06.06.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
ভৱিষ্যতে উচ্চ কুলত অহাৰ আধাৰ হ’ল পঢ়া, এই পঢ়াৰ দ্বাৰাই তোমালোক ভিকহুৰ পৰা
ৰাজকুমাৰ হ’ব পাৰা”
প্ৰশ্ন:
মুখত সোণৰ
চামুচ (সমৃদ্ধিশালী অৱস্থা) দুই প্ৰকাৰে প্ৰাপ্ত হ’ব পাৰে, কেনেকৈ?
উত্তৰ:
এটা হ’ল ভক্তিত দান-পুণ্য কৰিলে, দ্বিতীয়তে জ্ঞানত পঢ়াৰ দ্বাৰা। ভক্তিত দান-পুণ্য
কৰিলে তেতিয়া ৰজা বা চহকীৰ ঘৰত জন্ম লয় কিন্তু সেয়া হৈ গ’ল হদৰ (সীমিত)। তোমালোকে
জ্ঞানত পঢ়াৰ দ্বাৰা মুখত সোণৰ চামুচ অৰ্থাৎ সমৃদ্ধিশালী অৱস্থা পোৱা। এয়া হ’ল বেহদৰ
(অসীমৰ) কথা। ভক্তিত পঢ়াৰ দ্বাৰা বাদশ্বাহী পোৱা নাযায়। ইয়াত যিয়ে যিমান ভালকৈ পঢ়ে,
সিমান উচ্চ পদ পায়।
ওঁম্শান্তি।
অতিকৈ মৰমৰ,
কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলক আত্মিক পিতাই বহি বুজায়, ইয়াক কোৱা হয় আত্মিক
জ্ঞান। পিতা আহি ভাৰতবাসী সন্তানসকলক বুজায়, নিজক আত্মা বুলি বুজা আৰু পিতাক স্মৰণ
কৰা, এয়া পিতাই বিশেষ আজ্ঞা দিছে গতিকে সেয়া মানিব লাগে নহয়। উচ্চতকৈও উচ্চ পিতাৰ
শ্ৰীমত প্ৰসিদ্ধ। এইটোও তোমালোক সন্তানসকলৰ জ্ঞান আছে যে কেৱল শিৱবাবাকহে ‘শ্ৰী শ্ৰী’
বুলি ক’ব পাৰি। তেৱেঁই ‘শ্ৰী শ্ৰী’ কৰি গঢ়ি তোলে, ‘শ্ৰী’ মানে শ্ৰেষ্ঠ। তোমালোক
সন্তানসকলে এতিয়া জানা যে এওঁলোকক (লক্ষ্মী-নাৰায়ণক) পিতাই এনেকৈ গঢ়ি তুলিলে। আমি
এতিয়া নতুন সৃষ্টিৰ কাৰণে পঢ়ি আছোঁ। নতুন সৃষ্টিৰ নামেই হ’ল স্বৰ্গ, অমৰপুৰী।
মহিমাৰ কাৰণে নাম বহুত আছে। এনেকৈ কয়ো যে স্বৰ্গ আৰু নৰক। অমুক স্বৰ্গবাসী হ’ল
তেন্তে নিশ্চয় নৰকবাসী আছিল। কিন্তু মনুষ্যৰ ইমান বোধ শক্তি নাই, স্বৰ্গ-নৰক, নতুন
সৃষ্টি-পুৰণি সৃষ্টি কাক কোৱা হয়, একোৱে নাজানে। বাহিৰৰ জাকজমকতা কিমান। তোমালোক
সন্তানসকলৰ ভিতৰতো কমসংখ্যক আছে যিসকলে বুজি পায় যে যথাযথ আমাক পিতাই পঢ়ায়। আমি এই
লক্ষ্মী-নাৰায়ণ হ’বলৈ আহিছোঁ। আমি ভিকহুৰ পৰা ৰাজকুমাৰ হ’মগৈ। পোন প্ৰথমে আমি গৈ
ৰাজকুমাৰ হ’মগৈ। এয়া হৈছে পঢ়া, যেনেকৈ অভিযান্ত্ৰিক বিদ্যা, আইন বিদ্যা আদি পঢ়িলে
তেতিয়া বুদ্ধিত থাকে যে আমি ঘৰ সাজিমগৈ আকৌ এইটো কৰিম….. প্ৰত্যেকৰে নিজৰ কৰ্তব্য
