06.07.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল পিতাৰ স্মৃতিৰে বুদ্ধি স্বচ্ছ হয়, দৈৱীগুণ ধাৰণ হয় সেই কাৰণে একান্তত বহি নিজে নিজক সোধা যে কিমান দৈৱীগুণ ধাৰণ হৈছে

প্ৰশ্ন:
সকলোতকৈ ডাঙৰ আসুৰি অৱগুণ কোনটো, যিটো সন্তানসকলৰ থকা উচিত নহয়?

উত্তৰ:
সকলোতকৈ ডাঙৰ আসুৰি অৱগুণ হৈছে কাৰোবাৰ সৈতে ৰুক্ষভাৱে কথা পতা বা কটুবচন কোৱা, ইয়াকে ভূত বুলি কোৱা হয়। যেতিয়া কাৰোবাৰ মাজত এই ভূত প্ৰৱেশ কৰে তেতিয়া বহুত লোকচান কৰি দিয়ে সেই কাৰণে তেনেলোকৰ পৰা নিজক কাষৰিয়া কৰি লব লাগে। যিমান সম্ভৱ অভ্যাস কৰা - এতিয়া ঘৰলৈ যাব লাগে পুনৰ নতুন ৰাজধানীলৈ আহিব লাগে। এইখন সৃষ্টিত সকলো দেখিও যাতে একো দৃষ্টিগোচৰ নহয়।

