05.09.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতাৰ সহযোগী হ’বলৈ ‘মনমনাভৱ’ৰ মন্ত্ৰ সকলোকে দৃঢ় কৰোৱা, এক পিতাক সদায় অনুসৰণ কৰা”

প্ৰশ্ন:
পুৰুষোত্তম হোৱাৰ সহজ আৰু শ্ৰেষ্ঠ পুৰুষাৰ্থ কি?

উত্তৰ:
হে পুৰুষোত্তম হ’বলগীয়া সন্তানসকল - তোমালোক সদায় শ্ৰীমতত চলি থাকা। এজন পিতাক স্মৰণ কৰা আৰু আন কোনো কথাত হস্তক্ষেপ নকৰিবা। খোৱা-বোৱা কৰা সকলো কৰা কিন্তু পিতাক স্মৰণ কৰি থাকা তেতিয়া পুৰুষোত্তম হৈ যাবা। পুৰুষোত্তম তেওঁলোকেই হয় যিসকলৰ ওপৰত বৃহস্পতিৰ দশা আছে। তেওঁলোকে কেতিয়াও শ্ৰীমত অৱজ্ঞা নকৰে। তেওঁলোকৰ দ্বাৰা কোনো ওলোটা কৰ্ম নহয়।

গীত:
ওঁম্‌ নমঃ শিৱায়ে…

ওঁম্শান্তি।
এয়া কাৰ মহিমা? এক পৰমপিতা পৰমাত্মাৰ, যিয়ে ভাল কাম কৰে তেওঁৰ মহিমা নিশ্চয় হয়। যিয়ে বেয়া কৰ্তব্য কৰে তেওঁৰ নিন্দা হয়। যেনেকৈ আকবৰৰ মহিমা আছিল, ঔৰংজেৱৰ নিন্দা হৈছিল। ৰামৰ মহিমা কৰিব, ৰাৱণৰ নিন্দা কৰিব। ভাৰততেই ৰামৰাজ্য, ৰাৱণৰাজ্য প্ৰসিদ্ধ হয়। ৰামৰাজ্যক পুৰুষোত্তম ৰাজ্য বুলি ক’ব আৰু ৰাৱণৰাজ্যক আসুৰি ৰাজ্য বুলি ক’ব। সন্তানসকলেতো এতিয়া সংগমযুগৰ বিষয়ে গম পাইছে। এয়া হয়েই পুৰুষোত্তম যুগ। এই ভাৰতক পুৰুষোত্তম কৰিহে এৰিব লাগে। নিবাস কৰাসকলকো পুৰুষোত্তম কৰি তুলিব লাগে আৰু থকা স্থানকো পুৰুষোত্তম কৰি তুলিব লাগে। ভাৰতকেই স্বৰ্গ বুলি কয়, নিবাস কৰাসকলক দেৱী-দেৱতা, স্বৰ্গবাসী বুলি কয়। গতিকে দুয়ো উত্তম হয়। সকলোৱে গম পায় যে নতুন সৃষ্টি উত্তম হয় আৰু পুৰণি সৃষ্টি কনিষ্ঠ হয়। যেনেকুৱা সৃষ্টি তেনেকুৱাই নিবাস কৰাসকল। গোৱাও হয় - ভাৰত নতুন, ভাৰত পুৰণা আন কোনো খণ্ডক নতুন খণ্ড বুলি নকয়। এনেকুৱা নহয় যে নতুন সৃষ্টিত নতুন আমেৰিকা, নতুন চীন হয়। নহয়, নতুন সৃষ্টিততো নতুন ভাৰত বুলি গায়ন কৰা হয়, গতিকে নতুন ভাৰত (নিউ ইণ্ডিয়া) বুলি কোৱা হয়। ‘নতুন ভাৰত’ বুলিতো নাম ৰাখে, কিন্তু সকলো অৰ্থবিহীন। নতুন ভাৰত আকৌ এই সময়ত ক’ৰ পৰা আহিল! নতুন ভাৰতততো দিল্লী পৰিস্তান হয়। এতিয়া পৰিস্তান ক’ত আছে। তোমালোক সন্তানসকল ইয়ালৈ পুৰুষোত্তম হ’বলৈ আহা। উচ্চতকৈ উচ্চ হৈছে বৃহস্পতিৰ দশা। পুৰুষোত্তম হ’লে বৃহস্পতিৰ দশা বহে। তোমালোকে