06.04.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতাৰ ওচৰত যি সামগ্ৰী আছে, সেয়া তোমালোকে সমূলে পাইছা, তোমালোকে সেয়া ধাৰণ কৰা আৰু আনকো কৰোৱা”

প্ৰশ্ন:
ত্ৰিকালদৰ্শী পিতাই ড্ৰামাৰ আদি-মধ্য-অন্তৰ বিষয়ে জানিও কালিলৈ কি হ’ব সেয়া আজি নকয় - কিয়?

উত্তৰ:
বাবাই কয় - সন্তানসকল যদি মই আগতেই কৈ দিওঁ তেতিয়া ড্ৰামাৰ মজাই নাথাকিব। এয়া বিধিয়ে নকয়। সকলো জানিও মই ড্ৰামাৰ বশীভূত হওঁ। আগতিয়াকৈ শুনাব নোৱাৰোঁ, সেইবাবে কি হ’ব তোমালোকে তাৰ চিন্তা এৰা।

গীত:
মৰনা তেৰী গলী মে...... (তোমাৰ গলিতে যেন মৰোঁ......)

ওঁম্শান্তি।
এওঁ হৈছে পাৰলৌকিক আত্মাসকলৰ পিতা। আত্মাসকলৰ সৈতেহে কথা পাতে। তেওঁৰ ‘সন্তান’ ‘সন্তান’ বুলি কোৱাৰ অভ্যাস হৈ যায়। যদিও শৰীৰ কন্যাৰ কিন্তু আত্মাতো সকলো সন্তানেই হয়। সকলো আত্মাই উত্তৰাধিকাৰী অৰ্থাৎ উত্তৰাধিকাৰ লোৱাৰ অধিকাৰী। পিতা আহি কয় - সন্তানসকল তোমালোক প্ৰত্যেকৰে উত্তৰাধিকাৰ লোৱাৰ অধিকাৰ আছে। বেহদৰ পিতাক বহুত স্মৰণ কৰিব লাগে, তাতেই পৰিশ্ৰম হয়। বাবা আমাক পঢ়াবলৈ পৰমধামৰ পৰা আহিছে। সাধু-সন্তসকলতো নিজৰ ঘৰৰ পৰা আহে বা কোনোবা গাঁৱৰ পৰা আহে। বাবাতো আমাক পঢ়াবলৈ পৰমধামৰ পৰা আহে। এইটো আন কোনেও নাজানে। বেহদৰ পিতা তেৱেঁই পতিত-পাৱন ঈশ্বৰ পিতা। তেওঁক জ্ঞানৰ সাগৰ বুলিও কোৱা হয়, হৰ্তা-কৰ্তা হয় নহয়। কি জ্ঞান? ঈশ্বৰীয় জ্ঞান আছে। পিতা হৈছে মনুষ্য সৃষ্টিৰ বীজ ৰূপ। সত্য-চৈতন্য-আনন্দ স্বৰূপ। তেওঁৰ বহুত শ্ৰেষ্ঠ মহিমা আছে। তেওঁৰ ওচৰত এই সামগ্ৰীসমূহ আছে। কাৰোবাৰ দোকান থাকিলে, ক’ব আমাৰ দোকানত ইমানবিলাক ভিন্ন ভিন্ন সামগ্ৰী আছে। পিতায়ো কয় মই জ্ঞানৰ সাগৰ হওঁ, আনন্দৰ সাগৰ হওঁ, শান্তিৰ সাগৰ হওঁ। মোৰ ওচৰত এই সকলোবোৰ সামগ্ৰী মজুত আছে। মই সংগমত আহোঁ বিতৰণ কৰিবলৈ, যিখিনি মোৰ ওচৰত আছে সকলোবোৰ বিতৰণ কৰোঁ বাকী যিমান যিয়ে ধাৰণ কৰে অথবা যিমান পুৰুষাৰ্থ কৰে। সন্তানসকলে জানে - পিতাৰ ওচৰত কি কি আছে আৰু সঠিককৈ জানে। আজিকালি কাকো কোনেও নিজৰ সবিশেষ নজনায়। গায়ন কৰা হৈছে - কাৰোবাৰ ধূলিত মিলি যায়… এই সকলোবোৰ এতিয়াৰ কথা। জুই লাগিব সকলো শেষ হৈ যাব। ৰজাসকলৰ বহুত ডাঙৰ মজবুত সুৰংগ থাকে। ভূমিকম্প হ’লে, ভয়ানক অগ্নিকাণ্ড হ’লে তেতিয়াও ভিতৰৰ পৰা ওলাই আহে। তোমালোক সন্তানসকলে জানা যে ইয়াৰ কোনো বস্তুৱেই তাত কামত নাহে। খনিসমূহো সকলো নতুনকৈ ভৰপূৰ হৈ যায়। বিজ্ঞানো পৰিশোধিত হৈ তোমালোকৰ কামত আহিব। তোমালোক সন্তানসকলৰ বুদ্ধিত এতিয়া গোটেই জ্ঞান আছে। সন্তানসকলে জানে আমি সৃষ্টিৰ আদি-মধ্য-অন্তক জানো। বাকী শেষৰ কিছু অংশ আছে, সেয়াও জানি যাবা। বাবাই আগতেই সকলো কেনেকৈ কৈ দিব, পিতাই কয় - ময়ো ড্ৰামাৰ বশীভূত, যি জ্ঞান এতিয়ালৈকে পাইছা সেয়াই ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। যিটো চেকেণ্ড পাৰ হৈ গ’ল, তাক ড্ৰামা বুলি বুজিব লাগে। বাকী যি কালিলৈ হ’ব সেয়া দেখা যাব। অহাকালিৰ কথা আজি নুশুনাওঁ। এই ড্ৰামাৰ ৰহস্য মনুষ্যই বুজি নাপায়। কল্পৰ আয়ুসেই কিমান দীঘলীয়া কৰি দিলে। এই ড্ৰামাখন বুজিবলৈও বহুত সাহসৰ প্ৰয়োজন। মা মৰিলেও হালোৱা খাবা… বুজি পায় যে মৃত্যু হ’ল, গৈ অন্য জন্ম ল’লে। আমি কন্দা-কটা কিয় কৰোঁ? বাবাই বুজাইছে - বাতৰিকাকতত তোমালোকে লিখিব পাৰা, এই প্ৰদৰ্শনী আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে এই তাৰিখতে, এই স্থানতে এইটো ৰীতিৰেই অনুস্থিত হৈছিল। এই বিশ্বৰ ইতিহাস-ভূগোল পুনৰাবৃত্তি হৈ আছে, লিখি দিব লাগে। এইটোতো জানে যে – এই সৃষ্টিৰ আৰু কিছুদিনহে বাকী আছে, এই সকলোবোৰ নাশ হৈ যাব। আমিতো পুৰুষাৰ্থ কৰি বিকৰ্মাজিৎ হৈ যাম পুনৰ দ্বাপৰৰ পৰা বিক্ৰম শতিকা আৰম্ভ হয় অৰ্থাৎ বিকৰ্ম হোৱাৰ শতিকা। এই সময়ত তোমালোকে বিকৰ্মৰ ওপৰত জয়ী হোৱা সেয়েহে বিকৰ্মাজিৎ হৈ যোৱা। পাপ কৰ্মৰ শ্ৰীমতৰ পৰা জয়ী হৈ বিকৰ্মাজিৎ হৈ যোৱা। তাত তোমালোক আত্ম-অভিমানী হোৱা। তাত দেহ-অভিমান নাথাকে। কলিযুগত দেহ–অভিমান আছে। সংগমযুগত তোমালোক দেহী-অভিমানী হোৱা। পৰমপিতা পৰমাত্মাকো জানা। এয়া হৈছে শুদ্ধ অভিমান। তোমালোক ব্ৰাহ্মণ হৈছা সকলোতকৈ উচ্চ। তোমালোক হৈছা সৰ্বোত্তম ব্ৰাহ্মণ কুল ভূষণ। এই জ্ঞান কেৱল তোমালোকেহে পোৱা, আন কোনেও নাপায়। তোমালোকৰ এয়া সৰ্বোত্তম কুল। গায়নো কৰা হয় যে অতীন্দ্ৰিয় সুখ গোপী বল্লভৰ সন্তানসকলক সোধা। তোমালোকে এতিয়া লটাৰি পোৱা। কোনো বস্তু পাই গ’লে, তাৰ বাবে ইমান আনন্দিত নহয়। যেতিয়া গৰিবৰ পৰা চহকী হৈ যায় তেতিয়া আনন্দিত হয়। তোমালোকেও জানা যে আমি যিমান পুৰুষাৰ্থ কৰিম সিমান পিতাৰ পৰা ৰাজধানীৰ উত্তৰাধিকাৰ পাম। যিয়ে যিমান পুৰুষাৰ্থ কৰিব সিমান পাব। মুখ্য কথাটি পিতাই কয় - সন্তানসকল নিজৰ অতিকৈ মৰমৰ পিতাক স্মৰণ কৰা। তেওঁ হৈছে সকলোৰে অতিকৈ মৰমৰ পিতা।

