05.09.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে ইয়াত প্ৰবৃত্তি মাৰ্গৰ মৰম-চেনেহ পোৱা কিয়নো পিতাই অন্তৰেৰে কয় - মোৰ
সন্তানসকল, পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়, এনেকুৱা মৰম-চেনেহ দেহধাৰী গুৰুৱে দিব
নোৱাৰে”
প্ৰশ্ন:
যিসকল সন্তানৰ
বুদ্ধিত জ্ঞান ধাৰণ হয়, তীক্ষ্ণ বুদ্ধিৰ হয় তেওঁলোকৰ লক্ষণ কি হ’ব?
উত্তৰ:
তেওঁলোকৰ আনক শুনোৱাৰ চখ থাকিব। তেওঁলোকৰ বুদ্ধি মিত্ৰ-সম্বন্ধীয় আদিত দিগভ্ৰান্ত
হৈ নাথাকিব। যিসকল তীক্ষ্ণ বুদ্ধিৰ তেওঁলোকে পঢ়াৰ সময়ত কেতিয়াও হামিয়াই-হিকটিয়াই
নাথাকিব। স্কুলত কেতিয়াও চকু মুদি নবহিব। যিসকল সন্তান উন্মত্ত (বিকৃত বুদ্ধিৰ) হৈ
বহে, যাৰ বুদ্ধি ইফালে-সিফালে দিগভ্ৰান্ত ফুৰে তেওঁলোকে জ্ঞান বুজিয়েই নাপায়,
তেওঁলোকৰ বাবে পিতাক স্মৰণ কৰাতো বৰ কঠিন হয়।
ওঁম্শান্তি।
এয়া হৈছে পিতা
আৰু সন্তানসকলৰ মেলা। গুৰু আৰু অনুগামী বা শিষ্যৰ মেলা নহয়। এই গুৰুসকলৰ দৃষ্টি থাকে
যে এওঁলোক আমাৰ শিষ্য অথবা অনুগামী বা জিজ্ঞাসু। টুলুঙা দৃষ্টি হৈ গ’ল নহয়। তেওঁলোকে
সেইটো দৃষ্টিৰেই চাব। আত্মাক নহয়। তেওঁলোকে শৰীৰক চায় আৰু সেই শিষ্যসকলো দেহ-অভিমানী
হৈ বহে। তেওঁলোকক নিজৰ গুৰু বুলি ভাবে, দৃষ্টিয়েই তেনেকুৱা যে আমাৰ গুৰু। গুৰুৰ
প্ৰতি সন্মান জনায়। ইয়াততো বহুত পাৰ্থক্য আছে, ইয়াত পিতাইহে সন্তানসকলৰ প্ৰতি
সন্মান জনায়। জানে যে এই সন্তানসকলক পঢ়ুৱাব লাগে। এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে।
বেহদৰ ইতিহাস-ভূগোল সন্তানসকলক বুজাব লাগে। সেই গুৰুসকলৰ অন্তৰত সন্তানৰ প্ৰতি যি
মৰম সেয়া নাথাকে। পিতাৰ ওচৰততো সন্তানসকলৰ প্ৰতি বহুত মৰম থাকে আৰু সন্তানসকলৰো
পিতাৰ প্ৰতি মৰম থাকে। তোমালোকে জানা বাবাইতো আমাক সৃষ্টি চক্ৰৰ জ্ঞান শুনায়।
তেওঁলোকে কি শিকায়? আধাকল্প শাস্ত্ৰ আদি শুনায়, ভক্তিৰ কৰ্মকাণ্ড কৰে, গায়ত্ৰী,
সন্ধ্যা আদি শিকাই থাকে। এয়াতো পিতাৰ আগমন হৈছে নিজৰ পৰিচয় দি আছে। আমি পিতাক
একেবাৰে জনা নাছিলোঁ। সৰ্বব্যাপি বুলিহে কৈছিলোঁ। কেতিয়াবা যদি সোধা হয় পৰমাত্মা
