05.11.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – এই
গোটেই জগতখন ৰোগীসকলৰ ডাঙৰ হস্পিতেল, বাবা গোটেই জগতক নিৰোগী কৰি তুলিবলৈ আহিছে”
প্ৰশ্ন:
কোনটো স্মৃতি
থাকিলে কেতিয়াও বিষণ্ণতা বা দুখৰ লহৰ আহিব নোৱাৰে?
উত্তৰ:
এতিয়া আমি এই পুৰণি সৃষ্টি, পুৰণা শৰীৰ এৰি ঘৰলৈ যাম, পুনৰ নতুন সৃষ্টিত পুনৰ্জন্ম
ল’ম। আমি এতিয়া বাসশ্বাহীত যাবৰ কাৰণে ৰাজযোগ শিকি আছোঁ। পিতাই আমাৰ অৰ্থাৎ
সন্তানসকলৰ কাৰণে আত্মিক ৰাজস্থান স্থাপনা কৰি আছে, এইটো স্মৃতি থাকিলে দুখৰ লহৰ
আহিব নোৱাৰে।
গীত:
তুম্হী হো মাতা,
পিতা তুম্হী হো.... (তুমিয়েই মাতা, পিতা তুমিয়েই....)
ওঁম্শান্তি।
গীত তোমালোক
সন্তানসকলৰ কাৰণে নহয়, নতুনসকলক বুজাবৰ কাৰণে। এনেকুৱাও নহয় যে ইয়াত সকলো
বুদ্ধিমানেই আছে। নহয়, বুদ্ধিহীনসকলক (অবোধ) বুদ্ধিমান কৰি তোলা হয়। সন্তানসকলে বুজি
পায় যে আমি কিমান বুদ্ধিহীন হৈ গৈছিলোঁ, এতিয়া বাবাই আমাক বুদ্ধিমান কৰি তোলে।
যেনেকৈ স্কুলত পঢ়ি সন্তান কিমান বুদ্ধিয়ক হৈ যায়। প্ৰত্যেকে নিজৰ নিজৰ বোধশক্তিৰে
বেৰিষ্টাৰ, ইঞ্জিনীয়াৰ আদি হয়। ইয়াত আত্মাক বুদ্ধিমান কৰি তুলিব লাগে। পঢ়েও আত্মাই
শৰীৰৰ দ্বাৰা। কিন্তু বাহিৰত যি শিক্ষা পোৱা যায় সেয়া অল্পকালৰ কাৰণে শৰীৰ নিৰ্বাহৰ
অৰ্থে। যদিও কোনোবাই ধৰ্মান্তৰিতও কৰে, হিন্দুক খ্ৰীষ্টান কৰি দিয়ে - কিহৰ বাবে?
অলপ সুখ পাবৰ কাৰণে। পইচা চাকৰি আদি সহজে পাবৰ কাৰণে, অজীৱিকাৰ কাৰণে। এতিয়া
তোমালোক সন্তানসকলে জানা যে আমি পোন-প্ৰথমেতো আত্ম-অভিমানী হ’ব লাগে। এইটো হৈছে
মুখ্য কথা কিয়নো এইখন হয়েই ৰোগী জগত। এনেকুৱা কোনো মনুষ্য নাই যি ৰোগী নহয়। কিবা
নহয় কিবা নিশ্চয় হয়। এই গোটেই জগতখন বহুত ডাঙৰ হস্পিতেল, য’ত সকলো মনুষ্য পতিত ৰোগী।
আয়ুসো বহুত কম। অকস্মাৎ মৃত্যু হৈ যায়। কালৰ হাতোৰাত আহি যায়। এইটোও তোমালোক
সন্তানসকলে জানা। তোমালোক সন্তানসকলে কেৱল ভাৰতৰে নহয় গোটেই বিশ্বৰ গুপ্তভাৱে সেৱা