তেৱেঁই আহি সকলোকে সুখ শান্তি দিয়ে। এতিয়া দেৱী-দেৱতাসকলৰ ৰাজধানী স্থাপন হৈ আছে। তাত ৰজা-ৰাণী নাথাকে। তাত কোৱা হ’ব মহাৰজা-মহাৰাণী। যদি ভগৱান-ভগৱতী বুলি কয় তেতিয়া আকৌ যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা, সকলো ভগৱান-ভগৱতী হৈ যাব সেইবাবে ভগৱান-ভগৱতী বুলি কোৱা নহয়। ভগৱান এজন। মনুষ্যক ভগৱান বুলি কোৱা নহয়। সূক্ষ্মলোকবাসী ব্ৰহ্মা, বিষ্ণু শংকৰকো দেৱতা বুলি কয়। স্থূললোক নিবাসীক আমি কেনেকৈ ভগৱান-ভগৱতী বুলি ক’ম। উচ্চতকৈও উচ্চ হৈছে মূললোক তাৰপাছত সূক্ষ্মলোক, এয়া (স্থূললোক) হ’ল তৃতীয় নম্বৰ। এয়া তোমালোকৰ বুদ্ধিত থাকিব লাগে। আমাৰ অৰ্থাৎ আত্মাসকলৰ পিতা শিৱবাবাহে, আকৌ শিক্ষকো হয়, গুৰুও হয়। সোণাৰী, বেৰিষ্টাৰ আদি সকলো হয়। সকলোকে ৰাৱণৰ কাৰগাৰৰ পৰা মুক্ত কৰে। শিৱবাবা কিমান ডাঙৰ বেৰিষ্টাৰ। গতিকে এনেকুৱা পিতাক কিয় পাহৰিব লাগে। কিয় কয়, বাবা আমি পাহৰি যাওঁ। মায়াৰ বহুত ধুমুহা আহে। পিতাই কয় - এয়াতো হ’বই। অলপতো পৰিশ্ৰম কৰিবলগীয়া হয়। এয়া হৈছে মায়াৰ লগত যুদ্ধ। তোমালোক পাণ্ডৱসকলৰ কোনো কৌৰৱৰ লগত যুদ্ধ নহয়। পাণ্ডৱে কেনেকৈ যুদ্ধ কৰিব। তেতিয়াতো আকৌ হিংসক হৈ যাব। পিতাই কেতিয়াও হিংসা কৰিবলৈ নিশিকায়। একোৱেই বুজিব নোৱাৰে। বাস্তৱত আমাৰ কোনো যুদ্ধ নহয়। বাবাই কেৱল যুক্তি শুনায় যে মোক স্মৰণ কৰা, তেতিয়া মায়াৰ প্ৰহাৰ নহ’ব। এই সন্দৰ্ভতো এটা কাহিনী আছে, সুধিলে যে প্ৰথমে সুখ লাগেনে দুখ? তেতিয়া ক’লে – সুখ। সত্যযুগত দুখ হ’ব নোৱাৰে।

