06.10.24 Avyakt Bapdada
Assame
Murli
24.02.2002 Om Shanti Madhuban
“*“পিতাক প্ৰত্যক্ষ
কৰিবৰ বাবে নিজৰ আৰু আনৰ বৃত্তি ইতিবাচক কৰি তোলা”*”
আজি বিশ্ব কল্যাণকাৰী
বাপদাদাই নিজৰ চাৰিওফালৰ সন্তানসকলক দেখি হৰ্ষিত হৈ আছেহঁক। প্ৰতিগৰাকী সন্তানৰ মনৰ
উৎসাহ দেখিও আছে আৰু শুনিও আছে। সকলোৰে মনৰ লক্ষ্য এটাই যে অতি সোনকালে পিতাৰ সমান
হওঁ। লক্ষ্য দেখি, সাহস দেখি, শ্ৰেষ্ঠ সংকল্প দেখি বাপদাদা আনন্দিত হৈছে। লগতে এয়াও
চাই আছে যে লক্ষ্য সকলোৰে বহুত উচ্চতকৈও উচ্চ কিন্তু প্ৰত্যক্ষ ৰূপত লক্ষণ
ক্ৰমানুসৰি হয়। লক্ষ্য আৰু লক্ষণ সমান হোৱা অৰ্থাৎ পিতাৰ সমান হোৱা। সেৱাৰ মঞ্চত
যিসকল নিমিত্ত সন্তান আছে, তেওঁলোক সদায় এটাই সংকল্পত থাকে যে পিতাক প্ৰত্যক্ষ
কেনেকৈ কৰোঁ, কেতিয়া হ’ব। এনেকুৱা সংকল্প চলে নহয়? পিতায়ো আকৌ সন্তানসকলক সোধে যে
সন্তানসকল, তোমালোক সকলো সম্পন্ন, সম্পূৰ্ণ স্বৰূপত নিজে কেতিয়া প্ৰত্যক্ষ হ’বা?
পিতাৰ সন্তানসকলৰ প্ৰতি প্ৰশ্ন হ’ল যে তাৰ তাৰিখো নিৰ্ধাৰিত কৰিলানে? নে সেই তাৰিখ
নিৰ্ধাৰিত নহ’ব?
ডবল বিদেশীসকলে কয়
যিকোনো অনুষ্ঠানৰ তাৰিখ এবছৰ আগতে নিৰ্ধাৰিত কৰা হয়, এনেকৈ কয় নহয়! পিতাই কয় - নিজক
প্ৰত্যক্ষ কৰাৰ তাৰিখ নিৰ্ধাৰিত কৰিলানে? বৈঠকতো বহুত কৰিলা নহয়! কৰিয়েই থাকা! আজি
অমুক বৈঠক, কাইলৈ অমুক বৈঠক। এতিয়াও কিমান বৈঠক অনুষ্ঠিত কৰাসকল আহিছে, বৈঠক
অনুষ্ঠিত কৰা তিনিও প্ৰভাগ আজিও বহি আছে। এয়াতো বহুত ভাল, কিন্তু এই বৈঠকৰ তাৰিখ
কি? যি ভাবা সেয়াই বাণী হওঁক, সেয়াই কৰ্ম হওঁক। সংকল্প, বাণী আৰু কৰ্ম তিনিওটা
শ্ৰেষ্ঠ লক্ষ্য অনুসৰি হওঁক। বাপদাদাই লক্ষ্য কৰে যে এই বিশ্ব কল্যাণৰ কাৰণে
নিমিত্ত সন্তানসকল যিসকল সৰ্ব আত্মাৰ কল্যাণকাৰী তেওঁলোক প্ৰত্যক্ষ ৰূপত মঞ্চত
কেতিয়া আহিব? প্ৰত্যেকেই গুপ্ত পুৰুষাৰ্থ কৰিছে, নিচাত আছে। এয়াও বাপদাদাই দেখিবলৈ