কৰা। মূল কথা হৈছে পিতাক কোনেও নাজানে। মনুষ্য হৈ পাৰলৌকিক পিতাক নাজানে, তেওঁৰ
প্ৰতি স্নেহ নাৰাখে। এতিয়া পিতাই কয় - মোৰ প্ৰতি স্নেহ ৰাখা। মোৰ প্ৰতি স্নেহ ৰাখি
ৰাখি তোমালোক মোৰ লগতেই উভতি যাব লাগিব। যেতিয়ালৈকে উভতি নোযোৱা তেতিয়ালৈকে এই ছিঃ
ছিঃ জগতত থাকিবলগীয়া হয়। প্ৰথমতেতো দেহ-অভিমানৰ পৰা দেহী-অভিমানী হোৱা তেতিয়াহে
তোমালোকে ধাৰণ কৰিব পাৰিবা আৰু পিতাক স্মৰণ কৰিব পাৰিবা। যদি দেহী-অভিমানী নোহোৱা
তেন্তে কোনো কামৰ নোহোৱা। দেহ-অভিমানীতো সকলো হয়। তোমালোকে বুজিও পোৱা যে মই
আত্ম-অভিমানী হোৱা নাই, পিতাক স্মৰণ নকৰোঁ গতিকে মই তেনেকুৱাই হৈ আছোঁ যেনেকুৱা
প্ৰথমে আছিলোঁ। মূল কথাই হৈছে দেহী-অভিমানী হোৱাৰ। ৰচনাক জনাতো নহয়। গায়নো কৰা হয়
ৰচয়িতা ৰচনাৰ জ্ঞান। এনেকুৱা নহয় যে প্ৰথমতে ৰচনা পাছত ৰচয়িতাৰ জ্ঞান বুলি কোৱা হ’ব।
নহয়, প্ৰথমতে ৰচয়িতা, সেইজন পিতাই হয়। কোৱাও হয় – “হে ঈশ্বৰ পিতা”। তেওঁ আহি
তোমালোক সন্তানসকলক নিজৰ সমান কৰি তোলে। পিতাতো সদায় আত্ম-অভিমানী হয়েই সেইবাবে তেওঁ
সৰ্বোচ্চ। পিতাই কয় - মইতো আত্ম-অভিমানী হওঁ। যাৰ শৰীৰত প্ৰৱেশ কৰিছোঁ তেওঁকো
আত্ম-অভিমানী কৰি তোলোঁ। এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ এওঁক সলনি কৰিবৰ বাবে কিয়নো এৱোঁ
দেহ-অভিমানী আছিল, এওঁকো কওঁ নিজক আত্মা বুলি বুজি মোক যথাৰ্থ ৰীতিৰে স্মৰণ কৰা।
এনেকুৱা বহুত মনুষ্য আছে যিসকলে ভাবে আত্মা বেলেগ, জীৱ (শৰীৰ) বেলেগ। আত্মা দেহৰ পৰা
ওলাই যায় তেন্তে দুটা বস্তু নহ’ল জানো। পিতাই বুজায় - তোমালোক আত্মা। আত্মাইহে
পুনৰ্জন্ম লয়। আত্মাইহে শৰীৰ লৈ ভূমিকা পালন কৰে। বাবাই বাৰে বাৰে বুজায় নিজক আত্মা
বুলি বুজা, এইক্ষেত্ৰত বহুত পৰিশ্ৰম কৰিব লাগে। যেনেকৈ বিদ্যাৰ্থীয়ে পঢ়িবৰ বাবে
একান্তত, বাগিচা আদিত গৈ পঢ়ে। পাদুৰীসকলেও (খ্ৰীষ্টিয়ান ধৰ্ম যাজক) ফুৰিবলৈ গ’লে
