06.09.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকৰ এইটোৱেই চিন্তা থাকিব লাগে যে আমি কেনেকৈ সকলোকে সুখধামৰ ৰাস্তা দেখুৱাওঁ, সকলোৱে গম পাওঁক যে এয়াই পুৰুষোত্তম হোৱাৰ সংগমযুগ”

প্ৰশ্ন:
তোমালোক সন্তানসকলে পৰস্পৰ ইজনে সিজনক কি অভিনন্দন জনোৱা? মনুষ্যই অভিনন্দন কেতিয়া জনায়?

উত্তৰ:
মনুষ্যই অভিনন্দন তেতিয়া জনায় যেতিয়া কোনোবা জন্ম হয়, বিজয়ী হয় বা বিবাহ পাশত আৱদ্ধ হয় নতুবা কোনো বিশেষ দিন আহে। কিন্তু সেয়া কোনো সঁচা অভিনন্দন নহয়। তোমালোক সন্তানসকলে ইজনে সিজনক পিতাৰ হৈ যোৱাৰ বাবে অভিনন্দন জনোৱা। তোমালোকে কোৱা যে আমি কিমান সৌভাগ্যশালী, যে সকলো দুখৰ পৰা মুক্ত হৈ সুখধামলৈ যাওঁ। তোমালোক অন্তৰেৰে আনন্দিত হোৱা।

ওঁম্শান্তি।
বেহদৰ পিতাই বহি বেহদৰ সন্তানসকলক বুজায়। এতিয়া প্ৰশ্ন উদয় হয় যে বেহদৰ পিতা কোন? এইটোতো জানা যে সকলোৰে পিতা এজনেই, যাক পৰমপিতা বুলি কোৱা হয়। লৌকিক পিতাক পৰমপিতা বুলি কোৱা নহয়। পৰমপিতাতো এজনেই, তেওঁক সকলো সন্তানে পাহৰি গ'ল সেইবাবে পৰমপিতা পৰমাত্মা যিজন দুখ হৰ্তা, সুখ কৰ্তা তেওঁক তোমালোক সন্তানসকলে জানা যে পিতাই কেনেকৈ আমাৰ দুখ হৰণ কৰি আছে আকৌ সুখ-শান্তিত গুচি যাম। সকলোৱেতো সুখত নাযাব। কোনোবা সুখত, কোনোবা শান্তিত গুচি যাব। কোনোৱে সত্যযুগত ভূমিকা পালন কৰে, কোনোৱে ত্ৰেতাত, কোনোৱে দ্বাপৰত ভূমিকা পালন কৰে। তোমালোক সত্যযুগত থাকা বাকী সকলো মুক্তিধামত। সেইখনক ঈশ্বৰৰ ঘৰ বুলি কোৱা হ’ব। মুছলমানসকলে যেতিয়া নামাজ পঢ়ে তেতিয়া সকলোৱে মিলি খোদাৰ বন্দনা কৰে। কিহৰ বাবে? স্বৰ্গৰ বাবে নে আল্লাৰ ওচৰত যাবলৈ। আল্লাৰ ঘৰক স্বৰ্গ বুলি কোৱা নহয়। তাততো আত্মাসকল শান্তিত থাকে। শৰীৰ নাথাকে। এইটো জানে যে আল্লাৰ ওচৰত শৰীৰ সহিত নহয় কিন্তু আমি আত্মাসকল যাম। এতিয়া কেৱল আল্লাক স্মৰণ কৰিলেতো কোনেও পৱিত্ৰ হৈ নাযাব। আল্লাকতো নাজানেই। এতিয়া এই মনুষ্যক কেনেকৈ ৰায় দিয়া যায় যে পিতাই সুখ-শান্তিৰ উত্তৰাধিকাৰ দি আছে। বিশ্বত শান্তি কেনেকৈ হয়, বিশ্বত শান্তি কেতিয়া আছিল– এয়া তেওঁলোকক কেনেকৈ বুজোৱা যায়। সেৱাৰ যোগ্য যিসকল সন্তান আছে পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে তেওঁলোকৰ এইটো চিন্তন চলে। তোমালোক ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণসকলকে পিতাই নিজৰ পৰিচয় দিছে, গোটেই বিশ্বৰ মনুষ্য মাত্ৰৰ ভূমিকাৰো পৰিচয় দিছে। এতিয়া আমি মনুষ্য মাত্ৰক পিতা আৰু ৰচনাৰ পৰিচয় কেনেকৈ দিওঁ? পিতাই সকলোকে কয় - নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা তেতিয়া খোদাৰ ঘৰলৈ গুচি যাবা। স্বৰ্ণীম যুগ বা স্বৰ্গলৈতো সকলো নাযাব। তাততো থাকেই এটা ধৰ্ম। বাকী সকলো শান্তিধামত থাকিব, এই ক্ষেত্ৰত বিতুষ্ট হোৱাৰ কথাই নাই। মনুষ্যই শান্তি বিচাৰে সেয়া পোৱা যায় আল্লা অথবা ঈশ্বৰ পিতাৰ ঘৰত। সকলো আত্মা শান্তিধামৰ পৰা আহে, তালৈ পুনৰ তেতিয়া যাব যেতিয়া নাটক পূৰা হ'ব। পিতা আহেও পতিত সৃষ্টিৰ পৰা সকলোকে লৈ যাবলৈ।

এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে - আমি শান্তিধামলৈ যাওঁ পুনৰ সুখধামলৈ আহিম। এয়া হৈছে পুৰুষোত্তম সংগমযুগ। পুৰুষোত্তম অৰ্থাৎ উত্তমতকৈও উত্তম পুৰুষ। যেতিয়ালৈকে আত্মা পৱিত্ৰ নহয়, তেতিয়ালৈকে উত্তম পুৰুষ হ’ব নোৱাৰে। এতিয়া পিতাই তোমালোকক কয় - মোক স্মৰণ কৰা আৰু সৃষ্টি চক্ৰক জানা আৰু লগতে দৈৱীগুণো ধাৰণ কৰা। এই সময়ত সকলো মনুষ্যৰে চৰিত্ৰ নষ্ট হৈ গৈছে। নতুন সৃষ্টিততো চৰিত্ৰ অতি উত্তম হয়। ভাৰতবাসীহে উচ্চ চৰিত্ৰৱান হৈ উঠে। এই উচ্চ চৰিত্ৰৱানসকলৰ আগত কম চৰিত্ৰৱানসকলে মূৰ দোৱায়। তেওঁলোকৰ চৰিত্ৰৰ বৰ্ণনা কৰে। এয়া তোমালোক সন্তানসকলেহে বুজি পোৱা। এতিয়া আনক কেনেকৈ বুজোৱা যায়? কোনটো সহজ উপায় উলি‌য়াব পাৰি? এয়া হৈছে আত্মাসকলৰ তৃতীয় নেত্ৰ মুকলি কৰা। বাবাৰ আত্মাত জ্ঞান আছে। মনুষ্যই কয় মোৰ জ্ঞান আছে। এয়া হৈছে দেহ-অভিমান, ইয়াততো আত্ম-অভিমানী হ'ব লাগে। সন্ন্যাসীসকলৰ শাস্ত্ৰৰ জ্ঞান আছে। পিতাৰ জ্ঞানতো যেতিয়া পিতা আহি দিব। যুক্তিৰে বুজাব লাগে। তেওঁলোকে শ্ৰীকৃষ্ণক ভগৱান বুলি মানি লয়। ভগৱানক নাজানেই, ঋষি-মুনি আদিয়ে কৈছিল আমি নাজানো। বুজি পায় যে মনুষ্য ভগৱান হ'ব নোৱাৰে। নিৰাকাৰ ভগৱানহে ৰচয়িতা হয়। কিন্তু তেওঁ কেনেকৈ ৰচনা কৰে, তেওঁৰ নাম, ৰূপ, দেশ, কাল কি? কৈ দিয়ে যে নাম ৰূপৰ পৰা উৰ্দ্ধত। ইমানখিনিও বোধ নাই যে নাম-ৰূপৰ পৰা উৰ্দ্ধত বস্তু কেনেকৈ থাকিব পাৰে, অসম্ভৱ হয়। যদি কয় যে পাথৰ-শিলগুটি, মাছ-কাচ সকলোতে থাকে তেন্তে সেয়া নাম ৰূপ হৈ যায়। কেতিয়াবা কিবা কেতিয়াবা আন কিবা বুলি কৈ থাকে। সন্তানসকলৰ দিনে-ৰাতিয়ে বহুত চিন্তন চলিব লাগে যে আমি কেনেকৈ মনুষ্যক বুজাওঁ। এয়া হৈছে মনুষ্যৰ পৰা দেৱতা হোৱাৰ পুৰুষোত্তম সংগমযুগ। মনুষ্যই দেৱতাসকলক প্ৰণাম জনায়। মনুষ্যই মনুষ্যক প্ৰণাম নজনায়, মনুষ্যই ভগৱান অথবা দেৱতাসকলক প্ৰণাম জনাবলগীয়া হয়। মুছলমানসকলেও বন্দনা কৰে, আল্লাক স্মৰণ কৰে। তোমালোকে জানা যে তেওঁলোকতো আল্লাৰ ওচৰত যাব নোৱাৰে। মুখ্য কথা হ’ল আল্লাৰ ওচৰত কেনেকৈ যোৱা যায়? আকৌ আল্লাই কেনেকৈ নতুন সৃষ্টি ৰচনা কৰে। এই সকলোবোৰ কথা কেনেকৈ বুজোৱা যায়, ইয়াৰ বাবে সন্তানসকলে বিচাৰ সাগৰ মন্থন কৰিব লাগে। পিতাইতো বিচাৰ সাগৰ মন্থন কৰিব নালাগে। পিতাই সন্তানসকলক বিচাৰ সাগৰ মন্থন কৰাৰ উপায় শিকায়। এই সময়ত সকলো কলিযুগী তমোপ্ৰধান। নিশ্চয় কোনোবা সময়ত স্বৰ্ণীম যুগো থাকিব। স্বৰ্ণীম যুগক পৱিত্ৰ বুলি কোৱা হয়। পৱিত্ৰতা আৰু অপৱিত্ৰতা। সোণত খাদ মিহলি কৰা হয় নহয়। আত্মাও প্ৰথমে পৱিত্ৰ সতোপ্ৰধান হয় পাছত আত্মাত খাদ পৰে। যেতিয়া তমোপ্ৰধান হৈ যায় তেতিয়া পিতা আহিবলগীয়া হয়, পিতাহে আহি সতোপ্ৰধান, সুখধাম স্থাপনা কৰে। সুখধামত কেৱল ভাৰতবাসীহে থাকে। বাকী সকলো শান্তিধামলৈ গুচি যায়। শান্তিধামত সকলো পৱিত্ৰ হৈ থাকে, পুনৰ ইয়ালৈ আহি লাহে লাহে অপৱিত্ৰ হৈ গৈ থাকে। প্ৰত্যেক মনুষ্য সতো, ৰজো, তমো