06.07.25    Avyakt Bapdada     Assame Murli     18.01.2006     Om Shanti     Madhuban


“*“সংকল্প, সময় আৰু বাণীৰ সঞ্চয় আঁচনিৰ দ্বাৰা সফলতাৰ উৎসৱ উদ্‌যাপন কৰা, নিৰাশ আত্মাসকলৰ মাজত আশাৰ দীপক জ্বলোৱা”*”


আজি স্নেহৰ দিন। চাৰিওফালৰ সকলো সন্তান স্নেহৰ সাগৰত সমাহিত হৈ আছে। এই স্নেহ সহজযোগী কৰি তোলোঁতা হয়। স্নেহ অন্য সকলো আকৰ্ষণৰ পৰা উৰ্দ্ধত লৈ যাওঁতা হয়। স্নেহৰ বৰদান তোমালোক সকলো সন্তানৰ জন্মৰ বৰদান। স্নেহত পৰিৱৰ্তন কৰোৱাৰ শক্তি আছে। গতিকে আজিৰ দিনটোত দুই প্ৰকাৰৰ সন্তান চাৰিওফালে দেখিলোঁ। স্নেহী সন্তানতো সকলো হয় কিন্তু এবিধ হ’ল স্নেহী সন্তান, আনবিধ হ’ল স্নেহত লীন সন্তান। স্নেহত লীন হৈ থকা সন্তান প্ৰতিটো সংকল্পত, প্ৰতিটো শ্বাসত, প্ৰতিষাৰ বচনত, প্ৰতিটো কৰ্মত স্বতঃ সহজে পিতাৰ সমান হৈ থাকে, কিয়? সন্তানসকলক পিতাই সমৰ্থ হোৱাৰ বৰদান দিছে। আজিৰ দিনটোক স্মৃতি তথা সমৰ্থ দিবস বুলি কয়, কিয়? পিতাই (ব্ৰহ্মা বাবাই) আজিৰ দিনটোত নিজক ৰাজহাড় স্বৰূপ কৰিলে আৰু স্নেহত লীন সন্তানসকলক বিশ্বৰ মঞ্চত প্ৰত্যক্ষ কৰালে। ব্যক্তত প্ৰত্যক্ষ সন্তানসকলক কৰালে আৰু স্বয়ং অব্যক্ত ৰূপত সঙ্গী হ’ল।

