06.03.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – যেনেকৈ তোমালোক আত্মাসকলে এই শৰীৰ ৰূপী সিংহাসন পাইছা, তেনেকৈ পিতাও এই দাদাৰ (ব্ৰহ্মাৰ) সিংহাসনত বিৰাজমান হৈ আছে, তেওঁৰ নিজৰ সিংহাসন নাই”

প্ৰশ্ন:
যিসকল সন্তানৰ ‘ঈশ্বৰীয় সন্তান’ৰ স্মৃতি থাকে তেওঁলোকৰ লক্ষণ কি হ’ব?

উত্তৰ:
তেওঁলোকৰ সঁচা প্ৰীতি একমাত্ৰ পিতাৰ প্ৰতি থাকিব। ঈশ্বৰীয় সন্তানসকলে কেতিয়াও যুঁজ-বাগৰ, কাজিয়া-পেচাল নকৰিব। তেওঁলোকৰ কেতিয়াও কু-দৃষ্টি থাকিব নোৱাৰে। যিহেতু ব্ৰহ্মাকুমাৰ-কুমাৰী অৰ্থাৎ ভাই-ভনী হৈ গ’ল গতিকে লেতেৰা দৃষ্টি যাব নোৱাৰে।

গীত:
ছোড় ভী দে আকাশ চিংহাচন...... (আকাশ সিংহাসন এৰি দিয়া……)

ওঁম্শান্তি।
এতিয়া সন্তানসকলে জানে যে বাবাই আকাশ সিংহাসন এৰি এতিয়া দাদাৰ (ব্ৰহ্মাৰ) শৰীৰক নিজৰ সিংহাসন কৰি লৈছে, সেয়া এৰি ইয়াত আহি বহিছে। এই আকাশ তত্ত্ব হৈছে জীৱ আত্মাসকলৰ সিংহাসন। আত্মাসকলৰ সিংহাসন হৈছে সেই মহাতত্ত্ব, য'ত তোমালোক আত্মাসকল শৰীৰ অবিহনে আছিলা। যেনেকৈ আকাশত তৰাবোৰ স্থিৰ হৈ আছে, তেনেকৈ তোমালোক অতি সূক্ষ্ম আত্মাসকলো তাত থাকা। আত্মাক দিব্য বুদ্ধি অবিহনে দেখা পাব নোৱাৰি। তোমালোক সন্তানসকলৰ এতিয়া এইটো জ্ঞান আছে, যেনেকৈ তৰাবোৰ কিমান সূক্ষ্ম, তেনেকৈ আত্মাসকলো বিন্দুৰ দৰে। এতিয়া পিতাই সিংহাসনতো এৰি দিলে। পিতাই কয় - তোমালোক আত্মাসকলেও সিংহাসন এৰি ইয়াত এই শৰীৰক নিজৰ সিংহাসন কৰি লোৱা। মোকো নিশ্চয় শৰীৰ লাগে। মোক আহ্বানেই জনায় পুৰণি সৃষ্টিলৈ। গীত এটিও আছে নহয় – দূৰণিৰ দেশৰ নিবাসী…। তোমালোক আত্মাসকল য'ত থাকা সেইখন হৈছে তোমালোক আত্মাসকলৰ আৰু পিতাৰ দেশ। পুনৰ তোমালোক স্বৰ্গলৈ যোৱা, যিখন পিতাই স্থাপনা কৰে। পিতা নিজে সেই স্বৰ্গলৈ নাযায়। নিজে বাণীৰ সিপাৰে বানপ্ৰস্থত থাকেগৈ। স্বৰ্গত তেওঁৰ দৰকাৰ নাই। তেওঁতো দুখ-সুখৰ পৰা উৰ্দ্ধত। তোমালোকতো সুখতো আহা আৰু দুখতো আহা।

