06.01.26 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“ব্ৰহ্মা বাবা হৈছে শিৱবাবাৰ ৰথ, দুয়োৰে একত্ৰিত ভূমিকা চলে, এই ক্ষেত্ৰত অলপো
সংশয় জন্মিব নালাগে”
প্ৰশ্ন:
মনুষ্যই দুখৰ
পৰা মুক্তি পাবলৈ কোনটো উপায় অৱলম্বন কৰে, যাক মহাপাপ বুলি কোৱা হয়?
উত্তৰ:
মনুষ্য যেতিয়া দুখী হয় তেতিয়া নিজক মাৰিবলৈ (শেষ কৰিবলৈ) অনেক উপায় উলিয়ায়।
জীৱঘাত কৰাৰ কথা ভাবে, এনেকৈ বুজি লয় যে ইয়াৰ দ্বাৰা মই দুখৰ পৰা মুক্ত হৈ যাম।
কিন্তু ইয়াৰ নিচিনা মহাপাপ আৰু একো নাই। তেওঁ আৰু বেছিকৈহে দুখত আৱদ্ধ হৈ যায় কিয়নো
এইখন হয়েই অপাৰ দুখৰ জগত।
ওঁম্শান্তি।
সন্তানসকলক
পিতাই সোধে, আত্মাসকলক পৰমাত্মাই সোধে - এইটোতো জানা যে আমি পৰমপিতা পৰমাত্মাৰ
সন্মুখত বহি আছোঁ। তেওঁৰ নিজৰ ৰথতো নাই। এইটোতো নিশ্চয়তা আছে নহয় যে এই ভ্ৰূকুটিৰ
মধ্যত পিতাৰ নিবাস স্থান। পিতাই নিজেই কয় - মই এওঁৰ ভ্ৰূকুটিৰ মধ্যত বহোঁ, এওঁৰ
শৰীৰ ঋণত লওঁ। আত্মা ভ্ৰূকুটিৰ মধ্যত থাকে গতিকে পিতাও তাতেই অৱস্থান কৰে। ব্ৰহ্মা
আছে গতিকে শিৱবাবাও আছে। ব্ৰহ্মা নাথাকিলে শিৱবাবাই কেনেকৈ ক’ব? ওপৰত শিৱবাবাকতো
সদায় স্মৰণ কৰি আহিছা। এতিয়া তোমালোক সন্তানসকলে গম পোৱা যে আমি পিতাৰ লগত ইয়াত
বহি আছোঁ। এনেকুৱা নহয় যে শিৱবাবা ওপৰত আছে, তেওঁৰ প্ৰতিমাক ইয়াত পূজা কৰা হয়। এই
কথাবোৰ অতিকৈ বুজিবলগীয়া। তোমালোকেতো জানা যে পিতা জ্ঞানৰ সাগৰ হয়। জ্ঞান ক’ৰ পৰা
শুনায়? ওপৰৰ পৰা শুনায় জানো? ইয়াত, তললৈ আহিছে। ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা শুনায়।
বহুতে কয় - আমি ব্ৰহ্মাক নামানো। কিন্তু শিৱবাবাই নিজেই ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা কয়
যে মোক স্মৰণ কৰা। এয়া বোধশক্তিৰ কথা নহয় জানো। কিন্তু মায়া বৰ বলবান। একেবাৰে
বিমুখ কৰি দিয়ে। এতিয়া তোমালোকৰ কান্ধ শিৱবাবাই সন্মুখৰ ফালে কৰি দিছে। সন্মুখত
বহি আছা তথাপিও যিসকলে এনেকৈ ভাবে যে ব্ৰহ্মাতো একোৱেই নহয়, তেওঁলোকৰ কি গতি হ’ব!
দুৰ্গতিয়ে পায়। একোৱে জ্ঞান নাই। মনুষ্যই আহ্বানো জনায় – হে ঈশ্বৰ পিতা। পিছে সেই
ঈশ্বৰ পিতাই শুনে জানোঁ? তেওঁক কয় নহয় যে মুক্তিদাতা আহক নে তাত বহি মুক্তি দিব?
