05.06.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – বেহদৰ সুখৰ কাৰণে তোমালোকে বেহদৰ জ্ঞান পোৱা, তোমালোকে পুনৰ ৰাজযোগৰ শিক্ষাৰে বাদশ্বাহী লৈ আছা”

প্ৰশ্ন:
তোমালোকৰ ঈশ্বৰীয় কুটুম কোনটো কথাত একেবাৰে অনন্য?

উত্তৰ:
এই ঈশ্বৰীয় কুটুমত কোনোবা এদিনীয়া সন্তান, কোনোবা আঠদিনীয়া কিন্তু সকলোৱে পঢ়ি আছে। পিতাই শিক্ষক হৈ নিজৰ সন্তানসকলক পঢ়াই আছে। এইটো অনন্য কথা। আত্মাই পঢ়ে। আত্মাই কয় - বাবা, বাবাই আকৌ সন্তানসকলক 84 জন্মৰ কাহিনী শুনায়।

গীত:
দূৰদেশ কা ৰহনে ৱালা..... (দূৰণিৰ দেশৰ নিবাসী.....)

ওঁম্শান্তি।
বৃক্ষপতি বাৰ, তাৰ নাম বৃহস্পতি ৰাখি দিছে। এই উৎসৱ আদিতো বছৰে বছৰে পালন কৰে। তোমালোকে প্ৰতি সপ্তাহত বৃহস্পতি দিৱস পালন কৰা। বৃক্ষপতি অথবা এই মনুষ্য সৃষ্টিৰূপী বৃক্ষৰ যি বীজৰূপ, চৈতন্য, তেৱেঁই এই বৃক্ষৰ আদি-মধ্য-অন্তক জানে, আৰু বাকী যিবোৰ বৃক্ষ আছে সেই সকলোবোৰ হৈছে জড়। এয়া হৈছে চৈতন্য, ইয়াক কল্পবৃক্ষ বুলি কোৱা হয়। ইয়াৰ আয়ুস হৈছে 5 হাজাৰ বছৰ আৰু এই বৃক্ষ 4 টা ভাগত বিভক্ত হৈ আছে। সকলো বস্তু 4 টা ভাগত থাকে। এই সৃষ্টিও 4 টা ভাগত আছে। এতিয়া এই পুৰণি সৃষ্টিৰ অন্ত হোৱাৰ সময়। সৃষ্টি কিমান বিশাল, এই জ্ঞান কোনো মনুষ্য মাত্ৰৰ বুদ্ধিত নাই। এয়া হৈছে নতুন সৃষ্টিৰ বাবে নতুন শিক্ষা। আকৌ নতুন সৃষ্টিৰ মালিক হ'বৰ বাবে অথবা আদি সনাতন দেৱী-দেৱতা হ'বৰ বাবে শিক্ষাও নতুন। ভাষাতো হিন্দীয়েই হয়। বাবাই বুজাইছে - যেতিয়া অন্য ৰাজ্য স্থাপনা হয় তেতিয়া তাৰ ভাষা বেলেগ হয়। সত্যযুগত কি ভাষা হ'ব? সেয়া সন্তানসকলে অলপ অলপ জানে। আগতে কন্যাসকলে ধ্যানত গৈ শুনাইছিল। তাত কোনো সংস্কৃত ভাষা নাথাকে। সংস্কৃততো ইয়াত আছে নহয়। যিটো ইয়াত আছে সেয়া আকৌ তাত থাকিব নোৱাৰে। গতিকে সন্তানসকলে জানে যে এওঁ (শিৱবাবা) হৈছে বৃক্ষপতি। এওঁক বৃক্ষৰ পিতা ৰচয়িতা বুলিও কোৱা হয়। এওঁ হৈছে চৈতন্য বীজৰূপ। সেই সকলোবোৰ হৈছে জড়। সন্তানসকলে সৃষ্টিৰ আদি-মধ্য-অন্তৰ বিষয়েও জানিব লাগে নহয়। বৰ্তমান সময়ত জ্ঞান নথকাৰ বাবে