06.07.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – জীৱন্তে এই শৰীৰৰ পৰা পৃথক হৈ যোৱা, অশৰীৰী হৈ পিতাক স্মৰণ কৰা, ইয়াকেই গভীৰ নিস্তব্ধতা বুলি কোৱা হয়”

প্ৰশ্ন:
তোমালোক সন্তানসকলে এতিয়া নিজৰ ভেটি শক্তিশালী কৰি আছা, শক্তি কিহৰ আধাৰত আহে?

উত্তৰ:
পৱিত্ৰতাৰ আধাৰত। আত্মা যিমানে পৱিত্র অৰ্থাৎ বিশুদ্ধ সোণ হৈ যায়, সিমানে শক্তি আহে। বাবাই এতিয়া স্বৰাজ্যৰ ভেটি ইমান শক্তিশালীকৈ গঢ়ে যে আধাকল্প সেই ভেটি কোনেও লৰাব নোৱাৰে। তোমালোকৰ ৰাজ্য কোনেও কাঢ়ি নিব নোৱাৰে।

গীত:
ওঁম্‌ নমঃ শিৱায়ে…

ওঁম্শান্তি।
বাবাই কয় - মোক স্মৰণ কৰা অৰ্থাৎ অশৰীৰী হোৱা অৰ্থাৎ গভীৰ নিস্তব্ধতা। যেনেকৈ মনুষ্যৰ মৃত্যু হ’লে তেতিয়া গভীৰ নিস্তব্ধতা হৈ যায়। কয় এওঁৰ শৰীৰ শান্ত হৈ গ'ল। শৰীৰ আৰু আত্মা পৃথক হৈ গ'ল, শেষ হৈ গ'ল। ইয়াতো তোমালোক সন্তানসকল যেতিয়া বহা তেতিয়া ইয়াক গভীৰ নিস্তব্ধতা বুলি কোৱা হয়। জীৱন্তে অশৰীৰী হৈ যোৱা। নিজক আত্মা বুলি বুজা, পিতাক স্মৰণ কৰা। তোমালোকে জানা এয়া সঁচা শান্তি। তেওঁলোকে শান্তিক নাজানে। গভীৰ নিস্তব্ধতাৰ অৰ্থতো নাজানেই। গভীৰ নিস্তব্ধতা বুলি কিয় কয়? সোঁৱৰাই দিয়ে - তেওঁ মৰি গ'ল, শান্ত হৈ গ'ল। তোমালোকো মৰি যোৱা, তোমালোকো শান্ত হৈ যোৱা। ডাঙৰ ব্যক্তিসকলে গান্ধীৰ সমাধিত যায়। তাত গৈ ক'ব গভীৰ নিস্তব্ধতা অৰ্থাৎ শান্তিত বহা। তোমালোকেও গম পোৱা যে আমি আত্মা শান্ত স্বৰূপ হওঁ, জগতে গমেই নাপায়। আমি নিজৰ স্বৰূপত স্থিৰ হৈ যাওঁ, আমাৰ স্বধৰ্ম হৈছে শান্ত। আমি আত্মা শান্ত স্বৰূপ হওঁ। তেওঁলোকে এইটো গমেই নাপায় সেয়েহে শান্তি বিচাৰে। আত্মাই কয় - শান্তি লাগে। আত্মাই নিজৰ স্বধৰ্মক পাহৰি গৈছে। বাস্তৱত আত্মাৰ ধৰ্মই হৈছে শান্তি। তেন্তে আত্মাই কিয় অশান্তি বুলি কয়। অশৰীৰী হৈ বহি যোৱা। তেওঁলোকেতো শাৰীৰিক প্ৰাণায়ামত বহুৱাই দিয়ে তেতিয়া যেন মৰি যায়, তাক কোৱা হয় কৃত্ৰিম শান্তি। তোমালোক সন্তানসকলেতো গম পোৱা যে আমাৰ স্বধৰ্ম হৈছে শান্তি। তোমালোক আত্মাসকলে স্বৰাজ্য লৈ আছা। আত্মাহে সকলো হয়। আত্মা বেৰিষ্টাৰ হয়। আত্মাই কয় - মোক ৰাজ্য লাগে। আগতেও ৰাজ্য লৈছিল পিতাৰ পৰা, এতিয়া পুনৰ ল'বলৈ আহিছে। মনুষ্য দেহ-অভিমানত আছে সেয়েহে দুখত আছে।

