06.09.26 Avyakt Bapdada
Assame
Murli
19.10.2011 Om Shanti Madhuban
“*“ব্যর্থ সময়,
ব্যর্থ সংকল্পৰ ওপৰত বিজয়ী হৈ পৰস্পৰ সংস্কাৰ মিলনৰ ৰাসৰ সংকল্প কৰা”*”
আজি বাপদাদাই নিজৰ
চাৰিওফালৰ মৰমৰ সন্তানসকলক চাই আছেহঁক। সকলোৱে বহুত মৰমেৰে নিজৰ স্মৃতি সোঁৱৰাই আছে।
ইমান মৰম কেৱল পিতাকহে কৰে। এই পৰমাত্ম মৰম কেৱল এতিয়াহে প্ৰাপ্ত হয়। প্ৰতিগৰাকী
সন্তান স্নেহত লীন হৈ আছে। পিতায়ো প্ৰতিগৰাকী সন্তানক স্নেহৰ সঁহাৰি জনাই আছে। বাঃ!
সন্তান বাঃ! সমুখতে আছা বা দূৰৈত আছা, প্ৰতিগৰাকী সন্তান পিতাৰ অন্তৰত সমাহিত হৈ আছে।
সকলোৰে অন্তৰত এই গীত বাজিয়েই আছে – ইমান মৰম কোনে কৰিব! পিতা আৰু সন্তানসকলৰ এই
আত্মিক মৰমে প্ৰত্যেক সন্তানক দেহৰ পৰা অনাসক্ত আৰু পিতাৰ প্ৰিয় কৰি তোলে, আৰু এই
মৰম এতিয়াই সন্তানসকলে প্ৰাপ্ত কৰে। এই মৰমে সন্তানসকলক কিহৰ পৰা কি কৰি দিয়ে! এই
মৰম কেৱল এই এটা জন্মতেই প্ৰাপ্ত হয়। পিতায়ো সন্তানসকলৰ স্নেহ দেখি সন্তানৰ স্নেহত
সমাহিত হৈ যায়।
আজি বাপদাদাই প্ৰত্যেকৰে মস্তকত তিনিটা ভাগ্য চাই আছে। এটা পিতাৰ স্বৰূপত প্ৰাপ্ত
ভাগ্যৰ উত্তৰাধিকাৰ, দ্বিতীয়টো শিক্ষকৰ ৰূপত শ্ৰেষ্ঠ শিক্ষাৰ ভাগ্য আৰু তৃতীয়টো
সৎগুৰুৰ ৰূপত বৰদানৰ ভাগ্য। প্ৰত্যেকৰে মস্তক এই তিনিটা ভাগ্যৰে উজলি উঠিছে।
বাপদাদায়ো নিজৰ ভাগ্যশালী সন্তানসকলক দেখি হৰ্ষিত হৈ আছে। সমুখতে বহি আছা বা দূৰৈতে
বহি আছা, কিন্তু অন্তৰৰ সমীপত আছা। এনে সন্তান আৰু পিতাৰ মৰম গোটেই কল্পত কেৱল এই
সময়তেই প্ৰাপ্ত হয়। এই মৰমৰ অনুভৱ আনকো কৰাই আছা। এতিয়া কোনো কোনো লোকে ভাবে যে
এই ব্ৰাহ্মণ আত্মাসকলে কিবা পাইছে। কি পাইছে, তাৰ স্পষ্টীকৰণ হৈ গৈ আছে। পিতাই
দেখিলে যে এতিয়া এই প্লেটিনাম জুবলীৰ চাৰিওফালে প্ৰভাৱ পৰিছে আৰু সন্তানসকলেও
অন্তৰেৰে সেৱা কৰিছে আৰু আগলৈকো পৰিকল্পনা কৰিছে। গতিকে বাপদাদায়ো চাৰিওফালৰ
সন্তানসকলক অভিনন্দন জনাইছে – বাঃ! সন্তান বাঃ! এই 75 বছৰ নিজ নিজ পুৰুষাৰ্থ অনুসৰি
