05.05.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সদায় এইটো নিচাত থাকিবা যে আমি সংগমযুগী ব্ৰাহ্মণ, আমি জানো যে যিজন বাবাক সকলোৱে
আহ্বান জনাই আছে তেওঁ আমাৰ সন্মুখত আছে”
প্ৰশ্ন:
যিসকল সন্তানৰ
বুদ্ধিযোগ ঠিক হ’ব, তেওঁলোকৰ কি সাক্ষাৎকাৰ হৈ থাকিব?
উত্তৰ:
সত্যযুগী নতুন ৰাজধানীত কি কি হ’ব, কেনেকৈ আমি স্কুলত পঢ়িম আকৌ ৰাজ্য চলাম। যিমানে
সমীপত আহি থাকিব এই সকলোবোৰৰ সাক্ষাৎকাৰ হৈ থাকিব। কিন্তু যিসকলৰ বুদ্ধিযোগ ঠিক,
যিসকলে নিজৰ শান্তিধাম আৰু সুখধামক স্মৰণ কৰে, পেছাগত কাম-কাজ আদি কৰিও এজন পিতাৰ
স্মৃতিত থাকে, তেওঁলোকৰহে এই সকলোবোৰ সাক্ষাৎকাৰ হ’ব।
গীত:
ওঁম নমো শিৱায়ে….
ওঁম্শান্তি।
ভক্তিমাৰ্গত
অন্য যিবোৰ সৎসংগ থাকে, তালৈতো চাগৈ সকলোৱে গৈছা। তাত হয়তো ক’ব যে সকলোৱে কোৱা “বাঃ
গুৰু” বা ‘ৰাম’ৰ নাম ক’ব। ইয়াত সন্তানসকলে একো কোৱাৰো প্ৰয়োজন নাথাকে। এবাৰেই কৈ
দিলা, বাৰে বাৰে কোৱাৰ প্ৰয়োজন নাই। পিতাও এজন, তেওঁ এটা কথাই কয়। কি কয়? সন্তানসকল,
মামেকম্ (কেৱল মোক) স্মৰণ কৰা। প্ৰথমে শিকি পাছত আহি ইয়াত বহে। আমি যিজন পিতাৰ
সন্তান তেওঁক স্মৰণ কৰিব লাগে। এইটোও তোমালোকে এতিয়া ব্ৰহ্মাৰ দ্বাৰা জানিছা যে
আমাৰ; সকলো আত্মাৰ পিতা সেই এজনেই। জগতে এইটো নাজানে। তোমালোকে জানা আমি সকলো সেইজন
পিতাৰ সন্তান, তেওঁক সকলোৱে “ঈশ্বৰ পিতা” বুলি কয়। এতিয়া পিতাই কয় - মই এই সাধাৰণ
শৰীৰত তোমালোকক পঢ়াবলৈ আহোঁ। তোমালোকে জানা যে বাবা এওঁৰ শৰীৰত আহিছে, আমি তেওঁৰ
হৈছোঁ। বাবাহে আহি পতিতৰ পৰা পাৱন হোৱাৰ মাৰ্গ দেখুৱাই দিয়ে। এয়া গোটেই দিন বুদ্ধিত
থাকে। শিৱবাবাৰ সন্তানতো সকলো হয় কিন্তু তোমালোকে জানা অন্য কোনেও নাজানে। তোমালোক
সন্তানসকলে বুজি পোৱা যে আমি আত্মা, আমাক পিতাই আদেশ দিছে যে মোক স্মৰণ কৰা। মই
তোমালোকৰ বেহদৰ পিতা। সকলোৱে চিঞৰি থাকে যে পতিত-পাৱন আহক, আমি পতিত হৈ গৈছোঁ। এয়া
শৰীৰে নকয়। আত্মাই এই শৰীৰৰ দ্বাৰা কয়। 84 জন্মও আত্মাই লয় নহয়। এইটো বুদ্ধিত থাকিব
লাগে যে আমি ভাৱৰীয়া। বাবাই আমাক এতিয়া ত্ৰিকালদৰ্শী কৰি তুলিছে। আদি-মধ্য-অন্তৰ
জ্ঞান দিছে। পিতাকেই সকলোৱে মাতে নহয়। এতিয়াও তেওঁলোকে ক’ব, কৈ থাকে যে আহক আৰু
তোমালোক সংগমযুগী ব্ৰাহ্মণসকলে কোৱা যে বাবাৰ আগমন হৈছে। এই সংগমযুগকো তোমালোকে জানা,
ইয়াক পুৰুষোত্তম যুগ হিচাপে গায়ন কৰা হয়। পুৰুষোত্তম যুগ হয়েই কলিযুগৰ অন্ত আৰু
