06.03.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সঁচা মুক্তি সেনানী হৈ সকলোকে এই পাপৰ সৃষ্টিৰ পৰা পুণ্যৰ সৃষ্টিলৈ লৈ যাব লাগে, সকলোৰে ডুবন্ত নাও পাৰলৈ লৈ যাব লাগে”

প্ৰশ্ন:
কোনটো নিশ্চয়তা প্ৰত্যেক সন্তানৰ বুদ্ধিত ক্ৰমানুসৰি ধাৰণ হয়?

উত্তৰ:
পতিত-পাৱন আমাৰ আটাইতকৈ মৰমৰ বাবাই আমাক স্বৰ্গৰ উত্তৰাধিকাৰ দি আছে, এইটো নিশ্চয়তা প্ৰত্যেকৰ বুদ্ধিত ক্ৰমানুসৰি ধাৰণ হয়। যদি পূৰা নিশ্চয়তা কাৰোবাৰ জন্মিও যায় তেন্তে মায়া সন্মুখত ঠিয় হৈ আছে। পিতাক পাহৰি যায়, অনুত্তীৰ্ণ হৈ যায়। যাৰ নিশ্চয়তা জন্মি যায় তেওঁ পাৱন হোৱাৰ পুৰুষাৰ্থত লাগি যায়। বুদ্ধিত থাকে, এতিয়াতো ঘৰলৈ যাব লাগে।

ওঁম্শান্তি।
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলক সুপ্ৰভাত। সন্তানসকলে এইটোতো জানে যে সত্যযুগত সৰ্বদা সুপ্ৰভাত, শুভদিন, শুভ সকলোবোৰ, শুভৰাত্ৰি, সকলোবোৰ শুভই শুভ। ইয়াততো সুপ্ৰভাতো নাই, শুভৰাত্ৰিও নাই। সকলোতকৈ বেয়া হৈছে ৰাত্ৰি। তেন্তে সকলোতকৈ ভাল কি? প্ৰভাত। যাক অমৃতবেলা বুলি কোৱা হয়। তোমালোকৰ সকলো সময় শুভই শুভ। সন্তানসকলে জানে যে এই সময়ত আমি যোগ যোগেশ্বৰ আৰু যোগ যোগেশ্বৰী হওঁ। ঈশ্বৰ যিজন তোমালোকৰ পিতা, তেওঁ আহি যোগ শিকায় অৰ্থাৎ তোমালোক সন্তানসকলৰ এজন ঈশ্বৰৰ সৈতে যোগসূত্ৰ আছে। তোমালোক সন্তানসকলে যোগেশ্বৰৰ পাছত জ্ঞান জ্ঞানেশ্বৰ পিতাৰ বতৰা পালা। যোগসূত্ৰ স্থাপন হ’ল আকৌ পিতাই তোমালোকক গোটেই চক্ৰৰ জ্ঞান বুজায়, যাৰ দ্বাৰা তোমালোকো জ্ঞান জ্ঞানেশ্বৰ হৈ যোৱা। ঈশ্বৰ পিতাই সন্তানসকলক আহি জ্ঞান আৰু যোগ শিকায়। কোনজন ঈশ্বৰ? নিৰাকাৰ পিতা। এতিয়া বুদ্ধিৰে কৰ্ম কৰা। গুৰু লোকসকলৰতো বহুত মত আছে। কোনোৱে ক'ব শ্ৰীকৃষ্ণৰ সৈতে যোগসূত্ৰ গঢ়া, আকৌ তেওঁৰ চিত্ৰও দিব। কোনোৱে সাই বাবা, কোনোৱে মহৰ্ষি বাবা, কোনোৱে মুছলমানৰ, কোনোৱে পাৰ্চীৰ, সকলোকে বাবা বাবা বুলি কৈ থাকে। ক'ব সকলো ভগৱানেই ভগৱান। এতিয়া তোমালোকে জানা মনুষ্য ভগৱান হ'ব