05.08.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ ভিতৰত সাধু তেৱেঁই যিয়ে গোটেই বিশ্বৰ সেৱা কৰে, বহুতকে নিজৰ সমান কৰি গঢ়ি
তোলে, আৰাম পছন্দ নকৰে ”
প্ৰশ্ন:
তোমালোক
ব্ৰাহ্মণ সন্তানসকলে কেনেকুৱা বচন কেতিয়াও উচ্চাৰিত কৰিব নোৱাৰা?
উত্তৰ:
তোমালোক ব্ৰাহ্মণসকলে এনেকৈ কেতিয়াও নোকোৱা যে আমাৰ ব্ৰহ্মাৰ লগত কোনো সম্পৰ্ক নাই,
আমিতো পোনপটীয়াকৈ শিৱবাবাক স্মৰণ কৰোঁ। পিতা ব্ৰহ্মা অবিহনে ব্ৰাহ্মণ বুলি ক’ব
নোৱাৰা, যাৰ ব্ৰহ্মাৰ লগত সম্পৰ্ক নাই অৰ্থাৎ যি ব্ৰহ্মা মুখ বংশাৱলী নহয় তেওঁ
শূদ্ৰ হৈ গ’ল। শূদ্ৰ কেতিয়াও দেৱতা হ’ব নোৱাৰে।
ওঁম্শান্তি।
আত্মিক পিতাই
বহি দাদাৰ (ব্ৰহ্মাৰ) দ্বাৰা বুজায় – সন্তানসকলে সংগ্ৰাহালয় অথবা প্ৰদৰ্শনী উদ্ঘাটন
কৰে কিন্তু উদ্ঘাটনতো বেহদৰ পিতাই কেতিয়াবাই কৰিলে। এতিয়া এয়া শাখা অথবা ‘ব্ৰাঞ্চ’
স্থাপনা হৈ থাকে। পাঠশালা বহুত লাগে নহয়। এবিধতো হৈছে এইখন পাঠশালা য’ত পিতা থাকে,
ইয়াৰ নাম ৰখা হৈছে মধুবন। সন্তানসকলে জানে মধুবনত সদায় মুৰুলী বাজি থাকে। কাৰ?
ভগৱানৰ। এতিয়া ভগৱানতো হৈছে নিৰাকাৰ। তেওঁ মুৰুলী বজায় সাকাৰ ৰথৰ দ্বাৰা। তেওঁৰ নাম
ৰখা হৈছে ভাগ্যশালী ৰথ। এয়াতো কোনেও বুজিব নোৱাৰে। এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত পিতা
প্ৰৱেশ কৰে, এয়াতো তোমালোক সন্তানসকলেহে বুজি পোৱা। আন কোনেওতো ৰচনাক আৰু ৰচনাৰ
আদি-মধ্য-অন্তক নাজানে। কেৱল ডাঙৰ ব্যক্তি ৰাজ্যপাল আদি থাকিলে তেওঁলোকৰ দ্বাৰা
উদ্ঘাটন কৰে। এয়াও বাবাই সদায় লিখি থাকে যে যাৰ দ্বাৰা উদ্ঘাটন কৰোৱা, তেওঁলোকক
প্ৰথমে পৰিচয় দিব লাগে – পিতাই কেনেকৈ নতুন সৃষ্টি স্থাপনা কৰে। তাৰে এয়া শাখা খোলা
হৈছে। কোনোবা নহয় কোনোবাৰ দ্বাৰা স্থাপনা কৰায় যাতে তেওঁৰ কল্যাণ হৈ যায়। কিবা অলপ
যাতে বুজে যে যথাযথ পিতাৰ আগমন হৈছে। ব্ৰহ্মাৰ দ্বাৰা বিশ্বত শান্তিৰ ৰাজ্য অথবা আদি
সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা হৈ আছে। তাৰ উদ্ঘাটনতো হৈ গৈছে। এতিয়া এয়া শাখা