পায়। কিন্তু এইটো বিশেষ সংকল্পৰ নিচাত মগন কেতিয়া হ’ব? নিচাতো আছে কিন্তু এই বিশেষ
সংকল্পৰ লগনত মগন কেতিয়া হ’ব? লগনতো আছে কিন্তু নিৰন্তৰ এইটো সংকল্প সম্পন্ন কৰাত
মগন হৈ থকা অৰ্থাৎ নিৰন্তৰ এইটোৱে সংকল্প পূৰ্ণ কৰাৰ বাস্তৱিক স্বৰূপ থাকা। এতিয়া
সংকল্প আৰু প্ৰত্যক্ষ কৰ্মত অন্তৰ আছে। হ’বতো লাগিবই আৰু সন্তানসকলেও কৰিবই লাগিব।
পিতাতো ৰাজহাড় হিচাপে আছেই।
বাপদাদাই চাই আছিল যে
সকলোতকৈ তীব্ৰৰ গতিৰ সেৱা হৈছে – * “বৃত্তিৰ দ্বাৰা প্ৰকম্পন বিয়পাই দিয়া”*। বৃত্তি
তীব্ৰ ৰকেটতকৈও অধিক তীব্ৰ। বৃত্তিৰ দ্বাৰা বায়ুমণ্ডলৰ পৰিৱৰ্তন কৰিব পাৰা। য’ত
বিচৰা, যিমান আত্মাৰ প্ৰতি বিচৰা বৃত্তিৰ দ্বাৰা ইয়াত বহি বহিয়েই গৈ উপস্থিত হ’ব
পাৰা। বৃত্তিৰ দ্বাৰা দৃষ্টি আৰু সৃষ্টি পৰিৱৰ্তন কৰিব পাৰা। কিন্তু এটা কথাই
বৃত্তিৰ দ্বাৰা সেৱা কৰাত বাধা প্ৰদান কৰি আছে, বৃত্তিৰ দ্বাৰা প্ৰকম্পন বিয়পে।
তোমালোকৰ জড় চিত্ৰই এতিয়ালৈকে, অন্তিম জন্মলৈকে প্ৰকম্পনৰ দ্বাৰা সেৱা কৰি আছে নহয়!
দেখিছা নহয়! মন্দিৰ দেখিছা নহয়! ডবল বিদেশীসকলে মন্দিৰ দেখিছানে? দেখা নাই যদি চাই
ল’বা কিয়নো তোমালোকৰেই মন্দিৰ হয় নহয়! কুমাৰীসকল তোমালোকৰ মন্দিৰ নে ভাৰতবাসীৰ
মন্দিৰ? সকলোৰে মন্দিৰ, বাৰু। অভিনন্দন। মন্দিৰৰ মূৰ্তিবোৰে প্ৰত্যক্ষৰূপত
প্ৰকম্পনৰ দ্বাৰা সেৱা কৰি আছে অৰ্থাৎ তোমালোক আত্মাসকলে, মন্দিৰৰ মূৰ্তিবোৰে সেৱা
কৰি আছা। কিমান ভক্তই প্ৰকম্পনৰ দ্বাৰা নিজৰ সকলো ইচ্ছা পূৰ্ণ কৰি আছে। সেয়েহে
চৈতন্য মূৰ্তিসকল, এতিয়া নিজৰ শুভ ভাৱনাৰ বৃত্তি, শুভ কামনাৰ বৃত্তিৰে বায়ুমণ্ডলত
প্ৰকম্পন বিয়পোৱা। কিন্তু, কিন্তু বুলি ক’বলৈ ভাল নালাগে, কিন্তু ক’বলগীয়া হয়।
পাণ্ডৱ, ‘কিন্তু’ শব্দটি ভাল লাগেনে? ভাল নালাগে। কিন্তু, ‘কিন্তু’ আছে নে সমাপ্ত
