05.09.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ প্ৰতিজ্ঞা হৈছে যেতিয়ালৈকে আমি পৱিত্ৰ নহওঁ তেতিয়ালৈকে পিতাক স্মৰণ কৰি
থাকিম, এজন পিতাৰ প্ৰতিয়ে প্ৰীতি ৰাখিম”
প্ৰশ্ন:
বুদ্ধিমান
সন্তানসকলে সময়ক লক্ষ্য কৰি কোনটো পুৰুষাৰ্থ কৰিব?
উত্তৰ:
অন্তিম সময়ত যেতিয়া শৰীৰ এৰিম তেতিয়া যাতে একমাত্ৰ পিতাৰেই স্মৃতি থাকে অন্য একোৱেই
যাতে স্মৃতিলৈ নাহে। এনেকুৱা পুৰুষাৰ্থ বুদ্ধিমান সন্তানসকলে এতিয়াৰ পৰাই কৰি থাকিব
কিয়নো কৰ্মাতীত হৈ যাব লাগে তাৰ বাবে এই পুৰণি দেহৰ প্ৰতি থকা মমত্ব আঁতৰাই যোৱা,
বচ্ মই পিতাৰ ওচৰলৈ গৈ আছোঁ।
গীত:
ন ৱহ হমচে জুদা
হোংগে, ন ওলফট্ দিল চে নিকলেগী.... (তেওঁ আমাৰ পৰা বিচ্ছিন্ন নহ’ব আৰু তেওঁৰ প্ৰতি
আমাৰ মৰম কমি নাযাব....)
ওঁম্শান্তি।
পিতাই
সন্তানসকলক বুজায়, সন্তানসকলে বেহদৰ পিতাৰ আগত প্ৰতিজ্ঞা কৰে। বাবা অন্তলৈ যেতিয়াকে
আমি শান্তিধামত গৈ উপস্থিত নহওঁ আমি আপোনাৰ হৈ গৈছোঁ, আপোনাক স্মৰণ কৰিলে আমাৰ শিৰত
জন্ম জন্মান্তৰৰ যি পাপৰ বোজা আছে সেয়া ভস্ম হৈ যাব। ইয়াকে যোগ অগ্নি বুলি কোৱা হয়।
অন্য কোনো উপায় নাই। পতিত-পাৱন অথবা শ্ৰী শ্ৰী 108 জগতগুৰু বুলি এজনকেই কোৱা হয়।
তেৱেঁই জগতৰ পিতা, জগতৰ শিক্ষক, জগতৰ গুৰু। ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান পিতাইহে দিয়ে।
এয়া হৈছে পতিত সৃষ্টি, ইয়াত এজনো পাৱন থকা অসম্ভৱ। পতিত-পাৱন পিতাইহে সকলোৰে সৎগতি
কৰে। তোমালোকো তেওঁৰ সন্তান হৈছা। তোমালোকে শিকি আছা যে জগতক কেনকৈ পাৱন কৰি তুলিম?