খুলি থকা হৈছে। যেনেকৈ বেংকৰ শাখা খুলি থকা হয়। পিতাহে আহি জ্ঞান দিব লাগে। এই
জ্ঞান পৰমপিতা পৰমাত্মাৰহে থাকে সেইবাবে তেওঁকে জ্ঞানৰ সাগৰ বুলি কোৱা হয়। আত্মিক
পিতাৰহে আত্মিক জ্ঞান আছে যিয়ে আহি আত্মাসকলক দিয়ে। তেওঁ বুজায় – হে সন্তানসকল, হে
আত্মাসকল, তোমালোকে নিজক আত্মা বুলি বুজা। আত্মা নামটিতো গতানুগতিক। মহান আত্মা,
পুণ্য আত্মা, পাপ আত্মা বুলি কোৱা হয়। গতিকে আত্মাক পৰমপিতা পৰমাত্মা পিতায়ো বুজাই
আছে। পিতা কিয় আহিব? নিশ্চয় সন্তানসকলক উত্তৰাধিকাৰ দিবলৈ। আকৌ সতোপ্ৰধান নতুন
সৃষ্টিলৈ আহিব লাগে। বিশ্বৰ বুৰঞ্জী-ভূগোল পুনৰাবৃত্তি হয় বুলি কোৱা হয়। নতুন অথবা
পুৰণি সৃষ্টি মনুষ্যৰে হয়। পিতাই কয় – মই আহিছোঁ নতুন সৃষ্টি ৰচিবলৈ। মনুষ্য
অবিহনেতো সৃষ্টি হ’ব নোৱাৰে। নতুন সৃষ্টিত দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল, যাৰ এতিয়া
পুনৰ স্থাপনা হৈ আছে। এতিয়া তোমালোক সন্তানসকল শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈছা। মই পুনৰ
তোমালোকক ব্ৰাহ্মণৰ পৰা দেৱতা কৰি গঢ়ি তুলিবলৈ আহিছোঁ। তোমালোকে এয়া শুনাব পাৰা যে
পিতাই এনেকৈ বুজায়। আপোনালোক নতুন সৃষ্টিলৈ কেনেকৈ যাব পাৰে। এতিয়াতো আপোনালোক আত্মা
পতিত বিকাৰী সেয়েহে এতিয়া নিৰ্বিকাৰী হ’ব লাগে। জন্ম-জন্মান্তৰৰ পাপৰ বোজা শিৰত আছে।
পাপ কেতিয়াৰ পৰা আৰম্ভ হয়। পিতাই কিমান বছৰৰ বাবে পুণ্য আত্মা কৰি তোলে? এয়াও
তোমালোক সন্তানসকলে এতিয়া জানা। 21 জন্ম তোমালোক পুণ্য আত্মা হৈ থাকা পুনৰ পাপ আত্মা
হৈ যোৱা। য’ত পাপ হয়, ত’ত দুখেই হ’ব। কেনেকুৱা পাপ? সেয়াও পিতাই শুনায়। এটা হ’ল
তোমালোকে ধৰ্মৰ গ্লানি কৰা। তোমালোক কিমান পতিত হৈ গৈছা। মোক আহ্বান জনাই আহিছা –
হে পতিত-পাৱন আহক, সেয়েহে এতিয়া মই আহিছোঁ। পৱিত্ৰ কৰি গঢ়ি তোলোঁতা পিতাক তোমালোকে
গালি দিয়া, গ্লানি কৰা সেইবাবে তোমালোক পাপ আত্মা হৈ গৈছা। এনেকৈ কয়ো – প্ৰভু মই