ওঁম্শান্তি।
পিতাই বহি সন্তানসকলক বুজায়, দেহ ত্যাগ কৰিয়েতো যাব লাগে। এই সৃষ্টিখনকো পাহৰি যাব লাগে। এয়াও এক অভ্যাস। যেতিয়া শৰীৰৰ কোনো অসুবিধা হয় তেতিয়া শৰীৰকো চেষ্টা কৰি পাহৰিবলগীয়া হয় সেয়েহে সৃষ্টিখনকো পাহৰিবলগীয়া হয়। পাহৰাৰ অভ্যাস ৰাতিপুৱা কৰিব লাগে। বচ্‌ এতিয়া উভতি যাব লাগে। এই জ্ঞানতো সন্তানসকলে পাইছে। গোটেই জগতখনক এৰি এতিয়া ঘৰলৈ যাব লাগে। বেছি জ্ঞানৰতো দৰকাৰ নাথাকে। যত্ন কৰি এইটো নিচাত থাকিব লাগে। শৰীৰৰ যিমানেই কষ্ট নহওঁক, সন্তানসকলক বুজোৱা হয় - কেনেকৈ অভ্যাস কৰিব লাগে। যেন তোমালোক নায়েই। এইটোও ভাল অভ্যাস। বাকী অলপ সময় আছে। ঘৰলৈ যাব লাগে, পিতাৰ নতুবা এওঁৰ সহায় পোৱা। সহায় নিশ্চয় পোৱা যায় আৰু পুৰুষাৰ্থও কৰিবলগীয়া হয়। এয়া যি দেখিবলৈ পোৱা যায়, সেয়া যেন নায়েই। এতিয়া ঘৰলৈ যাব লাগে। তাৰ পৰা আকৌ নিজৰ ৰাজধানীলৈ আহিব লাগে। অন্তিম সময়ত এই দুটা কথাই থাকেগৈ যাব লাগে আকৌ আহিব লাগে। দেখা যায় এইটো স্মৃতিত থাকিলে শৰীৰৰ বেমাৰ যিয়ে আমনি কৰে, সেয়া আপোনাআপুনি ঠাণ্ডা হৈ যায়। সেই আনন্দ থাকি যায়। আনন্দৰ দৰে খোৰাক (পথ্য) নাই সেই কাৰণে সন্তানসকলকো এয়া বুজাবলগীয়া হয়। সন্তানসকল, এতিয়া ঘৰলৈ যাব লাগে, মৰমৰ ঘৰলৈ যাব লাগে, এই পুৰণি সৃষ্টিখনক পাহৰি যাব লাগে। ইয়াক স্মৃতিৰ যাত্ৰা বুলি কোৱা হয়। এতিয়াহে সন্তানসকলে গম পায়। পিতা কল্পই কল্পই আহে, এয়াই শুনায় যে কল্পৰ পাছত আকৌ লগ পাম। পিতাই কয় - সন্তানসকল, এতিয়া তোমালোকে যি শুনিছা, আকৌ কল্পৰ পাছতো এয়াই শুনিবা। এয়াতো সন্তানসকলে জানে, পিতাই কয় - মই কল্পই কল্পই আহি সন্তানসকলক মাৰ্গ দেখুৱাই দিওঁ। মাৰ্গত চলাতো সন্তানসকলৰ কাম। পিতা আহি মাৰ্গ দেখুৱায়, লগত লৈ যায়। কেৱল মাৰ্গ নেদেখুৱায় কিন্তু লগত লৈও যায়। এইটোও বুজোৱা হয় - এয়া যি চিত্ৰ আদি আছে, অন্তিম সময়ত একো কামত নাহে। পিতাই নিজৰ পৰিচয় দি দিছে। সন্তানসকলে বুজি পাই যায় যে পিতাৰ উত্তৰাধিকাৰ হৈছে বেহদৰ বাদশ্বাহী। যিসকল কালি মন্দিৰলৈ গৈছিল, এই সন্তানসকলৰ (লক্ষ্মী-নাৰায়ণৰ) মহিমা গাইছিল, বাবাইতো এওঁলোককো সন্তান সন্তান বুলি কব নহয়, যিসকলে এওঁলোকৰ উচ্চ হোৱাৰ মহিমা গাইছিল, এতিয়া আকৌ উচ্চ হবলৈ পুৰুষাৰ্থ কৰে। শিৱবাবাৰ কাৰণে নতুন কথা নহয়। তোমালোক সন্তানসকলৰ বাবে নতুন কথা। যুদ্ধক্ষেত্ৰততো সন্তানসকল আছে। সংকল্প-বিকল্পয়ো এওঁলোকক আমনি কৰিব। এই কাঁহো এওঁৰ হিচাপ-নিকাচ, এওঁ ভুগিব লাগে। বাবাতো আনন্দ-উল্লাসত আছে, এওঁ কৰ্মাতীত হব লাগে। পিতাতো সদায় কৰ্মাতীত অৱস্থাতে আছে। মোৰ বা তোমালোক সন্তানসকলৰ মায়াৰ ধুমুহা আদি কৰ্মভোগ আহিব। এয়া বুজাব লাগে। পিতাইতো মাৰ্গ দেখুৱাই দিয়ে, সন্তানসকলক সকলো বুজায়। এই ৰথখনৰ কিবা এটা হলে তোমালোকে অনুভৱ কৰিবা