ক’ত আছে তেতিয়া ততালিকে ক’ব তেওঁতো সৰ্বব্যাপি। তোমালোকৰ ওচৰলৈ যেতিয়া মনুষ্য আহে
তেতিয়া সোধে ইয়াত কি শিকোৱা হয়? তেতিয়া ক’বা - আমি ৰাজযোগ শিকাওঁ যাৰ দ্বাৰা
তোমালোক মনুষ্যৰ পৰা দেৱতা অৰ্থাৎ ৰজা হ’ব পাৰা আৰু অন্য কোনো সৎসংগ নাই য’ত এনেকৈ
ক’ব যে আমি মনুষ্যৰ পৰা দেৱতা হোৱাৰ শিক্ষা দিওঁ। দেৱতাসকল সত্যযুগত থাকে। কলিযুগত
হৈছে মনুষ্য। এতিয়া আমি তোমালোকক গোটেই সৃষ্টি চক্ৰৰ ৰহস্য বুজাওঁ, যাৰ দ্বাৰা
তোমালোক চক্ৰৱৰ্তী ৰজা হৈ যাবাগৈ ইয়াৰ উপৰিও তোমালোকক পৱিত্ৰ হোৱাৰ বহুত উত্তম
যুক্তি শুনাওঁ। এনেকুৱা যুক্তি কোনেও কেতিয়াও বুজাব নোৱাৰে। এয়া হৈছে সহজ ৰাজযোগ।
পিতা হৈছে পতিত-পাৱন। তেওঁ সৰ্বশক্তিমানো হয় গতিকে তেওঁক স্মৰণ কৰিলেই পাপ ভস্ম হ’ব
কিয়নো যোগ অগ্নি হয় নহয়। গতিকে ইয়াত নতুন কথা শিকোৱা হয়।
এয়া হৈছে জ্ঞানমাৰ্গ।
জ্ঞান সাগৰ এজনেই পিতা। জ্ঞান আৰু ভক্তি বেলেগ বেলেগ। জ্ঞান শিকাবলৈ পিতা আহিবলগীয়া
হয় কিয়নো তেৱেঁই জ্ঞানৰ সাগৰ। তেওঁ নিজে আহি নিজৰ পৰিচয় দিয়ে যে মই সকলোৰে পিতা।
ব্ৰহ্মাৰ দ্বাৰা গোটেই সৃষ্টিক পাৱন কৰি তোলোঁ। সত্যযুগ হৈছে পাৱন সৃষ্টি। কলিযুগ
হৈছে পতিত সৃষ্টি। গতিকে সত্যযুগৰ আদি আৰু কলিযুগৰ অন্তৰ এয়া হৈছে সংগমযুগ। ইয়াক
লিপ (অধি) যুগ বুলিও কোৱা হয়। ইয়াত আমি জপিয়াওঁ। ক’লৈ? পুৰণি সৃষ্টিৰ পৰা নতুন
সৃষ্টিলৈ জপিয়াওঁ। তেওঁলোকতো ছিৰি লাহে লাহে তললৈ নামি আহিল। ইয়াততো আমি ছিঃ ছিঃ
সৃষ্টিৰ পৰা নতুন সৃষ্টিলৈ একেবাৰে জপিয়াওঁ। পোনে পোনে ওপৰলৈ গুচি যাওঁ। পুৰণি
সৃষ্টি এৰি আমি নতুন সৃষ্টিলৈ যাওঁ। এয়া হৈছে বেহদৰ কথা। বেহদৰ পুৰণি সৃষ্টিত অনেক
মনুষ্য আছে। নতুন সৃষ্টিত বহুত কম মনুষ্য থাকে যাক স্বৰ্গ বুলি কোৱা হয়। তাত সকলো
পৱিত্ৰ হৈ থাকে। কলিযুগত হৈছে সকলো অপৱিত্ৰ। ৰাৱণে অপৱিত্ৰ কৰে। এয়াতো সকলোকে বুজোৱা
হয় যে তোমালোক এতিয়া ৰাৱণৰাজ্য অথবা পুৰণি সৃষ্টিত আছাহঁক। আচলতে ৰামৰাজ্যত আছিলা
যাক স্বৰ্গ বুলি কোৱা হৈছিল। পুনৰ কেনেকৈ 84 ৰ চক্ৰ পৰিক্ৰমা লগাই অধঃপতিত হ’লা,