একেবাৰে শান্ত হৈ থাকে। তেওঁলোক কোনো আত্ম-অভিমানী হৈ নাথাকে। যীশুখ্ৰীষ্টৰ স্মৃতিত
থাকে। ঘৰত থাকিও স্মৰণতো কৰিব পাৰে কিন্তু বিশেষকৈ একান্তত যায় যীশুখ্ৰীষ্টক স্মৰণ
কৰিবলৈ আন কোনো ফালে নাচায়েই। যিসকল ভাল, তেওঁলোকে ভাবে যে আমি যীশুখ্ৰীষ্টক স্মৰণ
কৰি কৰি তেওঁৰ ওচৰলৈ গুচি যাম। যীশুখ্ৰীষ্ট স্বৰ্গত বহি আছে, আমিও স্বৰ্গলৈ গুচি
যাম। এনেকৈও ভাবে যে যীশুখ্ৰীষ্ট স্বৰ্গ স্থাপনা কৰোঁতা ঈশ্বৰ পিতাৰ ওচৰলৈ গ’ল।
আমিও স্মৰণ কৰি কৰি তেওঁৰ ওচৰলৈ যাম। সকলো খ্ৰীষ্টান সেই এজনৰ সন্তান হ’ল। তেওঁলোকৰ
কোনো কোনো জ্ঞান ঠিক। কিন্তু তোমালোকে ক’বা যে তেওঁলোকে তেনেকৈ ভবাটোও ভুল কিয়নো
যীশুখ্ৰীষ্টৰ আত্মাতো ওপৰলৈ যোৱাই নাই। যীশুখ্ৰীষ্ট নামতো শৰীৰৰ, যাক ফাঁচীকাঠত
ওলমালে। আত্মাতো ফাঁচীকাঠত নুঠে। এতিয়া যীশুখ্ৰীষ্টৰ আত্মা ঈশ্বৰ পিতাৰ ওচৰলৈ গ’ল -
এনেকৈ কোৱাটোও ভুল হৈ যায়। কোনোবা উভতি কেনেকৈ যাব? প্ৰত্যেকেই স্থাপনা তাৰ পাছত
প্ৰতিপালন নিশ্চয় কৰিবলগীয়া হয়। ঘৰত ৰং আদি দিয়া হয়, এয়াও প্ৰতিপালন কৰা হয় নহয়।
এতিয়া বেহদৰ পিতাক
তোমালোকে স্মৰণ কৰা। এই জ্ঞান বেহদৰ পিতাৰ বাহিৰে অন্য কোনেও দিব নোৱাৰে। নিজৰে
কল্যাণ কৰিব লাগে। ৰোগীৰ পৰা নিৰোগী হ’ব লাগে। এইখন ৰোগীসকলৰ ডাঙৰ চিকিৎসালয়। গোটেই
বিশ্ব ৰোগীসকলৰ চিকিৎসালয়। ৰোগী নিশ্চয় সোনকালে মৰি যাব, পিতা আহি এই গোটেই বিশ্বক
নিৰোগী কৰি তোলে। এনেকুৱা নহয় যে ইয়াতেই নিৰোগী হৈ যাব। পিতাই কয় - নিৰোগী হয়েই
নতুন সৃষ্টিত। পুৰণি সৃষ্টিত নিৰোগী হ’ব নোৱাৰে। এই লক্ষ্মী-নাৰায়ণ নিৰোগী, সৰ্বদা
স্বাস্থ্যৱান। তাত আয়ুসো দীঘলীয়া হ’ব, ৰোগী বিকাৰী হয়। নিৰ্বিকাৰীসকল ৰোগী নহয়। সেয়া
হয়েই সম্পূৰ্ণ নিৰ্বিকাৰী। পিতাই নিজেই কয় - এই সময়ত গোটেই বিশ্ব, বিশেষকৈ ভাৰত ৰোগী।
তোমালোক সন্তানসকল পোন-প্ৰথমে নিৰোগী সৃষ্টিলৈ আহা, নিৰোগী হোৱা স্মৃতিৰ যাত্ৰাৰে।
স্মৃতিৰে তোমালোক নিজৰ মৰমৰ ঘৰলৈ গুচি যাবা। এয়াও একপ্ৰকাৰৰ যাত্ৰা। আত্মাৰ যাত্ৰা,