জন্ম-জন্মান্তৰৰ পাপী, আহি পৱিত্ৰ কৰি তোলক। সেয়েহে পিতাই বুজায় যে যিয়ে সকলোতকৈ
অধিক জন্ম লৈছে, তেওঁৰে বহুত জন্মৰ অন্তত মই প্ৰৱেশ কৰোঁ। বাবাই “বহুত জন্ম” বুলি
কি বুজাব বিচাৰিছে? সন্তানসকল, “বহুত জন্ম” মানে 84 জন্ম। যিসকল প্ৰথমতে আহিছে,
তেওঁলোকেই 84 জন্ম লয়। প্ৰথমেতো এই লক্ষ্মী-নাৰায়ণে আহে। ইয়ালৈ তোমালোক আহাই নৰৰ পৰা
নাৰায়ণ হ’বলৈ। কথাও সত্য-নাৰায়ণৰে শুনায়। কেতিয়াবা কোনোবাই ৰাম-সীতা হোৱাৰ কথা
শুনাইছেনে? তেওঁলোকৰ গ্লানি কৰিছে। পিতাই এনেকৈয়ে শুনায় যে নৰৰ পৰা নাৰায়ণ, নাৰীৰ
পৰা লক্ষ্মী। যাক কেতিয়াও কোনেও নিন্দা নকৰে। পিতাই কয় – মই ৰাজযোগ শিকাওঁ। বিষ্ণুৰ
দুটি ৰূপ হৈছে এই লক্ষ্মী-নাৰায়ণ। শৈশৱকালত ৰাধা-কৃষ্ণ আছিল। এওঁলোক ভাই-ভনী নহয়,
বেলেগ বেলেগ ৰজাৰ সন্তান আছিল। তেওঁ মহাৰাজকুমাৰ, তেওঁ মহাৰাজকুমাৰী, যাক সয়ম্বৰৰ
পাছত লক্ষ্মী-নাৰায়ণ বুলি কোৱা হয়। এই কথাবোৰ কোনো মনুষ্যই নাজানে। কল্প পূৰ্বে এই
সকলো কথা যাৰ বুদ্ধিত ধাৰণ হৈছিল তেওঁলোকৰ বুদ্ধিতে ধাৰণ হ’ব। এই লক্ষ্মী-নাৰায়ণ,
ৰাধা-কৃষ্ণ আদি সকলোৰে মন্দিৰ আছে, বিষ্ণুৰো মন্দিৰ আছে, যাক নৰ-নাৰায়ণৰ মন্দিৰ বুলি
কয়। আকৌ লক্ষ্মী-নাৰায়ণৰ বেলেগ মন্দিৰো আছে। ব্ৰহ্মাৰো মন্দিৰ আছে। ব্ৰহ্মা দেৱতা
নমঃ, আকৌ কয় – শিৱ পৰমাত্মায়ে নমঃ, সেয়াতো বেলেগ হৈ গ’ল নহয়, দেৱতাসকলক জানো
কেতিয়াবা ভগৱান বুলি কোৱা হয়। সেয়েহে পিতাই বুজায় – প্ৰথমে যাৰ দ্বাৰা উদ্ঘাটন কৰোৱা
হয়, তেওঁক বুজাব লাগে, বিশ্বত শান্তি স্থাপনাৰ অৰ্থে ভগৱানে ভেটি স্থাপনা কৰি দিছে।
বিশ্বত শান্তি লক্ষ্মী-নাৰায়ণৰ ৰাজ্যত আছিল। এওঁলোক সত্যযুগৰ মালিক আছিল। গতিকে
মনুষ্যক নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী কৰি গঢ়ি তোলাৰ এইখন হৈছে বহুত ডাঙৰ
ঈশ্বৰীয় বিশ্ব বিদ্যালয়। বিশ্ব বিদ্যালয় নামতো বহুতে ৰাখিছে। প্ৰকৃততে সেয়া কোনো
গোটেই বিশ্বৰ বিশ্ব বিদ্যালয় নহয়। বিশ্বতো গোটেই জগতখনেই হৈ গ’ল। গোটেই বিশ্বতে