এতিয়া তোমালোকে জানা, আমি ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰীসকল ভাই-ভনী হওঁ। ইজনৰ সিজনৰ প্ৰতি কু-দৃষ্টিৰ খেয়ালো অহা উচিত নহয়। ইয়াততো তোমালোক পিতাৰ সন্মুখত বহি আছা, পৰস্পৰ ভাই-ভনী হোৱা। পৱিত্ৰ হৈ থকাৰ যুক্তি চোৱা কেনেকুৱা! এই কথাবোৰ কোনো শাস্ত্ৰত নাই। সকলোৰে বাবা এজন, তেন্তে সকলো সন্তান হৈ নগ’লা জানো। সন্তানসকলে পৰস্পৰ হাই-কাজিয়াও কৰিব নালাগে। এই সময়ত তোমালোকে জানা যে এতিয়া তোমালোক ঈশ্বৰীয় সন্তান, আগতে আসুৰি সন্তান আছিলা, পুনৰ এতিয়া সংগমত ঈশ্বৰীয় সন্তান হৈছা, আকৌ সত্যযুগত দৈৱী সন্তান হ’বাগৈ। এই চক্ৰৰ বিষয়ে সন্তানসকলে জানিছে। তোমালোক ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰী হোৱা গতিকে কেতিয়াও কু-দৃষ্টি নাযাব। সত্যযুগত কু-দৃষ্টি নাথাকে। কু-দৃষ্টি ৰাৱণৰাজ্যত থাকে। তোমালোক সন্তানসকলৰ এজন পিতাৰ বাহিৰে অন্য কাৰো স্মৃতি থকা উচিত নহয়। আটাইতকৈ বেছি প্ৰীতি পিতাৰ প্ৰতি থাকিব লাগে। মোৰতো একমাত্ৰ শিৱবাবা দ্বিতীয় কোনো নাই। পিতাই কয় - সন্তানসকল, এতিয়া তোমালোক শিৱালয়লৈ যাব লাগে। শিৱবাবাই স্বৰ্গৰ স্থাপনা কৰি আছে। আধাকল্প ৰাৱণৰ ৰাজ্য চলিল, যাৰ পৰা দুৰ্গতি হ’ল। ৰাৱণ কি হয়, তেওঁক কিয় জ্বলোৱা হয়, এয়াও কোনেও নাজানে। শিৱবাবাকো নাজানে। যেনেকৈ দেৱীসকলক সজাই, পূজা কৰি ডুবাই দিয়ে, শিৱবাবাৰো মাটিৰ লিঙ্গ সাজি পূজা আদি কৰি পুনৰ মাটি মাটিতে মিলাই দিয়ে, সেইদৰে ৰাৱণকো সাজি পুনৰ জ্বলাই দিয়ে। একোৱে বুজি নাপায়। এনেকৈ কয়ো যে এতিয়া ৰাৱণৰাজ্য, ৰামৰাজ্য স্থাপনা হ’ব। গান্ধীয়েও ৰামৰাজ্য বিচাৰিছিল, তেন্তে তাৰ অৰ্থ এতিয়া ৰাৱণৰাজ্য নহয় জানো। যিসকল সন্তানে এই ৰাৱণৰাজ্যত কাম চিতাত বহি জ্বলি গৈছিল, পিতা আহি পুনৰ তেওঁলোকৰ ওপৰত জ্ঞান বৰষে, সকলোৰে কল্যাণ কৰে। যেনেকৈ শুকান মাটিত বৰষুণ পৰিলে ঘাঁহ-বন গজি উঠে নহয়, তোমালোকৰ ওপৰতো জ্ঞানৰ বৰ্ষা নোহোৱাৰ বাবে কিমান কঙাল হৈ গৈছিলা। এতিয়া পুনৰ জ্ঞানৰ বৰ্ষা হৈছে যাৰ দ্বাৰা তোমালোক বিশ্বৰ মালিক হৈ যাবাগৈ। যদিও তোমালোক সন্তানসকল গৃহস্থালিত থাকা তথাপিও বহুত আন্তৰিক আনন্দত থাকিব লাগে। যেনেকৈ কোনোবা গৰিব সন্তানে পঢ়া শুনা কৰিলে পঢ়াৰ দ্বাৰা বেৰিষ্টাৰ আদি হৈ যায়। তেওঁলোকো ডাঙৰ ডাঙৰ ব্যক্তিৰ লগত বহে, খোৱা-বোৱা কৰে। ভীলনীৰ (এটা নীচ বুলি জ্ঞান কৰা জাতি) কথাও শাস্ত্ৰত উল্লেখ আছে নহয়।

