05.07.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল স্মৃতিৰেহে বেটাৰী চাৰ্জ হ'ব, শক্তি প্ৰাপ্ত হ'ব, আত্মা সতোপ্ৰধান হ'ব সেয়েহে স্মৃতিৰ যাত্ৰাৰ প্ৰতি বিশেষ মনোযোগ দিয়া

প্ৰশ্ন:
যিসকল সন্তানৰ স্নেহ একমাত্ৰ পিতাৰ প্ৰতি আছে, তেওঁলোকৰ লক্ষণ কি হ'ব?

উত্তৰ:
1) যদি একমাত্ৰ পিতাৰ প্ৰতি স্নেহ আছে তেন্তে পিতাৰ দৃষ্টিয়ে তেওঁলোকক ভৰপূৰ কৰি দিব, 2) তেওঁলোক পূৰা নষ্টোমোহা হ'ব, 3) যিসকলৰ বেহদৰ পিতাৰ মৰম পচন্দ হৈ গ'ল, তেওঁলোক অন্য কাৰো প্ৰেমত আৱদ্ধ হব নোৱাৰে, 4) তেওঁলোকৰ বুদ্ধি মিছাখণ্ডৰ মিছা মনুষ্যৰ পৰা আঁতৰি যায়। বাবাই তোমালোকক এতিয়া এনেকুৱা মৰম দিয়ে যি অবিনাশী হৈ যায়। সত্যযুগতো তোমালোক পৰস্পৰ বহুত মৰম-চেনেহেৰে থাকা।

ওঁম্শান্তি।
বেহদৰ পিতাৰ মৰম এতিয়া এবাৰেই তোমালোক সন্তানসকলে প্ৰাপ্ত কৰা, যি মৰমক ভক্তিমাৰ্গতো বহুত স্মৰণ কৰে। বাবা, বচ্ আপোনাৰেই মৰম লাগে। তুমি মাতা-পিতা.... তুমিয়েই সকলো। এজনৰ পৰাই আধাকল্পৰ কাৰণে মৰম প্ৰাপ্ত হৈ যায়। তোমালোকৰ এই আত্মিক মৰমৰ মহিমা পাৰাপাৰহীন। পিতাইহে তোমালোক সন্তানসকলক শান্তিধামৰ মালিক কৰি তোলে। এতিয়া তোমালোক দুখধামত আছা। অশান্তি আৰু দুখত সকলোৱে চিঞৰি থাকে। কাৰো গৰাকী বা অভিভাৱক নাই সেয়েহে ভক্তিমাৰ্গত স্মৰণ কৰে। কিন্তু নিয়ম অনুসৰি ভক্তিৰ সময়ো হৈছে আধাকল্প।

