05.12.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে যিয়েই জ্ঞান পোৱা, তাৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰা, জ্ঞান মন্থনৰ দ্বাৰাই অমৃত ওলাব"

প্ৰশ্ন:
21 জন্মৰ কাৰণে সমৃদ্ধিশালী হোৱা সাধন (উপায়) কি?

উত্তৰ:
জ্ঞান ৰত্ন। যিমানে তোমালোকে এই পুৰুষোত্তম সংগমযুগত জ্ঞান ৰত্ন ধাৰণ কৰা সিমানে সমৃদ্ধিশালী হৈ যোৱা। এতিয়াৰ জ্ঞান ৰত্ন তাত হীৰা-মুকুতা হৈ যায়। যেতিয়া আত্মাই জ্ঞান ৰত্ন ধাৰণ কৰিব, মুখেৰে জ্ঞান ৰত্ন উচ্চাৰণ কৰিব, ৰত্নই শুনিব আৰু শুনাব তেতিয়া তেওঁলোকৰ হৰ্ষিত চেহেৰাৰে পিতাৰ নাম প্ৰসিদ্ধ হ’ব। আসুৰি অৱগুণ দূৰ হ’লেহে সমৃদ্ধিশালী হ’ব।

ওঁম্শান্তি।
পিতাই সন্তানসকলক জ্ঞান আৰু ভক্তিৰ ওপৰত বুজায়। এয়াতো সন্তানসকলে বুজি পায় যে সত্যযুগত ভক্তি নাথাকে। জ্ঞানো সত্যযুগত পোৱা নাযায়। শ্ৰীকৃষ্ণই ভক্তিও নকৰে, জ্ঞানৰ মুৰুলীও নবজায়। মুৰুলী মানে জ্ঞান দিয়া। মুৰুলীত যাদু আছে বুলি গায়ন আছে নহয়। তেন্তে নিশ্চয় কিবা যাদু থাকিব নহয়। কেৱল মুৰুলী বজোৱা এইটো সাধাৰণ কথা। ফকিৰ লোকেও মুৰুলী বজায়। ইয়াততো জ্ঞানৰ যাদু আছে। অজ্ঞানক যাদু বুলি নকয়। মনুষ্যই ভাবে শ্ৰীকৃষ্ণই মুৰুলী বজাইছিল, তেওঁৰ বহুত মহিমা কৰে। পিতাই কয় - শ্ৰীকৃষ্ণতো দেৱতা আছিল। মনুষ্যৰ পৰা দেৱতা, দেৱতাৰ পৰা মনুষ্য, এয়া হৈয়েই থাকে। দৈৱী সৃষ্টিও থাকে তেনেকৈ মনুষ্যৰ সৃষ্টিও থাকে। এই জ্ঞানেৰে মনুষ্যৰ পৰা দেৱতা হয়। যেতিয়া সত্যযুগ হয় তেতিয়া এই জ্ঞানৰ উত্তৰাধিকাৰ থাকে। সত্যযুগত ভক্তি নাথাকে। দেৱতাসকল যেতিয়া মনুষ্য হয় তেতিয়া ভক্তি আৰম্ভ হয়। মনুষ্যক বিকাৰী, দেৱতাসকলক নিৰ্বিকাৰী বুলি কোৱা হয়। দেৱতাসকলৰ সৃষ্টিক পৱিত্ৰ সৃষ্টি বুলি কোৱা হয়। এতিয়া তোমালোক মনুষ্যৰ পৰা দেৱতা হৈ আছা। দেৱতাসকলৰ আকৌ এই জ্ঞান নাথাকিব। দেৱতাসকল সৎগতিত আছে, জ্ঞান লাগে দুৰ্গতিত থকাসকলক। এই জ্ঞানৰ দ্বাৰাই দৈৱী গুণ আহে। জ্ঞানৰ ধাৰণা হোৱাসকলৰ চলন দেৱতাৰ হয়। কম ধাৰণা কৰাসকলৰ চলন মিশ্ৰিত হয়। আসুৰি চলন বুলিতো কোৱা নহ’ব। ধাৰণা নহ’লে মোৰ সন্তান বুলি কেনেকৈ ক’ব। সন্তানে যদি পিতাক নাজানে তেন্তে পিতায়ো সন্তানসকলক কেনেকৈ জানিব। পিতাক কিমান কেঁচা কেঁচা গালি দিয়ে। ভগৱানক গালি দিয়াতো কিমান বেয়া কথা। আকৌ যেতিয়া তেওঁলোক ব্ৰাহ্মণ হয় তেতিয়া গালি দিয়া বন্ধ হৈ যায়। গতিকে এই জ্ঞানৰ বিচাৰ সাগৰ মন্থন কৰা উচিত। বিদ্যাৰ্থীয়ে বিচাৰ সাগৰ মন্থন কৰি জ্ঞানত আগবাঢ়ি যায়। তোমালোকে এই জ্ঞান পোৱা, তাৰ ওপৰত নিজৰ বিচাৰ সাগৰ মন্থন কৰিলে অমৃত ওলাব। বিচাৰ সাগৰ মন্থন নহ’লে কি মন্থন হ’ব? আসুৰি বিচাৰ মন্থন হ’ব, যাৰ দ্বাৰা আৱৰ্জনাহে ওলাব। এতিয়া তোমালোক হৈছা ঈশ্বৰীয় বিদ্যাৰ্থী। এইটো জানা যে মনুষ্যৰ পৰা দেৱতা হোৱাৰ পাঠ পিতাই পঢ়াই আছে। দেৱতাইতো নপঢ়াব। দেৱতাসকলক কেতিয়াও জ্ঞানৰ সাগৰ বুলি কোৱা নহয়। পিতাহে জ্ঞানৰ সাগৰ। সেয়েহে নিজকে সুধিব লাগে- মোৰ সকলো দৈৱী গুণ আছেনে? যদি আসুৰি অৱগুণ আছে তেন্তে সেয়া দূৰ কৰি দিয়া উচিত তেতিয়াহে দেৱতা হ’বাগৈ।