বেহদৰ পিতাই এখনেই কলেজ খোলে। তোমালোকে জানা বিশ্বত পৱিত্ৰ হোৱাৰ বিশ্ব বিদ্যালয়
কেৱল এই এখনেই আছে, যিখন পিতাই স্থাপনা কৰে। আমি গোটেই বিশ্বক শান্তিধাম, সুখধামলৈ
লৈ যাওঁ সেইবাবে ইয়াক ঈশ্বৰীয় বিশ্ব বিদ্যালয় বুলি কোৱা হয়। ঈশ্বৰ আহি গোটেই বিশ্বক
মুক্তি-জীৱনমুক্তিৰ উত্তৰাধিকাৰ দিয়ে। ক’ত পিতাৰ কথা, ক’ত সকলোৱে এয়া বিশ্ব
বিদ্যালয় বুলি কৈ থাকে। বিশ্ব অৰ্থাৎ গোটেই সৃষ্টিৰ পৰিৱৰ্তন কৰা, এয়াতো পিতাৰে কাম।
আমাক এইটো নাম ৰাখিবলৈ নিদিয়ে আৰু চৰকাৰে নিজে ৰাখে। এয়াতো তোমালোকে বুজাব লাগে,
অৱশ্যে প্ৰথমতে তেনেকৈ বুজাব নালাগে। এনেকৈ কোৱা – আমাৰ নামেই হ’ল
ব্ৰহ্মাকুমাৰ-কুমাৰী। এওঁৰ ব্ৰহ্মা নামো তেতিয়া হ’ল যেতিয়া পিতা আহি ৰথ কৰি ল’লে।
প্ৰজাপিতা নামটি প্ৰসিদ্ধ। তেওঁ ক’ৰ পৰা আহিল? তেওঁৰ পিতাকৰ নাম কি? ব্ৰহ্মাক দেৱতা
ৰূপত দেখুৱায় নহয়। দেৱতাসকলৰ পিতাতো নিশ্চয় পৰমাত্মাই হ’ব। তেওঁতো হৈছে ৰচয়িতা,
ব্ৰহ্মাক কোৱা হ’ব সৰ্বপ্ৰথম ৰচনা। তেওঁৰ পিতা হ’ল শিৱবাবা, তেওঁ কয় – মই এওঁৰ
শৰীৰত প্ৰৱেশ কৰি এওঁৰ পৰিচয় তোমালোকক দিওঁ।
গতিকে সন্তানসকলে
বুজাব লাগে – এয়া হৈছে ঈশ্বৰীয় সংগ্ৰাহালয়। পিতাই কয় – মোক আহ্বানেই জনাইছা - হে
পতিত পাৱন আহক, আহি পতিতৰ পৰা পাৱন কৰি তোলক। এতিয়া হে সন্তানসকল, হে আত্মাসকল,
তোমালোকে নিজৰ পিতাক স্মৰণ কৰা তেতিয়া পতিতৰ পৰা পাৱন হৈ যাবা। ‘মনমনাভৱ’ এই শব্দটি
‘গীতা’ৰে। ভগৱান এজনেই জ্ঞানৰ সাগৰ পতিত-পাৱন, শ্ৰীকৃষ্ণতো পতিত-পাৱন হ’ব নোৱাৰে।
তেওঁ পতিত সৃষ্টিলৈ আহিব নোৱাৰে। পতিত সৃষ্টিলৈ পতিত-পাৱন পিতাহে আহিব। এতিয়া মোক
স্মৰণ কৰা তেতিয়া পাপ ভস্ম হ’ব। কিমান সহজ কথা। ‘ভগৱানুবাচ’ শব্দটি নিশ্চয় ক’ব লাগে।
পৰমপিতা পৰমাত্মাই কয় – কাম বিকাৰ হৈছে মহাশত্ৰু। প্ৰথমে নিৰ্বিকাৰী সৃষ্টি আছিল,
এতিয়া বিকাৰী সৃষ্টি। দুখেই দুখ। নিৰ্বিকাৰী হ’লে তেতিয়া সুখেই সুখ হ’ব। সেয়েহে এইটো
বুজাব লাগে – ভগৱানুবাচ (ভগৱানে কয়) কাম হৈছে মহাশত্ৰু, ইয়াৰ ওপৰত জয়ী হ’লে তোমালোক