সেয়াতো আমি ক'ব পাৰোঁ। যিসকল ভাল বিচাৰ বুদ্ধি সম্পন্ন হ’ব তেওঁলোকে ততালিকে বুজিব,
যাৰ বুদ্ধিত ধাৰণ নহ’ব তেওঁলোকেতো অস্থিৰ হৈ ইফালে-সিফালে চাই থাকিব। মনোযোগেৰে
নুশুনিবই। এনেকৈ কয় নহয় যে তুমিতো একেবাৰে অস্থিৰ বুদ্ধিৰ। সন্ন্যাসী লোকসকলেও
যেতিয়া বহি কথা শুনায় তেতিয়া কোনোবা টোপনিয়াই থাকে বা মনোযোগ অন্যফালে থাকে, তেতিয়া
হঠাতে তেওঁক সোধে যে কি শুনালোঁ? পিতায়ো সকলোকে চাই থাকে। কোনোবা অস্থিৰ বুদ্ধিৰতো
বহি থকা নাই। যিসকল ভাল তীক্ষ্ণ বুদ্ধিৰ সন্তান তেওঁলোকে পঢ়াৰ সময়ত কেতিয়াও হামিয়াই
নাথাকে। স্কুলত কেতিয়াবা কোনোবাই চকু মুদি বহিব এইটোতো নিয়ম নহয়। জ্ঞান একোৱেই
নুবুজে। পিতাক স্মৰণ কৰাতো তেওঁলোকৰ কাৰণে বৰ কঠিন, তেন্তে পাপ কেনেকৈ খণ্ডন হ’ব।
তীক্ষ্ণ বুদ্ধিৰ সকলৰতো ভালদৰে ধাৰণ কৰি আনকো শুনোৱাৰ চখ থাকিব। ধ্যান যদি নাই
তেন্তে বুদ্ধি মিত্ৰ-সম্বন্ধীয়সকলৰ ফালে গৈ থাকিব। ইয়াততো পিতাই কয় অন্য সকলো পাহৰি
যাব লাগে। অন্তকালত যাতে একোৱেই স্মৃতিলৈ নাহে। বাবাই (ব্ৰহ্মা) সন্ন্যাসী আদিক
দেখিছে যিসকল দৃঢ় ব্ৰহ্ম জ্ঞানী, ৰাতিপুৱা বহি থাকিয়ে ব্ৰহ্ম মহাতত্ত্বক স্মৰণ কৰি
কৰি শৰীৰ ত্যাগ কৰে। তেওঁলোকৰ শান্তিৰ বহুত প্ৰভাৱ পৰে। এতিয়া তেওঁলোক ব্ৰহ্মত লীন
হৈ যাবতো নোৱাৰে। পুনৰ মাতৃ গৰ্ভৰ পৰা জন্ম ল’বলগীয়া হয়।
পিতাই বুজাইছে -
বাস্তৱত মহাত্মা বুলি শ্ৰীকৃষ্ণক কোৱা হয়। মনুষ্যইতো অৰ্থ নুবুজাকৈ এনেয়ে কৈ দিয়ে।
পিতাই বুজায় - শ্ৰীকৃষ্ণ হৈছে সম্পূৰ্ণ নিৰ্বিকাৰী, কিন্তু তেওঁক সন্ন্যাসী নহয়,
দেৱতা বুলি কোৱা হয়। সন্ন্যাসী বুলি কোৱা বা দেৱতা বুলি কোৱা তাৰো অৰ্থ আছে। এওঁ
দেৱতা কেনেকৈ হ’ল? সন্ন্যাসীৰ পৰা দেৱতা হ'ল। বেহদৰ সন্ন্যাস কৰিলে আৰু নতুন
সৃষ্টিলৈ গুচি গ'ল। তেওঁলোকেতো হদৰ সন্ন্যাস কৰে। বেহদত যাব নোৱাৰে। হদতেই (লৌকিক
জগততেই) বিকাৰৰ দ্বাৰা পুনৰ্জন্ম ল'বলগীয়া হয়। বেহদৰ মালিক হ’ব নোৱাৰে। কেতিয়াও
ৰজা-ৰাণী হ'ব নোৱাৰে কিয়নো তেওঁলোকৰ ধৰ্মই বেলেগ। সন্ন্যাস ধৰ্মটি দেৱী-দেৱতা ধৰ্ম