শিৱৰ আগত ত্ৰিমূৰ্তি নিশ্চয় লাগে। এয়াও লিখিব লাগে যে দৈৱী সাৰ্বভৌমত্ব তোমালোকৰ
জন্ম সিদ্ধ অধিকাৰ। সেয়াও এতিয়া কল্পৰ সংগমযুগত। স্পষ্টকৈ নিলিখিলে মনুষ্যই একো বুজি
নাপায়। আৰু দ্বিতীয় কথা কেৱল যি বি.কে. নাম দিয়া হয় তাত প্ৰজাপিতা শব্দটো জৰুৰী
কিয়নো ব্ৰহ্মা নামো বহুতৰেই আছে। প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়
বুলি লিখিব লাগে। তোমালোকে জানা যে শিলৰ দৰে বিশ্বক পাৱন, পাৰসতো এজন পিতাইহে কৰিব।
এই সময়ত এজনো পাৱন নাই। সকলোৱে ইজনে সিজনৰ লগত কাজিয়া কৰে, গালি দি থাকে। পিতাৰ
বাবেও কৈ দিয়ে – কাছ-মৎস অৱতাৰ। অৱতাৰ কাক কোৱা হয় সেয়াও নুবুজে। অৱতাৰতো এজনৰেই হয়।
তেৱোঁ অলৌকিক ৰীতিৰে শৰীৰত প্ৰৱেশ কৰি বিশ্বক পাৱন কৰি তোলে। বাকী আত্মাসকলেতো নিজৰ
নিজৰ শৰীৰ লয়, তেওঁৰ (শিৱবাবাৰ) নিজৰ শৰীৰ নাই। কিন্তু জ্ঞানৰ সাগৰ হয় তেন্তে জ্ঞান
কেনেকৈ দিব? শৰীৰতো লাগে নহয়। এই কথাবোৰ তোমালোকৰ বাহিৰে আৰু কোনেও নাজানে।
গৃহস্থালিত থাকি পৱিত্ৰ হোৱা - এইটো বাহাদুৰিৰ কাম। মহাবীৰ অৰ্থাৎ বীৰত্ব দেখুওৱা।
এয়াও বীৰত্বৰ কথা যি কাম সন্ন্যাসীয়ে কৰিব নোৱাৰে সেয়া তোমালোকে কৰিব পাৰা। পিতাই
শ্ৰীমত দিয়ে যে তোমালোকে এনেকৈ গৃহস্থালিত থাকি পদুম ফুলৰ সমান পৱিত্ৰ হোৱা তেতিয়াহে
উচ্চ পদ লাভ কৰিব পাৰিবা। নহ’লে বিশ্বৰ বাদশ্বাহী কেনেকৈ লাভ কৰিবা। এয়া হৈছেই নৰৰ
পৰা নাৰায়ণ হোৱাৰ পঢ়া। এয়া হৈছে পাঠশালা। বহুতে পঢ়ে, সেয়েহে লিখা "ঈশ্বৰীয় বিশ্ব
বিদ্যালয়"। এয়াতো একেবাৰে শুদ্ধ শব্দ। ভাৰতবাসীয়ে জানে যে আমি বিশ্বৰ মালিক আছিলোঁ,
কালিৰ কথা। এতিয়ালৈকে ৰাধা-কৃষ্ণ অথবা লক্ষ্মী-নাৰায়ণৰ মন্দিৰ নিৰ্মাণ হৈয়েই আছে।
কোনো কোনোৱেতো আকৌ পতিত মনুষ্যৰো মন্দিৰ নিৰ্মাণ কৰে। দ্বাপৰৰ পৰাতো হয়েই পতিত
মনুষ্য। ক'ত শিৱৰ মন্দিৰ নিৰ্মাণ কৰা, ক’ত দেৱতাসকলৰ মন্দিৰ নিৰ্মাণ কৰা আৰু ক'ত এই
পতিত মনুষ্যৰ মন্দিৰ। এয়া জানো কোনো দেৱতা হয়। সেয়েহে পিতাই বুজায় - এই কথাবোৰৰ
ওপৰত যথাৰীতি বিচাৰ সাগৰ মন্থন কৰিব লাগে। বাবাইতো বুজাই থাকে, দিনে-প্ৰতিদিনে
লিখনিবোৰ সলনি হৈ গৈ থাকিব। এনেকুৱা নহয় যে আগতে কিয় এনেকৈ নক’লে। এনেকৈ কোৱা নহ’ব
