06.05.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
স্মৃতিত থকাৰ পৰিশ্ৰম কৰা তেতিয়া পাৱন হৈ গৈ থাকিবা, এতিয়া পিতাই তোমালোকক পঢ়াই আছে
আকৌ লগত লৈ যাবগৈ”
প্ৰশ্ন:
কোনটো সংবাদ
তোমালোকে সকলোকে দিব লাগে?
উত্তৰ:
এতিয়া ঘৰলৈ যাব লাগে সেইবাবে পাৱন হোৱা। পতিত-পাৱন পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া
পাৱন হৈ যাবা, এইটো সংবাদ সকলোকে দিয়া। পিতাই নিজৰ পৰিচয় তোমালোক সন্তানসকলক দিছে,
এতিয়া তোমালোকৰ কৰ্তব্য হ’ল পিতাক প্ৰত্যক্ষ কৰা। কোৱাও হয় সন্তানে পিতাকক
প্ৰত্যক্ষ কৰায়।
গীত:
মৰনা তেৰী গলী
মে….. (তোমাৰ গ’লিতেই যেন মৰোঁ…..)
ওঁম্শান্তি।
সন্তানসকলে
গীতটিৰ অৰ্থ শুনিলে যে বাবা আমি আপোনাৰ ৰুদ্ৰ মালাৰ গাঁথনিত আহিমেই। এই গীতটিতো
ভক্তিমাৰ্গত ৰচনা কৰা গীত, জগতত যিবোৰ সামগ্ৰী আছে, জপ-তপ, পূজা-পাঠ এই সকলোবোৰ হ’ল
ভক্তিমাৰ্গ। ভক্তি হৈছে ৰাৱণৰাজ্য, জ্ঞান হৈছে ৰামৰাজ্য। জ্ঞানক কোৱা হয় ‘ন’লেজ’,
অধ্যয়ন। ভক্তিক অধ্যয়ন বুলি নকয়। তাত কোনো উদ্দেশ্য নাই যে আমি কি হ’মগৈ, ভক্তি
অধ্যয়ন নহয়। ৰাজযোগ শিকাতো হৈছে অধ্যয়ন, অধ্যয়ন একে স্থানত স্কুলত কৰা হয়। ভক্তিততো
দুৱাৰে দুৱাৰে ঠেলা-গঁতা খাই থাকে। অধ্যয়ন মানে অধ্যয়ন। গতিকে অধ্যয়ন পূৰা ৰীতিৰে
কৰিব লাগে। সন্তানসকলে জানে যে আমি বিদ্যাৰ্থী। বহুত আছে যিয়ে নিজক বিদ্যাৰ্থী বুলি
নাভাবে, কিয়নো নপঢ়েই। পিতাক পিতা বুলি নাভাবে আৰু শিৱবাবাক সৎগতি দাতা বুলিও নাভাবে।
এনেকুৱাও আছে বুদ্ধিত একো ধাৰণেই নহয়, ৰাজধানী স্থাপনা হয় নহয়। ৰাজধানীত সকলো
প্ৰকাৰৰে থাকে। পিতা আহিছেই পতিতক পাৱন কৰি তুলিবলৈ। পিতাক আহ্বান জনায় – হে
পতিত-পাৱন আহক। এতিয়া পিতাই কয় - পাৱন হোৱা। পিতাক স্মৰণ কৰা। প্ৰত্যেককে পিতাৰ
সংবাদ দিব লাগে। এই সময়ত ভাৰতেই বেশ্যালয়। আগতে ভাৰতেই শিৱালয় আছিল। এতিয়া দুয়োটা
মুকুটেই নাই। এইটোও তোমালোক সন্তানসকলেহে জানা এতিয়া পতিত-পাৱন পিতাই কয় - মোক
স্মৰণ কৰা তেতিয়া তোমালোক পতিতৰ পৰা পাৱন হৈ যাবা। স্মৃতিত থকাৰ ক্ষেত্ৰতেই পৰিশ্ৰম
কৰিবলগীয়া হয়। বহুত কম আছে যি পিতাৰ স্মৃতিত থাকে। ভক্ত মালাও কম সংখ্যকৰে নহয় জানো।
‘ধন্না ভকত’, ‘নাৰদ’, ‘মীৰা’ আদিৰ নাম আছে। এওঁলোকৰ ভিতৰতো সকলোৱেতো আহি নপঢ়িব।