এয়াতো সন্তানসকলক বুজোৱা হৈছে, এনেকুৱা নহয় যে পিতা অন্তৰ্যামী। পিতাৰ সকলোৰে অন্তৰৰ কথা জনাৰ দৰকাৰেই নাই। সেয়াতো সংকল্প পাঠ কৰোঁতাসকলৰ কাম। তেওঁলোকেও এইটো বিদ্যা শিকে। ইয়াত সেইটো কথাই নাই। পিতা আহে, পিতা আৰু সন্তানসকলেহে এই সকলো ভূমিকা পালন কৰে। পিতাই জানে সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে। তাত সন্তানসকলে কেনেকৈ ভূমিকা পালন কৰে। এনেকুৱা নহয় যে তেওঁ প্ৰত্যেকৰে অন্তৰৰ কথা জানে। এয়াতো ৰাতিও বুজাইছিলোঁ যে প্ৰত্যেকৰে ভিতৰততো বিকাৰেই আছে। বহুত ছিঃ ছিঃ মনুষ্য। পিতা আহি ফুল কৰি তোলে। এই পিতাৰ স্নেহ তোমালোক সন্তানসকলে এবাৰেই প্ৰাপ্ত কৰা যি আকৌ অবিনাশী হৈ যায়। তাত তোমালোকে ইজনে-সিজনক বহুত মৰম কৰা। এতিয়া তোমালোক মোহজিৎ হৈ আছা। সত্যযুগী ৰাজ্যক মোহজিৎ ৰজা, ৰাণী তথা প্ৰজাৰ ৰাজ্য বুলি কোৱা হয়। তাত কোনেও কেতিয়াও নাকান্দে। দুখৰ নাম নাই। তোমালোক সন্তানসকলে জানা যে যথাযথ ভাৰতত স্বাস্থ্য, সম্পদ আৰু সুখ আছিল, এতিয়া নাই কিয়নো এতিয়া হৈছে ৰাৱণৰাজ্য। ইয়াত সকলোৱে দুখ ভোগ কৰে, আকৌ পিতাক স্মৰণ কৰে যে আহি সুখ-শান্তি দিয়ক, দয়া কৰক। বেহদৰ পিতা হৈছে দয়াশীল। ৰাৱণ হৈছে নিষ্ঠুৰ, দুখৰ ৰাস্তা দেখুৱাই দিওঁতা। সকলো মনুষ্য দুখৰ ৰাস্তাত চলে। সকলোতকৈ অধিক দুখ দিওঁতা হৈছে কাম বিকাৰ সেয়েহে পিতাই কয় - মৰমৰ সন্তানসকল, কাম বিকাৰৰ ওপৰত বিজয়ী হোৱা তেতিয়া জগতজিৎ হ'বাগৈ। এই লক্ষ্মী-নাৰায়ণক জগতজিৎ বুলি কোৱা হব নহয়। তোমালোকৰ সন্মুখত লক্ষ্য-উদ্দেশ্য ঠিয় হৈ আছে। মন্দিৰলৈ যদিও যায় কিন্তু তেওঁলোকৰ জীৱন বৃত্তান্ত একো নাজানে। যেন পুতলাৰহে পূজা হয়। দেৱীসকলৰ পূজা কৰে, ৰচনা কৰি বহুত অলংকৃত কৰি ভোগ আদি আগবঢ়ায়। কিন্তু সেই দেৱীসকলেতো একোৱে নাখায়। ব্ৰাহ্মণ লোকসকলেহে খায়। ৰচনা কৰি পাছত পালন কৰি বিনাশ কৰি দিয়ে, ইয়াক কোৱা হয় অন্ধশ্ৰদ্ধা। সত্যযুগত এনেকুৱা কথা নাথাকে। এই সকলো ৰীতি-প্ৰথা কলিযুগত আৰম্ভ হয়। তোমালোকে পোন-প্ৰথমে শিৱবাবাৰ পূজা কৰা, যাক অব্যভিচাৰী সত্যনিষ্ঠ পূজা বুলি কোৱা হয়। পাছত হয় ব্যভিচাৰী পূজা। বাবা শব্দটি উচ্চাৰণ কৰাৰ লগে লগে পৰিয়ালৰ সুবাস আহে। তোমালোকেও নোকোৱা জানো - তুমি মাতা-পিতা...... তোমাৰ এই জ্ঞান দিয়াৰ কৃপাৰে আমি অপাৰ সুখ পাওঁ। বুদ্ধিত এইটো স্মৃতি আছে যে আমি পোন-প্ৰথমে মূললোকত আছিলোঁ। তাৰ পৰা ইয়ালৈ আহোঁ শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰিবলৈ। পোন-প্ৰথমে আমি দৈৱী চোলা (শৰীৰ) ধাৰণ কৰোঁ অৰ্থাৎ নিজক দেৱতা বুলি কওঁ। পাছত ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ বৰ্ণত আহি আহি ভিন্ন ভিন্ন ভূমিকা পালন কৰোঁ। এই কথাবোৰ তোমালোকে প্ৰথমে জনা নাছিলা। এতিয়া পিতা আহি আদি-মধ্য-অন্তৰ জ্ঞান তোমালোক সন্তানসকলক দিছে। নিজৰো জ্ঞান দিছে যে মই এই শৰীৰত প্ৰৱেশ কৰোঁ। এওঁ নিজৰ 84 জন্মৰ বিষয়ে নাজানে। তোমালোকেও নাজানিছিলা। শ্যাম-সুন্দৰৰ ৰহস্যতো বুজোৱা হৈছে। এই শ্ৰীকৃষ্ণ হৈছে নতুন সৃষ্টিৰ প্ৰথম ৰাজকুমাৰ আৰু ৰাধা হৈছে দ্বিতীয় নম্বৰত। কেইটামান বছৰৰ পাৰ্থক্য। সৃষ্টিৰ আদিত এওঁক প্ৰথম নম্বৰৰ বুলি কোৱা হয় সেয়েহে শ্ৰীকৃষ্ণক সকলোৱে মৰম কৰে, এওঁকেই শ্যাম আৰু সুন্দৰ বুলি কোৱা হয়। স্বৰ্গততো সকলো সুন্দৰেই আছিল। এতিয়া স্বৰ্গ ক'ত! চক্ৰ ঘূৰি থাকে। এনেকুৱা নহয় যে সমুদ্ৰৰ তললৈ গুচি যায়। যেনেকৈ কয় যে লংকা, দ্বাৰকা তললৈ গুচি গ'ল। নহয়, চক্ৰ ঘূৰি থাকে। এই চক্ৰক জানিলে তোমালোক চক্ৰৱৰ্তী মহাৰজা-মহাৰাণী, বিশ্বৰ মালিক হৈ যোৱা। প্ৰজায়ো নিজক মালিক বুলি ভাবে নহয়। ক'ব, আমাৰ ৰাজ্য। ভাৰতবাসীয়ে ক'ব আমাৰ ৰাজ্য। নাম হৈছে ভাৰত। হিন্দুস্তান নামটি ভুল। বাস্তৱত আদি সনাতন দেৱী-দেৱতা ধৰ্মই হয়। কিন্তু ধৰ্ম ভ্ৰষ্ট, কৰ্ম ভ্ৰষ্ট হোৱাৰ কাৰণে নিজক দেৱতা বুলি ক'ব নোৱাৰে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। নহ'লে পিতাই কেনেকৈ আহি পুনৰ দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰিব। আগতে তোমালোকেও এই সকলোবোৰ কথা গম পোৱা নাছিলা, এতিয়া পিতাই বুজাইছে।