হৈ গ’ল? ইয়াৰ বাবে সকলোতকৈ সহজ বিধি হ’ল প্ৰথমে প্ৰত্যেকে নিজৰ ভিতৰত পৰীক্ষা কৰা -
এক চেকেণ্ডত পৰীক্ষা কৰিব পাৰা। এতিয়াই কৰা। এক চেকেণ্ড দিওঁনে, নে কওঁতে এক
চেকেণ্ড পাই গ’লা। এতিয়া নিজৰ ভিতৰত পৰীক্ষা কৰা - মোৰ বৃত্তিত কোনো আত্মাৰ প্ৰতি
কোনো নেতিবাচক প্ৰকম্পন আছে নেকি? বিশ্বৰ বায়ুমণ্ডল পৰিৱৰ্তন কৰিব লাগে, কিন্তু
নিজৰ মনত কোনো এটি আত্মাৰ প্ৰতিও যদি ব্যৰ্থ প্ৰকম্পন বা সঁচা প্ৰকম্পনো যদি
নেতিবাচক হয় তেন্তে বিশ্ব পৰিৱৰ্তন কৰিব নোৱাৰে। বাধা আহি থাকিব, সময় লাগি যাব।
বায়ুমণ্ডলত শক্তি নাহিব। বহুত সন্তানে কয় যে তেওঁ এনেকুৱাই হয় নহয়! হয়েই নহয়! তেন্তে
প্ৰকম্পনতো সৃষ্টি হ’ব নহয়! পিতাকো জ্ঞান দিয়ে, বাবা আপুনি গম নাপায়, সেই আত্মাটি
হয়েই এনেকুৱা। কিন্তু পিতাই সোধে বাৰু তেওঁ বেয়া, ভুল, হ’ব নালাগে, কিন্তু বেয়াক
নিজৰ বৃ্ত্তিত ৰাখিবা, এইটো জানো পিতাই অনুমতি দিছে? যিসকলে ভাবে পিতাই অনুমতি দিয়া
নাই, তেওঁলোকে এখন হাত উঠোৱা। টি.ভি.ত দেখুওৱা। (দাদীৰ প্ৰতি) তুমি দেখি আছা নহয়!
বাৰু, স্মৃতিত ৰাখিবা যে হাত উঠাইছিলোঁ। ডবল বিদেশীসকলে হাত উঠালে! বাপদাদাৰ
টি.ভি.ততো দেখা গৈয়েই আছে। * যেতিয়ালৈকে প্ৰত্যেক ব্ৰাহ্মণ আত্মাৰ নিজৰ বৃত্তিত কোনো
আত্মাৰ প্ৰতি প্ৰকম্পন নেতিবাচক হয় তেতিয়ালৈকে বিশ্বকল্যাণৰ বাবে বৃত্তিৰে
বায়ুমণ্ডলত প্ৰকম্পন বিয়পাব নোৱাৰিবা*। এইটো দৃঢ়তাৰে বুজি লোৱা। যিমানেই সেৱা নকৰা,
নিতৌ আঠবাৰকৈ ভাষণ দিয়া, যোগ শিবিৰ কৰোৱা, অনেক প্ৰকাৰৰ পাঠ্যক্ৰম কৰোৱা কিন্তু কাৰো
প্ৰতি নিজৰ বৃত্তিত কোনো পুৰণা নেতিবাচক প্ৰকম্পন নাৰাখিবা। বাৰু তেওঁ বেয়া, বহুত
ভুল কৰে, বহুতক দুখ দিয়ে, তেন্তে তোমালোক তেওঁৰ দুখ দিয়াৰ বাবে দায়বদ্ধ হোৱাৰ
পৰিৱৰ্তে, তেওঁক পৰিৱৰ্তন কৰাত সহায়কাৰী হ’ব নোৱাৰানে! দুখত সহায় কৰিব নালাগে,
তেওঁক পৰিৱৰ্তন কৰাত তোমালোক সহায়কাৰী হোৱা। যদি কোনো এনেকুৱা আত্মাও আছে যাক