এতিয়া তোমালোকে বুজি পোৱা যে আমি আত্মা, নিজৰ পৰমপিতা পৰমাত্মাৰ পৰা স্বৰাজ্য ল'বলৈ আহিছোঁ। তোমালোক আত্মাসকলক বাদশ্বাহী লাগে। এই সময়ত আত্মাই স্বৰাজ্য বিচাৰে - বেহদৰ পিতাৰ পৰা। শ্ৰীকৃষ্ণৰতো স্বৰাজ্য আছিল আকৌ নোহোৱা হৈ গ'ল। এতিয়া পিতা আহি তোমালোক আত্মাসকলক ৰাজ্য দিয়ে, ইয়াক ৰাজযোগ বুলি কোৱা হয়। পৰমপিতা পৰমাত্মাই ৰাজযোগ শিকায়। মনুষ্য দেহ-অভিমানী হোৱাৰ কাৰণে কয় - মই অমুক হওঁ। দেহকেই ‘মই’ বুলি বুজি লয়। বাস্তৱত ‘মই’ ‘মই’ বুলি আত্মাই কয়। আত্মাই কয় - মই এইটো বস্তু উঠাওঁ। মহিলাই ক'ব মই উঠাওঁ। বাস্তৱত আত্মাতো পুৰুষ। মই আত্মা পিতাৰ সন্তান। আত্মাই কয় - বাবা মই আপোনাৰ পৰা স্বৰাজ্য লৈ আছোঁ। আত্মাক স্বৰাজ্য দিয়ে পৰমাত্মাই। ভক্তি আৰু জ্ঞানৰ মাজত চোৱা কিমান পাৰ্থক্য আছে। শিৱৰ মন্দিৰো থাকে। সকলোতকৈ বেছি ঘণ্টাও শিৱৰ মন্দিৰত বাজে। তেওঁক জগায়। জগাইতো সকলোকে। ৰাতিপুৱা বেণ্ড বাদ্য বাজে। ইয়াত পিতাই সন্তানসকলক জগাই দেৱতা কৰি গঢ়ি তোলে। ঘণ্টা আদি বজোৱাৰ কোনো কথা নাই। পিতাই কয় - তোমালোকক স্বৰাজ্য লাগে গতিকে প্ৰথমে পৱিত্ৰ হোৱা। লক্ষ্য-উদ্দেশ্য বুদ্ধিত থাকে। বিদ্যাৰ্থীয়ে ক'ব - মই এই মেট্ৰিকত উত্তীৰ্ণ হ’লে তাৰপাছত এইটো কৰিম। সন্ন্যাসীসকলে বিচাৰিব আমি যাতে শান্তি পাওঁ। এটা কাহিনীও আছে নহয় - ৰাণীৰ ডিঙিত হাৰ ডাল আছিল, বাহিৰত বিচাৰি ফুৰিছিল। তেনেকৈ তেওঁলোকেও শান্তি বাহিৰত বিচাৰি ফুৰে। কিন্তু আত্মাতো নিজেই শান্ত স্বৰূপ হয়। আত্মাই নিজৰ স্বধৰ্ম পাহৰি নিজক শৰীৰ বুলি বুজি বহি আছে। পিতাই পুনৰ সোঁৱৰাই দিয়ে যে তোমালোক হৈছা আত্মা। তোমালোক আত্মাই 84 জন্ম ভোগ কৰিছা। এই কথাবোৰ অন্য কোনেও বুজাব নোৱাৰে। পিতাই কয় - তোমালোকে নিজৰ জন্মক নাজানা, মই শুনাওঁ। তোমালোক হৈছা ব্ৰহ্মাকুমাৰ-কুমাৰী। পিতাই বুজাইছে - পৱিত্ৰতা অবিহনে জ্ঞানৰ ধাৰণা হ'ব নোৱাৰে। এনেকৈ কয় নহয় - সিংহীৰ গাখীৰ ৰাখিবলৈ সোণৰ পাত্ৰ লাগে। গতিকে ইয়াতো সোণৰ পাত্ৰ লাগে। আত্মাই পিতাক স্মৰণ কৰিলে সোণ হৈ যায়। পিতাও প্ৰকৃত সোণ হয়। আত্মাই পিতাক স্মৰণ কৰে তেতিয়া জ্ঞান আহি যায়। তোমালোক সঁচা সোণ পৱিত্ৰ আছিলা - এই জ্ঞানৰ প্ৰভাৱ কাৰো ওপৰত নপৰে। পিতাই কয় - মই তোমালোক আত্মাসকলক স্বৰাজ্য দিওঁ। এই স্বৰাজ্য তেতিয়াহে পাবা যেতিয়া পুৰণি সৃষ্টিৰ অন্ত আৰু নতুন সৃষ্টিৰ আদি হ'ব। মনুষ্যৰ হদৰ বাদশ্বাহী আছে। বেহদৰ বাদশ্বাহী মনুষ্যই কেতিয়াও নাপায়। বিশ্বৰ মালিক হ'ব নোৱাৰে। তোমালোক হোৱা, পিতাৰ দ্বাৰা। ভগৱান পিতাইহে তোমালোকৰ 84 জন্মৰ কথা গম পায়। দেৱতাসকলে নিজৰ জন্মক জানিব নোৱাৰে। যদি জানি যায় তেন্তে দুখী হৈ যাব, কি ছিৰি নামি (অৱনমিত হৈ) যাম! বাদশ্বাহীৰ সুখেই নাইকিয়া হৈ যাব। ইয়াত তোমালোকে গম পোৱা। জানা যে আমি আত্মা, ইয়াত সংশয়ৰ কথা নাই। ইজনে-সিজনৰ পৰা শুনি বৃদ্ধি হৈ গৈ থাকে। এয়া দৈৱিক ধৰ্মৰ বৃক্ষ স্থাপন হৈ আছে। তোমালোকে বুজিব পাৰা - এওঁ আমাৰ ব্ৰাহ্মণ কুলৰ আহিছে। এওঁ পূৰা ভক্তি কৰিছে আকৌ পিতাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ আহিছে। জ্ঞান পূৰা হয় পুনৰ ভক্তি আৰম্ভ হয়। এইটো কোনেও গম নাপায়। ঘৰো নতুন আৰু পুৰণা হয় নহয়। কেঁচা ঘৰৰ আয়ুস নিশ্চয় কম হ'ব। আজিকালি বহুতে পকী ঘৰ নিৰ্মাণ কৰে। যাতে ভূমিকম্প আদি হ’লেও ঘৰ খহি নপৰে, লোকচান নহয়, বহুত মজবুতকৈ নিৰ্মাণ কৰে। ভেটি বহুত শক্তিশালীকৈ নিৰ্মাণ কৰে। এতিয়া স্বৰাজ্যৰ ভেটি নিৰ্মাণ হৈ আছে। আত্মাই 21 জন্মৰ কাৰণে ৰাজ্য প্ৰাপ্ত কৰে। ইয়াত বাদশ্বাহীতো একো নাই। আজি বাদশ্বাহী আছে কালিলৈ কোনোবাই পৰাস্ত কৰিলে, শেষ। ভেটি কাৰো নাই। মনুষ্যৰো ভেটি নাই, আজি আছে কালিলৈ মৰি যায়। এতিয়া তোমালোকৰ ভেটি বাবাই বহুত শক্তিশালীকৈ গঢ়ি দিয়ে যে 21 জন্মৰ কাৰণে তোমালোকে ৰাজ্য-ভাগ্য প্ৰাপ্ত কৰা। তোমালোকৰ বাদশ্বাহীৰ শক্তিশালী ভেটি নিৰ্মাণ হয়। তোমালোকক কোনো ধৰণৰ ধৰণীৰ ধুমুহাই লৰাব নোৱাৰে। ‘গীতা’তো কয় - বাবাই আমাক স্বৰাজ্য দিয়ে, যাক কোনেও কাঢ়ি ল'ব নোৱাৰে, খহাব নোৱাৰে। এনেকুৱা বাদশ্বাহী দিয়ে যে অলপমানো দুখৰ কথা নাথাকে। আত্মা কিমান আনন্দিত হ'ব লাগে। নিশ্চয়তাতো আছে নহয়। নিশ্চয়তা যদি নাই তেন্তে তেওঁলোক স্বৰ্গলৈ যোৱাৰ যোগ্য নহয়। ইমান অনেক ব্ৰহ্মাকুমাৰ-কুমাৰী বৃদ্ধি হৈ গৈ থাকে।

