05.10.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতা আহিছে তোমালোক সন্তানসকলৰ পৰা দুখধামৰ সন্ন্যাস কৰাবলৈ, এয়াই হ’ল বেহদৰ
সন্ন্যাস”
প্ৰশ্ন:
সেই
সন্ন্যাসীসকলৰ সন্ন্যাসত আৰু তোমালোকৰ সন্ন্যাসৰ মাজত মুখ্য পাৰ্থক্য কি?
উত্তৰ:
সেইসকল সন্ন্যাসীয়ে ঘৰ-সংসাৰ এৰি জংঘললৈ যায়, কিন্তু তোমালোকে ঘৰ-সংসাৰ এৰি জংঘললৈ
নোযোৱা। ঘৰত থাকিয়ে গোটেই জগতখনক কাঁইটৰ জংঘল বুলি ভাবা। তোমালোকে বুদ্ধিৰে গোটেই
জগতৰ সন্ন্যাস কৰা।
ওঁম্শান্তি।
আত্মিক পিতাই
বহি আত্মিক সন্তানসকলক নিতৌ বুজায় কিয়নো আধাকল্পৰ অবোধ নোহোৱা জানো। সেয়েহে নিতৌ
বুজাবলগীয়া হয়। প্ৰথমে মনুষ্যক শান্তি লাগে। আত্মাসকল আচলতে শান্তিধামৰ নিবাসী।
পিতাতো হয়েই সৰ্বদা শান্তিৰ সাগৰ। এতিয়া তোমালোকে শান্তিৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰি
আছা। এনেকৈ নকয় জানো যে শান্তি দিওঁতা…. অৰ্থাৎ আমাক এই সৃষ্টিৰ পৰা নিজৰ ঘৰ
শান্তিধামলৈ লৈ যাওঁক অথবা শান্তিৰ উত্তৰাধিকাৰ দিয়ক। দেৱতাসকলৰ আগত অথবা শিৱবাবাৰ
আগত গৈ এনেকৈ কয় যে শান্তি দিয়ক কিয়নো শিৱবাবা হৈছে শান্তিৰ সাগৰ। এতিয়া তোমালোকে
শিৱবাবাৰ পৰা শান্তিৰ উত্তৰাধিকাৰ লৈ আছা। পিতাক স্মৰণ কৰি কৰি তোমালোক নিশ্চয়
শান্তিধামলৈ যাব লাগে। স্মৰণ নকৰিলেও নিশ্চয় যাবা। স্মৰণ এই কাৰণেই কৰা যাতে শিৰত
যি পাপৰ বোজা আছে সেয়া নাশ হৈ যায়। শান্তি আৰু সুখ এজন পিতাৰ পৰা পোৱা যায়, কিয়নো
তেওঁ হৈছে সুখ আৰু শান্তিৰ সাগৰ। সেই বস্তুটোৱে হৈছে মুখ্য। শান্তিক মুক্তি বুলিও
কোৱা হয় আকৌ জীৱন মুক্তি আৰু জীৱন বন্ধনো আছে। এতিয়া তোমালোক জীৱন বন্ধনৰ পৰা জীৱন
মুক্ত হৈ আছা। সত্যযুগত কোনো বন্ধন নাথাকে। গোৱাও হয় সহজ জীৱনমুক্তি বা সহজ
গতি-সৎগতি। এতিয়া দুয়োটাৰে অৰ্থ তোমালোক সন্তানসকলে বুজি পাইছা। ‘গতি’ বুলি কোৱা হয়
শান্তিধামক, ‘সৎগতি’ বুলি কোৱা হয় সুখধামক। সুখধাম, শান্তিধাম আকৌ এয়া হৈছে দুখধাম।
