06.11.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
বাবাৰ দৃষ্টি হদ আৰু বেহদৰো সিপাৰে যায়, তোমালোকো হদ (সত্যযুগ), বেহদ (কলিযুগ)ৰ
সিপাৰে যাব লাগে"
প্ৰশ্ন:
উচ্চতকৈও উচ্চ
জ্ঞান ৰত্নৰ ধাৰণা কোনসকল সন্তানৰ ভালকৈ হয়?
উত্তৰ:
যাৰ বুদ্ধিযোগ এজন পিতাৰ লগত থাকে, পৱিত্ৰ হয়, তেওঁলোকৰ এই ৰত্নবোৰৰ ধাৰণা ভালকৈ
হ’ব। এই জ্ঞানৰ কাৰণে শুদ্ধ পাত্ৰৰ প্ৰয়োজন। ওলট-পালট সংকল্পও বন্ধ হৈ যোৱা উচিত।
পিতাৰ সৈতে যোগসূত্ৰ গঢ়োঁতে গঢ়োঁতে পাত্ৰ সোণৰ হৈ গ’লে তেতিয়াহে ৰত্ন স্থায়ী হৈ
থাকিব পাৰে।
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলক আত্মিক পিতাই বহি নিতৌ বুজায়। এয়াতো সন্তানসকলক বুজাইছে – জ্ঞান, ভক্তি
আৰু বৈৰাগ্যৰ এই সৃষ্টি চক্ৰ ৰচি থোৱা আছে। বুদ্ধিত এই জ্ঞান থকা উচিত। তোমালোক
সন্তানসকল হদ আৰু বেহদৰ সিপাৰে যাব লাগে। পিতাতো হদ আৰু বেহদৰো সিপাৰে থাকে। তাৰো
অৰ্থ বুজিব লাগে নহয়। আত্মিক পিতাই বহি বুজায়। এইটো বিষয়ো বুজাব লাগে যে জ্ঞান,
ভক্তি, তাৰপাছত বৈৰাগ্য। জ্ঞানক কোৱা হয় দিন, যেতিয়া সৃষ্টি নতুন হয়। তাত এই ভক্তি
অজ্ঞানতা নাথাকে। সেইখন হ’ল হদৰ সৃষ্টি কিয়নো তাত বহুত কম সংখ্যক থাকে। পাছত লাহে
লাহে বৃদ্ধি হয়। আধা সময়ৰ পাছত ভক্তি আৰম্ভ হয়। তাত সন্ন্যাস ধৰ্ম নাথাকে। সন্ন্যাস
বা ত্যাগ নাথাকে। আকৌ পাছত সৃষ্টিৰ বৃদ্ধি হয়। ওপৰৰ পৰা আত্মাসকল আহি থাকে। ইয়াত
বৃদ্ধি হৈ থাকে। হদৰ পৰা আৰম্ভ হয়, বেহদত যায়। পিতাৰতো হদ আৰু বেহদৰো সিপাৰে দৃষ্টি
যায়। তেওঁ জানে হদত কিমান কম সংখ্যক সন্তান থাকে আকৌ ৰাৱণৰ ৰাজ্যত কিমান বৃদ্ধি হৈ
যায়। এতিয়া তোমালোক হদ আৰু বেহদৰো সিপাৰে যাব লাগে। সত্যযুগত সৃষ্টি কিমান সৰু হৈ
থাকে। তাত সন্ন্যাস বা বৈৰাগ্য আদি নাথাকে। পাছত দ্বাপৰৰ পৰা পুনৰ আন ধৰ্মবোৰ আৰম্ভ
হয়। সন্ন্যাস ধৰ্মও থাকে যিয়ে ঘৰ-সংসাৰৰ সন্ন্যাস কৰে। সকলোৱে জনা উচিত নহয় জানো।
তাক কোৱা হয় হঠযোগ আৰু হদৰ সন্ন্যাস। কেৱল ঘৰ-সংসাৰ ত্যাগ কৰি জংঘললৈ গুচি যায়।
দ্বাপৰৰ পৰা ভক্তি আৰম্ভ হয়। জ্ঞানতো নাথাকেই। জ্ঞান মানে হৈছে সত্যযুগ-ত্ৰেতা সুখ।
ভক্তি মানে অজ্ঞান আৰু দুখ। এয়া ভালদৰে বুজাবলগীয়া হয় আকৌ দুখ আৰু সুখৰো সিপাৰে যাব
লাগে। হদ-বেহদৰ সিপাৰে। মনুষ্যই পৰীক্ষা নকৰে জানো। কিমানলৈ সমুদ্ৰ আছে, আকাশ আছে।