সত্যযুগৰ আদিৰ মাজৰ সময়খিনিত। সত্যযুগত সত্য পুৰুষ, কলিযুগত মিথ্যা পুৰুষ থাকে।
সত্যযুগত যিসকল আহি গৈছে, তেওঁলোকৰ চিত্ৰ আছে। সকলোতকৈ পুৰণি এই চিত্ৰবোৰ, ইয়াতকৈ
পুৰণি কোনো চিত্ৰ নাথাকে। এনেয়েতো মনুষ্যই বহুত অপ্ৰয়োজনীয় চিত্ৰ তৈয়াৰ কৰে। এইটো
তোমালোকে জানা কোন কোন হৈ গ’ল। যেনেকৈ তলত অম্বাৰ চিত্ৰ আছে অথবা কালীৰ চিত্ৰ আছে,
কিন্তু এনেকুৱা ভুজাধাৰী থাকিব পাৰে জানো। অম্বাৰো দুখন ভুজাই থাকিব নহয়। মনুষ্যইতো
গৈ হাত যোৰ কৰি পূজা কৰে। ভক্তিমাৰ্গত অনেক প্ৰকাৰৰ চিত্ৰ তৈয়াৰ কৰিছে। মনুষ্যকেই
বেলেগ বেলেগ প্ৰকাৰে সজায় তেতিয়া ৰূপ সলনি হৈ যায়। এনেকুৱা কোনো চিত্ৰ আদি বাস্তৱত
নাই। এয়া সকলো হৈছে ভক্তিমাৰ্গ। ইয়াততো মনুষ্য পংগু বা খোৰাও হৈ যায়। সত্যযুগত
এনেকুৱা নহয়। সত্যযুগকো তোমালোকে জানা, আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল। ইয়াততো
সাজ-পাৰ চোৱা প্ৰত্যেকৰে নিজৰ নিজৰ কিমান বৈচিত্ৰ্য আছে। তাততো যেনেকুৱা ৰজা-ৰাণী,
তেনেকুৱা প্ৰজা। যিমানে সমীপত আহি থাকিবা তোমালোকৰ নিজৰ ৰাজধানীৰ পোছাক আদিৰো
সাক্ষাৎকাৰ হৈ থাকিব। দেখি থাকিবা আমি এনেকৈ স্কুলত পঢ়োঁ, এয়া কৰোঁ। দেখিবও সেইসকলে
যাৰ বুদ্ধিযোগ স্বচ্ছ। নিজৰ শান্তিধাম-সুখধামক স্মৰণ কৰে। পেছাগত কাম-কাজ আদিতো
কৰিবই লাগে। ভক্তিমাৰ্গতো পেছাগত কাম-কাজ আদিতো কৰে নহয়। জ্ঞান একোৱে নাছিল। এই
সকলোবোৰ হৈছে ভক্তি। তাক কোৱা হ’ব ভক্তিৰ জ্ঞান। তেওঁলোকে এইটো জ্ঞান দিব নোৱাৰে যে
তোমালোক বিশ্বৰ মালিক কেনেকৈ হ’বা। এতিয়া তোমালোকে ইয়াত পঢ়ি ভৱিষ্যতে বিশ্বৰ মালিক
হোৱাগৈ। তোমালোকে জানা এই পঢ়া হৈছেই নতুন সৃষ্টি, অমৰলোকৰ বাবে। বাকী অমৰনাথত শঙ্কৰে
পাৰ্বতীক কোনো অমৰকথা শুনোৱা নাই। তেওঁলোকেতো শিৱ-শঙ্কৰক একাকাৰ কৰি দিয়ে।
এতিয়া পিতাই তোমালোক
সন্তানসকলক বুজাই আছে, এৱোঁ (ব্ৰহ্মায়ো) শুনে। পিতাৰ বাহিৰে সৃষ্টিৰ আদি-মধ্য-অন্তৰ
ৰহস্য কোনে বুজাব পাৰিব। এওঁ (ব্ৰহ্মা) কোনো সাধু-সন্ত নহয়। যেনেকৈ তোমালোক
গৃহস্থালিত আছিলা, তেনেকৈ এৱোঁ আছিল। পোছাক আদি সকলো সেয়াই। যেনেকৈ ঘৰত মা-পিতা,
সন্তানসকল থাকে, একো পাৰ্থক্য নাই। পিতাই এই ৰথত আৰোহণ কৰি সন্তানসকলৰ ওচৰলৈ আহে।
এইখনক (ব্ৰহ্মাৰ শৰীৰক) ভাগ্যশালী ৰথ বুলি গায়ন কৰা হয়। কেতিয়াবা বলধৰ ওপৰত আৰোহন
কৰাও দেখুৱায়। মনুষ্যই ওলোটাকৈ বুজি লৈছে। মন্দিৰত জানো কেতিয়াবা বলধ থাকিব পাৰে?