পিতা পৰমাত্মাৰ সমীপলৈ যোৱাৰ। মূল কথা হৈছে এইটো, বুজোৱাটোও বহুত সহজ। কিন্তু বুজাব
তেওঁহে যি নিজেও আত্মিক যাত্ৰাত থাকিব। নিজে যদি নহয় তেন্তে আনক ক’লে তীৰ নালাগিব (জ্ঞানে
প্ৰভাৱ নেপেলাব)। সত্যতাৰ ধাৰ লাগে। মই বাবাক ইমান স্মৰণ কৰোঁ! বচ্। স্ত্ৰীয়ে
স্বামীক কিমান স্মৰণ কৰে। এওঁ হৈছে স্বামীসকলৰো স্বামী, পিতাসকলৰো পিতা, গুৰুসকলৰো
গুৰু। গুৰুসকলেও সেইজন পিতাকে স্মৰণ কৰে। যীশুখ্ৰীষ্টয়ো পিতাক স্মৰণ কৰিছিল। কিন্তু
তেওঁক কোনেও নাজানে। পিতা যেতিয়া আহিব তেতিয়া আহি নিজৰ পৰিচয় দিব। ভাৰতবাসীৰে পিতাৰ
পৰিচয় নাই তেন্তে অন্যই ক’ৰপৰা পাব। বিদেশৰ পৰাও ইয়ালৈ আহে, যোগ শিকিবলৈ। এনেকৈ বুজে
যে প্ৰাচীন যোগ ভগৱানে শিকাইছিল। এয়া হৈছে ভাৱনা। পিতাই বুজায় - সঁচা সঁচা যোগতো
মইহে কল্পই কল্পই আহি শিকাওঁ, এবাৰেই। মুখ্য কথা হৈছে নিজক আত্মা বুলি বুজি পিতাক
স্মৰণ কৰা, ইয়াকে আত্মিক যোগ বুলি কোৱা হয়। বাকী সকলোৰে হৈছে পাৰ্থিৱ যোগ। ব্ৰহ্মৰ
লগত যোগ ৰাখে। সেয়াতো পিতা নহয়। সেয়াতো হৈছে মহাতত্ত্ব, নিবাস কৰা স্থান। গতিকে
সত্য একমাত্ৰ পিতাই হয়। একমাত্ৰ পিতাকেই সত্য বুলি কোৱা হয়। এইটোও ভাৰতবাসীয়ে নাজানে
যে পিতা কেনেকৈ সত্য হয়। তেৱেঁই সত্য খণ্ড স্থাপনা কৰে। সঁচা খণ্ড আৰু মিছা খণ্ড।
তোমালোক যেতিয়া সঁচা খণ্ডত থাকা তেতিয়া তাত ৰাৱণৰাজ্য নাথাকে। আধাকল্পৰ পাছত
ৰাৱণৰাজ্য, মিছা খণ্ড আৰম্ভ হয়। সঁচা খণ্ড পূৰা সত্যযুগক কোৱা হ’ব। আকৌ কলিযুগৰ
অন্ত হৈছে পূৰা মিছা খণ্ড। এতিয়া তোমালোক সংগমত বহি আছা। ইফালৰো নোহোৱা, সিফালৰো
নোহোৱা। তোমালোকে যাত্ৰা কৰি আছা। আত্মাই যাত্ৰা কৰি আছে, শৰীৰে নহয়। পিতা আহি
যাত্ৰা কৰিবলৈ শিকায়। ইয়াৰ পৰা তালৈ যাব লাগে। তোমালোকক এয়া শিকায়। সেই লোকসকলে আকৌ
তৰা, চন্দ্ৰ আদিলৈ যাবৰ বাবে যাত্ৰা কৰে। এতিয়া তোমালোকে জানা যে তাত কোনো লাভ নাই।
এই বস্তুবোৰৰ দ্বাৰাই গোটেই বিনাশ হ’ব। বাকী যি ইমান পৰিশ্ৰম কৰে সকলো ব্যৰ্থ।