জানা যে নতুন সৃষ্টিৰ স্থাপনা কৰোঁতা বেহদৰ পিতাৰ দ্বাৰা আমি বেহদৰ সুখ ল’বলৈ পুৰুষাৰ্থ কৰি আছোঁ। সত্যযুগত পুৰুষোত্তম হয়। পুনৰ অৱনমিত হ’লে মধ্যম তাৰপাছত কনিষ্ঠ হৈ যায়। তোমালোক সন্তানসকলে জানা যে এতিয়া পিতাই আমাক সতোপ্ৰধান সত্যযুগী স্বৰ্গবাসী, পুৰুষোত্তম কৰি আছে। এয়া হৈছে অতিকৈ সহজ। খোৱাৰো কোনো দৰব নাই, কিবা কৰাৰো কোনো কথা নাই। মাত্ৰ স্মৰণ কৰিব লাগে, সেইবাবে কোৱা হয় - সহজ স্মৃতি। স্মৃতিৰ দ্বাৰাই পাপ আত্মাৰ পৰা পুণ্য আত্মা হ’ব লাগে। এইটোতো অৱশ্যেই সকলোৱে মুক্তি পাব লাগে, পিতাই কয় - মই সকলোৰে সৎগতি দাতা হওঁ গতিকে নিশ্চয় মনুষ্যৰ শৰীৰ নাশ হৈ যাব। বাকী আত্মাসকলক পৱিত্ৰ কৰি লৈ যাম। উভতি যাবলৈ প্ৰস্তুতি চলাবলগীয়া হয়। পিতাই প্ৰস্তুত কৰাই আছে কিয়নো আত্মাৰ পাখী ভাঙি গৈছে অৰ্থাৎ আত্মা তমোপ্ৰধান। তোমালোকে যোগবলেৰে পৱিত্ৰ হ’বলৈ পৰিশ্ৰম কৰা। যিয়ে নকৰে তেওঁলোকে হিচাপ-নিকাচ দিব লাগিব, ইয়াত কোনো বিচাৰ কৰিবলগীয়া কথা নাই। সন্তানসকলৰ কাম হ’ল পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ লোৱা, পিতাৰ সহায়কাৰী হৈ সহযোগ দিবলগীয়া হয়। পিতাৰো সহযোগ, সন্তানসকলৰো সহযোগ। কেনেকৈ সহযোগ দিবা, সেইজন পিতাক চাই অনুকৰণ কৰা। সকলোকে পুৰুষোত্তম হ’বলৈ মোৰ মন্ত্ৰ দি যোৱা। পিতাই কল্পই কল্পই আহি কয় - মোক স্মৰণ নকৰিলে পতিতৰ পৰা পাৱন নহ’বা। মই কিবা গংগা স্নান কৰাওঁ জানো? মাত্ৰ মহামন্ত্ৰ স্মৰণ কৰিব লাগে ‘মনমনাভৱ’ (নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা)। ইয়াৰ অৰ্থ হ’ল মোক স্মৰণ কৰিলে তোমালোক পাৱন হৈ, পুৰুষোত্তম হৈ স্বৰ্গৰ মালিক হ’বাগৈ। স্ত্ৰী পুৰুষ দুয়ো পৱিত্ৰ প্ৰবৃত্তিৰ মালিক হ’বগৈ। পিতাই এই সকলোবোৰ কথা বিস্তাৰত বুজায়। তোমালোক বাস্তৱত হোৱা। তোমালোকে জানা যে ভগৱানে আহি সন্তানসকলক পুৰুষোত্তম কৰি তুলিছে সেইকাৰণেতো কয় যে পতিতসকলক পাৱন কৰি তোলোঁতা পতিত-পাৱন আাহক। পুৰুষোত্তম মাহৰ বহুত মহিমা শুনায় নহয়। গতিকে এই পুৰুষোত্তম যুগৰ বহুত মহিমা আছে। কলিযুগ অৰ্থাৎ ৰাতিৰ পাছত দিন নিশ্চয় আহিব। দুখৰ পাছত সুখ আহে। এই কথাষাৰো স্পষ্ট। স্ত্ৰী-পুৰুষ দুয়ো উত্তমতকৈও উত্তম শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হৈ যায় কিয়নো প্ৰবৃত্তি মাৰ্গ হয়। সত্যযুগতো প্ৰসিদ্ধ হয়, তাকেই সুখধাম বুলি কোৱা হয়, আকৌ যেতিয়া দ্বাপৰ যুগ আহে তেতিয়া মনুষ্যই সন্ন্যাস ধাৰণ কৰি উত্তম হয় সেইবাবে পতিত মনুষ্যই গৈ তেওঁলোকৰ আগত মূৰ দোৱায়। পৱিত্ৰসকলৰ আগত অপৱিত্ৰই মূৰ দোৱায়, এইটোতো সাধাৰণ কথা। পতিত-পাৱন পিতাক নজনাৰ বাবে পতিত-পাৱনী গংগাক পাৱন বুলি বুজি মূৰ দোৱায়গৈ। গংগা আৰু সাগৰৰো মেলা লাগে। তোমালোক সন্তানসকলক পিতাই বহুত স্পষ্টকৈ বুজায় তথাপিও পিতাই কয় - কোটিৰ মাজত কোনোবাই, কোনোবাৰ মাজতো কোনোবাই বুজি পায়। তেওঁলোকৰ মাজতো আশ্চৰ্যজনকভাৱে শুনে, কয়, পিতাক এৰি আঁতৰি গুচি গৈ অহিত কৰোঁতা হৈ যায়। সেৱা আৰু অহিত দুয়োটা হৈ থাকে। আঁতৰিও বহুত গুচি যায়, যিসকলে পিতাক নাজানে। তোমালোকে পাপ আত্মাৰ পৰা পুণ্য আত্মা হোৱা। আকৌ সন্তানসকলেই বহি বিঘিনি আনে, অহিত কৰে গতিকে কিমান মহান পাপ হয়। ৰাৱণে সকলোকে মহাপাপী কৰি তোলে কিন্তু যিসকলে সন্তান হৈ অহিত কৰে তেওঁলোকৰ বাবে বিচাৰ সভা বহে। ভক্তিমাৰ্গত ইমান কাঢ়া শাস্তি নাপায়, কিন্তু ইয়াত পিতাৰ হৈ আকৌ যদি অহিত কৰে তেন্তে পিতাৰ সোঁহাত হৈছে ধৰ্মৰজা সেইবাবে পিতাই কয় – সন্তানসকল, মোৰ সেৱাত সহায়কাৰী হৈ আকৌ ওলোটা কাম নকৰিবা, যদি অহিত কৰা তেন্তে আকৌ অৱলাসকলৰ ওপৰত বিঘিনি আহিব। মাতাসকলৰ ওপৰত বাবাৰ দয়া ওপজে। দ্ৰৌপদীৰো ভগৱানে ভৰি পিটিকি দিছে নহয়। দ্ৰৌপদীয়ে কাতৰে আহ্বান কৰিলে যে মোক নগ্ন কৰে। বাবাই মাতাসকলৰ শিৰত (জ্ঞানৰ) কলহ ৰাখে। প্ৰথমতে হৈছে মাতা, পাছত পুৰুষ। কিন্তু আজিকালি পুৰুষসকলৰ অভিমান বহুত যে মই স্ত্ৰীৰ গুৰু হওঁ, পতি ঈশ্বৰ হওঁ, স্ত্ৰী মোৰ দাসী হয়। ইয়াত পিতাই নিৰহংকাৰী হৈ মাতাসকলৰ ভৰিও পিটিকি দিয়ে। তোমালোক ক্লান্ত হৈ পৰিছা। মই তোমালোকৰ ক্লান্তি দূৰ কৰিবলৈ আহিছোঁ। তোমালোক মাতাসকলক সকলোৱে তিৰস্কাৰ কৰিলে। সন্ন্যাসীয়ে স্ত্ৰীক এৰি গুচি যায়। কিছুমানৰ 5-7টা সন্তান থাকে, তত্ত্বাৱধান ল’ব নোৱাৰিলে তেতিয়া বিৰক্ত হৈ আঁতৰি গুচি যায়। ৰচনা কৰি আকৌ তেওঁলোকক (ৰচনাক) দিশহাৰা কৰি গুচি যায়। পিতাই কয় - মই কাকো দিশহাৰা