05.07.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতাই তোমালোকক পঢ়াই আছে সুন্দৰ দেৱী-দেৱতা কৰি তুলিবলৈ, সৌন্দৰ্য্যৰ আধাৰ হৈছে পৱিত্ৰতা”

প্ৰশ্ন:
আত্মিক বন্তিশিখা অৰ্থাৎ শিৱবাবাৰ প্ৰতি যিবোৰ চগাপোক অৰ্থাৎ আত্মা উৎসৰ্গিত হৈ যাব, তেওঁলোকৰ লক্ষণ কি হ’ব?

উত্তৰ:
উৎসৰ্গিত হোৱা চগাপোক অৰ্থাৎ আত্মাসকলে :- 1) বন্তিশিখা অৰ্থাৎ শিৱবাবা যি হয়, যেনেকুৱা হয়, সেয়া যথাৰ্থ ৰূপত জানে আৰু স্মৰণ কৰে, 2) উৎসৰ্গিত হোৱা মানে হৈছে পিতাৰ সমান হোৱা। 3) উৎসৰ্গিত হোৱা মানে হৈছে পিতাতকৈও উচ্চ বাদশ্বাহীৰ অধিকাৰী হৈ যোৱা।

গীত:
মহফিল মে জ্বল উঠি শমা….. (ৰঙ্গসভাত জ্বলি উঠিল বন্তি শিখা…..)

ওঁম্শান্তি।
অতি মৰমৰ সন্তানসকলে এই গীতটিৰ কলিটি শুনিলে। এয়া কোনে বুজায়? আত্মিক পিতাই। তেওঁ বন্তিশিখাও হয়। নাম অনেক ৰখা হৈছে। পিতাৰ স্তুতিও বহুত কৰে। এয়াওতো পৰমপিতা পৰমাত্মাৰ স্তুতি হয় নহয় জানো। পিতা বন্তিশিখা হৈ আহিছে চগাবোৰৰ (আত্মাসকলৰ) কাৰণে। চগাপোকে যেতিয়া বন্তিশিখা দেখে তেতিয়া তাৰ প্ৰতি আসক্ত হৈ শৰীৰ ত্যাগ কৰে। অনেক চগাপোক আছে যি বন্তিশিখাত প্ৰাণ আহুতি দিয়ে। তাতো বিশেষকৈ যেতিয়া দীপমালা হয়, অনেক বন্তি জ্বলায় তেতিয়া বহুত সৰু সৰু জীৱ ৰাতি মৰি যায়। এতিয়া তোমালোক সন্তানসকলে জানা যে আমাৰ পিতা হৈছে পৰম আত্মা। তেওঁক ‘হুছেইন’ বুলিও কোৱা হয়, বহুত সুন্দৰ কিয়নো তেওঁ চিৰ পৱিত্ৰ। আত্মা পৱিত্ৰ হৈ গ'লে শৰীৰো পৱিত্ৰ আৰু প্ৰাকৃতিকভাৱে সুন্দৰ লাভ কৰে। শান্তিধামত আত্মা পৱিত্ৰ হৈ থাকে, পাছত যেতিয়া ইয়ালৈ ভূমিকা পালন কৰিব আহে তেতিয়া সতোপ্ৰধানৰ পৰা সতো, ৰজো, তমোত আহে। আকৌ সুন্দৰৰ পৰা শ্যাম অৰ্থাৎ ক'লা অপৱিত্ৰ হৈ যায়। আত্মা যেতিয়া পৱিত্ৰ হৈ থাকে তেতিয়া সোণালীযুগী বুলি কোৱা হয়। তেওঁলোকে তেতিয়া শৰীৰো সোণালীযুগী লাভ কৰে। সৃষ্টিও পুৰণা আৰু নতুন হৈ থাকে। সেই সুন্দৰ পৰমপিতা পৰমাত্মা, যাক ভক্তিমাৰ্গত আহ্বান জনাই থাকে - হে শিৱবাবা, সেই