নোৱাৰে। এওঁলোক লক্ষ্মী-নাৰায়ণকো ভগৱান-ভগৱতী বুলি ক'ব নোৱাৰি। ভগৱানতো এক নিৰাকাৰ। তেওঁ তোমালোক সকলো আত্মাৰ পিতা, তেওঁক কোৱা হয় শিৱবাবা। তোমালোকেহে জন্ম-জন্মান্তৰ সৎসংগ কৰি আহিছা। কোনোবা নহয় কোনোবা সন্ন্যাসী সাধু পণ্ডিত আদি নিশ্চয় থাকিব। মনুষ্যই জানে যে এওঁ আমাৰ গুৰু। আমাক কথা (শাস্ত্ৰৰ বাণী) শুনাই আছে। সত্যযুগত কথা আদি নাথাকে। পিতাই বহি বুজায় কেৱল ভগৱান বা ঈশ্বৰ বুলি ক'লে ৰস পোৱা নাযায়। তেওঁ পিতা হয় তেন্তে বাবা বুলি ক'লে সম্বন্ধ স্নেহপূৰ্ণ হৈ যায়। তোমালোকে জানা আমি বাবা মম্মাৰ সন্তান হৈছোঁ, যাৰ দ্বাৰা আমি স্বৰ্গৰ সুখ পাওঁ। এনেকুৱা কোনো সৎসংগ হয়তো নাই, যে ভাবিব মই এই সৎসংগৰ দ্বাৰা মনুষ্যৰ পৰা দেৱতা অথবা নৰকবাসীৰ পৰা স্বৰ্গবাসী হওঁ। এতিয়া তোমালোকৰ সত্য পিতাৰ সৈতে সংগ আৰু সকলোৰে অসত্যৰ সৈতে সংগ বুলি কোৱা হয়। গায়নো কৰা হয় সৎসংগই তৰায় (উদ্ধাৰ কৰে).... পাৰ্থিৱ (দৈহিক) সংগই ডুবায়। পিতাই কয় - আত্ম-অভিমানী, দেহী-অভিমানী হোৱা। মই তোমালোক সন্তানসকলক, আত্মাসকলক শিকাওঁ। এই আত্মিক জ্ঞান আত্মাসকলক পৰম আত্মাই আহি দিয়ে। বাকী সকলোবোৰ হৈছে ভক্তিমাৰ্গ। সেয়া কোনো জ্ঞানমাৰ্গ নহয়। পিতাই কয় - মই সকলো বেদ, শাস্ত্ৰ, সৃষ্টিৰ আদি, মধ্য, অন্তক জানোঁতা হওঁ। হৰ্তা-কৰ্তা মই হওঁ। তেওঁলোক হৈছে ভক্তিমাৰ্গৰ হৰ্তা-কৰ্তা। বহুত শাস্ত্ৰ আদি পঢ়ে গতিকে তেওঁলোকক কয় শাস্ত্ৰৰ হৰ্তা-কৰ্তা। পিতা আহি তোমালোকক সত্য কথা শুনায়। এতিয়া তোমালোকে জানা সত্যৰ সংগই তৰায়.... মিথ্যাৰ সংগই ডুবায়। এতিয়া পিতাই তোমালোক সন্তানসকলৰ দ্বাৰা ভাৰতক উদ্ধাৰ কৰি আছে। তোমালোক হৈছা আত্মিক মুক্তি সেনানী। মুক্ত কৰা। পিতাই কয় যে ভাৰত যি স্বৰ্গ আছিল সেয়া এতিয়া নৰক হৈ আছে। ডুবি আছে। বাকী এনেকৈ কোনো সাগৰৰ তলত নাই। তোমালোক সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হৈ গ’লা। সত্যযুগ ত্ৰেতা হৈছে সতোপ্ৰধান। এয়া ডাঙৰ পানী জাহাজ। তোমালোক পানী জাহাজত বহি