05.07.26 Avyakt Bapdada
Assame
Murli
15.12.2010 Om Shanti Madhuban
“*“’মোৰ’ বোধক
‘তোমাৰ’ লৈ পৰিৱৰ্তন কৰি নিশ্চিন্ত বাদশ্বাহ হোৱা, ছেকেণ্ডত ব্যৰ্থত বিন্দু লগোৱাৰ
অভ্যাসী হৈ প্ৰতিটো সংকল্প আৰু সময় সফল কৰা”*”
আজি চাৰিওফালৰ নিজৰ
নিশ্চিন্ত বাদশ্বাহ সন্তানসকলক চাই আছোঁহঁক। এনেকুৱা নিশ্চিন্ত বাদশ্বাহৰ সভা
এতিয়াহে দেখিবলৈ পোৱা যায় কিয়নো এতিয়াহে পিতাই চিন্তা লৈ নিশ্চিন্ত বাদশ্বাহ কৰি
তোলে সেইবাবে এই সময়তহে তোমালোকৰ এই সভা দেখিবলৈ পোৱা যায়। তোমালোক সকলো ৰাতিপুৱা
উঠিয়েই নিশ্চিন্ত স্থিতিত স্থিৰ হোৱা, খোৱা-বোৱা কৰোঁতে, কৰ্ম কৰোঁতে কোনো চিন্তা
নাই। শোৱা তেতিয়াও নিশ্চিন্ত, এনেকুৱা বাদশ্বাহ আৰু নিশ্চিন্ত, উঠা, শোৱা,
নিশ্চিন্ত, এনেকুৱা অনুভৱ কৰানে? কিয়নো তোমালোক সকলোৱে পিতাক চিন্তা দি সম্ভ্ৰম (শুদ্ধ
নিচা বা গৰ্ব) লৈ ল’লা সেইকাৰণে নিশ্চিন্ত বাদশ্বাহ হৈ গ’লা। যদি আগবাঢ়ি গৈ থাকোঁতে
কিবা চিন্তা আহি যায় তেতিয়া চিন্তাই কি কৰি দিয়ে? সম্ভ্ৰম থাকিলে তেতিয়া তোমালোকৰ
মস্তকত লাইটৰ জিলিকনি জিলিকি উঠে। যদি চিন্তা আহি যায় তেতিয়া বোজাৰ পাচি আহি যায়।
কোৱা, তোমালোকৰ লাইটৰ জিলিকনি ভাল লাগে নে বোজাৰ পাচি? নিশ্চিন্ত বাদশ্বাহ নিজৰো
ভাল লাগে আৰু যি এনেকুৱা স্থিতিত উৰে, তেতিয়া তেওঁৰ জিলিকি থকা লাইট দেখি আনৰ কিমান
ভাল লাগে সেইবাবে বাপদাদাই সদায় সন্তানসকলক নিশ্চিন্ত বাদশ্বাহৰ স্থিতিত, এইটো
স্মৃতি স্বৰূপত স্থিৰ কৰে, সেইকাৰণে তোমালোকৰ চিত্ৰও ভক্তসকলে দ্বৈত মুকুটধাৰী
দেখুৱায়। এটা লাইটৰ মুকুট আৰু আনটো বিকাৰক জয় কৰাৰ বাদশ্বাহৰ মুকুট, দ্বৈত মুকুট
দেখুৱায় সেইবাবে বাপদাদাই সদায় প্ৰতিগৰাকী সন্তানক এইটোৱেই শিক্ষা দিয়ে, সদায়
উল্লাসত থকা বহুত সহজ, কিয় সহজ? কেৱল হদৰ ‘মোৰ’ বোধ পিতাক দি দিয়া। ‘মোৰ’ পৰা
‘তোমাৰ’ কৰিলা গতিকে নিশ্চিন্ত বাদশ্বাহ হৈ গ’লা। এটা শব্দৰেই অন্তৰ, ‘মোৰ’
‘তোমাৰ’। ‘তো’ আৰু ‘মো’, এই শব্দৰ পাৰ্থক্যত নিশ্চিন্ত বাদশ্বাহ হৈ যায়। সহজ নহয়
জানো! হৈছা নহয় নিশ্চিন্ত বাদশ্বাহ? নে এতিয়াও চিন্তা থাকে? যদি কেতিয়াবা
নিশ্চিন্তৰ পৰিৱৰ্তে চিন্তা আহে তেন্তে পাৰ্থক্য কেৱল ‘তোমাৰ’ সলনি ‘মোৰ’ বুলি মানি
ল’লে চিন্তা আহে। তেন্তে সকলোৰে বাস্তৱিক ফলাফল কি? চিন্তা দি দিলা নে মাজে মাজে
সম্ভ্ৰম এৰি চিন্তাত আহি যোৱা। চিন্তা আহে নে নিশ্চিন্ত হৈয়ে থাকা? যিসকল সদায়
নিশ্চিন্ত বাদশ্বাহ হৈ থাকা তেওঁলোকে হাত দাঙা। নিশ্চিন্ত বাদশ্বাহ, দৃঢ়নে নে
কেতিয়াবা কেতিয়াবা! নিশ্চিন্ত বাদশ্বাহ, দীঘলকৈ হাত দাঙা। কেতিয়াবা কেতিয়াবা হোৱা
সকলো আছে। সেৱাৰ চিন্তা সেয়া বেলেগ কথা। সেই চিন্তা আনকো নিশ্চিন্ত কৰি তোলাৰ সাধন।
নিজৰ সংস্কাৰৰ কাৰণে যদি চিন্তা আহে তেন্তে তাক সেই সময়তে ‘মোৰ’ৰ পৰিৱৰ্তে ‘তোমাৰ’
লৈ পৰিৱৰ্তন কৰি দিয়া। পিতাক চিন্তা দি দিয়া আৰু সম্ভ্ৰম লৈ লোৱা কিয়নো পিতা আহিছেই
সন্তানসকলৰ চিন্তা লৈ সম্ভ্ৰম দিবলৈ। গতিকে পৰীক্ষা কৰা মোৰ কেতিয়াবা কেতিয়াবা বহুত
সময়ৰ সংস্কাৰ জাগ্ৰততো নহয়? কিয়নো বাপদাদাই কিছু সময়ৰ পৰা সন্তানসকলক এইটো কৈ আছে
যে বৰ্তমান সময় অনুসৰি যিকোনো সময়ত যি কোনো কথা হ’ব পাৰে আৰু যি কোনো সময়ত হ’ব পাৰে
সেইবাবে প্ৰতিগৰাকী সন্তানে নিজৰ প্ৰতি এইটো মনোযোগ দিব লাগে যে যদি এক ছেকেণ্ডত
বিন্দু লগাব বিচৰা তেতিয়া লগাব পাৰানে? ধৰা যি কোনো ব্যৰ্থ সংকল্প আহি যায় তেতিয়া
বিন্দুৰ দ্বাৰা এক ছেকেণ্ডত ব্যৰ্থ সমাপ্ত কৰিব পাৰানে? ইমান অভ্যাস আছেনে? নে সেই
সময়ত, সময়ৰ পৰিস্থিতি অনুসৰি পুৰুষাৰ্থ কৰি ব্যৰ্থ সমাপ্ত কৰাৰ প্ৰয়োজন হ’ব! লগোৱা
বিন্দু আৰু লাগি যায় প্ৰশ্নবোধক চিন, ‘কিয়’, ‘কি’, ‘কেনেকৈ’ … সেই সময়ত এইটো ভাবি
থাকা তেতিয়া আহিবলগীয়া সময়ত যি লক্ষ্য পিতাৰ লগত যাম, পিতাতো ছেকেণ্ডত গুচি যাব,
কিয়নো বিন্দু আৰু ছেকেণ্ডো বিন্দু আৰু পূৰ্ণ যতিও বিন্দুয়েই (দাৰি ‘।’)। তেন্তে
তোমালোকৰো ইমান অভ্যাস আছেনে? ইয়াৰ বাবে এতিয়াৰ পৰাই এইটো অভ্যাসৰ অভ্যাসী হ’বা
তেতিয়া পিতাৰ সমান শ্ৰীমতৰ হাতত হাত দি নিজৰ ঘৰ পাবাগৈ সেইবাবে বাপদাদাই আগতেও কৈছে
যে দুটা কথাৰ প্ৰতি মনোযোগ দিয়া। দুটা কথা কোনটো?