যে দাদাৰ কিবা হৈছে। বাবাৰতো একো নহয়, এওঁৰ হয়। জ্ঞানমাৰ্গত অন্ধশ্ৰদ্ধাৰ কোনো কথা নাথাকে। পিতাই বুজায় - মই কাৰ শৰীৰত আহোঁ। বহুত জন্মৰ অন্তত পতিত শৰীৰত মই প্ৰৱেশ কৰোঁ। দাদায়ো বুজি পায় যেনেকৈ অন্য সন্তান আছে, ময়ো তেনেকুৱা। দাদা পুৰুষাৰ্থী, সম্পূৰ্ণ নহয়। তোমালোক সকলো প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণে বিষ্ণু পদ পাবলৈ পুৰুষাৰ্থ কৰা। লক্ষ্মী-নাৰায়ণ বুলি কোৱা বা বিষ্ণু বুলি কোৱা কথাতো একেই। পিতাই বুজাইছেও আগতে বুজোৱা নাছিল। ব্ৰহ্মা-বিষ্ণু-শংকৰক আৰু নিজকো বুজি পোৱা নাছিল। এতিয়াতো পিতাক, ব্ৰহ্মা-বিষ্ণু-শংকৰক দেখিলে বুদ্ধিত উদয় হয় - এই ব্ৰহ্মাই তপস্যা কৰে। এয়াই শুভ্ৰ পোছাক। কৰ্মাতীত অৱস্থাও ইয়াতে হয়। আগতীয়াকৈ তোমালোকৰ সাক্ষাৎকাৰ হয় - এই বাবা ফৰিস্তা হবগৈ। তোমালোকেও জানা আমি কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰি ক্ৰমানুসৰি ফৰিস্তা হমগৈ। যেতিয়া তোমালোক ফৰিস্তা হোৱা তেতিয়া বুজি পোৱা যে এতিয়া যুদ্ধ লাগিব। মিৰুৱা মৌত মলুকা চিকাৰ (অৰ্থাৎ চিকাৰৰ মৃত্যু, চিকাৰৰ বাবে দুখৰ কথা কিন্তু চিকাৰীৰ বাবে আনন্দৰ কথা, সেইদৰে বিনাশৰ সময়তো মায়া আৰু প্ৰকৃতি দুয়োটাই ভয়ানক ৰূপ লব। দুৰ্বল আত্মাসকলৰ কাৰণে অন্তিমৰ সময় পীড়াদায়ক হব আৰু মাষ্টৰ সৰ্বশক্তিমান আত্মাসকলৰ কাৰণে বিনোদনদায়ক হব) এইটো বহুত উচ্চ অৱস্থা। সন্তানসকলে ধাৰণা কৰিব লাগে। এইটোও নিশ্চয়তা আছে যে আমি চক্ৰ পৰিক্ৰমা লগাওঁ। আন কোনেও এই কথাবোৰ বুজিব নোৱাৰে। নতুন জ্ঞান আকৌ পাৱন হবলৈ পিতাই স্মৰণ কৰিবলৈ শিকায়, এইটোও বুজি পোৱা যে পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। কল্পই কল্পই পিতাৰ সন্তান হওঁ, 84 চক্ৰ পৰিক্ৰমা লগাইছোঁ। যিকোনো লোককে তোমালোকে বুজোৱা আপুনি আত্মা, পৰমপিতা পৰমাত্মা হৈছে পিতা, এতিয়া পিতাক স্মৰণ কৰক। তেতিয়া তেওঁলোকৰ বুদ্ধিত উদয় হব - দৈৱী ৰাজকুমাৰ হবলৈ হলে ইমানখিনি পুৰুষাৰ্থ কৰিব লাগে। বিকাৰ আদি সকলো ত্যাগ কৰিব লাগে। পিতাই বুজায় ভাই-ভনীও নহয়, ভাই ভাই বুলি বুজা আৰু পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হব আন কোনো কষ্ট নাই। অন্তিমত আন কোনো কথাৰ দৰকাৰ নহব। মাথো পিতাক স্মৰণ কৰিব লাগে, আস্তিক হব লাগে। এনেকুৱা সৰ্ৱগুণ সম্পন্ন হব লাগে। লক্ষ্মী-নাৰায়ণৰ চিত্ৰ একেবাৰে সঠিক। কেৱল পিতাক পাহৰি যোৱাৰ বাবে দৈৱীগুণ ধাৰণ কৰিবলৈও পাহৰি যায়। সন্তানসকলে একান্তত বহি বিচাৰ কৰা - বাবাক স্মৰণ কৰি আমি এনেকুৱা হব লাগে, এই গুণ ধাৰণ কৰিব লাগে। কথাটো একেবাৰে সৰু। সন্তানসকলে কিমান যত্ন কৰিবলগীয়া হয়। কিমান দেহ-অভিমান আহি যায়। পিতাই কয় দেহী-অভিমানী হোৱা। পিতাৰ পৰাহে উত্তৰাধিকাৰ লব লাগে। পিতাক স্মৰণ কৰিলেহে মলিনতা আঁতৰিব।