মনুষ্যৰ সুখ নাই। এয়া হৈছে বেহদৰ জ্ঞান যাৰ দ্বাৰা বেহদৰ সুখ প্ৰাপ্ত হয়। হদৰ জ্ঞানেৰে কাগ বিষ্ঠাৰ সমান (তেনেই নগণ্য) সুখ পোৱা যায়। তোমালোকে জানা, আমি বেহদৰ সুখৰ কাৰণে এতিয়া পুনৰাই পুৰুষাৰ্থ কৰি আছোঁ। এই 'পুনৰাই' শব্দটি কেৱল তোমালোকে শুনা। তোমালোকেই পুনৰ মনুষ্যৰ পৰা দেৱতা হ'বৰ বাবে এই ৰাজযোগৰ শিক্ষা লাভ কৰি আছা। এইটোও তোমালোকে জানা যে জ্ঞানৰ সাগৰ পিতা নিৰাকাৰ। নিৰাকাৰীতো আত্মা সন্তানসকলো হয়, কিন্তু সকলোৰে নিজৰ নিজৰ শৰীৰ আছে, এইটো জন্মক অলৌকিক জন্ম বুলি কোৱা হয়। আৰু অন্য কোনো মনুষ্যই এইদৰে জন্ম ল'ব নোৱাৰে। যেনেকৈ এওঁ (ব্ৰহ্মাবাবাই) লয় আৰু এওঁৰো বানপ্ৰস্থ অৱস্থাত প্ৰৱেশ কৰে। সন্তানসকলক (আত্মাসকলক) সন্মুখত বহি বুজায়, আৰু অন্য কোনেও আত্মাসকলক ‘সন্তান সন্তান’ বুলি ক'ব নোৱাৰে। যি ধৰ্মাৱলম্বীৰে নহওঁক কিয় এইটো জানে যে শিৱবাবা আমাৰ অৰ্থাৎ আত্মাসকলৰ বাবা, তেওঁতো নিশ্চয় ‘সন্তান সন্তান’ বুলিয়েই ক'ব। বাকী কোনো মনুষ্য আত্মাক ঈশ্বৰ বুলি ক'ব নোৱাৰে, বাবা বুলি ক'ব নোৱাৰে। এনেয়েতো গান্ধীকো বাপু বুলি কৈছিল। পৌৰনিগমৰ পৌৰপতিকো ‘ফাদাৰ’ বুলি কৈ দিয়ে। কিন্তু সেই সকলো ‘ফাদাৰ’ হৈছে দেহধাৰী। তোমালোকে জানা যে আমাৰ অৰ্থাৎ আত্মাসকলৰ পিতাই আমাক পঢ়ায়। পিতাই বাৰে বাৰে কয় - নিজক আত্মা বুলি বুজা। সেই পিতা আহি আত্মাসকলকে পঢ়ায়। এয়া হৈছে ঈশ্বৰীয় কুটুম। পিতাৰ ইমান অনেক সন্তান আছে। তোমালোকেও কোৱা যে বাবা আমি আপোনাৰ। তোমালোক সন্তান হৈ গ’লা। সন্তানসকলে কয় - বাবা মই এদিনীয়া সন্তান, চাৰিদিনীয়া সন্তান, এমহীয়া সন্তান! প্ৰথমেতো নিশ্চয় সৰুয়েই হ'ব। লাগিলে 2-4 দিনীয়া সন্তানেই হওঁক কিন্তু কৰ্মেন্দ্ৰিয়তো পৈণত হয় নহয়, সেইবাবে সকলো পৈণত সন্তানসকলে পঢ়িব লাগে। যিয়েই আহে সকলোকে পিতাই পঢ়ায়। তোমালোকেও পঢ়া। পিতাৰ সন্তান হ'লা, আকৌ পিতাই বুজায়, তোমোলোকে 84 জন্ম কেনেকৈ ল'লা? পিতাই কয় - ময়ো বহুত জন্মৰ অন্তত এওঁৰ (ব্ৰহ্মাবাবাৰ) শৰীৰত প্ৰৱেশ কৰোঁ আৰু পঢ়াওঁ। সন্তানসকলে জানে যে ইয়ালৈ আমি শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ শিক্ষকৰ ওচৰলৈ আহিছোঁ। যাৰ পৰা আকৌ এই শিক্ষকসকল ওলাইছে যাক পাণ্ডা বুলি কয়। তেওঁলোকেও সকলোকে পঢ়াই থাকে। যিসকলে জানি গৈ থাকিব তেওঁলোকে পঢ়াই গৈ থাকিব।