এটা সংকল্পৰ সম্পদ আৰু
আনটো সময়ৰ সম্পদ, সম্পদতো বহুত পাইছা, জ্ঞানৰ সম্পদ, শক্তিৰ সম্পদ, যোগৰ দ্বাৰা যি
মুখ্য সম্পন্ন হোৱাৰ যুক্তি, সকলো প্ৰাপ্ত কৰাইছে কিয়নো এই সংগমৰ সময় গোটেই কল্পৰ
অমূল্য বিশেষ সময়, এই সময়তেই যিমান প্ৰাপ্তি কৰিব বিচৰা সিমান কৰিব পাৰা কিয়নো এই
এটা জন্ম মহান জন্ম। এটা জন্মত অনেক জন্মৰ প্ৰালব্ধ গঢ়ি তুলিব লাগে। সংগমযুগৰ সময়
এক ছেকেণ্ডো নষ্ট কৰিব নালাগে। এক ছেকেণ্ডৰ সংযোগ অনেক জন্মৰ সৈতে আছে। অনেক বছৰৰ
প্ৰাপ্তি জমা কৰাৰ এটা বছৰ সেইবাবে এই সময়ৰ মূল্য ছেকেণ্ড বা মিনিট নহয়, এক ঘণ্টাও
মহান এক ছেকেণ্ডো মহান। আৰু সংকল্প এই সংগমৰ জন্মৰ বিশেষ আধাৰ। চোৱা, যি যোগ লগোৱা
তাক মনমনাভৱ বুলি কোৱা আৰু ইয়েই ভেটিৰ মূল আধাৰ। মনৰ কামেই হৈছে সংকল্প কৰা,
সংকল্পৰ দ্বাৰাই স্মৃতিৰ যাত্ৰাৰ অনুভূতি কৰা। ইজনে সিজনক বিশেষ সংকল্প দি অভ্যাস
কৰোৱা নহয়! গতিকে সকলোৱে পৰীক্ষা কৰা – সময়ৰ গতি গোটেই দিনটোত চলোঁতে ফুৰোঁতে কৰ্ম
কৰোঁতে, সম্বন্ধত আহোঁতে অমূল্য ৰূপত আছিলনে? কিয়নো সময় অমূল্য। সংকল্পই
সৰ্বশক্তিমান কৰি তোলে।
গতিকে বাপদাদাই বাৰে
বাৰে কয় হে বাপদাদাৰ মৰমৰ, অন্তৰত অধিষ্ঠিত সন্তানসকল এতিয়া ব্যৰ্থৰ পুঁজি সমাপ্ত
কৰা। সফল কৰা। সফল কৰাটোৱেই সফলতা। এক চেকেণ্ড গ’ল, এইটো নাভাবিবা। প্ৰতিটো চেকেণ্ড,
প্ৰতিটো সংকল্প সফল হ’ল, ইমান মনোযোগ নিজৰ ওপৰত ৰাখিবই লাগে। ইমান পূৰ্ণ যতি লগোৱাৰ
পৰীক্ষণ কৰা। অমনোযোগী নহ’বা। বাপদাদাই কৈছিল কিন্তু মই বুজি নাপালোঁ, সময়ৰ কথা
নাভাবিলোঁ, সময় ইমান তীব্ৰগতিত গৈ আছে, যাব। এতিয়া অমনোযোগিতা বাপদাদাই প্ৰতিজনৰ পৰা
ল’বলৈ বিচাৰে। এইটো শুনিবলৈ নিবিছাৰে যে মই বুজি নাপালোঁ, ভবা নাছিলোঁ। এতিয়া বছৰো
নতুন আহিবলৈ হৈছে, গতিকে নতুন বছৰ আৰম্ভ হোৱাৰ আগতে ব্ৰাহ্মণ সংসাৰৰ পৰা