সন্তানসকলে জানে যে এতিয়া বাবাৰ আগমন হৈছে। ব্ৰহ্মাৰ দ্বাৰা নতুন সৃষ্টি স্থাপনা কৰে। তোমালোক সন্তানসকলে জানা যে স্থাপনা হৈ আছে। ইমান সহজ কথাটিতো তোমালোক পিছল খোৱা। এক হৈছে অল্‌ফ, বেহদৰ পিতাৰ পৰা বাদশ্বাহী পোৱা যায়। পিতাক স্মৰণ কৰিলে নতুন সৃষ্টি স্মৃতিলৈ আহি যায়। অবলা-কুঁজাসকলেও বহুত উচ্চ পদ পাব পাৰে। কেৱল নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। পিতাইতো মাৰ্গ দেখুৱাই দিছে। তেওঁ কয় - নিজক আত্মা বুলি নিশ্চয় কৰা। পিতাৰ পৰিচয়তো পালা। বুদ্ধিত ধাৰণ হৈ যায় এতিয়া 84 জন্ম পূৰা হল, ঘৰলৈ যাম আকৌ আহি স্বৰ্গত ভূমিকা পালন কৰিম। এইটো প্ৰশ্ন উদয় নহয় যে কত স্মৰণ কৰোঁ, কেনেকৈ কৰোঁ? বুদ্ধিত আছে যে পিতাক স্মৰণ কৰিব লাগে। পিতা যলৈকে যায় তোমালোকতো তেওঁৰে সন্তান। বেহদৰ পিতাক স্মৰণ কৰিব লাগে। ইয়াত বহি আছা সেয়েহে তোমালোক আনন্দিত হোৱা। সন্মুখত পিতাৰ সৈতে মিলিত হোৱা। মনুষ্য বিভ্ৰান্ত হয় যে শিৱবাবাৰ জয়ন্তী কেনেকৈ হব! এইটোও বুজি নাপায় যে শিৱৰাত্ৰি বুলি কিয় কোৱা হয়? শ্ৰীকৃষ্ণৰ কাৰণে বুজি লয় যে ৰাতি জয়ন্তী হয় কিন্তু এই ৰাত্ৰিৰ কথা নহয়। সেয়া আধাকল্পৰ ৰাত্ৰি পূৰা হোৱাৰ পিছত পিতা আহিবলগীয়া হয় নতুন সৃষ্টিৰ স্থাপনা কৰিবলৈ, হওঁতে বহুত সহজ। সন্তানসকলে নিজেও বুজে - সহজ হয়। দৈৱীগুণ ধাৰণ কৰিব লাগে। নহলেতো এশ গুণ পাপ হৈ যায়। মোৰ নিন্দা কৰাওঁতাসকলে উচ্চ পদ পাব নোৱাৰে। পিতাৰ নিন্দা কৰালে পদ ভ্ৰষ্ট হৈ যাব। বৰ অমায়িক হব লাগে। ৰুক্ষ বা অমাৰ্জিত কথা কব নালাগে - এয়া দৈৱীগুণ নহয়। বুজাব লাগে যে এয়া হৈছে আসুৰি অৱগুণ। মৰমেৰে বুজাব লাগে- এয়া তোমাৰ দৈৱীগুণ নহয়। এয়াও সন্তানসকলে জানে যে এতিয়া কলিযুগ পূৰা হয়, এয়া হৈছে সংগমযুগ। মনুষ্যইতো একো গমেই নাপায়। কুম্ভকৰ্ণ নিদ্ৰাত শুই আছে। এনেকৈ ভাবে যে 40 হাজাৰ বছৰ বাকী আছে। আমি জীয়াই থাকিম, সুখ ভোগ কৰি থাকিম। এইটো নুবুজে যে দিনে-প্ৰতিদিনে আৰু বেছিকৈহে তমোপ্ৰধান হৈ যায়। তোমালোকে বিনাশৰ সাক্ষাৎকাৰো কৰিছা! আগলৈ গৈ ব্ৰহ্মাৰ, শ্ৰীকৃষ্ণৰো সাক্ষাৎকাৰ কৰি থাকিবা। ব্ৰহ্মাৰ ওচৰলৈ গলে তোমালোক এনেকুৱা স্বৰ্গৰ ৰাজকুমাৰ হবা সেই কাৰণে প্ৰায়ে ব্ৰহ্মা আৰু শ্ৰীকৃষ্ণ দুয়োৰে সাক্ষাৎকাৰ হয়। কাৰোবাৰ বিষ্ণুৰ হয়। কিন্তু তেওঁপৰা ইমান বুজিব নোৱাৰিব। নাৰায়ণৰ হলে বুজিব পাৰে। ইয়ালৈ আমি যাওঁৱেই দেৱতা হবলৈ। গতিকে তোমালোকে এতিয়া সৃষ্টিৰ আদি-মধ্য-অন্তৰ পাঠ পঢ়া। পাঠ পঢ়োৱা হয় স্মৃতিত থাকিবৰ কাৰণে। পাঠ আত্মাই পঢ়ে। দেহৰ বোধ আঁতৰি যায়। আত্মাইহে সকলো কৰে। ভাল অথবা বেয়া সংস্কাৰ আত্মাতে থাকে।