স্মৃতিলৈ আহে। তোমালোক সন্তানসকলে এই পঢ়াৰ দ্বাৰা গৈ অতি উচ্চ ঘৰত জন্ম ল’ব লাগে।
যিয়ে যিমান বেছিকৈ পঢ়িব সিমান বেছি উচ্চ ঘৰত জন্ম ল’ব। ৰজাৰ ঘৰত জন্ম লৈ আকৌ ৰাজ্য
চলাব লাগে। গোৱাও হয় – মুখত সোণৰ চামুচ। প্ৰথমতে, জ্ঞানৰ দ্বাৰা এই মুখত সোণৰ চামুচ
পাব পৰা যায়, দ্বিতীয়তে, যদি দান-পুণ্য ভালদৰে কৰে তেতিয়াও ৰজাৰ ঘৰত জন্ম পাব। সেয়া
হৈ গ’ল হদৰ। এয়া হ’ল বেহদৰ। প্ৰতিটো কথা ভালদৰে বুজি লোৱা। কিবা যদি বুজি নোপোৱা
তেন্তে সুধিব পাৰা। টুকি ৰাখা যে এইটো এইটো কথা বাবাক সুধিব লাগিব। মুখ্য হৈছেই
পিতাক স্মৰণ কৰাৰ কথা। বাকী কিবা সংশয় আদি থাকিলে তেতিয়া সেয়া ঠিক কৰি দিব। এইটোও
সন্তানসকলে জানে যে যিমান ভক্তিমাৰ্গত দান-পুণ্য কৰে তেতিয়া চহকীৰ ঘৰত জন্ম লয়। যিয়ে
কোনো বেয়া কৰ্ম কৰে তেতিয়া আকৌ এনেকুৱা জন্ম পায়, বাবাৰ ওচৰলৈ আহে। কাৰোবাৰতো
এনেকুৱা কৰ্মবন্ধন আছে যে কথাই নুসুধিবা। এয়া সকলো হৈছে অতীতৰ কৰ্মবন্ধন। ৰজাসকলো
কিছুমান এনেকুৱা, কৰ্মবন্ধন বৰ কাঢ়া হয়। এই লক্ষ্মী-নাৰায়ণৰতো কোনো বন্ধন নাই। তাত
হয়েই যোগবলৰ ৰচনা। যিহেতু যোগবলৰ দ্বাৰা আমি বিশ্বৰ বাদশ্বাহী ল’ব পাৰোঁ তেন্তে
সন্তান জন্ম হ’ব নোৱাৰিব জানো! প্ৰথমেই সাক্ষাৎকাৰ হৈ যায়। তাততো এইটো সাধাৰণ কথা।
আনন্দত বাদ্যযন্ত্ৰ বাজি থাকে। বৃদ্ধৰ পৰা শিশু হৈ যায়। মহাত্মাতকৈও শিশুক বেছি মান
দিয়া হয় কাৰণ সেই মহাত্মাতো তথাপি গোটেই জীৱন অতিক্ৰম কৰি ডাঙৰ হৈছে। বিকাৰক জানে।
সৰু ল’ৰা-ছোৱালীয়ে নাজানে সেইকাৰণে মহাত্মাতকৈও উচ্চ বুলি কোৱা হয়। তাততো সকলো
মহাত্মা। শ্ৰীকৃষ্ণকো মহাত্মা বুলি কয়। সেয়া হ’ল সঁচা মহাত্মা। সত্যযুগতহে মহান
আত্মাসকল থাকে। তেওঁলোকৰ নিচিনা ইয়াত কোনো হ’ব নোৱাৰে।
তোমালোক সন্তানসকলৰ
অন্তৰ বহুত আনন্দিত হ’ব লাগে। এতিয়া আমি নতুন সৃষ্টিত জন্ম ল’মগৈ। এই পুৰণি সৃষ্টিৰ
এতিয়া অন্ত হ’ব। ঘৰ পুৰণা হ’লে নতুন ঘৰৰ আনন্দ থাকে নহয়। কিমান ভাল ভাল মাৰ্বল আদিৰ
ঘৰ সাজে। জৈনসকলৰ ওচৰত পইচা বহুত থাকে, তেওঁলোকে নিজক উচ্চ কুলৰ বুলি ভাবে। বাস্তৱত
ইয়াত কোনো উচ্চ কুলতো নাই। উচ্চ কুলত বিবাহৰ কাৰণে ঘৰ বিচাৰি ফুৰে। তাত কুল আদিৰ কথা