নিশ্চয় হয়। এতিয়া তেওঁলোকক কেনেকৈ কোৱা যাব যে তোমালোক সকলো আল্লাৰ ঘৰলৈ যাব পাৰা। দেহৰ সকলো সমন্ধ ত্যাগ কৰি নিজক আত্মা বুলি বুজা। ভগৱানুবাচতো হয়েই। মোক স্মৰণ কৰিলে এয়া যি 5 টা ভূত আছে, সেয়া আঁতৰি যাব। তোমালোক সন্তানসকলে দিনে-ৰাতিয়ে এইটো চিন্তা কৰিব লাগে। পিতাৰো চিন্তা হ’ল সেইবাবেতো খেয়াল আহিল যে যাওঁ, গৈ সকলোকে সুখী কৰি তোলোঁ। লগতে সন্তানসকলো সহায়কাৰী হ'ব লাগে। অকলে পিতাই কি কৰিব। গতিকে এয়া বিচাৰ সাগৰ মন্থন কৰা। এনেকুৱা কি উপায় উলি‌য়াও যে মনুষ্যই ততালিকে বুজি যায় যে এয়া পুৰুষোত্তম সংগমযুগ। এই সময়তে মনুষ্য পুৰুষোত্তম হ’ব পাৰে। প্ৰথমতে উচ্চ হয় পাছত অধঃপতিত হয়। প্ৰথমতেতো অধঃপতিত নহ’ব নহয়। আহিয়েইতো তমোপ্ৰধান হৈ নাযায়। প্ৰতিটো বস্তুৱে প্ৰথমে সতোপ্ৰধান তাৰপাছত সতো, ৰজো, তমো অৱস্থা পায়। সন্তানসকলে ইমান প্ৰদৰ্শনী আদি অনুষ্ঠিত কৰে তথাপিও মনুষ্যই একো বুজি নাপায় তেন্তে আৰু কি উপায় উলিওৱা যায়। ভিন্ন ভিন্ন উপায়তো উলিয়াবলগীয়া হয় নহয়। ইয়াৰ বাবে সময়ো পোৱা গৈছে। তৎক্ষণাততো কোনো সম্পূৰ্ণ হ’ব নোৱাৰে। চন্দ্ৰমাও অলপ অলপকৈ শেষত সম্পূৰ্ণ হৈ যায়। আমিও তমোপ্ৰধান হৈছোঁ, পুনৰ সতোপ্ৰধান হ’বলৈ সময় লাগে। সেয়াতো হৈছে জড় এয়া আকৌ হৈছে চৈতন্য। তেন্তে আমি কেনেকৈ বুজাম। মুছলমানসকলৰ মৌলবীক বুজাব লাগে যে আপুনি এই নামাজ কিয় পঢ়ে, কাৰ স্মৃতিত পঢ়া। এয়া বিচাৰ সাগৰ মন্থন কৰিব লাগে। বিশেষ দিনত ৰাষ্ট্ৰপতি আদিও মছজিদলৈ যায়। জ্যেষ্ঠসকলৰ সৈতে মিলিত হয়। সকলো মছজিদৰ ভিতৰত আকৌ এটা ডাঙৰ মছজিদ থাকে - তালৈ ঈদৰ অভিনন্দন জনাবলৈ যায়। এতিয়া অভিনন্দনতো এইটোহে যে - যেতিয়া আমি সকলো দুখৰ পৰা মুক্ত হৈ সুখধামলৈ যাওঁ, তেতিয়াহে অভিনন্দন জনাব লাগে। আমি শুভ সংবাদ শুনাওঁ। কোনোবা বিজয়ী হলেও অভিনন্দন জনায়। কোনোবা বিবাহ পাশত আবদ্ধ হ’লেও অভিনন্দন জনায়। সদায় সুখী হোৱা। এতিয়া তোমালোককতো পিতাই বুজাইছে, আমি ইজনে সিজনক কেনেকৈ অভিনন্দন জনাব লাগে। এই সময়ত আমি বেহদৰ পিতাৰ পৰা মুক্তি, জীৱন-মুক্তিৰ উত্তৰাধিকাৰ লৈ আছোঁ। তোমালোকেতো অভিনন্দন পাব পাৰা। পিতাই বুজায় – তোমালোকক অভিনন্দন। তোমালোক 21 জন্মৰ বাবে পদমপতি হৈ আছা। এতিয়া সকলো মনুষ্যই কেনেকৈ পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব যাতে সকলোকে অভিনন্দন জনাব পাৰি? তোমালোকে এতিয়া গম পাইছা কিন্তু তোমালোকক জগতৰ লোকে অভিনন্দন জনাব নোৱাৰে। তোমালোকৰ বিষয়ে নাজানেই। অভিনন্দন জনাবলৈ নিজেও নিশ্চয় অভিনন্দন পোৱাৰ যোগ্য হ’ব লাগিব। তোমালোকতো গুপ্ত হোৱা নহয়। দুই এজনক অভিনন্দন জনাব পাৰা। অভিনন্দন, আমি বেহদৰ পিতাৰ হৈ গলোঁ। তোমালোক কিমান সৌভাগ্যশালী হোৱা, কোনোৱে লটাৰি পালে বা সন্তান জন্ম হ’লে তেতিয়া কয় - অভিনন্দন। সন্তান উত্তীৰ্ণ হ’লেও অভিনন্দন জনায়। তোমালোকে আন্তৰিক আনন্দ পোৱা, নিজকে অভিনন্দন জনোৱা, আমি পিতাক পালোঁ, যাৰ পৰা আমি উত্তৰাধিকাৰ লৈ আছোঁ।