তোমালোক ইয়াত বহি আছা, পিতাই কয় - সন্তানসকল, শান্তিধাম ঘৰক স্মৰণ কৰা। আত্মাসকলে
নিজৰ ঘৰক পাহৰি গৈছে। পিতা আহি সোঁৱৰাই দিয়ে। পিতাই বুজায় - হে আত্মিক সন্তানসকল,
তোমালোকে যেতিয়ালৈকে মোক স্মৰণ নকৰা ঘৰলৈ যাব নোৱাৰা। স্মৃতিৰ দ্বাৰাই তোমালোকৰ পাপ
ভস্ম হৈ যাব। আত্মা পৱিত্ৰ হৈ পুনৰ নিজৰ ঘৰলৈ যাব। তোমালোক সন্তানসকলে জানা যে এইখন
হৈছে অপৱিত্ৰ সৃষ্টি। এগৰাকীও পৱিত্ৰ মনুষ্য নাই। পৱিত্ৰ সৃষ্টিক সত্যযুগ আৰু
অপৱিত্ৰ সৃষ্টিক কলিযুগ বুলি কোৱা হয়। ৰামৰাজ্য আৰু ৰাৱণৰাজ্য। ৰাৱণৰাজ্যৰ দ্বাৰা
অপৱিত্ৰ সৃষ্টিৰস্থাপনা হয়। এইখন পূৰ্ব নিৰ্ধাৰিত খেল নহয় জানো। এয়া বেহদৰ পিতাই
বুজায়, তেওঁকেই সত্য বুলি কোৱা হয়। সত্য কথা তোমালোকে সংগমতহে শুনা পাছত তোমালোক
সত্যযুগলৈ যোৱা। দ্বাপৰৰ পৰা পুনৰ ৰাৱণৰাজ্য আৰম্ভ হয়। ৰাৱণ অৰ্থাৎ অসুৰ, অসুৰে
কেতিয়াও সত্য ক'ব নোৱাৰে সেয়েহে ইয়াক কোৱা হয় মিছা মায়া, মিছা কায়া। আত্মাও অসত্য
সেয়েহে শৰীৰো অসত্য। আত্মাতে সংস্কাৰ ভৰি নাথাকে জানো। ধাতু চাৰিটা - সোণ, ৰূপ, তাম,
লো… সকলো খাদ আঁতৰি যায়। বাকী তোমালোক এই যোগবলৰ দ্বাৰা বিশুদ্ধ সোণ হৈ যোৱা।
তোমালোক যেতিয়া সত্যযুগত থাকা তেতিয়া বিশুদ্ধ সোণেই হৈ থাকা। পাছত যেতিয়া ৰূপলৈ
পৰিৱৰ্তন হোৱা তেতিয়া চন্দ্ৰবংশী বুলি কোৱা হয়। পাছত দ্বাপৰ-কলিযুগত তামৰ, লোৰ খাদ
পৰে। পুনৰ যোগৰ দ্বাৰা তোমালোক আত্মাসকলত যি ৰূপ, তাম, লোৰ খাদ পৰে সেয়া আঁতৰি যায়।
পোন প্ৰথমে তোমালোক সকলো আত্মা শান্তিধামত থাকা তাৰপাছত প্ৰথমতে আহা সত্যযুগত,
তেতিয়া তাক কোৱা হয় সোণালী যুগ। তোমালোক হৈছা বিশুদ্ধ সোণ। যোগবলৰ দ্বাৰা গোটেই খাদ
আঁতৰি বাকী বিশুদ্ধ সোণ ৰৈ যায়। শান্তিধামক সোণালী যুগ বুলি কোৱা নহয়। সোণালী যুগ,
ৰূপালী যুগ, তাম্ৰ যুগ বুলি ইয়াত কোৱা হয়। শান্তিধামততো শান্তিয়েই থাকে। আত্মাই
যেতিয়া শৰীৰ ধাৰণ কৰে তেতিয়া সোণালী যুগ বুলি কোৱা হয় পাছত সৃষ্টিয়েই সোণালী যুগী
