06.01.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ প্ৰতিষাৰ বচন অতি মধুৰ অতি উত্তম হোৱা উচিত, যেনেকৈ পিতা দুখ হৰ্তা, সুখ
কৰ্তা, তেনেকৈ পিতাৰ দৰে সকলোকে সুখ দিয়া"
প্ৰশ্ন:
লৌকিক
মিত্ৰ-সম্বন্ধীয়সকলক জ্ঞান দিয়াৰ যুক্তি কি?
উত্তৰ:
যদি কোনো মিত্ৰ সম্বন্ধীয় আদি আছে তেন্তে তেওঁলোকৰ লগত বহুত নম্ৰতাৰে, প্ৰেমভাৱেৰে,
হৰ্ষিত মুখেৰে কথা পাতিব লাগে। বুজাব লাগে যে এয়া সেয়াই মহাভাৰতৰ যুদ্ধ। পিতাই
ৰুদ্ৰ জ্ঞান যজ্ঞ ৰচিছে। মই আপোনাক সত্য কথা কওঁ যে ভক্তি আদিতো জন্ম-জন্মান্তৰ
কৰিলোঁ, এতিয়া জ্ঞান আৰম্ভ হয়। যেতিয়া সুবিধা পোৱা তেতিয়া বহুত যুক্তিৰে কথা পাতা।
কুটুম্ব পৰিয়ালত বহুত মৰম-চেনেহেৰে চলা। কেতিয়াও কাকো দুখ নিদিবা।
গীত:
আঁখিৰ ৱহ দিন
আয়া আজ………(অৱশেষত সেই দিনটি আজি আহিল…)
ওঁম্শান্তি।
যেতিয়া কোনো
গীত বাজে তেতিয়া সন্তানসকলে নিজৰ ভিতৰত তাৰ অৰ্থ উলিয়াব লাগে। চেকেণ্ডত উলিয়াব পৰা
যায়। এয়া বেহদ ড্ৰামাৰ বিশাল ঘড়ী নহয় জানো। ভক্তিমাৰ্গত মনুষ্যই আহ্বানো জনায়।
যেনেকৈ ন্যায়ালয়ত মোকৰ্দমা চলিলে তেতিয়া কয় যে কেতিয়ানো শুনানি হ'ব, কেতিয়ানো মাতিব,
যাতে মোৰ গোচৰতো নিষ্পত্তি হয়। গতিকে সন্তানসকলৰো গোচৰ আছে, কোনটো গোচৰ? ৰাৱণে
তোমালোকক বহুত দুখী কৰিলে। তোমালোকৰ গোচৰ উচ্চ ন্যায়ালয়ত দাখিল হৈছে। মনুষ্যই
আহ্বান জনাই থাকে - বাবা আহক। আহি আমাক দুখৰ পৰা মুক্ত কৰক। এদিন শুনানিতো নিশ্চয়
হয়। পিতাই শুনেও, ড্ৰামা অনুসাৰে আহেও একেবাৰে সঠিক সময়ত। এই ক্ষেত্ৰত এক চেকেণ্ডৰো
হেৰফেৰ হ’ব নোৱাৰে। বেহদৰ ঘড়ী কিমান সঠিককৈ চলে। ইয়াত তোমালোকৰ এই সৰু ঘড়ীবোৰো
সঠিককৈ নচলে। যজ্ঞৰ সকলো কৰ্ম সঠিক হোৱা উচিত। ঘড়ীও সঠিক হ’ব লাগে। পিতাতো একেবাৰে
সঠিক। শুনানি একেবাৰে সঠিককৈ হয়। কল্পই কল্পই, কল্পৰ সংগমত সঠিক সময়ত আহে। গতিকে
সন্তানসকলৰ এতিয়া শুনানি হৈছে, বাবাৰ আগমন হৈছে। এতিয়া তোমালোকে সকলোকে বুজোৱা। আগতে
তোমালোকেও বুজি পোৱা নাছিলা যে দুখ কোনে দিয়ে? এতিয়া পিতাই বুজাইছে যে ৰাৱণ ৰাজ্য