জগতজিৎ হ’বাগৈ। এজন পিতাক স্মৰণ কৰা। আমিও তেওঁক স্মৰণ কৰোঁ। যেনেকৈ কোনোবাই কলেজ
স্থাপনা কৰিলে তেতিয়া তাৰো উদ্ঘাটন কৰে নহয়। এয়াও হৈছে কলেজ, বহুত সেৱাকেন্দ্ৰ আছে।
সেৱাকেন্দ্ৰত শিক্ষক নিযুক্ত কৰা থাকে। শিক্ষকেও নিশ্চয় খেয়াল ৰখা উচিত। বাবাই নতুন
নতুন সেৱাকেন্দ্ৰত ভাল ভাল ব্ৰাহ্মণীসকলক সেইবাবেই ৰাখে যাতে সোনকালে নিজৰ সমান কৰি
তুলি পুনৰ আন সেৱাকেন্দ্ৰলৈ সেৱাৰ বিস্তাৰৰ বাবে দৌৰিব পাৰে। চাব যে কোনে কোনে ভালকৈ
মুৰুলী পঢ়াই শুনাব পাৰে, বুজাব পাৰে তেতিয়া তেওঁক ক’ব এতিয়া তুমি ইয়াত বহি পাঠদান
কৰা। এনেকৈ পৰীক্ষা কৰাই, তেওঁক বহুৱাই আন ঠাইত সেৱাকেন্দ্ৰ স্থাপনা কৰিবলৈ গুচি
যাব লাগে। ব্ৰাহ্মণীসকলৰ কাম হ’ল এটা সেৱাকেন্দ্ৰ স্থাপনা কৰি আকৌ গৈ আন ঠাইত
সেৱাকেন্দ্ৰ স্থাপনা কৰা। এজন এজন শিক্ষকে 10-20 টা সেৱাকেন্দ্ৰ স্থাপনা কৰা উচিত।
বহুত সেৱা কৰিব লাগে। দোকান খুলি যোৱা, নিজৰ সমান কৰি তুলি কাৰোবাক থৈ যোৱা। অন্তৰত
উদয় হোৱা উচিত – কাৰোবাক নিজৰ সমান কৰি তোলোঁ তেতিয়া আৰু সেৱাকেন্দ্ৰ খুলিব পৰা যাব।
কিন্তু এনেকুৱা সাধু কোনোবা বিৰলজনহে হয়। সাধু তেওঁকে কোৱা হয় যিয়ে গোটেই বিশ্বৰ
সেৱা কৰে। এটা সেৱাকেন্দ্ৰ খুলিলে, নিজৰ সমান কৰি তুলিলে, পুনৰ অন্য স্থানত গৈ সেৱা
কৰিলে। একে ঠাইতে ৰৈ যোৱা উচিত নহয়। বাৰু, কাৰোবাক বুজাব নোৱাৰা যদি অন্য কাম কৰা।
এই ক্ষেত্ৰত দেহ-অভিমান অহা অনুচিত। মইতো ডাঙৰ ঘৰৰ, এইটো কাম কেনেকৈ কৰোঁ… মোৰ কষ্ট
হ’ব। অলপ কাম কৰিলেও হাড়ে কষ্ট পায়, ইয়াকে দেহ-অভিমান বুলি কোৱা হয়। একোৱে বুজি
নাপায়, আনৰ সেৱা কৰা উচিত নহয় জানো। যাতে পাছত তেওঁলোকেও লিখি পঠিয়ায় যে বাবা অমুকে
মোক বুজালে, মোৰ জীৱন গঢ়ি দিলে। সেৱাৰ প্ৰমাণ পোৱা উচিত। প্ৰত্যেকে শিক্ষক হোৱা
উচিত। পাছত যাতে নিজে লিখে – বাবা, মোৰ পাছত তত্ত্বাৱধান লওঁতা বহুত আছে, মই বহুতকে
নিজৰ সমান কৰি গঢ়ি তুলিলোঁ, মই সেৱাকেন্দ্ৰ স্থাপনা কৰি থাকিম। এনেকুৱা সন্তানক ফুল