আছা। এইখন পাপৰ নগৰী কিয়নো সকলো পাপ আত্মা আছে। বাস্তৱত গুৰু এজন। তেওঁক কোনেও নাজানে। সদায় কয় – হে ঈশ্বৰ পিতা। এনেকৈ নকয় যে ঈশ্বৰ পিতা তথা গুৰু। নহয়, কেৱল পিতা বুলি কয়। তেওঁ পতিত-পাৱন হয়, তেন্তে গুৰুও হৈ গ'ল। সকলোৰে পতিত-পাৱন সৎগতি দাতা এজন। এই পতিত সৃষ্টিত কোনো মনুষ্য সৎগতি দাতা বা পতিত-পাৱন হ'ব নোৱাৰে। পিতাই কয় – কিমান ভেজাল, ভ্ৰষ্টাচাৰ আছে। এতিয়া মই কন্যা আৰু মাতাসকলৰ দ্বাৰা সকলোকে উদ্ধাৰ কৰিব লাগে।

তোমালোক সকলো ব্ৰহ্মাকুমাৰ-কুমাৰী ভাই-ভনী হৈ গ'লা। নহ'লে ককাৰ উত্তৰাধিকাৰ কেনেকৈ প্ৰাপ্ত হ'ব। ককাৰ উত্তৰাধিকাৰ প্ৰাপ্ত হয় 21 প্ৰজন্মৰ বাবে অৰ্থাৎ স্বৰ্গৰ ৰাজ্য-ভাগ্য। উপাৰ্জন কিমান শ্ৰেষ্ঠ। এয়া হৈছে সঁচা উপাৰ্জন, সঁচা পিতাৰ দ্বাৰা। পিতা, পিতাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়। বাস্তৱত কৰি দেখুৱাওঁতা। এনেকুৱা নহয় যে গুৰুৰ মৃত্যু হ’লে তেতিয়া শিষ্যই গাদী পায়। তেওঁলোক হৈছে পাৰ্থিৱ গুৰু। এওঁ হৈছে আত্মিক গুৰু। এই কথাবোৰ ভালদৰে বুজিব লাগে, এয়া একেবাৰে নতুন কথা। তোমালোকে জানা আমাক কোনো মনুষ্যই নপঢ়ায়, আমাক শিৱবাবা জ্ঞানৰ সাগৰ পতিত-পাৱনে এই শৰীৰৰ দ্বাৰা পঢ়ায়। তোমালোকৰ বুদ্ধি শিৱবাবাৰ ফালে আছে। সেই সৎসংগসমূহত মনুষ্যৰ ফালে বুদ্ধি যাব। সেই সকলোবোৰ হৈছে ভক্তিমাৰ্গ। এতিয়া তোমালোকে গায়ন কৰা তুমি মাতা-পিতা আমি তোমাৰ সন্তান...... এয়াতো এজনেই হয় নহয়। কিন্তু বাবাই কয় যে মই কেনেকৈ আহি তোমালোকক নিজৰ কৰি লওঁ। মই তোমালোকৰ পিতা হওঁ। সেয়েহে এওঁৰ (ব্ৰহ্মাৰ) শৰীৰৰ আধাৰ লওঁ। গতিকে এওঁ (ব্ৰহ্মা) মোৰ স্ত্ৰীও হয় আৰু সন্তানো হয়। এওঁৰ দ্বাৰা শিৱবাবাই সন্তানসকলক তুলি লয় তেন্তে এওঁ জ্যেষ্ঠ মম্মা হৈ গ'ল। এওঁৰ কোনো মা নাই। সৰস্বতীক জগত অম্বা বুলি কোৱা হয়। তেওঁক তোমালোকৰ তত্ত্বাৱধান লোৱাৰ বাবে নিমিত্ত কৰিছে। সৰস্বতী জ্ঞান-জ্ঞানেশ্বৰী, এওঁ হৈছে কনিষ্ঠ মম্মা। এইবোৰ অতি গূঢ় কথা। তোমালোকে এতিয়া এই