05.11.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে শান্ত হৈ থাকি একমাত্ৰ পিতাক স্মৰণ কৰিব লাগে, ইয়াত ঘণ্টা আদি বজোৱাৰ
দৰকাৰ নাই”
প্ৰশ্ন:
কোনটো কথাত
পিতাৰ সমান হ’লে সকলো কাম সিদ্ধ হৈ যাব?
উত্তৰ:
যেনেকৈ পিতা মৰমৰ সাগৰ তেনেকৈ অতি মৰমিয়াল হ’বা। ক্ৰোধৰ বাবে কৰ্ম নষ্ট হয়, সমাধা
নহয় সেইবাবে ৰঙা চকু দেখুওৱা, উচ্চ স্বৰত কথা কোৱা, উত্তেজিত হোৱা, ইয়াৰ দৰকাৰ নাই।
শান্ত হৈ থকাতো বহুত ভাল। মৰমেৰে বহুত কাম সিদ্ধ হ’ব পাৰে।
গীত:
তুম্হী হো
মাতা-পিতা… (তুমিয়েই মাতা-পিতা…)
ওঁম্শান্তি।
এই মহিমা হৈছে
এজনৰ। কিন্তু ভক্তি মাৰ্গত কেৱল এজনৰ মহিমা কৰিলে ভক্তিৰ প্ৰদৰ্শন নহয় সেইবাবে
ভক্তিত বহুতৰ মহিমা কৰে। তাত হুলস্থূলো বহুত হয়। ঘণ্টা-বাদ্য, গীত-ভজন, কন্দা-কটা
কিমান যে ভক্তি মাৰ্গত চলে। বিভিন্ন ধৰণৰ হুলস্থূল, মন্ত্ৰ-বাদ্য, স্তুতি আদি কৰা
হয় আৰু জ্ঞান মাৰ্গত হৈছে শান্ত অৱস্থা। কেৱল ইঙ্গিত দিয়া হয়, কোনো হুলস্থুল নাই।
ভক্তিত কিমান যে ধুমধাম। সকলোতকৈ বেছি ঘণ্টা বাজে শিৱৰ মন্দিৰত য’তে-ত’তে দেখিবা
ঘণ্টাই ঘণ্টা। কাকো টোপনিৰ পৰা জগাবলৈ কোনো ঘণ্টা বজোৱা নহয়। শিৱবাবা আহি মনুষ্যক
কুম্ভকৰ্ণৰ অজ্ঞান নিদ্ৰাৰ পৰা জগাইছে, কিন্তু ঘণ্টা নবজায়। একেবাৰে শান্তিৰে দুটা
কথাৰে বুজায়। যিসকল বুদ্ধিমান হয় তেওঁলোকে দুটা কথাতে বুজি যায়। পিতাই কয় –
সন্তানসকল, মোক স্মৰণ কৰা। তোমালোকেই মোক আহ্বান জনাইছা - হে পতিত-পাৱন আহক। এতিয়া
মই আহিছোঁ তোমালোকক মাৰ্গ-দৰ্শন কৰোঁ। তোমালোক এতিয়াও পতিত হৈ এই সৃষ্টিতেই থাকিব
লাগে জানো! তোমালোকেতো পাৱন সৃষ্টিত থাকিব বিচৰা নহয় জানো। পাৱন সৃষ্টি বুলি
স্বৰ্গক কোৱা হয়। এনেকৈ কয় - হে পতিত-পাৱন, গতিকে বুজিব লাগে যে পতিত-পাৱনে আহি কি
কৰিব? নিশ্চয় নৰকৰ পৰা স্বৰ্গলৈ লৈ যাব। নুবুজাকৈয়ে এনেয়েই আহ্বান জনাই থাকে, হাত
চাপৰি আদি বজাই থাকে। কিন্তু এইটো নাজানে যে পিতা আহিলে তেতিয়া আহি কি কৰিব?