নিৰাকাৰ পৰমপিতা পৰমাত্মা আহিছে। আত্মাসকলক অপৱিত্ৰতাৰ পৰা পৱিত্ৰ কৰি সুন্দৰ কৰি তুলিবলৈ। এনেকুৱা নহয় যে আজিকালি যিসকল বহুত ধুনীয়া ব্যক্তি থাকে তেওঁলোকৰ আত্মা পৱিত্ৰ হয়। নহয়। যদিও শৰীৰ ধুনীয়া কিন্তু আত্মাতো পতিত হয় নহয়। বিলাতত কিমান ধুনীয়া হৈ যায়। জানানে এই লক্ষ্মী-নাৰায়ণ হৈছে সত্যযুগী সৌন্দৰ্য্য আৰু ইয়াত হৈছে নৰকৰ সৌন্দৰ্য্য। মনুষ্যই এই কথাবোৰ নাজানে। সন্তানসকলকেই বুজোৱা হয় যে এইবোৰ হৈছে নৰকৰ সৌন্দৰ্য্য। আমি এতিয়া স্বৰ্গৰ বাবে প্ৰাকৃতিকভাৱে সুন্দৰ হৈ আছোঁ। 21 জন্মৰ বাবে এনেকুৱা সুন্দৰ হ'ম। ইয়াৰ সৌন্দৰ্য্যতো এটা জন্মৰ বাবে। ইয়ালৈ বাবা আহিছে, গোটেই সৃষ্টিৰ মনুষ্য মাত্ৰেই নহয় সৃষ্টিখনকো সুন্দৰ কৰি তোলে। সত্যযুগ নতুন সৃষ্টিত আছিলেই সুন্দৰ দেৱী-দেৱতাসকল। সেয়া (দেৱী-দেৱতা) হ'বৰ বাবে তোমালোকে এতিয়া পঢ়া। পিতাক বন্তিশিখা বুলিও কোৱা হয় কিন্তু হয় পৰম আত্মা। যেনেকৈ তোমালোকক আত্মা বুলি কয় তেনেকৈ তেওঁক পৰমাত্মা বুলি কয়। তোমালোক সন্তানসকলে পিতাৰ মহিমা গায়ন কৰা, পিতাই আকৌ সন্তানসকলৰ মহিমা কৰে, তোমালোকক এনেকুৱা কৰি গঢ়ি তোলোঁ যাতে মোতকৈও তোমালোকৰ পদ উচ্চ হয়। মই যি হওঁ, যেনেকুৱা হওঁ, যেনেকৈ মই ভূমিকা পালন কৰোঁ এয়া আৰু আন কোনেও নাজানে। এতিয়া তোমালোক সন্তানসকলে জানা যে কেনেকৈ আমি আত্মাসকলে ভূমিকা পালন কৰিবৰ বাবে পৰমধামৰ পৰা আহোঁ। আমি শূদ্ৰ কুলত আছিলোঁ এতিয়া আকৌ ব্ৰাহ্মণ কুলত আহিছোঁ। এইটোও (ব্ৰাহ্মণ বৰ্ণ) তোমালোকৰ বৰ্ণ আৰু আন কোনো ধৰ্মাৱলম্বীৰ বাবে এইটো বৰ্ণ নহয়। তেওঁলোকৰ বৰ্ণ নাথাকে। তেওঁলোকৰতো এটাই বৰ্ণ, খ্ৰীষ্টিয়ান বুলিয়েই চলি আহিছে। হয়, তেওঁলোকো সতো-ৰজো-তমোত আহে। বাকী এই বৰ্ণ তোমালোকৰ বাবে। সৃষ্টিও সতো-ৰজো-তমোত আহে। এই সৃষ্টি চক্ৰৰ বিষয়ে বেহদৰ পিতাই বহি বুজাইছে। যিজন পিতা জ্ঞানৰ সাগৰ, পৱিত্ৰতাৰ সাগৰ, তেওঁ নিজেই কয় যে মই পুনৰ্জন্ম নলওঁ। যদিও শিৱজয়ন্তী পালন কৰে কিন্তু মনুষ্যই এইটো