যে আগতে মনমনাভৱৰ অৰ্থ এনেকৈ কিয় নুবুজালে। হেৰ’ প্ৰথমেই জানো এনেকৈ স্মৃতিত তিষ্ঠি
থাকিব পৰিলাহেঁতেনে। বহুত কমসংখ্যক এনেকুৱা সন্তান আছে যিয়ে প্ৰতিটো কথাৰেই
সম্পূৰ্ণ ৰীতিৰে সঁহাৰি জনাব পাৰে। ভাগ্যত উচ্চ পদ নাই তেন্তে শিক্ষকেও কি কৰিব।
এনেকুৱা নহয় যে আশীৰ্বাদৰ দ্বাৰা উচ্চ কৰি তুলিব। নিজক চাব লাগে যে মই কেনেকুৱা সেৱা
কৰোঁ। ইয়াৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰিব লাগে। গীতাৰ ভগৱান কোন, এইখন চিত্ৰ মুখ্য।
ভগৱান হৈছে নিৰাকাৰ, তেওঁ ব্ৰহ্মাৰ শৰীৰ অবিহনেতো শুনাব নোৱাৰে। তেওঁ আহেই ব্ৰহ্মাৰ
শৰীৰত সংগমত। নহ’লেনো ব্ৰহ্মা-বিষ্ণু-শংকৰ কিহৰ বাবে আছে। জীৱন বৃত্তান্ত জানিব লাগে
নহয়। কোনেও নাজানে। ব্ৰহ্মাৰ বাবে কয় - 100 ভূজাধাৰীৰ ওচৰলৈ যোৱা, 1000 ভূজাধাৰীৰ
ওচৰলৈ যোৱা। ইয়াৰ ওপৰতো এটা কাহিনী ৰচা হৈছে। প্ৰজাপিতা ব্ৰহ্মাৰ ইমান অনেক সন্তান
আছে। ইয়ালৈ আহেই পৱিত্ৰ হ’বলৈ। জন্ম-জন্মান্তৰ অপৱিত্ৰ হৈ আহিছে। এতিয়া সম্পূৰ্ণ
পৱিত্ৰ হ’ব লাগে। শ্ৰীমত পোৱা যায় মামেকম্ (কেৱল মোক) স্মৰণ কৰা। কোনো কোনোৱেতো
এতিয়ালৈকে বুজিয়েই পোৱা নাই যে আমি কেনেকৈ স্মৰণ কৰিম। বিবুদ্ধিত পৰে। পিতাৰ হৈ যদি
বিকৰ্মাজিৎ নহয়, পাপ খণ্ডন নহয়, স্মৃতিৰ যাত্ৰাত নাথাকে তেন্তে তেওঁ কিহৰ পদ পাব।
যদিও সমৰ্পিত কিন্তু কি লাভ হ’ব। যেতিয়ালৈকে পুণ্য আত্মা হৈ আনক পুণ্য আত্মা কৰি
নোতোলে তেতিয়ালৈকে উচ্চ পদ পাব নোৱাৰে। মোক যিমান কমকৈ স্মৰণ কৰিব সিমানেই কম পদ
পাব। দ্বৈত মুকুটধাৰী কেনেকৈ হ’ব, তেতিয়া পুৰুষাৰ্থৰ ক্ৰম অনুসৰি দেৰিকৈ আহিব।
এনেকুৱা নহয় যে মই সকলো সমৰ্পিত কৰি দিলোঁ সেইবাবে দ্বৈত মুকুটধাৰী হ’মগৈ। নহয়।
প্ৰথমে দাস-দাসী হৈ পাছলৈ অলপ কিবা পাই যাবা। বহুতৰে এইটো অহংকাৰ থাকে যে মইতো
সমৰ্পিত হওঁ। হেৰ’ স্মৃতিত নাথাকিলে কি হ’ব পাৰিবা। দাস-দাসী হোৱাতকৈ চহকী প্ৰজা
হোৱাতো বেছি ভাল। দাস-দাসীয়ে জানো শ্ৰীকৃষ্ণৰ সৈতে দোলনাত দুলিব পাৰিব। এইবোৰ অতিকৈ
বুজিবলগীয়া কথা। এই ক্ষেত্ৰত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। অলপতে আনন্দিত হ’ব নালাগে।
আমিও ৰজা হ’ম। এনেকৈতো আকৌ অনেক ৰজা হৈ যাব। পিতাই কয় – প্ৰথম মুখ্য কথা হ’ল