বাস্তৱত এইখন বিশ্ব বিদ্যালয়ো হৈছে মনুষ্যৰ পৰা দেৱতা হোৱাৰ। সেইবাবে গায়ন কৰে –
ঈশ্বৰক মনুষ্যৰ পৰা দেৱতা কৰি গঢ়ি তুলিবলৈ সময় নালাগে… ইয়াত শাস্ত্ৰ আদি একো পঢ়িব
নালাগে। ভক্তি মাৰ্গত বহুত শাস্ত্ৰ আদি পঢ়ে, অনেক বক্তৃতা আদি দিয়ে। মাহে মাহে
মণ্ডপ আদি সাজি বহি হুলস্থুল কৰে। ইয়াত কিমান শান্তিত পিতাই বহি বুজায়। চোৱা,
তোমালোকক পিতাই আহি পাৱন কৰি পাৱন সৃষ্টিৰ মালিক কৰি তোলে। পঢ়াও কিমান সহজ। তোমালোক
প্ৰথমে সোণালী যুগত (গ’ল্ডেন এজত) পাৱন আছিলা। আকৌ 84 জন্ম লৈ লৈ লৌহ যুগত (আইৰণ
এজত) তমোপ্ৰধানৰ হৈ গ’লা। এতিয়া তোমালোক সতোপ্ৰধান হ’ব লাগে সেইবাবে মোক স্মৰণ কৰা।
সেয়াও হৈছে অজপা (মুখেৰে একো উচ্চাৰণ কৰিব নালাগে)। যেনেদৰে কন্যাৰ যেতিয়া বিয়া
হয় জপ কৰে জানো? স্মৃতিত থাকে। তোমালোকো সকলো পত্নী, এওঁ শিৱবাবা হৈছে পতিৰো পতি।
তোমালোকৰ পৰমাত্মাৰ লগত বাগদান হৈছে। বাগদান যেতিয়া হৈ গ’ল গতিকে বচ্ স্মৃতি
বুদ্ধিত স্থায়ী হৈ গ’ল। প্ৰত্যয় জন্মিল যে আমাৰ বাগদান হৈ গ’ল। তাৰপাছত ইজনে সিজনক
স্মৰণ কৰি থাকে। তোমালোককো পিতাই কয় - নিশ্চয় বুদ্ধি হৈ গ’ল যে আমি এজন পিতাৰ
সন্তান পৰস্পৰ ভাই ভাই। ভাইসকলে এজন পিতাৰ পৰা উত্তৰাধিকাৰ পায় সেইবাবে পিতাক
আহ্বান জনায় - হে পতিত- পাৱন পিতা আহক। বাবাই কয়– মোক স্মৰণ কৰিলে তমোপ্ৰধানৰ পৰা
সতোপ্ৰধান হৈ যাবা। পাৱনক সতোপ্ৰধান, পতিতক তমোপ্ৰধান বুলি কোৱা হয়। এই কথাবোৰ
বাবাই সংগমতহে বুজায়। এইখন হৈছে গীতা পাঠশালা। এইখন পাঠশালাত পিতা আহি ৰাজযোগ
শিকায়, নৰৰ পৰা নাৰায়ণ কৰি তোলে। তাত শিক্ষকেতো সন্মুখত বহি পঢ়ায়, দেখা পোৱা
যায়। ইয়াত হৈছে গুপ্ত। গতিকে এইগৰাকী শিক্ষককো বুদ্ধিযোগেৰে বুজিবলগীয়া হয়। তেওঁ
হৈছে নিৰাকাৰ পতিত–পাৱন পিতা। তেৱেঁই স্মৃতি সোঁৱৰাই দিয়ে যে কল্প পূৰ্বেও মই
তোমালোকক ৰাজযোগ শিকাইছিলোঁ। সেইবাবে কোৱা হয় মনমনাভৱ (নিজক আত্মা বুলি বুজি
পৰমাত্মাক স্মৰণ কৰা), পৱিত্ৰ হোৱা তেতিয়া এনেকুৱা লক্ষ্মী-নাৰায়ণ হৈ যাবা। এই
ক্ষেত্ৰত ঘণ্টা-বাদ্য আদি বজোৱাৰ দৰকাৰ নাই। পিতা নিজেই আহি জগায়। ‘মনমনাভৱ’ৰ অৰ্থই
হৈছে শান্ত অৱস্থা। নিজক আত্মা বুলি নিশ্চয় কৰা। বচ্! এতিয়া আমি নিজৰ ঘৰলৈ যাব
লাগে। পিতাকেই সকলোৱে কয় যে আমাক দুখৰ পৰা পৰিত্ৰাণ কৰি মুক্ত কৰক। সন্ন্যাসীসকলে