অমনোযোগিতাৰ লগতে এলাহ, এলাহো ভিন্ন ভিন্ন প্ৰকাৰৰ আছে, ইয়াক এতিয়া যিটো বছৰ পূৰা
হ’বলৈ সময় আছে, ইয়াত অভ্যাস আৰম্ভ কৰা আৰু যেতিয়া নতুন বছৰ আৰম্ভ হ’ব তেতিয়া সাহস
ৰাখি সংকল্প কৰিবা আৰু ইয়াক বিদাই দিবা। বছৰৰ লগতে ইয়াকো বিদাই দি দিবা। দিব
পাৰিবানে! দিব পাৰিবানে? যিসকলে দিব পাৰা তেওঁলোকে হাত দাঙা। (সকলোৱে হাত দাঙিলে)
বাঃ! সন্তান বাঃ! হাত দঙাততো বাপদাদাক বহুত আনন্দিত কৰা। বাপদাদাই দেখিছে যে বহুত
সন্তানৰ হাত দঙাৰ প্ৰতিদান দিয়াৰ স্মৃতি থাকে। আৰু কোনোৱে স্মৃতিত ৰখাটো অমনোযোগী
হৈ যায়। বাপদাদাৰ সৈতে বাৰ্তালাপ বৰ ভাল কৰে। হৈ যাব, বাবা আপুনি চাব এতিয়াই হ’ব,
এতিয়া হ’ব … । বাপদাদায়ো এনেকুৱা অমনোযোগী সন্তানসকলৰ কথা শুনি মিচিকিয়াই হাঁহে আৰু
কি কৰিব! ভাল কথা, ভাবে কৰিব লাগে, কৰিব লাগে, কৰিব লাগে … এয়া বহুত ভাবে, কিন্তু
কৰি আছে নে নাই কৰা তাৰ পৰীক্ষণ আকৌ কি কৰিব! অমনোযোগী হৈ যায়।
গতিকে আজি চাৰিওফালৰ
সন্তানসকলৰ কথা বাপদাদাই শুনিলে যিসকলে নিজৰ দেশত, নিজৰ স্থানত চাই থাকে, তাতো ভাল
দেখা যায়, শুনাও যায়। গতিকে বাপদাদাই সন্মুখত অহা সন্তানসকলক আৰু নিজৰ স্থানত শুনা,
চাই থকা সন্তানসকলক এইটোৱেই কৈছে এতিয়া পুৰুষাৰ্থ, সংকল্প আৰু সংগমৰ সময়ৰ প্ৰতি
মনোযোগ দিয়া। সকলো সন্তান স্নেহততো গৰিষ্ঠসংখ্যক উত্তীৰ্ণ। স্নেহৰ আধাৰত নিজৰ ভাল
উন্নতি কৰি আছে। স্নেহৰ কাৰণে, পিতাৰ স্নেহৰ সঁহাৰি পোৱাৰ কাৰণে আগবাঢ়িও গৈ আছে
কিন্তু পিতাই বুজে, যেনেকৈ স্নেহত অনুভৱী হৈ আগবাঢ়িছা তেনেকৈয়ে স্মৃতিৰ বিষয়টিত
অনেক জন্মৰ বিকৰ্ম বিনাশ কৰাত আৰু মনোযোগ দিয়া। কিয়? বিকৰ্ম বিনাশ হ’লেহে একেলগে
যাব পাৰিবা, নহ’লে পিছে পিছে আহিবা আৰু পিতাই বুজে যে স্নেহৰ সঁহাৰি এইটোৱেই যে