শ্ৰীকৃষ্ণতো হৈছে ৰাজকুমাৰ, তেওঁ জানো বলধৰ ওপৰত বহিব। ভক্তিমাৰ্গত মনুষ্য বহুত
বিভ্ৰান্ত হৈ আছে। মনুষ্যৰ হৈছে ভক্তিমাৰ্গৰ নিচা। তোমালোকৰ হৈছে জ্ঞানমাৰ্গৰ নিচা।
তোমালোকে কোৱা - এই সংগমত বাবাই আমাক পঢ়াই আছে। তোমালোক আছা এইখন সৃষ্টিত কিন্তু
বুদ্ধিৰে জানা যে আমি ব্ৰাহ্মণ সংগমযুগত আছোঁ। বাকী সকলো মনুষ্য কলিযুগত আছে। এইবোৰ
অনুভৱৰ কথা। বুদ্ধিয়ে কয় যে আমি কলিযুগৰ পৰা এতিয়া আঁতৰি আহিলোঁ। বাবাৰ আগমন হৈছে।
এই পুৰণি সৃষ্টিখনেই পৰিৱৰ্তন হৈ যাব। এয়া তোমালোকৰ বুদ্ধিত আছে, অন্য কোনেও নাজানে।
যদিও একেখন ঘৰতে থাকে, একেটা পৰিয়ালৰে হয়, তেওঁলোকৰ ভিতৰতো পিতাকে ক’ব মই সংগমযুগী,
সন্তানে ক’ব নহয়, মই কলিযুগত আছোঁ। আচৰিত নহয়নে। সন্তানসকলে জানে – আমাৰ পঢ়া
সম্পূৰ্ণ হ’লে তেতিয়া বিনাশ হ’ব। বিনাশ হোৱাতো জৰুৰী। তোমালোকৰ মাজতো কোনোবাই জানে,
যদি এইটো বুজি পায় যে সৃষ্টি বিনাশ হৈ যাব তেন্তে নতুন সৃষ্টিৰ কাৰণে প্ৰস্তুতি
চলোৱাত লাগি যাব। টালি-টোপোলা সাজু কৰি ল’ব। বাকী অলপ সময় আছে, বাবাৰতো হৈ যাওঁ।
ভোকত মৰিলেও প্ৰথমে বাবা তাৰ পাছত সন্তান। এয়াতো বাবাৰ ভোজনশালা। তোমালোকে শিৱবাবাৰ
ভোজনশালাৰ পৰা খোৱা। ব্ৰাহ্মণে ভোজন ৰান্ধে সেই কাৰণে ‘ব্ৰহ্মা ভোজন’ বুলি কোৱা হয়।
যিসকল পৱিত্ৰ ব্ৰাহ্মণ, স্মৃতিত থাকি ৰান্ধে, ব্ৰাহ্মণৰ বাহিৰে অন্য কোনেও শিৱবাবাৰ
স্মৃতিত থাকিব নোৱাৰে। সেই (লৌকিকৰ) ব্ৰাহ্মণসকল শিৱবাবাৰ স্মৃতিত থাকে জানো। এয়া
হৈছে শিৱবাবাৰ ভোজনশালা য’ত ব্ৰাহ্মণে ভোজন ৰান্ধে। ব্ৰাহ্মণ যোগযুক্ত হৈ থাকে।
পৱিত্ৰতো হয়েই। বাকী হৈছে যোগৰ কথা। ইয়াতেই পৰিশ্ৰম হয়। মিছা কথা চলিব নোৱাৰে। এনেকৈ
কোনেও ক’ব নোৱাৰে যে মই সম্পূৰ্ণ যোগযুক্ত হৈ আছোঁ বা 80 (আশী) শতাংশ যোগযুক্ত হৈ
আছোঁ। কোনেও ক’ব নোৱাৰে। জ্ঞানো লাগে। তোমালোক সন্তানসকলৰ মাজত যোগী সেইসকল যিয়ে
নিজৰ দৃষ্টিৰ দ্বাৰাই কাৰোবাক শান্ত কৰি দিব পাৰে। এয়াও শক্তি। একেবাৰে নিস্তব্ধ হৈ
যাব, যেতিয়া তোমালোক অশৰীৰী হৈ যোৱা আৰু পিতাৰ স্মৃতিত থাকা এয়াই হৈছে প্ৰকৃতাৰ্থত