হৈ যায়। সতোপ্ৰধান 5 তত্ত্বৰে শৰীৰ গঠন হয়। আত্মা সতোপ্ৰধান হয় সেয়েহে শৰীৰো
সতোপ্ৰধান হয়। আকৌ শেষৰ ফালে আহি লৌহ যুগী শৰীৰ পোৱা যায় কিয়নো আত্মাত খাদ পৰে।
সেয়েহে সোণালী যুগ, ৰূপালী যুগ বুলি এই সৃষ্টিখনকে কোৱা হয়।
তেন্তে এতিয়া
সন্তানসকলে কি কৰিব লাগে? প্ৰথমে শান্তিধামলৈ যাব লাগে, সেয়েহে পিতাক স্মৰণ কৰিব
লাগে তেতিয়াহে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবাগৈ। ইয়াত সময় সিমানেই লাগে যিমান
সময় পিতা ইয়াত থাকে। তেওঁ সোণালী যুগত ভূমিকা নলয়। সেয়েহে আত্মাই যেতিয়া শৰীৰ ধাৰণ
কৰে তেতিয়া কোৱা হয় এয়া সোণালী যুগী জীৱ আত্মা। সোণালী যুগী আত্মা বুলি কোৱা নহয়।
নহয়, সোণালী যুগী জীৱাত্মা আকৌ ৰূপালী যুগী জীৱাত্মা হৈ যায়। ইয়াত তোমালোক বহি আছা,
তোমালোকৰ শান্তিও আছে আৰু সুখো প্ৰাপ্ত হয়। তেন্তে কি কৰা উচিত? দুখধামৰ সন্ন্যাস।
ইয়াক বেহদৰ সন্ন্যাস বুলি কোৱা হয়। সেই সন্ন্যাসীসকলৰ হৈছে হদৰ সন্ন্যাস, ঘৰ-সংসাৰ
এৰি জংঘললৈ যায়। তেওঁলোকে এইটো গম নাপায় যে গোটেই জগতখনেই হৈছে জংঘল। এইখন হৈছে
কাঁইটৰ জংঘল। এইখন হৈছে কাঁইটৰ জগত, সেইখন হৈছে ফুলৰ জগত। তেওঁলোকে যদিও সন্ন্যাস
কৰে তথাপিও কাইঁটৰ জগতত, জংঘলত চহৰৰ পৰা দূৰৈত গৈ থাকে। তেওঁলোকৰ হৈছে নিবৃত্তি
মাৰ্গ, তোমালোকৰ হৈছে প্ৰবৃত্তি মাৰ্গ। তোমালোক পৱিত্ৰ যোৰা আছিলা, এতিয়া অপৱিত্ৰ
হৈ গ’লা। তেওঁলোকৰ গৃহস্থ আশ্ৰম বুলিও কোৱা হয়। সন্ন্যাসীসকলতো পাছতহে আহে। ইছলামী,
বৌদ্ধীসকলো পাছত আহে। খ্ৰীষ্টানসকলৰ কিছু আগত আহে। গতিকে এই বৃক্ষজোপাকো স্মৰণ কৰিব
লাগে, চক্ৰকো স্মৰণ কৰিব লাগে। পিতা কল্পই কল্পই আহি কল্পবৃক্ষৰ জ্ঞান দিয়ে কিয়নো
স্বয়ং বীজৰূপ হয়, সত্য, চৈতন্য সেয়েহে কল্পই কল্পই আহি কল্পবৃক্ষৰ গোটেই ৰহস্য
বুজায়। তোমালোক হৈছা আত্মা কিন্তু তোমালোকক জ্ঞানৰ সাগৰ, সুখৰ সাগৰ, শান্তিৰ সাগৰ
বুলি কোৱা নহয়। এই মহিমা একমাত্ৰ পিতাৰহে যিয়ে তোমালোকক এনেকুৱা কৰি তোলে। পিতাৰ এই