তোমালোকে ভাবা যে পৰিৱৰ্তন নহয়, বাৰু তোমালোকৰ বিচাৰত তেওঁ পৰিৱৰ্তন হওঁতা নহয়,
কিন্তু ক্ৰমানুসৰিতো হয় নহয়! তেন্তে তোমনালোকে কিয় ভাবা যে এওঁতো পৰিৱৰ্তন হওঁতা
নহয়েই। তোমালোকে কিয় ৰায় দিয়া, পিতাহে বিচাৰক হয় নহয়। তোমালোক সকলো ইজন-সিজনৰ
বিচাৰক হৈ গৈছা। পিতায়োতো চাই আছে, এওঁ এনেকুৱা, এওঁ এনেকুৱা, এওঁ এনেকুৱা..! পিতা
ব্ৰহ্মাক প্ৰত্যক্ষ ৰূপত দেখিলা যেনেকুৱাই বাৰে বাৰে ভুল কৰা আত্মা আছিল কিন্তু
বাপদাদাই (বিশেষ সাকাৰ ৰূপত পিতা ব্ৰহ্মাই) সকলো সন্তানৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ কৰি,
সকলো সন্তানক অমায়িক বুলিয়েই ক’লে। দুই চাৰিজন কটু আৰু বাকীসকল অমায়িক... এনেকৈ ক’লে
জানো? তথাপি এনেকুৱা আত্মাসকলৰ প্ৰতিও সদায় দয়াশীল হ’ল। ক্ষমাৰ সাগৰ হ’ল। কিন্তু
তোমালোকে নিজৰ বৃত্তিত কাৰোবাৰ প্ৰতি যদি নেতিবাচক ভাৱ ৰাখা, তেন্তে ইয়াৰ পৰা
তোমালোকৰ কি লাভ? যদি ইয়াৰ পৰা তোমালোকৰ লাভ হয়, তেন্তে নিশ্চয় ৰাখা, অনুমতি দিছোঁ।
যদি লাভ নাই, অশান্তি হয়....., সেই কথা সন্মুখত আহিব। বাপদাদাই দেখিবলৈ পায়, সেই
সময়ত তেওঁক আইনা দেখুৱাব লাগে। গতিকে যিটো কথাত নিজৰ কোনো লাভ নাই, জ্ঞানৱান হোৱাতো
বেলেগ কথা, জ্ঞান আছে যে এইটো ভুল এইটো শুদ্ধ। জ্ঞানৱান হোৱাতো বেয়া নহয়, কিন্তু
বৃত্তিত ধাৰণ কৰা এইটো ভুল কিয়নো নিজৰেই মানসিক অৱস্থা বেয়া, ব্যৰ্থ সংকল্প,
স্মৃতিৰ শক্তি কম, লোকচান হয়। যিহেতু তোমালোক প্ৰকৃতিকো পাৱন কৰি তোলোঁতা হোৱা,
এয়াতো আত্মাহে। বৃত্তি, প্ৰকম্পন আৰু বায়ুমণ্ডল তিনিওটাৰে সম্বন্ধ আছে। বৃত্তিৰে
প্ৰকম্পন সৃষ্টি হয়, প্ৰকম্পনেৰে বায়ুমণ্ডল গঢ় লয়। কিন্তু মূল হ’ল বৃত্তি। যদি
তোমালোকে বুজি পোৱা যে অতি সোনকালে পিতাৰ প্ৰত্যক্ষতা হওঁক তেন্তে তীব্ৰগতিৰ