তোমালোকে জানা এই সকলোবোৰ বস্তু যি বিজ্ঞানৰ দ্বাৰা তৈয়াৰ হয় সেয়া ভৱিষ্যতে
তোমালোকৰে কামত আহিব। এই ড্ৰামাখন ৰচি থোৱা আছে। বেহদৰ পিতা আহি পঢ়ায় তেন্তে কিমান
সন্মান দিব লাগে। শিক্ষকক এনেয়েও বহুত সন্মান দিয়ে। শিক্ষকে আদেশ দিয়ে - ভালদৰে পঢ়ি
উত্তীৰ্ণ হৈ যোৱা। যদি আদেশ পালন নকৰা তেন্তে অনুতীৰ্ণ হৈ যাবা। পিতায়ো কয় তোমালোকক
বিশ্বৰ মালিক কৰি তুলিবলৈ পঢ়াওঁ। এই লক্ষ্মী-নাৰায়ণ হৈছে মালিক। যদিও প্ৰজাও মালিক
হয়, কিন্তু পদতো বহুত আছে নহয়। সকলো ভাৰতবাসীয়েও কয় - আমি মালিক। গৰিবেও নিজক ভাৰতৰ
মালিক বুলি বুজে। কিন্তু ৰজা আৰু তেওঁলোকৰ মাজত কিমান পাৰ্থক্য আছে। জ্ঞানেৰে পদৰ
পাৰ্থক্য হৈ যায়। জ্ঞানতো বুদ্ধিমান হোৱা উচিত। পৱিত্ৰতাও জৰুৰী আৰু
স্বাস্থ্য-সম্পত্তিও লাগে। স্বৰ্গত সকলো আছে নহয় জানো। পিতাই লক্ষ্য-উদ্দেশ্য বুজায়।
সৃষ্টিত আন কাৰো বুদ্ধিত এই লক্ষ্য-উদ্দেশ্য নাথাকিব। তোমালোকে তৎক্ষণাৎ কবা আমি এয়া
হ’মগৈ। গোটেই বিশ্বত আমাৰ ৰাজধানী হ’ব। এয়াতো এতিয়া পঞ্চায়তী (পাঁচ বিকাৰৰ) ৰাজ্য।
প্ৰথমে আছিল দ্বৈত মুকুটধাৰী তাৰ পাছত একক মুকুটধাৰী এতিয়াতো মুকুটেই নাই। বাবাই
মুৰুলীত কৈছিল - ইয়াৰো চিত্ৰ থাকিব লাগে - দ্বৈত মুকুটধাৰী ৰজাসকলৰ আগত একক
মুকুটধাৰীসকলে মূৰ দোৱায়। এতিয়া পিতাই কয় - মই তোমালোকক ৰজাৰো ৰজা দ্বৈত মুকুটধাৰী
কৰি তোলোঁ। সেয়া হৈছে অল্পকালৰ কাৰণে, এয়া হৈছে 21 জন্মৰ কথা। প্ৰথম মুখ্য কথা হৈছে
পৱিত্ৰ হোৱাৰ। আহ্বানো জনায় যে আহি পতিতৰ পৰা পাৱন কৰি তোলক। এনেকৈ নকয় যে ৰজাৰো ৰজা
কৰি তোলক। এতিয়া তোমালোক সন্তানসকলৰ হৈছে বেহদৰ সন্ন্যাস। এই সৃষ্টিৰ পৰাই গুচি যাম
নিজৰ ঘৰলৈ। পুনৰ স্বৰ্গলৈ আহিম। ভিতৰি আনন্দিত হৈ থাকিব লাগে যিহেতু বুজি পোৱা যে
আমি ঘৰলৈ যাম পুনৰ ৰাজ্যলৈ আহিম তেন্তে বিষণ্ণতা দুখ আদি এই সকলোবোৰ কিয় থাকিব লাগে।
আমি আত্মা ঘৰলৈ যাম আকৌ নতুন পুনৰ্জন্ম নতুন সৃষ্টিত ল’ম। সন্তানসকলৰ স্থায়ী আনন্দ