স্নেহী আত্মাই যি কয় সেয়া কৰিবই লাগে। পিতাই বিচাৰে যেতিয়া সন্তানসকলৰ স্নেহ পিতাৰ
প্ৰতি আছে তেন্তে একেলগে থাকক। ৰাজধানীতো পিতা ব্ৰহ্মাৰ লগত ৰাজধানীলৈ আহক।
ৰাজধানীলৈ অহা অৰ্থাৎ ৰাজপৰিয়ালত অহা সিংহাসনত নবহে কিন্তু ৰাজপৰিয়ালৰ সংগীতো হওক।
বাপদাদাই আগতেও কৈছে ইয়াৰ পৰীক্ষা কেনেকৈ কৰিবা! যেতিয়াৰ পৰা তোমালোক আহিছা,
তোমালোকৰ জ্ঞানৰ যিমান বয়স হৈছে, সিমান সময় যদি তোমালোক বাপদাদাৰ অন্তৰাসনত বহি আছা
তেন্তে যি বেছি সময় অন্তৰাসনত আছে, মাটিত ভৰি দিয়া নাই তেওঁ সেই অনুসৰি ৰাজকীয়
পৰিয়ালৰ সমীপ সম্বন্ধত থাকিব। ৰাজপৰিয়ালৰ লোক হৈ থাকিব। গতিকে স্নেহ আছে, তেন্তে
স্নেহীসকলে একেলগে থকাত পিছ পৰি নাথাকে। যিসকল অন্তৰাসনত অধিষ্ঠিত তেওঁলোক দ্বাপৰ
কলিযুগতো সম্বন্ধত থাকিব। ওচৰত থাকিব সেইবাবে স্নেহীসকল সদায় অন্তৰাসনত থাকা আৰু
জন্ম-জন্মান্তৰৰ অধিকাৰ লোৱা, সেইকাৰণে বাপদাদাই প্ৰতিগৰাকী সন্তানক স্নেহ কৰে।
বাবাই প্ৰমাণপত্ৰ দিলে যে স্নেহৰ বিষয়টিত গৰিষ্ঠসংখ্যক উত্তীৰ্ণ। এতিয়া সকলো বিষয়ত
উত্তীৰ্ণ হ’বই লাগে উত্তীৰ্ণ হ’ব লাগে, ওচৰত থাকিব লাগে।
প্ৰথমবাৰ অহা
সন্তানসকল থিয় হোৱা। প্ৰথম বাৰ আহিছা! আধা শ্ৰেণীতো নতুন। আহিছা, বাপদাদাই অহাসকলক
আদৰণি জনাই আছে। অভিনন্দন। প্ৰথমবাৰ অহাৰ বাবে অভিনন্দন। যদিও পলমকৈ আহিছা, তথাপিও
একেবাৰে শেষ সময়ৰ আগতেই আহিছা। এতিয়া এইটো মনোযোগ দিবা যে কম সময়ৰ ভিতৰত তীব্ৰ
পুৰুষাৰ্থী হৈ নিজৰ ভৱিষ্যত যিমান বঢ়াব বিচৰা তীব্ৰ পুৰুষাৰ্থৰ দ্বাৰা আগবাঢ়িব
পাৰিবা কিয়নো এতিয়াও পুৰুষাৰ্থ কৰাৰ সুযোগ আছে। যিমান আগবাঢ়িব বিচৰা সিমান আগবাঢ়িব
পাৰা। বাপদাদা আৰু এই দৈৱী পৰিয়ালে তোমালোকক একেলগে আগবাঢ়ি যোৱাৰ প্ৰকম্পন দিব
সেয়েহে আগবাঢ়া, সাহস ৰাখা। সাহস তোমালোকৰ আৰু সহায় বাপদাদা আৰু পৰিয়ালৰ, আগবাঢ়া।
