06.09.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকৰ এই পঢ়া হৈছে উপাৰ্জনৰ উৎস, এই পঢ়াৰ দ্বাৰা 21 জন্মৰ কাৰণে উপাৰ্জনৰ বন্দোবস্ত হৈ যায়”

প্ৰশ্ন:
মুক্তিধামলৈ যোৱাটো উপাৰ্জন নে লোকচান?

উত্তৰ:
ভক্তসকলৰ কাৰণে এইটোও উপাৰ্জন কিয়নো আধাকল্পৰ পৰা শান্তি শান্তি বুলি শান্তি বিচাৰি আহিছে। বহুত পৰিশ্ৰমৰ পাছতো শান্তি নাপালে। এতিয়া পিতাৰ দ্বাৰা শান্তি পায় অৰ্থাৎ মুক্তিধামলৈ যায় সেয়েহে এয়াও আধাকল্পৰ পৰিশ্ৰমৰ ফল হৈ গ’ল সেইকাৰণে ইয়াকো উপাৰ্জন বুলি কোৱা হ’ব, লোকচান নহয়। তোমালোক সন্তানসকলেতো জীৱনমুক্তিত যোৱাৰ পুৰুষাৰ্থ কৰা। তোমালোকৰ বুদ্ধিত এতিয়া গোটেই বিশ্বৰ ইতিহাস-ভূগোল নাচি আছে।

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকলক আত্মিক পিতাই এইটোতো বুজাইছে যে আত্মাইহে সকলো বুজি পায়। এই সময়ত তোমালোক সন্তানসকলক আত্মিক সৃষ্টিলৈ পিতাই লৈ যায়। সেইখনক কোৱা হয় আত্মিক দৈৱী সৃষ্টি, এইখনক কোৱা হয় পাৰ্থিৱ সৃষ্টি, মনুষ্য সৃষ্টি। সন্তানসকলে বুজি পায় দৈৱী সৃষ্টি আছিল, সেইখন দৈৱী মনুষ্যৰ পৱিত্ৰ সৃষ্টি আছিল। এতিয়া মনুষ্য অপৱিত্ৰ সেয়েহে সেই দেৱতাসকলৰ গায়ন পূজন কৰে। এইটো স্মৃতিত আছে যে যথাযথ প্ৰথমে বৃক্ষজোপাত এটাই ধৰ্ম থাকিব। বিৰাট ৰূপত বৃক্ষজোপাৰ ওপৰতো বুজাব লাগে। এই বৃক্ষজোপাৰ বীজৰূপ ওপৰত আছে। বৃক্ষজোপাৰ বীজ হ’ল পিতা, আকৌ যেনে বীজ তেনে ফল অৰ্থাৎ পাত ওলায়। এইটোও আচৰিত নহয়নে। কিমান সৰু বস্তু কিমান ফল দিয়ে। কিমান তাৰ ৰূপ পৰিৱৰ্তন হৈ থাকে। এই মনুষ্য সৃষ্টিৰূপী বৃক্ষজোপাক কোনেও নাজানে, ইয়াক কোৱা হয় কল্প বৃক্ষ, ইয়াৰ বৰ্ণনা মাত্ৰ ‘গীতা’তে আছে। সকলোৱে জানে ‘গীতা’ই হৈছে এক নম্বৰ ধৰ্ম শাস্ত্ৰ। শাস্ত্ৰও ক্ৰমানুসৰি হয়। কেনেকৈ ক্ৰমানুসৰি ধৰ্মবোৰৰ প্ৰতিষ্ঠা হয় এইটোও কেৱল তোমালোকেহে বুজি পোৱা। অন্য কাৰো এই জ্ঞান নাথাকে। তোমালোকৰ বুদ্ধিত আছে পোন প্ৰথমে কোনটো ধৰ্মৰ বৃক্ষ হয়। পাছত তাত অন্যান্য ধৰ্মবোৰৰ বৃদ্ধি কেনেকৈ হয়। ইয়াক কোৱা হয় বিৰাট নাটক। সন্তানসকলৰ বুদ্ধিত