এনেকুৱা মৰমৰ বাবা, তেওঁকো আকৌ তোমালোকে পাহৰি যোৱা! সকলোতকৈ মৰমৰ পিতা নহয় জানো। বাকী ৰাৱণৰাজ্যত তোমালোকক সকলোৱে দুখেই নিদিয়ে জানো, সেয়েহে বেহদৰ পিতাক স্মৰণ কৰে। তেওঁৰ স্মৃতিত প্ৰেমৰ চকুলো বোৱাই দিয়ে - হে প্ৰিয়তম, কেতিয়া আহি প্ৰেয়সীসকলৰ লগত মিলিত হবা? কিয়নো তোমালোক সকলো হৈছা ভক্তি কৰোঁতা। ভক্তি কৰাসকলৰ স্বামী হৈছে ভগৱান। ভগৱান আহি ভক্তিৰ ফল দিয়ে, ৰাস্তা দেখুৱাই দিয়ে আৰু বুজায় - এয়া হৈছে 5 হাজাৰ বছৰৰ খেল। ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক কোনো মনুষ্যই নাজানে। আত্মিক পিতা আৰু আত্মিক সন্তানসকলেহে জানে। কোনো মনুষ্যই নাজানে, দেৱতাসকলেও নাজানে। এই আত্মিক পিতাইহে জানে। তেওঁ নিজৰ সন্তানসকলক বহি বুজায়। আন কোনো দেহধাৰীৰ ওচৰত এই ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান থাকিব নোৱাৰে। এই জ্ঞান একমাত্ৰ আত্মিক পিতাৰহে থাকে। তেওঁকেই জ্ঞান-জ্ঞানেশ্বৰ বুলি কোৱা হয়। জ্ঞান-জ্ঞানেশ্বৰে তোমালোকক জ্ঞান দিয়ে, ৰাজ-ৰাজেশ্বৰ কৰি তুলিবৰ কাৰণে সেয়েহে ইয়াক ৰাজযোগ বুলি কোৱা হয়। বাকী সেই সকলোবোৰ হৈছে হঠযোগ। হঠযোগীসকলৰো বহুত চিত্ৰ আছে। সন্ন্যাসীসকল যেতিয়া আহে, তেওঁলোক আহি আকৌ হঠযোগ শিকায়। যেতিয়া বহুত বৃদ্ধি হৈ যায় তেতিয়া হঠযোগ আদি শিকায়। পিতাই বুজাইছে যে মই আহোঁৱেই সংগমযুগত, আহি ৰাজধানী স্থাপনা কৰোঁ। স্থাপনা ইয়াত কৰে সত্যযুগত নহয়। সত্যযুগৰ আদিত ৰাজ্য আছে তেন্তে নিশ্চয় সংগমত স্থাপন হয়। ইয়াত কলিযুগত হৈছে সকলো পূজাৰী, সত্যযুগত হৈছে পূজ্য। গতিকে পিতা পূজ্য কৰি তুলিবলৈ আহে। পূজাৰী কৰি তোলোঁতা হৈছে ৰাৱণ। এই সকলোবোৰ জানিব নালাগে জানো। এয়া হৈছে উচ্চতকৈও উচ্চ পঢ়া। এইজন শিক্ষকক কোনেও নাজানে। তেওঁ পৰম পিতাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়। এয়া কোনেও নাজানে। পিতাইহে আহি নিজৰ সম্পূৰ্ণ পৰিচয় দিয়ে। সন্তানসকলক নিজে পঢ়াই আকৌ লগত লৈ যায়। বেহদৰ পিতাৰ স্নেহ প্ৰাপ্ত হয় সেয়েহে অন্য কাৰো স্নেহ পচন্দ নহয়। এই সময়ত হয়েই মিছাখণ্ড। মিছা মায়া, মিছা কাঁয়া........ ভাৰত এতিয়া হৈছে মিছা খণ্ড আকৌ সত্যযুগত হ'ব সত্যখণ্ড। ভাৰতৰ কেতিয়াও বিনাশ নহয়। এয়া হৈছে সকলোতকৈ শ্ৰেষ্ঠ তীৰ্থ। য'ত বেহদৰ পিতাই সন্তানসকলক বহি সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায় আৰু সকলোৰে সৎগতি কৰে। এয়া অতি শ্ৰেষ্ঠ তীৰ্থ। ভাৰতৰ মহিমা পাৰাপাৰহীন। কিন্তু এইটোও তোমালোকে বুজিব পাৰা - ভাৰত হৈছে বিশ্বৰ আশ্চৰ্য। সেয়া হৈছে মায়াৰ 7টা আশ্চৰ্য। ঈশ্বৰৰ আশ্চৰ্য এটাই। পিতা এজন, তেওঁৰ আশ্চৰ্যকৰ স্বৰ্গও এখনেই। তাকেই হেভেন, পেৰাডাইজ বুলি