দ্বাপৰৰ পৰা আৰম্ভ হয়। তোমালোক সন্তানসকলে গম পাই গৈছা - বাবা কল্পই কল্পই সংগমযুগত
আহে। এয়া হৈছে বেহদৰ ৰাত্ৰি। শিৱবাবা বেহদৰ ৰাত্ৰিহে আহে, শ্ৰীকৃষ্ণৰ কথা নাই,
যেতিয়া ঘোৰ অন্ধকাৰত অজ্ঞান নিদ্ৰাত শুই থাকে তেতিয়া সন্তানসকলক দিনলৈ লৈ যাব বাবে
জ্ঞান সূৰ্য পিতা আহে। তেওঁ কয় - মোক স্মৰণ কৰা কিয়নো পতিতৰ পৰা পাৱন হ’ব লাগে।
পিতাই হৈছে পতিত-পাৱন। তেওঁ যেতিয়া আহিব তেতিয়াহে শুনানি হ’ব। এতিয়া তোমালোকৰ শুনানি
হৈছে। পিতাই কয় - মই পতিতক পাৱন কৰি তুলিবলৈ আহিছোঁ। পাৱন হোৱাৰ তোমালোকক কিমান সহজ
উপায় শুনাওঁ। আজিকালি চোৱা বিজ্ঞানৰ কিমান জোৰ। আনৱিক বোমা আদিৰ কিমান জোৰেৰে শব্দ
হয়। তোমালোক সন্তানসকলে শান্তিৰ বলেৰে এই বিজ্ঞানৰ ওপৰত বিজয়ী হোৱা। শান্তিক যোগ
বুলিও কোৱা হয়। আত্মাই পিতাক স্মৰণ কৰে - বাবা আপুনি আহিলে আমি গৈ শান্তিধামত নিবাস
কৰিম। গতিকে তোমালোক সন্তানসকলে এই যোগবলেৰে, শান্তিৰ বলেৰে বিজ্ঞানৰ ওপৰত বিজয়ী
হোৱা। শান্তিৰ বল প্ৰাপ্ত কৰা। বিজ্ঞানৰ দ্বাৰাই এই গোটেইখন বিনাশ হ’ব। শান্তিৰে
তোমালোক সন্তানসকল বিজয়ী হোৱা। বাহুবলীসকলে কেতিয়াও বিশ্বত বিজয়ী হ’ব নোৱাৰে। এই
কথাবোৰো তোমালোকে প্ৰদৰ্শনীত লিখিব লাগে।
দিল্লীত বহুত সেৱা
হ’ব পাৰে কিয়নো দিল্লী হৈছে সকলোৰে ৰাজধানী। তোমালোকৰো দিল্লীয়েই ৰাজধানী হ’ব।
দিল্লীকেই পৰিস্তান বুলি কোৱা হয়। পাণ্ডৱসকলৰ দুৰ্গতো নাই। দুৰ্গ তেতিয়াহে বন্ধা হয়
যেতিয়া শত্ৰুৱে আক্ৰমণ কৰে। তোমালোকৰতো দুৰ্গ আদিৰ দৰকাৰ নাথাকে। তোমালোকে জানা যে
আমি শান্তিৰ বলেৰে নিজৰ ৰাজ্য স্থাপনা কৰি আছোঁ, তেওঁলোকৰ হৈছে কৃত্ৰিম শান্তি।
তোমালোকৰ হৈছে প্ৰকৃত শান্তি। জ্ঞানৰ বল, শান্তিৰ বল বুলি কোৱা হয়। জ্ঞান হৈছে
অধ্যয়ন। অধ্যয়নৰ দ্বাৰাই বল পোৱা যায়। আৰক্ষী অধীক্ষক হয়, কিমান শক্তি থাকে। সেয়া
সকলো হৈছে দুখদায়ী পাৰ্থিৱ কথা। তোমালোকৰ সকলো কথা আত্মিক। তোমালোকৰ মুখেৰে যি কথাই
উচ্চাৰিত হয় সেই এটি এটি কথা এনেকুৱা উত্তম মধুৰ হ’ব লাগে যাতে শুনোঁতাসকল আনন্দিত