বহুত চেষ্টা কৰে কিন্তু অন্ত পাব নোৱাৰে। এৰোপ্লেনত যায়। তাতো ইমান তেলৰ প্ৰয়োজন
যাতে পুনৰ উভতিও আহিব পাৰে। বহুত দূৰলৈ যায় কিন্তু বেহদত যাব নোৱাৰে। হদতে যাব।
তোমালোকতো হদ আৰু বেহদৰো সিপাৰে যোৱা। এতিয়া তোমালোকে বুজিব পাৰা প্ৰথমতে নতুন
সৃষ্টি হৈছে হদৰ। বহুত কম মনুষ্য থাকে। তাক সত্যযুগ বুলি কোৱা হয়। তোমালোক
সন্তানসকলৰ ৰচনাৰ আদি, মধ্য, অন্তৰ জ্ঞান থকা উচিত নহয় জানো। এই জ্ঞান আন কাৰো নাই।
তোমালোকক বুজাওঁতা হৈছে পিতা যিজন পিতা হদ আৰু বেহদৰ সিপাৰে থাকে আন কোনেও বুজাব
নোৱাৰে। ৰচনাৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায়, পুনৰ কয় – ইয়াৰ সিপাৰে যোৱা। তাততো
একোৱেই নাথাকে। যিমান দূৰলৈ নোযোৱা, আকাশেই আকাশ। ইয়াক কোৱা হয় হদ-বেহদৰ সিপাৰ।
কোনেও অন্ত পাব নোৱাৰে। ক’ব অন্তহীন। অন্তহীন বুলি কোৱাতো সহজ কিন্তু অৰ্থ বুজি পোৱা
উচিত। এতিয়া পিতাই তোমালোকক বুজনি দিয়ে। পিতাই কয় – মই হদকো জানো, বেহদকো জানো।
অমুক অমুক ধৰ্ম অমুক অমুক সময়ত প্ৰতিষ্ঠা হৈছে! সত্যযুগৰ হদৰ ফালে দৃষ্টি যায়। তাৰ
পাছত কলিযুগৰ বেহদৰ ফালে। আকৌ আমি সিপাৰে গুচি যাম। য’ত একোৱে নাই। সূৰ্য চন্দ্ৰৰো
ওপৰলৈ আমি যাওঁ, য’ত আমাৰ শান্তিধাম, মৰমৰ ঘৰ আছে। এনেয়ে সত্যযুগো মৰমৰ ঘৰ। তাত
শান্তিও আছে আৰু ৰাজ্য-ভাগ্য সুখো আছে – দুয়োটাই আছে। ঘৰলৈ গ’লে তেতিয়া তাত কেৱল
শান্তি হ’ব। সুখৰ নাম নল’ব। এতিয়া তোমালোকে শান্তিও স্থাপনা কৰি আছা আৰু
সুখ-শান্তিও স্থাপনা কৰি আছা। তাততো শান্তিও আছে, সুখৰ ৰাজ্যও আছে। মূললোকততো সুখৰ
কথা নাই।
আধাকল্প তোমালোকৰ ৰাজ্য চলে আকৌ আধাকল্পৰ পাছত ৰাৱণৰ ৰাজ্য আহে। 5 বিকাৰৰ দ্বাৰাই
অশান্তি হয়। 2500 বছৰ তোমালোকে ৰাজত্ব কৰা আকৌ 2500 বছৰৰ পাছত ৰাৱণৰ ৰাজ্য হয়।
তেওঁলোকেতো লাখ লাখ বছৰ বুলি লিখি দিছে। একদম যেন মূৰ্খ কৰি দিছে। পাঁচ হাজাৰ বছৰৰ
কল্পক লাখ লাখ বছৰ বুলি কৈ দিয়াতো মূৰ্খালি বুলি কোৱা নহ’ব জানো। অলপো সভ্যতা নাই।
দেৱতাসকলৰ কিমান দৈৱী সভ্যতা আছিল। সেয়া এতিয়া সভ্যতাহীন হৈ গৈছে। একোৱেই নাজানে।
আসুৰি অৱগুণ আহি গ’ল। আগতে তোমালোকেও একো জনা নাছিলা। কাম কটাৰী চলাই আদি-মধ্য-অন্ত
দুখী কৰি দিয়ে সেইবাবে তাক ৰাৱণ সম্প্ৰদায় বুলি কোৱা হয়। এনেকৈ দেখুৱাইছে যে ৰামে