তোমালোক সন্তানসকলে জানা যিসকলে সকলোতকৈ অধিক ভক্তি কৰিছে তেওঁলোকেই আহি সকলোতকৈ বেছি জ্ঞান আহৰণ কৰিব। আদিৰে পৰা সকলোতকৈ অধিক ভক্তিতো আমিয়েই কৰিছোঁ। আকৌ আমাকেই বাবাই পোন প্ৰথমে স্বৰ্গলৈ পঠিয়াই দিয়ে। এয়া হৈছে জ্ঞান যুক্ত যথাৰ্থ কথা। যথাযথ আমিয়েই পূজ্য আছিলোঁ আকৌ পূজাৰী হৈ যাওঁ। অধঃপতিত হৈ যাওঁ। সন্তানসকলক গোটেই জ্ঞান বুজোৱা হয়। এই সময়ত গোটেই সৃষ্টিখনেই নাস্তিক, পিতাক নাজানে। নাজানো নাজানো বুলি কৈ দিয়ে। আগলৈ গৈ এই সন্ন্যাসী আদি সকলো আহি আস্তিক নিশ্চয় হ’ব। কোনোবা এজন সন্ন্যাসী আহি গ’লেও তেওঁক জানো সকলোৱে বিশ্বাস কৰিব। ক’ব যে এওঁক ব্ৰহ্মাকুমাৰীয়ে যাদু কৰিলে। তেওঁৰ শিষ্যক গাদীত বহুৱাই তেওঁক পদচ্যুত কৰিব। এনেকুৱা বহুত সন্ন্যাসী তোমালোকৰ ওচৰলৈ আহিছে, আকৌ নোহোৱা হৈ যায়। এইখন হৈছে বৰ অপূৰ্ব ড্ৰামা। এতিয়া তোমালোক সন্তানসকলে আদিৰ পৰা অন্তলৈকে সকলো জানা। তোমালোকৰ মাজতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি ধাৰণ কৰিব পাৰে। পিতাৰ গোটেই জ্ঞান আছে, তোমালোকৰো থাকিব লাগে। দিনে-প্ৰতিদিনে কিমান সেৱাকেন্দ্ৰ খুলি থাকে। সন্তানসকল বহুত দয়াশীল হ’ব লাগে। পিতাই কয় - নিজৰ প্ৰতিও দয়াশীল হোৱা। নিৰ্দয় নহ’বা। নিজৰ ওপৰত দয়া কৰিব লাগে। কেনেকৈ? সেয়াও বুজাই থাকে। পিতাক স্মৰণ কৰি পতিতৰ পৰা পাৱন হ’ব লাগে। তাৰ পাছত কেতিয়াও পতিত হোৱাৰ পুৰুষাৰ্থ কৰিব নালাগে। দৃষ্টি বৰ ভাল হোৱা উচিত। আমি ব্ৰাহ্মণ ঈশ্বৰীয় সন্তান। ঈশ্বৰে আমাক তুলি লৈছে। এতিয়া মনুষ্যৰ পৰা দেৱতা হ’ব লাগে। প্ৰথমে সূক্ষ্মলোক নিবাসী ফৰিস্তা হ’মগৈ। এতিয়া তোমালোক ফৰিস্তা হৈ আছা। সূক্ষ্মলোকৰো ৰহস্য সন্তানসকলক বুজোৱা হৈছে। ইয়াত হৈছে সবাক, সূক্ষ্মলোকত ছায়াছবি, মূললোকত হৈছে শান্তি। সূক্ষ্মলোক হৈছে ফৰিস্তাসকলৰ। যেনেকৈ ভূতৰ ছায়াৰ শৰীৰ থাকে নহয়। আত্মাই শৰীৰ নাপালে দিশাহাৰা হৈ ঘূৰি ফুৰে, সেইবোৰক ভূত বুলি কোৱা হয়। সেইবোৰক এই দুচকুৰেও চাব পাৰি। এয়া আকৌ হৈছে সূক্ষ্মলোক নিবাসী ফৰিস্তা। এই সকলোবোৰ অতিকৈ বুজিবলগীয়া কথা। মূললোক, সূক্ষ্মলোক, স্থূললোক - ইয়াৰ জ্ঞান তোমালোকৰ আছে। চলোঁতে-ফুৰোঁতে বুদ্ধিত এই গোটেই জ্ঞান থকা উচিত। আমি আচলতে মূললোকৰ নিবাসী। আমি এতিয়া সূক্ষ্মলোক হৈ তালৈ যাম। বাবাই সূক্ষ্মলোক এই সময়তহে ৰচনা কৰে। প্ৰথমে সূক্ষ্ম তাৰ পাচত স্থূলৰ আৱশ্যক। এতিয়া এয়া হৈছে সংগমযুগ। ইয়াক ঈশ্বৰীয় যুগ বুলি কোৱা হ’ব, তাক (সত্যযুগক) দৈৱীযুগ বুলি কোৱা হ’ব। তোমালোক সন্তানসকল কিমান আনন্দিত হ’ব লাগে। কু-দৃষ্টি গ’লে উচ্চ পদ পাব নোৱাৰে। এতিয়া তোমালোক ব্ৰাহ্মণ-ব্ৰাহ্মণী নোহোৱা জানো। আকৌ ঘৰলৈ গ’লে পাহৰি যাব নালাগে। তোমালোকে সংগদোষত আহি পাহৰি যোৱা। তোমালোক হংস ঈশ্বৰীয় সন্তান। তোমালোকৰ কাৰো প্ৰতি আন্তৰিক আসক্তি থাকিব নালাগে। যদি আসক্তি থাকে তেন্তে কোৱা হ’ব মোহৰ বান্দৰী।