গোটেই বৃক্ষৰ জ্ঞান আছে। বৃক্ষজোপাৰ উৎপত্তি কেনেকৈ হয়, মুখ্য কথা হৈছে এইটো। দেৱী-দেৱতাসকলৰ বৃক্ষ এতিয়া নাই, অন্যান্য সকলোবোৰ ঠাল-ঠেঙুলি (শাখা-প্ৰশাখা) থিয় হৈ আছে। বাকী আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ ভেটি নাই। এয়াও গায়ন আছে - এক আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে, বাকী অন্য সকলো ধৰ্ম বিনাশ হৈ যায়। এতিয়া তোমালোকে জানা কিমান সৰু দৈৱী বৃক্ষ হ’ব। তেতিয়া ইমানবোৰ ধৰ্ম নাথাকিবই। বৃক্ষ প্ৰথমতে সৰু হয় পাছত ডাঙৰ হৈ গৈ থাকে। বাঢ়ি বাঢ়ি এতিয়া কিমান ডাঙৰ হৈ গ’ল। এতিয়া ইয়াৰ আয়ুস পূৰা হয়। ইয়াৰ লগত বটবৃক্ষৰ দৃষ্টান্ত বহুত ভালকৈ বুজোৱা হয়। এয়াও ‘গীতা’ৰ জ্ঞান যিটো পিতাই তোমালোকক সন্মুখত বহি শুনায়, যাৰ দ্বাৰা তোমালোক ৰজাৰো ৰজা হোৱাগৈ। আকৌ ভক্তিমাৰ্গত এই ‘গীতা’ শাস্ত্ৰ আদি ৰচিব। এইখন অনাদি ড্ৰামা ৰচি থোৱা আছে। পুনৰ এনেকুৱাই হ’ব। আকৌ যি যি ধৰ্ম প্ৰতিষ্ঠা হ’ব সেইবোৰৰ নিজৰ শাস্ত্ৰ থাকিব। শিখ ধৰ্মৰ নিজৰ শাস্ত্ৰ, খ্ৰীষ্টান আৰু বৌদ্ধসকলৰ নিজৰ শাস্ত্ৰ থাকিব। এতিয়া তোমালোকৰ বুদ্ধিত গোটেই বিশ্বৰ ইতিহাস-ভূগোল নাচি আছে। বুদ্ধিয়ে জ্ঞান নৃত্য কৰি আছে। তোমালোকে গোটেই বৃক্ষ জোপাৰ বিষয়ে জানি গৈছা। কেনেকৈ ধৰ্মবোৰ আহি থাকে, কেনেকৈ বৃদ্ধি পাই থাকে। আকৌ নিজৰ এক ধৰ্ম প্ৰতিষ্ঠা হয়, বাকী সকলো নাশ হৈ যায়। গোৱা হয় - জ্ঞান সুৰ্য উদিত হ’ল…. এতিয়া একেবাৰে অন্ধকাৰ হৈ আছে নহয়। কিমান অনেক মনুষ্য আছে, পাছত ইমানবোৰ নাথাকিব। এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্যত ইমানবিলাক নাছিল। পুনৰ এক ধৰ্ম প্ৰতিষ্ঠা হ’বই। এই জ্ঞান পিতাহে আহি শুনায়। তোমালোক সন্তানসকলে আহি উপাৰ্জন কৰিবৰ কাৰণে কিমান জ্ঞানৰ পাঠ পঢ়া। পিতা শিক্ষক হৈ আহে সেয়েহে আধাকল্প তোমালোকৰ উপাৰ্জনৰ বন্দোবস্ত হৈ যায়। তোমালোক বহুত ধনৱান হৈ যোৱা। তোমালোকে জানা যে এতিয়া আমি পঢ়ি আছোঁ। এয়া হৈছে অবিনাশী জ্ঞান ৰত্নৰ পঢ়া। ভক্তিক অবিনাশী জ্ঞান ৰত্ন বুলি কোৱা নহয়। ভক্তিত মনুষ্যই যি