৰি আন্তৰিকতাৰে সময় দিয়া। নিজৰ
কাম সম্পূৰ্ণ কৰিলা, সফলতা প্ৰাপ্ত হ’ল, এতিয়া লাগিলে যোৱা। সকলোৱে ভাল সহায় কৰিলে।
বিদেশৰো কৰিলে ভাৰতৰো কৰিলে। বাৰু।
উত্তৰপ্ৰদেশ মণ্ডলৰ
সেৱাধাৰীসকলৰ সৈতে:-
বাপদাদাই সকলো মণ্ডলক
কয় যে প্ৰত্যেকে নিজৰ মণ্ডলত এনেকুৱা এটা দল গঠন কৰা যিটো দলত সকলো বৰ্গৰ লোক থাকক।
সেৱাৰ বাবে তোমালোকৰ যিবোৰ বৰ্গ গঠন কৰা হৈছে, আৰু প্ৰতিটো মণ্ডলে নিজৰ এলেকাত
প্ৰতিটো বৰ্গৰ সেৱা কৰি আছা, কৰিও থাকিবা কিন্তু প্ৰতিটো মণ্ডলত এনেকুৱা সেৱাৰ দল
হওক য’ত প্ৰতিটো বৰ্গৰ এগৰাকীকৈ থাকে। আৰু য’তেই অনুষ্ঠান কৰা তাত সেই দলে নিজৰ
নিজৰ বৰ্গৰ সকলক বিশেষভাৱে নিমন্ত্ৰণ দিয়ক। কোনোটো বৰ্গৰ লোকে যাতে আক্ষেপ নকৰে যে
আমিতো বাৰ্তা নাপালো। আৰু যি বৈচিত্ৰ্যপূৰ্ণ দল গঠন কৰিবা তাৰ প্ৰত্যেকে সেয়া সেৱাও
বৃদ্ধি কৰক, নিজৰ বৰ্গৰ আৰু লগতে প্ৰত্যেকে নিজৰ নিজৰ অনুভৱ শুনাওক যে আমি এই
জ্ঞানৰ দ্বাৰা কি পালোঁ আৰু কি অনুভৱ কৰি আছোঁ। গতিকে প্ৰতিটো মণ্ডলত এনেকুৱা সেৱাৰ
দল গঠন কৰা। ভাষণ দিয়াৰ সময় ইমান বেছি নাপালেও তথাপিও তেওঁলোকক অনুষ্ঠানৰ সময়ত পিছৰ
শাৰীত বহুৱাই মঞ্চ পৰিচালকে তেওঁলোকৰ পৰিচয় দিয়ক। এজন-দুজনৰ অনুভৱ শুনোৱাৰ
কাৰ্যসূচীও ৰাখিব পাৰা আৰু পৰিয়ালত থাকি নিজৰ কাম কৰি আমাৰ জীৱন কেনেকৈ অতিবাহিত
হৈছিল, কেনেকৈ সলনি হ’ল, সেই অনুভৱ সুযোগ লৈ সময় থাকিলে শুনাওক। গতিকে এনেকুৱা
বিশেষ প্ৰভাৱশালী বক্তা তৈয়াৰ কৰা যিয়ে সেৱা কৰি থাকে। ভাল কথা উত্তৰপ্ৰদেশে
বিশেষভাৱে পিতা ব্ৰহ্মাৰ প্ৰতিপালন লোৱাৰ অধিকাৰ লাভ কৰিছা। উত্তৰপ্ৰদেশত ব্ৰহ্মাৰ
নামত স্মাৰকো আছে। গতিকে উত্তৰপ্ৰদেশৰ ভাগ্য আছে, যে জগত অম্বা, ব্ৰহ্মা বাবাৰ
প্ৰতিপালন লৈছে। গতিকে প্ৰতিপালনৰ ধৰণী। ভাগ্যৰ তৰা পিতা ব্ৰহ্মা আৰু জগত অম্বাই
উত্তৰপ্ৰদেশক বৰদানত দিলে। ভাল কথা। এতিয়া দিনে- প্ৰতিদিনে পিতাই দেখিছে যে
সেৱাস্থান আৰু যিবোৰ উপ-সেৱাকেন্দ্ৰ বা গীতা পাঠশালা আছে সেয়া আগতকৈ এতিয়া ভালকৈ
বৃদ্ধি হৈছে সেইবাবে বাপদাদাই বিশেষভাৱে অভিনন্দন জনাই আছে যে আগবাঢ়ি গৈ থাকা আৰু
সংখ্যা বৃদ্ধি কৰাত, বাৰ্তা দিয়াত এক নম্বৰ হোৱা। ভাল কথা, বাপদাদা আনন্দিত হৈছে আৰু
বৃদ্ধি কৰি যোৱা। শিক্ষকসকলক অভিনন্দন। বৃদ্ধি কৰি আছা আৰু ইয়াতকৈও অধিক বৃদ্ধি কৰি
থাকিবা। ভাল বাৰু।
বৰদান:
সংগঠনত সহযোগৰ
শক্তিৰে বিজয়ী হওঁতা সকলোৰে শুভচিন্তক হোৱা
যদি সংগঠনত প্ৰত্যেকে
ইজন সিজনৰ সহায়ক, শুভচিন্তক হৈ থাকে তেন্তে সহযোগৰ শক্তিৰ আৱেষ্টনীয়ে বহুত চমৎকাৰ
কৰিব পাৰে। পৰস্পৰ ইজন সিজনৰ শুভচিন্তক সহযোগী হৈ থাকা তেতিয়া মায়াৰ সাহস নাই যে এই
আৱেষ্টনীৰ ভিতৰলৈ আহিব পাৰে। কিন্তু সংগঠনত সহযোগৰ শক্তি তেতিয়াহে আহিব যেতিয়া
এইটো দৃঢ় সংকল্প কৰিব যে যিমানেই কথা সহ্য কৰিবলগীয়া নহওক কিয় সন্মুখীন হৈ
দেখুৱাম, বিজয়ী হৈ দেখুৱাম।
স্লোগান:
কোনো ইচ্ছাই
ভাল হ’বলৈ নিদিয়ে, সেইবাবে ইচ্ছা মাত্ৰম অবিদ্যা (ইচ্ছাৰ বিষয়ে অজ্ঞ) হোৱা।
অব্যক্ত ইংগিত: মহান
হোৱাৰ বাবে মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা
যেনেকৈ মিঠা খালে আৰু
খুৱালে অলপ সময়ৰ বাবে মুখ মিঠা হয়, আনন্দিত হয় তেনেকৈ নিজেই মিঠা (অমায়িক) হৈ যোৱা
তেতিয়া সদায় মুখত মধুৰ বাণী থাকিব। এনেকুৱা মধুৰ বাণীয়ে নিজকো আনন্দিত কৰিব আৰু আনকো
আনন্দিত কৰিব। এইটো বিধিৰে সদায় সকলোৰে মুখ মিঠা কৰি থাকা, সদায় মিঠা দৃষ্টি, মিঠা
মাত, মিঠা কৰ্ম হওক।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]