কল্পই কল্পই পুৰুষোত্তম সংগমযুগতহে পিতা আহে, যাৰ শৰীৰত আহে তেওঁকেই যদি উপেক্ষা কৰে
তেন্তে কি বুলি ক’বা! এক নম্বৰৰ তমোপ্ৰধান। নিশ্চয়তা জন্মা সত্ত্বেও মায়াই একেবাৰে
বিমুখ কৰি দিয়ে। মায়াৰ ইমানেই বল আছে যে একেবাৰে মূল্যহীন কৰি দিয়ে। এনেকুৱাও
কোনোবা নহয় কোনোবা সেৱাকেন্দ্ৰত আছে সেইবাবে পিতাই কয় - সাৱধানে থাকিবা। যদিও
কাৰোবাক শুনায়ো থাকে, কিন্তু সেয়া যেন পণ্ডিতৰ কাহিনীৰ দৰে হৈ যায়। যেনেকৈ বাবাই
পণ্ডিতৰ কাহিনী শুনায় নহয়। তেওঁ (পণ্ডিতে) ক’লে - “ৰাম ৰাম” বুলি কৈ থাকিলে সাগৰ
পাৰ হৈ যাবা। সেয়াও এক কাহিনী ৰচি থোৱা আছে। এই সময়ত তোমালোক পিতাৰ স্মৃতিৰে বিষয়
সাগৰৰ পৰা ক্ষীৰ সাগৰলৈ যোৱা নহয়। তেওঁলোকে ভক্তিমাৰ্গত অনেক কাহিনী ৰচনা কৰি দিছে।
তেনেকুৱা কথাতো আচলতে নহয়। এইটো এটা কাহিনী ৰচি থোৱা আছে। পণ্ডিতে আনক কৈছিল, নিজে
একেবাৰেই কৰা নাছিল। নিজে বিকাৰত গৈ থাকি আনক নিৰ্বিকাৰী হ’বলৈ ক’লে তাৰ কি প্ৰভাৱ
পৰিব। এনেকুৱাও ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰী আছে - নিজৰে নিশ্চয়তা নাই, আনক শুনাই
থাকে সেইবাবে ক’ৰবাত ক’ৰবাত শুনাওঁতা জনতকৈও শুনাজন আগত গুচি যায়। যিয়ে বহুতৰে সেৱা
কৰে, তেওঁ নিশ্চয় মৰমৰ হৈ যায় নহয়। পণ্ডিতৰ মিছা স্বৰূপ ওলাই পৰিলে তেওঁকনো কোনে
মৰম কৰিব! তেতিয়া যিজন বাস্তৱত পিতাৰ স্মৃতিত থাকে তেওঁৰ প্ৰতি মৰম জাগিব। ভাল ভাল
মহাৰথীসকলকো মায়াই গ্ৰাস কৰি পেলায়। বহুত গ্ৰাস হৈ গ’ল। বাবায়ো বুজায় - এতিয়া
কৰ্মাতীত অৱস্থা হোৱা নাই। এফালে যুদ্ধ লাগিব, আনফালে কৰ্মাতীত অৱস্থা হ’ব। পূৰা
সংযোগ আছে। আকৌ যুদ্ধ সম্পূৰ্ণ হৈ গ’লে স্থানান্তৰ হৈ যাবা। প্ৰথমে ৰুদ্ৰমালা তৈয়াৰ
হয়। এই কথাবোৰ আন কোনেও নাজানে। তোমালোকে বুজি পোৱা যে বিনাশ সমাগত। এতিয়া তোমালোক
হৈছা সংখ্যালঘু, তেওঁলোক হৈছে সংখ্যাগৰিষ্ঠ। গতিকে তোমালোকৰ কথা কোনে মানিব। যেতিয়া
তোমালোকৰ বৃদ্ধি হৈ যাব তেতিয়া তোমালোকৰ যোগবলে বহুতক আকৰ্ষিত কৰি লৈ আহিব। যিমানে
তোমালোকৰ মামৰ (বিকাৰৰ লেপ) আঁতৰিব সিমানে শক্তিৰে ভৰপূৰ হৈ যাবা। এনেকুৱা নহয় যে
বাবা সৰ্বজ্ঞ। ইয়ালৈ আহি সকলোকে চায়, সকলোৰে অৱস্থাৰ বুজ লয়। পিতাই সন্তানসকলৰ
অৱস্থাক নাজানিব জানো? সকলো গম পায়। এই ক্ষেত্ৰত সৰ্বজ্ঞ হোৱাৰ কোনো কথা নাই।
এতিয়াতো কৰ্মাতীত অৱস্থা হোৱা নাই। আসুৰিক কথা-বতৰা, চলন আদি সকলো প্ৰসিদ্ধ হৈ যায়।