তোমালোকে জানা জ্ঞানৰ সাগৰ, পতিত-পাৱনে আমাক পঢ়াই ৰাজযোগ শিকাই আছে। তেওঁলোকে আকৌ কৈ দিয়ে শ্ৰীকৃষ্ণই শিকালে। এইটো কেনেকৈ বুজিব যে শিৱবাবা মনুষ্য শৰীৰত আহি শিকালে। ভাৰতেই পৱিত্ৰ আছিল, এতিয়া অপৱিত্ৰ পতিত। দেৱতাসকলৰ আগত গৈ তেওঁলোকৰ মহিমা গায়। শিৱৰ আগত কেতিয়াও এনেকৈ নাগায় - তুমি সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ হোৱা। শিৱৰ মহিমা বেলেগ। তেওঁ জ্ঞানৰ সাগৰ, পতিত-পাৱন, সকলোৰে সৎগতি কৰোঁতা, সকলোৰে জোলোঙা ভৰপূৰ কৰোঁতা ভোলানাথ। এনেহেন পিতাক সকলোৱে পাহৰি গৈছে। পৰমপিতা পৰমাত্মাক আহ্বান জনায় যে আহি দুখ দূৰ কৰক, সুখ দিয়ক। সুখ-কৰ্তা, দুখ-হৰ্তাতো এজনেই। তেওঁৰেই শ্ৰেষ্ঠ মত। সেয়া হৈছে শ্ৰী শ্ৰী ভগৱানৰ মত, যাৰ দ্বাৰা তোমালোক সন্তানসকলো শ্ৰেষ্ঠ হোৱা। চৰকাৰেও কয় যে ভ্ৰষ্টাচাৰী জগত। এতিয়া শ্ৰেষ্ঠ কোনে কৰি তুলিব, গমেই পোৱা নাযায়। এনেকৈ ভাবে যে সাধুসকলে কৰিব কিন্তু তেওঁলোকেতো শ্ৰেষ্ঠ কৰি তুলিব নোৱাৰে। এয়াতো পিতাৰহে কাম। প্ৰথমে এজন ৰজাৰ হুকুমত চলিছিল। সত্যযুগত তোমালোকৰ মন্ত্রী (পৰামৰ্শদাতা) আদি কোনো নাই। বাদশ্বাহৰো শক্তি থাকে। মন্ত্ৰীৰ নাম লোৱাই নহয়। তোমালোকে বুজি পোৱা যে আমি বিশ্বৰ মালিক হৈ ৰাজ্য চলাইছিলোঁ। এনেকৈয়েই গৈ চলাব লাগে, যেনেকৈ চলাইছিলোঁ। যথাযথ সত্যযুগত লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। প্ৰত্যেকে নিজৰ নিজৰ ৰাজধানী পাব। শ্ৰীকৃষ্ণৰ নিজৰ ৰাজধানী থাকিব। অন্য ৰজাসকলো থাকিব নহয়। অতিকমেও 8 (আঠ) গৰাকীতো হ’ব নহয়, 8 (আঠ) গৰাকী নে 108 গৰাকী হ'ব, আগলৈ গৈ গম পাই যাবা। এনেকুৱা নহয় যে পাছলৈ যি জ্ঞান দিয়া হ'ব সেয়া এতিয়াই দিম। যিসকল জীয়াই থাকিব, তেওঁলোকক পিতাই জ্ঞান দি থাকিব। দিবই লাগে। ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। পৰমাত্মাৰ এতিয়া ভূমিকা আছে। এই জ্ঞান দিয়াৰ ভূমিকা এতিয়া নিৰ্ধাৰিত হৈ আছে। পিতাই কয় - আগলৈ গৈ তোমালোকে বহুত বুজিবা। দিনে-প্ৰতিদিন বুজাই থাকে। এইটোও গম পোৱা যায় যে আমি তাত ৰাজধানী কেনেকৈ চলাওঁ! সয়ম্বৰ কেনেকৈ হয়! তোমালোক ধ্যানত যোৱা, বৈকুণ্ঠলৈ গৈ দেখিবলৈও পোৱা। কেনেকৈ তাত সোণৰ মহল হ'ব। সোণেই সোণ থাকে। নিজক পাৰসপুৰীত প্ৰত্যক্ষ কৰা। সোণৰ ইটাৰ ঘৰ নিৰ্মাণ হৈ আছে। এনেকৈ ভাবে - কেইটিমান ইটা লৈ যাওঁ। আকৌ যেতিয়া নামি আহা তেতিয়া নিজক ইয়াত দেখা পোৱা। মীৰায়ো ধ্যানত নিজকে শ্ৰীকৃষ্ণৰ সৈতে ৰাস কৰি থকা দেখিবলৈ পাইছিল। তোমালোক সূক্ষ্মলোকলৈ যোৱা, তাত হাড়-মঙহ নাথাকে, ফৰিস্তা হৈ যায়। ব্ৰহ্মাৰো সূক্ষ্ম শৰীৰ দেখিবলৈ পোৱা যায়। এৱেঁই ফৰিস্তা হৈ যায়। তোমালোকে বাগিচা আদি দেখিবলৈ পোৱা। এয়া পিতাই সাক্ষাৎকাৰ কৰায়। তোমালোকে কোৱা - বাবাই আমাক সোমৰস পান কৰায়। এতিয়া সূক্ষ্মলোকততো পান কৰাব নোৱাৰে। ফল-ফুল বৈকুণ্ঠত অতি উত্তম হয়। সূক্ষ্মলোকততো বাগিচা নাথাকে। তোমালোকে কোৱা যে বাগিচালৈ গ’লোঁ তাত ৰাজকুমাৰ আছিল, সেয়াতো বৈকুণ্ঠ হৈ গ'ল নহয়! বৈকুণ্ঠৰ বৈভৱ ইয়াত পাব নোৱাৰে। তাততো অতি শ্ৰেষ্ঠ বৈভৱ থাকে। পিতাই কয় - মই তোমালোকক বৈকুণ্ঠৰ মালিক কৰি তোলোঁ। ইয়াততো দুখেই দুখ। কোনো এনেকুৱা মনুষ্য নাই যিয়ে এনেকৈ নকয় যে হে ভগৱান দুখৰ পৰা মুক্ত কৰা। দুখতেই স্মৰণ কৰে। শ্ৰীকৃষ্ণৰ পূজাৰীয়ে ক'ব – ‘কৃষ্ণ’ বুলি কোৱা, হনুমানৰ পূজাৰীয়ে ‘হনুমানৰ জয়’ বুলি ক'ব.... ইয়াত পিতাই কয় - নিৰন্তৰ মোক পিতাক স্মৰণ কৰা। এনেকৈ স্মৰণ কৰা যাতে অন্তিমকালত কাৰো স্মৃতি নাহে। কাশীত আত্মঘাতী হৈছিল, তেতিয়া কৰি অহা পাপবোৰৰ এনেকুৱা উপলব্ধি হয় - যেন জন্ম-জন্মান্তৰৰ শাস্তি ভোগ কৰে। বহুত পাপ কৰিছে। ইয়াক কোৱাই হয় পাপ আত্মাসকলৰ সৃষ্টি। আত্মা পাপী হয়। আত্মাইহে পিতাক আহ্বান জনায় - হে পৰমপিতা পৰমাত্মা, হে পৰমধামৰ নিবাসী শিৱবাবা, তেওঁৰ আচল নাম এটাই। তেওঁ হৈছে আত্মাসকলৰ পিতা। ‘ৰুদ্ৰ’ৰ লগত ‘শালগ্ৰাম’ শব্দটি শোভা নাপায়। ‘শিৱ’ আৰু ‘শালগ্ৰাম’ শোভা পায়। শিৱৰ মাটিৰ লিঙ্গ সাজে গতিকে শালগ্ৰামো সাজে। পতিত-পাৱনতো তেৱেঁই নহয় জানো। ইয়াত যজ্ঞও ৰচনা কৰে। ভাৰত সকলোতকৈ উচ্চ কিন্তু দেৱতা ধৰ্মক পাহৰি গৈছে। তোমালোকৰ হৈছে আদি সনাতন দেৱী-দেৱতা ধৰ্ম। সেইটোতো চলি আহিব লাগে। হিন্দু জানো কোনো ধৰ্ম হয়। দেৱতা ধৰ্মাৱলম্বীসকলেই সতো, ৰজো, তমোত আহে। যেতিয়া তমোত আহি যায় তেতিয়া নিজক দেৱতা বুলি ক'ব নোৱাৰে। বাস্তৱত হিন্দুতো ধৰ্ম নহয়। গতিকে বুজোৱা হয় যে তোমালোক দেৱী-দেৱতা হ'ব পাৰা, আহি বুজা। তেতিয়া কৈ দিয়ে - সময় ক'ত! পিতাই কয় - মই তোমালোকক নিজৰ কৰি লওঁ - শান্তি আৰু সুখৰ উত্তৰাধিকাৰ দিবলৈ। কোনো কোনো পৰিয়াল পৰস্পৰ একত্ৰিত হৈ থাকে, বহুত মৰম-চেনেহেৰে চলে। সকলোৰে উপাৰ্জন একত্ৰিত হয়। কোনো হুলস্থুল নহয়, কিন্তু ইয়াকতো স্বৰ্গ বুলি কোৱা নহ'ব নহয়। সত্যযুগত এখন ঘৰতো বেমাৰ, দুখ নাথাকে। নামেই হৈছে স্বৰ্গ। তাত সকলো সুখত থাকে। পিতাৰ পৰা তোমালোকে সৰ্বদা সুখৰ উত্তৰাধিকাৰ ল'বলৈ আহিছা। তোমালোকে জ্ঞান প্ৰাপ্ত কৰিছা। কয় - বাবা আপুনি পতিত-পাৱন। আমাকো পাৱন কৰি তোলক। পিতাৰ লগত তোমালোক সন্তানসকলো ঈশ্বৰৰ সহায়কাৰী হোৱা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) স্বৰাজ্য ল'বৰ কাৰণে পৱিত্ৰতাৰ ভেটি এতিয়াৰ পৰা শক্তিশালী কৰিব লাগে। যেনেকৈ পিতা পতিত-পাৱন তেনেকৈ পিতাৰ সমান পাৱন হ'ব লাগে।