পঢ়ে, তাৰ পৰা লোকচানহে হয়। ৰত্ন হৈ নাযায়। জ্ঞান ৰত্নৰ সাগৰ বুলি একমাত্ৰ পিতাকেই কোৱা হয়। বাকী সেয়া হৈছে ভক্তি। তাত কোনো ধৰণৰ লক্ষ্য-উদ্দেশ্য নাই। উপাৰ্জন নহয়। উপাৰ্জনৰ কাৰণেতো বিদ্যালয়ত পঢ়ে। আকৌ ভক্তি কৰিবলৈ গুৰুৰ ওচৰলৈ যায়। কোনোৱে যৌৱন কালতে গুৰুৰ ওচৰলৈ যায়, কোনোৱে বুঢ়াকালত গুৰুৰ ওচৰলৈ যায়। কোনোৱে সৰু কালতেই সন্ন্যাস লৈ লয়। কুম্ভ মেলালৈ কিমান আহে। সত্যযুগততো এয়া একোৱেই নাথাকিব। তোমালোক সন্তানসকলৰ স্মৃতিত এই সকলোবোৰ কথা আহি গ’ল। ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ বিষয়ে তোমালোকে জানি গ’লা। তেওঁলোকেতো কল্পৰ আয়ুসেই দীঘলীয়া কৰি দিলে। ঈশ্বৰ সৰ্বব্যাপি বুলি কৈ দিলে। জ্ঞান নাই। পিতা আহি অজ্ঞান নিদ্ৰাৰ পৰা জগাই তোলে। এতিয়া তোমালোকৰ জ্ঞানৰ ধাৰণা হৈ গৈ থাকে। বেটাৰি ভৰপূৰ হৈ গৈ থাকে। জ্ঞানৰ দ্বাৰা উপাৰ্জন হয়, ভক্তিৰ দ্বাৰা লোকচান হয়। সময়ত যেতিয়া লোকচানৰ সময় পূৰা হয় তেতিয়া পিতা উপাৰ্জন কৰাবলৈ আহে। মুক্তিলৈ যোৱা - সেয়াও উপাৰ্জন। শান্তিতো সকলোৱে বিচাৰি থাকে। শান্তি দিওঁতা বুলি ক’লে বুদ্ধি পিতাৰ ফালে গুচি যায়। এনেকৈ কয় - বিশ্বত শান্তি হওঁক, কিন্তু সেয়া কেনেকৈ হ’ব - সেইটো কোনেও নাজানে। শান্তিধাম, সুখধাম যে বেলেগ বেলেগ সেয়াও নাজানে। যি প্ৰথম নম্বৰৰ তেৱোঁ একো নাজানিছিল। এতিয়া তোমালোকৰ গোটেই জ্ঞান আছে। তোমালোকে জানা - আমি এই কৰ্মক্ষেত্ৰত কৰ্মৰ ভূমিকা পালন কৰিবলৈ আহিছোঁ। ক'ৰ পৰা আহিছোঁ? ব্ৰহ্মলোকৰ পৰা। নিৰাকাৰী সৃষ্টিৰ পৰা এই সাকাৰী সৃষ্টিত ভূমিকা পালন কৰিবলৈ আহিছোঁ। আমি আত্মাসকল অন্য ঠাইৰ নিবাসী। ইয়াত এই 5 তত্বৰ শৰীৰ থাকে। শৰীৰ আছে বাবে আমি কথা ক’ব পাৰোঁ। আমি হৈছোঁ চৈতন্য ভূমিকা পালন কৰোঁতা। এতিয়া তোমালোকে এনেকৈ নোকোৱা যে ড্ৰামাৰ আদি-মধ্য-অন্তক আমি নাজানো। আগতে নাজানিছিলা। নিজৰ পিতাক, নিজৰ ঘৰক, নিজৰ ৰূপক যথাৰ্থ ৰীতিৰে নাজানিছিলা। এতিয়া জানা যে আত্মাই কেনেকৈ ভূমিকা পালন কৰি থাকে। স্মৃতি উদয় হৈছে, আগতে স্মৃতি নাছিল।