আজিৰ এই স্মৃতি তথা সমৰ্থ দিবসত বাপদাদাই সন্তানসকলক বালক তথা মালিক কৰি সৰ্বশক্তিমান পিতাক মাষ্টৰ সৰ্বশক্তিমান হৈ প্ৰত্যক্ষ কৰাৰ কাৰ্য দিলে আৰু পিতাই দেখি আনন্দিত হৈছে যে যথা যোগ তথা শক্তি সকলো সন্তানে পিতাক প্ৰত্যক্ষ কৰিবলৈ অৰ্থাৎ বিশ্ব কল্যাণ কৰি বিশ্ব পৰিৱৰ্তন কৰাৰ কাৰ্যত ব্ৰতী হৈ আছে। পিতাৰ দ্বাৰা সৰ্ব শক্তিৰ যি উত্তৰাধিকাৰ পাইছে সেয়া নিজৰ প্ৰতি আৰু বিশ্বৰ আত্মাসকলৰ প্ৰতি কাৰ্যত ব্যৱহাৰ কৰি আছে। বাপদাদায়ো এনেকুৱা মাষ্টৰ সৰ্বশক্তিমান পিতাৰ সমান উৎসাহ-উদ্দীপনাত থকা সৰ্বতোমুখী সেৱাধাৰী, নিঃস্বাৰ্থ সেৱাধাৰী, বেহদৰ সেৱাধাৰী সন্তানসকলক পদম পদম গুণ অন্তৰেৰে অভিনন্দন জনাই আছে। অভিনন্দন, অভিনন্দন। দেশৰ সন্তানসকলো কম নহয় আৰু বিদেশৰ সন্তানসকলো কম নহয়। বাপদাদাই এনেকুৱা সন্তানসকলৰ ভিতৰি অন্তৰেৰে মহিমাও কৰে আৰু গীতো গায় বাঃ! সন্তান বাঃ! তোমালোক সকলো বাঃ! বাঃ! সন্তান হোৱা নহয়! হাত লৰাই আছে, বৰ ভাল। বাপদাদাই সন্তানসকলক লৈ গৌৰৱ কৰে – গোটেই কল্পত এনেকুৱা কোনো পিতা নাই যাৰ প্ৰতিগৰাকী সন্তান স্বৰাজ্য অধিকাৰী ৰজা হ’ব। তোমালোক সকলোতো স্বৰাজ্য অধিকাৰী ৰজা হোৱা নহয়! প্ৰজাতো নোহোৱা নহয়! বহুত সন্তানে যেতিয়া বাৰ্তালাপ কৰে তেতিয়া কয় - মই ভৱিষ্যতে কি হ’ম, তাৰ চিত্ৰ মোক দেখুৱাওঁক। বাপদাদাই কি কয়? পুৰণা সন্তানসকলেতো কয় যে জগত অম্বা মায়ে প্ৰত্যেককে চিত্ৰ দিছিল, সেয়েহে আমাকো চিত্ৰ দিয়ক। বাপদাদাই কয় - প্ৰতিগৰাকী সন্তানক পিতাই বিচিত্ৰ দৰ্পণ দিছে, সেই দৰ্পণত নিজৰ ভৱিষ্যতৰ চিত্ৰ চাব পাৰা যে মই কোন! জানানে, সেই দৰ্পণ তোমালোকৰ ওচৰত আছেনে? জানানে কোনখন দৰ্পণ? প্ৰথম শাৰীত বহাসকলেতো জানে চাগৈ নহয়! জানানে? সেই দৰ্পণ হৈছে বৰ্তমান সময়ৰ স্বৰাজ্য স্থিতিৰ দৰ্পণ। বৰ্তমান সময়ত যিমান স্বৰাজ্য অধিকাৰী সেই অনুসৰি বিশ্ব ৰাজ্য অধিকাৰী হ’ব। এতিয়া নিজেই নিজক দৰ্পণত চোৱা স্বৰাজ্য অধিকাৰী সদায় হোৱানে? নে কেতিয়াবা অধীন, কেতিয়াবা অধিকাৰী? যদি কেতিয়াবা অধীন, কেতিয়াবা অধিকাৰী, কেতিয়াবা চকুৱে প্ৰতাৰণা কৰে, কেতিয়াবা মনে প্ৰতাৰণা কৰে, কেতিয়াবা মুখে প্ৰতাৰণা কৰে, কেতিয়াবা কাণেও প্ৰতাৰণা কৰি দিয়ে। ব্যৰ্থ কথা শুনাৰ চখ হৈ যায়। যদি কোনোবাতো কৰ্মেন্দ্ৰিয়ই প্ৰতাৰণা কৰে, অধীন কৰি দিয়ে, তেন্তে ইয়াৰ দ্বাৰা সিদ্ধ হয় যে পিতাৰ দ্বাৰা যি সৰ্বশক্তি বৰদানত প্ৰাপ্ত হৈছে, বা উত্তৰাধিকাৰত প্ৰাপ্ত হৈছে সেই নিয়ন্ত্ৰণ শক্তি, শাসন কৰাৰ শক্তি নাই। গতিকে ভাবা যিয়ে নিজক শাসন কৰিব নোৱাৰে তেওঁ বিশ্বক কেনেকৈ শাসন কৰিব! নিজৰ বৰ্তমান স্থিতিৰ স্বৰাজ্য অধিকাৰীৰ দৰ্পণত পৰীক্ষা কৰা। দৰ্পণতো সকলোৱে পাইছা নহয়? যদি দৰ্পণ পাইছা তেন্তে হাত দাঙা। দৰ্পণত কোনো দাগতো হৈ যোৱা নাই? দৰ্পণ স্পষ্টনে?