পোন প্ৰথমেতো বুজাবই লাগে যে দুজন পিতা আছে নহয়। এজন লৌকিক আৰু আনজন পাৰলৌকিক। জেষ্ঠতো নিশ্চয় পাৰলৌকিক পিতাই হৈ গ’ল, যাক ভগৱান বুলি কোৱা হয়। তোমালোকে জানা যে এতিয়া আমি পাৰলৌকিক পিতাক পাইছোঁ, অন্য কোনেও গম নাপায়। লাহে লাহে জানি গৈ থাকিব। তোমালোক সন্তানসকলে জানা যে আমাক অৰ্থাৎ আত্মাসকলক বাবাই পঢ়ায়। আমি আত্মাসকলেহে এটা শৰীৰ এৰি আকৌ অন্য এটা ল’ম। উচ্চতকৈও উচ্চ দেৱতা হ’মগৈ। উচ্চতকৈও উচ্চ হ’বলৈ আহিছা। বহুত সন্তানে আগবাঢ়ি গৈ গৈ উচ্চতকৈও উচ্চ পঢ়া এৰি দিয়ে, কিবা নহয় কিবা কথাত সংশয় উৎপন্ন হৈ যায় বা মায়াৰ কোনো ধুমুহা সহ্য কৰিব নোৱাৰে, কাম মহাশত্ৰুৰ হাতত পৰাজিত হৈ যায়, এইবোৰ কাৰণতে পঢ়া এৰি দিয়ে। কাম মহাশত্ৰুৰ কাৰণেই সন্তানসকলে বহুত সহ্য কৰিবলগীয়া হয়। পিতাই কয় – কল্পই কল্পই তোমালোক অবলা (দুৰ্বল) মাতাসকলেই মিনতি কৰা। এনেকৈ কয় - বাবা আমাক নগ্ন হোৱাৰ পৰা ৰক্ষা কৰক। পিতাই কয় – স্মৃতিত থকাৰ বাহিৰে অন্য কোনো ৰাস্তা নাই। স্মৃতিৰেই বল আহি থাকিব। মায়া বলৱানৰ শক্তি কম হৈ গৈ থাকিব। তেতিয়া তোমালোক মুক্ত হৈ যাবা। এনেকৈ বহুত বন্ধনৰ পৰা মুক্ত হৈ আহে। তেতিয়া অত্যাচাৰ হোৱাতো বন্ধ হৈ যায় তেতিয়া আহি ব্ৰহ্মাৰ দ্বাৰা শিৱবাবাৰ সৈতে বাৰ্তালাপ কৰে। এইটোও অভ্যাস হৈ যাব লাগে। বুদ্ধিত এইটো ৰাখিব লাগে যে আমি শিৱবাবাৰ ওচৰলৈ যাওঁ। তেওঁ এই ব্ৰহ্মাৰ শৰীৰত আহে। আমি শিৱবাবাৰ সন্মুখত বহি আছোঁ। স্মৃতিৰেই বিকৰ্ম বিনাশ হ’ব। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। এইটোৱেই শিক্ষা পোৱা যায়। পিতাক লগ কৰিবলৈ আহিলেও নিজক আত্মা বুলি বুজিবা। আত্ম-অভিমানী হোৱা। এই জ্ঞানো তোমালোকে এতিয়া পোৱা। এয়া হৈছে পৰিশ্ৰম। সেই ভক্তিমাৰ্গততো কিমান বেদ শাস্ত্ৰ আদি পঢ়ে। ইয়াততো এটাই পৰিশ্ৰম – কেৱল স্মৃতিত