কল্প পূৰ্বে যিয়ে পঢ়িছিল, তেওঁলোকেই আহে। কয়ো যে বাবা আমি আপোনাক কল্প পূৰ্বেও লগ
পাইছিলোঁ, পঢ়িবলৈ বা স্মৃতিৰ যাত্ৰা শিকিবলৈ। এতিয়া পিতা আহিছেই তোমালোক সন্তানসকলক
লৈ যাবলৈ। পিতাই বুজায় - তোমালোক আত্মা পতিত সেইকাৰণে আহ্বান জনোৱা যে আহি আমাক
পাৱন কৰি তোলক। এতিয়া পিতাই কয় - মোক স্মৰণ কৰা, পৱিত্ৰ হোৱা। পিতাই পঢ়ায় আকৌ লগত
লৈয়ো যাব। সন্তানসকল বহুত আন্তৰিক আনন্দত থাকিব লাগে। পিতাই পঢ়াই আছে, কৃষ্ণক পিতা
বুলি কোৱা নহয়। কৃষ্ণক পতিত-পাৱন বুলি কোৱা নহ’ব। এইটো কোনেও গম নাপায় যে পিতা বুলি
কাক কোৱা হয় আৰু তেওঁ জ্ঞান কেনেকৈ দিয়ে। এইটো তোমালোকেহে জানা। পিতাই নিজৰ পৰিচয়
সন্তানসকলকহে দিয়ে। নতুন কাকো পিতাই সাক্ষাৎ কৰিব নোৱাৰে। পিতাই ক’ব – সন্তানে
পিতাক প্ৰত্যক্ষ কৰে। সন্তানসকলেহে পিতাক প্ৰত্যক্ষ কৰাব। পিতাই কাকো সাক্ষাৎ নকৰে
আৰু কথাও নাপাতে। যদিও ইমান সময়ে পিতাই নতুনসকলক সাক্ষাৎ কৰি আহিছে, ড্ৰামাত আছিল,
অনেক আহিছিল। মিলিটেৰীসকলৰ কাৰণেও পিতাই বুজাইছে, তেওঁলোকক উদ্ধাৰ কৰিব লাগে,
তেওঁলোকেও পেছাগত কাম কৰিবই লাগিব। নহ’লেতো শত্ৰুৱে আক্ৰমণ কৰি দিব। কেৱল পিতাক
স্মৰণ কৰিব লাগে। ‘গীতা’ত আছে যিয়ে যুদ্ধক্ষেত্ৰত শৰীৰ এৰিব, তেওঁ স্বৰ্গলৈ যাব।
কিন্তু এনেকৈতো যাব নোৱাৰে। স্বৰ্গ স্থাপনা কৰোঁতাজন যেতিয়া আহিব তেতিয়াহে যাব।
স্বৰ্গ কি বস্তু, এইটোও কোনেও নাজানে। এতিয়া তোমালোক সন্তানসকলে 5 বিকাৰ ৰূপী ৰাৱণৰ
সৈতে যুদ্ধ কৰা, পিতাই কয় - অশৰীৰী হোৱা। নিজক আত্মা বুলি নিশ্চয় কৰি মোক স্মৰণ কৰা।
আৰু কোনেও এনেকৈ ক’ব নোৱাৰে।
সৰ্বশক্তিমান বুলি এজন পিতাৰ বাহিৰে আন কাকো ক’ব নোৱাৰি। ব্ৰহ্মা-বিষ্ণু-শঙ্কৰক
‘শ্ৰী’ বুলি ক’ব নোৱাৰি। সৰ্বশক্তিমান একমাত্ৰ পিতাই হয়। বিশ্বৰ সৰ্বশক্তিমান
হৰ্তা-কৰ্তা, জ্ঞানৰ সাগৰ বুলি একমাত্ৰ পিতাকেই কোৱা হয়। এই যি সাধু-সন্ত আদি আছে
তেওঁলোক হ’ল শাস্ত্ৰৰ হৰ্তা-কৰ্তা। ভক্তিৰো হৰ্তা-কৰ্তা বুলি কোৱা নহ’ব। শাস্ত্ৰৰ
হৰ্তা-কৰ্তা, তেওঁলোকৰ সকলো শাস্ত্ৰৰ ওপৰত নিৰ্ভৰশীল। এনেকৈ ভাবে যে ভক্তিৰ ফল
ভগৱানে দিব লাগে। ভক্তি কেতিয়া আৰম্ভ হ’ল, কেতিয়া পূৰ্ণ হয়, এয়া গম নাপায়। ভক্তই
ভাবে ভক্তিৰে ভগৱান ৰাজী হ’ব। ভগৱানৰ সৈতে মিলিত হোৱাৰ ইচ্ছা থাকে, কিন্তু তেওঁ কাৰ