পাৰ কৰি নিৰ্বিঘ্ন হৈ, নিৰ্বিঘ্ন কৰি আহি উপনীত হৈছাহি। এতিয়া পিতাই সন্তানসকলৰ পৰা
কি বিচাৰে? পিতাৰ সদা প্ৰতিগৰাকী সন্তানৰ প্ৰতি এটাই আশা যে প্ৰতিগৰাকী সন্তান
পিতাৰ সমান হৈ যাওক। যেনেকৈ পিতা ব্ৰহ্মা বিজয়ী হ'ল, তেনেকৈ প্ৰতিগৰাকী সন্তান
সদায় বিজয়ী হওক। ইয়াৰ বাবে যেনেকৈ পিতা ব্ৰহ্মাই কি কৰিলে? পিতাক অনুসৰণ কৰা।
গতিকে তোমালোক সকলোৱেও প্ৰতিটো খোজ দিয়াৰ আগতে পৰীক্ষা কৰা যে এইটো খোজ পিতা
ব্ৰহ্মাই দিছিলনে? পিতা ব্ৰহ্মাই প্ৰতিগৰাকী সন্তানৰ প্ৰতি, যদিও জানিছিল যে এই
সন্তানটি দুৰ্বল, পুৰুষাৰ্থতো আৰু সেৱাতো, কিন্তু দুৰ্বলৰ ওপৰত আৰু অধিক দয়া আৰু
কল্যাণৰ ভাৱনা ৰাখিলে। ঠিক তেনেকৈ বাপদাদাই সকলো সন্তানকো এয়াই কয় – নিজৰ পৰিয়ালৰ
প্ৰতিগৰাকী ভাই বা ভনীৰ প্ৰতি শুভ ভাৱনা, শুভ কামনা, দয়া আৰু কল্যাণৰ দৃষ্টিৰে
তেওঁলোকৰো সহযোগী হোৱা। বাপদাদাই আগতেও শুনাইছিল যে মৰমৰ বিষয়টিত প্ৰতিগৰাকী
সন্তান যথাশক্তি উত্তীৰ্ণ। মৰমৰ কাৰণেই আগবাঢ়ি গৈ আছে। এতিয়া বাপদাদা সন্তানসকলৰ
মৰম দেখি আনন্দিত হয়। মৰমৰ বিষয়টিৰ কাৰণে প্ৰতিগৰাকী সন্তান ক্ৰমানুসাৰে চলি আছে।
এতিয়া বাপদাদাই বিচাৰে যে মৰমত কিছু ত্যাগো কৰা হয়। পিতাৰ প্ৰতি মৰম আছে, সেয়েহে
কোনটো ত্যাগ কৰিব লাগে? যিটো বাপদাদাই বিচাৰে, সেয়া নিশ্চয় বুজি পাইছা, বুজি পাইছা
নহয় পিতাই কি বিচাৰে? বুজি পাইছানে? কান্ধ লৰোৱা। বুজি পাইছানে? তেন্তে কৰিবলৈ
সাহস আছে নহয়! যদি সাহস আছে তেন্তে হাত দাঙা। সাহস আছেনে? বাৰু। সন্তানে সাহস কৰিলে
পিতাৰ সহায় আছেই।
এতিয়া বাপদাদাই বিচাৰে, ফলাফলত দেখিলে যে এতিয়ালৈকে সম্পূৰ্ণ পবিত্ৰতাৰ হিচাপত
ব্যর্থ সংকল্পও অপবিত্ৰতাৰ বীজ। গতিকে বাপদাদাই দেখিলে যে এই ব্যর্থ সংকল্প চলাটো
সৰহসংখ্যক সন্তানৰ মাজত এতিয়াও সংস্কাৰ হৈ আছে। এটা ব্যর্থ সংকল্প আৰু দ্বিতীয়টো
ব্যর্থ সময়, এইটো সৰহসংখ্যক সন্তানৰ মাজত এতিয়াও দেখা যায়। আৰু ব্যর্থ সংকল্পৰ
আধাৰ হ'ল মন, যিয়ে "মনমনাভৱ" হ'বলৈ নিদিয়ে, কাৰণ বাপদাদাই বহু সময়ৰ পৰাই ইংগিত