থকাৰ। এইটো অতিকৈ সহজো হয় আৰু অতিকৈ কঠিনো হয়। পিতাক স্মৰণ কৰা - ইয়াতকৈ সহজ একো কথা নাথাকে। সন্তানৰ জন্ম হ’ল আৰু মুখেৰে ‘বাবা বাবা’ বুলি ক’ব। কন্যা সন্তানৰ মুখেৰে ‘মা’ বুলি উচ্চাৰিত হ’ব। আত্মাই স্ত্ৰীৰ শৰীৰ ধাৰণ কৰিছে। কন্যা ‘মা’কৰ ওচৰলৈকেহে যাব। ল’ৰা সন্তানে সাধাৰণতে পিতাক স্মৰণ কৰে কিয়নো পিতাৰ পৰা উত্তৰাধিকাৰ পায়। এতিয়া তোমালোক আত্মাসকলতো সকলো সন্তান হোৱা। তোমালোকে পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা। আত্মাই পিতাক স্মৰণ কৰিলে পিতাৰ পৰা উত্তৰাধিকাৰ লাভ কৰে। দেহ-অভিমানী হ’লে তেতিয়া উত্তৰাধিকাৰ পোৱাত অসুবিধা হ’ব। পিতাই কয় - মই সন্তানসকলকহে পঢ়াওঁ। সন্তানসকলেও জানে যে পিতাই আমাক সন্তানসকলক পঢ়ায়। এই কথাবোৰ পিতাৰ বাহিৰে অন্য কোনেও শুনাব নোৱাৰে। তেওঁৰ সৈতেই ভক্তিমাৰ্গত তোমালোকৰ স্নেহ আছিল। তোমালোক সকলো সেই প্ৰেমিকৰ প্ৰেমিকা আছিলা। গোটেই জগতখনেই এজন প্ৰেমিকৰ প্ৰেমিকা। পৰমাত্মাক সকলোৱে পৰমপিতা বুলিও কয়। পিতাক প্ৰেমিকা বুলি কোৱা নহয়। পিতাই বুজায় - তোমালোক ভক্তিমাৰ্গত প্ৰেমিকা আছিলা। এতিয়াও বহুত আছে, কিন্তু পৰমাত্মা বুলি কাক কোৱা হয়, এই ক্ষেত্ৰত বিভ্ৰান্ত হয়। গণেশ, হনুমান আদিক পৰমাত্মা বুলি কৈ একেবাৰে বিভ্ৰান্ত হৈ গৈছে। কেৱল এজনৰ বাহিৰে কোনেও ঠিক কৰিব নোৱাৰে। কাৰো শক্তি নাই। পিতাহে আহি সন্তানসকলক বুজায়। সন্তানসকলে আকৌ পুৰুষাৰ্থৰ ক্ৰম অনুসৰি বুজি পায় আৰু আনক বুজোৱাৰ লায়ক হয়। ৰাজধানী স্থাপনা হৈ আছে। হুবহু কল্প পূৰ্বৰ দৰে তোমালোকে ইয়াত পঢ়া। আকৌ প্ৰালব্ধ নতুন সৃষ্টিত পাবাগৈ সেইখনক অমৰলোক বুলি কোৱা হয়। তোমালোক কালৰ ওপৰত বিজয়ী হোৱা। তাত কেতিয়াও অকাল মৃত্যু নহয়। নামেই হৈছে স্বৰ্গ। তোমালোক সন্তানসকল এই পঢ়াত বহুত আনন্দিত হোৱা উচিত। পিতাৰ স্মৃতিৰে পিতাৰ সম্পত্তিও স্মৃতিলৈ আহিব। চেকেণ্ডত গোটেই ড্ৰামাৰ জ্ঞান বুদ্ধিত আহি যায়। মূললোক, সূক্ষ্মলোক, স্থূললোক, 84ৰ চক্ৰ বচ্‌, এই গোটেই নাটকখন ভাৰতক লৈয়ে ৰচা হৈছে। বাকী সকলো হৈছে উপ কথা। পিতাই জ্ঞানো