তোমালোকেতো দৈৱী চলন ধাৰণ কৰিব লাগে। দেৱতাসকল সৰ্বগুণ সম্পন্ন হয় নহয়। এতিয়া
তোমালোক এনেকুৱা হ’ব লাগে। ক’ত সেই অসুৰ, ক’ত দেৱতাসকল! কিন্তু মায়াই কাকো এৰি
নিদিয়ে, লাজুকী লতাৰ দৰে (অতি সংবেদনশীল) কৰি দিয়ে। একেবাৰে মাৰি পেলায়। 5 টা ছিৰি
আছে নহয়। দেহ-অভিমান আহিলেই ওপৰৰ পৰা একেবাৰে তলত খহি পৰে। খহি পৰিল আৰু মৰিল।
আজিকালি নিজক মাৰিবলৈ কি কি উপায় উলিয়ায়। 21 মহলাৰ পৰা জপিয়ায়, তেতিয়া একেবাৰে
শেষ হৈ যায়। এনেকুৱা নহওক যে পাছত চিকিৎসালয়ত পৰি থাকক। দুখ ভূগী থাকক। 5 মহলাৰ
পৰা জপিওৱাৰ পাছত যদি নমৰে তেন্তে কিমান দুখ ভূগী থাকিব। কোনোবাই নিজৰ গাত জুই লগাই
দিয়ে। যদি কোনোবাই তেওঁক ৰক্ষা কৰে তেন্তে তেওঁ কিমান দুখ ভূগীবলগীয়া হয়। জ্বলি গ’লে
আত্মা আঁতৰি গুচি যাব নহয়! সেইবাবে জীৱঘাত কৰে, শৰীৰক শেষ কৰি দিয়ে। এনেকৈ ভাবে
যে শৰীৰ এৰিলেই দুখৰ পৰা মুক্ত হৈ যাব। কিন্তু এয়াও মহাপাপ, আৰু বেছিকৈহে দুখ
ভূগীবলগীয়া হয় কিয়নো এইখন হয়েই অপাৰ দুখৰ সৃষ্টি, তাত হৈছে অপাৰ সুখ। তোমালোক
সন্তানসকলে বুজি পোৱা যে আমি এতিয়া দুখধামৰ পৰা সুখধামলৈ উভতি যাওঁ। এতিয়া পিতাই
যিখন সুখধামৰ মালিক কৰি তোলে সেইখনক স্মৰণ কৰিব লাগে। এওঁৰ দ্বাৰা পিতাই বুজায়,
চিত্ৰও আছে নহয়। ব্ৰহ্মাৰ দ্বাৰা স্বৰ্গৰ স্থাপনা। তোমালোকে কোৱা - বাবা আমি
অনেকবাৰ আপোনাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আহিছোঁ। পিতাও সংগমতহে আহে যেতিয়া
সৃষ্টি পৰিৱৰ্তন কৰিবলগীয়া হয়। সেইবাবে পিতাই কয় - মই আহিছোঁ তোমালোক সন্তানসকলক
দুখৰ পৰা মুক্ত কৰি সুখৰ পৱিত্ৰ সৃষ্টিলৈ লৈ যাবলৈ। আহ্বানো জনায় – হে পতিত-পাৱন….
এইটো জানো বুজি পায় যে আমি মহাকালক আহ্বান জনাওঁ যে আমাক এই ছিঃ ছিঃ সৃষ্টিৰ পৰা
ঘৰলৈ লৈ বলক। নিশ্চয় বাবা আহিব। আমি মৰিলেহে শান্তি হ’ব নহয়। ‘শান্তি’ ‘শান্তি’
বুলি কৈ থাকে। শান্তিতো আছে পৰমধামত। কিন্তু যেতিয়ালৈকে ইমান অনেক মনুষ্য থাকিব
এইখন সৃষ্টিত শান্তি কেনেকৈ হ’ব! সত্যযুগত সুখ-শান্তি আছিল। এতিয়া কলিযুগত অনেক
ধৰ্ম আছে। সেয়া যেতিয়া নাশ হ’ব তেতিয়াহে এক ধৰ্ম প্ৰতিষ্ঠা হ’ব, তেতিয়াহে সুখ
শান্তি হ’ব নহয়। হাহাকাৰৰ পাছতহে আকৌ জয়জয়কাৰ হ’ব। আগলৈ গৈ দেখিবা মৃত্যুৰ বজাৰ
কিমান গৰম হ’ব! বিনাশ নিশ্চয় হ’ব লাগে। এক ধৰ্মৰ প্ৰতিষ্ঠা পিতা আহি কৰায়। ৰাজযোগো