মহিমা সৰ্বকালৰ কাৰণে। তেওঁ সৰ্বদা পৱিত্ৰ আৰু নিৰাকাৰ। পৱিত্ৰ কৰি তুলিবলৈ কেৱল
অলপ সময়ৰ কাৰণে আহে। সৰ্বব্যাপিৰতো কথাই নাই। তোমালোকে জানা যে পিতা সদায় তাতেই (পৰামধামত)
থাকে। ভক্তিমাৰ্গত সদায় তেওঁক স্মৰণ কৰে। সত্যযুগততো স্মৰণ কৰাৰ দৰকাৰেই নাথাকে।
ৰাৱণৰাজ্যত তোমালোকৰ চিঞৰা আৰম্ভ হয়, তেৱেঁই আহি সুখ-শান্তি দিয়ে। সেয়েহে আকৌ
অশান্তিৰ সময়ত নিশ্চয় তেওঁৰ স্মৃতি আহে। পিতাই বুজায় - প্ৰত্যেক 5 হাজাৰ বছৰ পাছত
মই আহোঁ। আধাকল্প সুখ, আধাকল্প দুখ। আধাকল্পৰ পাছতেই ৰাৱণৰাজ্য আৰম্ভ হয়। ইয়াৰ
ভিতৰত প্ৰথম নম্বৰৰ মূল হৈছে ‘দেহ-অভিমান’। তাৰপাছতেই অন্যান্য বিকাৰবোৰ আহে। এতিয়া
পিতাই বুজায় - নিজক আত্মা বুলি বুজা, দেহী-অভিমানী হোৱা। আত্মাৰো পৰিচয়ৰ প্ৰয়োজন।
মনুষ্যইতো কেৱল কয় যে আত্মা ভ্রূকুটিৰ মাজত জিলিকি থাকে। এতিয়া তোমালোকে বুজি পোৱা
যে আত্মা হৈছে অকাল মূৰ্ত, সেই অকাল মূৰ্ত আত্মাৰ সিংহাসন হৈছে এয়া। আত্মা
ভ্ৰূকুটিতে বিৰাজমান হৈ থাকে। অকাল মূৰ্তৰ এইখন হৈছে সিংহাসন, সকলো চৈতন্য অকাল
সিংহাসন। সেই অকাল সিংহাসন নহয় যি অমৃতসৰত কাঠেৰে সাজি দিছে। পিতাই বুজাইছে - যিয়েই
মনুষ্যমাত্ৰ আছে সকলোৰে নিজৰ নিজৰ অকাল সিংহাসন আছে। আত্মা আহি ইয়াত বিৰাজমান হয়।
সত্যযুগ হওঁক অথবা কলিযুগ হওঁক, আত্মাৰ সিংহাসন হয়েই এই মনুষ্য শৰীৰ। তেন্তে কিমান
অকাল সিংহাসন আছে। যিয়েই মনুষ্য মাত্ৰ আছে অকাল আত্মাসকলৰ সিংহাসন আাছে। আত্মাই এখন
সিংহাসন এৰি তৎক্ষণাৎ আন এখন লৈ লয়। প্ৰথমতে সিংহাসন সৰু হয় পাছত ডাঙৰ হয়। এই শৰীৰ
ৰূপী সিংহাসন সৰু-ডাঙৰ হয়, সেই কাঠৰ সিংহাসন যিখনক শিখসকলে অকাল সিংহাসন বুলি কয়
সেয়াতো সৰু-ডাঙৰ নহয়। এইটো কাৰো জ্ঞাত নহয় যে সকলো মনুষ্য মাত্ৰৰে অকাল সিংহাসন হৈছে
এই ভ্ৰূকুটি। আত্মা অকাল, কেতিয়াও বিনাশ নহয়। আত্মাই ভিন্ন ভিন্ন সিংহাসন পায়।