বুলি কোৱা হ’ব। সেৱাই যদি নকৰা তেন্তে ফুল কেনেকৈ হ’বা। ফুলৰো বাগিচা থাকে নহয়।
সেয়েহে উদ্ঘাটন
কৰোঁতাসকলকো বুজোৱা উচিত। আমি হৈছোঁ ব্ৰহ্মাকুমাৰ-কুমাৰী। শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈ
দেৱতা হওঁ। পিতাই এই ব্ৰাহ্মণ কুল আৰু সূৰ্যবংশী-চন্দ্ৰবংশী কুল প্ৰতিষ্ঠা কৰে। এই
সময়ততো সকলো শূদ্ৰ বৰ্ণৰ। সত্যযুগত দেৱতা বৰ্ণৰ আছিল, পাছত ক্ষত্ৰিয়, বৈশ্য বৰ্ণৰ
হ’ল। বাবাই জানে কিমান সাৰ কথা সন্তানসকলে পাহৰি যায়। প্ৰথমতে ব্ৰাহ্মণ বৰ্ণ,
প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান… ব্ৰহ্মা ক’ৰপৰা আহিল। এয়া ব্ৰহ্মা বহি আছে নহয়। ভালদৰে
বুজোৱা উচিত, ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, কাৰ? ব্ৰাহ্মণসকলৰ। পুনৰ তেওঁলোকক শিক্ষা দি
দেৱতা কৰি গঢ়ি তোলে। আমি পিতাৰ পৰা পঢ়ি আছোঁ। তেওঁলোকে অৰ্জুনৰ ক্ষেত্ৰত ভগৱানুবাচ
বুলি লিখি দিলে। এতিয়া অৰ্জুন কোন আছিল, কোনেও নাজানে। তোমালোকে জানা আমি ব্ৰহ্মাৰ
সন্তান ব্ৰাহ্মণ। যদি কোনোবাই কয় আমিতো শিৱবাবাৰ সন্তান, ব্ৰহ্মাৰ লগত আমাৰ সম্পৰ্ক
নাই তেনেহ’লে তেওঁ আকৌ দেৱতা কেনেকৈ হ’ব? ব্ৰহ্মাৰ মাধ্যমেৰে নহ’ব জানো। শিৱবাবাই
তোমালোকক কেনেকৈ, কাৰ দ্বাৰা ক’লে - মোক স্মৰণ কৰা? ব্ৰহ্মাৰ দ্বাৰাই কোৱা নাই জানো।
প্ৰজাপিতা ব্ৰহ্মাৰে সন্তান নোহোৱা জানো। ব্ৰহ্মাকুমাৰ-কুমাৰী বুলি কোৱা। আমি
ব্ৰহ্মাৰ সন্তান। তেন্তে নিশ্চয় ব্ৰহ্মা স্মৃতিলৈ আহিব। শিৱবাবাই ব্ৰহ্মাৰ শৰীৰৰ
মাধ্যমেৰে পঢ়ায়। ব্ৰহ্মা বাবা হৈছে মাজত। ব্ৰাহ্মণ নোহোৱাকৈ দেৱতা কেনেকৈ হ’ব পাৰিব।
মই যিখন ৰথত আহোঁ, তেওঁকো জনা উচিত। ব্ৰাহ্মণ হোৱা উচিত। ব্ৰহ্মাক বাবা বুলি নক’লে
তেন্তে সন্তান কেনেকৈ হ’লা। নিজক ব্ৰাহ্মণ বুলি নুবুজিলে তাৰ মানে শূদ্ৰ। শূদ্ৰৰ পৰা
তৎক্ষণাৎ দেৱতা হোৱা মস্কিল। ব্ৰাহ্মণ হৈ শিৱবাবাক স্মৰণ নকৰিলে দেৱতা কেনেকৈ হ’ব
পাৰিব, এই ক্ষেত্ৰত বিভ্ৰান্ত হোৱাৰো দৰকাৰ নাই। সেয়েহে উদ্ঘাটন কৰোঁতাসকলকো বুজাব