প্ৰচেষ্টা হ’ল সকলোৱে নিজৰ বৃত্তিক নিজৰ বাবে, আনৰ বাবে ইতিবাচক কৰি তোলা। জ্ঞানৱান
অৱশ্যে হোৱা কিন্তু নিজৰ মনত নেতিবাচক ধাৰণা নকৰিবা। নেতিবাচকৰ অৰ্থ হ’ল আৱৰ্জনা।
এতিয়াই নিজৰ বৃত্তি শক্তিশালী কৰা, প্ৰকম্পন শক্তিশালী কৰা, বায়ুমণ্ডল শক্তিশালী কৰা
কিয়নো সকলোৱে অনুভৱ কৰিলা, বাণীৰে পৰিৱৰ্তন, শিক্ষাৰে পৰিৱৰ্তন বহুত ধীৰ গতিত হয়,
হয় কিন্তু বহুত ধীৰ গতিত। যদি তোমালোকে তীব্ৰ গতি বিচৰা তেন্তে জ্ঞানৱান হৈ, ক্ষমা
স্বৰূপ হৈ, দয়াশীল হৈ শুভ ভাৱনা, শুভ কামনাৰ দ্বাৰা বায়ুমণ্ডল পৰিৱৰ্তন কৰা। চোৱা,
প্ৰত্যক্ষৰূপত তোমালোক সকলোৱে দেখিছা, মধুবনলৈ যিয়েই আহে, সকলোতকৈ অধিক কোনটো কথাত
প্ৰভাৱ পৰে? বায়ুমণ্ডলৰ। ইয়াতো যদিও সকলো ক্ৰমানুসৰি কিন্তু পিতা ব্ৰহ্মাৰ কৰ্মভূমি,
বাপদাদাৰ বৰদান ভূমি, সেয়াই বায়ুমণ্ডল পৰিৱৰ্তন কৰি দিয়ে। অনুভৱ কৰিছা নহয়। তেন্তে
প্ৰকম্পনৰ দ্বাৰা বায়ুমণ্ডল গঢ়া এয়া হ’ল তীব্ৰ গতিৰ অন্তৰৰ ছাপ। বায়ুমণ্ডলৰ ছাপ
অন্তৰত পৰি যায়। শুনা কথা পাহৰিব পাৰে কিন্তু বায়ুমণ্ডলৰ ছাপ অন্তৰত পৰি যায়, তাক
পাহৰিব নোৱাৰে। এনেকুৱা হয়নে? গতিকে বাপদাদাই শুনি থাকে, প্ৰত্যক্ষতা কেতিয়া হ’ব,
পৰস্পৰ বাৰ্তালাপতো ভাল কৰা। ভাল কথা। কোৱা পাণ্ডৱে এতিয়া কি কৰিবা? বায়ুমণ্ডল
শক্তিশালী কৰিবা। সেৱাকেন্দ্ৰই হওঁক বা যি স্থানেই নহওঁক, প্ৰবৃত্তিত থাকা তেতিয়াও
বায়ুমণ্ডল শক্তিশালী হওঁক চাৰিওফালৰ বায়ুমণ্ডল যদি সম্পূৰ্ণ নিবিঘ্ন, দয়াশীল, শুভ
ভাৱনা, শুভ কামনাৰ হয় তেন্তে প্ৰত্যক্ষতাত সময় নালাগে।
এতিয়া বাপদাদাই যি
তাৰিখ দিলে, সেয়া বাপদাদাৰ স্মৃতিত আছে। হিচাপতো সুধিব নহয়! প্ৰত্যেকে নিজৰ হিচাপতো
ৰাখিছা নহয়। বাপদাদাই হিচাপত এয়াই পৰিক্ষা কৰিব - বৃত্তিত, দৃষ্টিত, বাণীত, দয়াশীল,
শুভ ভাৱনা আৰু শুভ কামনা ৰাখোঁতা আত্মা কিমান শতাংশ আছে? এতিয়াও 15 দিনটো আছে নহয়!