হৈ যায়। যেনেকৈ পিতা দুখহৰ্তা সুখকৰ্তা, তেনেকৈ তোমালোক সন্তানসকলেও সকলোকে সুখ দিব
লাগে। কুটুম্ব পৰিয়ালৰো যাতে দুখ আদি নহয়। নিয়ম অনুসাৰে সকলোৰে লগত চলিব লাগে।
জ্যেষ্ঠসকলৰ লগত বহুত মৰম-চেনেহেৰে চলিব লাগে। মুখেৰে এনেকুৱা অতি উত্তম বচন
উচ্চাৰিত হ’ব লাগে যাতে সকলো আনন্দিত হৈ যায়। কোৱা, শিৱবাবাই কয় – ‘মনমনাভৱ’ (নিজক
আত্মা বুলি বুজি মোক; পৰমাত্মাক স্মৰণ কৰা)। উচ্চতকৈও উচ্চ হৈছোঁ মই। মোক স্মৰণ
কৰিলেহে তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। বহুত মৰমেৰে কথা পাতিব লাগে। ধৰি লোৱা, যদি
কোনোবা জ্যেষ্ঠ ভাতৃ হয় তেতিয়া ক’বা ককাইদেও শিৱবাবাই কয় - মোক স্মৰণ কৰা। শিৱবাবা
যাক ৰুদ্ৰ বুলিও কোৱা হয়, গতিকে তেৱেঁই জ্ঞান যজ্ঞ ৰচনা কৰে। “শ্ৰীকৃষ্ণ জ্ঞান যজ্ঞ”
বুলি কোৱা শুনা নাযায়। “ৰুদ্ৰ জ্ঞান যজ্ঞ” বুলি কয় গতিকে ৰুদ্ৰ শিৱবাবাই এই যজ্ঞ
ৰচনা কৰিছে। বাদশ্বাহী প্ৰাপ্ত কৰিবৰ বাবে জ্ঞান আৰু যোগ শিকাই আছে। পিতাই কয়-
ভগৱানুবাচ মামেকম্ (কেৱল মোক) স্মৰণ কৰা। কিয়নো এতিয়া হৈছে সকলোৰে অন্তিম মুহূৰ্ত,
বানপ্ৰস্থ অৱস্থা। সকলোৱে উভতি যাব লাগিব। মৃত্যুৰ সময়ত মনুষ্যক এনেকৈ কয় নহয় -
ঈশ্বৰক স্মৰণ কৰা। ইয়াত ঈশ্বৰে স্বয়ং কয় মৃত্যু সমাগত, ইয়াৰ পৰা কোনেও বাচি যাব
নোৱাৰে। অন্তিমত পিতা আহি কয় যে সন্তানসকল, মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ ভস্ম
হৈ যাব, ইয়াক যোগৰ অগ্নি বুলি কোৱা হয়। পিতাই প্ৰতিশ্ৰুতি দিয়ে যে ইয়াৰ দ্বাৰা
তোমালোকৰ পাপ দগ্ধ হ’ব। বিকৰ্ম বিনাশ হোৱাৰ, পাৱন হোৱাৰ আৰু কোনো উপায় নাই। শিৰত
পাপৰ বোজা বাঢ়ি বাঢ়ি, খাদ পৰি পৰি সোণ 9 কেৰেটৰ হৈ গ’ল। 9 কেৰেটৰ পাছত কৃত্ৰিম (অন্য
ধাতু মিশ্ৰিত) বুলি কোৱা হয়। এতিয়া পুনৰ 24 কেৰেট কেনেকৈ হ’ব, আত্মা পৱিত্ৰ কেনেকৈ
হ’ব? পৱিত্ৰ আত্মাই অলংকাৰো পৱিত্ৰ পাব।
যদি কোনোবা
মিত্ৰ-সম্বন্ধীয় আদি আছে তেওঁলোকৰ লগত বৰ নম্ৰতাৰে, প্ৰেমপূৰ্বক হাঁহি মুখে কথা
পাতিব লাগে। বুজাব লাগে যে এয়াতো সেয়াই মহাভাৰতৰ যুদ্ধ। এয়া ৰুদ্ৰ জ্ঞান যজ্ঞও হয়।