দিছে যে যি কিছু হ'ব লগা আছে সেয়া অকস্মাৎ হ'ব। গতিকে অকস্মাতৰ হিচাপত বাপদাদাই
পৰীক্ষা কৰিলে যে সৰহসংখ্যক সন্তানৰ মাজত এই ব্যর্থ সংকল্পৰ সংস্কাৰ আছে। গতিকে
যেতিয়া পিতা ব্ৰহ্মাই ব্যর্থ সময়, ব্যর্থ সংকল্পৰ ওপৰত বিজয়ী হৈ কৰ্মাতীত হ’ল,
তেন্তে পিতাক অনুসৰণ কৰা।
বাদদাদাই দেখিলে যে মন তোমালোকৰ ৰচনা, তোমালোক মনৰ ৰচয়িতা, গতিকে মনক চলাওঁতা হোৱা।
মনৰ নিয়ন্ত্ৰণ শক্তি, শাসন কৰা শক্তিৰ ৰ্মালিক হোৱা কিন্তু তথাপিও মনে ক’ৰবাত
প্ৰতাৰণা কৰি দিয়ে। হয় তোমালোকৰ ৰচনা, মোৰ হয় নহয়! কিন্তু নিয়ন্ত্ৰণ শক্তি কম
হোৱাৰ কাৰণে প্ৰতাৰণা কৰি দিয়ে। মনক ঘোঁৰা বুলিও কোৱা হয়, কিন্তু তোমালোকৰ ওচৰত
শ্ৰীমতৰ লেকাম আছে। লেকাম আছে নহয়! যদি মনে কেতিয়াবা ব্যৰ্থ সংকল্পৰ ফালে লৈ যায়,
তেন্তে লেকাম টান কৰাৰ লগে লগে ব্যৰ্থ সংকল্পৰ অলপো অপবিত্ৰতাক শেষ কৰি দিব পাৰা।
মনৰ গৰাকী হৈ, যেনেকৈ পিতা ব্ৰহ্মাই নিতৌ মনৰ পৰীক্ষা কৰিলে, তেনেকৈ প্ৰতিদিনে
পৰীক্ষা কৰা আৰু ব্যৰ্থ সংকল্প সমাপ্ত কৰা। গতিকে আজি বাপদাদাই এয়াই বিচাৰে যে এই
ব্যৰ্থ সংকল্প সমাপ্ত কৰা। বেয়া সংকল্প কম আছে, ব্যৰ্থ বেছি, কিন্তু ইয়াত সময়
বহুত যায়। মনৰ গৰাকী হৈ মনক এনেদৰে ব্যস্ত কৰা যাতে আনফালে আকৰ্ষিত হৈ তোমালোকৰ
লেকাম ঢিলা কৰি নিদিয়ে। হ’ব পাৰেনে এইটো? আজি বাপদাদাই ব্যৰ্থ সংকল্প সমাপ্ত কৰাৰ
সংকল্প সকলোকে দি আছে। হ’ব পাৰিবনে? যিসকলে ভাবে যে ব্যৰ্থ সংকল্পও সমাপ্ত, হাত দাঙা,
উৎসৱ পালন কৰিম। ব্যৰ্থ সময়ো ৰাহি কৰিব লাগে। সময় আৰু সংকল্প দুয়োটাকে ৰাহি কৰিব
লাগিব কাৰণ বাপদাদাই সকলোৰে খতিয়ান চায়। গতিকে খতিয়ানত এইটো অভাৱ সৰহ সংখ্যকৰে
মাজত দেখা গৈছে। মনৰ মালিকসকলেই বিশ্বৰ মালিক হয়। যেনেকৈ পিতা ব্ৰহ্মা মনজিৎ হৈ
বিশ্বৰ মালিক হৈ গ’ল, এতিয়াতো তোমালোকৰ বাবে, সন্তানসকলৰ বাবে আৱাহন কৰি আছে,
তোমালোকৰ আগতীয়া দলেও আৱাহন কৰি আছে। শুনাইছিলোঁ যে চাৰি বজাত আগতীয়া দলৰসকলো
সূক্ষ্ম লোকলৈ আহে আৰু সোধে— কেতিয়া মুক্তিৰ দ্বাৰ খুলিব? কোনে খুলিব লাগে?