তোমালোকে জানা যে সত্য পিতাইহে সত্য শুনায়। যাৰ দ্বাৰা আমি সত্যখণ্ডৰ মালিক হৈ যাওঁ। সত্যৰ বিষয়ে সুখমণিতো (শিখসকলৰ শান্তিৰ ভজন) আছে। সত্য বুলি কোৱা হয় - সত্যখণ্ডক। দেৱতাসকল হৈছে সকলো সত্য কওঁতা। সত্য শিকাওঁতা হৈছে পিতা। তেওঁৰ মহিমা চোৱা কিমান। গায়ন কৰি অহা মহিমা তোমালোকৰ কামত আহে। শিববাবাৰ মহিমা কৰে। তেৱেঁই বৃক্ষজোপাৰ আদি-মধ্য-অন্তৰ বিষয়ে জানে। সত্য পিতাই শুনায় গতিকে তোমালোক সন্তানসকল সত্য হৈ যোৱা। সত্যখণ্ডও তৈয়াৰ হৈ যায়। ভাৰত সত্যখণ্ড আছিল। এক নম্বৰ আটাইতকৈ উচ্চ তীৰ্থও এই ভাৰতেই কিয়নো সকলোৰে সৎগতি কৰোঁতা পিতা ভাৰতলৈহে আহে। এক ধৰ্মৰ প্ৰতিষ্ঠা হয়, বাকী সকলোবোৰৰ বিনাশ হৈ যায়। পিতাই বুজাইছে - সূক্ষ্মলোকত একো নাই। এই সকলোবোৰৰ সাক্ষাৎকাৰ হয়। ভক্তিমাৰ্গতো সাক্ষাৎকাৰ হয়। সাক্ষাৎকাৰ নোহোৱাহেঁতেন ইমান মন্দিৰ আদি কেনেকৈ হ’লহেঁতেন! পূজা কিয় কৰিলেহেঁতেন। সাক্ষাৎকাৰ কৰে, অনুভৱ কৰে যে এয়া চৈতন্য আছিল। পিতাই বুজায় - ভক্তিমাৰ্গত যিবোৰ মন্দিৰ নিৰ্মাণ কৰে, যিবোৰ তোমালোকে দেখিছা, শুনিছা সেই সকলোবোৰ পুনৰাবৃত্তি হ’ব। চক্ৰ ঘূৰিয়েই থাকে। জ্ঞান আৰু ভক্তিৰ খেল ৰচি থোৱা আছে। সদায় কয় - জ্ঞান, ভক্তি, বৈৰাগ্য। কিন্তু বিতংকৈ একোৱেই নাজানে। পিতাই বহি বুজায় - জ্ঞান হৈছে দিন, ভক্তি হৈছে ৰাতি। বৈৰাগ্য হৈছে ৰাতিৰ। পুনৰ দিন হয়। ভক্তিত হৈছে দুখ সেয়েহে তাৰ প্ৰতি বৈৰাগ্য ওপজে। সুখৰ প্ৰতি বৈৰাগ্য বুলিতো কোৱা নহয়। সন্ন্যাস আদিও দুখৰ কাৰণে লয়। বুজি পায় পৱিত্ৰতাত সুখ আছে সেয়েহে স্ত্ৰীক ত্যাগ কৰি গুচি যায়। আজিকালিতো ধনৱানো হৈ গৈছে কিয়নো সম্পত্তি নোহোৱাকৈতো সুখ পাব নোৱাৰে। মায়াই প্ৰহাৰ কৰি জংঘলৰ পৰা পুনৰ চহৰলৈ লৈ আনে। বিবেকানন্দ আৰু ৰামকৃষ্ণ এই দুজন মহান সন্ন্যাসী হৈ গৈছে। সন্ন্যাসৰ শক্তি ৰামকৃষ্ণৰ আছিল। বাকী বিবেকানন্দই ভক্তিৰ বিষয়ে বুজাইছিল আৰু অভ্যাস কৰাইছিল। দুয়োজনৰে কিতাপ আছে। কিতাপ যেতিয়া লিখে তেতিয়া একাগ্ৰচিত হৈ বহি লিখে। ৰামকৃষ্ণই যেতিয়া নিজৰ জীৱনবৃত্তান্ত লিখিছিল তেতিয়া শিষ্যসকলকো কৈছিল