তোমালোকে জানা - এই সময়ত সকলো সীতা ৰাৱণৰ শোকৰ বাগিচাত আছে। এই গোটেই সৃষ্টিখন সাগৰৰ মাজত লঙ্কা সদৃশ। এতিয়া সকলো ৰাৱণৰ কাৰাগাৰত পৰি আছে। সকলোৰে সৎগতি কৰিবলৈ পিতা আহিছে। সকলো শোকৰ বাগিচাত আছে। স্বৰ্গত হৈছে সুখ, নৰকত হৈছে দুখ। ইয়াক শোকৰ বাগিচা বুলি কোৱা হ’ব। সেয়া হৈছে অশোক (শোক নথকা), স্বৰ্গ। বহুত ডাঙৰ পাৰ্থক্য আছে। তোমালোক সন্তানসকলে চেষ্টা কৰি পিতাক স্মৰণ কৰিব লাগে তেতিয়া আনন্দৰ পাৰা উৰ্দ্ধগামী হ’ব। বাবাৰ ৰায় অনুসৰি যদি নচলা তেন্তে সতীয়া সন্তান হ’লা। তেতিয়া প্ৰজাত গুচি যাবা। নিজৰ হ’লে ৰাজধানীত আহি যাব। যদি ৰাজধানীত আহিব বিচৰা তেন্তে শ্ৰীমতত চলিব লাগিব। শ্ৰীকৃষ্ণৰ মত পোৱা নাযায়। মত হৈছে দুটা। তোমালোকে এতিয়া শ্ৰীমত লোৱা আকৌ সত্যযুগত ইয়াৰ ফল ভোগ কৰা। পুনৰ দ্বাপৰত ৰাৱণৰ মত পোৱা যায়। ৰাৱণৰ মতত সকলো অসুৰ হৈ যায়। তোমালোকে ঈশ্বৰীয় মত পোৱা। মত দিওঁতা এজনেই পিতা। তেওঁ হৈছে ঈশ্বৰ। তোমালোক ঈশ্বৰীয় মতেৰে কিমান পৱিত্ৰ হোৱা। প্ৰথম পাপ হৈছে - বিষয় সাগৰত ডুবি থকা। দেৱতাসকল বিষয় সাগৰত ডুবি নাথাকিব। ক’ব যে কি তাত সন্তান জন্ম নহয় নেকি? সন্তান কিয় জন্ম নহ’ব! কিন্তু সেইখন হয়েই বিকাৰ ৰহিত সৃষ্টি, সম্পূৰ্ণ নিৰ্বিকাৰী। তাত এই বিকাৰবোৰ নাথাকে। পিতাই বুজাইছে - দেৱতাসকল কেৱল আত্ম-অভিমানী হয়, পৰমাত্ম-অভিমানী নহয়। তোমালোক আত্ম-অভিমানীও হোৱা, পৰমাত্ম-অভিমানীও হোৱা। প্ৰথমতে দুয়োটাই নাছিল। সত্যযুগত পৰমাত্মাক নাজানে। আত্মাক জানে যে মই আত্মাই এই পুৰণা শৰীৰ এৰি পুনৰ গৈ নতুন শৰীৰ ল’ম। আগতেই গম পাই যায়, এতিয়া পুৰণা শৰীৰ এৰি নতুন শৰীৰ ল’ব লাগে। সন্তান হ’লেও প্ৰথমেই সাক্ষাৎকাৰ হৈ যায়। যোগবলেৰে তোমালোক গোটেই বিশ্বৰ মালিক হৈ যোৱা। তেন্তে যোগবলেৰে সন্তান জন্ম হ’ব নোৱাৰে জানো! যোগবলেৰে তোমালোকে যিকোনো বস্তুকে পাৱন কৰি তুলিব পাৰা। কিন্তু তোমালোকে স্মৃতি পাহৰি যোৱা। কিছুমানৰ অভ্যাস হৈ যায়। বহুত সন্ন্যাসীও আছে যিসকলে ভোজনক আদৰ কৰে, গতিকে সেই সময়ত বহুত মন্ত্ৰ পাঠ কৰিহে খায়। তোমালোককো সংযমৰ বিষয়ে কোৱা হৈছে। কোনো ধৰণৰ মদ-মাংস খাব নালাগে। তোমালোক দেৱতা হোৱা নহয়। দেৱতাসকলে কেতিয়াও লেতেৰা বস্তু নাখায়। গতিকে এনেকুৱা পৱিত্ৰ হ’ব লাগে। পিতাই কয় - মোৰ দ্বাৰা তোমালোকে মোক জানিলে সকলো জানি যাবা। তেতিয়া জানিবলৈ আৰু একো বাকী নাথাকিব। সত্যযুগত আকৌ পঢ়াও বেলেগ হয়। এই মৃত্যুলোকৰ পঢ়া এতিয়া অন্ত হ’ব। মৃত্যুলোকৰ সকলো কাম-কাজ শেষ হৈ পুনৰ অমৰলোক আৰম্ভ হ’ব। সন্তানসকলৰ ইমান নিচা বাঢ়িব লাগে। অমৰলোকৰ মালিক আছিলা, তোমালোক সন্তানসকল অতিন্দ্ৰীয় সুখ, পৰম সুখত থাকিব লাগে। পৰমপিতা পৰমাত্মাৰ আমি সন্তান অথবা বিদ্যাৰ্থী। পৰমপিতা পৰমাত্মাই এতিয়া আমাক ঘৰলৈ লৈ যাব, ইয়াকে পৰমানন্দ বুলি কোৱা হয়। সত্যযুগত এই কথাবোৰ নাথাকে। এয়া তোমালোকে এতিয়া শুনা, এই সময়ত ঈশ্বৰীয় পৰিয়ালৰ হোৱা। এতিয়াৰে গায়ন কৰা হৈছে - অতিন্দ্ৰীয় সুখ গোপ গোপীসকলক সোধা। পৰমধাম নিবাসী বাবা আহি আমাৰ পিতা, শিক্ষক, গুৰু হয়। তিনিওজনেই সেৱক হ’ল। কোনো অভিমান নকৰে। কয় - মই তোমালোকৰ সেৱা কৰি তোমালোকক সকলো দি নিৰ্বাণধামত গৈ বহি যাম, তেন্তে সেৱক নহ’লো জানো। ৰাজপ্ৰতিনিধি আদিয়ে স্বাক্ষৰ কৰিলে সদায় ‘একান্ত সেৱক’ বুলি লিখে। বাবাও নিৰাকাৰ, নিৰহংকাৰী হয়। কেনেকৈ বহি পঢ়ায়। ইমান উচ্চ পঢ়া আন কোনেও পঢ়াব নোৱাৰে। ইমানবোৰ সাৰ কথা কোনেও শুনাব নোৱাৰে। মনুষ্যইতো জানিব নোৱাৰে, এওঁলোকক যে কোনো গুৰুৱে শিকোৱা নাই। গুৰু হ’লেতো বহুতৰে হ’ব। এজনৰ জানো হ’ব? এই পিতাইহে পতিতক পাৱন কৰি তোলে। আদি সনাতন দেৱী-দেৱতাৰ ধৰ্ম প্ৰতিষ্ঠা কৰি আছে। বাবাই কয় - মই কল্পই কল্পই, কল্পৰ সংগমযুগত আহোঁ। এনেকৈ কয় নহয় যে বাবা আমি কল্প পূৰ্বেও মিলিত হৈছিলোঁ। পিতাহে আহি পতিতসকলক পাৱন কৰি তুলিব। 21 জন্মৰ বাবে তোমালোক সন্তানসকলক পাৱন কৰি তোলোঁ। গতিকে এই সকলোবোৰ ধাৰণ কৰিব লাগে তাৰপাছত ক’ব লাগে - বাবাই কি বুজালে। পিতাৰ পৰা আমি ভবিষ্যত 21 জন্মৰ উত্তৰাধিকাৰ লওঁ। এই কথাটি স্মৃতিত থাকিলে তেতিয়া আনন্দিত হৈ থাকিবা। এয়া পৰম-আনন্দ। মাষ্টৰ জ্ঞানেৰে পৰিপূৰ্ণ, আনন্দেৰে পৰিপূৰ্ণ এই সকলো বৰদান পিতাৰ পৰা এতিয়া তোমালোকে পোৱা। সত্যযুগততো অজ্ঞ হ’বা। এই লক্ষ্মী-নাৰায়ণৰতো একোৱেই জ্ঞান নাই। এওঁলোকৰ জ্ঞান থকাহেতেঁন তেতিয়া পৰম্পৰাগতভাৱে চলি আহিলহেঁতেন। তোমালোকৰ নিচিনা পৰম আনন্দিত দেৱতাসকলো হ’ব নোৱাৰে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) দেৱতা হ’বৰ কাৰণে খোৱা-বোৱাত বহুত শুদ্ধি ৰাখিব লাগে। বহুত সংযমেৰে চলিব লাগে। যোগবলেৰে ভোজনত দৃষ্টি দি শুদ্ধ কৰি গ্ৰহণ কৰিব লাগে।