তোমালোক সকলো মুক্তিৰ দ্বাৰ খুলোঁতা হোৱা নহয়! তোমালোক সম্পূৰ্ণ হোৱা অৰ্থাৎ
মুক্তিৰ দ্বাৰ মুকলি হোৱা। বাপদাদাৰ সৈতে আগতীয়া দলেও আন্তৰিক বাৰ্তালাপ কৰে—
কেতিয়ালৈকে? গতিকে পিতাই তোমালোকক সোধে— কেতিয়ালৈকে? তেন্তে কি উত্তৰ দিম? প্ৰথম
শাৰীত থকাসকলে কোৱা, কেতিয়ালৈকে? প্ৰতিটো কামৰ বাবে তাৰিখ নিৰ্ধাৰণ কৰা নহয়!
তেন্তে এইটো কামৰ তাৰিখ কেতিয়ালৈকে? পিতা ব্ৰহ্মাইতো ফৰিস্তা ৰূপত আৱাহন কৰি আছে।
ক’ব পাৰানে তাৰিখ? কোৱা, তাৰিখ নিৰ্ধাৰণ কৰিব পাৰানে? এতিয়া তাৰিখ নিৰ্ধাৰিত হৈছেনে?
পাণ্ডৱসকল হাত দাঙা, তাৰিখ নিৰ্ধাৰণ হৈছেনে? নাই। কিয়? দিদীয়ে কয়— বাবা আমাৰ লাগি
আছিল ঘৰলৈ যাব লাগে, ঘৰলৈ যাব লাগে, ঘৰলৈ যাব লাগে। দাদীয়ে কয়— আমাৰ নিচা আছিল
কৰ্মাতীত হ’ব লাগে, কৰ্মাতীত হ’ব লাগে...। তেন্তে তোমালোক সকলোৰে দিদী-দাদীৰ প্ৰতি
মৰম আছে নহয়। আছেতো সকলোৰে প্ৰতি, কাৰণ যিসকল আগতীয়া দলত গৈছে, তেওঁলোক সকলোৰে
প্ৰতি তোমালোকৰ মৰমতো আছেই। এতিয়া তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিয়া। গতিকে পৰস্পৰ
আন্তৰিক বাৰ্তালাপ কৰি এতিয়া কিবা উত্তৰ প্ৰস্তুত কৰা। কৰিবানে?
আজিতো ডবল বিদেশীসকলৰ মিলনৰ দিন হয় নহয়! গতিকে ডাবল বিদেশীসকলেও পৰস্পৰ আলচ কৰি
তাৰিখ জনাবা আৰু ভাৰতবাসীয়েও ইয়াৰ ওপৰত আলচ কৰি জনাবা। উত্তৰ আছেনে? হয়, কোৱা,
কোৱা...। যিয়ে ক’ব বিচাৰে তেওঁ হাত দাঙা। (মোহিনী ভগ্নী, নিউয়ৰ্ক – বাবা তাৰিখ
আপুনি নিৰ্ধাৰণ কৰক, আমি সকলো সদা প্ৰস্তুত) নহয়, তোমালোকে নিৰ্ধাৰণ কৰাচোন।
প্ৰস্তুত তোমালোক হ’ব লাগে নহয়। পিতাইতো ক’ব যে এই দেৱালীত দেৱালী কৰা, সদা
প্ৰস্তুত। সদা প্ৰস্তুতনে? নে ক’বা সোনকাল হ’ল? সেয়েহে কৈছোঁ তোমালোকে কোৱা। (ডাঃ
নিৰ্মলা ভগ্নীয়ে ক’লে – বাবা এবছৰ দিয়ক) ঠিক আছে, ইয়াত সন্মত আছা, তেওঁ কৈছে
এবছৰ। যিসকলে ভাবা যে এবছৰ, তেওঁলোকে হাত দাঙা। দীঘলকৈ হাত দাঙা। বাৰু। এছৰ বুলি