পিতাৰ দ্বাৰা আমি সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান পাই আছোঁ। আন ক’তো এই জ্ঞান পাব
নোৱাৰে। মই আপোনাক সত্য কথা কওঁ এই ভক্তি আদিতো জন্ম-জন্মান্তৰ কৰিলে, এতিয়া জ্ঞান
আৰম্ভ হৈছে। ভক্তি হৈছে ৰাত্ৰি, জ্ঞান হৈছে দিন। সত্যযুগত ভক্তি নাথাকে। এনেকুৱা
যুক্তিৰে কথা পাতিব লাগে। যেতিয়া সুযোগ পোৱা, যেতিয়া কাঁড় মাৰিবলগীয়া হয় তেতিয়া সময়
আৰু সুবিধা লক্ষ্য কৰা হয়। জ্ঞান দিয়াৰো বহুত যুক্তি লাগে। পিতাই যুক্তিতো সকলোৰে
কাৰণে শুনাই থাকে। পৱিত্ৰতাতো বহুত ভাল, এই লক্ষ্মী-নাৰায়ণ আমাৰ অতিকৈ পূজ্য নহয়
জানো। পূজ্য পাৱনজনেই আকৌ পূজাৰী পতিত হৈ গ’ল। পতিতসকলে বহি পাৱনসকলৰ পূজা কৰিব -
এয়াতো শোভা নাপায়। কিছুমানতো পতিতৰ ওচৰৰ পৰা দূৰলৈ আঁতৰি যায়। বল্লভাচাৰীয়ে কেতিয়াও
ভৰি চুবলৈ নিদিয়ে। এনেকৈ ভাবে যে এওঁলোক ছিঃ ছিঃ মনুষ্য। মন্দিৰতো সদায়
ব্ৰাহ্মণসকলৰহে মূৰ্তি স্পৰ্শ কৰাৰ অনুমতি থাকে। শূদ্ৰ মনুষ্যই ভিতৰলৈ গৈ স্পৰ্শ
কৰিব নোৱাৰে। তাত ব্ৰাহ্মণলোকসকলেহে মূৰ্তিবোৰৰ স্নান আদি কৰায়, আন কাকো যাবলৈ
নিদিয়ে। পাৰ্থক্যতো আছে নহয়। এতিয়া তেওঁলোকতো হৈছে কোষ বংশাৱলী ব্ৰাহ্মণ, তোমালোক
হৈছা মুখ বংশাৱলী সঁচা ব্ৰাহ্মণ। তোমালোকে সেই ব্ৰাহ্মণসকলক ভালদৰে বুজাব পাৰা যে
ব্ৰাহ্মণ দুই প্ৰকাৰৰ থাকে - একতো হৈছে প্ৰজাপিতা ব্ৰাহ্মাৰ মুখ বংশাৱলী, আনবিধ হৈছে
কোষ বংশাৱলী। ব্ৰহ্মাৰ মুখ বংশাৱলী ব্ৰাহ্মণ হৈছে উচ্চতকৈও উচ্চ টিকনি। যজ্ঞ ৰচনা
কৰিলেও ব্ৰাহ্মণ নিযুক্ত কৰা হয়। এয়া আকৌ হৈছে জ্ঞান যজ্ঞ। ব্ৰাহ্মণসকলে জ্ঞান পায়
যিসকল আকৌ দেৱতা হয়গৈ। বৰ্ণৰ বিষয়েও বুজোৱা হৈছে। যিসকল সেৱাধাৰী সন্তান হ’ব
তেওঁলোকৰ সদায় সেৱাৰ চখ থাকিব। ক’ৰবাত প্ৰদৰ্শনী হ’লে লগে লগে সেৱা কৰিবলৈ দৌৰ
মাৰিব - মই গৈ এনেকুৱা এনেকুৱা কথাবোৰ বুজামগৈ। প্ৰদৰ্শনীততো প্ৰজা তৈয়াৰ কৰাৰ
বিহংগ (তীব্ৰ গতিৰ) মাৰ্গ আছে, আপোনাআপুনি বহুত আহি যায়। গতিকে বুজাওঁতাজনো ভাল হ’ব
লাগে। কোনোবাই যদি পূৰা নুবুজায় তেতিয়া ক'ব যে ব্ৰহ্মাকুমাৰীৰ এয়াই জ্ঞান আছে নেকি!