বেছি আছে। বাৰু, যিয়ে কৰাও নাই তেন্তে 15 দিনো যদি কৰা তেন্তে উত্তীৰ্ণ হৈ যাবা।
অতীতত বিন্দু (যতি) লগাবা আৰু দয়াৰ সাগৰ হৈ যাবা। ক্ষমাৰ সাগৰ হৈ যাবা। (বাপদাদাই
ড্ৰিল কৰালে)
সকলোৱে শুনিলানে! বাৰু! যি তিনিটা দল বৈঠকলৈ আহিছে, স্পাৰ্ক প্ৰভাগৰসকলে হাত উঠোৱা।
ভাল। বহুত ভাল। এতিয়া এইটো বিষয়ৰ ওপৰত গৱেষণা কৰা, বায়ুমণ্ডল কেনেকৈ বাস্তৱত
শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ কৰি তুলিব পাৰি! গৱেষণা কৰি আছা নহয়। এনেকুৱা বায়ুমণ্ডল গঢ়িবৰ
বাবে বুদ্ধিত কি কি কথা ৰাখিব লাগে, কি কি কৰ্মও কৰিব লাগে, সম্বন্ধ-সম্পৰ্কত কৰিব
লাগে। ভাল কথা, নিজে নিজক ব্যস্ত কৰি ৰাখা, ভাল কথা। কিন্তু বাপদাদাই এইটো অনুভৱ
বাস্তৱত চাব খোজে যে কেনেকৈ বাস্তৱত ৰূপায়িত কৰিলে আৰু পৰিণাম কি হ’ল? যদি মাজত কিবা
বাধা আহিল তেন্তে কি বাধা আহিল? এইটো অনুভৱ বাস্তৱত কৰি চোৱা, কেৱল সাৰ কথা নুলিয়াবা,
এইটো কৰিব লাগে, এইটো কৰিব লাগে। নহয়। কৰা। অনুভৱ কৰি উদাহৰণ হৈ দেখুওৱা আৰু সেই
উদাহৰণে আনকো সহযোগ দিব। ঠিক আছে নহয়! এওঁ (ৰমেশ ভ্ৰাতাৰ প্ৰতি) নিমিত্ত হয় নহয়!
ভাল। এতিয়াও 15 দিন বাকী আছে, এতিয়া শেষ হোৱা নাই। এতিয়া বহুত গ’ল কিন্তু অলপ বাকী
আছে গতিকে ‘স্পাৰ্ক’ প্ৰভাগৰসকলে এনেকুৱা বাস্তৱত কৰি চোৱা আৰু আনক দেখুওৱা। ঠিক আছে?
কৰিব পাৰিবানে? হ’ব পাৰিবনে? বাৰু, ঠিক আছে। বহুত ভাল! বাৰু।
দ্বিতীয়তে
পৰিবহন প্ৰভাগৰ সৈতে বৈঠক:-
পৰিবহন প্ৰভাগৰসকলেতো
সকলোকে সুখ দিব। পৰিবহন প্ৰভাগৰসকলে হাত উঠোৱা। বাৰু। (ভ্ৰাতা-ভগ্নী দুয়ো অছে)
ভগ্নীসকলৰ অবিহনেতো গতি নাই। তেন্তে পৰিবহন প্ৰভাগৰসকলে কি কৰিব? কেৱল যাত্ৰা কৰাবা
নেকি? পৰিবহন প্ৰভাগৰসকলে পৰস্পৰ মিলি এনেকুৱা কাৰ্যসূচী হাতত লোৱা যাতে যিকোনো
আত্মাক কম সময়ত দুখৰ জগতৰ পৰা পাৰ কৰাই অলপ সময়ৰ বাবেও শান্তিৰ যাত্ৰা কৰাব পাৰা!
বাৰু, পৰমধামলৈকেতো গৈ পোৱা কঠিন কিন্তু দুখৰ জগতৰ শান্তিৰ যাত্ৰাতো কৰাব পাৰা।
তেনেকুৱা কাৰ্যসূচী বহুত হাতত লোৱা, চাৰিওপ্ৰকাৰৰ যাত্ৰীসকলক পিতাৰ বাৰ্তাতো দি আছা,
দিবাই; কিয়নো কোনোটো বৰ্গই যাতে থাকি নাযায়। এইটো ভাল কৰিলা যে বিভিন্ন প্ৰভাগ গঠন