তোমালোকৰ বেপাৰেই হৈছে সকলোকে পৱিত্ৰ কৰি তোলা। তোমালোক হৈছা বিশ্বক স্বৰ্গ কৰি তোলোঁতা। ক'ত সেই ৰাৱণৰ আসুৰি সন্তান, ক'ত তোমালোক ঈশ্বৰীয় সন্তান। তোমালোক সন্তানসকলে নিজৰ অৱস্থা একৰস কৰি তুলিবলৈ হ’লে সকলো দেখিও যেন একোৱে দেখা নাই, এইটো অভ্যাস কৰিব লাগে। এই ক্ষেত্ৰত বুদ্ধিক একৰস কৰি ৰখাতো সাহসৰ কথা। নিখুঁত হ’বৰ বাবে পৰিশ্ৰম কৰিবলগীয়া হয়। সম্পূৰ্ণ হ’বলৈ সময় লাগে। যেতিয়া কৰ্মাতীত অৱস্থা হ’ব তেতিয়াহে সেই দৃষ্টি স্থায়ী হ’ব, তেতিয়ালৈকে কিবা নহয় কিবা আকৰ্ষণ জাগি থাকিব। এই ক্ষেত্ৰত একেবাৰে উপৰাম হ’ব লাগে। বুদ্ধিযোগ স্বচ্ছ হোৱা উচিত। সকলো দেখিও যেন তোমালোকে একো নেদেখা, যাৰ এনেকুৱা অভ্যাস হ’ব তেঁৱেই উচ্চ পদ পাব। এতিয়া জানো সেইটো অৱস্থা হৈছে। সন্ন্যাসীসকলেতো এই কথাবোৰ বুজিও নাপায়। ইয়াততো বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। তোমালোকে জানা যে আমিও এই পুৰণি সৃষ্টিৰ সন্ন্যাস কৰিছোঁ। বচ্‌ আমিতো এতিয়া মিঠা শান্তিৰ ঘৰলৈ যাব লাগে। অন্য কাৰো বুদ্ধিত নাই যিমান তোমালোকৰ বুদ্ধিত আছে। তোমালোকেহে জানা যে এতিয়া উভতি যাব লাগে। শিৱ ভগৱানুবাচও আছে - তেওঁ পতিত-পাৱন, মুক্তিদাতা আৰু মাৰ্গ-দৰ্শক। কৃষ্ণ কোনো মাৰ্গ-দৰ্শক নহয়। এতিয়া তোমালোকেও সকলোকে মাৰ্গ-দৰ্শন কৰাবলৈ শিকা, সেইবাবে তোমালোকৰ নাম পাণ্ডৱ ৰখা হৈছে। তোমালোক হৈছা পাণ্ডৱ সেনা। এতিয়া তোমালোক দেহী-অভিমানী হৈছা। এইটো জানা যে এতিয়া উভতি যাব লাগে, এই পুৰণা শৰীৰ এৰিব লাগে। সাপৰ দৃষ্টান্ত, ভোমোৰাৰ দৃষ্টান্ত, এই সকলোবোৰ হৈছে তোমালোকৰ এই সময়ৰ কথা। এতিয়া তোমালোকে বাস্তৱত আছা। তেওঁলোকেতো এইটো বেপাৰ কৰিব নোৱাৰে। তোমালোকে জানা যে এইখন হৈছে কৱৰস্থান, এতিয়া পুনৰ পৰীস্থান হ’ব।