নাথাকে। তাততো এটাই দেৱতাৰ কুল থাকে, আন একো নাথাকে। ইয়াৰ কাৰণে তোমালোকে সংগমত
অভ্যাস কৰা যে আমি এজন পিতাৰ সন্তান সকলো আত্মা। প্ৰথমে হ’ল আত্মা, পাছত শৰীৰ। জগতত
সকলো দেহ-অভিমানী হৈ থাকে। তোমালোক এতিয়া দেহী-অভিমানী হ’ব লাগে। গৃহস্থালিত থাকি
নিজৰ অৱস্থা শক্তিশালী কৰি তুলিব লাগে। বাবাৰ কিমান সন্তান আছে, কিমান ডাঙৰ
গৃহস্থালি, কিমান চিন্তা থাকে। এৱোঁ (ব্ৰহ্মায়ো) পৰিশ্ৰম কৰিবলগীয়া হয়। মই কোনো
সন্ন্যাসী নহয়। পিতা এওঁৰ শৰীৰত প্ৰৱেশ কৰিছে। ব্ৰহ্মা-বিষ্ণু-শঙ্কৰৰ চিত্ৰও আছে
নহয়। ব্ৰহ্মা হ’ল সকলোতকৈ উচ্চ। তেন্তে তেওঁক এৰি পিতা কাৰ শৰীৰত আহিব। ব্ৰহ্মা কোনো
নতুনকৈ জন্ম নহয়। দেখিবলৈ পোৱা নহয় - এওঁক কেনেকৈ তুলি লওঁ। তোমালোক কেনেকৈ
ব্ৰাহ্মণ হোৱা। এই কথাবোৰ তোমালোকেহে জানা আনে কি জানিব। এনেকৈ কয় - এওঁতো
হীৰা-মুকুতাৰ বেপাৰী আছিল, এওঁক তোমালোকে ব্ৰহ্মা বুলি কোৱা! তেওঁলোকে কি জানে
ইমানবোৰ ব্ৰাহ্মণ-ব্ৰাহ্মণী কেনেকৈ জন্ম হ’ব। এটি এটি কথাত কিমান বুজাবলগীয়া হয়।
এইবোৰ অতি গূঢ় কথা হয় নহয়। এই ব্ৰহ্মা ব্যক্ত, তেওঁ অব্যক্ত। এওঁ পৱিত্ৰ হৈ পুনৰ
অব্যক্ত হৈ যায়। এওঁ কয় - মই এই সময়ত পৱিত্ৰ নহয়। এনেকুৱা (লক্ষ্মী-নাৰায়ণৰ নিচিনা)
পৱিত্ৰ হৈ আছোঁ। প্ৰজাপিতাতো ইয়াত থাকিব লাগে নহয়। নহ’লে ক’ৰ পৰা আহিল। পিতাই নিজেই
বুজায় - মই পতিত শৰীৰত আহোঁ, নিশ্চয় এওঁকেই প্ৰজাপিতা বুলি ক’ব। সূক্ষ্মলোকত নকয়।
তাত প্ৰজাই কি কৰিব। এওঁ স্বতন্ত্ৰ পৱিত্ৰ হৈ যায়। যেনেকৈ এৱোঁ পুৰুষাৰ্থ কৰে তেনেকৈ
তোমালোকে পুৰুষাৰ্থ কৰি স্বতন্ত্ৰ পৱিত্ৰ হৈ যোৱা। বিশ্বৰ মালিক হোৱা নহয়। স্বৰ্গ
বেলেগ, নৰক বেলেগ। এতিয়াতো কিমান খণ্ড খণ্ড হৈ গ’ল। 5 হাজাৰ বছৰ পূৰ্বৰ কথা যেতিয়া
এওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ) ৰাজ্য আছিল। তেওঁলোকে আকৌ লাখ লাখ বছৰ বুলি কৈ দিয়ে। এই
কথাবোৰ বুজিবও সেইসকলে যিসকলে কল্প পূৰ্বে বুজিছিল। তোমালোকে দেখিবলৈ পোৱা ইয়ালৈ
মুছলমান, পাৰ্চী আদি সকলো আহে। নিজে মুছলমান আকৌ হিন্দুসকলক জ্ঞান দি আছে। আচৰিত