নকৰোঁ। মইতো সকলোৰে দুখহৰ্তা, সুখকৰ্তা হওঁ। মায়াই আহি দুখী কৰে। এয়াও খেল হয়। অজ্ঞানকালত মনুষ্যই এনেকৈ বুজি লয় যে ভগৱানেহে দুখ সুখ দিয়ে কিন্তু পিতা ঈশ্বৰে এইটো ধান্দা নকৰে। এয়াতো কৰ্ম অনুসৰি ৰচি থোৱা নাটক, যিয়ে যেনেকুৱা কৰ্ম কৰে তেনেকুৱা ফল পায়। এই সময়ত শ্ৰেষ্ঠ কৰ্ম কৰাৰ কথা। কৰ্মভোগ ভোগাৰ কথা নহয়। কাৰোবাৰ বেমাৰ হয়, দেউলীয়া হয় তেতিয়া কৰ্মভোগ ভোগে। তোমালোক সন্তানসকল কিমান সৌভাগ্যশালী হোৱা যে 21 জন্ম কেতিয়াও কৰ্মভোগ ভোগ কৰিবলগীয়া নহ’ব। কিমান শ্ৰেষ্ঠ ফল। গতিকে পিতাৰ শ্ৰীমতত চলিব লাগে। পিতাই আৰু কোনো কথাত হস্তক্ষেপ নকৰে। খোৱা, পান কৰা যিয়েই কৰা মাত্ৰ পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। তোমালোকে কোৱা যে আমি পতিত গতিকে পিতাই যি পাৱন হোৱাৰ যুক্তি (উপায়) শুনায় সেইমতে চলা। কেৱল স্মৃতিত থকাৰ ক্ষেত্ৰত পৰিশ্ৰম আছে। মায়াৰ ধুমুহাক ভয় কৰিব নালাগে। গুপ্ত পৰিশ্ৰম। জ্ঞানো গুপ্ত, মুৰুলী শুনোৱাতো প্ৰত্যেক্ষ হয়। কিন্তু এই বাণীৰে তোমালোক পাৱন নোহোৱা। পাৱন স্মৃতিৰ দ্বাৰাহে হ’বা। গতিকে বেহদৰ পিতাক স্মৰণ কৰা আৰু সহায়কাৰীও হ’ব লাগে। আত্মিক চিকিৎসালয় আৰু বিশ্ব বিদ্যালয় খোলাৰ বাবেও পুৰুষাৰ্থ কৰা। যদি কোনো ভাল স্থান আছে তেন্তে গৈ ভাষণ দিয়া। তোমালোকে হাতত কিতাপ ল’ব নালাগে। তোমালোকৰ গোটেই জ্ঞান আছে, বাকী বুজাবলৈ বৃক্ষ, ত্ৰিমূৰ্তি, সৃষ্টিচক্ৰৰ ৰহস্য সকলোকে বুজাব লাগে। পিতাই কয় - মই ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ ৰচনা কৰোঁ। ব্ৰাহ্মণৰ লক্ষ্য-উদ্দেশ্য - বিষ্ণু থিয় হৈ আছে। গঢ়ি তোলোঁতা শিক্ষক সেইজন হ’ল নিৰাকাৰ। গায়ন কৰা হৈছে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, বিষ্ণুৰ দ্বাৰা প্ৰতিপালন... কল্প পূৰ্বেও এনেকৈয়ে চিত্ৰ তৈয়াৰ কৰাইছিল। চোৱা বিজ্ঞান আদিৰ দ্বাৰা কিমান ক্ষেপণাস্ত্ৰ তৈয়াৰ কৰে। তোমালোক সন্তানসকলে পুৰুষোত্তম হ’বলৈয়ে পৰিশ্ৰম কৰিবলগীয়া হয় কিয়নো জন্ম-জন্মান্তৰৰ বোজা শিৰত আছে। চেকেণ্ডত বাগদান হ’ল আকৌ আত্মাসকলে পিতাক স্মৰণ কৰিব লাগে, যাতে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যায়।