এতিয়া তোমালোক পুৰুষোত্তম সংগমযুগত আছা। পুৰুষোত্তম হৈ আছা সেয়েহে বাতাবাৰণো বহুত ভাল হোৱা উচিত। ছিঃ ছিঃ কথা মুখেৰে উচ্চাৰিত হ’ব নালাগে। নহ’লেতো কম পদধাৰী বুলি কোৱা হ’ব। বাতাৱৰণৰ পৰা তৎক্ষণাৎ গম পোৱা যায়। মুখেৰে দুখ দিয়া বচনেই উচ্চাৰিত হয়। তোমালোক সন্তানসকলে পিতাৰ নাম প্ৰসিদ্ধ কৰিব লাগে। মুখ সদায় হৰ্ষিত হৈ থাকিব লাগে। মুখেৰে যাতে সদায় ৰত্নহে উচ্চাৰিত হয়। এই লক্ষ্মী-নাৰায়ণ কিমান হৰ্ষিত মুখৰ, এওঁলোকৰ আত্মাই জ্ঞান ৰত্ন ধাৰণ কৰিছিল। মুখেৰে এই ৰত্ন উচ্চাৰিত হৈছিল। ৰত্নই শুনিছিল আৰু শুনাইছিল। কিমান আনন্দিত হৈ থকা উচিত। এতিয়া তোমালোকে যি জ্ঞান ৰত্ন লোৱা সেয়া আকৌ সঁচা হীৰা-মুকুতা হৈ যায়। 9 ৰত্নৰ মালা কোনো হীৰা-মুকুতাৰ নহয়, এই চৈতন্য ৰত্নসকলৰ মালা। মনুষ্যই আকৌ সেই ৰত্ন বুলি বুজি আঙঠি আদি পিন্ধে। জ্ঞান ৰত্নৰ মালা এই পুৰুষোত্তম সংগমযুগতেই হয়। এই ৰত্নইহে 21 জন্মৰ কাৰণে সমৃদ্ধিশালী কৰি দিয়ে, যিটো কোনেও লুটি নিব নোৱাৰে। ইয়াত পিন্ধিলেতো তৎক্ষণাৎ কোনোবাই লুটি লৈ যাব। সেয়েহে নিজক বহুত বিচাৰ বুদ্ধি সম্পন্ন কৰি তুলিব লাগে। আসুৰি অৱগুণবোৰ আঁতৰাব লাগে। আসুৰি অৱগুণধাৰীসকলৰ চেহেৰাই এনেকুৱা হৈ যায়। ক্ৰোধততো তামৰ দৰে ৰঙা হৈ যায়। কাম বিকাৰগ্ৰস্তসকলতো একেবাৰে কলা মুখৰ হৈ যায়। শ্ৰীকৃষ্ণকো কলা বৰণীয়া দেখুৱায় নহয়। বিকাৰৰ কাৰণেই বগাৰ পৰা শ্যামবৰণীয়া হৈ গ’ল। তোমালোক সন্তানসকলে প্ৰতিটো কথাৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰা উচিত। এয়া বহুত ধন প্ৰাপ্ত কৰাৰ পঢ়া। তোমালোক সন্তানসকলে শুনিছা, মহাৰাণী ভিক্টোৰিয়াৰ পৰামৰ্শদাতাজন আগতে বহুত গৰিব আছিল। চাকি জ্বলাই পঢ়িছিল। কিন্তু সেই পঢ়া জানো ৰত্ন আছিল! জ্ঞান আহৰণ কৰি পূৰা পদমৰ্যাদা লাভ কৰে। তেন্তে শিক্ষাই কামত আহিল, পইচাতো নহয়। শিক্ষাই হৈছে ধন। সেয়া হৈছে হদৰ, এয়া হৈছে বেহদৰ ধন। এতিয়া তোমালোকে বুজি পোৱা পিতাই আমাক পঢ়াই বিশ্বৰ মালিক কৰি তোলে। তাততো ধন উপাৰ্জন কৰিবলৈ নপঢ়িব। তাততো এতিয়াৰ পুৰুষাৰ্থৰে প্ৰচুৰ ধন পোৱা যায়। ধন অবিনাশী হৈ যায়। দেৱতাসকলৰ বহুত ধন আছিল আকৌ যেতিয়া বাম (বিকাৰী) মাৰ্গ, ৰাৱণৰাজ্যত আহে তেতিয়াও কিমান ধন আছিল। কিমান মন্দিৰ নিৰ্মাণ কৰিলে। আকৌ পাছত মুছলমানসকলে লুটি নিলে। কিমান ধনৱান আছিল। আজিকালি পঢ়াৰ দ্বাৰা ইমান ধনৱান হ’ব নোৱাৰে। তেন্তে চোৱা এই পঢ়াৰ দ্বাৰা মনুষ্য কি হৈ যায়! গৰিবৰ পৰা চহকী। এতিয়া চোৱা ভাৰত কিমান গৰিব! নামত যিসকল চহকী আছে, তেওঁলোকৰতো আজৰিয়েই নাই। নিজৰ ধন, পদ মৰ্যাদাৰ কিমান অহংকাৰ থাকে। ইয়াত অহংকাৰ আদি নোহোৱা হৈ যোৱা উচিত। মই আত্মা, আত্মাৰ ধন-দৌলত, হীৰা-মুকুতা আদি একোৱেই নাই।