কোৱাসকলৰ নাম টুকি ৰাখা। ভাল কথা। আন সকলোৱে হাঁহিছে। কোৱা। (নিৰ্বেৰ ভাইয়ে ক’লে –
এতিয়া নহ’লে কেতিয়াও নহয়, আজি এতিয়াই হ’ব লাগে) তেন্তে চাপৰি বজোৱা। ভাল, বহুত ভাল।
তেন্তে এতিয়াই সকলোৱে নিজৰ মনত এইটো অংগীকাৰ কৰা যে কেতিয়াও ব্যৰ্থ সংকল্প আহিবলৈ
নিদিওঁ। এইটো হ’ব পাৰেনে? এতিয়াৰ পৰাই কওঁ — এতিয়া নহ’লে কেতিয়াও নহয়, তেন্তে
অন্ততঃ সকলোৱে এইটো অংগীকাৰ কৰিছে যে এতিয়াৰ পৰা কোনো ব্যৰ্থ সংকল্প নাই আৰু
ব্যৰ্থত সময়ো নষ্ট হ’বলৈ নিদিওঁ? ইয়াত যিসকল প্ৰস্তুত আছে, তেওঁলোকে হাত দাঙা। সৰহ
সংখ্যকে দাঙিছে। যিসকলে ভাবা যে সময় লাগিব, তেওঁলোকে হাত দাঙা। কোনো নাই। অলপ অলপ
আছে যিসকলে হাত দাঙিছে। বাৰু, তেন্তে এই দেৱালীত এইটো এটা দৃঢ় সংকল্প কৰিবা, সৰহ
সংখ্য যিসকলে হাত দাঙিছে, তেওঁলোকে স্বাহা কৰিবা, সেয়েহে তোমালোক সকলোৰে ফালৰ পৰা
দৃঢ় সংকল্পৰ বাবে আজি কেক্ কাটিম। পছন্দ কৰিছা নহয়! আজিৰ কেক্টো এইটো দৃঢ়
সংকল্পৰ সূচক, কাৰণ সকলোৱে বিচাৰে, অজ্ঞানীসকলেও বিচাৰে যে এতিয়া কিবা এটা হ’ব লাগে,
এতিয়া কিবা এটা হ’ব লাগে, কিন্তু শক্তি নাই। তোমালোক সন্তানসকলৰতো সংকল্প পূৰণ
কৰাৰ শক্তি আছে। পিতাক অনুসৰণ কৰা নহয়! পিতা ব্ৰহ্মাৰ জন্মই দৃঢ় সংকল্পৰ পৰা হৈছে।
কৰিব লাগে। নাভাবিবা যে কি কৰোঁ, কি নকৰোঁ, কৰিব লাগে। সেই এটা দৃঢ় সংকল্পই
ইমানবোৰ সন্তানৰ ভৱিষ্যত গঢ়িলে। এক পিতা ব্ৰহ্মাই কিমান সাহস ৰাখিলে! আধা অংশ পালে
আৰু যজ্ঞ ৰচনা কৰিলে। যজ্ঞৰ ব্ৰাহ্মণ ৰচনা কৰিলে আৰু এতিয়া দেশ-বিদেশৰ আত্মাসকল আহি
পাইছেহি, কেৱল এক পিতা ব্ৰহ্মাৰ দৃঢ় সংকল্পৰ কাৰণে। তেন্তে দৃঢ় সংকল্পই কি কৰিব
নোৱাৰে! এইটো তেন্তে তোমালোকৰ আগত উদাহৰণ। বহুত ভাল ভাল সংকল্প কৰা, সংকল্প পিতাৰ
ওচৰলৈ আহে, কিন্তু তাত দৃঢ়তা কম থাকে। সমুখত কোনো কথা আহিলে দৃঢ়তা কমি যায়।
দৃঢ়তা সফলতাৰ চাবি।
চোৱা, দিল্লী নিবাসীসকলে দৃঢ় সংকল্প কৰিলে— কৰিবই লাগিব। হৈ গ’ল নহয়! ভাবিম, চাম—
এইটো নকৰিলে। সকলোৰে দৃঢ় সংকল্প, নিমিত্ত হোৱা সন্তানসকলৰ সহযোগিতা আৰু দৃঢ়