কিয় নাথাকে? মায়াৰ বিৰুদ্ধাচৰণ বহুত সেয়েহে আনন্দ কম হৈ যায়। পতিত-পাৱনে নিজেই কয় -
মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ ভস্ম হৈ যাব। তোমালোক স্বদৰ্শন
চক্ৰধাৰী হোৱা। এইটো জানা যে আমি পুনৰ নিজৰ ৰাজস্থানলৈ গুচি যাম। ইয়াত ভিন্ন ভিন্ন
প্ৰকাৰ ৰজা হৈছে, এতিয়া পুনৰ আত্মিক ৰাজস্থান হ’ব। স্বৰ্গৰ মালিক হৈ যাবা।
খ্ৰীষ্টানলোকে ‘স্বৰ্গ’ৰ অৰ্থ বুজি নাপায়। তেওঁলোকে মুক্তিধামকে ‘স্বৰ্গ’ বুলি কৈ
দিয়ে। এনেকুৱা নহয় যে স্বৰ্গ স্থাপনা কৰোঁতা ঈশ্বৰ পিতা স্বৰ্গত থাকে। তেওঁতো থাকেই
শান্তিধামত। এতিয়া তোমালোকে পুৰুষাৰ্থ কৰা স্বৰ্গলৈ যাবৰ বাবে। এইটো পাৰ্থক্য শুনাব
লাগে। ঈশ্বৰ পিতা হৈছে মুক্তিধামত থাকোঁতা। ‘স্বৰ্গ’ নতুন সৃষ্টিক কোৱা হয়। তাততো
খ্ৰীষ্টিয়ান নাথাকে। পিতা আহি ‘স্বৰ্গ’ স্থাপনা কৰে। তোমালোকে যাক শান্তিধাম বুলি
কোৱা তেওঁলোকে তাক ‘স্বৰ্গ’ বুলি বুজি লয়। এই সকলোবোৰ বুজিবলগীয়া কথা।
পিতাই কয় - জ্ঞানতো
বহুত সহজ। এয়া হৈছে পৱিত্ৰ হোৱাৰ জ্ঞান, মুক্তি-জীৱনমুক্তিত যোৱাৰ জ্ঞান, যিটো
পিতাইহে দিব পাৰে। যেতিয়া কাৰোবাক ফাঁচি দিয়া হয় তেতিয়া অন্তৰত এইটোৱে থাকে যে মই
ভগৱানৰ ওচৰলৈ যাম। ফাঁচি দিওঁতাজনেও কয় ঈশ্বৰক স্মৰণ কৰা। ঈশ্বৰক দুয়োজনেই নাজানে।
তেওঁলোকৰতো সেই সময়ত মিত্ৰ-সম্বন্ধীয় আদি স্মৃতিলৈ আহে। গায়নো আছে যিয়ে অন্তকালত
স্ত্ৰীক স্মৰণ কৰে… কোনোবা নহয় কোনোবা নিশ্চয় স্মৃতিলৈ আহে। সত্যযুগতহে মোহজিৎ হৈ
থাকে। তাত এইটো জানে যে এখন ছাল এৰি অন্য এখন লৈ ল’ম। তাত স্মৰণ কৰাৰ দৰকাৰ নাই
সেইকাৰণে কয় - দুখত স্মৰণ সকলোৱে কৰে…. ইয়াত দুখ আছে সেইকাৰণে স্মৰণ কৰে যাতে
ভগৱানৰ পৰা কিবা পায়। তাততো সকলো প্ৰাপ্ত হৈয়ে থাকে। তোমালোকে ক’ব পাৰা যে আমাৰ
উদ্দেশ্য হৈছে মনুষ্যক আস্তিক কৰি তোলা, প্ৰভুৰ কৰি তোলা। এতিয়া সকলো অনাথ। আমি