স্মৰণ কৰা। পুনৰ এইটো অভ্যাস কৰিব লাগে। যেনেকৈ তোমালোক ইয়াত স্মৃতিত বহা, এইটো
অভ্যাস কৰোৱা হয়। তথাপিও সকলোৱে স্মৃতিত নাথাকে। বুদ্ধি ক’লৈ ক’লৈ গৈ থাকে। গতিকে
তেওঁলোকে নিজৰে লোকচান কৰি দিয়ে। ইয়াত ‘চন্দলী’ত (গাদীত) তেওঁক বহুৱাব লাগে যিয়ে
বুজে যে মই আত্মিক কচৰতৰ শিক্ষক। পিতাৰ স্মৃতিত সন্মুখত বহি আছোঁ। বুদ্ধিযোগ অন্য
কোনো ফালে যাতে নাযায়। নিস্তব্ধ হৈ যাব। তোমালোক অশৰীৰী হৈ যোৱা আৰু পিতাৰ স্মৃতিত
থাকা। এয়া হৈছে প্ৰকৃতাৰ্থত স্মৰণ কৰা। সন্ন্যাসীসকলো শান্তিত বহে, তেওঁলোক কাৰ
স্মৃতিত থাকে? সেয়া কোনো প্ৰকৃত স্মৃতি নহয়। কাকো লাভবান কৰিব নোৱাৰিব। তেওঁলোকে
সৃষ্টি শান্ত কৰিব নোৱাৰে। পিতাক নাজানেই। ব্ৰহ্মকেই ভগৱান বুলি ভাবি থাকে। সেয়াতো
নহয়। এতিয়া তোমালোকে শ্ৰীমত পোৱা – মামেকম্ স্মৰণ কৰা। তোমালোকে জানা যে আমি 84
জন্ম লওঁ। প্ৰতিটো জন্মতে অলপ অলপকৈ কলা কম হৈ গৈ থাকে। যেনেকৈ চন্দ্ৰমাৰ কলা কম হৈ
যায়। দেখিলে জানো ইমান গম পোৱা যায়। এতিয়া কোনেও সম্পূৰ্ণ হোৱা নাই। আগলৈ গৈ
তোমালোকৰ সাক্ষাৎকাৰ হ’ব। আত্মা কিমান সূক্ষ্ম। তাৰো সাক্ষাৎকাৰ হ’ব পাৰে। নহ’লেনো
কন্যাসকলে কেনেকৈ ক’য় যে এওঁৰ জ্যোতি কম, এওঁৰ বেছি। দিব্যদৃষ্টিৰেহে আত্মাক দেখা
পায়। এয়াও সকলো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। মোৰ হাতত একোৱেই নাই। ড্ৰামাই মোৰ দ্বাৰা
কৰায়, এই সকলোবোৰ ড্ৰামা অনুসৰি চলি থাকে। ভোগ আগবঢ়োৱা আদি এই সকলোবোৰ ড্ৰামাত
নিৰ্ধাৰিত হৈ আছে। ছেকেণ্ডৰ পাচত ছেকেণ্ড কৰ্মকাণ্ড হৈ থাকে।
এতিয়া পিতাই শিক্ষা
দিয়ে যে পাৱন কেনেকৈ হ’ব লাগে। পিতাক স্মৰণ কৰিব লাগে। কিমান সূক্ষ্ম আত্মা যি পতিত
হৈ গৈছে আকৌ পাৱন হ’ব লাগে। আচৰিত কথা নহয় জানো। প্ৰকৃতি বুলি কয় নহয়। পিতাৰ পৰা
তোমালোকে সকলো প্ৰাকৃতিক কথা শুনা। সকলোতকৈ প্ৰাকৃতিক কথা হ’ল আত্মা আৰু পৰমাত্মাৰ,
যিটো কোনেও নাজানে। ঋষি মুনি আদি কোনেও নাজানে। ইমান সূক্ষ্ম আত্মাই পাথৰ (অপৱিত্ৰ)