তোমালোক মৰমৰ সন্তানসকলে 5 হাজাৰ বছৰৰ পাছত আহি মিলিত হৈছা। তোমালোক সেইসকলেই হোৱা। চেহেৰাও সেয়াই, 5 হাজাৰ বছৰ পূৰ্বেও তোমালোকেই আছিলা। তোমালোকেও কোৱা 5 হাজাৰ বছৰ পাছত আপুনি সেইজনেই আহি মিলিত হৈছে, আমাক মনুষ্যৰ পৰা দেৱতা কৰি গঢ়ি আছে। আমি দেৱতা আছিলোঁ আকৌ অসুৰ হৈ গলোঁ। দেৱতাসকলৰ গুণ গাই আহিছোঁ, নিজৰ অৱগুণ বৰ্ণনা কৰি আহিছোঁ। এতিয়া পুনৰ দেৱতা হব লাগে কিয়নো দৈৱী সৃষ্টিলৈ যাব লাগে। গতিকে এতিয়া ভালদৰে পুৰুষাৰ্থ কৰি উচ্চ পদ পোৱা। শিক্ষকেতো সকলোকে কব নহয়, পঢ়া। ভাল নম্বৰ লৈ উত্তীৰ্ণ হোৱা তেতিয়া মোৰো নাম উজ্জ্বল হব আৰু তোমালোকৰো নাম উজ্জ্বল হব। এনেকৈ বহুতে কয় - বাবা, আপোনাৰ ওচৰলৈ আহিলে মনলৈ একো নাহেই। সকলো পাহৰি যাওঁ। অহাৰ লগে লগেই চুপ হৈ যাব। এইখন সৃষ্টি যেন শেষ হৈ গল। পুনৰ তোমালোক নতুন সৃষ্টিলৈ আহিবা। সেয়া বহুত শোভনীয় নতুন সৃষ্টি হব। কোনোবাই শান্তিধামত বিশ্ৰাম লব। কিছুমানে বিশ্ৰাম লব নোৱাৰে। আদিৰ পৰা অন্তলৈ ভূমিকা আছে। কিন্তু তমোপ্ৰধান দুখৰ পৰা মুক্ত হৈ যায়। তাত শান্তি, সুখ সকলো পোৱা যায়। গতিকে এনেকৈ ভালকৈ পুৰুষাৰ্থ কৰিব লাগে। এনেকুৱা নহয় যে ভাগ্যত যি আছে। নহয়, পুৰুষাৰ্থ কৰিব লাগে। বুজি পোৱা যায় যে ৰাজধানী স্থাপনা হৈ আছে। আমি শ্ৰীমত অনুসৰি নিজৰ কাৰণে ৰাজধানী স্থাপনা কৰি আছোঁ। বাবা যি শ্ৰীমত দিওঁতা তেওঁ নিজে ৰজা আদি নহয়। তেওঁৰ শ্ৰীমতৰ দ্বাৰা আমি হওঁ। নতুন কথা নহয় জানো। কেতিয়াও কোনেও দেখাও নাই শুনাও নাই। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে শ্ৰীমত অনুসৰি আমি বৈকুণ্ঠৰ বাদশ্বাহী স্থাপনা কৰোঁ। আমি অনেকবাৰ ৰাজ্য স্থাপনা কৰিছোঁ। কৰোঁ আকৌ হেৰুৱাওঁ। এই চক্ৰ ঘূৰিয়ে থাকে। খ্ৰীষ্টিয়ান ধৰ্ম যাজক যেতিয়া পৰিক্ৰমা লগাবলৈ ওলাই আহে তেতিয়া আনক চাবলৈও পচন্দ নকৰে। কেৱল যীশুখ্ৰীষ্টৰ স্মৃতিতে থাকে। শান্তিৰে পৰিক্ৰমা লগায়। বুজি পায় নহয়। যীশুখ্ৰীষ্টৰ স্মৃতিত কিমান থাকে। নিশ্চয় যীশুখ্ৰীষ্টৰ সাক্ষাৎকাৰ হৈছে। সকলো যাজক জানো এনেকুৱা হয়। কোটিৰ মাজত কোনোবা, তোমালোকৰ মাজতো ক্ৰমানুসৰি আছে। কোটিৰ মাজত কোনোবাহে এনেকৈ স্মৃতিত থাকে। চেষ্টা কৰি চোৱা। আন কাকো নাচাবা। পিতাক স্মৰণ কৰি স্বদৰ্শন চক্ৰ ঘূৰাই থাকা। তোমালোকৰ অপাৰ সুখ হব। শ্ৰেষ্ঠাচাৰী বুলি দেৱতাসকলক কোৱা হয়, মনুষ্যক ভ্ৰষ্টাচাৰী বুলি কোৱা হয়। এই সময়ততো দেৱতা বুলি কোনো নাই। আধাকল্প দিন, আধাকল্প ৰাতি - এয়া ভাৰতৰ কথা। পিতাই কয় - মই আহি সকলোৰে সৎগতি কৰোঁ বাকী যিসকল অন্য ধৰ্মৰ, তেওঁলোকে নিজৰ নিজৰ সময়ত আহি নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰিব। সকলো আহি এই মন্ত্ৰ লৈ যাব। পিতাক স্মৰণ কৰা, যিয়ে স্মৰণ কৰিব তেওঁ নিজৰ ধৰ্মত উচ্চ পদ পাব।