সংকল্পই বাস্তৱিক সফলতা আনিলে। ইয়াত সকলোৱে সংগ দিলে আৰু একমত হ’ল। হয়-নহয়,
হয়-নহয় নহয়, এটা দৃঢ় মত হ’ল; গতিকে দৃঢ়তাত ইমান শক্তি আছে। যি কাম আৰম্ভ কৰা,
তাত প্ৰথমতে দৃঢ় সংকল্পৰ বীজ ৰোপণ কৰা, তাৰ ফল ওলাবই। এই ইমান 75 টা বছৰ কেনেকৈ
পাৰ হ’ল, পিতা ব্ৰহ্মা আৰু সন্তানসকলৰ লগ লাগি দৃঢ় সংকল্পৰে 75 বছৰ সম্পূৰ্ণ কৰিলে।
উৎসাহ-উদ্দীপনাৰে আগবাঢ়ি আৰু আগবঢ়াই থাকিল, তেতিয়াহে এই 75 বছৰ সম্পূৰ্ণ হ’ল।
এতিয়া এইটো সংকল্প কৰা যে আজি ব্যৰ্থ সময়, ব্যৰ্থ সংকল্প সমাপ্ত কৰিবই লাগিব।
যেতিয়া ব্যৰ্থ সমাপ্ত হৈ যাব, তেতিয়া সদায় শ্ৰেষ্ঠ সংকল্প ৰূপী সম্পদে চমৎকাৰ
দেখুৱাব।
গতিকে বাপদাদাই ডবল বিদেশীসকলক দেখি আনন্দিত হৈছে, বৃদ্ধিও কৰিছে আৰু ডবল সেৱাৰ ফালে
মনোযোগো ভাল। কেৱল বাপদাদাই এইটো ইংগিত পুনৰাই দিছে যে পৰস্পৰ সংস্কাৰ মিলনৰ ৰাস কৰা।
এইটো ভাবিব নালাগে— সেৱকেন্দ্ৰতো ভালকৈ চলি আছে, সেৱাতো ভালেই চলি আছে, কিন্তু
যেতিয়া এটা পৰিয়াল, প্ৰভু পৰিয়াল, লৌকিক পৰিয়াল নহয়— প্ৰভু পৰিয়াল। প্ৰভু
পৰিয়ালৰ অৰ্থই হ’ল ইজনে সিজনৰ প্ৰতি শুভ ভাৱনা, কল্যাণৰ ভাৱনা। ইজনে সিজনৰ প্ৰতি
এইটো সংকল্পই থাকক যে আমি সকলোৱে একেলগে ইজনে সিজনক আগুৱাই লৈ মুক্তিৰ দ্বাৰ মুকলি
কৰি লগত যাবই লাগিব। সেয়েহে প্ৰতিটো সেৱাকেন্দ্ৰত এনেকুৱা বায়ুমণ্ডল হওক যাতে বুজা
যায় যে এইসকল 8 জন নহয়, 10 জন নহয়, কিন্তু 10 জনেই এজন। গতিকে দেৱালীত প্ৰত্যেকে
নিজৰ মনত সংকল্প কৰা যে এতিয়া সংস্কাৰ মিলনৰ ৰাস কৰিবই লাগিব। এটা আত্মাও ইজনে
সিজনৰ পৰা আঁতৰত থাকিব নালাগে, সকলো এক হ’ব লাগে। তেন্তে এই দেৱালীত সংস্কাৰ মিলনৰ
ৰাস কৰা। মনত দৃঢ় সংকল্প কৰা যে মোৰ পৰা কোনো এজনো গধূৰ হৈ নাথাকক, সকলো পাতল।
সংস্কাৰ মিল নাখালে গধূৰ হয়। গতিকে পিতাই বুজে যে এই সংকল্পৰে মুক্তিৰ দ্বাৰ মুকলি
কৰিবলৈ সোনকালে প্ৰস্তুত হৈ যাব। পৰীক্ষা কৰা— মোৰ ওপৰত কোনো বিতুষ্টতো হোৱা নাই!