কৰিলা, এইটো ভাল কথা, আপত্তি নকৰিব। কোনোটো বৰ্গ থাকি নাযাব, প্ৰত্যেকৰে নিজৰ
বৰ্গৰসকলক আগবঢ়াই নিয়াৰ উৎসাহ-উদ্দীপনাতো থাকে নহয়! এইটো বহুত ভাল, কিন্তু এতিয়া
যিবোৰ প্ৰভাগ গঠন কৰা হৈছে, কিমান সময়ৰ পৰা চলি আছে, দেৰ-দুই বছৰ হৈ গ’ল নে বেছি হৈ
গ’ল? (10-12 বছৰ) প্ৰভাগৰ সেৱাৰ 10-12 বছৰ হৈ গ’ল, ভাল কথা। বহুত সময় হৈ গ’ল।
প্ৰভাগৰসকলৰ বাবে বাপদাদাৰ এটা সংকল্প আছে। বাপদাদাই 2-3 বাৰ কৈছে কিন্তু হোৱা নাই,
যে প্ৰতিটো প্ৰভাগে যিয়ে যিমান সময় সেৱা কৰিছে, সেই এটি এটি প্ৰভাগৰ বিশেষ সেৱাৰ
যোগ্য, সহযোগীয়ে হওঁক বা আধা যোগীয়ে হওঁক বা কেতিয়াবা কেতিয়াবা আহে, নিয়মীয়া নহয়,
এনেকুৱা প্ৰতিটো প্ৰভাগৰসকলে অতিকমেও সকলো প্ৰভাগৰে 5 গৰাকীকৈ সন্মুখত আহিব লাগে।
মধুবনত তেওঁলোকে সকলোৱে দেখক যে প্ৰভাগৰসকলে, 10-12 গৰাকী নহ’লেও অন্তত 5 গৰাকী দৃঢ়,
ভাল সহযোগী, সেৱাৰ নিমিত্ত হওঁতা 5 গৰাকীকৈতো ওলাব পাৰে নহয়! ওলাব পাৰে যদি আনা। (কেতিয়া
আনিম?) সেয়া দাদীসকলৰ ওপৰত। (বাপদাদাৰ অনুষ্ঠানলৈ আনিমনে?) তেওঁলোক আকৌ বাপদাদাৰ
সৈতে মিলন উদ্যাপনৰ লায়ক হওঁক, 5 গৰাকীতো ওলাবই পাৰে। বেছি নকয়, 5 গৰাকী বচ্।
তেন্তে এয়া দাদীসকলে মঞ্জুৰ কৰিব।
অভিযন্তাসকলৰ সৈতে:-
অভিযন্তাসকলৰ কামেই
হ’ল পৰিকল্পনা কৰা। তেন্তে তীব্ৰ পুৰুষাৰ্থৰ কিবা পৰিকল্পনা কৰিলা নে কেৱল সেৱাৰ
পৰিকল্পনা কৰিলা? অভিযন্তাসকলে প্ৰতি মাহে তীব্ৰ পুৰুষাৰ্থৰ কিবা নতুন নতুন
পৰিকল্পনা কৰিব লাগে। মতামত দিব লাগে তাৰপাছত চুড়ান্ততো দাদীসকলে কৰিব। দাদীসকল
তোমালোকৰ সংগী, কিন্তু অভিযন্তা আৰু বিজ্ঞানীসকলে এনেকুৱা কোনো পৰিকল্পনা কৰিব লাগে
যাতে অতি সোনকালে নতুন সৃষ্টি আহি যায়। বচ্, এয়াই বৈঠক পাতি থাকিবা, পৰিকল্পনা কৰি
থাকিবা, কেতিয়ালৈকে? কিবা তীব্ৰ গতিৰ পৰিকল্পনা কৰা কিয়নো তোমালোকৰ প্ৰভাগৰ লক্ষ্যতো
এয়াই যে এনেকুৱা পৰিকল্পনা তৈয়াৰ হওঁক যাতে নিজৰ ৰাজ্য অতি সোনকালে আহি যায়। গতিকে
এনেকুৱা পৰিকল্পনাও কৰা আৰু সেৱাতো অলপ সময়ত অধিক সফলতা প্ৰত্যক্ষ ৰূপত দেখা দিয়ক,
এনেকুৱা পৰিকল্পনা কৰা। এনেকুৱা পৰিকল্পনা কৰিবা নহয়! শেষৰ পালত সকলো খতিয়ান শুনিম