তোমালোকক শুনায়। তোমালোকেই উচ্চতকৈও উচ্চ আকৌ নীচ হৈছা। দ্বৈত মুকুটধাৰী ৰজা আকৌ একেবাৰে ভিকহু। এতিয়া ভাৰত ভিকহু হৈ গ’ল। প্ৰজাৰ প্ৰজাৰ ওপৰত ৰাজ্য। সত্যযুগত ডবল মুকুটধাৰী মহাৰজা-মহাৰাণীৰ ৰাজত্ব আছিল। সকলোৱে আদি দেৱ ব্ৰহ্মাক মান্যতা দিয়ে, নাম বহুত দি দিছে। মহাবীৰ বুলিও তেওঁকে কয়, মহাবীৰ বুলি হনুমানকো কয়। বাস্তৱত তোমালোক সন্তানসকলেই সঁচা অৰ্থত মহাবীৰ হনুমান হোৱা কিয়নো তোমালোক ইমান যোগযুক্ত হৈ থাকা যে মায়াৰ যিমানেই ধুমুহা নাহক কিয় তোমালোকক অস্থিৰ কৰিব নোৱাৰে। তোমালোক মহাবীৰৰ সন্তান মহাবীৰ হৈছা কিয়নো তোমালোক মায়াৰ ওপৰত জয়ী হোৱা। 5 বিকাৰ ৰূপী ৰাৱণৰ ওপৰত প্ৰত্যেকেই জয়ী হয়। এগৰাকী মনুষ্যৰ কথা নহয়। তোমালোক প্ৰত্যেকেই ধনু ভাঙিব লাগে অৰ্থাৎ মায়াৰ ওপৰত জয়ী হ’ব লাগে। ইয়াত যুদ্ধ আদিৰ কোনো কথা নাই। ইউৰোপবাসীয়ে কেনেকৈ যুদ্ধ কৰে, ভাৰতত কৌৰৱ আৰু য়বনসকলৰ যুদ্ধ হয়। গায়নো কৰা হৈছে যে ৰক্তৰ নদী বৈ যায়। গাখীৰৰো নদী বৈ যাব। বিষ্ণুক ক্ষীৰসাগৰত দেখুৱায়, লক্ষ্মী-নাৰায়ণ হৈছে পাৰসনাথ। নেপালৰ ফালে তেওঁলোকৰ নাম আকৌ পশুপতি ৰাখি দিছে। হওঁতে এজন বিষ্ণুৰে দুটি ৰূপ, পাৰসনাথ পাৰসনাথনী। সেয়া হৈছে পশুপতিনাথ পতি, পশুপতিনাথ পত্নী। তাত বিষ্ণুৰ চিত্ৰ অংকন কৰে। হ্ৰদো সাজে। এতিয়া হ্ৰদত ক্ষীৰ ক’ৰ পৰা আহিল। মহত্ত্বপূৰ্ণ দিনত সেই হ্ৰদত গাখীৰ ঢালে, আকৌ দেখুৱায় ক্ষীৰসাগৰত বিষ্ণু শুই আছে। অৰ্থ একোৱেই নাই। 4 খন হাত থকা মনুষ্যতো কোনো নাথাকে।

এতিয়া তোমালোক সন্তানসকল হৈছা সমাজকৰ্মী, আত্মিক পিতাৰ সন্তান হোৱা নহয়। পিতাই সকলো কথা বুজায়, এই ক্ষেত্ৰত কোনো সংশয় উৎপন্ন হ’ব নালাগে। সংশয় মানে মায়াৰ ধুমুহা। তোমালোকে মোক আহ্বানেই জনোৱা হে পতিত-পাৱন আহক, আহি আমাক পাৱন কৰি তোলক। পিতাই কয় – মামেকেম্‌ (কেৱল মোক) স্মৰণ কৰিলে তোমালোক পাৱন হৈ যাবা। 84ৰ চক্ৰও স্মৃতিলৈ আনিব লাগে। পিতাক কোৱা হয় - পতিত-পাৱন, জ্ঞানৰ সাগৰ, দুটা বস্তু হৈ গ’ল। পতিতক পাৱন কৰি তোলে আৰু 84ৰ চক্ৰৰ জ্ঞান শুনায়। এইটোও তোমালোক সন্তানসকলে জানা যে 84ৰ চক্ৰ ঘূৰিয়েই থাকিব, ইয়াৰ অন্ত নাই। এয়াও তোমালোকে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা - পিতা কিমান মৰমৰ, তেওঁক স্বামীৰো স্বামী বুলি কোৱা হয়। পিতাও হয়। এতিয়া পিতাই কয় - মোৰ পৰা তোমালোক সন্তানসকলে বহুত শ্ৰেষ্ঠ উত্তৰাধিকাৰ পোৱা। কিন্তু এনেকুৱা মোক পিতাকো ত্যাগ কৰি গুচি যোৱা। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, পঢ়িবলৈকে এৰি দিয়ে। অৰ্থাৎ ত্যাগ কৰি গুচি যায়, কিমান বুদ্ধিহীন। যিসকল বুদ্ধিমান সন্তান আছে তেওঁলোকে সহজে সকলো কথা বুজি আনক পঢ়াবলৈ লাগি যাব। তেওঁলোকে তৎক্ষণাৎ নিৰ্ণয় ল'ব যে সেই পঢ়াৰ পৰা কি প্ৰাপ্তি হয় আৰু এই পঢ়াৰ পৰা কি প্ৰাপ্তি হয়। কি পঢ়া উচিত। বাবাই সন্তানসকলক সোধে, সন্তানসকলে বুজিও পায় যে এই পঢ়া বহুত ভাল। তথাপিও কয় - কি কৰোঁ, পাৰ্থিৱ পঢ়া নপঢ়িলে মিত্ৰ-সম্বন্ধীয় আদি বিতুষ্ট হ’ব। পিতাই কয় - দিনে-প্ৰতিদিনে সময় বহুত কম হৈ গৈ আছে। ইমান পঢ়াতো পঢ়িব নোৱাৰিবা। অতি তীব্ৰতাৰে প্ৰস্তুতি চলি আছে। সকলো প্ৰকাৰেৰে প্ৰস্তুত হয় নহয়। দিনে-প্ৰতিদিনে ইজন-সিজনৰ মাজত শত্ৰুতা বাঢ়ি যায়। কোৱাও হয় - এনেকুৱা বস্তু তৈয়াৰ কৰিছে যে তৎক্ষণাৎ সকলোকে নাশ কৰি দিব। তোমালোক সন্তানসকলে জানা যে ড্ৰামা অনুসৰি এতিয়া যুদ্ধ হ'ব নোৱাৰে, ৰাজ্য স্থাপনা হ'বলৈ আছে তেতিয়ালৈকে আমিও প্ৰস্তুতি চলাই আছোঁ। এওঁলোকেও প্ৰস্তুতি চলাই থাকে। তোমালোকৰ অন্তিমৰ ফালে বহুত প্ৰভাৱ বিস্তাৰ হ’ব। গায়নো কৰা হয় - হে প্ৰভু তোমাৰ লীলা। এয়া এই সময়ৰ গায়ন। এনেকৈও গায়ন কৰা হৈছে - তোমাৰ গতি-মত অনন্য। সকলো আত্মাৰ ভূমিকা অনন্য। এতিয়া পিতাই তোমালোকক শ্ৰীমত দি আছে যে মামেকম্‌ স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। ক'ত শ্রীমত, ক'ত মনুষ্যৰ মত। তোমালোকে জানা যে পৰমপিতা পৰমাত্মাৰ বাহিৰে অন্য কোনেও বিশ্বত শান্তি আনিব নোৱাৰে। 