কয়। সঁচা নাম এটাই - স্বৰ্গ, এয়া হৈছে নৰক। আদিৰ পৰা অন্তলৈকে চক্ৰ তোমালোক ব্ৰাহ্মণসকলেহে পৰিক্ৰমা লগোৱা। আমিয়েই ব্ৰাহ্মণ, আকৌ আমিয়েই দেৱতা.... আৰোহণ কলা, অৱৰোহন কলা। আৰোহণ কলাৰ দ্বাৰা সকলোৰে কল্যাণ হয়। ভাৰতবাসীয়েহে বিচাৰে যে বিশ্বত শান্তিও হওঁক, সুখো হওঁক। স্বৰ্গততো আছেই সুখ, দুখৰ নাম নাই। তাক কোৱা হয় ঈশ্বৰীয় ৰাজ্য। সত্যযুগত সূৰ্যবংশী পাছত দ্বিতীয় শ্ৰেণীত চন্দ্ৰবংশী। তোমালোক হৈছা আস্তিক, তেওঁলোক হৈছে নাস্তিক। তোমালোক পিতাৰ হৈ পিতাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ পুৰুষাৰ্থ কৰা। তোমালোকৰ মায়াৰ লগত গুপ্ত যুদ্ধ চলে। পিতা আহে ৰাত্ৰিৰ সময়ত। শিৱৰাত্ৰি পালন কৰে নহয়। কিন্তু শিৱৰ ৰাত্ৰিৰো অৰ্থ বুজি নাপায়। ব্ৰহ্মাৰ ৰাত্ৰি পূৰা হৈ দিন আৰম্ভ হয়। তেওঁলোকে কয় শ্ৰীকৃষ্ণ ভগৱানুবাচ, এয়াতো হৈছে শিৱ ভগৱানুবাচ। এতিয়া শুদ্ধ কোন? শ্ৰীকৃষ্ণইতো পূৰা 84 জন্ম লয়। পিতাই কয় - মই সাধাৰণ বৃদ্ধ শৰীৰত আহোঁ। এৱোঁ নিজৰ জন্মক নাজানে। বহুত জন্মৰ অন্তত যেতিয়া পতিত হৈ যায় তেতিয়া পতিত সৃষ্টি, পতিত ৰাজ্যত আহোঁ। পতিত সৃষ্টিত অনেক ৰাজ্য, পাৱন সৃষ্টিত হৈছে এখনেই ৰাজ্য। হিচাপ আছে নহয়। ভক্তিমাৰ্গত যেতিয়া ঐকান্তিক ভক্তি কৰে, শিৰচ্ছেদ কৰিবলৈ সাজু হৈ যায় তেতিয়া তেওঁলোকৰ মনোকামনা পূৰ্ণ হয়। বাকী তাত একোৱে নাই, তাক কোৱা হয় ঐকান্তিক ভক্তি। যেতিয়াৰ পৰা ৰাৱণৰাজ্য আৰম্ভ হয় তেতিয়াৰ পৰা ভক্তিৰ কৰ্মকাণ্ডৰ কথা মনুষ্যই পঢ়ি পঢ়ি অৱনমিত হৈ আহে, এনেকৈ কয় - ব্যাস ভগৱানে শাস্ত্ৰ ৰচিলে, কি কি যে বহি লিখি দিছে? ভক্তি আৰু জ্ঞানৰ ৰহস্য এতিয়া তোমালোক সন্তানসকলে বুজি পাইছা। ছিৰি আৰু বৃক্ষৰ চিত্ৰত এই সকলোবোৰ বুজনি আছে। তাত 84 জন্মও দেখুওৱা হৈছে। সকলোৱেতো 84 জন্ম নলয়। যিসকল আৰম্ভণিত আহিছিল তেওঁলোকেই সম্পূৰ্ণ 84 জন্ম ল'ব। এই জ্ঞান তোমালোকে এতিয়াহে প্ৰাপ্ত কৰা পাছত উপাৰ্জনৰ উৎস হৈ যায়। 21 জন্ম কোনো অপ্ৰাপ্ত বস্তু নাথাকে, যাৰ প্ৰাপ্তিৰ বাবে পুৰুষাৰ্থ কৰিবলগীয়া হব। তাক কোৱা হয় - পিতাৰ এখনেই স্বৰ্গ যি বিশ্বৰ আশ্চৰ্য হয়। নামেই হৈছে পেৰাডাইজ। পিতাই তাৰ মালিক কৰি তোলে। তেওঁলোকেতো কেৱল আশ্চৰ্য দেখুৱায়, কিন্তু তোমালোককতো পিতাই তাৰ মালিক কৰি তোলে সেয়েহে এতিয়া পিতাই কয় - নিৰন্তৰ মোক স্মৰণ কৰা। স্মৰণ কৰি কৰি সুখ পোৱা, শৰীৰৰ সকলো দুখ-কষ্ট দূৰ হওঁক, জীৱনমুক্তিৰ পদ প্ৰাপ্ত কৰা। পৱিত্র হ'বলৈ স্মৃতিৰ যাত্ৰাৰো অতি প্ৰয়োজন। মনমনাভৱ, তেতিয়া আকৌ অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। গতি বুলি কোৱা হয় শান্তিধামক। সৎগতি হয় ইয়াত। সৎগতিৰ বিপৰীতে হৈছে দুৰ্গতি।