নহয়। পিতাই কয় - মই অধৰ্ম বিনাশ কৰি দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰোঁ। বিকাৰো অধৰ্ম
নহয় জানো, সেয়েহে পিতাই কয় - এই সকলোবোৰৰ বিনাশ আৰু এক আদি সনাতন দেৱী-দেৱতা ধৰ্ম
প্ৰতিষ্ঠা কৰিবলৈ মই আহিবলগীয়া হয়। ভাৰতত যেতিয়া সত্যযুগ আছিল তেতিয়া এটাই ধৰ্ম
আছিল, সেইটো ধৰ্মই পাছত অধৰ্ম হৈ যায়। এতিয়া তোমালোকে পুনৰ আদি সনাতন দেৱী-দেৱতা
ধৰ্ম প্ৰতিষ্ঠা কৰি আছা। যিয়ে যিমান পুৰুষাৰ্থ কৰিব সিমানে উচ্চ পদ পাব। নিজক আত্মা
বুলি নিশ্চয় কৰিব লাগে। গৃহস্থালিত অৱশ্যে থাকা। তাতো যিমান পাৰা উঠোঁতে-বহোঁতে এইটো
দৃঢ় কৰা, যেনেকৈ ভক্ত লোসকলে ৰাতিপুৱা শুই উঠি একান্তত বহি মালা জপে, তোমালোকেতো
গোটেই দিনৰ হিচাপ উলিওৱা। অমুক সময়ত ইমান স্মৃতিত থাকিলোঁ, গোটেই দিনটোত ইমান সময়
স্মৃতিত থাকিলোঁ, মুঠ হিচাপ উলিওৱা। তেওঁলোকেতো ৰাতিপুৱা উঠি মালা জপে যদিওবা
কিছুমান সঁচা ভক্ত নহয়। বহুতৰ বুদ্ধিতো বাহিৰত ক'ৰবাত ক'ৰবাত দিগভ্ৰান্ত হৈ ফূৰে।
এতিয়া তোমালোকে বুজি পোৱা যে ভক্তিৰ পৰা কোনো লাভ নহয়। এয়াতো হৈছে জ্ঞান, যাৰ দ্বাৰা
বহুত লাভ হয়। এতিয়া তোমালোকৰ হৈছে আৰোহণ কলা। পিতাই বাৰে বাৰে কয় – মনমনাভৱ (নিজক
আত্মা বুলি বুজি মোক স্মৰণ কৰা)। ‘গীতা’তো শব্দটি আছে কিন্তু তাৰ অৰ্থ কোনেও শুনাব
নোৱাৰে। উত্তৰ দিবলৈ নাহে। বাস্তৱিকতে তাৰ অৰ্থ লিখাও আছে নিজক আত্মা বুলি বুজি,
দেহৰ সকলো ধৰ্ম এৰি মামেকম্ (কেৱল মোকেই) স্মৰণ কৰা। ভগৱানুবাচ (ভগৱানে কয়) নহয়
জানো। কিন্তু তেওঁলোকৰ বুদ্ধিত এইটো ধাৰণা আছে যে শ্ৰীকৃষ্ণ ভগৱান। তেওঁতো দেহধাৰী,
পুনৰ্জন্মত আহোঁতা। তেওঁক কেনেকৈ ভগৱান বুলি ক’ব পাৰি। গতিকে সন্ন্যাসী আদি কাৰো
দৃষ্টি ‘পিতা আৰু সন্তানৰ’ দৰে হ'ব নোৱাৰে। যদিও গান্ধীজীক বাপুজী বুলি কৈছিল কিন্তু
সেয়া পিতা-সন্তানৰ সম্বন্ধ বুলি কোৱা নহ’ব। সেয়াতো তথাপি লৌকিক গ'ল। তোমালোককতো
বুজোৱা হৈছে - নিজক আত্মা বুলি বুজা। এওঁৰ শৰীৰত যিজন পিতা বহি আছে তেওঁ হৈছে বেহদৰ