(2) আমি পৰমপিতা পৰমাত্মাৰ সন্তান অথবা বিদ্যাৰ্থী, তেওঁ এতিয়া আমাক নিজৰ ঘৰলৈ লৈ যাব, এইটো নিচাত থাকি পৰম সুখ, পৰম আনন্দৰ অনুভৱ কৰিব লাগে।

বৰদান:
সেৱাৰ প্ৰতি থকা নিষ্ঠাৰ দ্বাৰা লৌকিকক অলৌকিক প্ৰবৃত্তিলৈ পৰিৱৰ্তন কৰোঁতা নিৰন্তৰ সেৱাধাৰী হোৱা

সেৱাধাৰীৰ কৰ্তব্য হ’ল নিৰন্তৰ সেৱাত ব্ৰতী হৈ থকা - মনৰে সেৱা হওঁক অথবা বাণীৰ বা কৰ্মৰে সেৱা হওঁক। সেৱাধাৰীয়ে কেতিয়াও সেৱাক নিজৰ পৰা পৃথক বুলি নাভাবে। যাৰ বুদ্ধিত সদায় সেৱাৰ প্ৰতি নিষ্ঠা থাকে তেওঁলোকৰ লৌকিক প্ৰবৃত্তি সলনি হৈ ঈশ্বৰীয় প্ৰবৃত্তি হৈ যায়। সেৱাধাৰীয়ে ঘৰক ঘৰ বুলি নাভাবে, সেৱা স্থান বুলি বুজি চলে। সেৱাধাৰীৰ মুখ্য গুণ হ’ল ত্যাগ। ত্যাগ বৃত্তিধাৰীসকলে প্ৰবৃত্তিত তপস্যামূৰ্ত হৈ থাকে যাৰ দ্বাৰা সেৱা স্বতঃ হয়।

স্লোগান:
নিজৰ সংস্কাৰসমূহক দিব্য কৰি তুলিবলৈ হ’লে মন-বুদ্ধি পিতাৰ প্ৰতি সমৰ্পণ কৰি দিয়া।


অব্যক্ত ইংগিত: মহান হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা

যিকোনো আত্মাক দুটি মুহূৰ্তৰ বাবে মধুৰ দৃষ্টি দি দিয়া। মধুৰ বাণী কোৱা, তেতিয়া সেই আত্মাটিক সদাকালৰ বাবে ভৰপূৰ কৰি দিবা। এই দুটি মুহূৰ্তৰ মধুৰ দৃষ্টি আৰু মধুৰ বাণীয়ে সেই আত্মাটিৰ সৃষ্টি সলাই দিব । দুষাৰ মধুৰ বাণী সদাকালৰ বাবে পৰিৱৰ্তনৰ নিমিত্ত হৈ যাব ।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]