তাই কয় - মনমনাভৱ, তোমালোক হৈছা কৰ্মযোগী। স্মৃতিৰ খতিয়ান ৰাখিব লাগে। তোমালোকৰ যুদ্ধ মায়াৰ লগত। বহুত কাঢ়া যুদ্ধ। তোমালোকে স্মৃতিত থাকিবলৈ চেষ্টা কৰিবা, মায়াই উৰুৱাই দিব। জ্ঞানত কোনো বাধা নাই। আত্মাত 84 জন্মৰ সংস্কাৰ ভৰি আছে। এইখন অনাদি ৰচি থোৱা নাটক। এই চক্ৰ ঘূৰিয়েই থাকে। বন্ধ নহয়েই। সৃষ্টি ৰচিলেই বা কিয়, এইটো প্ৰশ্ন উঠিব নোৱাৰে। আত্মা কেনেকৈ পৰিৱৰ্তন হ’ব। নতুন আত্মা ক’ৰবাৰ পৰা নাহে। যিসকল আত্মা আছে সেয়াই আছে, কম বেছি হ’ব নোৱাৰে। ভাৱৰীয়া নিদিষ্ট সংখ্যক আছে। তোমালোক হ’লা বেহদৰ ভাৱৰীয়া, তোমালোকে যি কিছু দেখিবলৈ পোৱা সিমান ভাৱৰীয়া নাটকত আছে, ইমানেই আকৌ হ’ব। মোক্ষ কোনেও নাপায়। মনুষ্যই অহা-যোৱাৰ চক্ৰৰ পৰা মুক্ত হ’ব বিচাৰে। কিন্তু মুক্ত হ’ব নোৱাৰে। যিয়ে ভূমিকা পালন কৰিবলৈ আহে তেওঁলোক পুনৰ আহিব লাগে। পিতাই কয় - ময়ো এই পতিত সৃষ্টিলৈ আহিব আৰু যাবলগীয়া হয়। কল্পই কল্পই মই আহোঁ। যেতিয়া ময়েই আহিবলগীয়া হয় তেন্তে সন্তানসকলৰ অহা-যোৱা কেনেকৈ বন্ধ হ’ব পাৰে। তোমালোকে 84 বাৰ শৰীৰত আহা, মই এবাৰেই আহোঁ। মোৰ অহা-যোৱাতো বৰ আচৰিত, সেইবাবে গায়ন কৰে - আপোনাৰ গতি-মতি আপুনিয়েই জানে... সৎগতি কৰিবলৈ যি মত আছে সেয়া আপুনিয়েই জানে আন কোনেও নাজানে। তেওঁলোকে গায়ন কৰে তোমালোক বাস্তৱত আছা। মূল কথা হ’ল স্মৃতিৰ, আকৌ অন্ধৰ লাখুটি হ’ব লাগে। এয়া হ’ল পুৰুষোত্তম যুগ। এইটো 5000 বছৰৰ পাছত আহে। পুৰুষোত্তম মাহ তিনি বছৰৰ পাছত আহে। সেয়া সকলো হ’ল ভক্তি মাৰ্গ। তেওঁলোকৰ তন্ত্ৰ-মন্ত্ৰৰ বহুত কিতাপ আছে। ইয়াততো তেনেকুৱা কথা নাই। ভক্তি নকৰাসকলক অধাৰ্মিক বুলি কয়। গতিকে তেওঁলোকক ৰাজী কৰাৰ নিমিত্তে কিছু কৰিবলগীয়াও হয়। পিতাই বুজায় - মৰমৰ সন্তানসকল, কেতিয়াও অহিত কৰাৰ পুৰুষাৰ্থ নকৰিবা। কোনোবা বিশ্বাসঘাতক হৈ গ’লে তেওঁক কোৱা হ’ব অজামিল। অজামিল, সুৰদাস আদিৰ কিমান কথা (কাহিনী) আছে। এই সকলোবোৰ হ’ল ভক্তিমাৰ্গ। তাতোকৈও অধিক পাপ আত্মা সেইসকল যিসকল ইয়ালৈ আহি মোৰ হৈ মোক এৰি গুচি যায়। মোৰ নিন্দা কৰায়। তেওঁলোকৰ কাৰণে আকৌ বিচাৰ সভা বহে। প্ৰতিজ্ঞা কৰি যদি আকৌ অহিত কৰা তেন্তে কাঢ়া শাস্তি পাবা। পদ উচ্চ সেয়েহে আকৌ ভুলৰো কাঢ়া শাস্তি আছে সেইবাবে কোনেও অৱজ্ঞা কৰিব নালাগে। গায়ন কৰা হৈছে - সৎগুৰুৰ নিন্দকে উচ্চ পদ পাব নোৱাৰে। অৰ্থাৎ নৰৰ পৰা নাৰায়ণ হোৱাৰ লক্ষ্য-উদ্দেশ্যত উপনীত হ’ব নোৱাৰে। গুৰুসকলক তোমালোকে সুধিব পাৰা যে - আপোনালোকে কয় গুৰুৰ নিন্দকে লক্ষ্যত উপনীত হ’ব নোৱাৰে, সেই লক্ষ্যটি কি? তেওঁলোকেতো লক্ষ্যৰ বিষয়ে ক’ব নোৱাৰে। পিতাৰ পাগুৰী (উপাধি) তেওঁলোকে নিজৰ ওপৰত ৰাখি দিছে। শিক্ষকে কয় - যদি পূৰা নপঢ়া তেন্তে উচ্চ পদো নোপোৱা। পাৱন তথা দেৱী-দেৱতা হ’ব লাগে। ইয়াত কোনো পাৱন নহয়। এতিয়া সকলো পাৱন হ’ব লাগে। ৰাজ্য-ভাগ্য 21 জন্মৰ কাৰণে পোৱা যায় গতিকে কেৱল এই অন্তিম জন্ম পাৱন হ’ব লাগে, কিমান শ্ৰেষ্ঠ প্ৰাপ্তি আছে। প্ৰাপ্তি নোহোৱাহেঁতেন এনেকুৱা পুৰুষাৰ্থ জানো কৰিলাহেঁতেন? কিন্তু মায়া এনেকুৱা যে উচ্চ প্ৰাপ্তিতো বিঘিনি আনে আৰু বগৰাই দিয়ে। অহো মোৰ মায়া.... ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো অহিতকৰ কাৰ্য কৰিব নালাগে। এনেকুৱা কোনো কৰ্মও যাতে নহয় যাৰ দ্বাৰা পিতাৰ নিন্দা হয়। অৱজ্ঞা কৰাৰ পৰা হাত সাৰি থাকিব লাগে, পুৰুষোত্তম হ’ব লাগে।