শিকায়। বাকী আন সকলো ধৰ্ম নাশ হৈ যাব। গীতাত একোৱে দেখুওৱা নাই। 5 পাণ্ডৱ আৰু এটা
কুকুৰ হিমালয়ত গলি গ’ল। তাৰপাছত ফলাফল কি হ’ল? প্ৰলয় দেখুৱাই দিছে। জলময় যদিও হয়
কিন্তু গোটেই সৃষ্টিখনতো জলময় হ’ব নোৱাৰে। ভাৰততো অবিনাশী পৱিত্ৰ খণ্ড। ইয়াৰ
ভিতৰতো আবু সকলোতকৈ পৱিত্ৰ তীৰ্থস্থান, য’ত পিতা আহি তোমালোক সন্তানসকলৰ দ্বাৰা
সকলোৰে সৎগতি কৰে। ‘দিলৱালা’ মন্দিৰত কিমান ভাল স্মাৰক আছে। কিমান অৰ্থসহিত আছে।
কিন্তু যিয়ে নিৰ্মাণ কৰিলে তেওঁ নাজানে। তথাপিও ভাল বুদ্ধিমানতো আছিল নহয়। দ্বাপৰত
নিশ্চয় ভাল বুদ্ধিমান হ’ব। কলিযুগত তমোপ্ৰধান হয়। দ্বাপৰত তথাপিও তমো বুদ্ধিৰ হ’ব।
সকলো মন্দিৰতকৈ এয়া উচ্চ য’ত তোমালোক বহি আছা।
এতিয়া তোমালোকে চাই
থাকিবা বিনাশত পাইকাৰী হিচাপত মৃত্যু হ’ব। পাইকাৰী হিচাপত মহাভাৰতৰ যুদ্ধ লাগিব।
সকলো শেষ হৈ যাব। অৱশিষ্ট এটা খণ্ডহে থাকিব। ভাৰত বহুত সৰু (কম পৰিসৰৰ) হ’ব, বাকী
সকলো নাশ হৈ যাব। স্বৰ্গ কিমান সৰু হ’ব। এতিয়া এই জ্ঞান তোমালোকৰ বুদ্ধিত আছে।
কাৰোবাক বুজাবলৈও বহুত সময় লাগে। এয়া হৈছে পুৰুষোত্তম সংগমযুগ। ইয়াত কিমান অনেক
মনুষ্য আছে আৰু তাত কিমান কমসংখ্যক মনুষ্য হ’ব, এই সকলোবোৰ নাশ হৈ যাব। সৃষ্টিৰ
বুৰঞ্জী-ভূগোল আৰম্ভণিৰ পৰা পুনৰাবৃত্তি হ’ব। নিশ্চয় স্বৰ্গৰ পৰা পুনৰাবৃত্তি কৰিব।
শেষৰ পৰাতো নাহিব। এই ড্ৰামাৰ চক্ৰ অনাদি, যি ঘূৰিয়েই থাকে। এইফালে কলিযুগ, সেইফালে
সত্যযুগ। আমি সংগমত আছোঁ। এয়াও তোমালোকে বুজি পোৱা। পিতা আহে, পিতাক ৰথতো নিশ্চয়
লাগে নহয়। সেয়েহে পিতাই বুজায়, এতিয়া তোমালোক ঘৰলৈ যোৱা। পুনৰ এই লক্ষ্মী-নাৰায়ণ
হ’ব লাগে, গতিকে দৈৱীগুণো ধাৰণ কৰিব লাগে।
এইটোও তোমালোক
সন্তানসকলক বুজোৱা হয় - ৰাৱণৰাজ্য আৰু ৰামৰাজ্য কাক কোৱা হয়। পতিতৰ পৰা পাৱন,
পুনৰ পাৱনৰ পৰা পতিত কেনেকৈ হয়! এই খেলখনৰ ৰহস্য পিতাই বহি বুজায়। পিতা জ্ঞানেৰে
পৰপূৰ্ণ, বীজৰূপ হয় নহয়! চৈতন্য হয়। তেৱেঁই আহি বুজায়। পিতাইহে ক’ব - গোটেই
কল্পবৃক্ষৰ ৰহস্য বুজিলানে? ইয়াত কি কি হয়?। তোমালোকে ইয়াত কিমানবাৰ ভূমিকা পালন
কৰিলা? আধাকল্প হৈছে দৈৱী স্বৰাজ্য। আধাকল্প হৈছে আসুৰিক ৰাজ্য। যিসকল ভাল সন্তান
তেওঁলোকৰ বুদ্ধিত জ্ঞান থাকে। পিতাই নিজৰ সমান কৰি গঢ়ি তোলে নহয়! শিক্ষকৰ মাজতো
ক্ৰমানুসৰি হয়। কোনোবাতো শিক্ষক হৈয়ো বিতুষ্ট হৈ যায়। বহুতক শিকাই আকৌ নিজেই শেষ