100 শতাংশ পৱিত্ৰতা-সুখ-শান্তি 5 হাজাৰ বছৰ পূৰ্বৰ দৰে ড্ৰামা অনুসৰি স্থাপনা কৰি আছে। কেনেকৈ? সেয়া আহি বুজা। তোমালোক সন্তানসকলো সহায়কাৰী হোৱা। যিয়ে বহুত সহায় কৰিব তেওঁ বিজয় মালাৰ মণি হৈ যায়। তোমালোক সন্তানসকলৰ নামো কিমান ৰমণীয় আছিল। সেই নামৰ তালিকা এলবামত ৰাখি থোৱা উচিত। তোমালোক ভাতীত আছিলা, ঘৰ-সংসাৰ ত্যাগ কৰি আহি পিতাৰ হ’লা। একেবাৰে ভাতীত আহি গ’লা। এনেকুৱা শক্তিশালী ভাতী আছিল যে ভিতৰলৈ কোনেও আহিব নোৱাৰিছিল। যিহেতু পিতাৰ হৈ গ'লা তেন্তে নামো নিশ্চয় হোৱা উচিত। সকলো সমৰ্পণ কৰি দিলা, সেইবাবে নাম ৰাখি দিলে। আচৰিত নহয়নে - পিতাই সকলোৰে নাম ৰাখিলে। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো কথাত সংশয় বুদ্ধিৰ হ’ব নালাগে, মহাবীৰ হৈ মায়াৰ ধুমুহা অতিক্ৰম কৰিব লাগে, এনেকৈ যোগযুক্ত হৈ থাকা যাতে মায়াৰ ধুমুহাই অস্থিৰ কৰিব নোৱাৰে।

(2) বুদ্ধিমান হৈ নিজৰ জীৱন ঈশ্বৰীয় সেৱাত লগাব লাগে। সঁচা আত্মিক সমাজকৰ্মী হ’ব লাগে। আত্মিক পঢ়া পঢ়িব লাগে আৰু আনকো পঢ়াব লাগে।

বৰদান:
‘অহম্‌’ আৰু ‘বহম্‌’ (অহংকাৰ আৰু অনুমান) সমাপ্ত কৰি দয়াশীল হওঁতা বিশ্ব কল্যাণকাৰী হোৱা

যেনেকুৱাই অৱগুণধাৰী, কঠোৰ সংস্কাৰধাৰী, কম বুদ্ধিৰ, সদায় গ্লানি কৰোঁতা আত্মা নহওঁক কিয় যি দয়াশীল বিশ্ব কল্যাণকাৰী সন্তান তেওঁলোকে সকলো আত্মাৰ প্ৰতি বিধিসন্মত হোৱাৰ লগতে স্নেহসম্পন্নও হ’ব। কেতিয়াও এইটো অনুমান কৰি নল’ব যে এওঁতো কেতিয়াও পৰিৱৰ্তন হ’বই নোৱাৰে, এওঁতো হয়েই এনেকুৱাই... বা এওঁ একো কৰিব নোৱাৰে, ময়েই সকলো... এওঁ একোৱেই নহয়। এনেকুৱা অহং ভাৱ আৰু অনুমান এৰি দুৰ্বলতা বা বেয়াখিনি জানিও ক্ষমা কৰোঁতা দয়াশীল সন্তানসকলেই বিশ্ব কল্যাণৰ সেৱাত সফল হয়।

স্লোগান:
য’ত ব্ৰাহ্মণৰ তন-মন-ধনৰ সহযোগ আছে ত’ত সফলতা লগতে আছে।


অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা

আত্মাসকলে যেতিয়া তোমালোকৰ আত্মিক স্বৰূপৰ অনুভৱ কৰিব তেতিয়া তেওঁলোক পিতাৰ প্ৰতি আকৰ্ষিত হৈ, অহ’ প্ৰভুৰ গীত গাব আৰু দেহবোধৰ পৰা সহজে অৰ্পণ হৈ যাব। অহ’! আপোনালোকৰ ভাগ্য! অহ’! মোৰ ভাগ্য! এই ভাগ্যৰ অনুভূতিৰ কাৰণে দেহ আৰু দেহৰ সম্বন্ধৰ স্মৃতি ত্যাগ কৰি দিব।