স্মৃতিৰ যাত্ৰা। যিসকল যথা ৰীতি স্মৃতিত থাকে, তেওঁলোক আনন্দিত হৈ থাকে। পিতাই
বুজায় - আত্মাই এটা শৰীৰ ত্যাগ কৰি আন এটা লয়। সত্যযুগত আনন্দেৰে এটা শৰীৰ ত্যাগ কৰি
আন এটা লয়। ইয়াততো কান্দিবলৈ আৰম্ভ কৰে, সত্যযুগৰ কথাবোৰেই পাহৰি গৈছে। তাততো শৰীৰ
এনেকৈ ত্যাগ কৰে যেনেকৈ সাপৰ দৃষ্টান্ত আছে নহয়। এই পুৰণি শৰীৰ এতিয়া ত্যাগ কৰিব
লাগে। তোমালোকে জানা যে আমি আত্মা। এয়াতো পুৰণা শৰীৰ এতিয়া এৰিবই লাগে। যিসকল
বুদ্ধিমান সন্তান পিতাৰ স্মৃতিত থাকে তেওঁলোকেতো কয় যে পিতাৰ স্মৃতিতেই যাতে শৰীৰ
ত্যাগ কৰোঁ আৰু তাৰপাছত গৈ পিতাৰ সৈতে মিলিত হওঁ। কোনো মনুষ্য মাত্ৰেই এইটো কথা
নাজানে যে কেনেকৈ পিতাক লগ পাব পাৰি। তোমালোক সন্তানসকলে ৰাস্তা পাইছা। এতিয়া
পুৰুষাৰ্থ কৰি আছা, জীৱন্তে মৰিতো গ’লা কিন্তু আত্মা পৱিত্ৰ হ’লেহে। পৱিত্ৰ হৈ আকৌ
এই পুৰণা শৰীৰ এৰি যাব লাগিব। এনেকৈ ভাবে যে কৰ্মাতীত অৱস্থা হৈ গ’লে এই শৰীৰ এৰিব
পাৰিব কিন্তু কৰ্মাতীত অৱস্থা হ’লেতো আপোনাআপুনি শৰীৰ এৰিবা। বচ মই বাবাৰ ওচৰত গৈ
থাকিম। এই পুৰণা শৰীৰৰ প্ৰতি যেন ঘৃণা জন্মে। সাপৰ পুৰণা ছালৰ প্ৰতি ঘৃণা জন্মে নহয়।
তোমালোকৰ নতুন ছাল (শৰীৰ) তৈয়াৰ হৈ আছে। কিন্তু যেতিয়া কৰ্মাতীত অৱস্থা হ’ব তেতিয়াহে,
অন্তিমত তোমালোকৰ এনেকুৱা অৱস্থা হ’ব। বচ্ এতিয়া আমি গৈ আছোঁ। যুদ্ধৰ বাবেও
সম্পূৰ্ণ প্ৰস্তুতি চলিব। বিনাশৰ সকলো তোমালোকৰ কৰ্মাতীত অৱস্থা হোৱাৰ ওপৰত নিৰ্ভৰ
কৰে। অন্তিমত ক্ৰমানুসৰি সকলোৱে কৰ্মাতীত অৱস্থাত উপনীত হৈ যাব। এয়া কিমান লাভৰ কথা।
তোমালোক যিহেতু বিশ্বৰ মালিক হোৱা তেন্তে পিতাক কিমান স্মৰণ কৰিব লাগে। তোমালোকে
দেখিবা কোনোবা এনেকুৱাও ওলাব যিয়ে উঠোঁতে-বহোঁতে কেৱল পিতাকে স্মৰণ কৰি থাকিব।
মৃত্যু সন্মুখত থিয় হৈ আছে। বাতৰিকাকতবোৰত এনেকৈ দেখুৱায় যেন এতিয়াই যুদ্ধ লাগিব।
ডাঙৰ যুদ্ধ হ’লেতো বোমা বৰ্ষণ কৰিব ধৰিব। দেৰি নালাগিব। চতুৰ সন্তানসকলে বুজি পায়,
যিসকল অবুজ তেওঁলোকে একো নুবুজে। অলপো ধাৰণ নহয়। যদিও ‘হয় হয়’ বুলি কৈ থাকে কিন্তু
একোৱেই বুজি নাপায়। স্মৃতিত নাথাকে। যিসকল দেহ-অভিমানত থাকে, এইখন জগতৰেই স্মৃতিত