সত্যযুগত তোমালোকে প্ৰথম শ্ৰেণীৰ সিংহাসন পোৱা, তাক সোণালী যুগী সিংহাসন বুলি কোৱা
হ’ব। পাছত সেই আত্মাই ৰূপ, তাম, লৌহযুগী সিংহাসন লাভ কৰে। পুনৰ সোণালী যুগী সিংহাসন
পাবলৈ নিশ্চয় পৱিত্ৰ হ’ব লাগে। সেয়েহে পিতাই কয় – মামেকম্ (কেৱল মোক) স্মৰণ কৰা
তেতিয়া তোমালোকৰ খাদ আঁতৰি যাব। আকৌ তোমালোকে এনেকুৱা দৈৱী সিংহাসন পাবা। এতিয়া হৈছে
ব্ৰাহ্মণ কুলৰ সিংহাসন। পুৰুষোত্তম সংগমযুগৰ সিংহাসন, পুনৰ মই আত্মাই এই দেৱতাৰ
সিংহাসন লাভ কৰিম। এই কথাবোৰ জগতৰ মনুষ্যই নাজানে। দেহ-অভিমানত অহাৰ পাছত
ইজনে-সিজনক দুখ দি থাকে, সেই কাৰণে ইয়াক দুখধাম বুলি কোৱা হয়। এতিয়া পিতাই
সন্তানসকলক বুজায় - শান্তিধামক স্মৰণ কৰা, যিখন তোমালোকৰ আচল নিবাসস্থান। সুখধামক
স্মৰণ কৰা, এইখনক পাহৰি যোৱা, ইয়াৰ প্ৰতি বৈৰাগ্য। এনেকুৱাও নহয় যে সন্ন্যাসীসকলৰ
দৰে ঘৰ-সংসাৰ এৰিব লাগে। পিতাই বুজায় - তেওঁলোকৰ এফালে ভাল, আনফালে বেয়া। তোমালোকৰতো
ভালেই হয়। তেওঁলোকৰ হঠযোগ ভালো হয় বেয়াও হয় কিয়নো দেৱতাসকল যেতিয়া বাম মাৰ্গত যায়
তেতিয়া ভাৰতক সুস্থিৰ কৰি ৰাখিবলৈ পৱিত্ৰতাৰ নিশ্চয় প্ৰয়োজন হয়। গতিকে সেই ক্ষেত্ৰতো
সহায় কৰে। ভাৰতেই হৈছে অবিনাশী খণ্ড। পিতাও ইয়ালৈকে আহিব লাগে। গতিকে য'লৈ বেহদৰ
পিতাৰ আগমন হয় সেইখনেই সকলোতকৈ শ্ৰেষ্ঠ তীৰ্থস্থান হৈ গ’ল নহয়। সকলোৰে সৎগতি পিতাহে
আহি কৰে। সেয়েহে ভাৰতেই হৈছে উচ্চতকৈ উচ্চ দেশ।
মূল কথা পিতাই বুজায়
– সন্তানসকল, স্মৃতিৰ যাত্ৰাত থাকা। ‘গীতা’তো ‘মনমনাভৱ’ শব্দটি আছে কিন্তু পিতাই
সংস্কৃতততো নুশুনায়। পিতাই ‘মনমনাভৱ’ৰ অৰ্থ শুনায়। দেহৰ সকলো ধৰ্ম এৰি নিজক আত্মা
বুলি নিশ্চয় কৰা। আত্মা হৈছে অবিনাশী, আত্মা কেতিয়াও সৰু-ডাঙৰ নহয়। অনাদি-অবিনাশী
ভূমিকা নিহিত হৈ আছে। ড্ৰামা ৰচি থোৱা আছে। পাছলৈ যিসকল আত্মা আহে তেওঁলোকৰ ভূমিকা
বহুত কম। বাকী সময় শান্তিধামত থাকে। স্বৰ্গলৈতো আহিব নোৱাৰে। পাছত অহাসকলে তাতেই