পিতাই কয় - মৰমৰ সন্তানসকল, দেহ সহিত দেহৰ সকলো সম্বন্ধ ত্যাগ কৰা। আত্মাই শৰীৰ ত্যাগ কৰিলে তেতিয়া ধন-সম্পত্তি আদি সকলো শেষ হৈ যায়। পুনৰ যেতিয়া নতুনকৈ পঢ়িব, ধন উপাৰ্জন কৰিব তেতিয়া ধনৱান হ’ব নহ’লে যদি দান-পুণ্য ভালকৈ কৰিছিল তেন্তে চহকী লোকৰ ঘৰত জন্ম ল’ব। এনেকৈ কয় যে এয়া পূৰ্ব কৰ্মৰ ফল। জ্ঞান দান দিলে বা মহাবিদ্যালয়, ধৰ্মশালা আদি প্ৰতিষ্ঠা কৰিলে, তেতিয়া তাৰ ফল লাভ কৰে কিন্তু অল্পকালৰ বাবে। এই দান-পুণ্য আদিও ইয়াতে কৰা হয়। সত্যযুগত কৰা নহয়। সত্যযুগত ভাল কৰ্মই হয়, কিয়নো এতিয়াৰ উত্তৰাধিকাৰ প্ৰাপ্ত হয়। তাত কোনো কৰ্ম বিকৰ্ম হৈ নাযাব কিয়নো তাত ৰাৱণেই নাই। বিকাৰগ্ৰস্ত হ’লে বিকাৰী কৰ্ম হৈ যায়। বিকাৰৰ পৰা বিকৰ্ম হয়। স্বৰ্গত কোনো বিকৰ্ম নহয়। সকলোৰে আধাৰ কৰ্মৰ ওপৰত। এই মায়া ৰাৱণে অৱগুণী কৰি দিয়ে। পিতা আহি সৰ্বগুণ সম্পন্ন কৰি তোলে। ৰাম বংশী আৰু ৰাৱণ বংশীৰ যুদ্ধ চলে। তোমালোক হৈছা ৰামৰ সন্তান, কিমান ভাল ভাল সন্তান মায়াৰ হাতত পৰাজিত হৈ যায়। বাবাই নাম নকয়, তথাপিও আশা ৰাখে। অধমতকৈও অধমক উদ্ধাৰ কৰিবলগীয়া হয়। পিতাই গোটেই বিশ্বক উদ্ধাৰ কৰিব লাগে। ৰাৱণৰ ৰাজ্যত সকলোৱে অধম গতি পালে। পিতাইতো বাচি থকাৰ আৰু আনক বচোৱাৰ যুক্তি নিতৌ বুজাই থাকে তথাপিও অধঃপতিত হয় সেয়েহে অধমতকৈও অধম হৈ যায়। সেইসকলে পুনৰ ইমান আগবাঢ়িব নোৱাৰে। সেই অধমবোধে অন্তৰ দহি থাকিব। যেনেকৈ কোৱা হয় অন্তকালত যিয়ে…. তেওঁলোকৰ বুদ্ধিত সেই অধমবোধৰেই স্মৃতি আহি থাকিব।