থাকে তেওঁলোকে কি বুজিব। এতিয়া পিতাই কয় - দেহী-অভিমানী হোৱা। দেহক পাহৰি যাব লাগে।
শেষৰ ফালে তোমালোকে বহুত চেষ্টা কৰিবলৈ লাগি যাবা, এতিয়া তোমালোকে নুবুজা। শেষৰ ফালে
বহুত অনুতাপ কৰিবা। বাবাই সাক্ষাৎকাৰো কৰাব। এইটো এইটো পাপ কৰিছা। এতিয়া শাস্তি খোৱা।
পদবীও চোৱা। আৰম্ভণিতো এনেকৈ সাক্ষাৎকাৰ কৰাইছিল আৰু শেষৰ ফালেও সাক্ষাৎকাৰো কৰাব।
পিতাই কয় - নিজৰ
সন্মান নেহেৰুৱাবা। পঢ়াত মনোনিবেশ কৰাৰ পুৰুষাৰ্থ কৰা। নিজক আত্মা বুলি বুজি মামেকম্
স্মৰণ কৰা। তেৱেঁই পতিত-পাৱন হয়। জগতত কোনো পতিত-পাৱন নাই। শিৱ ভাগৱানুবাচ। এনেকৈ
কয় যে সকলোৰে সৎগতিদাতা এজনেই পতিত-পাৱন। তেওঁকেই সকলোৱে স্মৰণ কৰে। কিন্তু যেতিয়া
নিজক আত্মা বিন্দু বুলি বুজিব তেতিয়াহে পিতাৰ স্মৃতি আহিব। তোমালোকে জানা যে আমাৰ
মাজত অৰ্থাৎ আত্মাত 84 জন্মৰ ভুমিকা সমাহিত হৈ আছে, সেয়া কেতিয়াও বিনাশ নহয়। এই
কথাবোৰ বুজাতো কোনো মাহীৰ ঘৰ (ইমান উজু) নহয়। পাহৰি যায় সেইবাবে কাকো বুজাব নোৱাৰে।
দেহ-অভিমানে সকলোকে একেবাৰে শেষ কৰি দিছে। এতিয়া এয়া মৃত্যুলোক হৈ গৈছে। সকলো অকালতে
মৰি থাকে। যেনেকৈ জীৱ-জন্তু পক্ষী আদি মৰি যায় তেনেকৈ মনুষ্যও মৰি যায়, একো
পাৰ্থক্য নাই। লক্ষ্মী-নাৰায়ণতো অমৰলোকৰ মালিক হয় নহয়। তাত অকালতে মৃত্যু নহয়।
দুখেই নাই। ইয়াততো দুখ হয় তেতিয়া মৰি যায়। অকাল মৃত্যৱে নিজেই লৈ যায়। এয়া অতি উচ্চ
লক্ষ্য। কেতিয়াও যাতে আসুৰিক দৃষ্টি নাযায় এই ক্ষেত্ৰত পৰিশ্ৰম কৰিবলগীয়া হয়। ইমান
উচ্চ পদ পোৱাতো কোনো মাহীৰ ঘৰ নহয়। বাহাদুৰি লাগে। নহ’লে অলপ কথাতেই ভয়-ভীত হৈ যায়।
কোনোবা দুষ্ট প্ৰকৃতিৰ লোক ভিতৰত প্ৰৱেশ কৰিলে, গাত হাত দিলে লাঠিৰে কোবাই খেদি
পঠিয়াব লাগে। ভয়াতুৰ হ’ব লাগে জানো। শিৱ শক্তি পাণ্ডৱ সেনাৰ গায়ন আছে নহয়। যিয়ে
স্বৰ্গৰ দ্বাৰ মুকলি কৰে। নাম প্ৰসিদ্ধ হয় তেন্তে এনেকুৱা বাহাদুৰিও থাকিব লাগে।
যেতিয়া সৰ্বশক্তিমান পিতাৰ স্মৃতিত থাকিবা তেতিয়া সেই শক্তি প্ৰাপ্ত কৰিবা। নিজক
আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে, এই যোগ অগ্নিৰ দ্বাৰাই বিকৰ্ম বিনাশ হ’ব
তেতিয়া বিকৰ্মাজিৎ ৰজা হৈ যাবা। স্মৃতিত থকাৰ ক্ষেত্ৰতেই পৰিশ্ৰম কৰিবলগীয়া হয়, যিয়ে