তোমালোক গৈ দূৰৈত বহা। তেওঁ বহুত তীক্ষ্ণ কাঢ়া সন্ন্যাসী আছিল, নামো বহুত আছে। পিতাই এনেকৈ নকয় যে স্ত্ৰীক মাতৃ বুলি কোৱা। পিতাইতো কয় তেওঁলোককো আত্মা বুলি ভাবা। আত্মাতো সকলো ভাই ভাই হয়। সন্ন্যাসীসকলৰ কথা বেলেগ। তেওঁলোকে স্ত্ৰীক ‘মা’ বুলি ভাবে। মাতৃৰ বহুত প্ৰশংসা কৰিছে। এয়া জ্ঞানৰ মাৰ্গ, বৈৰাগ্যৰ কথা বেলেগ। বৈৰাগ্যত আহি স্ত্ৰীক ‘মা’ বুলি ভাবিলে। মাতৃ শব্দটিত বিকাৰী দৃষ্টি নাথাকে। ভনী বুলিলেও বিকাৰী দৃষ্টি আহিব পাৰে, মাতৃ বুলিলে কেতিয়াও বেয়া খেয়াল নাহে। পিতাৰ কন্যাৰ প্ৰতিও বিকাৰী দৃষ্টি যাব পাৰে, ‘মা’ৰ প্ৰতি কেতিয়াও নাযায়। সন্ন্যাসীসকলে স্ত্ৰীক ‘মা’ বুলি ভাবিবলৈ ল’লে। তেওঁলোকৰ কাৰণে এনেকৈ নকয় যে সৃষ্টি কেনেকৈ চলিব, জন্ম কেনেকৈ হ'ব? সেয়াতো এজনৰ বৈৰাগ্য উপজিল, ‘মা’ বুলি কৈ দিলে। তেওঁলোকৰ মহিমা চোৱা কিমান কৰা হয়। ইয়াত ভাই-ভনী বুলি ক’লেও বহুতৰ দৃষ্টি যায় সেই কাৰণে পিতাই কয় - ভাই ভাই বুলি ভাবা। এয়া হ'ল জ্ঞানৰ কথা। সেয়া হ'ল এজনৰ কথা, ইয়াততো প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান অনেক ভাই-ভনী আছে। পিতাই বহি সকলো কথা বুজায়। এৱোঁতো শাস্ত্ৰ আদি পঢ়িছে। সেইটো ধৰ্মই হৈছে বেলেগ নিবৃত্তি মাৰ্গৰ, কেৱল পুৰুষসকলৰ কাৰণে। সেয়া হ'ল হদৰ বৈৰাগ্য, তোমালোকৰতো গোটেই বেহদৰ সৃষ্টিৰ বৈৰাগ্য। সংগমতেই পিতা আহি তোমালোকক বেহদৰ কথা বুজায়। এতিয়া এই পুৰণা সৃষ্টিৰ প্ৰতি বৈৰাগ্য জন্মিব লাগে। এইখন বহুত পতিত ছিঃ ছিঃ সৃষ্টি। ইয়াত শৰীৰ পাৱন হ’ব নোৱাৰে। আত্মাই নতুন শৰীৰ সত্যযুগতহে লাভ কৰিব পাৰে। যদিও ইয়াত আত্মা পৱিত্ৰ হয়, কিন্তু যেতিয়ালৈকে কৰ্মাতীত অৱস্থা নহয় শৰীৰ তথাপিও অপৱিত্ৰ হৈ থাকে। সোণত খাদ পৰিলে অলংকাৰো খাদযুক্ত হয়। খাদ আঁতৰি গ’লে অলংকাৰো শুদ্ধ হ’ব। এই লক্ষ্মী-নাৰায়ণৰ আত্মা আৰু শৰীৰ দুয়োটাই সতোপ্ৰধান। তোমালোকৰ আত্মা আৰু শৰীৰ দুয়োটাই তমোপ্ৰধান ক'লা। আত্মা কাম চিতাত বহি ক’লা হৈ গৈছে। পিতাই কয় - পুনৰ মই আহি ক’লাৰ পৰা বগা কৰি তোলোঁ। এয়া সকলো জ্ঞানৰ কথা। বাকী পানী আদিৰ কথা নহয়। সকলো কামচিতাত বহি পতিত হৈ গৈছে সেয়েহে ৰাখি বন্ধা হয় যে পৱিত্ৰ হোৱাৰ প্ৰতিজ্ঞা কৰা।