অহিত হৈ যায়। গতিকে প্ৰদৰ্শনীত এজন এনেকুৱা কৰ্মঠ ব্যক্তি থাকিব লাগে যিয়ে বুজাওঁতা
গাইডসকলক লক্ষ্য কৰি থাকে।। কোনোবা ডাঙৰ ব্যক্তি আহিলে তেওঁক বুজাওঁতাজনো সিমানেই
ভাল হ’ব লাগে। কমকৈ বুজোৱাজনক আঁতৰাই দিব লাগে। নিৰীক্ষণ কৰিবলৈ কোনোবা ভাল এজন
থাকিব লাগে। তোমালোকেতো মহাত্মাসকলকো নিমন্ত্ৰণ জনাব লাগে। তোমালোকে কেৱল কোৱা যে
বাবাই এনেকৈ কয়, তেওঁ উচ্চতকৈও উচ্চ ভগৱান, তেৱেঁই ৰচয়িতা পিতা। বাকী সকলোবোৰ হৈছে
তেওঁৰ ৰচনা। উত্তৰাধিকাৰ পিতাৰ পৰা পোৱা যাব, ভাতৃয়ে ভাতৃক কি উত্তৰাধিকাৰ দিব!
কোনেও সুখধামৰ উত্তৰাধিকাৰ দিব নোৱাৰে। উত্তৰাধিকাৰ দিয়ে পিতাই। সকলোৰে সৎগতি
কৰাওঁতা হৈছে এজনেই পিতা, তেওঁক স্মৰণ কৰিব লাগে। পিতা নিজে আহি স্বৰ্ণিম যুগ
প্ৰতিষ্ঠা কৰে। ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা স্বৰ্গ স্থাপনা কৰে। শিৱ জয়ন্তী পালনো কৰে,
কিন্তু তেওঁ কি কৰে, সেয়া সকলো মনুষ্যই পাহৰি গ’ল। শিৱবাবাহে আহি ৰাজযোগ শিকাই
উত্তৰাধিকাৰ দিয়ে। 5000 বছৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল, লাখ লাখ বছৰৰতো কথা নাই।
তিথি-তাৰিখ সকলো আছে, সেয়া কোনেও খণ্ডন কৰিব নোৱাৰে। নতুন সৃষ্টি আৰু পুৰণি সৃষ্টি
আধা আধা হোৱা উচিত। তেওঁলোকে সত্যযুগৰ আয়ুস লাখ লাখ বছৰ বুলি কৈ দিয়ে সেয়েহে কোনো
হিচাপ হ’ব নোৱাৰে। স্বস্তিকাতো পূৰা 4 ভাগ আছে। 1250 বছৰকৈ প্ৰতিটো যুগত ভাগ কৰা আছে।
হিচাপ কৰা হয় নহয়। তেওঁলোকেতো হিচাপ একোৱেই নাজানে সেইকাৰণে কড়িতুল্য বুলি কোৱা হয়।
এতিয়া পিতাই হীৰাতুল্য কৰি তোলে। সকলো পতিত, ভগৱানক স্মৰণ কৰে। তেওঁলোকক ভগৱান আহি
জ্ঞানেৰে ফুলৰ দৰে কৰি তোলে। তোমালোক সন্তানসকলক জ্ঞান ৰত্নৰে সজাই থাকে। আকৌ চোৱা
তোমালোক কি হোৱাগৈ, তোমালোকৰ লক্ষ্য-উদ্দেশ্য কি? ভাৰত কেনেকুৱা শিৰৰ মুকুট আছিল,
সকলো পাহৰি গ’ল। মুছলমান আদিয়েও কিমানবাৰ সোমনাথ মন্দিৰ লুট-পাট কৰি মছজিদ আদিত হীৰা
আদি লগালে। এতিয়া তাৰতো কোনো মূল্যও উলিয়াব নোৱাৰে। ইমান ডাঙৰ ডাঙৰ মণি ৰজাসকলৰ
মুকুটত আছিল। কোনোবাতো কোটি টকা মূল্যৰ, কোনোবাতো 5 কোটি মূল্যৰ। আজিকালিতো সকলো
নকল ওলাই গ’ল। এইখন সৃষ্টিত সকলো হৈছে কৃত্ৰিম, তেনেই তাকৰীয়া সুখ। বাকী হৈছে দুখ
সেইবাবে সন্ন্যাসীসকলেও কয় কাগ বিষ্ঠাৰ সমান সুখ সেইবাবে তেওঁলোকে ঘৰ-সংসাৰ ত্যাগ
কৰে কিন্তু এতিয়াতো তেওঁলোকো তমোপ্ৰধান হৈ গ’ল। চহৰৰ ভিতৰত সোমাই আহে। কিন্তু এতিয়া