বাপদাদাই প্ৰত্যেক সন্তানকে স্বৰাজ্য অধিকাৰীৰ স্বমান দিছে। মাষ্টৰ সৰ্বশক্তিমানৰ উপাধি সকলো সন্তানে পিতাৰ দ্বাৰা পাইছে। মাষ্টৰ শক্তিমান নহয়, সৰ্বশক্তিমান। বহুত সন্তানে বাৰ্তালাপত এইটোও কয় – বাবা আপুনিতো সৰ্বশক্তি দিলে কিন্তু এই শক্তিবোৰে কেতিয়াবা কেতিয়াবা সময়ত কাম নকৰে। অভিযোগ কৰে – সময়ত জাগ্ৰত নহয়, সময় পাৰ হৈ যোৱাৰ পাছত জাগ্ৰত হয়। কি কাৰণে হয়? যি সময়ত যিটো শক্তি আহ্বান জনোৱা সেই সময়ত পৰীক্ষা কৰা যে মই মালিকবোধৰ আসনত স্থিৰ হৈ আছোঁনে? যদি কোনোবা আসনত স্থিৰ হৈ নাথাকে তেন্তে আসনত স্থিৰ হৈ নথকাজনৰ আদেশ কোনেও নামানে। স্বৰাজ্য অধিকাৰী হওঁ, মাষ্টৰ সৰ্বশক্তিমান হওঁ, পিতাৰ দ্বাৰা উত্তৰাধিকাৰ আৰু বৰদানৰ অধিকাৰী হওঁ, এই আসনত স্থিৰ হৈ তাৰপাছত আদেশ দিয়া। কি কৰোঁ, কেনেকৈ কৰোঁ, নহয়েই, আসনৰ তলত বহি, আসনৰ পৰা নামি আদেশ দিয়া তেন্তে কেনেকৈ মানিব! আজিকালিৰ সময়তো যদি কোনোবা প্ৰধানমন্ত্ৰী, আসনত থাকে তেতিয়া সকলোৱে মানিব আৰু আসনৰ পৰা নামি গ’লে তেতিয়া কোনোবাই মানিব জানো? গতিকে পৰীক্ষা কৰা যে আসনত স্থিৰ হৈ আছোঁনে? অধিকাৰী হৈ আদেশ দিওঁনে? পিতাই প্ৰত্যেক সন্তানক কৰ্তৃত্ব দিছে, পৰমাত্ম কৰ্তৃত্ব আছে, কোনো আত্মাৰ কৰ্তৃত্ব পোৱা নাই, মহাত্মাৰ কৰ্তৃত্ব পোৱা নাই, পৰমাত্ম কৰ্তৃত্ব, গতিকে কৰ্তৃত্ব আৰু অধিকাৰ এইটো স্থিতিত স্থিৰ হৈ যি কোনো শক্তিক আদেশ দিয়া, সেই শক্তিয়ে হয় হজুৰ, হয় হজুৰ কৰিব। সৰ্বশক্তিৰ আগত এই মায়া, প্ৰকৃতি, সংস্কাৰ, স্বভাৱ সকলো দাসী হৈ যাব। তোমালোক মালিকৰ অপেক্ষা কৰিব, মালিক কিবা আদেশ দিয়ক।