এতিয়া তোমালোকে পিতাক আৰু সৃষ্টিৰ আদি-মধ্য-অন্তক জানি গ'লা। তোমালোকে পিতাৰ স্নেহ প্ৰাপ্ত কৰা। পিতাই দৃষ্টিৰে ভৰপূৰ কৰি দিয়ে। সন্মুখত আহিহে জ্ঞান শুনাব নহয়। ইয়াত প্ৰেৰণাৰতো কোনো কথা নাই। পিতাই নিৰ্দেশনা দিয়ে, এনেকৈ স্মৰণ কৰিলে শক্তি প্ৰাপ্ত কৰিবা। যেনেকৈ বেটাৰী চাৰ্জ হয় নহয়। এয়া হৈছে মটৰ, ইয়াৰ বেটাৰীৰ চাৰ্জ নোহোৱা হৈ গৈছে। এতিয়া সৰ্বশক্তিমান পিতাৰ লগত বুদ্ধিৰ যোগসূত্ৰ গঢ়িলে তোমালোক পুনৰ তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবাগৈ। বেটাৰী চাৰ্জ হৈ যাব। পিতাহে আহি সকলোৰে বেটাৰী চাৰ্জ কৰে। পিতাহে হৈছে সৰ্বশক্তিমান। এই মধুৰ কথাবোৰ পিতাইহে বহি বুজায়। সেই ভক্তিৰ শাস্ত্ৰবোৰতো জন্ম-জন্মান্তৰ পঢ়ি আহিছা। এতিয়া পিতাই সকলো ধৰ্মৰ লোকৰ কাৰণে এটাই কথা শুনায়। পিতাই কয় - নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ খণ্ডন হব। এতিয়া স্মৰণ কৰাতো তোমালোক সন্তানসকলৰ কাম, ইয়াৰ বিভ্ৰান্ত হোৱাৰ কথাই নাই। পতিত-পাৱন এজন পিতাই হয়। আকৌ পাৱন হৈ সকলো ঘৰলৈ গুচি যাব। এই জ্ঞান সকলোৰে কাৰণে। এয়া হৈছে সহজ ৰাজযোগ আৰু সহজ জ্ঞান। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সৰ্বশক্তিমান পিতাৰ সৈতে নিজৰ বুদ্ধিৰ যোগসূত্ৰ গঢ়ি বেটাৰী চাৰ্জ কৰিব লাগে। আত্মাক সতোপ্ৰধান কৰি তুলিব লাগে। স্মৃতিৰ যাত্ৰাত কেতিয়াও বিভ্ৰান্ত হ'ব নালাগে।