কাক শুনাব, ৰজা-ৰাণীতো নাই। কোনেও নামানিব। ক’ব সকলোৰে নিজা নিজা মত আছে, যি বিচাৰে
তাকে কৰিব পাৰে। সংকল্পৰ সৃষ্টি। এতিয়া তোমালোক সন্তানসকলক পিতাই গুপ্ত ৰীতিৰে
পুৰুষাৰ্থ কৰাই থাকে। তোমালোকে কিমান সুখ ভোগ কৰা। অন্য ধৰ্মও পাছলৈ যেতিয়া বৃদ্ধি
পায় তেতিয়া যুদ্ধ আদি খুট-খাট লাগি থাকে। চাৰি ভাগৰ তিনিভাগ সময়তো সুখত থাকা সেয়েহে
পিতাই কয় তোমালোকৰ দেৱী-দেৱতা ধৰ্ম বহুত সুখদায়ী। মই তোমালোকক বিশ্বৰ মালিক কৰি তোলোঁ।
অন্য ধৰ্ম প্ৰতিষ্ঠাপকে কোনো ৰাজ্য স্থাপনা নকৰে। তেওঁলোকে সৎগতি নিদিয়ে। কেৱল নিজৰ
ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে। সেয়াও যেতিয়া অন্তিমত তমোপ্ৰধান হৈ যায় তেতিয়া পুনৰ পিতা
সতোপ্ৰধান কৰি তুলিবলৈ আহিবলগীয়া হয়।
তোমালোকৰ ওচৰলৈ হাজাৰ
হাজাৰ মনুষ্য আহে কিন্তু একোৱেই বুজি নাপায়। বাবালৈ লিখে অমুকে বহুত ভালকৈ বুজি আছে,
বহুত ভাল। বাবাই কয় - একোৱেই বুজা নাই। যদি বুজি পায় যে পিতাৰ আগমন হৈছে, বিশ্বৰ
মালিক কৰি গঢ়ি আছে, বচ্ সেই সময়তে আনন্দৰ সীমা নোহোৱা হ’ব। তৎক্ষণাৎ টিকট লৈ ইয়ালৈ
দৌৰিব। কিন্তু পিতাক লগ কৰিবলৈ ব্ৰাহ্মণীৰ চিঠিতো নিশ্চয় আনিব লাগিব। পিতাক চিনি
পালে তেতিয়া লগ নকৰাকৈ থাকিব নোৱাৰিব, একেবাৰে নিচা বাঢ়ি যাব। যাৰ নিচা বাঢ়ি থাকে
তেওঁলোক ভিতৰি বহুত আনন্দিত হৈ থাকে। তেওঁলোকৰ বুদ্ধি মিত্ৰ-সম্বন্ধীয়ৰ ফালে
দিগভ্ৰান্ত হৈ নুফুৰিব। কিন্তু বহুতৰে দিগভ্ৰান্ত হৈ ফুৰে। গৃহস্থালিত থাকি পদুম
ফুলৰ দৰে পৱিত্ৰ হ’ব লাগে আৰু পিতাৰ স্মৃতিত থাকিব লাগে। হওঁতে বহুত সহজ। যিমান
সম্ভৱ পিতাক স্মৰণ কৰি থাকা। যেনেকৈ কাৰ্যালয়ৰ পৰা ছুটি লয়, তেনেকৈ কাম-কাজ আদিৰ পৰা
ছুটি পালে এদিন-দুদিন স্মৃতিৰ যাত্ৰাত বহি যোৱা। বাৰে বাৰে স্মৃতিৰ যাত্ৰাত বহিবলৈ
গোটেই দিন পিতাৰ স্মৃতিত থকাৰ ব্ৰত ৰাখা। কিমান জমা হৈ যাব। বিকৰ্মও বিনাশ হ’ব।
পিতাৰ স্মৃতিৰেই সতোপ্ৰধান হ’ব লাগে। গোটেই দিন পূৰা যোগযুক্ত হৈতো কোনেও থাকিব
নোৱাৰে। মায়াই বিঘিনি নিশ্চয় আনে তথাপিও পুৰুষাৰ্থ কৰি কৰি বিজয়ী হৈ যাবা। বচ্, আজি
গোটেই দিন বাগিচাত বহি পিতাক স্মৰণ কৰোঁ। খাওঁতেও বচ্ পিতাৰ স্মৃতিত বহি যাওঁ। এয়া
হৈছে পৰিশ্ৰম। আমি পাৱন নিশ্চয় হ’ব লাগে। পৰিশ্ৰম কৰিব লাগে, আনকো ৰাস্তা দেখুৱাব
লাগে। বেজতো বৰ ভাল বস্তু। ৰাস্তাত পৰস্পৰ কথা পাতি থাকিলে বহুতে আহি শুনিব। পিতাই
কয় - মোক স্মৰণ কৰা, বচ্ বাৰ্তা পাই গ’ল তোমালোক দ্বায়িত্বৰ পৰা মুক্ত হৈ গ’লা।
ভাল বাৰু !