ভক্তিৰে ৰাজী হ’ব? নিশ্চয় তেওঁৰেই ভক্তি কৰিব তেতিয়াহে ৰাজী হ’ব নহয়। তোমালোকে
শঙ্কৰৰ ভক্তি কৰিলে তেতিয়া পিতা কেনেকৈ ৰাজী হ’ব, হনুমানৰ ভক্তি কৰিলে জানো পিতা
ৰাজী হ’ব? সাক্ষাৎকাৰ হৈ যায়, বাকী একো নাপায়। পিতাই কয় - যদিও মই সাক্ষাৎকাৰ কৰাওঁ,
কিন্তু এনেকুৱা নহয় যে মোৰ সৈতে আহি মিলিত হ’ব। নহয়, তোমালোক মোৰ সৈতে মিলিত হোৱা।
ভক্তই ভক্তি কৰে ভগৱানক লগ পাবৰ কাৰণে। এনেকৈ কয় - গম নাপাওঁ যে ভগৱান কি ৰূপত আহি
লগ কৰিব, সেইবাবে তাক কোৱা হয় অন্ধবিশ্বাস। এতিয়া তোমালোক পিতাৰ সৈতে মিলিত হৈছা।
এইটো জানা যে তেওঁ নিৰাকাৰ পিতাই যেতিয়া শৰীৰ ধাৰণ কৰিব তেতিয়াহে নিজৰ পৰিচয় দিব যে
মই তোমালোকৰ পিতা। 5 হাজাৰ বছৰ পূৰ্বেও তোমালোকক ৰাজ্য-ভাগ্য দিছিলোঁ পুনৰ তোমালোকে
84 জন্ম ল'বলগীয়া হয়। এই সৃষ্টি চক্ৰ ঘূৰি থাকে। দ্বাপৰৰ পাছতহে অন্য ধৰ্মবোৰ আহে,
আহি নিজৰ নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। ইয়াত কোনো মহিমা গোৱাৰ কথা নাই। মহিমা কাৰোৰে
গাবলগীয়া নাই। ব্ৰহ্মাৰ মহিমা তেতিয়া হয় যেতিয়া পিতা আহি প্ৰৱেশ কৰে। নহ'লেতো এওঁ
বেপাৰ কৰিছিল, এৱোঁ জানিছিল জানো যে তেওঁৰ শৰীৰত ভগৱান আহিব। পিতাই প্ৰৱেশ কৰি
বুজাইছে যে কেনেকৈ মই এওঁৰ শৰীৰত প্ৰৱেশ কৰিলোঁ। কেনেকৈ এওঁক দেখুৱালোঁ - মোৰ মানেই
তোমাৰ, তোমাৰ মানেই মোৰ, চাই লোৱা। তুমি নিজৰ তন-মন-ধনৰে মোৰ সহায়কাৰী হোৱা গতিকে
তাৰ বিনিময়ত তুমি এয়া পাবা। পিতাই কয় - মই সাধাৰণ শৰীৰত প্ৰৱেশ কৰোঁ, যিয়ে নিজৰ
জন্মক নাজানে। কিন্তু মই কেতিয়া আহোঁ, কেনেকৈ আহোঁ, এইটো কোনেও নাজানে। এতিয়া
তোমালোকে দেখিছা সাধাৰণ শৰীৰত পিতাই প্ৰৱেশ কৰিছে। এওঁৰ দ্বাৰা আমাক জ্ঞান আৰু যোগ
শিকাই আছে। জ্ঞানতো বহুত সহজ। নৰকৰ দ্বাৰ বন্ধ হৈ স্বৰ্গৰ দ্বাৰ কেনেকৈ খোলে - এয়াও
তোমালোকে জানা। দ্বাপৰত ৰাৱণৰাজ্য আৰম্ভ হয় অৰ্থাৎ নৰকৰ দ্বাৰ মুকলি হয়। নতুন আৰু
পুৰণি সৃষ্টিক আধা আধা হিচাপত ৰখা হয়। গতিকে এতিয়া পিতাই কয় - মই তোমালোক
সন্তানসকলক পতিতৰ পৰা পাৱন হোৱাৰ যুক্তি (উপায়) শুনাওঁ। পিতাক স্মৰণ কৰিলে
জন্ম-জন্মান্তৰৰ পাপ নাশ হৈ যাব। এই জন্মৰ পাপৰ বিষয়েও কৈ দিব লাগে। স্মৃতিততো থাকে
নহয় যে কি পাপ কৰিছোঁ? কি কি দান-পুণ্য কৰিছোঁ? এওঁ নিজৰ শৈশৱৰ বিষয়ে জ্ঞাত হয় নহয়।