(2) নিজৰ শান্ত স্বধৰ্মত স্থিৰ হৈ থাকিব লাগে। যিমান সম্ভৱ দেহ-অভিমান এৰি দেহী-অভিমানী হৈ থাকিব লাগে। গভীৰ নিস্তব্ধতা অৰ্থাৎ অশৰীৰী হৈ থকাৰ অভ্যাস কৰিব লাগে।

বৰদান:
অন্য আত্মাসকলৰ সেৱাৰ লগতে নিজৰো সেৱা কৰোঁতা সফলতামূৰ্ত হোৱা

সেৱাত সফলতামূৰ্ত হ’বলৈ হ'লে আনৰ সেৱাৰ লগতে নিজৰো সেৱা কৰা। যেতিয়া যিকোনো সেৱালৈ যোৱা তেতিয়া এনেকৈ ভাবিবা যে সেৱাৰ লগতে নিজৰো পুৰণা সংস্কাৰসমূহৰ অন্তিম সংস্কাৰ (শেষকৃত্য) কৰোঁ। যিমানে সংস্কাৰৰ সংস্কাৰ কৰিবা সিমানে সৎকাৰ (আদৰ-সন্মান) পাবা। সকলো আত্মাই তোমালোকৰ আগত মনেৰে নমস্কাৰ জনাব। কিন্তু বাহিৰৰ পৰা নমস্কাৰ জনাওঁতা নহ'বা, মনেৰে নমস্কাৰ জনাওঁতা হ’বা।

স্লোগান:
বেহদৰ সেৱাৰ লক্ষ্য ৰাখা তেতিয়া হদৰ সকলো বন্ধন ছিঙি যাব।


অব্যক্ত ইংগিত: জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা

যেতিয়ালৈকে তোমালোকৰ স্মৃতি অগ্নিৰ ৰূপ হৈ নুঠে, তেতিয়ালৈকে এই বিনাশৰ অগ্নিয়েও সম্পূৰ্ণ অগ্নিৰ ৰূপ ধাৰণ নকৰে। ই জ্বলি উঠে, পুনৰ শীতল হৈ যায় কাৰণ অগ্নি মূৰ্ত আৰু প্ৰেৰক আধাৰ-মূৰ্ত আত্মাসকল এতিয়াও নিজেও সদায় অগ্নি ৰূপ হৈ উঠা নাই। এতিয়া অগ্নি ৰূপ হোৱাৰ দৃঢ় সংকল্প লোৱা আৰু সংগঠিত ৰূপত মন-বুদ্ধিৰ একাগ্ৰতাৰ দ্বাৰা শক্তিশালী যোগৰ প্ৰকম্পন চাৰিওফালে বিয়পাই দিয়া।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]