নাজানে যে তেওঁ কেতিয়া আহে। তেওঁৰ জীৱন কাহিনীও নাজানে। পিতাই কয় যে মই যি হওঁ, যেনেকুৱা হওঁ, মোৰ কি ভূমিকা আছে, সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে - এই কথাবোৰ মই তোমালোক সন্তানসকলক কল্পই কল্পই বুজাওঁ। তোমালোকে জানা যে আমি ছিৰি নামি নামি (অৱনমিত হৈ) তমোপ্ৰধান হৈছোঁ। 84 জন্মও তোমালোকে লোৱা। পাছলৈ যিসকল আহে তেওঁলোকো সতো-ৰজো-তমোত আহিবই লাগে। তোমালোক তমোপ্ৰধান হোৱাৰ লগে লগে গোটেই সৃষ্টি তমোপ্ৰধান হৈ যায়। পুনৰ তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান নিশ্চয় হ'ব লাগে। এই সৃষ্টি চক্ৰ ঘূৰি থাকে। এতিয়া হৈছে কলিযুগ, ইয়াৰ পাছত আকৌ সত্যযুগ আহিব। কলিযুগৰ আয়ুস সম্পূৰ্ণ হ'ল। পিতাই কয় যে মই সাধাৰণ শৰীৰত হুবহু কল্প পূৰ্বৰ দৰে প্ৰৱেশ কৰিছোঁ পুনৰাই তোমালোকক ৰাজযোগ শিকাবলৈ। যোগতো আজিকালি বহুত আছে। বেৰিষ্টাৰী যোগ, ইঞ্জিনিয়াৰিং যোগ........। বেৰিষ্টাৰী পঢ়িবৰ বাবে বেৰিষ্টাৰৰ লগত বুদ্ধিৰ যোগসূত্ৰ স্থাপন কৰিবলগীয়া হয়। আমি বেৰিষ্টাৰ হ'বলৈ গৈ আছোঁ গতিকে বেৰিষ্টাৰী পঢ়োৱাসকলক স্মৰণ কৰোঁ। তেওঁলোকৰতো নিজৰ পিতা বেলেগ, গুৰুও যদি হয় তেওঁকো স্মৰণ কৰিব। তেতিয়াও বেৰিষ্টাৰৰ লগত বুদ্ধিৰ সংযোগ থাকে। আত্মাইহে পঢ়ে। আত্মাহে শৰীৰৰ দ্বাৰা জ’জ, বেৰিষ্টাৰ আদি হয়।

এতিয়া তোমালোক সন্তানসকলে আত্ম-অভিমানী হোৱাৰ সংস্কাৰ নিজৰ মাজত ধাৰণ কৰি লোৱা। আধাকল্প দেহ-অভিমানী হৈ আছিলা। এতিয়া পিতাই কয় দেহী-অভিমানী হোৱা। আত্মাতেই পঢ়াৰ সংস্কাৰ আছে। মনুষ্য আত্মাহে জ’জ হয়, এতিয়া আমি বিশ্বৰ মালিক দেৱতা হৈ আছোঁ, পঢ়াওঁতা হৈছে শিৱবাবা, পৰম আত্মা। তেৱেঁই জ্ঞানৰ সাগৰ, শান্তি, সম্পত্তিৰ সাগৰ। এয়াও দেখুওৱা হয় সাগৰৰ পৰা ৰত্নৰ থাল ওলায়। এইবোৰ হৈছে ভক্তিমাৰ্গৰ কথা। পিতাই প্ৰসংগ উল্লেখ কৰিবলগীয়া হয়। পিতাই বুজায় এয়া হৈছে অবিনাশী জ্ঞান ৰত্ন। এই জ্ঞান ৰত্নেৰে তোমালোক বহুত চহকী হোৱা আৰু পুনৰ হীৰা মণি-মুকুতাও তোমালোকে বহুত