অলপ সুখ, তাতেই অলপ দুখ পায়। যেনেকৈ দেৱালীত কিমান অনেক মহ ওলায়, ৰাতিপুৱা উঠি চালে
দেখিবা সকলোবোৰ মহ মৰি পৰি থাকে। মনুষ্যৰো এনেকুৱাই হয় পাছত অহাসকলৰ কি মূল্য থাকিব।
যেন জন্তুৰ নিচিনাই হ’ল। সেয়েহে পিতাই বুজায় - এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে। মনুষ্য
সৃষ্টিৰূপী বৃক্ষজোপা সৰুৰ পৰা ডাঙৰ, ডাঙৰ পৰা সৰু কেনেকৈ হয়। সত্যযুগত কিমান কম
মনুষ্য, কলিযুগত বৃদ্ধি হৈ বৃক্ষজোপা ডাঙৰ হৈ যায়। পিতাই আঙুলিয়াই দিছে মুখ্য কথা
হৈছে গৃহস্থালিত থাকি মামেকম্ স্মৰণ কৰা। 8 (আঠ) ঘণ্টা স্মৃতিত থকাৰ অভ্যাস কৰা।
স্মৰণ কৰি কৰি অৱশেষত পিতাৰ ওচৰলৈ গুচি যাবাগৈ তেতিয়া জলপানিও পাবা। পাপ যদি থাকি
যায় তেন্তে পুনৰ জন্ম ল’ব লাগিব। শাস্তি খালে পদো কম হৈ যায়। সকলোৱে হিচাপ-নিকাচ
নিষ্পত্তি কৰিব লাগে। যিয়েই মনুষ্য মাত্ৰ আছে এতিয়ালৈকে জন্ম লৈ থাকে। এই সময়ত দেখা
যায় ভাৰতবাসীতকৈ খ্ৰীষ্টানসকলৰ সংখ্যা বেছি। তেওঁলোক বুদ্ধিমানো হয়। ভাৰতবাসীতো 100
শতাংশ বুদ্ধিমান আছিল, সেয়েহে এতিয়া পুনৰ বুদ্ধিহীন হৈ গ’ল কিয়নো এওঁলোকেই 100
শতাংশ সুখ পায় পুনৰ 100 শতাংশ দুখো এওঁলোকেই পায়। তেওঁলোকতো আহেই পাছত।
পিতাই বুজাইছে -
খ্ৰীষ্টান ৰাজবংশৰ শ্ৰীকৃষ্ণ ৰাজবংশৰ লগত সম্পৰ্ক আছে। খ্ৰীষ্টানসকলে ৰাজ্য কাঢ়ি
নিলে আকৌ খ্ৰীষ্টান ৰাজবংশৰ পৰাই ৰাজ্য পোৱা যায়। এতিয়া খ্ৰীষ্টানসকলৰ শক্তি বেছি।
তেওঁলোকে ভাৰতৰ পৰাই সহায় পায়। এতিয়া ভাৰত ভোকত মৰে সেয়েহে ঘূৰাই দিয়াৰ সেৱা চলি আছে।
ইয়াৰ পৰা বহুত ধন, বহুত হীৰা-অলংকাৰ আদি তালৈ লৈ গ’ল। বহুত ধনৱান হৈ গ’ল সেয়েহে
এতিয়া পুনৰ ধন দি থাকে। তেওঁলোকৰ পাবলগীয়াতো নাই। গতিকে এতিয়া তোমালোক সন্তানসকলকতো
কোনেও চিনি নাপায়। যদি চিনি পালেহেঁতেন তেনেহ'লে আহি ৰায় ল’লেহেঁতেন। তোমালোক হৈছা
ঈশ্বৰীয় সম্প্ৰদায়, যিসকল ঈশ্বৰীৰ ৰায় অনুসৰি চলে। তেওঁলোকেই আকৌ ঈশ্বৰীয়