কেৱল ব্ৰহ্মক স্মৰণ কৰে। এতিয়া ব্ৰহ্ম তত্বতো হৈছে ঘৰ। তেওঁলোকে ঘৰক স্মৰণ কৰিব,
ইয়াত পিতাক স্মৰণ কৰিব লাগে। কেৱল ঘৰক স্মৰণ কৰিলে তেতিয়া যেন সন্ন্যাসী হৈ যাবা।
ব্ৰহ্মতো ভগৱান নহয়।
পিতাই বহি বুজায় -
মোক স্মৰণ কৰা তেতিয়া তোমালোক নিৰ্বাণধামলৈ গুচি যাবা। পুনৰ তাৰ পৰা স্বৰ্গলৈ আহিবা।
ইয়াৰ পৰা মই তোমালোক সন্তানসকলক লগত লৈ যাম। তোমালোকে গম পোৱা যে কাকতি-ফৰিঙৰ জাক
কিমান ডাঙৰ হয়। সকলোৰে একতা থাকে। প্ৰথমে আগত যোৱাটো ৰৈ দিলে সকলো ৰৈ দিব। মৌ-মাখিও
এনেকুৱাই। ৰাণীয়ে মৌচাক ত্যাগ কৰিলে ৰাণীৰ পিছে পিছে সকলো দৌৰে। ৰাণী মৌ যেন
তেওঁলোকৰ প্ৰেমিকহে। সিহঁতৰ ক্ষেত্ৰত আকৌ প্ৰেমিকাইহে স্বজাতীয়সকলৰ ওপৰত ৰাজত্ব কৰে।
শাস্ত্ৰতো উল্লেখ আছে যে সকলো আত্মা মহৰ জুম সদৃশ দৌৰে। অগণন আত্মা আছে। সেই মৌ-মাখিবিলাকে
প্ৰতিটো ঋতুত নিজৰ ৰাণীৰ পিছত দৌৰে। তোমালোকেতো এবাৰ দৌৰিব লাগে। এতিয়া সকলো আত্মা
মূলবতনলৈ যাব লাগে। তোমালোকৰ কোনো হুলস্থুল নাই সেইবাবেই বাবাই দৃষ্টান্ত দিয়ে।
সৰিয়হৰ বীজৰ নিচিনাকৈ পিহে। বাবাও বিন্দু সৰিয়হৰ বীজৰ দৰে। আফু গছৰ বীজো সৰু হয়।
পৰমাত্মাও বিন্দু হয়। তেওঁক দিব্য দৃষ্টি অবিহনে দেখা পোৱাও নাযায়। একেবাৰে সৰু
তৰাৰ দৰে। গীতাতো দেখুৱাইছে - অখণ্ড জ্যোতিৰ সাক্ষাৎকাৰ হ’ল, গতিকে ইয়াতো যেতিয়া
অখণ্ড জ্যোতিৰ সাক্ষাৎকাৰ হ’ব তেতিয়া বুজিব যে সাক্ষাৎকাৰ হ’ল। কিন্তু বিন্দুৰ
সাক্ষাৎকাৰ হ’লে তেন্তে ভাবিব এয়া জানো পৰমাত্মা হয়। গীতাততো উল্লেখ আছে - অৰ্জুনৰ
বহুত তেজোময় সাক্ষাৎকাৰ হ’ল। ভক্তিৰ কথাবোৰ বুদ্ধিত সোমাই আছে। ভক্তি মাৰ্গ আৰু
জ্ঞান মাৰ্গৰ মাজত ৰাতি-দিনৰ পাৰ্থক্য আছে। তোমালোকে জানা যে আমি 63 জন্ম শৰীৰৰ
দ্বাৰা কিমান নৃত্য কৰোঁ। 63 জন্ম কিমান ভক্তি মাৰ্গৰ হুলস্থুল শুনোঁ। তাৰ ভিতৰতো
প্ৰথমে যেতিয়া সতোপ্ৰধান ভক্তি আছিল তেতিয়া একমাত্ৰ শিৱবাবাৰ ভক্তি কৰিছিল। এই গঙ্গা
স্নান আদি আকৌ পাছত আৰম্ভ হয়। প্ৰথমে অব্যভিচাৰী ভক্তি পাছত বৃদ্ধি হৈ গৈ থাকে।
ইয়াততো একেবাৰেই নিস্তব্ধতা (শান্ত অৱস্থা) বিৰাজমান হৈ আছে। এটা কড়িৰ সমানো খৰচ
নকৰাকৈ তোমালোক বিশ্বৰ মালিক হোৱা। মম্মাই কড়িৰ সমানো একো লৈ অহা নাছিল আৰু বিশ্বৰ
মহাৰাণী হৈ গ’ল। এওঁ সাধাৰণ আছিল। একেবাৰে গৰিব ঘৰৰ এটা কড়িৰ সমানো খৰচ নকৰাকৈ চোৱা