বুদ্ধিৰ আকৌ পাৰস (পৱিত্ৰ) বুদ্ধিৰ হয়। বুদ্ধিত এইটোৱে খেয়াল চলি থাকিব লাগে যে মই
আত্মা পাথৰবুদ্ধিৰ হৈ গৈছিলোঁ, এতিয়া পুনৰ পিতাক স্মৰণ কৰি পাৰসবুদ্ধিৰ হৈ আছোঁ।
লৌকিক ৰীতিৰেতো পিতাও জেষ্ঠ হয় আকৌ শিক্ষক গুৰুও জেষ্ঠ পোৱা যায়। এয়াতো এজনেই বিন্দু
স্বৰূপ পিতাও হয়, শিক্ষকো, গুৰুও হয়। গোটেই কল্প দেহধাৰীক স্মৰণ কৰিলা। এতিয়া পিতাই
কয় – মামেকম্ স্মৰণ কৰা। তোমালোকৰ বুদ্ধিক কিমান সূক্ষ্ম কৰি তোলে। বিশ্বৰ মালিক
হোৱা - এইটো জানো কম কথা! কোনোৱে এইটোও খেয়াল নকৰে যে এই লক্ষ্মী-নাৰায়ণ সত্যযুগৰ
মালিক কেনেকৈ হ’ল। তোমালোকেও পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা। নতুন কোনোবাই এই কথাবোৰ
বুজিব নোৱাৰে। প্ৰথমে স্থূল ৰূপত বুজিলা তাৰ পাছত সূক্ষ্মতাৰে বুজোৱা হয়। পিতা হৈছে
বিন্দু, তেওঁলোকে আকৌ ইমান ডাঙৰ ডাঙৰ লিঙ্গ ৰূপ সাজি দিয়ে। মনুষ্যৰো বহুত ডাঙৰ ডাঙৰ
চিত্ৰ তৈয়াৰ কৰে। কিন্তু এনেকুৱা নহয়। মনুষ্যৰ শৰীৰতো এয়াই। ভক্তিমাৰ্গত কি কি সাজি
দিছে। মনুষ্য কিমান বিভ্ৰান্ত হৈ আছে। পিতাই কয় - যি অতীত হৈ গৈছে সেয়া পুনৰ হ'ব।
এতিয়া তোমালোক পিতাৰ শ্ৰীমতত চলা। এওঁকো (ব্ৰহ্মাক) বাবাই শ্ৰীমত দিলে, সাক্ষাৎকাৰ
কৰালে নহয়। তোমালোকক মই বাদশ্বাহী দিওঁ, এতিয়া এইটো সেৱাত লাগি যোৱা। নিজৰ
উত্তৰাধিকাৰ ল'বলৈ পুৰুষাৰ্থ কৰা। এই সকলোবোৰ এৰি দিয়া। সেয়েহে এৱোঁ (ব্ৰহ্মাও)
নিমিত্ত হ'ল। সকলোৱেতো এনেদৰে নিমিত্ত নহয়, যিসকলৰ নিচা বাঢ়িল তেওঁলোক আহি বহি গ'ল।
আমিতো ৰাজ্য পাম। তেন্তে এই পাই-পইচা কি কৰিম। সেয়েহে এতিয়া পিতাই সন্তানসকলক
পুৰুষাৰ্থ কৰায়, ৰাজধানী স্থাপনা হৈ আছে, এনেকৈ কয়ো যে আমি লক্ষ্মী-নাৰায়ণতকৈ কম
নহওঁ। গতিকে শ্ৰীমতত চলি দেখুওৱা। আপত্তি বা বিৰোধ নকৰিবা। বাবাই (ব্ৰহ্মা বাবাই)
জানো এনেকৈ ক’লে যে ল'ৰা-ছোৱালীৰ কি হ'ব। দুৰ্ঘটনাত হঠাতে যেতিয়া কোনোবা মৰি যায়
তেতিয়া কোনোবা ভোকত থাকে জানো। কোনোবা নহয় কোনোবা মিত্ৰ-সম্বন্ধীয় আদিয়ে খাবলৈ দিয়ে।
ইয়াত চোৱা বাবা পুৰণি জুপুৰীত থাকে। তোমালোক সন্তানসকল আহি মহলত থাকা। পিতাই ক'ব -