ঠিক আছে নহয়! হয় বুলি কোৱা, আগবাঢ়া। বাৰু।
মধুবন নিবাসীসকলৰ সৈতে:-
মধুবনৰ লোকসকলতো ভাগ্যৱান, অলপ-অচৰপ সংগঠনটোক দৃঢ় কৰি সংগী কৰা আৰু কাকো সংগী নকৰিবা,
ইয়াত ইজনে সিজনক সংগী কৰি প্ৰথম নম্বৰ মধুবনে ল’ব লাগে। ল’বানে! যি পাৰ হৈ গ’ল সেয়া
পাৰ হৈ গ’ল, যিয়েই হ’ল, সকলোৱে দেখিলে, শুনিলে আৰু মধুবন নিবাসীসকলৰ বাবেতো বৰ
সোণালী সুযোগ। মধুবনলৈ সকলো আহি গ’ল। গতিকে মধুবন নিবাসীসকলে যদি মিলি – এইটো নহয়
যে পাণ্ডৱ ভৱন বেলেগ বা আন কোনো স্থান বেলেগ, নহয়, মধুবন মানে সকলো এক। তেন্তে
মধুবন নিবাসীসকলে বুজি পাইছে যে কি কৰিব! হাত দাঙা যি কৰিবা। সকলোৱে দাঙিলে, যিসকলে
বুজে কৰাটো কি ডাঙৰ কথা, বাপদাদা আছে, দাদীসকল আছে গতিকে ডাঙৰ কথাতো নহয়। দাদীসকলে
কি ভাবে! মধুবন নিবাসীসকলতো এক নম্বৰ। ভাল কথা, বাবাই এইটো কৰি দেখুৱাবলৈ সকলোকে কৈ
থৈছে কিন্তু মধুবন, মধুবনতো মধুবনেই। তোমালোক সকলোৱে প্ৰকম্পন দিবা, হৈ যাব, কোনো
ডাঙৰ কথা নহয়। বিঘিনিৰ নাম চিহ্ন নাই। বাৰু কিবা কথা হ’ল, লেনদেন কৰিলা শেষ। কিছু
সময় পূৰ্বে যেতিয়া দাদী আছিল, তেতিয়া এবাৰ সকলোৱে পাঠ দৃঢ় কৰিছিল ‘হয় হজুৰ’, ‘নহয়’
শব্দ নহয়, ‘হয় হজুৰ’, বৰ ভাল কথা। গতিকে মধুবন প্ৰথম নম্বৰত যাব। বাপদাদাই মধুবনক
লৈ গৌৰৱ কৰে নহয়! প্ৰতিটো মণ্ডলক লৈ গৌৰৱ কৰে, এতিয়া মধুবন সন্মুখত আহিছে কিন্তু
বাপদাদাই সকলো মণ্ডলকে কয়, হয় হজুৰ, মৰমৰ আত্মা, সকলোৰে এইটো পাঠ দৃঢ়। দৃঢ় নহয় জানো?
পুৰস্কাৰতো মধুবনে ল’ব লাগে। এক চেকেণ্ডত অতীতক অতীত কৰিব পাৰিবানে! বাৰু পুৰুষাৰ্থী
হয়, হৈও গ’ল কিন্তু অতীতক অতীত কৰি উৰি যোৱা। উৰি যোৱাসকলে পিছৰ খিনি এৰি থৈ যায়,
তেতিয়াহে উৰিব পাৰে। গতিকে বৰ ভাল কথা।
এতিয়া গুজৰাটে কিবা