কৰিব তেৱেঁই পাব। আনকো সাৱধান কৰি দিব লাগে। স্মৃতিৰ যাত্ৰাৰ দ্বাৰাই বৈতৰণী পাৰ
হ’ব। পঢ়াৰ যাত্ৰা বুলি কোৱা নহয়। সেয়া হৈছে পাৰ্থিৱ যাত্ৰা। এয়া হৈছে আত্মিক যাত্ৰা,
চিধা শান্তিধাম নিজৰ ঘৰলৈ গুচি যাবা। পিতাও ঘৰতে থাকে। মোক স্মৰণ কৰি কৰি তোমালোক
ঘৰলৈ গুচি যাবাগৈ। ইয়াত সকলোৱে ভূমিকা পালন কৰিব লাগে। ড্ৰামাতো অবিনাশী চলিয়েই থাকে।
সন্তানসকলক বুজাই থাকে - এটাতো পিতাৰ স্মৃতিত থাকা আৰু পৱিত্ৰ হোৱা, দৈৱীগুণ ধাৰণ
কৰা আৰু যিমানে সেৱা কৰিবা সিমানে উচ্চ পদ পাবা। কল্যাণকাৰী নিশ্চয় হ’ব লাগে। ভাল
বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় যাতে
এইটো স্মৃতিত থাকে যে সৰ্বশক্তিমান পিতা আমাৰ লগত আছে, এইটো স্মৃতিৰে শক্তি প্ৰাপ্ত
কৰিবা, বিকৰ্ম ভস্ম হ’ব। নাম হৈছে শিৱশক্তি পাণ্ডৱ সেনা গতিকে বাহাদুৰি দেখুৱাব লাগে,
ভয়াতুৰ হ’ব নালাগে।
(2) জীৱন্তে মৰি
যোৱাৰ পাছত এইটো অহংকাৰ যাতে নাহে যে মইতো সমৰ্পিত হওঁ। সমৰ্পিত হৈ পুণ্য আত্মা হৈ
আনকো পুণ্য আত্মা কৰি তুলিব লাগে, ইয়াতেই লাভ আছে।
বৰদান:
নিৰ্বিঘ্ন
স্থিতিৰ দ্বাৰা নিজৰ আধাৰ শক্তিশালী কৰোঁতা সন্মান সহকাৰে উত্তীৰ্ণ হোৱা
যিসকল সন্তান বহুকালৰ
পৰা নিৰ্বিঘ্ন স্থিতিৰ অনুভৱী হয় তেওঁলোকৰ আধাৰ দৃঢ় হোৱাৰ কাৰণে নিজেও শক্তিশালী হৈ
থাকে আৰু আনকো শক্তিশালী কৰি তোলে। বহুকালৰ শক্তিশালী, নিৰ্বিঘ্ন আত্মা অন্তিম সময়তো
নিৰ্বিঘ্ন হৈ সন্মান সহকাৰে উত্তীৰ্ণ হৈ যায় বা প্ৰথম বিভাগত আহি যায়। সেয়েহে সদায়
যাতে এইটো লক্ষ্য থাকে যে বহুকালৰ পৰা নিৰ্বিঘ্ন স্থিতিৰ অনুভৱ অৱশ্য কৰিব লাগে।
স্লোগান:
প্ৰত্যেক আত্মাৰ প্ৰতি সদায় উপকাৰ অৰ্থাৎ শুভ-কামনা ৰাখা তেতিয়া স্বতঃ আশীৰ্বাদ
প্ৰাপ্ত হ’ব।
অব্যক্ত সংকেত: এতিয়া
একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা
যোগ মানে শান্তিৰ
শক্তি। এই শান্তিৰ শক্তিয়ে বহুত সহজে নিজক আৰু আনক পৰিৱৰ্তন কৰে, ইয়াৰ দ্বাৰা
ব্যক্তিও পৰিৱৰ্তন হৈ যাব আৰু প্ৰকৃতিও পৰিৱৰ্তন হৈ যাব। ব্যক্তিসকলকতো মুখেৰে
পাঠক্ৰম কৰাই দিয়া কিন্তু প্ৰকৃতিক পৰিৱৰ্তন কৰিবলৈ শান্তিৰ শক্তি অৰ্থাৎ যোগবলহে
লাগে।