পিতাই কয় - মই আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰোঁ। মই আত্মাসকলৰ পিতা, যাক তোমালোকে স্মৰণ কৰি আহিছা - পিতা আহক, আমাক সুখধামলৈ লৈ ব’লক। দুখ হৰণ কৰক, কলিযুগত হৈছে অপাৰ দুখ। পিতাই বুজায় - তোমালোক কাম-চিতাত বহি ক’লা তমোপ্ৰধান হৈ গ’লা। এতিয়া মই আহিছোঁ – কাম- চিতাৰ পৰা নমাই জ্ঞান-চিতাত বহুৱাবৰ কাৰণে। এতিয়া পৱিত্ৰ হৈ স্বৰ্গলৈ যাব লাগে। পিতাক স্মৰণ কৰিব লাগে। পিতাই আকৰ্ষিত কৰে। পিতাৰ ওচৰলৈ যুগল আহে - এজন আকৰ্ষিত হয়, আনজন নহয়। পুৰুষজনে ততালিকে কৈ দিলে - আমি এই অন্তিম জন্মত পৱিত্ৰ হৈ থাকিম, কাম-চিতাত নুঠোঁ। এনেকুৱা নহয় যে নিশ্চয় হৈ গ’ল। নিশ্চয় যদি হ’লহেঁতেন তেনেহ’লে বেহদৰ পিতালৈ চিঠি লিখিলেহেঁতেন, সংযোগত থাকিলহেঁতেন। বাবাই শুনিবলৈ পায় যে তেওঁলোক পৱিত্ৰ হৈ থাকে কিন্তু নিজৰ ধাণ্ডা আদিতেই মচগুল হৈ থাকে। পিতাৰ স্মৃতিয়ে বা ক’ত আছে। এনেহেন পিতাকতো বহুত স্মৰণ কৰিব লাগে। স্ত্ৰী-পুৰুষৰ নিজৰ মাজত কিমান স্নেহ থাকে, পতিক কিমান স্মৰণ কৰি থাকে। বেহদৰ পিতাকতো সকলোতকৈ বেছি স্মৰণ কৰিব লাগে। গায়নো আছে নহয় - স্নেহ কৰা বা অৱহেলা কৰা, মই হাত কেতিয়াও এৰি নিদিওঁ। এনেকুৱা নহয়, ইয়াত আহি থাকিব লাগে, সেয়াতো আকৌ সন্ন্যাস হৈ গ’ল। ঘৰ-সংসাৰ এৰি ইয়াত আহি থাকিবা। তোমালোককতো কোৱা হয় গৃহস্থালিত থাকি পৱিত্ৰ হোৱা। এয়াতো প্ৰথমতে ভাতী তৈয়াৰ কৰিবলগীয়া আছিল য’ৰ পৰা ইমানবোৰ তৈয়াৰ হৈ ওলাল, তেওঁলোকৰো বহুত ভাল বৃত্তান্ত আছে। যিসকল পিতাৰ হৈ যজ্ঞত থাকি আত্মিক সেৱা নকৰে তেওঁলোক গৈ দাস-দাসী হয়গৈ, আকৌ শেষৰ ফালে পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে মুকুট পাই যায়। তেওঁলোকৰো বংশ থাকে, প্ৰজাত আহিব নোৱাৰে। বাহিৰৰ কোনোবা আহি ভিতৰৰ হৈ যাব নোৱাৰে। বল্লভাচাৰীয়ে বাহিৰৰসকলক কেতিয়াও ভিতৰলৈ আহিব নিদিয়ে। এই সকলোবোৰ বুজিবলগীয়া কথা। জ্ঞান হৈছে চেকেণ্ডৰ, তেন্তে পিতাক