গূঢ় পাঠ পঢ়ি আছা, তোমালোক সন্মান সহকাৰে উত্তীৰ্ণ হ'ব লাগে। এওঁলোক লক্ষ্মী-নাৰায়ণ সন্মান সহকাৰে উত্তীৰ্ণ হৈছে। তেওঁলোকে আটাইতকৈ উচ্চ বৃত্তি পাইছে। কোনো শাস্তি ভোগ কৰিবলগীয়া নহ'ল। পিতাই কয় যিমান সম্ভৱ স্মৰণ কৰা। ইয়াক ভাৰতৰ প্ৰাচীন যোগ বুলি কোৱা হয়। পিতাই কয় তোমালোকক সকলো বেদ, শাস্ত্ৰৰ সাৰ শুনাওঁ। মই তোমালোকক ৰাজযোগ শিকালোঁ, যাৰ দ্বাৰা তোমালোকে প্ৰালব্ধ লাভ কৰিলা। জ্ঞান শেষ হৈ গ'ল, পৰম্পৰা আকৌ কেনেকৈ চলিব পাৰে। তাত কোনো শাস্ত্ৰ আদি নাথাকে অন্য ধৰ্মাৱলম্বী ইছলামী, বৌদ্ধি আদি যিসকল আছে তেওঁলোকৰ জ্ঞান নাইকিয়া হৈ নাযায়। তেওঁলোকৰ পৰম্পৰা চলে। সকলোৱে জানে। কিন্তু পিতাই কয় যে মই তোমালোকক যি জ্ঞান শুনাওঁ সেয়া কোনেও নাজানে। ভাৰত দুখী হৈ যায়, তেওঁলোকক (ভাৰতবাসীক) আহি সৰ্বদা সুখী কৰি তোলোঁ। পিতাই কয় - মই সাধাৰণ শৰীৰত বহি আছোঁ। তোমালোকৰ বুদ্ধিযোগ পিতাৰ লগত থাকিব লাগে। আত্মাসকলৰ পিতা হৈছে পৰমপিতা পৰমাত্মা। সকলো সন্তানৰ তেওঁ পিতা হয়, সকলো তেওঁৰ সন্তান হয় নহয়। সকলো আত্মা এই সময়ত পতিত। পিতাই কয় - মই বাস্তৱত আহিছোঁ। বিনাশ সমাগত। জানা যে জুই লাগিব। সকলোৰে শৰীৰ শেষ হৈ যাব। সকলো আত্মাই পুনৰ ঘৰলৈ উভতি যাব লাগে। এনেকুৱা নহয় যে ব্ৰহ্মত লীন হৈ যাব বা জ্যোতিত সমাহিত হৈ যাব। ব্ৰহ্ম সমাজীসকলে আকৌ জ্যোতি জ্বলায়। তাক ব্ৰহ্ম মন্দিৰ বুলি কৈ দিয়ে। বাস্তৱত হৈছে ব্ৰহ্ম মহাতত্ত্ব, য'ত সকলো আত্মা থাকে। আমাৰ প্ৰথম মন্দিৰ হৈছে সেইটো। পৱিত্ৰ আত্মাসকল তাত থাকে। এই কথাবোৰ কোনো মনুষ্যই বুজি নাপায়। জ্ঞানৰ সাগৰ পিতাই বহি তোমালোক সন্তানসকলক বুজায় যে এতিয়া তোমালোক জ্ঞান-জ্ঞানেশ্বৰ পুনৰ ৰাজ-ৰাজেশ্বৰ হোৱা। তোমালোকৰ বুদ্ধিত আছে যে পতিত-পাৱন আটাইতকৈ মৰমৰ বাবা আহি আমাক স্বৰ্গৰ উত্তৰাধিকাৰ দি আছে। বহুতৰে বুদ্ধিত এইটোও ধাৰণ নহয়। ইমানবিলাক বহি আছে, এওঁলোকৰ ভিতৰত কোনোৱেই 100 শতাংশ নিশ্চয়বুদ্ধিৰ নহয়। কাৰোবাৰ 80 (আশী) শতাংশ, কাৰোবাৰ 50 