সন্তানসকল ভালকৈ থাকক, খোৱা-বোৱা কৰক। যিয়ে লগত একো লৈ নাহে তেওঁলোকেও সকলো ভালদৰেই
পায়। এই বাবাতকৈও ভালকৈ থাকে। শিৱবাবাই কয় মইতো হওঁৱেই পৰিভ্ৰমী যোগী। যিকোনো লোকৰে
কল্যাণ কৰিবলৈ যাব পাৰোঁ। যিসকল জ্ঞানী সন্তান আছে তেওঁলোক কেতিয়াও সাক্ষাৎকাৰ আদি
কথাত আনন্দিত নহ'ব। যোগৰ বাহিৰে অন্য একো নাই। এই সাক্ষাৎকাৰ আদি কথাত আনন্দিত নহ’বা।
ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যোগৰ
এনেকুৱা স্থিতি গঢ়ি তুলিব লাগে যাতে দৃষ্টিৰ দ্বাৰাই কাৰোবাক শান্ত কৰি দিব পাৰা,
একেবাৰে নিস্তব্ধ হৈ যায়। ইয়াৰ বাবে অশৰীৰী হোৱাৰ অভ্যাস কৰিব লাগে।
(2) জ্ঞানৰ সঁচা
নিচাত থাকিবলৈ স্মৃতিত ৰাখিব লাগে যে আমি সংগমযুগী, এতিয়া এই পুৰণি সৃষ্টি পৰিৱৰ্তন
হ'ব, আমি নিজৰ ঘৰলৈ গৈ আছোঁ। সদায় শ্ৰীমতত চলি থাকিব লাগে, আপত্তি বা বিৰোধ কৰিব
নালাগে।
বৰদান:
পৰমাত্ম মিলনৰ
দ্বাৰা আন্তৰিক বাৰ্তালাপৰ সঠিক সঁহাৰি প্ৰাপ্ত কৰোঁতা সমান বহুৰূপী হোৱা
যেনেকৈ পিতা বহুৰূপী
– চেকেণ্ডত নিৰাকাৰৰ পৰা আকাৰী বস্ত্ৰ ধাৰণ কৰি লয় তেনেকৈ তোমালোকেও এই মাটিৰ পোছাক
এৰি আকাৰী ফৰিস্তা পোছাক, চিকমিকাই থকা পোছাক পিন্ধি লোৱা তেতিয়া সহজে মিলনো হ’ব আৰু
আন্তৰিক বাৰ্তালাপৰ স্পষ্ট সঁহাৰিও বোধগম্য হৈ যাব কিয়নো এই পোছাক পুৰণি জগতৰ বৃত্তি
আৰু প্ৰকম্পনৰ পৰা, মায়াৰ পৰা জল আৰু অগ্নি প্ৰতিৰোধক হয়। ইয়াত মায়াই হস্তক্ষেপ
কৰিব নোৱাৰে।
স্লোগান:
দৃঢ়তাই অসম্ভৱকো সম্ভৱ কৰি দিয়ে।
আত্মিক আভিজাত্য আৰু
পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
‘ব্ৰহ্মাকুমাৰ’ৰ
অৰ্থই হৈছে – সদায় পৱিত্ৰতাৰ ব্যক্তিত্ব আৰু আভিজাত্যত থকা। এই পৱিত্ৰতাৰ
ব্যক্তিত্বই বিশ্বৰ আত্মাসকলক নিজৰ ফালে আকৰ্ষিত কৰিব, আৰু এই পৱিত্ৰতাৰ আভিজাত্যই
ধৰ্মৰজাৰ পুৰীত খাজনা পৰিশোধ কৰাৰ পৰা মুক্ত কৰিব। এই আভিজাত্য অনুসৰি ভৱিষ্যত
অভিজাত পৰিয়ালত আহিব পাৰিবা। যেনেকৈ শাৰীৰিক ব্যক্তিত্বই দেহবোধত লৈ আহে তেনেকৈ
পৱিত্ৰতাৰ ব্যক্তিত্বই দেহী-অভিমানী কৰি পিতাৰ সমীপত আনে।