নতুনত্ব কৰক। বাপদাদাই দিল্লীৰ লোকসকলকো কৈছে এতিয়া নবীনতা কৰা। বাপদাদাই সংবাদ পালে
যে এতিয়া যুৱপ্ৰজন্মই বিদেশ আৰু দেশ মিলি যি আৰম্ভ কৰিছে, তাত ভাল ফলাফল হ’ব পাৰে।
এতিয়া কেৱল উদ্ভাৱন আৰম্ভ কৰিছে কিন্তু দিল্লীৰ লোকসকলে সাহস ভাল ৰাখিলে। আৰম্ভ
কৰিছে এতিয়া বিশ্বত এইটো বিয়পি পৰক তেন্তে বিদেশ আৰু দেশ মিলি এটা ব্ৰাহ্মণ পৰিয়াল
হৈছে আৰু বিশ্বৰ সন্মুখত বিশ্বকো এক কৰি তুলিব। আৰম্ভতো হৈ গৈছে, এতিয়া মুছলমান
লোকসকলো আগবাঢ়িছে। কিন্তু এতিয়া এনেকুৱা এটা ডাঙৰ কাৰ্যসূচী হাতত লোৱা য’ত মুখ্য
দেশসমূহৰ পৰা মানুহ আহে আৰু বিশ্বত এইটো প্ৰসিদ্ধ হওক যে সকলো এজন পিতাৰ সন্তান,
ইজন সিজনৰ ভাই-ভনী – এইটো ধ্বনি বিয়পি থাকক। একেখন মঞ্চতে সকলো ফালৰ লোকৰ বিশেষ
অনুভৱ হওক। পৰিকল্পনাতো সকলোৱে কৰি আছে। এতিয়া বেহদত গৈয়েই আছে। সকলোৱে জানক যে এয়া
এটা ঈশ্বৰীয় পৰিয়াল, এইটো প্ৰসিদ্ধ হওক। বাকী সকলোৱেই আহিছা, সেৱাও কৰি আছা, নিজৰ
পুৰুষাৰ্থও কৰি আছা আৰু ঈশ্বৰীয় কাৰ্য – এইটোও জগতৰ বাবে প্ৰসিদ্ধ হৈ পৰিব। এটা
পৰিয়াল। বাৰু।
চাৰিওফালৰ সন্তানসকলক
বাপদাদাই এতিয়া অভিনন্দন জনাই আছে। প্ৰতিদিনে প্ৰতি ঘণ্টাই আগবঢ়াৰ বাবে অভিনন্দন।
সময় তোমালোকলৈ অপেক্ষা কৰি আছে, তোমালোকে সময়ৰ অপেক্ষা নকৰিবা। তোমালোকে সময়ক যিমান
সমাপ্তিৰ সমীপত আনিব বিচৰা সিমান সমাপ্তি সমীপত আনিব পাৰা। সময় আহিলে তৈয়াৰ হোৱা এয়া
তোমালোক ব্ৰাহ্মণৰ সংকল্প হ’ব নালাগে, তোমালোকে সময়ক সমীপত আনা। সময়ে পিতাক কয়,
এতিয়া ব্ৰাহ্মণ আত্মাসকলে মোক অৰ্থাৎ সময়ক সমীপত আনক। প্ৰকৃতিয়েও পিতাক কয় এতিয়া
সমাপ্তি সমীপত আনক। তেতিয়া বাপদাদাই কি উত্তৰ দিব? কি উত্তৰ দিব? সময় সমাগত, এনেকৈ
ক’ব! তোমালোকৰ ফালৰ পৰা এইটো উত্তৰ দিওঁনে? কি উত্তৰ দিওঁ? কোৱা। কি উত্তৰ দিওঁ?