বাপুজী। লৌকিক আৰু পাৰলৌকিক দুয়োজন পিতাৰ পৰা উওৰাধিকাৰ পোৱা যায়। বাপুজীৰ পৰাতো
একোৱেই নাপালা। অৱশ্যে হয় ভাৰতৰ ৰাজধানী পুনৰ ঘূৰাই পোৱা গ’ল কিন্তু সেয়া উওৰাধিকাৰ
বুলিতো কোৱা নহ’ব। সুখ পাব লাগে নহয়।
উত্তৰাধিকাৰ হৈছেই
দুই প্ৰকাৰৰ - এবিধ লৌকিক পিতাৰ আনবিধ বেহদৰ পিতাৰ। ব্ৰহ্মাৰ পৰাও কোনো উত্তৰাধিকাৰ
পোৱা নাযায়। যদিও এওঁ গোটেই প্ৰজাৰে পিতা, এওঁক “গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ” বুলি
কোৱা হয়। এওঁ নিজেই কয় - মোৰ পৰা তোমালোকে একো উত্তৰাধিকাৰ নোপোৱা, যিহেতু এওঁ
নিজেই কয় - মোৰ পৰা উত্তৰাধিকাৰ পাব নোৱাৰা, তেনেহ’লে সেই বাপুজীৰ পৰা আকৌ কি
উত্তৰাধিকাৰ পাব পাৰিবা। একোৱেই নোপোৱা। ইংৰাজসকলতো গুচি গ’ল। এতিয়া কি আছে? অনশন,
ধৰ্ণা, ধৰ্মঘট, আদি হৈ থাকে, কিমান মাৰামাৰি হৈ থাকে। কাৰোলৈকে ভয় নকৰে। ডাঙৰ ডাঙৰ
বিষয়াকো হত্যা কৰি দিয়ে। সুখৰ পৰিৱৰ্তে আৰু বেছিহে দুখ হয়। সেয়েহে বেহদৰ কথা ইয়াতহে
আছে। পিতাই কয় - প্ৰথমতে এইটো দৃঢ় নিশ্চয় কৰা যে আমি আত্মা, শৰীৰ নহয়। পিতাই আমাক
তুলি লৈছে, আমি হৈছোঁ তোলনীয়া সন্তান। তোমালোকক বুজোৱা হয় - জ্ঞানৰ সাগৰ পিতা আহি
সৃষ্টি চক্ৰৰ ৰহস্য বুজায়। আন কোনেও বুজাব নোৱাৰে। পিতাই কয় দেহ সহিত দেহৰ সকলো
ধৰ্ম পাহৰি যোৱা, মামেকম্ স্মৰণ কৰা। সতোপ্ৰধান নিশ্চয় হ’ব লাগে। এইটোও জানা যে
পুৰণি সৃষ্টিৰ বিনাশতো হ’বই। নতুন সৃষ্টিত বহুত কমসংখ্যক লোক থাকে। ক’ত ইমান কোটি
আত্মা আৰু ক’ত 9 লাখ। ইমানবোৰ ক’লৈ যাব? এতিয়া তোমালোকৰ বুদ্ধিত আছে যে আমি সকলো
আত্মা ওপৰত আছিলোঁ। পুনৰ ইয়াত ভূমিকা পালন কৰিবলৈ আহিছোঁ। আত্মাকহে ভাৱৰীয়া বুলি
কোৱা হ’ব। আত্মাই এই শৰীৰৰ দ্বাৰা কৰ্ম কৰে। আত্মাকতো কৰ্মেন্দ্ৰিয় লাগে নহয়। আত্মা
কিমান সূক্ষ্ম। 84 লাখ জন্ম নহয়। প্ৰত্যেকেই যদি 84 লাখ জন্ম লয় তেন্তে ভূমিকা
পুনৰাবৃত্তি কেনেকৈ কৰিব। স্মৃতিত থাকিব নোৱাৰে। স্মৃতিৰ পৰা বাহিৰ হৈ যাব। 84
জন্মও তোমালোকৰ স্মৃতিত নাথাকে, পাহৰি যোৱা। এতিয়া তোমালোক সন্তানসকলে পিতাক স্মৰণ