(2) মায়াৰ ধুমুহালৈ ভয় কৰিব নালাগে। পাৱন হ’বলৈ স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰিব লাগে।

বৰদান:
ক্লান্ত বা কাতৰ আত্মাসকলক সিদ্ধি প্ৰদান কৰোঁতা ঈশ্বৰৰ সহায়কাৰী হোৱা

আত্মাসকলৰ বহুত সময়ৰ পৰা নিৰ্বাণ বা মুক্তিধামলৈ যোৱাৰ ইচ্ছা বা আশা আছে। ইয়াৰ বাবেই অনেক জন্মৰ পৰা বিভিন্ন ধৰণৰ সাধনা কৰি কৰি ক্লান্ত হৈ পৰিছে। এতিয়া প্ৰত্যেকেই সিদ্ধি বিচাৰে, সাধনা নহয়। সিদ্ধি অৰ্থাৎ সৎগতি— গতিকে এনেকুৱা কাতৰ, ক্লান্ত, তৃষ্ণাতুৰ আত্মাসকলৰ তৃষ্ণা নিবাৰণ কৰিবলৈ তোমালোক শ্ৰেষ্ঠ আত্মাসকলে নিজৰ শান্তিৰ শক্তি বা সৰ্ব শক্তিৰে এক ছেকেণ্ডত সিদ্ধি প্ৰদান কৰা, তেতিয়াহে ঈশ্বৰৰ সহায়কাৰী বুলি কোৱা হ’ব।

স্লোগান:
দুৰ্বল সংস্কাৰেই হ’ল মায়া অহাৰ চোৰাং পথ, এতিয়া এই পথ বন্ধ কৰা।


অব্যক্ত ইংগিত: নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা

তোমালোক ভাগ্যৰ ৰেখা অংকন কৰোঁতা ব্ৰহ্মাৰ সন্তান ব্ৰহ্মাকুমাৰ আৰু ব্ৰহ্মাকুমাৰী হোৱা সেয়েহে তোমালোকৰ ভঁৰাল যাতে সদায় ভৰপূৰ হৈ থাকে। কাকোৱে খালী হাতেৰে যাবলৈ নিদিবা। দাতাৰ সন্তান সদায় দি থাকা আৰু সকলোৰে ভাৱনা, সকলোৰে আশা পূৰণ কৰি থাকা। মহাদানী, বৰদানী হোৱা— এয়াই তোমালোকৰ স্বৰূপ।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]