এতিয়া সমাপ্তি সমীপত অনা অৰ্থাৎ নিজক সম্পন্ন সম্পূৰ্ণ কৰি তোলা কিয়নো বাপদাদা অকলে
নাযায়, সন্তানসকলৰ সৈতে যাব। গতিকে তাৰিখ নিৰ্ধাৰণ কৰা। কেতিয়ালৈকে? কামতো দিছে,
এতিয়া পৰস্পৰ সিদ্ধান্ত লোৱা। বাপদাদাই প্ৰকৃতিক উত্তৰ কি দিব? প্ৰকৃতি বহুত
অশান্তিত আছে। দুখী আত্মাসকলে মনত বহুত কাতৰোক্তি কৰি আছে। মনৰ সেৱা এতিয়া বেছিকৈ
কৰা। কৰিছা মনৰ সেৱা কিন্তু ক্ৰমশঃ বাঢ়ি থাকক, সেয়া আৰু বঢ়োৱা কিয়নো প্ৰকৃতি আৰু
দুখী আত্মাসকল পিতাৰ ওচৰলৈ আহে, কাতৰোক্তি কৰে। গতিকে তোমালোকে তেওঁলোকক কিছু শান্তি
বা সুখৰ অনুভূতি কৰোৱা। তেওঁলোকে এক ছেকেণ্ডৰ বাবে হলেও শান্তি বিচাৰে, অলপ শান্তি
দিয়া। যেনেকৈ ভোকাতুৰ থাকে তেতিয়া ভাবে কিবা পোৱা হ’লে, অলপো পোৱা হ’লে, সেয়েহে
এতিয়া মনৰ সেৱা বঢ়োৱা। বাণীৰতো চলি আছে, বাপদাদা আনন্দিত হৈছে। বাৰু বাপদাদাই যি
ঘৰৰ কাম দিছে সেয়া স্মৃতিত ৰাখিবা আৰু সোঁৱৰাই দিবা। ভাল বাৰু।
বাপদাদাৰ অন্তৰাসনত
অধিষ্ঠিত সন্তানসকলক, বিশ্ব কল্যাণৰ কৰ্তব্যত সদায় আগবাঢ়ি যাওঁতাসকলক বাপদাদাই
দৃষ্টি দি অন্তৰৰ স্নেহ আৰু অভিনন্দন জনাই আছে। প্ৰতিগৰাকী সন্তানে দূৰৈত বহিও
সন্মুখত অনুভৱ কৰি আছে আৰু বাপদাদাই সকলো সন্তানক অন্তৰত সমাহিত কৰি সকলো সন্তানক
নমস্কাৰ জনাই আছে।
বৰদান:
স্নেহ আৰু
শক্তি ৰূপৰ সন্তুলনৰ দ্বাৰা সেৱা কৰোঁতা সফলতামূৰ্ত হোৱা
যেনেকৈ এটা চকুত
পিতাৰ স্নেহ আৰু আনটো চকুত পিতাৰ দ্বাৰা প্ৰাপ্ত হোৱা কৰ্তব্য (সেৱা) সদায় স্মৃতিত
থাকে তেনেকৈ স্নেহী-মূৰ্তৰ লগতে এতিয়া শক্তি ৰূপ হোৱা। স্নেহৰ লগতে শব্দ এনেকুৱা
প্ৰভাৱশালী হওক যাতে যিকোনো লোকৰ হৃদয় বিদীৰ্ণ কৰি দিয়ে। যেনেকৈ মাকে সন্তানক
যেনেকুৱাই শব্দৰে শিক্ষা নিদিয়ক মাকৰ স্নেহৰ কাৰণে সেই শব্দ তীক্ষ্ণ বা কটু যেন
অনুভৱ নহয়। তেনেকৈয়ে জ্ঞানৰ যিবিলাক সত্য কথা আছে সেয়া স্পষ্ট শব্দত কোৱা – কিন্তু
শব্দত স্নেহ সমাহিত হৈ থাকক তেতিয়া সফলতামূৰ্ত হৈ যাবা।
স্লোগান:
সৰ্বশক্তিমান
পিতাক সংগী কৰি লোৱা তেতিয়া অনুশোচনা কৰাৰ পৰা বাচি যাবা।
অব্যক্ত ইংগিত:
জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা
যেনেকৈ সূৰ্যৰ কিৰণ
বিয়পি পৰে, তেনেকৈয়ে মাষ্টৰ সৰ্বশক্তিমান স্থিতিত থাকি শক্তি আৰু বিশেষত্ব ৰূপী
কিৰণ চাৰিওফালে বিয়পি পৰাৰ অনুভৱ কৰা, ইয়াৰ বাবে “মই মাষ্টৰ সৰ্বশক্তিমান, বিঘ্ন
বিনাশক আত্মা” - এইটো উচ্চ স্বমানৰ স্মৃতিৰ আসনত স্থিৰ হৈ যোগ জ্বালা ৰূপ কৰি তোলা,
তেতিয়া কোনো বিঘিনি সন্মুখলৈও আহিব নোৱাৰে।।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]