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পেচাগত
কাম-কাজ আদিৰ পৰা যেতিয়া ছুটি পোৱা তেতিয়া স্মৃতিত থকাৰ ব্ৰত ল’ব লাগে। মায়াৰ ওপৰত
বিজয় প্ৰাপ্ত কৰিবলৈ স্মৃতিত থকাৰ পৰিশ্ৰম কৰিব লাগে।
(2) বহুত নম্ৰতা আৰু
প্ৰেমপূৰ্বক হাঁহি মুখেৰে মিত্ৰ-সম্বন্ধীয়সকলৰ সেৱা কৰিব লাগে। বুদ্ধি তেওঁলোকৰ ফালে
নি দিগভ্ৰান্ত কৰিব নালাগে। মৰমেৰে পিতাৰ পৰিচয় দিব লাগে।
বৰদান:
চলোঁতে-ফুৰোঁতে
ফৰিস্তা স্বৰূপৰ সাক্ষাৎকাৰ কৰাওঁতা সাক্ষাৎকাৰমূৰ্ত হোৱা
যেনেকৈ আৰম্ভণিত
চলোঁতে-ফুৰোঁতে ব্ৰহ্মা লোপ হৈ শ্ৰীকৃষ্ণ দৃষ্টিগোচৰ হৈছিল, এই সাক্ষাৎকাৰে সকলোবোৰ
এৰুৱাই দিলে, তেনেকৈ সাক্ষাৎকাৰৰ দ্বাৰা এতিয়াও সেৱা হওঁক। যেতিয়া সাক্ষাৎকাৰেৰে
প্ৰাপ্তি হ’ব তেতিয়া তেনেকুৱা নোহোৱাকৈ থাকিব নোৱাৰিব সেই কাৰণে চলোঁতে-ফুৰোঁতে
ফৰিস্তা স্বৰূপৰ সাক্ষাৎকাৰ কৰোৱা। ভাষণ দিওঁতা অনেক আছে কিন্তু তোমালোক অনুভূতি
কৰাওঁতা হোৱা - তেতিয়াহে বুজিব যে এওঁলোক ঈশ্বৰৰ লোক।
স্লোগান:
সদায় আত্মিক আনন্দ-উল্লাসৰ অনুভৱ কৰি থাকা তেতিয়া কেতিয়াও জঁই পৰি নোযোৱা।
শক্তিশালী মনেৰে
শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
এতিয়া নিজৰ অন্তৰৰ
শুভ-ভাৱনা অন্য আত্মাসকললৈ প্ৰবাহিত কৰা। শান্তিৰ শক্তি প্ৰত্যক্ষ কৰোৱা। প্ৰতিগৰাকী
ব্ৰাহ্মণ সন্তানৰ এই শান্তিৰ শক্তি আছে। কেৱল এই শক্তি মনেৰে, তনেৰে প্ৰকট কৰা। এক
চেকেণ্ডত মনৰ সংকল্প একাগ্ৰ কৰি লোৱা তেতিয়া বায়ুমণ্ডলত শান্তিৰ প্ৰকম্পন স্বতঃ
বিয়পি থাকিব।