পোৱা। এই এটি এটি ৰত্ন লাখ টকা মূল্যৰ যিয়ে তোমালোকক ইমান চহকী কৰি তোলে। তোমালোকে জানা যে ভাৰতেই পৱিত্ৰ সৃষ্টি আছিল। তাত পৱিত্ৰ দেৱতাসকল আছিল। এতিয়া শ্যামবৰণীয়া অপৱিত্ৰ হৈ গ’ল। আত্মাসকলৰ আৰু পৰমাত্মাৰ মেলা হয়। আত্মাই শৰীৰত থাকিলেহে শুনিব পাৰে। পৰমাত্মাও শৰীৰত আহে। আত্মাসকলৰ আৰু পৰমাত্মাৰ ঘৰ হৈছে শান্তিধাম। তাত কোনো ধৰণৰ কথপোকথন নহয়। ইয়াত পৰমাত্মা পিতা আহি সন্তানসকলৰ সৈতে মিলিত হয়। শৰীৰ সহিত মিলিত হয়। তাততো ঘৰ আছে, তাত বিশ্ৰাম কৰে। এতিয়া তোমালোক সন্তানসকল পুৰুষোত্তম সংগমযুগত আছা। বাকী জগতৰসকল কলিযুগত আছে। পিতাই বহি বুজায় যে ভক্তিমাৰ্গত খৰচ বহুত কৰে, চিত্ৰও বহুত তৈয়াৰ কৰে। বৃহৎ বৃহৎ মন্দিৰ নিৰ্মাণ কৰে। নহ’লেতো শ্ৰীকৃষ্ণৰ চিত্ৰ ঘৰতো ৰাখিব পাৰে। বহুত সস্তীয়া চিত্ৰ থাকে পুনৰ ইমান দূৰ-দূৰণিলৈ মন্দিৰলৈ কিয় যাব লাগে। এয়া হৈছে ভক্তিমাৰ্গ। সত্যযুগত এই মন্দিৰ আদি নাথাকে। তাত হয়েই পূজ্য। কলিযুগত হৈছে পূজাৰী। তোমালোক এতিয়া সংগমযুগত পূজ্য দেৱতা হৈ আছা। এতিয়া তোমালোক ব্ৰাহ্মণ হৈছা। এই সময়ত তোমালোকৰ এই অন্তিম পুৰুষাৰ্থী শৰীৰ অতি মূল্যৱান। ইয়াৰ দ্বাৰা তোমালোকে বহুত উপাৰ্জন কৰা। বেহদৰ পিতাৰ সৈতে তোমালোকে খোৱা-বোৱা কৰা। আহ্বানো তেওঁকেই জনোৱা। এনেকুৱা নহয় যে শ্ৰীকৃষ্ণৰ পৰা খাওঁ। পিতাক স্মৰণ কৰে - তুমি মাতা-পিতা… বালকেতো পিতাৰ লগত খেলা-ধূলা কৰি থাকে। শ্ৰীকৃষ্ণৰ আমি সকলো বালক, এনেকৈ কোৱা নক’ব। সকলো আত্মাই পৰমপিতা পৰমাত্মাৰ সন্তান। আত্মাই শৰীৰৰ দ্বাৰা কয় - আপুনি আহিলে তেতিয়া আমি আপোনাৰ লগত খেলিম, খোৱা-বোৱা আদি সকলো কৰিম। তোমালোকে বাপদাদা বুলিয়ে কোৱা। সেয়েহে যেন এখন ঘৰৰ হৈ গ’ল। বাপদাদা আৰু সন্তানসকল। এই ব্ৰহ্মা হৈছে বেহদৰ সৃষ্টিকৰ্তা। পিতাই এওঁৰ (ব্ৰহ্মাবাবাৰ) শৰীৰত প্ৰৱেশ কৰি এওঁক তুলি লয়। এওঁক কয় তুমি মোৰ হোৱা। এয়া হৈছে মুখ বংশাৱলী। যেনেকৈ স্ত্ৰীকো তুলি লয় নহয়। সেয়াও মুখ বংশাৱলী হ’ল। কয় - তুমি