কিন্তু গধূৰো হ’ব নালাগে। হ’ব পাৰেনে এইটো? হ’ব পাৰেনে? কান্ধ লৰোৱা। হ’ব পাৰিব।
হ’ব পাৰে তেন্তে হাত দাঙা। তেন্তে এই দেৱালীত ভাল জাকজমকতা হৈ যাব।
বাদদাদাই ডবল বিদেশীসকলক প্ৰতিদিনে অন্তৰত প্ৰকট কৰে, কিয়? কিয় প্ৰকট কৰে? কাৰণ ডবল
বিদেশী গোটেই বিশ্বত পিতাৰ নাম উজ্জ্বল কৰাৰ নিমিত্ত হৈছে। কোনটো কথাৰ ওপৰত? যে
এওঁলোক ভাৰতবাসী নহয়, বিদেশী, তেওঁলোকে নিজৰ ভাগ্য গঢ়ি ল’লে, তেন্তে আমিনো কিয়
পিছ পৰি থাকিম! এইটো প্ৰেৰণা এই দিল্লীৰ অনুষ্ঠানেৰে পৰা ভাৰতত.....ভালেই প্ৰচাৰিত
হৈছে, সেয়েহে বাপদাদাই সেৱাৰ নিমিত্তে তোমালোক সকলোকে প্ৰকট কৰে। ভাৰতক জগাই তুলিব,
জগাই আছে আৰু আগলৈকো এনে ভি.আই.পি. তৈয়াৰ কৰিব যিয়ে ভাৰতক জগাব। তেওঁলোকৰ
অভিজ্ঞতাই ভাৰতবাসীক জগাই তুলিব। বাপদাদাৰ স্মৃতিত আছে— আৰম্ভণিতে বহুত ভি.আই.পি.
লৈ আনিছিল, অনুষ্ঠান কৰিছিল। এতিয়া এই সেৱা নাই। এনে ভি.আই.পি. তৈয়াৰ কৰা যিয়ে
মঞ্চত নিজৰ অভিজ্ঞতা শুনায়। এতিয়া বেছি সাংস্কৃতিক হৈ দেখুৱালে, অমুভৱো শুনালে,
কিন্তু অলপ সময় আছিল; এতিয়া এনে ভি.আই.পি আনা যিয়ে ভাৰতবাসীৰ ভাগ্যক জগাই তোলে।
এতিয়াও যি বিদেশী আৰু ভাৰতৰ সেৱা একত্ৰিত কৰিলে, তাৰো প্ৰভাৱ ভাল হৈছে। এতিয়া
মিলিজুলি এনে সেৱা বঢ়াই নিয়া। আৰু মুখ্য কথা— নিজকে প্ৰত্যেকে, ভাৰতবাসীয়ে হওক বা
বিদেশীয়ে হওক, সোনকালে এনেকুৱা সম্পন্ন কৰা যাতে তোমালোক সকলোৰে সম্পন্নতাই মুক্তিৰ
দ্বাৰ মুকলি কৰি দিয়ে। বাৰু।
চাৰিওফালৰ সমুখতে বহি আছা বা য’তেই বহি আছা, কিন্তু সকলোৰে মনোযোগ মধুবনত আছে।
বাপদাদাক চাই আছে, সৰহসংখ্যকেতো চায়েই আছে। বাপদাদায়ো সকলো সন্তানক, চাৰিওফালৰ
সন্তানসকলক সদায় হৰ্ষিত হৈ থকা, সদায় ডবল পুৰুষাৰ্থী— ডবল পুৰুষাৰ্থী অৰ্থাৎ নিজৰ
পুৰুষাৰ্থতো আৰু সেৱাৰ পুৰুষাৰ্থতো, এনে ডবল পুৰুষাৰ্থী আৰু ডবল নিশ্চয়তা আৰু নিচাত
থাকোঁতা, সদায় পিতাৰ লগত থাকোতা, সদায় পৰস্পৰ কল্যাণ আৰু দয়াৰ শুভ ভাৱনাত থাকোতা,
প্ৰতিগৰাকী সন্তানক নাম সহিত বাপদাদাই অন্তৰৰ স্নেহ সহিত স্মৰণ কৰি আছে।
কিন্তু আজিৰ ব্যৰ্থ সংকল্পৰ সমাপ্তিৰ কথাটি পাহৰি নাযাবা। বাপদাদাৰ ওচৰত ৰেকৰ্ডতো
আহি পায়েই যায়। বাপদাদাই চাব— কিমান তীব্র পুৰুষাৰ্থী সন্তান আছে আৰু ইজনে সিজনকো
উৎসাহ-উদ্দীপনাৰে আগুৱাই লৈ যাওঁতা হয়। যদি কোনোবাই ভুলো কৰে, তেন্তে তেওঁ বাৰু ভুল
কৰিলে আৰু তোমালোকে তেওঁৰ ভুলৰ বিষয়ে মনত সংকল্প কৰা—এইটো কৰে, এইটো কৰে, এইটো কৰে...