পিতাই বুজায় – তোমালোক আত্মাসকলে যিয়ে দুৰ্গতি পালা সেইসকলে এতিয়া সৎগতি পোৱা। অভিনন্দনতো সকলোৱে একেই পোৱা। অন্তিমত সকলোৱে গম পাব, যিসকল উচ্চতকৈও উচ্চ হ’ব তেওঁলোকক নীচসকলে অভিনন্দন জনাব। তোমালোক সূৰ্যবংশী কুলত মহাৰজা-মহাৰাণী হোৱাগৈ। নীচ কুলৰসকলে তেওঁলোকক অভিনন্দন জনাব যিসকল বিজয় মালাৰ মণি হয়। যিসকল উত্তীৰ্ণ হ'ব তেওঁলোকক অভিনন্দন জনাব, তেওঁলোকৰে পূজা হয়। আত্মাকো অভিনন্দন যিয়ে উচ্চ পদ লাভ কৰে। আকৌ ভক্তিমাৰ্গত তেওঁলোকৰেই পূজা হয়। মনুষ্যই গম নাপায় যে কিয় পূজা কৰে। সেয়েহে সন্তানসকলৰ এইটোৱে চিন্তা থাকে যে কেনেকৈ বুজাওঁ? আমি পৱিত্ৰ হৈছোঁ, আনকো কেনেকৈ পৱিত্ৰ কৰি তোলোঁ? সৃষ্টিখনো বহুত ডাঙৰ হয় নহয়। কি কৰোঁ যাতে ঘৰে ঘৰে বাৰ্তা দিব পৰা যায়। প্ৰচাৰ পত্ৰিকা বিলালে সকলোৱেতো নাপায়। এয়াতো প্ৰত্যেকৰে হাতে হাতে বাৰ্তা দিব লাগে কিয়নো তেওঁলোকে একেবাৰেই নাজানে যে পিতাৰ ওচৰলৈ কেনেকৈ যাব। কৈ দিয়ে যে সকলো ৰাস্তাই পৰমাত্মাৰ সৈতে মিলিত হোৱাৰ। কিন্তু পিতাই কয় - এই ভক্তি, দান পুণ্যতো জন্ম-জন্মান্তৰ কৰি আহিছা কিন্তু ৰাস্তা পালা জানো? কৈ দিয়ে যে এই সকলোবোৰ অনাদি কালৰ পৰাই চলি আহিছে, কিন্তু কেতিয়াৰ পৰা আৰম্ভ হ'ল? অনাদিৰ অৰ্থ বুজি নাপায়। তোমালোকৰ ভিতৰতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি বুজি পায়। জ্ঞানৰ প্ৰালদ্ধ 21 জন্ম, সেয়া হৈছে সুখ, আকৌ দুখ হয়। তোমালোক সন্তানসকলক হিচাপ বুজোৱা হয়– কোনে বেছিকৈ ভক্তি কৰিছে! এই সকলোবোৰ বিতং কথা এজন এজনকতো বুজাব নোৱাৰি। কি কৰা যায়, কোনোবা বাতৰিকাকতত প্ৰকাশ কৰোঁ, সময়তো লাগিব। সকলোৱে ইমান সোনকালে বাৰ্তা পাব নোৱাৰে। সকলোৱে যদি পুৰুষাৰ্থ কৰিবলৈ লাগি যায় তেন্তে আকৌ স্বৰ্গলৈ আহি যাব। এইটো হ’বই নোৱাৰে। এতিয়া তোমালোকে পুৰুষাৰ্থ কৰা স্বৰ্গৰ কাৰণে। এতিয়া যিসকল আমাৰ ধৰ্মৰ হয় তেওঁলোকক কেনেকৈ উলিয়াই অনা যায়? কেনেকৈ জানিব পৰা যায় কোন কোন বদলি হৈ গৈছে? হিন্দু ধৰ্মাৱলম্বীসকল আচলতে দেৱী-দেৱতাৰ ধৰ্মৰ হয়, এইটোও কোনেও নাজানে। দৃঢ় হিন্দু হ'লেতো নিজৰ আদি সনাতন দেৱী-দেৱতা ধৰ্মক মানি ল'ব। এই সময়ততো সকলো পতিত। আহ্বান জনায় – পতিত-পাৱন আহক। নিৰাকাৰজনকে স্মৰণ কৰে যে আহি আমাক পাৱন সৃষ্টিলৈ লৈ যাওঁক। তেওঁলোকে ইমান শ্ৰেষ্ঠ ৰাজ্য কেনেকৈ ল’লে? এই সময়ত ভাৰতত কোনো ৰাজ্য নাই, যাক তেওঁলোকে জয় কৰি লৈছে। তেওঁলোকেতো কোনো যুদ্ধ কৰি ৰাজ্য লোৱা নাই। মনুষ্যৰ পৰা দেৱতা কেনেকৈ কৰি তোলা হয় সেয়া কোনেও নাজানে। তোমালোকেও এতিয়া‌ পিতাৰ পৰা জানিছা। আনক কেনেকৈ বুজাওঁ যাতে মুক্তি, জীৱন-মুক্তি পায়। পুৰুষাৰ্থ কৰাওঁতা লাগে নহয়। যিয়ে নিজক জানি আল্লাক স্মৰণ কৰিব। কোৱা, তোমালোকে ঈদৰ অভিনন্দন কাক জনোৱা! আপোনালোক আল্লাৰ ওচৰলৈ যে গৈ আছে, দৃঢ় নিশ্চয়তা আছেনে? যাৰ বাবে আপোনালোক ইমান আনন্দিত হৈ থাকে। এয়াতো আপোনালোকে বছৰ বছৰ ধৰি কৰি আহিছে। কেতিয়াবা খোদাৰ ওচৰলৈ যাবনে, নাযায়? বিবুদ্ধিত পৰিব। যথাযথ আমি যি পঢ়োঁ, কৰোঁ, কিহৰ বাবে। উচ্চতকৈও উচ্চ একমাত্ৰ আল্লাই হয়। কোৱা, আল্লাৰ সন্তান আপোনালোকো আত্মা। আত্মাই বিচাৰে - আমি আল্লাৰ ওচৰলৈ যাওঁ। আত্মা যি প্ৰথমতে পৱিত্ৰ আছিল, এতিয়া পতিত হৈ গ’ল। এতিয়া এইখনক স্বৰ্গ বুলিতো কোৱা নহয়। সকলো আত্মাই পতিত, পাৱন কেনেকৈ হ’ব যে আল্লাৰ ঘৰলৈ যাব। তাত বিকাৰী আত্মা নাথাকে। নিৰ্বিকাৰী হ’ব লাগে। আত্মাতো তৎক্ষণাৎ সতোপ্ৰধান হৈ নাযায়। এই সকলোবোৰ বিচাৰ সাগৰ মন্থন কৰা হয়। বাবাৰ বিচাৰ সাগৰ মন্থন চলে সেইবাবেতো বুজায় নহয়। উপায় উলিয়াব লাগে, কাক কেনেকৈ বুজোৱা যায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যেনেকৈ পিতাৰ খেয়াল আহিল যে মই গৈ সন্তানসকলক দুখৰ পৰা মুক্ত কৰোঁ, সুখী কৰি তোলোঁ, তেনেকৈ পিতাৰ সহায়কাৰী হ'ব লাগে, ঘৰে ঘৰে বাৰ্তা দিয়াৰ উপায় উলিয়াব লাগে।