মোৰ। পুনৰ তেওঁৰ পৰা কোষ বংশাৱলী সন্তানৰ জন্ম হয়। এইটো প্ৰথা ক’ৰ পৰা চলি আহিছে? পিতাই কয় - মই এওঁক (ব্ৰহ্মাবাবাক) তুলি ল’লোঁ নহয়। এওঁৰ দ্বাৰা তোমালোকক তুলি লওঁ। তোমালোক মোৰ সন্তান হোৱা। কিন্তু এওঁ হৈছে পুৰুষ। তোমালোক সকলোৰে তত্ত্বাৱধান ল’বলৈ পুনৰ সৰস্বতীকো তুলি ল’লোঁ। তেওঁৰ মাতা উপাধি পালে। সৰস্বতী নদী। এওঁ নদী মাতা হ’ল নহয়। পিতা হৈছে সাগৰ। এৱোঁ সাগৰৰ পৰাই ওলাইছে। ব্ৰহ্মপুত্ৰ নদী আৰু সাগৰৰ বহুত ডাঙৰ মেলা হয়। এনে মেলা অন্য ক’তো নহয়। সেয়া হৈছে নদীবোৰৰ মেলা। এয়া হৈছে আত্মাসকল আৰু পৰমাত্মাৰ মেলা। সেই মেলাও তেতিয়াহে হয় যেতিয়া শৰীৰত আহে। পিতাই কয় - মই হুচেইন। মই এওঁৰ (ব্ৰহ্মাবাবাৰ) শৰীৰত কল্পই কল্পই প্ৰৱেশ কৰোঁ। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। তোমালোকৰ বুদ্ধিত গোটেই সৃষ্টিৰ চক্ৰ আছে, ইয়াৰ আয়ুস 5 হাজাৰ বছৰ। এই বেহদৰ চিনেমাৰ পৰা আকৌ হদৰ চিনেমা তৈয়াৰ কৰে। যি অতীত হৈ গ’ল সেয়া আকৌ বৰ্তমান হ’ব। বৰ্তমান আকৌ ভৱিষ্যত হ’ব। যাক আকৌ অতীত বুলি কোৱা হ’ব। অতীত হ’বলৈ কিমান সময় লাগি গ’ল। নতুন সৃষ্টিত অহাৰ কিমান সময় পাৰ হ’ল? 5 হাজাৰ বছৰ। এতিয়া তোমালোক প্ৰত্যেকেই স্বদৰ্শন চক্ৰধাৰী। তোমালোকে বুজি পোৱা যে আমি প্ৰথমে ব্ৰাহ্মণ আছিলোঁ তাৰ পাছত দেৱতা হলোঁ। তোমালোক সন্তানসকলে এতিয়া পিতাৰ দ্বাৰা শান্তিধাম সুখধামৰ উত্তৰাধিকাৰ পোৱা। পিতা আহি তিনিটা ধৰ্ম একেলগে প্ৰতিষ্ঠা কৰে। বাকী সকলোৰে বিনাশ কৰাই দিয়ে। উভতাই লৈ যাওঁতা পিতা সৎগুৰুক তোমালোকে পাইছা। আহ্বানো জনোৱা যে আমাক সৎগতিত লৈ যাওঁক। শৰীৰ নাশ কৰাই দিয়ক। এনেকুৱা যুক্তি (উপায়) শুনাওঁক যাতে আমি শৰীৰ ত্যাগ কৰি শান্তিধামলৈ গুচি যাওঁ। গুৰুৰ ওচৰলৈও মনুষ্য এইকাৰণে যায়। কিন্তু সেই গুৰুৱেতো শৰীৰৰ পৰা মুক্ত কৰি লগত লৈ যাব নোৱাৰে। পতিত-পাৱন হয়েই এজন পিতা। সেয়েহে তেওঁ যেতিয়া আহে তেতিয়া নিশ্চয় পৱিত্ৰ হ’ব লাগিব। পিতাকেই কোৱা হয় কালৰো