কি হৈ যায়। মম্মাই আকৌ বহুত সেৱা কৰিছিল। নিজেই গৈ আনক বুজাইছিল যে বাবাই কয় - মোক
স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ’ব আৰু তোমালোক সতোপ্রধান হৈ যাবা। এই
ক্ষেত্ৰত খৰচৰতো কোনো কথা নাই। যদি কোনোবাই অলপ খৰচো কৰে সেয়াও নিজৰ বাবে। যেনেদৰে
খেতিত দুমুঠি বীজ সিঁচিলে কিমান শস্য উৎপাদন হয়। খেতি বৃদ্ধি হৈ যায়। এয়াও 21
জন্মৰ বাবে তোমালোকৰ কিমান যে আমদানি হয়। মনুষ্যৰ পৰা দেৱতা হোৱা কিমান সহজ। এক
চেকেণ্ডৰ কথা। বহিও কিমান সাধাৰণভাৱে আছে। যদি কোনোবাই বহিব নোৱাৰে তেন্তে বাবাই কয়
শুই হ’লেও মুৰুলী শুনা। এয়া হৈছে ধাৰণাৰ কথা। ভিতৰত বাবা আৰু চক্ৰক স্মৰণ কৰি থাকা।
স্মৰণ কৰি কৰিয়েই শৰীৰ ত্যাগ কৰিব লাগে। বাকী মুখত গঙ্গা জল দিয়াৰ কোনো কথা নাই।
গুৰু-গোঁসাইয়েতো এনেকৈ কৈ বহুত ভীতিগ্ৰস্ত কৰি দিয়ে যে যদি তুমি এই নিয়ম ভঙ্গ কৰা,
ভক্তি নকৰা তেন্তে এইটো এইটো হ’ব। ধৰি লোৱা কাৰোবাৰ ভৰি ভাঙিল বা লোকচান হ’ল তেতিয়া
ক’ব তুমি ভক্তি কৰিবলৈ এৰি দিয়াৰ বাব এইটো পৰিণাম হ’ল, তেতিয়া ভীতিগ্ৰস্ত হৈ যায়।
ইয়াততো একোৱেই কৰিব নালাগে। বাবাৰ স্মৃতি সোঁৱৰাই দিব লাগে, চক্ৰৰ ৰহস্য বুজাব লাগে।
এতিয়া কলিযুগৰ পাছত সত্যযুগ আহিব, বিনাশ নিশ্চয় হ’ব, সেইবাবে এই ভয়ংকৰ যুদ্ধ
সন্মুখত থিয় হৈ আছে। ভগৱানে আহি ৰাজযোগ শিকাই নৰৰ পৰা নাৰায়ণ কৰি তোলে। এয়া হৈছে
ৰাজযোগ, প্ৰজাযোগ নহয়। শুভ বচন উচ্চাৰিত কৰিব লাগে। সন্তানসকল অতি অমায়িক হ’ব লাগে।
বাবা অমায়িক নহয় জানো। ক্ৰোধ আদি সকলো দান ৰূপে গ্ৰহণ কৰে। পিতাই কয় - মই মৰমৰ
সাগৰ হওঁ, তোমালোকো হোৱা। বহুত মৰমেৰে বুজায়। নহ’লেতো সন্তানসকলে বহুত হুলস্থুল কৰে
কিয়নো মায়াই মগজ বেয়া কৰি দিয়ে, সেইবাবে খেয়াল আহে কেতিয়াও কাকো একো নকওঁ।
মৰমেৰে বুজাম। ৰঙা চকু দেখুওৱা, উত্তেজিত হোৱা, উচ্চ স্বৰত কথা কোৱা, এইবিলাকৰ
দৰকাৰ নাই, ইয়াৰ দ্বাৰা কাম নষ্ট হয়। শান্ত হৈ থকাতো ভাল। বিকাৰক দান দি পুনৰ
গ্ৰহণ কৰি লয় গতিকে নিজৰ পদ হেৰুৱায়। বাবাৰ হ’লা মানে 5 বিকাৰক দান দি দিলা। এনেকৈ
কয় যে দান দিলে গ্ৰহণ আঁতৰিব। তথাপি পিতা পাণ্ডা হয় নহয় জানো, পাণ্ডা ব্ৰাহ্মণ হয়।
শিৱবাবাও হৈছে আত্মিক পাণ্ডা। তোমালোকো পাণ্ডা। বাবা ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰে
গতিকে এৱোঁ ব্ৰাহ্মণ হ’ল। বাবা এওঁৰ শৰীৰত বহি আছে, তেওঁৰ মহিমা কৰে - তুমিয়েই
মাতা-পিতা… আন কাৰো এই মহিমা নাই। তেওঁৰ কৰ্তব্যও তেনেকুৱাই। এইখন পাঠশালা, পিতাই
পঢ়ায়। এইটো সন্তানসকলৰ স্মৃতিত থাকিব লাগে। লক্ষ্য-উদ্দেশ্য হৈছেই বিশ্বৰ
বাদশ্বাহী প্ৰাপ্ত কৰা। গতিকে এনেকৈ পঢ়াওঁতাজনক পূৰা ৰীতি স্মৰণ কৰিব লাগে।
বিদ্যালয়ত বিদ্যাৰ্থী ভালদৰে উত্তীৰ্ণ হ’লে বছৰে বছৰে শিক্ষকলৈ উপহাৰ প্ৰেৰণ কৰি
থাকে। এই উৎসৱ আদি সকলো এই সময়ৰ, কিন্তু ইয়াৰ মহত্বক কোনেও নাজানে।
বাবা হৈছে জ্ঞানপূৰ্ণ।
তেওঁ আহেই ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান দিবলৈ। পাথৰ-শিলগুটিত কেনেকৈ আহিব? এজন
ডাক্তৰে সিদ্ধ কৰিছিল যে সকলো বস্তুতেই আত্মা আছে। পৰমাত্মা বুলি কোৱা নাছিল।
তথাপিও আকৌ সৰ্বব্যাপী বুলি কৈ দিয়ে। তেওঁলোকে ক’লে - সকলোতে আত্মা আছে, আকৌ
সন্ন্যাসীসকলে ক’লে সকলোতে পৰমাত্মা আছে। কিমান যে ৰাতি-দিনৰ পাৰ্থক্য আছে। তেওঁতো
হৈছে বেহদৰ পিতা। সকলোৰে পৰা বুদ্ধিৰ যোগসূত্ৰ আঁতৰাই নিজৰ সৈতে গঢ়ে। তেওঁলোকে কয়
আত্মা সাগৰৰ পৰা ওলোৱা বুৰবুৰণি, সাগৰতেই লীন হৈ যাব। ব্ৰহ্ম জ্ঞানীসকলে ভাবে -
সূক্ষ্ম জ্যোতি ডাঙৰ জ্যোতিত লীন হৈ যাব, পুনৰ নতুন উৎপত্তি হয়। বাবাই বুজায় - এই
ভক্তিও নাটকত নিৰ্ধাৰিত হৈ আছে। ময়ো নাটকত নিৰ্ধাৰিত হৈ থকা অনুসৰি তোমালোক
সন্তানসকলক আহি বুজাওঁ। 84 জন্মৰ যি চক্ৰ পৰিক্ৰমা লগায়, এয়াও নাটকত নিৰ্ধাৰিত হৈ
আছে। যিবোৰ ঘটে সকলোবোৰ নিৰ্ধাৰিত হৈ আছে। কোনো কোনোৱে গায়নো কৰে, কোনো কোনোৱে
বিঘিনিও আনে।
তোমালোক সন্তানসকলে
শিৱবাবাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে। তেওঁ আহেই সকলো আত্মাক লৈ যাবৰ বাবে। শৰীৰৰ নামো
নলয়। শৰীৰ সহিত জানো কাৰোবাক লৈ যাবলৈ আহিছোঁ। মোকতো কয় - হে মুক্তিদাতা আহক। আমাক
দুখৰ পৰা মুক্ত কৰক অন্য স্থানলৈ লৈ যাওক। য’ত আনন্দ, সুখ-শান্তি পাওঁ। গতিকে সকলোৰে
শৰীৰ ইয়াতেই ত্যাগ কৰাই আত্মাসকলক লৈ যাম। তেন্তে কালৰো কাল হ’লোঁ, নহয় জানো। মই
সকলোকে একেলগে লৈ যাম। কিমান আশ্চৰ্যজনক কথা পিতাই বহি বুজায়। কেতিয়াবা কোনো কথা
বুজি নাপালে তেন্তে কোৱা যে এইটো কথা বাবাই এতিয়াও বুজোৱা নাই। যেতিয়া বুজাব
তেতিয়া আপোনাক শুনাম। এইদৰে নিজক মুক্ত কৰাব লাগে। সন্তানে বুজি পায় যে বাবা