হৈ গ’ল। সৰু সৰু সন্তানসকলো ভিন্ন ভিন্ন সংস্কাৰৰ হয়। কোনোবাতো দেখিবা এক নম্বৰৰ
দুষ্ট, কোনোবাজন আকৌ পৰিস্তানলৈ যোৱাৰ যোগ্য। কোনোবা এনেকুৱাও আছে যিয়ে জ্ঞানো ধাৰণ
নকৰে, নিজৰ চলনো শুধৰণি নকৰে, সকলোকে দুখেই দি থাকে। এয়াও শাস্ত্ৰত দেখুৱাইছে যে
অসুৰ আহি লুকাই বহিছিল। অসুৰ হৈ কিমান কষ্ট দিয়ে। এয়াতো সকলোবোৰ হৈ থাকে। উচ্চতকৈও
উচ্চ পিতাহে স্বৰ্গ স্থাপন কৰিবলৈ আহিবলগীয়া হয়। মায়াও বৰ বলবান। দান দিয়ে তথাপি
মায়াই বুদ্ধি ঘূৰাই দিয়ে। আধা সংখ্যকক নিশ্চয় মায়াই খাব, সেইবাবেতো কোৱা হয় -
মায়া বৰ শক্তিশালী। আধাকল্প মায়াই ৰাজত্ব কৰে গতিকে নিশ্চয় ইমান বলবান হ’ব নহয়।
মায়াৰ হাতত পৰাজিত হোৱাসকলৰ কি অৱস্থা হৈ যায়! ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কেতিয়াও
‘লাজুকী লতা’ৰ নিচিনা (অতি সংবেদনশীল) হ’ব নালাগে। দৈৱীগুণ ধাৰণ কৰি নিজৰ চলন
শুধৰাব লাগে।
(2) পিতাৰ মৰম পাবলৈ
সেৱা কৰিব লাগে, কিন্তু যি আনক শুনোৱা সেয়া নিজে ধাৰণ কৰিব লাগে। কৰ্মাতীত অৱস্থা
পাবৰ বাবে পূৰা পূৰা পুৰুষাৰ্থ কৰিব লাগে।
বৰদান:
সাকাৰ ৰূপত
বাপদাদাক সন্মুখত অনুভৱ কৰোঁতা সংযুক্ত ৰূপধাৰী হোৱা
যেনেকৈ শিৱশক্তি
সংযুক্ত হৈ থাকে, তেনেকৈ পাণ্ডৱপতি আৰু পাণ্ডৱ সংযুক্ত। যি এনেকৈ সংযুক্ত ৰূপত থাকে
তেওঁলোকৰ সন্মুখত বাপদাদা সাকাৰত সৰ্ব সম্বন্ধেৰে সন্মুখত থাকে। এতিয়া দিনে
প্ৰতিদিনে আৰু অনুভৱ কৰিবা যে বাপদাদা যেন সন্মুখলৈ আহিল, হাতত ধৰিলে, বুদ্ধিৰে নহয়
চকুৰে দেখিবা, অনুভৱ হ’ব। কিন্তু কেৱল একমাত্ৰ পিতা অন্য কোনো নাই, এইটো পাঠ দৃঢ়
হওক তেতিয়া যেনেকৈ ছায়া পিছে পিছে ঘূৰে তেনেকৈ বাপদাদা দুচকুৰ পৰা আঁতৰি যাব নোৱাৰে,
সদায় সন্মুখত থকাৰ অনুভূতি হ’ব।
স্লোগান:
মায়াজিৎ, প্ৰকৃতিজিৎ হওঁতা শ্ৰেষ্ঠ আত্মাহে স্ব-কল্যাণী অথবা বিশ্ব-কল্যাণী হয়।
অব্যক্ত ইংগিত: এই
অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা
যেতিয়া তোমালোক এতিয়া
জীৱনমুক্ত হোৱা তেতিয়া তোমালোকৰ জীৱনমুক্ত স্থিতিৰ প্ৰভাৱে জীৱনবন্ধনত থকা
আত্মাসকলৰ বন্ধন সমাপ্ত কৰিব। তেন্তে সেই তাৰিখ কেতিয়া আহিব যেতিয়া সকলো জীৱনমুক্ত
হ’ব? কোনো বন্ধন নাই। সকলো বন্ধনৰ ভিতৰত প্ৰথম এটা বন্ধন হৈছে - দেহবোধৰ বন্ধন, তাৰ
পৰা মুক্ত হোৱা। দেহ নাথাকিলে অন্য বন্ধন স্বতঃ সমাপ্ত হৈ যাব।