গতিকে পিতাই বহি সন্তানসকলক বুজায় – কল্পই কল্পই তোমালোকেই শুনা, সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে, জন্তুৱেতো নাজানিব নহয়। তোমালোকেই শুনা আৰু বুজি পোৱা। মনুষ্যতো মনুষ্যই হয়, এই লক্ষ্মী-নাৰায়ণৰো নাক-কাণ আদি সকলো আছে মনুষ্যই হয় নহয়। কিন্তু দৈৱীগুণ আছে সেইকাৰণে তেওঁলোকক দেৱতা বুলি কোৱা হয়। এওঁলোক এনেকুৱা দেৱতা কেনেকৈ হয় আকৌ কেনেকৈ অৱনমিত হয়, এই চক্ৰৰ বিষয়ে তোমালোকেহে জানা। যিয়ে বিচাৰ সাগৰ মন্থন কৰি থাকিব, তেওঁলোকৰহে ধাৰণা হ’ব। যিয়ে বিচাৰ সাগৰ মন্থন নকৰে তেওঁলোকক বুদ্ধিহীন বুলি কোৱা হ’ব। মুৰুলী পঢ়াওঁতাসকলৰ বিচাৰ সাগৰ মন্থন চলি থাকিব - এইটো বিষয়ৰ ওপৰত এয়া এয়া বুজাব লাগে। আশা কৰা হয়, এতিয়া নুবুজিব কিন্তু আগলৈ গৈ নিশ্চয় বুজিব। আশা কৰা মানে সেৱাৰ ৰুচি আছে, ভাগৰি পৰিব নালাগে। যদিও কোনোবা আগবাঢ়ি গৈ আকৌ অধম হৈ গৈছে, যদি আহে তেন্তে স্নেহেৰে বহিবলৈ নিদিবা জানো নে এনেকৈ ক’বা যে গুচি যোৱা! খা-খবৰ সুধিবলগীয়া হয় - ইমান দিন ক’ত আছিল, কিয় অহা নাছিল? তেতিয়া ক’ব নহয় যে মায়াৰ হাতত পৰাজিত হৈ গ’লোঁ। বুজিও পায় যে জ্ঞান বহুত ভাল। স্মৃতিতো থাকে নহয়। ভক্তিততো জয়-পৰাজয়ৰ কথা নাই। এয়া হৈছে জ্ঞান, ইয়াক ধাৰণ কৰিব লাগে। তোমালোক যেতিয়ালৈকে ব্ৰাহ্মণ নোহোৱা তেতিয়ালৈকে দেৱতা হ’ব নোৱাৰা। খ্ৰীষ্টিয়ান, বৌদ্ধি, পাৰ্চী আদিত জানো ব্ৰাহ্মণ থাকে। ব্ৰাহ্মণৰ সন্তান ব্ৰাহ্মণ হয়। এই কথাবোৰ এতিয়া তোমালোকে বুজি পোৱা। তোমালোকে জানা যে ‘অল্ফ’ক (আল্লাক) স্মৰণ কৰিব লাগে। ‘অল্ফ’ক স্মৰণ কৰিলে ‘বে’ বাদশ্বাহী পোৱা যায়। যেতিয়া কাৰোবাক লগ পোৱা তেতিয়া ক’বা ‘অল্ফ’ক আল্লাক স্মৰণ কৰা। ‘অল্ফ’কেই উচ্চ বুলি কোৱা হয়। আঙুলিৰে ‘অল্ফ’ৰ ফালে ইংগিত কৰে। ‘অল্ফ’ একেবাৰে পোনে পোনে। ‘অল্ফ’ক এক বুলিও কোৱা হয়। এজনেই ভগৱান, বাকী সকলো হৈছে সন্তান। পিতাক ‘অল্ফ’ বুলি কোৱা হয়। পিতাই জ্ঞানো দিয়ে, নিজৰ সন্তানো কৰি লয়। তেন্তে তোমালোক সন্তানসকল কিমান আনন্দিত হৈ থকা উচিত। বাবাই আমাৰ কিমান সেৱা কৰে, বিশ্বৰ মালিক কৰি তোলে। আকৌ নিজে সেই পৱিত্ৰ সৃষ্টিত নাহেও। পাৱন সৃষ্টিলৈ কোনেও তেওঁক আহ্বানেই নজনায়। পতিত সৃষ্টিলৈকে আহ্বান জনায়। পাৱন সৃষ্টিত আহি কি কৰিব। তেওঁৰ নামেই হৈছে পতিত-পাৱন। গতিকে পুৰণি সৃষ্টিক পাৱন সৃষ্টি কৰি তোলাতো তেওঁৰ কৰ্তব্য। পিতাৰ নামেই হৈছে শিৱ। সন্তানসকলক শালগ্ৰাম বুলি কোৱা হয়। দুয়োৰে পূজা হয়। কিন্তু পূজা কৰোঁতাসকলে একোৱে নাজানে, মাথো একপ্ৰকাৰৰ পূজা কৰাৰ ৰীতি-প্ৰথা ৰচি দিলে। দেৱীসকলৰো অতি উত্তম হীৰা-মুকুতাৰ মহল আদি সাজে, পূজা কৰে। সেয়াতো (শিৱবাবাৰ) মাটিৰ লিংগ সাজিলে আৰু ভাঙিলে। সাজিবলৈ পৰিশ্ৰম কৰিব নালাগে। দেৱীসকলৰ সাজিবলৈ পৰিশ্ৰম কৰিব লাগে, তেওঁৰ (শিৱবাবাৰ) পূজাত পৰিশ্ৰম নহয়। কোনো কষ্ট নকৰাকৈয়ে পায়। পাথৰ পানীত ঘঁহনি খাই খাই গোলাকৃতিৰ হৈ যায়। পূৰা ডিম্বাকৃতিৰ কৰি দিয়ে। এনেকৈ কয়ো যে ডিম্বাকৃতিৰ আত্মা, যি ব্ৰহ্মতত্বত থাকে, সেই কাৰণে তাক ব্ৰহ্মাণ্ড বুলি কয়। তোমালোক ব্ৰহ্মাণ্ডৰ আৰু বিশ্বৰো মালিক হোৱাগৈ।