তোমালোকৰ বাবে প্ৰতিটো দিনেই সৌভাগ্যৰ দিন। তোমালোক সন্তানসকল সৰ্বদা সৌভাগ্যশালী। গুৰুবাৰৰ দিনা সন্তানসকলক স্কুললৈ পঠিওৱা আৰম্ভ কৰে। এইটো নিয়ম প্ৰচলিত হৈ আহিছে। তোমালোকক এতিয়া বৃক্ষপতিয়ে পঢ়ায়। এই বৃহস্পতিৰ দশা তোমালোকৰ জন্ম-জন্মান্তৰ চলি থাকে। এয়া হৈছে বেহদৰ দশা। ভক্তিমাৰ্গত হদৰ দশা চলে, এতিয়া হৈছে বেহদৰ দশা। গতিকে পূৰা ৰীতিৰে পৰিশ্ৰম কৰিব লাগে। লক্ষ্মী-নাৰায়ণতো কেৱল এযোৰাই নহয়। তেওঁলোকৰতো ৰাজবংশ চলিব নহয়। নিশ্চয় বহুতে ৰাজত্ব কৰিব। লক্ষ্মী-নাৰায়ণৰ সূৰ্যবংশী ৰাজবংশী চলে, এই কথাবোৰো তোমালোকৰ বুদ্ধিত আছে। তোমালোক সন্তানসকলৰ এয়াও সাক্ষাৎকাৰ হৈছে যে কেনেকৈ ৰাজতিলক দিয়ে। সূৰ্যবংশীয়ে আকৌ কেনেকৈ চন্দ্ৰবংশীক ৰাজ্য দিয়ে। মা-পিতাই সন্তানৰ ভৰি ধুই ৰাজতিলক দিয়ে, ৰাজ্য-ভাগ্যও দিয়ে। এই সাক্ষাৎকাৰ আদি সকলো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, এই ক্ষেত্ৰত তোমালোক সন্তানসকল বিবুদ্ধিত পৰাৰ দৰকাৰ নাই। তোমালোকে পিতাক স্মৰণ কৰা, স্বদৰ্শন চক্ৰধাৰী হোৱা আৰু আনকো কৰি তোলা। তোমালোক হৈছা ব্ৰহ্মা মুখ বংশাৱলী স্বদৰ্শন চক্ৰধাৰী সঁচা ব্ৰাহ্মণ, শাস্ত্ৰত স্বদৰ্শন চক্ৰৰ দ্বাৰা কিমান হিংসা দেখুৱাইছে। এতিয়া পিতাই তোমালোক সন্তানসকলক সঁচা ‘গীতা’ শুনায়। এয়াতো মুখস্থ কৰি ল’ব লাগে। কিমান সহজ। তোমালোকৰ সকলো সম্পৰ্ক হৈছে ‘গীতা’ৰ লগত। ‘গীতা’ত জ্ঞানো আছে আৰু যোগৰ বিষয়েও আছে। তোমালোকেও এখনেই কিতাপ প্ৰকাশ কৰিব লাগে। যোগৰ কিতাপ কিয় বেলেগে প্ৰকাশ কৰিব লাগে। কিন্তু আজিকালি যোগৰ বহুত প্ৰচাৰ হৈছে সেইবাবে নাম ৰাখে যাতে মনুষ্যই আহি বুজে। অৱশেষত এইটোও বুজিব যে এজন পিতাৰ সৈতে যোগসূত্ৰ গঢ়িব লাগে। যিয়ে শুনিব তেওঁ পুনৰ নিজৰ ধৰ্মত আহি উচ্চ পদৰ অধিকাৰী হ’ব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ ওপৰত নিজেই দয়া কৰিব লাগে, নিজৰ দৃষ্টি বহুত ভাল পৱিত্ৰ কৰি ৰাখিব লাগে। ঈশ্বৰে মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ তুলি লৈছে, সেইবাবে পতিত হোৱাৰ কেতিয়াও খেয়ালো যাতে নাহে।