নহয়নে। ধৰি লোৱা কোনোবা শিখ ধৰ্মৰ, তেৱোঁ বহি ৰাজযোগ শিকায়। যিসকল ধৰ্মান্তৰিত হৈ
গৈছে তেওঁলোক আকৌ বদলি হৈ দেৱতা কুলত আহি যাব। পুলি ৰোপণ হয়। তোমালোকৰ ওচৰলৈ
খ্ৰীষ্টান, পাৰ্চীও আহে, বৌদ্ধসকলো আহিব। তোমালোক সন্তানসকলে জানা যেতিয়া সময় সমীপত
আহিব তেতিয়া চাৰিওফালে আমাৰ নাম প্ৰচাৰিত হৈ যাব। তোমালোকে এটা ভাষণ দিলেই অনেক
তোমালোকৰ ওচৰলৈ আহি যাব। সকলোৰে স্মৃতি উদয় হৈ যাব যে আমাৰ আচল ধৰ্ম এইটো। যিসকল
আমাৰ ধৰ্মৰ হ’ব তেওঁলোক নিশ্চয় আহিব নহয়। লাখ লাখ বছৰৰ কথা নহয়। পিতাই বহি বুজায় -
তোমালোক কালি দেৱতা আছিলা, এতিয়া পুনৰ দেৱতা হ’বৰ কাৰণে পিতাৰ পৰা উত্তৰাধিকাৰ লৈ
আছা।
তোমালোক হৈছা প্ৰকৃত
পাণ্ডৱ, পাণ্ডৱ অৰ্থাৎ পাণ্ডা। তেওঁলোক হৈছে পাৰ্থিৱ (শাৰীৰিক) পাণ্ডা। তোমালোক
ব্ৰাহ্মণসকল হ’লা আত্মিক পাণ্ডা। তোমালোকে এতিয়া বেহদৰ পিতাৰ পৰা পঢ়ি আছা। এইটো নিচা
তোমালোকৰ বহুত থাকিব লাগে। আমি পিতাৰ ওচৰলৈ যাওঁ, যাৰ পৰা বেহদৰ উত্তৰাধিকাৰ
প্ৰাপ্ত হয়। তেওঁ আমাৰ পিতা, শিক্ষকো হয়, ইয়াত পঢ়িবৰ কাৰণে কোনো টেবুল চকী আদিৰ
প্ৰয়োজন নাই। এয়া তোমালোকে যি লিখা সেয়াও নিজৰ পুৰুষাৰ্থৰ কাৰণে। বাস্তৱত এয়া
বুজিবলগীয়া কথা। শিৱবাবাই তোমালোকলৈ পত্ৰ লিখিবলৈ এই পেঞ্চিল আদি লয়, সন্তানসকলে
বুজিব এই ৰঙা আখৰবোৰ শিৱবাবাই আমালৈ লিখিছে। পিতাই লিখে - আত্মিক সন্তানসকল।
সন্তানসকলেও বুজি পায় যে তেওঁ আত্মিক বাবা। তেওঁ উচ্চতকৈও উচ্চ, তেওঁৰ মতত চলিব লাগে।
পিতাই কয় - কাম মহাশত্ৰু। ই আদি-মধ্য-অন্ত দুখ দিওঁতা হয়। সেই ভূতৰ বশৱৰ্তী নহ’বা।
পৱিত্ৰ হোৱা। আহ্বানো জনায় হে পতিত-পাৱন। তোমালোক সন্তানসকলে এতিয়া ৰাজত্ব কৰিবৰ
কাৰণে বহুত শক্তি পোৱা। যাক কোনেও জয় কৰিব নোৱাৰে। তোমালোক কিমান সুখী হৈ যোৱা।
গতিকে এই পঢ়াৰ প্ৰতি কিমান মনোযোগ দিব লাগে। আমি বাদশ্বাহী প্ৰাপ্ত কৰোঁ। তোমালোকে
জানা যে আমি কিহৰ পৰা কি হৈ আছোঁ। ভগৱানুবাচ (ভগৱানে কয়) হয় নহয়। মই তোমালোকক
ৰাজযোগ শিকাওঁ, ৰজাৰো ৰজা কৰি তোলোঁ। ভগৱান কাক কোৱা হয়, এয়াও কোনেও নাজানে। আত্মাই
মিনতি কৰে - অ’ বাবা! গতিকে এইটো জানিব লাগে নহয় যে তেওঁ কেতিয়া আৰু কেনেকৈ আহিব?