আজি সমৰ্থ দিৱস হয় নহয়, তেন্তে সন্তানসকলৰ কি কি সামৰ্থ্য আছে সেয়া বাপদাদাই পুনৰাই সোঁৱৰাই আছে। মনোযোগ আকৰ্ষণ কৰাই আছে। সময়ত শক্তিহীন কিয় হৈ যোৱা? বাপদাদাই দেখিছে, গৰিষ্ঠসংখ্যক সন্তানৰ ছিদ্ৰ আছে, শক্তি ক্ষৰণ হোৱাৰ কাৰণে কম হৈ যায় আৰু ক্ষৰণ বিশেষকৈ দুটা কথাৰ হয় – সেই দুটা কথা হৈছে – সংকল্প আৰু সময় ব্যৰ্থত যায়। বেয়া নহয় কিন্তু ব্যৰ্থ, সময়ত বেয়া কাম নকৰে কিন্তু জমাও নকৰে। কেৱল চায় যে আজি বেয়া একো নহ’ল কিন্তু ভাল কি জমা কৰিলা? হেৰুওৱা নাই কিন্তু উপাৰ্জন কি কৰিলা? দুখ দিয়া নাই কিন্তু সুখ কিমানক দিলা? অশান্ত কাকো কৰা নাই কিন্তু শান্তিৰ প্ৰকম্পন কিমান বিস্তাৰ কৰিলা? শান্তিদূত হৈ বায়ুমণ্ডলৰ দ্বাৰা বা মুখৰ দ্বাৰা, প্ৰকম্পনৰ দ্বাৰা শান্তি কিমানক দিলা? কিয়নো জানা যে এই অলপ সময়েই হৈছে পুৰুষোত্তম কল্যাণকাৰী, জমা কৰাৰ সময়। এতিয়া নহ’লে তেন্তে কেতিয়াও নহয়, এইটো যাতে প্ৰতিটো মুহূৰ্ততে স্মৃতিত থাকে। হৈ যাব, কৰি ল’ম… এতিয়া নহ’লে তেন্তে কেতিয়াও নহয়। পিতা ব্ৰহ্মাৰ এয়াই তীব্ৰগতিৰ পুৰুষাৰ্থ আছিল সেয়েহে এক নম্বৰ লক্ষ্যত উপনীত হ’ল। তেনেহ’লে পিতাই যি সামৰ্থ্য প্ৰদান কৰিছে, আজি সমৰ্থ দিৱসত স্মৃতিলৈ আহিল নহয়! সঞ্চয়ৰ আঁচনি হাতত লোৱা। সংকল্প ৰাহি, সময় ৰাহি, বাণী ৰাহি, যি যথাৰ্থ বাণী নহয়, অযথাৰ্থ ব্যৰ্থ বাণীৰ ৰাহি।