শ্ৰীকৃষ্ণৰে নাম ক’লা আৰু বগা, শ্যাম-সুন্দৰ। তাৰ অৰ্থ কেতিয়াও কাৰো বুদ্ধিত উদয়
নহ’ব। নাম শ্যাম-সুন্দৰ হয় গতিকে চিত্ৰত ক'লা কৰি দিছে। ৰঘুনাথৰ মন্দিৰত দেখিবা -
তাতো ক'লা, হনুমানৰ মন্দিৰ চোৱা, গতিকে সকলোকে ক'লা কৰি দিয়ে। এইখন হয়েই পতিত সৃষ্টি।
এতিয়া তোমালোক সন্তানসকলৰ চিন্তা থাকে যে আমি শ্যামবৰণীয়া অৰ্থাৎ পতিতৰ পৰা সুন্দৰ
অৰ্থাৎ পাৱন হ’ব লাগে। তাৰ বাবে তোমালোক পিতাৰ স্মৃতিত থাকা। পিতাই কয় - এয়া অন্তিম
জন্ম। মোক স্মৰণ কৰিলে পাপ ভস্ম হ'ব। এইটো জানা যে পিতা লৈ যাব কাৰণে আহিছে। গতিকে
নিশ্চয় শৰীৰ ইয়াতেই ত্যাগ কৰিবা। শৰীৰ সহিত জানো লৈ যাব। পতিত আত্মাসকলো যাব নোৱাৰে।
নিশ্চয় পিতাই পাৱন হোৱাৰ যুক্তি শুনাব। সেয়েহে কয় - মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম
বিনাশ হ'ব। ভক্তিমাৰ্গত হৈছে অন্ধশ্ৰদ্ধা। ‘শিৱ কাশী’ বুলি কয় আকৌ কয় শিৱই গংগাক
আনিলে, ভাগীৰথৰ পৰা গংগা ওলাল। এতিয়া পানী মূৰৰ পৰা কেনেকৈ ওলাব। ভাগীৰথ ওপৰত
পাহাৰত বহি আছে জানো, যাৰ জঁটৰ পৰা গংগা ওলাই আহিব! পানী যি বৰষে, সাগৰৰ পৰা বাস্প
হৈ উৰি যায়, যি পানী গোটেই জগতলৈকে যায়। নদীতো সকলো ফালে আছে। পাহাৰত বৰফ জমা হৈ
যায়, সেই পানীও আহি থাকে। পাহাৰৰ ভিতৰত গুহাত যি পানী জমা হৈ থাকে, সেয়া আকৌ কুঁৱালৈ
আহি থাকে। সেয়াও বৰষুণৰ আধাৰতে হয়। বৰষুণ নহ’লে কুঁৱাও শুকাই যায়।
এনেকৈ কয়ো যে বাবা আমাক পাৱন কৰি স্বৰ্গলৈ লৈ যাওঁক। আশাই হৈছে স্বৰ্গ, কৃষ্ণপুৰীলৈ
যোৱাৰ। বিষ্ণুপুৰীৰ বিষয়ে কোনেও গম নাপায়। শ্ৰীকৃষ্ণৰ ভক্তসকলে ক'ব - যেনিয়ে চাওঁ
কৃষ্ণই কৃষ্ণ। হেৰ’, যদি পৰমাত্মা সৰ্বব্যাপী তেন্তে এনেকৈ কিয় নোকোৱা যে যেনিয়ে
চাওঁ পৰমাত্মাই পৰমাত্মা। পৰমাত্মাৰ ভক্তসকলে আকৌ এনেকৈ কয় যে এয়া সকলো তেওঁৰে ৰূপ।
তেৱেঁই এই গোটেই লীলা কৰি আছে। ভগৱানে লীলা কৰিবৰ কাৰণে ৰূপ ধাৰণ কৰিছে। গতিকে
নিশ্চয় এতিয়া লীলা কৰিব নহয়। পৰমাত্মাৰ সৃষ্টি স্বৰ্গলৈ চোৱা, তাত আৱৰ্জনাৰ (মলিনতাৰ)
কোনো কথাই নাথাকে। ইয়াততো আৱৰ্জনাই আৱৰ্জনা আকৌ ইয়াত কৈ দিয়ে যে পৰমাত্মা সৰ্বব্যাপী
আছে। পৰমাত্মাইহে সুখ দিয়ে। সন্তান জন্মিল সুখী হ'ল, মৰি গ’লে দুখী হ’ল। হেৰ’,
ভগৱানে তোমাক বস্তু দিলে পুনৰ লৈ ল'লে তেন্তে ইয়াত তোমালোকে কন্দাৰ কি দৰকাৰ!