মনুষ্যয়েতো ড্ৰামাৰ আদি-মধ্য-অন্ত, সময়সীমা আদিক জানিব নহয়। জানিলে তোমালোক দেৱতা
হৈ যোৱা। জ্ঞান হৈছেই সৎগতিৰ কাৰণে। এয়া হৈছে কলিযুগৰ অন্তৰ সময়। সকলো দুৰ্গতিত আছে।
সত্যযুগত সৎগতি হয়। এতিয়া তোমালোকে জানা যে সকলোৰে সৎগতি কৰিবলৈ বাবা আহিছে। সকলোকে
জগাবলৈ আহিছে। কোনো কবৰতো নহয়। কিন্তু ঘোৰ অন্ধকাৰত পৰি আছে, তেওঁলোকক জগাবলৈ আহে।
যিসকল সন্তান ঘোৰ নিদ্ৰাৰ পৰা জাগি উঠে তেওঁলোক ভিতৰি বহুত আনন্দিত হয়, আমি
শিৱবাবাৰ সন্তান, কোনো ধৰণৰ চিন্তা নাই। পিতাই আমাক বিশ্বৰ মালিক কৰি তোলে। কন্দাৰ
নাম নাই। এইখন হৈছে কন্দাৰ জগত। সেইখন হৈছে হৰ্ষিত হৈ থকা জগত। তেওঁলোকৰ চিত্ৰ চোৱা
কেনেকুৱা শোভনীয় হৰ্ষিতমুখৰ তৈয়াৰ কৰে। সেই চেহেৰাতো ইয়াত তৈয়াৰ কৰিব নোৱাৰে।
বুদ্ধিৰে বুজি পায় এওঁলোকৰ দৰে চেহেৰা দেখিবলৈ পোৱা যায়। তোমালোক মৰমৰ সন্তানসকলৰ
এতিয়া স্মৃতি উদয় হৈছে যে ভৱিষ্যতে অমৰপুৰীৰ আমি ৰাজকুমাৰ হ’মগৈ। এই মৃত্যুলোকত, এই
খেৰৰ জুমুঠি স্বৰূপ পৃথিৱীখনত জুই লাগিব। গৃহযুদ্ধতো এজনে আনজনক কেনেকৈ মাৰে, আমি
কাক মাৰো সেয়াও গম পোৱা নাযায়। হাহাকাৰৰ পাচত জয়জয়কাৰ হ’ব। তোমালোকৰ বিজয়, বাকী সকলো
বিনাশ হৈ যাব। ৰুদ্ৰ মালাত গঁথা যোৱাৰ পাছত বিষ্ণুৰ মালাত গঁথা যাবা। এতিয়া তোমালোকে
নিজৰ ঘৰলৈ যোৱাৰ বাবে পুৰুষাৰ্থ কৰা। ভক্তিৰ কিমান বিস্তাৰ। যেনেকৈ বৃক্ষৰ অনেক পাত
থাকে তেনেকৈ ভক্তিৰো বিস্তাৰ আছে। বীজ হৈছে জ্ঞান। বীজ কিমান সূক্ষ্ম। বীজ হৈছে বাবা,
এই বৃক্ষৰ স্থাপনা, প্ৰতিপালন আৰু বিনাশ কেনেকৈ হয়, এয়া তোমালোকে জানা। এয়া বিভিন্ন
ধৰ্মৰ ওলোটা বৃক্ষ। জগতত এজনেও নাজানে। এতিয়া সন্তানসকলে পিতাক স্মৰণ কৰাৰ বাবে
বহুত পৰিশ্ৰম কৰিব লাগে তেতিয়াহে বিকৰ্ম বিনাশ হ’ব। সেই ‘গীতা’ শুনোৱাসকলেও কয়
‘মনমনাভৱ’। সকলো দেহৰ ধৰ্ম ত্যাগ কৰি নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা।
মনুষ্যই জানো ইয়াৰ অৰ্থ বুজি পায়। সেয়া হৈছেই ভক্তিমাৰ্গ। এয়া হৈছে জ্ঞানমাৰ্গ। এয়া
ৰাজধানী স্থাপনা হৈ আছে। চিন্তাৰ কোনো কথা নাই। যিজনে অলপো জ্ঞান শুনিছে তেন্তে
প্ৰজাত আহি যাব। জ্ঞানৰ বিনাশ নহয়। বাকী যিয়ে যথাৰ্থভাৱে জানি পুৰুষাৰ্থ কৰে