কৰি পৱিত্ৰ নিশ্চয় হ’ব লাগে। এই যোগ অগ্নিৰ দ্বাৰা বিকৰ্ম বিনাশ হ’ব। এইটোও নিশ্চয়তা
আছে - বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ আমি কল্পই কল্পই লওঁ। এতিয়া পুনৰ
স্বৰ্গবাসী হ’বলৈ পিতাই কৈছে যে মামেকম্ স্মৰণ কৰা কিয়নো ময়েই পতিত-পাৱন হওঁ।
তোমালোকে পিতাক মাতিছিলা নহয়, সেয়েহে এতিয়া পাৱন কৰি তুলিবলৈ পিতা আহিছে। পাৱন হৈছে
দেৱতাসকল, পতিত হৈছে মনুষ্য। পৱিত্ৰ হৈ পুনৰ শান্তিধামলৈ যাব লাগে। তোমালোকে
শান্তিধামলৈ যাব বিচৰা নে সুখধামলৈ যাব বিচৰা? সন্ন্যাসীয়েতো কয় সুখ কাউৰীৰ বিষ্ঠাৰ
সমান, আমাক শান্তি লাগে। গতিকে তেওঁলোক সত্যযুগলৈ কেতিয়াও আহিব নোৱাৰিব। সত্যযুগত
প্ৰবৃত্তি মাৰ্গৰ ধৰ্ম আছিল। দেৱতাসকল নিৰ্বিকাৰী আছিল তেওঁলোকেই পুনৰ্জন্ম লৈ লৈ
পতিত হৈ যায়। এতিয়া পিতাই কয় - নিৰ্বিকাৰী হ’ব লাগে। স্বৰ্গলৈ যাবলৈ হ’লে মোক স্মৰণ
কৰা তেতিয়া তোমালোকৰ পাপ খণ্ডন হ’ব, পুণ্য আত্মা হৈ যাবা, তেতিয়া শান্তিধাম-সুখধামলৈ
যাবাগৈ। তাত শান্তিও আছিল সুখো আছিল। এতিয়া হৈছে দুখধাম। পুনৰ পিতা আহি সুখধাম
স্থাপনা কৰে, দুখধামৰ বিনাশ কৰে। চিত্ৰও সন্মুখত আছে। সোধা, এতিয়া তোমালোক ক’ত থিয়
হৈ আছা? এতিয়া হৈছে কলিযুগৰ অন্ত, বিনাশ সমাগত। শেষত গৈ অকণমান খণ্ডহে থাকিবগৈ।
ইমান খণ্ডতো তাত নাথাকে। এই বিশ্বৰ বুৰঞ্জী-ভূগোল সকলো পিতাইহে বহি বুজায়। এইখন হৈছে
পাঠশালা। ভগৱানুবাচ, প্ৰথমতে পিতাৰ পৰিচয় দিবলগীয়া হয়। এতিয়া হৈছে কলিযুগ আকৌ
সত্যযুগলৈ যাব লাগে। তাততো সুখেই সুখ থাকে। এজনক স্মৰণ কৰা- সেয়া হৈছে অব্যভিচাৰী
স্মৃতি। শৰীৰকো পাহৰি যাব লাগে। শান্তিধামৰ পৰা আহিছা পুনৰ শান্তিধামলৈ যাব লাগে।
তালৈ কোনো পতিত যাব নোৱাৰে। পিতাক স্মৰণ কৰি কৰি পৱিত্ৰ হৈ তোমালোক মুক্তিধামলৈ গুচি
যাবাগৈ। এয়া ভালদৰে বুজাবলগীয়া হয়। আগতে জানো ইমানবোৰ চিত্ৰ আছিল। চিত্ৰ নোহোৱাকৈ
সংক্ষেপে বুজোৱা হৈছিল। এই পাঠশালাত মনুষ্যৰ পৰা দেৱতা হৈ যাব লাগে। এই জ্ঞান হৈছে
নতুন সৃষ্টিৰ কাৰণে। সেয়া পিতাইহে দিব নহয়। গতিকে পিতাৰ দৃষ্টি সন্তানসকলৰ ওপৰত থাকে।