লাগে যে পিতাৰ দ্বাৰা উদ্ঘাটন হৈ গৈছে। আপোনালোককো কয় যে কেৱল পিতাক স্মৰণ কৰা
তেতিয়া পাপ খণ্ডন হ’ব। সেই পিতাই হৈছে পতিত-পাৱন আকৌ আপোনালোক পৱিত্ৰ হৈ দেৱতা হৈ
যাবগৈ। সন্তানসকলে বহুত সেৱা কৰিব পাৰে। কোৱা, আমি পিতাৰ বাৰ্তা দিওঁ। এতিয়া কৰক বা
নকৰক সেয়া আপোলোকৰ ইচ্ছা। আমি বাৰ্তা দি যাওঁ। আৰু কোনো ৰীতিৰে পৱিত্ৰ হ’বই নোৱাৰে।
যেতিয়া আজৰি পোৱা, সেৱা কৰা। সময়তো বহুত পোৱা যায়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নতুন নতুন সেৱাকেন্দ্ৰ বৃদ্ধি কৰিবৰ কাৰণে নিজৰ সমান কৰি তোলাৰ সেৱা কৰিব লাগে।
সেৱাকেন্দ্ৰ স্থাপনা কৰি গৈ থাকিব লাগে। একে ঠাইতে বহি যাব নালাগে।
(2) ফুলৰ বাগিচা
তৈয়াৰ কৰিব লাগে। প্ৰত্যেকে ফুল হৈ আনকো নিজৰ সমান ফুল কৰি গঢ়ি তুলিব লাগে। কোনো
সেৱাতে যাতে দেহৰ অভিমান নাহে।
বৰদান:
সকলো পদাৰ্থৰ
আসক্তিৰ পৰা উপৰাম অনাসক্ত, প্ৰকৃতিজিৎ হোৱা
যদি কোনো পদাৰ্থই
কৰ্মেন্দ্ৰিয়ক বিচলিত কৰে অৰ্থাৎ আসক্তিৰ ভাৱ উৎপন্ন হয় তেতিয়াও উপৰাম হ’ব নোৱাৰিবা।
ইচ্ছাবোৰেই হৈছে আসক্তিৰ ৰূপ। বহুতে কয় - ইচ্ছা নাই কিন্তু ভাল লাগে। তেন্তে এয়াও
সূক্ষ্ম আসক্তি - ইয়াৰ সূক্ষ্ম ৰূপত পৰীক্ষা কৰা যে এই পদাৰ্থ অৰ্থাৎ অল্পকালৰ সুখৰ
সাধনে আকৰ্ষিততো নকৰে? এয়া পদাৰ্থ হৈছে প্ৰকৃতিৰ সাধন, যেতিয়া ইয়াৰ প্ৰতি অনাসক্ত
অৰ্থাৎ উপৰাম হ’বা তেতিয়া প্ৰকৃতিজিৎ হ’বা।
স্লোগান:
“মোৰ মোৰ” ভাৱৰ জঞ্জাল এৰি বেহদত থাকা তেতিয়া বিশ্ব কল্যাণকাৰী বুলি কোৱা হ’ব।
প্ৰীতি বুদ্ধিৰ হৈ
বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:
প্ৰীতি বুদ্ধিৰসকলৰ
মুখৰ পৰা, অন্তৰৰ পৰা সদায় এয়াই বাণী উচ্চাৰিত হ’ব – তোমাৰ সৈতেই খাওঁ, তোমাৰ সৈতেই
বহোঁ, তোমাৰ সৈতেই কথা পাতোঁ, তোমাৰ কথাই শুনোঁ, তোমাৰ সৈতেই সকলো সম্বন্ধ ৰাখোঁ,
তোমাৰ পৰাই সকলো প্ৰাপ্তি কৰোঁ। তেওঁলোকৰ নয়নে, মুখমণ্ডলে একো নক’লেও কয়। গতিকে
পৰীক্ষা কৰা এনেকুৱা বিনাশ কালত প্ৰীতি বুদ্ধিৰ হৈছানে অৰ্থাৎ এজনৰ সৈতে একাগ্ৰ,
একৰস স্থিতিৰ হৈছানে?