তেওঁলোকেই উচ্চ পদ পায়। বুদ্ধিত এইটো জ্ঞান আছে নহয়। আমি নতুন সৃষ্টিত ৰাজকুমাৰ
হ’মগৈ। বিদ্যাৰ্থী পৰীক্ষাত উত্তীৰ্ণ হ’লে সিহঁত কিমান আনন্দিত হয়। তোমালোকৰতো
হাজাৰ বাৰতকৈ অধিক অতীন্দ্ৰিয় সুখ হোৱা উচিত। আমি গোটেই বিশ্বৰ মালিক হওঁগৈ। কোনো
কথাত কেতিয়াও বিতুষ্ট হ’ব নালাগে। ব্ৰাহ্মণীৰ লগত মিলিব নোৱাৰে, পিতাৰ প্ৰতি
বিতুষ্ট হয়, হেৰ’ তোমালোকে পিতাৰ সৈতে বুদ্ধিৰ যোগসুত্ৰ গঢ়াচোন। তেওঁকতো মৰমেৰে
স্মৰণ কৰা। বাবা বচ্ আপোনাকে স্মৰণ কৰি কৰি আমি ঘৰলৈ আহি যাম। ভাল বাৰু।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো কথাৰ
চিন্তা কৰিব নালাগে, সদায় হৰ্ষিত হৈ থাকিব লাগে। স্মৃতিত থাকিব লাগে যে আমি
শিৱবাবাৰ সন্তান, পিতা আমাক বিশ্বৰ মালিক কৰি তুলিবলৈ আহিছে।
(2) নিজৰ অৱস্থা এক
ৰসযুক্ত কৰি তুলিবৰ কাৰণে দেহী-অভিমানী হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। এই পুৰণা ঘৰৰ পৰা
মমত্ব আঁতৰাই দিব লাগে।
বৰদান:
মনন শক্তিৰে
বুদ্ধি শক্তিশালী কৰি তোলোঁতা মাষ্টৰ সৰ্বশক্তিমান হোৱা
মনন শক্তিয়েই দিব্য
বুদ্ধিৰ খোৰাক। যেনেকৈ ভক্তিত স্মৰণ কৰাৰ অভ্যাস কৰে তেনেকৈ জ্ঞানমাৰ্গত হৈছে
স্মৃতিৰ শক্তি। এই শক্তিৰ দ্বাৰা মাষ্টৰ সৰ্বশক্তিমান হোৱা। নিতৌ অমৃতবেলা নিজৰ এটা
উপাধি স্মৃতিলৈ আনা আৰু মনন কৰি থাকা তেতিয়া মনন শক্তিৰে বুদ্ধি শক্তিশালী হৈ থাকিব।
শক্তিশালী বুদ্ধিত মায়াৰ প্ৰহাৰ হ’ব নোৱাৰে, পৰৰ বশীভূত হ’ব নোৱাৰে কিয়নো মায়াই
সৰ্ব প্ৰথমে ব্যৰ্থ সংকল্প ৰূপী বাণৰ দ্বাৰা দিব্যবুদ্ধিকেই দুৰ্বল কৰি দিয়ে, এই
দুৰ্বলতাৰ পৰা হাত সৰাৰ সাধন হৈছেই মনন শক্তি।
স্লোগান:
আজ্ঞাকাৰী সন্তানেই আশীৰ্বাদৰ পাত্ৰ, আশীবাৰ্দৰ প্ৰভাৱে অন্তৰ সদায় সন্তুষ্ট কৰি
ৰাখে।
অব্যক্ত সংকেত:
আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা
সদায় বেহদৰ আত্মিক
দৃষ্টি, ভাই ভাইৰ সম্বন্ধৰ বৃত্তিৰে যিকোনো আত্মাৰ প্ৰতি শুভ-ভাৱনা ৰখাৰ ফল নিশ্চয়
প্ৰাপ্ত হয়। সেই কাৰণে পুৰুষাৰ্থত ভাগৰি নপৰিবা, হতাশো নহ’বা। নিশ্চয়বুদ্ধিৰ হৈ,
‘মোৰ’ বোধৰ সম্বন্ধৰ পৰা উৰ্দ্ধত থাকি আত্মাসকলক শান্তি আৰু শক্তিৰ সহযোগ দি থাকা।