আমাক আত্মাসকলক পঢ়ায়। তোমালোকেও বুজোৱা বেহদৰ পিতাই আমাক বুজায়, তেওঁৰ নাম হৈছে
শিৱবাবা। কেৱল বেহদৰ বাবা বুলি ক’লেও বিভ্ৰান্ত হৈ যাব কিয়নো এতিয়া বাবাও বহুত হৈ
গৈছে। পৌৰনিগমৰ মেয়ৰকো বাবা বুলি কয়। পিতাই কয় - মই এওঁৰ শৰীৰতে আহোঁ তথাপিও মোৰ
নাম ‘শিৱ’ই হয়। মই এই শৰীৰৰ দ্বাৰা তোমালোকক জ্ঞান দিওঁ, এওঁক তুলি লৈছোঁ। এওঁৰ নাম
প্ৰজাপিতা ব্ৰহ্মা ৰখা হৈছে। এৱোঁ মোৰ পৰা উত্তৰাধিকাৰ পায়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এতিয়া পুৰণি সৃষ্টিৰ পৰা নতুন সৃষ্টিলৈ জপিওৱাৰ সময় সেয়েহে এই পুৰণি সৃষ্টিৰ পৰা
বেহদৰ সন্ন্যাস কৰিব লাগে। ইয়াক বুদ্ধিৰে পাহৰি যাব লাগে।
(2) পঢ়াৰ প্ৰতি পূৰা
মনোযোগ দিব লাগে। স্কুলত চকু মুদি বহাৰ নিয়ম নাই। ধ্যান দিব লাগে যাতে পঢ়াৰ সময়ত
বুদ্ধি ইফালে-সিফালে দিগভ্ৰান্ত হৈ নুফুৰে, হামি নাহে। যি শুনি গৈ থাকা সেয়া ধাৰণ
হৈ গৈ থাকে।
বৰদান:
আত্মিক নিচাৰে
পুৰণি সৃষ্টিখনক পাহৰি যাওঁতা স্বৰাজ্য তথা বিশ্বৰাজ্য অধিকাৰী হোৱা
সংগমযুগত যিসকল পিতাৰ
উত্তৰাধিকাৰৰ অধিকাৰী হয় তেওঁলোকেই স্বৰাজ্য আৰু বিশ্ব ৰাজ্যৰ অধিকাৰী হয়। আজি
স্বৰাজ্য আছে কালিলৈ বিশ্বৰ ৰাজ্য হ'ব। আজি আৰু কালিৰ কথা, এনেকুৱা অধিকাৰী আত্মা
আত্মিক নিচাত থাকে আৰু নিচাই পুৰণি সৃষ্টিক সহজে পাহৰাই দিয়ে। অধিকাৰী কেতিয়াও কোনো
বস্তুৰ, ব্যক্তিৰ, সংস্কাৰৰ অধীন হ'ব নোৱাৰে। তেওঁলোকে হদৰ কথা এৰিবলগীয়া নহয়, স্বতঃ
মুক্ত হৈ যায়।
স্লোগান:
প্ৰতিটো চেকেণ্ড, প্ৰতিটো শ্বাস, প্ৰতিটো সম্পদ সফল কৰোঁতাজনেই সফলতামূৰ্ত।
“ইচ্ছা মাত্ৰম অবিদ্যা”
স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:
“ইচ্ছা মাত্ৰম
অবিদ্যা”ৰ অৱস্থা আৰু সৃষ্টিত তেতিয়াহে থাকে যেতিয়া স্বয়ং যুক্তিযুক্ত, সম্পন্ন,
জ্ঞানপূৰ্ণ আৰু সদায় সফলতাপূৰ্ণ হয়। যি সদায় সফলতাপূৰ্ণ নহয় তেওঁ অনেক আত্মাৰ
সংকল্পও সফল কৰিব নোৱাৰে। যি সম্পন্ন নহয় তেওঁৰ ইচ্ছা নিশ্চয় থাকিব কিয়নো সম্পন্ন
হোৱাৰ পাছতহে “ইচ্ছা মাত্ৰম অবিদ্যা”ৰ স্থিতি আহে।