প্ৰভুৰ হওঁ। সুখ, শান্তি, সম্পত্তিৰ উত্তৰাধিকাৰ দিওঁতা পিতাহে হয়। এই
লক্ষ্মী-নাৰায়ণ কিমান দীৰ্ঘায়ু আছিল। এয়াও জানে ভাৰতবাসী প্ৰথমতে দীৰ্ঘায়ু আছিল।
এতিয়া কম। কিয় কম হৈ গ’ল - এয়া কোনেও নাজানে। তোমালোকৰ কাৰণেতো অতি সহজ হৈ গ’ল
বুজিবলৈ আৰু বুজাবলৈ। সেয়াও ক্ৰমানুসৰি। প্ৰত্যেকৰে বুজনি নিজা নিজা, যিয়ে যেনেকৈ
ধাৰণ কৰে তেনেকৈ বুজায়। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যেনেকৈ
পিতা সদায় আত্ম-অভিমানী, তেনেকৈ আত্ম-অভিমানী হৈ থকাৰ পূৰা পূৰা পুৰুষাৰ্থ কৰিব লাগে।
এজন পিতাক অন্তৰেৰে স্নেহ কৰি কৰি পিতাৰ লগত ঘৰলৈ যাব লাগে।
(2) বেহদৰ পিতাক পূৰা
পূৰা সন্মান দিব লাগে অৰ্থাৎ পিতাৰ আদেশ অনুসৰি চলিব লাগে। পিতাৰ প্ৰথম আদেশ হৈছে -
সন্তানসকল ভালদৰে পঢ়ি উত্তীৰ্ণ হৈ যোৱা। এইটো আদেশ পালন কৰিব লাগে।
বৰদান:
শক্তিশালী
সেৱাৰ দ্বাৰা নিৰ্বলীজনক বল দিওতা সঁচা সেৱাধাৰী হোৱা
সঁচা সেৱাধাৰীৰ
বাস্তৱিক বিশেষত্ব হৈছে - নিৰ্বলীজনক বল দিওতা। সেৱাতো সকলোৱে কৰে কিন্তু সফলতাত যি
অন্তৰ দেখা যায় তাৰ কাৰণ হৈছে সেৱাৰ সাধনসমূহত শক্তিৰ অভাৱ। যেনেকৈ তৰোৱালত যদি ধাৰ
নাথাকে তেতিয়া সেই তৰোৱালে তৰোৱালৰ কাম নকৰে, তেনেকৈ সেৱাৰ সাধনাসমূহত যদি স্মৃতি
ৰূপী শক্তিৰ ধাৰ নাথাকে তেন্তে সফলতা পোৱা নাযায় সেই কাৰণে শক্তিশালী সেৱাধাৰী হোৱা,
নিৰ্বলীজনক বল দি উচ্চ গুণসম্পন্ন আত্মা উলিওৱা তেতিয়া সঁচা সেৱাধাৰী বুলি কোৱা হ’ব।
স্লোগান:
সকলো পৰিস্থিতিক উৰন্ত কলাৰ সাধন বুলি বুজি সদায় উৰি থাকা।
অব্যক্ত সংকেত: অশৰীৰী
তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা
এনেয়ে অশৰীৰী হোৱা
সহজ কিন্তু যি সময়ত কোনো কথা সন্মুখত আহে, সেৱাত কোনো খেলিমেলি সন্মুখত আহে, কোনো
অস্থিৰতত্ৰ সৃষ্টি কৰোঁতা পৰিস্থিতি আহে, তেনে সময়ত ভাবিলা আৰু অশৰীৰী হৈ যোৱা,
ইয়াৰ বাবে বহু সময়ৰ অভ্যাস লাগে। ভবা আৰু কৰা একেলগে চলক তেতিয়াহে অন্তিম কাকতত
উত্তীৰ্ণ হ’ব পাৰিবা।