কাল, মহাকাল। সকলোকে শৰীৰৰ পৰা মুক্ত কৰি লগত লৈ যায়। এওঁ হৈছে সৰ্বোচ্চ মাৰ্গ-দৰ্শক। সকলো আত্মাকে উভতাই লৈ যায়। এয়া ছিঃ ছিঃ শৰীৰ, ইয়াৰ বন্ধনৰ পৰা মুক্ত হ’ব বিচাৰে। কেতিয়া শৰীৰ এৰিব আৰু কেতিয়া বন্ধনমুক্ত হ’ব। এতিয়া তোমালোকক এই সকলো আসুৰিক বন্ধনৰ পৰা মুক্ত কৰি সুখৰ দৈৱী সম্বন্ধত লৈ যায়। তোমালোকে জানা যে আমি শান্তিধাম হৈ সুখধামলৈ আহিম। পুনৰ দুখধামলৈ কেনেকৈ আহা এয়াও তোমালোকে জানা। বাবা আহেই শ্যামবৰণীয়াৰ পৰা সুন্দৰ কৰি তুলিবলৈ। পিতাই কয় - মই তোমালোকৰ একান্ত বাধ্য সঁচা পিতাও হওঁ। পিতা সদায় একান্ত বাধ্য হয়। সেৱা বহুত কৰে। খৰচ কৰি পঢ়ুৱাই আকৌ ধন-সম্পত্তি সকলো সন্তানসকলক দি নিজে সাধুসকলৰ সংগত থাকিবলৈ লয়। নিজতকৈও সন্তানসকলক উচ্চ কৰি তোলে। এই পিতায়ো কয়, মই তোমালোকক দ্বৈত মালিক কৰি তোলোঁ। তোমালোক বিশ্বৰো মালিক আৰু এই ব্ৰহ্মাণ্ডৰো মালিক হোৱা। তোমালোকৰ পূজাও দ্বৈত হয়। আত্মাৰো পূজা হয়। দেৱতা বৰ্ণতো পুজা হয়। মোৰতো একমাত্ৰ শিৱলিংগৰ ৰূপত পূজা হয়। মই ৰজাতো নহওঁ। তোমালোকৰ কিমান সেৱা কৰোঁ। এনেহেন পিতাক আকৌ তোমালোকে কিয় পাহৰি যোৱা। হে আত্মাসকল - নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰিলে তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। তোমালোক কাৰ ওচৰলৈ আহিছা? প্ৰথমে পিতা তাৰ পাছত দাদা। এতিয়া পিতা তাৰ পাছত “গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ” আদি দেৱ আদম, কিয়নো বহুত প্ৰজন্মৰ সৃষ্টি হয় নহয়। শিৱবাবাক “গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ” বুলি ক’ব জানো? প্ৰতিটো কথাতেই তোমালোকক বহুত উচ্চ কৰি তোলে। এনেহেন বাবাক পোৱা আকৌ তোমালোকে তেওঁক কিয় পাহৰি যোৱা? পাহৰিলে পৱিত্ৰ কেনেকৈ হ’বা। পিতাই পৱিত্ৰ হোৱাৰ উপায় শুনায়। এই স্মৃতিৰ দ্বাৰাহে লেপ (বিকাৰৰ লেপ) আতঁৰিব। পিতায় কয় - অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকল, দেহ-অভিমান ত্যাগ কৰি