(2) সকলোৰে অভিনন্দন পাবলৈ বিজয় মালাৰ মণি হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। পূজ্য হ’ব লাগে।

বৰদান:
কৰণহাৰ আৰু কৰাৱনহাৰৰ স্মৃতিৰে লাইটৰ মুকুটধাৰী হোৱা

মই নিমিত্ত কৰ্মযোগী, কৰণহাৰ হওঁ, কৰাৱনহাৰ হৈছে পিতা - যদি এইটো স্মৃতি স্বতঃ থাকে তেতিয়া সদায় লাইটৰ মুকুটধাৰী বা নিচিন্ত বাদশ্বাহ হৈ যায়। মাথো ‘পিতা’ আৰু ‘মই’ তৃতীয় কোনো নাই - এইটো অনুভূতিয়ে সহজে নিচিন্ত বাদশ্বাহ কৰি তোলে। যিসকল এনেকুৱা বাদশ্বাহ হয় তেওঁলোকেই মায়াজিৎ, কৰ্মেন্দ্ৰিয়জিৎ আৰু প্ৰকৃতিজিৎ হৈ যায়। কিন্তু যদি কোনোবাই ভুলতেও কোনো ব্যৰ্থ ভাৱৰ বোজা নিজৰ ওপৰত লৈ লয় তেতিয়া মুকুটৰ সলনি চিন্তাৰ অনেক টাকুৰী শিৰত আহি যায়।

স্লোগান:
সকলো বন্ধনৰ পৰা মুক্ত হ’বলৈ দৈহিক সম্বন্ধৰ পৰা নষ্টোমোহা হোৱা।


অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা

যোগত যেতিয়া সকলো সংকল্প শান্ত হৈ যায়, এটাই সংকল্প থাকে “পিতা আৰু মই” ইয়াকেই শক্তিশালী যোগ বুলি কোৱা হয়। পিতাৰ সৈতে মিলনৰ অনুভূতিৰ বাহিৰে বাকী সকলো সংকল্প সমাহিত হৈ গ’লে তেতিয়া জ্বালা ৰূপৰ স্মৃতি বুলি কোৱা হ’ব, যাৰ দ্বাৰা পৰিৱৰ্তন হয়।