সত্যযুগত এই কন্দা আদিৰ দুখ নাথাকে। মোহজিৎ ৰজাৰ দৃষ্টান্ত দেখুৱাইছে। এই সকলোবোৰ
হৈছে মিছা দৃষ্টান্ত। তাত কোনো সাৰমৰ্ম নাই। সত্যযুগত ঋষি-মুনি নাথাকে। আৰু ইয়াতো
এনেকুৱা কথা হ'ব নোৱাৰে। এনেকুৱা কোনো মোহজিৎ ৰজা থাকিব নোৱাৰে। ভগৱানুবাচ - যাদৱ,
কৌৰৱ, পাণ্ডৱে কি কৰিছিল? তোমালোকৰ পিতাৰ সৈতে যোগ (বুদ্ধিৰ সংযোগ) আছে। পিতাই কয় -
মই তোমালোক সন্তানসকলৰ দ্বাৰা ভাৰতক স্বৰ্গ কৰি তোলোঁ। এতিয়া যিসকল পৱিত্ৰ হয়
তেওঁলোক পৱিত্ৰ সৃষ্টিৰ মালিক হ'বগৈ। কাৰোবাক লগ পালে তেওঁক ক’বা ভগৱানে কয় -
মামেকম্ (কেৱল মোক) স্মৰণ কৰা। মোৰ লগত প্ৰীতি গঢ়ি তোলা আৰু অন্য কাকো স্মৰণ নকৰিবা।
এয়া হৈছে অব্যভিচাৰী স্মৃতি। ইয়াত কোনো জল আদি অৰ্পণ কৰিব নালাগে। ভক্তিমাৰ্গত এই
ধান্দা আদি কৰিও স্মৰণ কৰিছিলা নহয়। গুৰুসকলেও কয়, মোক স্মৰণ কৰা, নিজৰ স্বামীক
স্মৰণ নকৰিবা। তোমালোক সন্তানসকলক কিমান কথা বুজায়। মূল কথা হৈছে যে সকলোকে এইটো
সংবাদ দিয়া - পিতাই কয় – মামেকম্ স্মৰণ কৰা। বাবা মানেই ভগৱান। ভগৱানতো নিৰাকাৰ।
শ্ৰীকৃষ্ণক সকলোৱে ভগৱান বুলি নকয়। শ্ৰীকৃষ্ণতো সন্তান হয়। শিৱবাবা এওঁৰ (ব্ৰহ্মাৰ)
শৰীৰত নাহিলে তোমালোক ইয়াত থাকিলাহেঁতেন জানো? শিৱবাবাই এওঁৰ দ্বাৰা তোমালোকক তুলি
লৈছে, নিজৰ কৰি লৈছে। এওঁ মাতাও হয়, পিতাও হয়। মাতাতো সাকাৰত লাগে নহয়। তেওঁতো হয়েই
পিতা। গতিকে এনেকুৱা কথাবোৰ ভালকৈ ধাৰণ কৰিবা।
তোমালোক সন্তানসকল কেতিয়াও কোনো কথাত বিভ্ৰান্ত হ’ব নালাগে। পঢ়া কেতিয়াও এৰি নিদিবা।
বহুত সন্তানে সংগদোষত পৰি বিতুষ্ট হৈ নিজেই পাঠশালা খুলি দিয়ে। যদিহে নিজৰ মাজত
হাই-কাজিয়া কৰি গৈ নিজে পাঠশালা খোলে সেয়া মূৰ্খালি হয়, যদি বিতুষ্ট হয় তেন্তে
পাঠশালা খোলাৰ লায়কেই নহয়। সেই দেহ-অভিমানে চলিব নিদিব কিয়নো বুদ্ধিততো শত্ৰুতা আছে
গতিকে সেয়াহে স্মৃতিত আহিব। কাকো একোৱে বুজাব নোৱাৰিব। এনেকুৱাও হয়, যাক জ্ঞান দিয়ে
তেওঁ তীব্ৰ গতিত আগবাঢ়ি যায়, নিজে অৱনমিত হৈ যায়। নিজেও বুজি পায় মোতকৈ তেওঁৰ অৱস্থা