সম্প্ৰদায়ৰ পৰা দৈৱী সম্প্ৰদায়ৰ হ’বগৈ। তাৰপাছত ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ সম্প্ৰদায়
হৈ যাব। এতিয়া আমিয়ে ব্ৰাহ্মণ আকৌ আমিয়ে দেৱতা, আমিয়ে ক্ষত্ৰিয়…. “আমিয়েই সেয়া
হওঁ”ৰ অৰ্থ চোৱা কিমান ভাল। এয়া হৈছে লুটিবাগৰ মৰা খেল যিটো বুজি পোৱা অতি সহজ।
কিন্তু মায়াই পাহৰাই দিয়ে পুনৰ দৈৱীগুণৰ পৰা আসুৰি গুণত লৈ আহে। অপৱিত্ৰ হোৱাতো
আসুৰি গুণ নহয় জানো। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জলপানি ল'বলৈ গৃহস্থালিত থাকি কমেও 8 (আঠ) ঘণ্টাকৈ পিতাক স্মৰণ কৰাৰ অভ্যাস
কৰিব লাগে। স্মৃতিৰ অভ্যাসৰ দ্বাৰাহে পাপ খণ্ডন হ’ব আৰু সোণালী যুগৰ সিংহাসন লাভ
কৰিবা।
(2) এই দুখধামৰ পৰা
বেহদৰ বৈৰাগ্য কৰি নিজৰ প্রকৃত নিবাসস্থান শান্তিধাম আৰু সুখধামক স্মৰণ কৰিব লাগে।
দেহ-অভিমানত আহি কাকো দুখ দিব নালাগে।
বৰদান:
কৰ্মৰ
হিচাপ-নিকাচক বুজি নিজ অবিচলিত স্থিতি গঢ়ি তোলোঁতা সহজ যোগী হোৱা
আগবাঢ়ি গৈ থাকোঁতে যদি
কোনো কৰ্মৰ হিচাপ-নিকাচ সন্মুখত আহে তেন্তে তাৰ বাবে মন বিচলিত নকৰিবা, স্থিতি তল
ওপৰ নকৰিবা। ধৰি লোৱা হিচাপ-নিকাচ আহি গ’ল তেন্তে সেয়া চিনাক্ত কৰি দূৰতেই শেষ কৰি
দিয়া। এতিয়া যোদ্ধা নহবা। সৰ্বশক্তিমান পিতা লগত আছে গতিকে মায়াই বিচলিত কৰিব নোৱাৰে।
কেৱল নিশ্চয়ৰ আধাৰ বাস্তৱত আনা আৰু সময়ত ব্যৱহাৰ কৰা তেতিয়া সহজযোগী হৈ যাবা। এতিয়া
নিৰন্তৰ যোগী হোৱা, যুদ্ধ কৰোঁতা যোদ্ধা নহয়।
স্লোগান:
“ডবল লাইট” হৈ থাকিবলৈ নিজৰ সকলো দ্বায়িত্বৰ বোজা পিতাক অৰ্পণ কৰি দিয়া।
পুৰণা সংস্কাৰ
পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
সংস্কাৰ মিলনৰ ৰাস
কৰিবলৈ কিছু এৰিব লাগিব কিছু সমাহিত কৰিব লাগিব, এয়া মোৰ সংস্কাৰ – এই কথষাৰো যাতে
নাইকিয়া হৈ যায়। ইমানলৈকে নাইকিয়া কৰিব লাগে যাতে পুৰণা স্বভাৱ পৰিৱৰ্তন হৈ ঈশ্বৰীয়
স্বভাৱ হৈ যায়। যিমানে ইজন সিজনৰ সমীপত আহি গৈ আছা সিমানে ইজনে সিজনক সন্মান দি যোৱা।
সন্মান দিলে সংস্কাৰ মিলন সহজে হৈ যাব।