আত্ম-অভিমানী হ’ব লাগে, পৱিত্ৰও হ’ব লাগে। কাম মহাশত্ৰু। এই এটা জন্ম মোৰ কাৰণে পৱিত্ৰ হোৱা। লৌকিক পিতায়ো কয় নহয় যে কোনো বেয়া কাম নকৰিবা। মোৰ মান-সন্মান ৰাখিবা। পাৰলৌকিক পিতায়ো কয় - মই পৱিত্ৰ কৰি তুলিবলৈ আহিছোঁ, এতিয়া মুখ ক’লা নকৰিবা। নহ’লে সন্মান হানি হ’ব। সকলো ব্ৰাহ্মণৰ আৰু পিতাৰো সন্মান হানি কৰি দিবা। লিখে – বাবা, মই অধঃপতিত হৈ গলোঁ। মুখ ক’লা কৰি পেলালোঁ। বাবাই কয় - মই তোমালোকক সুন্দৰ কৰি তুলিবলৈ আহিছোঁ, তোমালোকে আকৌ মুখ ক’লা কৰি লোৱা। তোমালোকেতো সদাকালৰ বাবে সুন্দৰ হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই অন্তিম পুৰুষাৰ্থী শৰীৰ বহুত মূল্যৱান। ইয়াৰ দ্বাৰা বহুত উপাৰ্জন কৰিব লাগে। বেহদৰ পিতাৰ সৈতে খাই বৈ...... সৰ্ব সম্বন্ধৰ অনুভূতি কৰিব লাগে।

(2) এনেকুৱা কোনো কাম কৰিব নালাগে যাৰ দ্বাৰা ব্ৰাহ্মণ পৰিয়াল বা পিতাৰ সন্মান হানি হয়। আত্ম-অভিমানী হৈ সম্পূৰ্ণ পৱিত্ৰ হ’ব লাগে। স্মৃতিৰ দ্বাৰা পুৰণি লেপ আঁতৰাব লাগে।

বৰদান:
শুনাৰ লগতে তাৰ স্বৰূপ হৈ মনৰ মনোৰঞ্জনৰ দ্বাৰা সদায় শক্তিশালী আত্মা হোৱা

নিতৌ মনত নিজৰ প্ৰতি বা অন্যৰ প্ৰতি উৎসাহ-উদ্দীপনাৰ সংকল্প আনা। নিজেও সেই সংকল্পৰ স্বৰূপ হোৱা আৰু আনৰ সেৱাতো প্ৰয়োগ কৰা তেতিয়া নিজৰ জীৱনো সদা কালৰ বাবে উৎসাহ ভৰা হৈ যাব আৰু আনকো উৎসাহ দিওঁতা হ’ব পাৰিবা। যেনেকৈ মনোৰঞ্জনৰ অনুষ্ঠান পতা হয় তেনেকৈ নিতৌ মনৰ মনোৰঞ্জনৰ অনুষ্ঠান পাতা, যি শুনা তাৰ স্বৰূপ হোৱা তেতিয়া শক্তিশালী হৈ যাবা।

স্লোগান:
আনক পৰিৱৰ্তন কৰাৰ আগতে নিজক পৰিৱৰ্তন কৰি লোৱা, এয়াই বুদ্ধিমত্তা।


অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা

সকলোতকৈ তীব্ৰ গতিৰ সেৱাৰ সাধন হৈছে - শুভ আৰু শ্ৰেষ্ঠ সংকল্পৰ শক্তি। যেনেকৈ পিতা ব্ৰহ্মাই শ্ৰেষ্ঠ সংকল্পৰ বিধিৰে সেৱাৰ বৃদ্ধিত সদায় সহযোগী হ’ল, বিধি তীব্ৰ হ’লে বৃদ্ধিও তীব্ৰ হয়, তেনেকৈ তোমালোক সন্তানসকলেও শ্ৰেষ্ঠ শুভ সংকল্পৰে সম্পন্ন হোৱা।