(2) পাঠ পঢ়ি নিজৰ ওপৰত নিজে কৃপা কৰিব লাগে। পিতাৰ সমান প্ৰেমৰ সাগৰ হ'ব লাগে। যেনেকৈ পিতাৰ মৰম অবিনাশী, তেনেকৈ সকলোৰে প্ৰতি অবিনাশী সঁচা মৰম ৰাখিব লাগে, মোহজিৎ হ'ব লাগে।

বৰদান:
উপলব্ধি কৰাৰ শক্তিৰে মধুৰ অনুভৱ কৰোঁতা সৰ্বদা শক্তিশালী‌ আত্মা হোৱা

উপলব্ধি কৰাৰ শক্তিয়ে অতি মধুৰ অনুভৱ কৰায় - কেতিয়াবা নিজক বাবাৰ নয়নৰ মণি আত্মা অৰ্থাৎ নয়নত সমাহিত হৈ থকা শ্ৰেষ্ঠ বিন্দু বুলি উপলব্ধি কৰা, কেতিয়াবা মস্তকত চিকমিকাই থকা মস্তক মণি কেতিয়াবা নিজক ব্ৰহ্মা বাবাৰ সহযোগী সোঁহাত স্বৰূপ, ব্ৰহ্মা বাবাৰ বাহু বুলি উপলব্ধি কৰা, কেতিয়াবা অব্যক্ত ফৰিস্তা স্বৰূপৰ উপলব্ধি কৰা এই উপলব্ধি কৰাৰ শক্তি বৃদ্ধি কৰিলে শক্তিশালী হৈ যাবা। তেতিয়া সৰু দাগো স্পষ্ট ৰূপত দেখা দিব আৰু সেয়া পৰিৱৰ্তন কৰিব লবা।

স্লোগান:
সকলোৰে অন্তৰৰ আশীৰ্বাদ প্ৰাপ্ত কৰি গৈ থাকা তেতিয়া তোমালোকৰ পুৰুষাৰ্থ সহজ হৈ যাব।


পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

যাৰ তোমালোকৰ প্ৰতি শুভ ভাৱ আছে তেওঁলোকৰ প্ৰতি তোমালোকেও শুভ ভাৱ পোষণ কৰা, উপকাৰীৰ উপকাৰ কৰা, এয়া কোনো ডাঙৰ কথা নহয়। কিন্তু কোনোবাই তোমালোকক বাৰে বাৰে অৱনমিত কৰাবলৈ চেষ্টা কৰিলে, তোমালোকৰ মন অস্থিৰ কৰিলে তথাপি তোমালোকৰ তেওঁৰ প্ৰতি সদায় শুভ চিন্তনৰ, অবিচলিত ভাৱ পোষণ কৰা, কথাৰ কাৰণে যাতে ভাৱ সলনি নহয়, কোনোবাই অপকাৰ কৰক, তোমালোকে সেই অপকাৰক উপকাৰলৈ পৰিৱৰ্তিত কৰি দিয়া তেতিয়াহে চমৎকাৰ বুলি কোৱা হব।