(2) সম্পূৰ্ণ, কৰ্মাতীত অৱস্থা পাবলৈ সদায় উপৰাম হৈ থকাৰ অভ্যাস কৰিব লাগে। এইখন সৃষ্টিত সকলো দেখিও একো চাব নালাগে। এইটো অভ্যাসেৰে অৱস্থা একৰস কৰি তুলিব লাগে।

বৰদান:
প্ৰতিটো খোজত পদমৰ উপাৰ্জন কৰোঁতা সৰ্ব সম্পদেৰে সম্পন্ন বা তৃপ্ত আত্মা হোৱা

যিসকল সন্তানে পিতাৰ স্মৃতিত থাকি প্ৰতিটো খোজ দিয়ে তেওঁলোকে খোজে প্ৰতি পদমৰ উপাৰ্জন জমা কৰে। এই সংগমতেই পদমৰ উপাৰ্জনৰ খনি পোৱা যায়। সংগমযুগ হৈছে জমা কৰাৰ যুগ। এতিয়া যিমান জমা কৰিব বিচৰা সিমানে কৰিব পাৰা। এখোজ অৰ্থাৎ এক চেকেণ্ডো যাতে জমা নোহোৱাকৈ নাযায় অৰ্থাৎ ব্যৰ্থত যাতে নাযায়। সদায় যাতে ভঁৰাল ভৰপূৰ হৈ থাকে। অপ্ৰাপ্ত কোনো বস্তু নাই.... এনেকুৱা সংস্কাৰ হওঁক। যেতিয়া এতিয়া এনেকুৱা তৃপ্ত বা সম্পন্ন আত্মা হ’বা তেতিয়া ভৱিষ্যতে অক্ষয় সম্পদৰ মালিক হ’বা।