তোমালোক সন্তানসকলে পুৰুষাৰ্থ কৰি আধ্যাত্মিক সংগ্ৰাহালয় অথবা মহাবিদ্যালয় স্থাপনা কৰিব লাগে। লিখি দিয়া - বিশ্ব অথবা স্বৰ্গৰ বাদশ্বাহী চেকেণ্ডত কেনেকৈ পাব পাৰি, আহি সেয়া বুজক। পিতাক স্মৰণ কৰক তেতিয়া বৈকুণ্ঠৰ বাদশ্বাহী পাবা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) চলোঁতে-ফুৰোঁতে যাতে একমাত্ৰ পিতাৰহে স্মৃতি থাকে বাকী সকলো দেখিও যাতে একো নেদেখা - এনেকুৱা অভ্যাস কৰিব লাগে। একান্তত নিজক পৰীক্ষা কৰিব লাগে যে মোৰ দৈৱীগুণ কিমানলৈকে ধাৰণ হৈছে।

(2) এনেকুৱা কোনো কৰ্তব্য কৰিব নালাগে, যাৰ দ্বাৰা পিতাৰ নিন্দা হয়, দৈৱীগুণ ধাৰণ কৰিব লাগে। বুদ্ধিত থাকিব লাগে - এতিয়া ঘৰলৈ যাব লাগে পুনৰ নিজৰ ৰাজধানীলৈ আহিব লাগে।

বৰদান:
সেৱাত শুভ ভাৱনাৰ সংযোজনেৰে শক্তিশালী ফল প্ৰাপ্ত কৰোঁতা সফলতামূৰ্ত হোৱা

যিয়েই সেৱা কৰা তাত যাতে সকলো আত্মাৰ সহযোগৰ ভাৱনা থাকে, আনন্দৰ ভাৱনা বা সদ্ভাৱনা থাকে তেতিয়া প্ৰতিটো কাৰ্য সহজে সফল হব। যেনেকৈ আগতে কোনো কাৰ্য কৰিবলৈ গলে তেতিয়া গোটেই পৰিয়ালৰ আশীৰ্বাদ লৈ গৈছিল। সেয়েহে বৰ্তমান সেৱাত এইটো সংযোজন কৰিব লাগে। কোনো কাৰ্য আৰম্ভ কৰাৰ পূৰ্বে সকলোৰে শুভ ভাৱনা, শুভ কামনা লোৱা। সকলোৰে সন্তুষ্টতাৰ বল সমাহিত কৰা তেতিয়া শক্তিশালী ফল পোৱা যাব।

স্লোগান:
যেনেকৈ পিতাই হয় হজুৰ কৰে তেনেকৈ তোমালোকেও সেৱাত হয় হজুৰ কৰা তেতিয়া পুণ্য জমা হৈ যাব।


পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

জ্ঞানী আত্মা সদায় প্ৰত্যেকৰে প্ৰতি মাষ্টৰ স্নেহৰ সাগ্ৰ হয়। স্নেহ অবিহনে তেওঁ অন্য একো নায়েই। যিয়েই আহিব তেওঁক স্নেহ দিব। আজিকালি সম্পত্তিতকৈও অধিক স্নেহৰ আৱশ্যক। স্নেহৰ শক্তিৰে শত্ৰুকো মিত্ৰ কৰি তুলিব পাৰে। অপকাৰীকো উপকাৰ কৰিব পাৰে।