বাপদাদাই সকলো সন্তানক সদায় কৰ্তৃত্বৰ আসনত স্থিৰ হোৱা স্বৰাজ্য অধিকাৰী ৰজা ৰূপত চাবলৈ বিচাৰে। পচন্দ কৰানে? এইটো ৰূপ পচন্দ কৰা নহয়! কেতিয়াবা বাপদাদাই কোনোবা সন্তানক টি.ভি.ত চালে, তেতিয়া এইটো ৰূপত চায়। বাপদাদাৰ প্ৰাকৃতিক টি.ভি. আছে, বুটাম টিপিবলগীয়া নহয়। একে সময়তে চাৰিওফালে চাব পাৰে। প্ৰতিগৰাকী সন্তানক, চুকে-কোণে থকাসকলক চাব পাৰে। তেন্তে হ’ব পাৰেনে? কালিলৈ টি.ভি. খুলিলে তেতিয়া কি দেখিবলৈ পোৱা যাব? ফৰিস্তাৰ পোছাকত, ফৰিস্তাৰ পোছাক হৈছে চিকমিকাই থকা লাইটৰ পোছাক, এই শৰীৰবোধৰ মাটিৰ পোছাক নিপিন্ধিবা। চিকমিকাই থকা পোছাক হওঁক, সফলতাৰ তৰা হওঁক, প্ৰত্যেকৰে বাপদাদাই এনেকুৱা মূৰ্তি চাবলৈ বিচাৰে। পচন্দ কৰা নহয়! মাটিৰ পোছাক পিন্ধিলে তেতিয়া মাটিৰেই হৈ যাবা নহয়! যেনেকৈ পিতা অশৰীৰী, পিতা ব্ৰহ্মাই চিকমিকাই থকা পোছাক পৰিধান কৰি আছে, ফৰিস্তা হয়। তেন্তে পিতাক অনুসৰণ কৰা। স্থূল ৰূপত চোৱা তোমালোকৰ কাপোৰত মাটি লাগি গ’লে, দাগ লাগি গ’লে তেতিয়া কি কৰা? সলাই লোৱা নহয়! তেনেকৈয়ে পৰীক্ষা কৰা যে পোছাক সদায় চিকমিকাই থকা ফৰিস্তাৰ হয়নে? পিতাই যাক লৈ গৌৰৱ কৰে যে প্ৰতিগৰাকী সন্তান ৰজা সন্তান, সেইটো স্বৰূপত থাকা। ৰজা হৈ থাকা। তেতিয়া এই মায়া তোমালোকৰ দাসী হৈ যাব আৰু বিদায় ল’বলৈ আহিব, আধাকল্পৰ কাৰণে বিদায় ল’বলৈ আহিব, প্ৰহাৰ নকৰিব। বাপদাদাই সদায় কয় – পিতাৰ প্ৰতি সমৰ্পিত হওঁতা কেতিয়াও পৰাজিত হ’ব নোৱাৰে। যদি পৰজিত হয় তেন্তে সমৰ্পিত হোৱা নাই।