গতিকে প্ৰথমে এজন পিতাৰ বুজনি দিব লাগে। ‘শিৱ’ক বাবা বুলি কৈ সকলোৱে স্মৰণ কৰে। দ্বিতীয়তে, ব্ৰহ্মাকো বাবা বুলি কয়। যিহেতু প্ৰজাপিতা তেন্তে গোটেই প্ৰজাৰ পিতা হৈ গ’ল নহয়। গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ। এই গোটেই জ্ঞান এতিয়া তোমালোক সন্তানসকলৰ আছে। প্ৰজাপিতা ব্ৰহ্মা বুলিতো বহুত কয় কিন্তু যৰ্থাথ ৰীতিৰে কোনেও নাজানে। ব্ৰহ্মা কাৰ সন্তান? তোমালোকে ক’বা পৰমপিতা পৰমাত্মাৰ। শিৱবাবাই এওঁক তুলি লৈছে গতিকে এওঁ শৰীৰধাৰী নহ’ল জানো। সকলো ঈশ্বৰৰ সন্তান। আকৌ যেতিয়া শৰীৰ পায় তেতিয়া প্ৰজাপিতা ব্ৰহ্মাৰ তোলনীয়া বুলি কয়। আত্মা তোলনীয়া নহয়। আত্মাসকলক পৰমপিতা পৰমাত্মাই তুলি লৈছে জানো? নাই লোৱা, তোমালোকক (আত্মা সহিত শৰীৰক) তুলি লৈছে। এতিয়া তোমালোক হৈছা ব্ৰহ্মাকুমাৰ-কুমাৰী। শিৱবাবাই তুলি নলয়। সকলো আত্মা অনাদি অবিনাশী। সকলো আত্মাই নিজৰ নিজৰ শৰীৰ, নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে, যিটো পালন কৰিবই লাগে। এই ভূমিকাই অনাদি অবিনাশী পৰম্পৰাগতভাৱে চলি আহে। তাৰ আদি অন্ত আছে বুলি কোৱা নহয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ ধন-সম্পত্তি, পদমৰ্যাদা আদিৰ অহংকাৰ নোহোৱা কৰিব লাগে। অবিনাশী জ্ঞান ধনেৰে নিজক সমৃদ্ধিশালী কৰিব লাগে। সেৱাত কেতিয়াও ভাগৰি পৰিব নালাগে।