জ্ঞানৰ সাগৰ হয়। নতুন নতুন কথা শুনাই থাকে। বিশ্বৰ ইতিহাস-ভূগোল শুনাওঁতা হৈছে
ৰচয়িতা পিতা, যিয়ে আদি-মধ্য-অন্তৰ জ্ঞান শুনায়। তোমালোক প্ৰকাশ কুঞ্জও হোৱা আৰু
স্বদৰ্শন চক্ৰধাৰীও হোৱা। কিন্তু মায়াই পাহৰাই দিয়ে। শ্বাসৰুদ্ধ হৈ থাকে। কিবা
নহয় কিবা প্ৰভাৱ পৰি যায়। কৰ্মৰ হিচাপ-নিকাচ আছে নহয় জানো। যেতিয়ালৈকে কৰ্মাতীত
অৱস্থা নহয় কিবা নহয় কিবা হৈয়েই থাকে। হিচাপ-নিকাচ নিষ্পত্তি হ’লে লগে লগে শৰীৰো
ত্যাগ কৰিব, যুদ্ধ আৰম্ভ হৈ যাব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
াৰণাৰবাবেমুখ্যসাৰ:-
(1) বিকাৰ দান
দি ঘূৰাই ল’ব নালাগে। মুখেৰে শুভ বচন উচ্চাৰিত কৰিব লাগে, বহুত অমায়িক হ’ব লাগে।
পিতাৰ সমান মৰমৰ সাগৰ হৈ থাকিব লাগে।
(2) শান্ত হৈ থাকি
কড়িৰ সমানো খৰচ নকৰাকৈ বিশ্বৰ বাদশ্বাহী ল’ব লাগে। পিতাৰ স্মৃতিত থাকি কিছু খৰচ কৰি
21 জন্মৰ আমদানি কৰিব লাগে।
বৰদান:
ত্ৰিকালদৰ্শী
স্থিতিৰে মায়াৰ প্ৰহাৰৰ পৰা সুৰক্ষিত হৈ থাকোঁতা অতীন্দ্ৰিয় সুখৰ অধিকাৰী হোৱা
সংগমযুগৰ বিশেষ বৰদান
বা ব্ৰাহ্মণ জীৱনৰ বিশেষত্ব হৈছে— অতীন্দ্ৰিয় সুখ। এই অনুভৱ অন্য কোনো যুগত নহয়।
কিন্তু এই সুখৰ অনুভূতিৰ বাবে ত্ৰিকালদৰ্শী স্থিতিৰে মায়াৰ প্ৰহাৰৰ পৰা সুৰক্ষিত
হৈ থাকা। যদি বাৰে বাৰে মায়াৰ প্ৰহাৰ হৈ থাকে, তেন্তে বিচাৰিলেও অতীন্দ্ৰিয় সুখৰ
অনুভৱ কৰিব নোৱাৰিবা। যিসকলে অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰি লয়, তেওঁলোকক ইন্দ্ৰিয়
সুখে আকৰ্ষিত কৰিব নোৱাৰে, জ্ঞানৱান হোৱাৰ কাৰণে তেওঁলোকৰ আগত সেয়া তুচ্ছ লাগিব।
স্লোগান:
কৰ্ম আৰু মনৰ দুয়োটা সেৱাৰ সন্তুলন থাকিলে শক্তিশালী বায়ুমণ্ডলৰ সৃষ্টি কৰিব
পাৰিবা।
অব্যক্ত সংকেত: পিতা
ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:
যেনেকৈ আছা, যিবোৰ
পৰিস্থিতি সন্মুখত আছে, তেনে অৱস্থাত থাকিয়েই এই শৰীৰতে আমি সম্পূৰ্ণ হ’ব লাগে,
এইটো লক্ষ্য ৰাখা। তোমালোকৰ সংগমযুগী সম্পূৰ্ণ ৰূপ শক্তি আৰু পাণ্ডৱৰ ৰূপত গায়ন কৰা
হৈছে। যেতিয়া এইটো স্বৰূপত স্থিৰ হ’বা, তেতিয়া গম পাবা যে আমাৰ ভক্ত কোন আৰু প্ৰজা
কোন। যি প্ৰজা হ’ব, তেওঁলোক সমীপত আহিব আৰু যি ভক্ত হ’ব, তেওঁলোক অন্তৰ ফালে আহি
চৰণত নত শিৰ হ’ব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]