এতিয়া তোমালোক সকলোৰে মিটিং হ’ব নহয়, মিটিঙৰ তাৰিখ নিৰ্ধাৰিত কৰা হয় নহয়। এইবাৰ বাপদাদাই কেৱল সেৱাৰ পৰিকল্পনাৰ মিটিং চাব নিবিচাৰে, সেৱাৰ পৰিকল্পনা কৰা কিন্তু মিটিঙত সফলতাৰ উৎসৱৰ পৰিকল্পনা কৰা। বহুত উৎসৱ কৰিলা এতিয়া সফলতাৰ উৎসৱৰ তাৰিখ নিৰ্ধাৰণ কৰা। বাৰু ভাবিছা যে সকলো কেনেকৈ হ’ব! বাপদাদাই কয় অতি কমেও 108 ৰত্নইতো সফলতামূৰ্তৰ উৎসৱ উদ্‌যাপন কৰক। উদাহৰণ হওঁক। এইটো হ’ব পাৰেনে? কোৱা, প্ৰথম শাৰীৰসকলে কোৱা, হ’ব পাৰেনে? উত্তৰ দিয়াৰ সাহস নাই। ভাবে নাজানো কৰিম নে নকৰিম? সাহসেৰে সকলো হ’ব পাৰে। দাদীয়ে কোৱা – 108 সফলতামূৰ্ত হ’ব পাৰেনে? (হয় নিশ্চয় হ’ব পাৰে, সফলতাৰ উৎসৱ হ’ব পাৰে) চোৱা, দাদীৰ সাহস আছে। তোমালোক সকলোৰে হৈ সাহস দেখুৱাই আছে। গতিকে সহযোগী হ’বা। গতিকে এয়া যি মিটিং হ’ব, বাপদাদাই তাৰ খতিয়ান ল’ব। পাণ্ডৱ কোৱাচোন, কিয় চুপ হৈ আছা? চুপ কিয়? এই সাহস কিয় নাই? এনেকুৱা হোৱানে যে কৰি দেখুৱাম? ঠিক আছে, সাহসতো ৰাখিব পাৰা নহয়? যিসকলে ভাবা যে মইতো সাহসেৰে কৰি দেখুৱাম, তেওঁলোকে হাত দাঙা। কৰিবানে? কোনো সংস্কাৰ নাথাকিবনে? কোনো দুৰ্বলতা নাথাকিবনে? বাৰু, মধুবনৰসকলেও হাত দাঙি আছে। বাঃ! অভিনন্দন, অভিনন্দন। বাৰু, 108তো তেনেহ’লে সহজ হৈ যাব। ইমান বিলাকে হাত দাঙিছে তেন্তে 108নো কি ডাঙৰ কথা। ডবল বিদেশীসকলে কি কৰিবা? হয়, দাদী জানকীয়ে শুনি আছে, তেওঁ উৎসাহিত হৈ আছে যে মই কওঁ। বিদেশীৰ মালাও চাম, ঠিক আছেনে? হাত দাঙা, ঠিক আছেনে? বাৰু, আজি এওঁলোক (ডবল বিদেশী) কিমান বহি আছে? (200) ইয়াৰ পৰা 108তো তৈয়াৰ হৈ যাব! ঠিক আছে নহয়! এই ক্ষেত্ৰত প্ৰথমে মই কৰিব লাগে। এই ক্ষেত্ৰত আনক নাচাবা, প্ৰথমে মই। অন্য “মই মই” নকৰিবা, এইটো ‘মই’ নিশ্চয় কৰিবা। বাপদাদাই আৰু কাম দিছে।