(2) বাতাৱৰণ ভাল কৰি ৰাখিবলৈ মুখেৰে সদায় ৰত্ন উচ্চাৰণ কৰিব লাগে। দুখ দিয়া কোনো কথা যাতে উচ্চাৰিত নহয় তাৰ প্ৰতি ধ্যান দিব লাগে। হৰ্ষিতমুখৰ হৈ থাকিব লাগে।

বৰদান:
যিকোনো বায়ুমণ্ডলত মন-বুদ্ধি চেকেণ্ডত একাগ্ৰ কৰোঁতা সৰ্বশক্তি সম্পন্ন হোৱা

বাপদাদাই সকলো সন্তানক সৰ্বশক্তি উত্তৰাধিকাৰত দি দিছে। স্মৃতিৰ শক্তিৰ অৰ্থ হৈছে- মন-বুদ্ধি য’তে লগাব বিচৰা তাতে লাগি যাওঁক। যিকোনো প্ৰকাৰৰ বায়ুমণ্ডলত নিজৰ মন-বুদ্ধি চেকেণ্ডত একাগ্ৰ কৰি লোৱা। পৰিস্থিতি অস্থিৰতাৰ হওঁক, বায়ুমণ্ডল তমোগুণী হওঁক, মায়াই নিজৰ কৰি তুলিবলৈ প্ৰয়াস কৰি থাকক তথাপিও চেকেণ্ডত একাগ্ৰ হৈ যাওঁক – এনেকুৱা নিয়ন্ত্ৰণ শক্তি থাকিলে তেতিয়া সৰ্বশক্তি সম্পন্ন বুলি কোৱা হ’ব।

স্লোগান:
বিশ্ব কল্যাণৰ দ্বায়িত্ব আৰু পৱিত্ৰতাৰ লাইটৰ মুকুট পৰিধান কৰোঁতাজনেই দ্বৈত মুকুটধাৰী হয়।


সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:

যিসকল আত্মাৰ সৰ্ব প্ৰাপ্তিৰ অনুভূতি হ’ব তেওঁলোক সদায় সন্তুষ্ট হ’ব। তেওঁলোকৰ চেহেৰাত সদায় প্ৰসন্নতাৰ চিন দৃষ্টিগোচৰ হ’ব। সেৱাধাৰী যেতিয়া নিজৰ প্ৰতি আৰু সকলোৰে প্ৰতি সন্তুষ্ট হয় তেতিয়া সেৱাৰ, সহযোগৰ উৎসাহ-উদ্দীপনা স্বতঃ জাগি উঠে। কৈ কৰাবলগীয়া নহয়, সন্তুষ্টতাই সহজে উৎসাহ-উদ্দীপনাত লৈ আহে। সেৱাধাৰীৰ এইটোৱে বিশেষ লক্ষ্য হওঁক যে সন্তুষ্ট হৈ থাকিব লাগে আৰু সন্তুষ্ট কৰিব লাগে।