জ্ঞানৰ সাগৰ বুলি কিয় কোৱা হয়? বুজায়েই থাকে অন্তিমলৈকে বুজায়েই থাকিব। যেতিয়া ৰাজধানী স্থাপনা হৈ যাব, তোমালোক কৰ্মাতীত অৱস্থাত উপনীত হ’বা তেতিয়া জ্ঞান পূৰা হৈ যাব। হওঁতে চেকেণ্ডৰ কথা তথাপিও বুজাবলগীয়া হয়। হদৰ পিতাৰ পৰা হদৰ সম্পত্তি, বেহদৰ পিতাই বিশ্বৰ মালিক কৰি তোলে। তোমালোক সুখধামলৈ গ’লে তেতিয়া বাকী সকলো শান্তিধামলৈ গুচি যাব। তাততো সুখেই সুখ। এইটোতো সন্তোষৰ কথা যে পিতা আহিছে। আমি ৰাজযোগৰ দ্বাৰা নতুন সৃষ্টিৰ মালিক হৈ আছোঁ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই পতিত ছিঃ ছিঃ সৃষ্টিৰ পৰা বেহদৰ বৈৰাগী হৈ আত্মাক পৱিত্ৰ কৰি তুলিবলৈ পূৰা পূৰা পুৰুষাৰ্থ কৰিব লাগে। এজন পিতাৰ আকৰ্ষণতে থাকিব লাগে।

(2) জ্ঞানৰ ধাৰণাৰে নিজৰ বেটাৰি ভৰপূৰ কৰিব লাগে। জ্ঞান ৰত্নৰে নিজক ধনৱান কৰি তুলিব লাগে। এতিয়া উপাৰ্জনৰ সময় সেয়েহে লোকচান হোৱাৰ পৰা নিজক ৰক্ষা কৰিব লাগে।

বৰদান:
জ্ঞান ৰত্ন ধাৰণ কৰি ব্যৰ্থ সমাপ্ত কৰোঁতা পৱিত্ৰ হংস হোৱা

পৱিত্ৰ হংসৰ দুটা বিশেষত্ব আছে - এটা হৈছে জ্ঞান ৰত্ন গ্ৰহণ কৰা আৰু দ্বিতীয়টো হৈছে নিৰ্ণয় শক্তিৰে গাখীৰ আৰু পানীক পৃথক কৰা। গাখীৰ আৰু পানীৰ অৰ্থ হৈছে - সমৰ্থ আৰু ব্যৰ্থৰ নিৰ্ণয়। ব্যৰ্থক পানীৰ সমান বুলি কোৱা হয় আৰু সমৰ্থক গাখীৰৰ সমান। গতিকে ব্যৰ্থ সমাপ্ত কৰা অৰ্থাৎ পৱিত্ৰ হংস হোৱা। সকলো সময়ত বুদ্ধিত জ্ঞান ৰত্ন নিগৰি থাকিলে, মনন চলি থাকিলে তেতিয়া ৰত্নেৰে ভৰপূৰ হৈ যাবা।

স্লোগান:
সদায় নিজৰ শ্ৰেষ্ঠ পদমৰ্যাদাত স্থিত হৈ বিৰোধ সমাপ্ত কৰোঁতাজনেই বিজয়ী আত্মা।


“ইচ্ছা মাত্ৰম অবিদ্যা” স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:

“ইচ্ছা মাত্ৰম অবিদ্যা” অৰ্থাৎ সম্পূৰ্ণ শক্তিশালী বীজৰূপ স্থিতি। যেতিয়া মাষ্টৰ বীজৰূপ হোৱা তেতিয়া পাতবোৰক প্ৰাপ্তি কৰাব পাৰা। অনেক ভক্ত আত্মা ৰূপী পাত যি শুকাই গৈছে, জঁই পৰি গৈছে, সেইবোৰক পুনৰাই নিজৰ বীজৰূপ স্থিতিৰে শক্তিসমূহৰ দান আৰু সৰ্ব প্ৰাপ্তি কৰাবৰ বাবে তোমালোকৰ “ইচ্ছা মাত্ৰম অবিদ্যা” স্থিতিৰ প্ৰয়োজন।