আজি সমৰ্থ দিৱস হয় নহয় গতিকে সামৰ্থ্য আছে। বাপদাদাই এক বিচিত্ৰ দেৱালী উদ্‌যাপন কৰিব বিচাৰে। তোমালোকেতো দেৱালী অনেক বাৰ উদ্‌যাপন কৰিলা কিন্তু বাপদাদাই বিচিত্ৰ দেৱালী উদ্‌যাপন কৰিব বিচাৰে, শুনাওঁনে? বাৰু। বৰ্তমান সময়তো দেখিয়েই আছা, দিনে-প্ৰতিদিনে চাৰিওফালে মনুষ্য আত্মাসকলৰ নিৰাশা বহুত বাঢ়ি গৈ আছে। সেয়েহে লাগিলে মনৰ সেৱা কৰা, বাণীৰ কৰা, নতুবা সম্বন্ধ-সম্পৰ্কৰ কৰা, কিন্তু বাপদাদাই নিৰাশ মনুষ্যৰ ভিতৰত আশাৰ দীপক জ্বলাব বিচাৰে। চাৰিওফালৰ মনুষ্য আত্মাসকলৰ মনত আশাৰ দীপক জ্বলি যাওঁক। এই আশাৰ দীপকৰ দেৱালী বাপদাদাই চাব বিচাৰে। হ’ব পাৰেনে? বায়ুমণ্ডলত অতি কমেও এইটো আশাৰ দীপক জ্বলি যাওঁক তেতিয়া বিশ্ব পৰিৱৰ্তন এতিয়া হোৱাৰ পথত, সোণালী প্ৰভাত হোৱাৰ পথত। এই নিৰাশা শেষ হৈ যাওঁক যে একো নহ’ব, একো নহ’ব। আশাৰ দীপক জ্বলি যাওঁক। কৰিব পাৰা নহয়, এয়াতো সহজ হয় নহয় নে কঠিন? সহজ হয়নে? যিসকলে কৰিবা তেওঁলোকে হাত দাঙা। কৰিবানে? ইমান বিলাকে দীপক জ্বলালে তেতিয়া দীপমালাতো হৈয়েই যাব নহয়! প্ৰকম্পন ইমান শক্তিশালী কৰা, ধৰি লোৱা সন্মুখলৈ আহিব পৰা নাই কিন্তু “লাইট হাউচ”, “মাইট হাউচ” হৈ দূৰলৈকে প্ৰকম্পন বিয়পোৱা। যেনেস্থলত বিজ্ঞানে “লাইট হাউচ”ৰ দ্বাৰা দূৰ-দূৰণিলৈকে ‘লাইট’ দিব পাৰে তেন্তে তোমালোকে জানো প্ৰকম্পন বিয়পাই দিব নোৱাৰা! কেৱল দৃঢ় সংকল্প কৰা – কৰিবই লাগিব। ব্যস্ত হৈ যোৱা। মন ব্যস্ত কৰি ৰাখিলে তেতিয়া নিজৰো লাভ আৰু আত্মাসকলৰো লাভ। চলোঁতে-ফুৰোঁতে এইটোৱে বৃত্তি ৰাখা যে বিশ্বৰ কল্যাণ কৰিবই লাগে। এইটো বৃত্তি বায়ুমণ্ডলত বিয়পি যাব কিয়নো সময় অকস্মাত আহিব। এনেকুৱা নহওঁক যে তোমালোকৰ ভাতৃ-ভগ্নীসকলে আপত্তি দৰ্শাব যে আপুনি আমাক নক’লে কিয়! বহুত সন্তানে ভাবে অন্তলৈকে কৰি ল’ম কিন্তু অন্তত কৰিলে তেতিয়াও তোমালোকক আপত্তি দৰ্শাব। এইটোৱে আপত্তি দৰ্শাব যে আমাক কিছু সময় আগতে কোৱাহেঁতেন, কিবাতো কৰি ল’লোঁহেঁতেন সেইবাবে প্ৰতিটো সংকল্পত বাপদাদাৰ স্মৃতিৰে ‘লাইট’ লৈ থাকা, “লাইট হাউচ” হৈ ‘লাইট’ দি যোৱা। সময় নষ্ট নকৰিবা, বাপদাদাই যেতিয়া লক্ষ্য কৰে তেতিয়া বহুত যুদ্ধ কৰা দেখা পায়, তেতিয়া বাপদাদাৰ ভাল নালাগে। মাষ্টৰ সৰ্বশক্তিমান আৰু যুদ্ধ কৰি আছে! গতিকে ৰজা হোৱা, সফলতামূৰ্ত হোৱা, নিৰাশা শেষ কৰি আশাৰ দীপক জ্বলোৱা। বাৰু।