স্লোগান:
যিকোনো কথাত বিতুষ্ট হোৱাৰ সলনি জ্ঞানৱান স্থিতিত স্থিৰ হৈ থাকা।


মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য

“আধাকল্প জ্ঞান ব্ৰহ্মাৰ দিন, আধাকল্প ভক্তিমাৰ্গ ব্ৰহ্মাৰ ৰাত্ৰি”

আধাকল্প হৈছে ব্ৰহ্মাৰ দিন, আধাকল্প হৈছে ব্ৰহ্মাৰ ৰাত্ৰি, এতিয়া ৰাত্ৰি শেষ হৈ প্ৰভাত হ’ব। এতিয়া পৰমাত্মা আহি অন্ধকাৰৰ অন্ত পেলাই আলোকৰ আৰম্ভণি কৰে, জ্ঞানৰ দ্বাৰা আলোক, ভক্তিৰ দ্বাৰা অন্ধকাৰ। গীততো কয় – এই পাপৰ সৃষ্টিৰ পৰা দূৰলৈ কৰ’বাত লৈ ব’লা, য’ত অৰ্ন্তমনে বিশ্ৰাম আৰু আৰাম পায়…. এইখন হৈছে অশান্তিৰ সৃষ্টি, য’ত বিশ্ৰাম নাই। মুক্তিত বিশ্ৰামো নাই, অশান্তিও নাই। সত্যযুগ ত্ৰেতা হৈছে বিশ্ৰাম আৰু আৰামৰ সৃষ্টি, যিখন সুখধামক সকলোৱে স্মৰণ কৰে। গতিকে এতিয়া তোমালোক বিশ্ৰাম আৰু আৰামৰ সৃষ্টিলৈ গৈ আছাহঁক, তালৈ কোনো অপৱিত্ৰ আত্মা যাব নোৱাৰে, তেওঁলোকে অন্তিমত ধৰ্মৰজাৰ শাস্তি খাই কৰ্ম-বন্ধনৰ পৰা মুক্ত হৈ শুদ্ধ সংস্কাৰ লৈ যায় কিয়নো তাত কোনো অশুদ্ধ সংস্কাৰো নাথাকে আৰু পাপো নহয়। যিহেতু আত্মাই নিজৰ আচল পিতাক পাহৰি যায় সেয়েহে এই বিভ্ৰান্তিৰ অনাদি হৰা-জিকাৰ খেল ৰচি থোৱা আছে সেইবাবে আমি এই সৰ্বশক্তিমান পৰমাত্মাৰ পৰা শক্তি আহৰণ কৰি বিকাৰৰ ওপৰত বিজয়ী হৈ 21 জন্মৰ বাবে ৰাজ্য-ভাগ্য লৈ আছোঁ। ভাল বাৰু। ওঁম্‌ শান্তি।

সত্যতা আৰু সভ্যতা ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

তোমালোকৰ বাণীত স্নেহো থাকক, মধুৰতা আৰু মহানতাও থাকক, সত্যতাও থাকক কিন্তু স্বৰূপৰ নম্ৰতাও থাকক। নিৰ্ভীক হৈ কৰ্তৃত্বৰে কোৱা কিন্তু বাণী মৰ্যাদাৰ সীমাৰেখাৰ ভিতৰত হওঁক – দুয়োটা কথাৰ সন্তুলন থাকক, য’ত সন্তুলন থাকে ত’ত চমৎকাৰ দেখিবলৈ পোৱা যায় আৰু সেই শব্দ কঠোৰ যেন নালাগে, মিঠা লাগে গতিকে কৰ্তৃত্ব আৰু নম্ৰতা দুয়োটাৰে সন্তুলনৰ চমৎকাৰ দেখুওৱা। এয়াই পিতাৰ প্ৰত্যক্ষতাৰ সাধন।