যে প্ৰত্যেক প্ৰভাগে সফলতা তীব্ৰ কৰি তুলিবৰ বাবে কি কি পৰিকল্পনা কৰিলে! কেৱল
পৰিকল্পনা কৰিলে নহ’ব, 15 দিন তাৰ অভ্যাস কৰিব লাগিব, বাস্তৱত আনিব লাগিব। ঠিক আছে
নহয়। এতিয়া বাস্তৱত হ’ব নহয়! ইজনে সিজনে আগততো সকলোৱে কয়, বাপদাদাইতো সকলোৰে
বাৰ্তালাপ শুনি থাকে। সকলোৱে কয় প্ৰত্যক্ষ হওঁক, প্ৰত্যক্ষ হওঁক। কিন্তু প্ৰথমে
প্ৰত্যক্ষ তোমালোকতো হৈ যোৱা। পিতাও তোমালোকৰ দ্বাৰা প্ৰত্যক্ষ হ’ব নহয়! বাৰু -
এতিয়াই নিজৰ বৃত্তি একাগ্ৰ কৰিব পাৰানে? ক’তো বৃত্তি যাতে অস্থিৰতাত নাহে। অটল,
একাগ্ৰ, শক্তিশালী হওঁক (বাপদাদাই ড্ৰিল কৰালে) বাৰু! চাৰিওফালৰ সকলো সেৱাধাৰী
সন্তানসকলক, সদায় নিজৰ শ্ৰেষ্ঠ প্ৰকম্পনৰ দ্বাৰা সেৱা কৰোঁতা তীব্ৰগতিৰ পুৰুষাৰ্থ
কৰোঁতা সন্তানসকলক, সদায় ক্ষমাৰ মাষ্টৰ সাগৰ, সদায় শুভ ভাৱনা, শুভ কামনাৰ দ্বাৰা
বহুত দুৰ্বল আত্মাসকলকো শক্তিশালী কৰি তোলোঁতা, এনেকুৱা মাষ্টৰ সৰ্বশক্তিমান
সন্তানসকলৰ প্ৰতি বাপদাদাৰ বহুত বহুত স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।
বৰদান:
সময় অনুসৰি
প্ৰতিটো কাৰ্যত সফল হওঁতা জ্ঞানী যোগী আত্মা হোৱা
জ্ঞানৰ অৰ্থ হ’ল বোধ।
বুদ্ধিমান তেওঁক কোৱা হয় যিয়ে সময় অনুসৰি বুদ্ধিমত্তাৰে কাৰ্য কৰি সফলতা প্ৰাপ্ত কৰে।
বুদ্ধিমানৰ লক্ষণ হ’ল তেওঁ কেতিয়া প্ৰৱঞ্চিত হ’ব নোৱাৰে। আৰু যোগীৰ লক্ষণ হ’ল
স্বচ্ছ আৰু নিকা বুদ্ধি। যিজনৰ বুদ্ধি স্বচ্ছ আৰু নিকা তেওঁ কেতিয়াও নক’ব যে গম
নাপাওঁ এনেকুৱা কিয় হৈ গ’ল। এই শব্দবোৰ জ্ঞানী আৰু যোগী আত্মাই উচ্চাৰণ কৰিব নোৱাৰে,
তেওঁলোকে জ্ঞান আৰু যোগক প্ৰতিটো কৰ্মত ব্যৱহাৰ কৰে।
স্লোগান:
অচল-অটল হৈ
তেৱেঁই থাকে যিয়ে নিজৰ আদি-অনাদি সংস্কাৰ-স্বভাৱ স্মৃতিত ৰাখে।
“ইচ্ছা মাত্ৰম অবিদ্যা”
স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:
সংস্কাৰ মিলনৰ ৰাস
কৰিবলৈ ইজনে সিজনৰ কথা স্বীকাৰ কৰা আৰু সৎকাৰ কৰা। যদি স্বীকাৰ আৰু সৎকাৰ কৰা - এই
দুয়োটা কথা আয়ত্ব হৈ যায় তেতিয়া সম্পূৰ্ণতা আৰু সফলতা দুয়োটা সমীপত আহি যাব। যেতিয়া
এজনে অনেকক সংস্কাৰধাৰী কৰি তোলা তেতিয়া সমাপ্তি হ’ব।