সকলোফালৰ সন্তানসকলৰ স্নেহভৰা স্মৃতিৰ মালাতো বহুত আহি পাই গৈছে। বাপদাদাই স্মৃতি পঠিওৱাসকলক সন্মুখত চাই স্মৃতিৰ প্ৰতিদানত অন্তৰৰ আশীৰ্বাদ, অন্তৰৰ স্নেহ দি আছে। বাৰু।

যিসকল প্ৰথমবাৰ আহিছে তেওঁলোক উঠা। ভাল কৰিলা, প্ৰত্যেক পালত দেখিছোঁ গৰিষ্ঠসংখ্যকেই নতুন থাকে। তেন্তে সেৱা বঢ়াইছা নহয়, ইমানক বাৰ্তা দিছা। যেনেকৈ তোমালোকে বাৰ্তা পাইছা তেনেকৈ তোমালোকেও আৰু দুগুণ, দুগুণ বাৰ্তা দিয়া। যোগ্য কৰি তোলা। ভাল কথা। প্ৰতিটো বিষয়ত আৰু উৎসাহ-উদ্দীপনাৰে আগবাঢ়ি যোৱা। ভাল।

বাৰু – এতিয়া লক্ষ্য ৰাখা, চলোঁতে-ফুৰোঁতে মনৰেই হওঁক, বাণীৰেই হওঁক বা কৰ্মৰেই হওঁক সেৱা অবিহনে নাথাকিবা আৰু স্মৃতিত নথকাকৈও থাকিব নালাগে। স্মৃতি আৰু সেৱা সদায়েই লগত আছেই। ইমান নিজক ব্যস্ত কৰি ৰাখা, স্মৃতিত থকাৰ ক্ষেত্ৰতো আৰু সেৱাতো। খালী হৈ থাকিলে তেতিয়া মায়া আহিবলৈ সুযোগ পায়। ইমান ব্যস্ত হৈ থাকা যে দূৰৰ পৰাই মায়া আহিবলৈ সাহস নকৰে। তেতিয়া যি পিতাৰ সমান হোৱাৰ লক্ষ্য ৰাখিছা, সেয়া সহজ হৈ যাব। পৰিশ্ৰম কৰিবলগীয়া নহ’ব, স্নেহ স্বৰূপ হৈ থাকিবা। বাৰু।

বাপদাদাৰ নয়নত সমাহিত হৈ থকা নয়নৰ মণি সন্তানসকলক, পিতাৰ সৰ্ব সম্পদৰ অধিকাৰী শ্ৰেষ্ঠ আত্মা সন্তানসকলক, সদায় উৎসাহ-উদ্দীপনাৰ ডেউকাৰে উৰি থাকোঁতা আৰু উৰাই থাকোঁতা মহাবীৰ মহাবীৰঙ্গনা সন্তানসকলক, একমাত্ৰ পিতাই সংসাৰ এইটো নিচাত মগন হৈ থাকোঁতা, স্নেহত লীন সন্তানসকলক, স্নেহত লীন হোৱা অৰ্থাৎ সহজে পিতাৰ সমান হোৱা। গতিকে স্নেহী আৰু স্নেহত লীন হৈ থকা দুয়োধৰণৰ সন্তানসকলক বহুত বহুত পদম-পদমগুণ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

বৰদান:
নিজৰ প্ৰতিটো কৰ্ম আৰু বিশেষত্বৰ দ্বাৰা দাতাৰ ফালে ইংগিত দিওঁতা সঁচা সেৱাধাৰী হোৱা

সঁচা সেৱাধাৰীয়ে যি কোনো আত্মাক সহযোগ দি নিজৰ মাজত আৱদ্ধ নকৰিব। তেওঁলোকে সকলোৰে সম্বন্ধ পিতাৰ সৈতে গঢ়িব। তেওঁলোকৰ প্ৰতিষাৰ বাণী পিতাৰ স্মৃতি সোঁৱৰাই দিওঁতা হ’ব। তেওঁলোকৰ প্ৰতিটো কৰ্মত পিতা দৃষ্টিগোচৰ হ’ব। তেওঁলোকৰ এইটো সংকল্পও উদয় নহ’ব যে মোৰ বিশেষত্বৰ কাৰণে এওঁ মোৰ সহযোগী হৈছে। যদি তোমালোক চালে, পিতাক নেদেখিলে তেন্তে এয়া সেৱা নকৰিলে, পিতাক পাহৰাই দিলে। সঁচা সেৱাধাৰীয়ে সত্যৰ সৈতে সকলোৰে সম্বন্ধ গঢ়িব, নিজৰ সৈতে নহয়।

স্লোগান:
যিকোনো প্ৰকাৰৰ আবেদন-নিবেদন কৰাৰ পৰিৱৰ্তে সদায় ৰাজী হৈ থাকা।

অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা

শ্ৰেষ্ঠ ভাগ্যৰেখা টনাৰ আধাৰ হৈছে – “শ্ৰেষ্ঠ সংকল্প আৰু শ্ৰেষ্ঠ কৰ্ম”। লাগিলে নিমিত্ত আত্মা হওঁক বা সেৱাধাৰী আত্মা হওঁক, দুয়ো এইটো আধাৰৰ দ্বাৰা নম্বৰ ল’ব পাৰে। দুয়োৰে ভাগ্য গঢ়াৰ পূৰা সুযোগ আছে, যিয়ে যিমান ভাগ্য গঢ়িব বিচাৰে গঢ়িব পাৰে।