এয়াও সমাপ্ত কৰা। তেওঁলোকক সহযোগ দিয়া, শ্ৰেষ্ঠ ভাৱনা ৰাখা, এনে সেৱা কৰি গোটেই
সংগঠনক শ্ৰেষ্ঠ সংকল্পধাৰী কৰি তুলিবই লাগে। কোনো সেৱাকেন্দ্ৰত কেতিয়াও ইজনৰ সিজনৰ
প্ৰতি কোনো অন্য ভাৱনা যাতে নাথাকে; শুভ ভাৱনা, শুভ কামনা— ঠিক আছে নহয়! বহুত ভাল।
এতিয়া সকলো সন্তানক বাপদাদাই অভিনন্দনৰ লগতে অন্তৰৰ স্নেহ সহিত স্মৰণো কৰি আছে।
বাৰু।
বৰদান:
নিষ্কাম সেৱাৰ
দ্বাৰা বিশ্বৰ ৰাজ্য প্ৰাপ্ত কৰোঁতা বিশ্ব কল্যাণী, দয়াশীল হোৱা
যিসকল নিষ্কাম
সেৱাধাৰী, তেওঁলোকৰ কেতিয়াও এইটো সংকল্প উদয় হ’ব নোৱাৰে যে— মই ইমান কৰিলোঁ, মই
ইয়াৰ বাবে কিবা মান-সন্মান বা প্ৰশংসা পাব লাগে... এয়াও লোৱা হ'ল। দাতাৰ সন্তানসকলে
যদি লোৱাৰ সংকল্পও কৰে, তেন্তে দাতা নহ'ল। এই লোৱাটোও দিওঁতাসকলৰ আগত শোভা নাপায়।
যেতিয়া এইটো সংকল্প সমাপ্ত হ’ব, তেতিয়া বিশ্ব মহাৰজাৰ পদবী প্ৰাপ্ত হ’ব। এনে
নিষ্কাম সেৱাধাৰী, বেহদৰ বৈৰাগীয়েই বিশ্ব কল্যাণী, দয়াশীল হয়।
স্লোগান:
নিজৰ ভুল আনৰ
ওপৰত জাপি দিয়া - এয়াও পৰচিন্তন।
অব্যক্ত সংকেত: এতিয়া
নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা
সবাতোকৈ ডাঙৰ দান হ'ল—
দাতাৰ সন্তান হৈ সকলোকে সহযোগ দিয়া। নষ্ট হোৱা কাৰ্য, নষ্ট যোৱা সংস্কাৰ, নষ্ট হোৱা
মনৰ অৱস্থা শুভ ভাৱনাৰে ঠিক কৰাত সদায় সকলোৰে সহযোগী হোৱা। এওঁ এইটো ক'লে, এইটো
কৰিলে— এয়া দেখি, শুনি, বুজিও নিজৰ সহযোগিতাৰ জমা পুঁজিৰ দ্বাৰা পৰিৱৰ্তন কৰি তেওঁক
ভৰপূৰ কৰা— এইটো সবাতোকৈ ডাঙৰ দান।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]