ভাল। পঢ়োঁতাজন ৰজা হৈ যায় আৰু পঢ়াওঁতাজন দাস-দাসী হৈ যায়, এনেকুৱা সন্তানো আছে।
পুৰুষাৰ্থ কৰি পিতাৰ ডিঙিৰ মালা হ'ব লাগে। বাবা মই জীৱন্তে আপোনাৰ হৈ গৈছোঁ। পিতাৰ
স্মৃতিৰেই তোমালোকৰ নাও পাৰ হ’ব। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) তোমালোক
কেতিয়াও কোনো কথাত বিভ্ৰান্ত হ’ব নালাগে। পৰস্পৰ বিতুষ্ট হৈ পঢ়া এৰিব নালাগে।
শত্ৰুতা ৰখাতোও দেহ-অভিমান। সংগদোষৰ পৰা নিজকে বহুত সাৱধানে ৰাখিব লাগে। পৱিত্ৰ হ'ব
লাগে, নিজৰ চলনৰ দ্বাৰা পিতাক প্ৰত্যক্ষ কৰাব লাগে।
(2) প্ৰীতি বুদ্ধিৰ
হৈ এজন পিতাৰ অব্যভিচাৰী স্মৃতিত থাকিব লাগে। তন-মন-ধনেৰে পিতাৰ কাৰ্যত সহায়কাৰী
হ'ব লাগে।
বৰদান:
অনাসক্ত আৰু
স্নেহী হোৱাৰ ৰহস্য জানি ৰাজী হৈ থাকোঁতা ৰাজযুক্ত হোৱা
যিসকল সন্তান
প্ৰবৃত্তিত থাকি অনাসক্ত আৰু স্বেহী হোৱাৰ ৰহস্য জানে তেওঁলোক সদায় নিজৰ প্ৰতি ৰাজী
হৈ থাকে, প্ৰবৃত্তিকো ৰাজী কৰি ৰাখে। লগতে অন্তৰ শুদ্ধ হোৱা কাৰণে চাহাবো সদায়
তেওঁলোকৰ প্ৰতি ৰাজী হৈ থাকে। এনেকুৱা ৰাজী হৈ থাকোঁতা ৰাজযুক্ত সন্তানসকলে নিজৰ
বাবে আৰু অন্য কাৰোবাৰ বাবে কাৰোবাক পৰামৰ্শদাতা নিয়োগ কৰাৰ দৰকাৰ নাই কিয়নো
তেওঁলোকে নিজৰ সিদ্ধান্ত নিজে লয় সেয়েহে তেওঁলোকে কাৰোবাক পৰামৰ্শদাতা, উকিল বা
বিচাৰক নিয়োগ কৰাৰ দৰকাৰেই নাই।
স্লোগান:
সেৱাৰ দ্বাৰা যি আশীৰ্বাদ পোৱা যায় – সেই আশীৰ্বাদেই সুস্বাস্থ্যৰ আধাৰ।
আত্মিক আভিজাত্য আৰু
পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
যেনেকৈ স্থূল শৰীৰত
বিশেষকৈ শ্বাস প্ৰক্ৰিয়া চলি থকাটো আৱশ্যক, শ্বাস বন্ধ মানে জীৱন শেষ, তেনেকৈ
ব্ৰাহ্মণ জীৱনৰ শ্বাস হৈছে পৱিত্ৰতা। 21 জন্মৰ প্ৰালব্ধৰ আধাৰ হৈছে পৱিত্ৰতা। আত্মা
আৰু পৰমাত্মাৰ মিলনৰ আধাৰ হৈছে পৱিত্ৰ বুদ্ধি। সংগমযুগী প্ৰাপ্তিসমূহৰ আধাৰ আৰু
ভৱিষ্যতে পূজ্য পদ পোৱাৰ আধাৰ হৈছে পৱিত্ৰতা সেয়েহে পৱিত্ৰতাৰ ব্যক্তিত্বক বৰদানৰ
ৰূপত ধাৰণ কৰা।