শতাংশ, কাৰোবাৰ সেয়াও নাই। তেওঁলোকতো একেবাৰে অসফল হ'ল। ক্ৰমানুসৰি নিশ্চয়তা জন্মে। বহুত আছে যাৰ নিশ্চয়তা নাই। চেষ্টা কৰে যে নিশ্চয়তা জন্মি যাওক। বাৰু নিশ্চয়তা যদি জন্মিও যায় কিন্তু মায়া কাঢ়া। বাবাক পাহৰি যায়। এওঁ ব্ৰহ্মাই নিজে কয় যে মই সম্পূৰ্ণ ভক্ত আছিলোঁ। 63 জন্ম ভক্তি কৰিছোঁ, ততত্বম (তোমালোকৰ ক্ষেত্ৰতো তেনেকুৱা)। তোমালোকেও 63 জন্ম ভক্তি কৰিছা। 21 জন্ম সুখ পাইছা আকৌ ভক্ত হৈ গ’লা। ভক্তিৰ পাছত হৈছে বৈৰাগ্য। সন্যাসীসকলেও এই শব্দবোৰ কয় যে জ্ঞান, ভক্তি আৰু বৈৰাগ্য। তেওঁলোকৰ বৈৰাগ্য ওপজে ঘৰ-সংসাৰৰ প্ৰতি। তাক হদৰ (সীমিত) বৈৰাগ্য বুলি কোৱা হয় আৰু তোমালোকৰ হৈছে বেহদৰ (গোটেই পুৰণি সৃষ্টিৰ) বৈৰাগ্য। সন্যাসীসকলে ঘৰ-সংসাৰ এৰি জংঘললৈ গুচি গৈছিল। এতিয়াতো কোনো জংঘলত নায়েই। সকলো কুটীৰ (জুপুৰি) খালী হৈ পৰি আছে কিয়নো আগতে সতোপ্ৰধান আছিল, এতিয়া তেওঁলোক তমোপ্ৰধান হৈ গ’ল। এতিয়া তেওঁলোকৰ কোনো শক্তি নাই। লক্ষ্মী-নাৰায়ণৰ ৰাজধানীত যি শক্তি আছিল, সেয়া পুনৰ্জন্ম লৈ লৈ এতিয়া চোৱা তেওঁলোক ক'ত আহি উপস্থিত হ’লহি। একোৱেই শক্তি নাই। ইয়াৰ চৰকাৰেও কয় আমি ধৰ্মক নামানো। ধৰ্মতেই বহুত লোকচান হয়, কাজিয়া-পেচাল, সন্মিলন কৰি থাকে যে সকলো ধৰ্মাৱলম্বী একমত হৈ যাওক। কিন্তু সোধা এক কেনেকৈ হ'ব পাৰিব। এতিয়াতো সকলো উভতি যাব। বাবা আহিছে, এই জগতখন এতিয়া কৱৰস্থান হ'ব। বাকী এয়াতো ভিন্নতাৰ বৃক্ষ। তেন্তে এক কেনেকৈ হ'ব, একোৱেই বুজি নাপায়। ভাৰতত এটা ধৰ্ম আছিল, তাক কোৱা হয় অদ্বৈত মতধাৰী দেৱতা। দ্বৈত মানে দৈত্য। বাবাই কয় - তোমালোকৰ এইটো ধৰ্ম বহুত সুখ দিওঁতা হয়।

তোমালোকে জানা যে পুৰ্নজন্ম লৈ আমি আকৌ 84 জন্ম ভোগ কৰিব লাগে। নিশ্চয়তা থাকিব লাগে যে আমিয়েই 84 জন্ম ভোগ কৰিছোঁ। আমিয়েই যাব লাগে আৰু পুনৰ আহিব লাগে। ভাৰতবাসীকহে বুজায় যে তোমালোকে 84 জন্ম সম্পূৰ্ণ কৰিছা। এতিয়া তোমালোকৰ এয়া বহুত জন্মৰ অন্তিম জন্ম। কেৱল এজনক নকয়, পাণ্ডৱ সেনাসকলক বুজায় যে তোমালোক হৈছা পাণ্ডা। তোমালোকে আত্মিক যাত্ৰা শিকোৱা সেয়েহে পাণ্ডৱ সেনা বুলি কোৱা হয়। ৰাজ্য এতিয়া কৌৰৱৰো নাই, পাণ্ডৱৰো নাই। তেওঁলোকো প্ৰজা তোমালোকো প্ৰজা। কয় কৌৰৱ পাণ্ডৱ ভাই ভাই, পাণ্ডৱসকলৰ ফালে আছে পৰমপিতা পৰমাত্মা। পিতাহে আহি মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবলৈ শিকায়। তোমালোক আদি সনাতন দেৱী-দেৱতা ধৰ্মাৱলম্বীসকল অহিংসক। অহিংসাই পৰম ধৰ্ম। মুখ্য কথা হৈছে কাম কটাৰী চলাব নালাগে। ভাৰতবাসীয়ে ভাবে যে গো বধ নকৰা - এয়াই অহিংসা, কিন্তু বাবাই কয় - কাম কটাৰী নচলাবা, ইয়াকহে আটাইতকৈ ডাঙৰ হিংসা বুলি কোৱা হয়। সত্যযুগত কাম কটাৰী, কাজিয়া-পেচাল নচলে। ইয়াততো দুয়োটাই আছে। কাম কটাৰীয়েই আদি-মধ্য-অন্ত দুখ দিয়ে। তোমালোক ছিৰি নামি (অৱনমিত হৈ) আহা। তোমালোক ভাৰতবাসীয়ে 84 জন্ম লৈছা। এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল আকৌ পুৰ্নজন্ম লোৱা। এটা এটা জন্ম হৈছে এটা এটা প্ৰজন্ম। ইয়াৰ পৰা তোমালোকে একেবাৰে ওপৰলৈ জপিওৱা। 84 প্ৰজন্মত নামিবলৈ তোমালোকক 5 হাজাৰ বছৰ লাগে আৰু ইয়াৰ পৰা পুনৰ তোমালোকে চেকেণ্ডত উঠি যোৱা। চেকেণ্ডত জীৱনমুক্তি কোনে দিয়ে? পিতাই। এতিয়া সকলো একেবাৰে মাটিত পৰি আছে। এতিয়া পিতাই কয় কেৱল মোক স্মৰণ কৰা। বুদ্ধিত এইটো স্মৃতি ৰাখিব লাগে যে এতিয়া নাটক পূৰা হ'ল, আমি ঘৰলৈ উভতি যাব লাগে। আমি নিজৰ পিতাক আৰু ঘৰক স্মৰণ কৰিব লাগে। প্ৰথমে বাবাক স্মৰণ কৰা, তেৱেঁই তোমালোকক ঘৰৰ ৰাস্তা দেখুৱায়। পিতাৰ স্মৃতিৰে বিকৰ্ম বিনাশ হ'ব। ব্ৰহ্মক স্মৰণ কৰিলে এটাও পাপ খণ্ডন নহ’ব। পতিত-পাৱন পৰমাত্মাহে হয়। তেওঁ কেনেকৈ পাৱন কৰি তোলে - এইটো জগতত কোনেও বুজিব নোৱাৰে। পিতা আহি স্বৰ্গৰ স্থাপনা নিশ্চয় কৰিবলগীয়া হয়। পিতা আহিছে সেইবাবে তোমালোক সন্তানসকলে জয়ন্তী পালন কৰা। কেতিয়া আহিল, এইটো ক'ব নোৱাৰি যে এইটো ক্ষণত, এইটো তিথি তাৰিখত আহিছিল। শিৱবাবা কেতিয়া আহিল, কেনেকৈ ক'ব পাৰে। সাক্ষাৎকাৰ বহুত হয়। প্ৰথমে আমি সৰ্বব্যাপী বুলি ভাবিছিলোঁ অথবা কৈ দিছিলোঁ আত্মাই পৰমাত্মা। এতিয়া যথাযথ গম পাইছোঁ। বাবাই দিনে-প্ৰতিদিনে গূঢ় কথা শুনাই থাকে। তোমালোক সাধাৰণ সন্তানসকলে কিমান উচ্চ জ্ঞান লৈ আছা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সন্মান সহকাৰে উত্তীৰ্ণ হ'বৰ বাবে শাস্তিৰ পৰা মুক্ত হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। স্মৃতিত থাকিলেহে বৃত্তি লোৱাৰ অধিকাৰী হ'ব পাৰিবা।

(2) সঁচা পাণ্ডৱ হৈ সকলোকে আত্মিক যাত্ৰা কৰাব লাগে। কোনোধৰণৰ হিংসা কৰিব নালাগে।

বৰদান:
‘ লাইট হাউচ’ স্থিতিৰ দ্বাৰা পাপ কৰ্ম সমাপ্ত কৰোঁতা পুণ্য আত্মা হোৱা

য’ত লাইট থাকে ত’ত কোনো পাপ কৰ্ম নহয়। সেয়েহে সদায় ‘লাইট হাউচ’ স্থিতিত থাকিলে মায়াই কোনো পাপ কৰ্ম কৰাব নোৱাৰে, সদায় পুণ্য আত্মা হৈ যাবা। পুণ্য আত্মাই সংকল্পতো কোনো পাপ কৰ্ম কৰিব নোৱাৰে। য’ত পাপ হয় ত’ত বাবাৰ স্মৃতি নাথাকে। গতিকে দৃঢ় সংকল্প কৰা যে মই পুণ্য আত্মা, পাপ মোৰ সন্মুখত আহিব নোৱাৰে। স্বপ্ন বা সংকল্পতো পাপক আহিবলৈ নিদিবা।

স্লোগান:
যিসকলে প্ৰতিটো দৃশ্য সাক্ষী হৈ প্ৰত্যক্ষ কৰে তেওঁলোকেই সদায় হৰ্ষিত হৈ থাকে।


অব্যক্ত ইংগিত: নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা

নিশ্চয়বুদ্ধিৰ সন্তানসকল সদায় হৰ্ষিত আৰু নিশ্চিন্ত হৈ থাকে। চিন্তাই আনন্দ নোহোৱা কৰে, আৰু যদি নিশ্চিন্ত হৈ থাকা তেন্তে সদায় আনন্দ থাকিব, যেতিয়া কোনো কথাত ‘কিয় হ’ল’, ‘কেনেকৈ হ’ল’, ‘কি হ’ল!’… - এনেধৰণৰ প্ৰশ্ন উদয় হয় তেতিয়া চিন্তাৰ সৃষ্টি হয়। ‘কি’, ‘কিয়’, ‘কেনেকৈ’ - এয়া চিন্তাৰ লহৰ। বহুতে আকৌ কয় যে - মোৰ লগতে কিয় হয়?, মোৰ ক্ষেত্ৰত এই বন্ধন কিয়? মোৰ ক্ষেত্ৰত মায়া কিয় আহে! মোৰেই হিচাপ নিকাচ কাঢ়া, কিয়? গতিকে ‘কিয়’ অহা মানেই চিন্তাৰ লহৰ। যি এই চিন্তাৰ পৰা উৰ্দ্ধত থাকে তেৱেঁই নিশ্চিন্ত।

[বি:দ্ৰ: - ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]