বান্দৰ সেনা ল’লে। এতিয়া ৰামচন্দ্ৰ হৈছে ত্ৰেতাৰ, তাত আকৌ বান্দৰ ক’ৰ পৰা আহিল, আকৌ
কয় যে ৰামৰ সীতাক হৰণ কৰিলে। এনেকুৱা কথাতো তাত নহয়েই। জীৱ-জন্তু আদিৰ 84 লাখ যোনি
যিমান ইয়াত আছে সিমান জানো সত্যযুগ-ত্ৰেতাত থাকিব। এয়া গোটেই বেহদৰ ড্ৰামা পিতাই বহি
বুজায়। সন্তানসকল বহুত দূৰদৰ্শী হ’ব লাগে। আগতে তোমালোকে একোৱেই জনা নাছিলা। মনুষ্য
হৈও আকৌ নাটকক নাজানে! এতিয়া তোমালোকে বুজি পোৱা সকলোতকৈ ডাঙৰ কোন? উচ্চতকৈও উচ্চ
হ’ল ভগৱান। শ্লোকো গায় – উচ্চ তোমাৰ নাম উচ্চ তোমাৰ ধাম… এতিয়া তোমালোকৰ বাহিৰে আন
কাৰো বুদ্ধিত নাই। তোমালোকৰ মাজতো ক্ৰমানুসৰি আছে। পিতাই হদ আৰু বেহদ দুয়োটাৰে
ৰহস্য বুজায়। তাৰ সিপাৰে একোৱেই নাই। সেয়া হ’ল তোমালোকৰ থকা স্থান যাক ব্ৰহ্মাণ্ড
বুলিও কয়। যেনেকৈ ইয়াত তোমালোক আকাশ তত্ত্বত বহি আছা, তাত কিবা দেখিবলৈ পোৱা যায়
জানো? ৰেডিঅ’ত কয় আকাশবাণী। এতিয়া এই আকাশতো অন্তহীন। অন্ত পাব নোৱাৰি। তেন্তে
আকাশবাণী বুলি ক’লে মনুষ্যই কি বুজিব। এয়া যি মুখ আছে এয়া হ’ল শূন্য। মুখেৰে বাণী (শব্দ)
উচ্চাৰিত হয়। এয়াতো সাধাৰণ কথা। মুখেৰে শব্দ উচ্চাৰণ কৰা যাক আকাশবাণী বুলি কোৱা হয়।
পিতায়ো আকাশৰ দ্বাৰা বাণী উচ্চাৰিত কৰিবলগীয়া হয়। তোমালোক সন্তানসকলক নিজৰো গোটেই
ৰহস্য শুনাইছে। তোমালোকৰ নিশ্চয় জন্মিছে। হওঁতে বহুত সহজ। যেনেকৈ আমি আত্মা তেনেকৈ
পিতাও হৈছে পৰম আত্মা। উচ্চতকৈও উচ্চ আত্মা নহয় জানো। সকলোৱে নিজৰ নিজৰ ভূমিকা পাইছে।
সকলোতকৈ উচ্চ ভগৱান তাৰপাছত প্ৰবৃত্তি মাৰ্গৰ যুগল মেৰু (লক্ষ্মী-নাৰায়ণ)। তাৰপাছত
ক্ৰমানুসৰি মালা চোৱা কিমান কম! তাৰপাছত সৃষ্টি বাঢ়ি বাঢ়ি কিমান ডাঙৰ হৈ যায়। কিমান
কোটি মণি অৰ্থাৎ আত্মাৰ মালা। এয়া সকলো হ’ল পঢ়াৰ কথা। পিতাই যি বুজাইছে সেয়া
বুদ্ধিত ভালদৰে ধাৰণ কৰা। কল্প বৃক্ষৰ বিস্তাৰতো তোমালোকে শুনি থাকা। বীজ ওপৰত আছে।
এয়া হৈছে বিচিত্ৰ বৃক্ষ। ইয়াৰ আয়ুস কিমান। বৃক্ষৰ বৃদ্ধি হৈ গৈ থাকে গতিকে গোটেই
দিন বুদ্ধিত যাতে এয়াই থাকে। এই সৃষ্টিৰূপী কল্প বৃক্ষৰ আয়ুস একেবাৰে সঠিক। 5000
বছৰতকৈ এক ছেকেণ্ডৰো পাৰ্থক্য হ’ব নোৱাৰে। যিসকল সন্তান মজবুত তেওঁলোকৰ বুদ্ধিত
এতিয়া কিমান জ্ঞান আছে। মজবুত তেতিয়া হ’ব যেতিয়া পৱিত্ৰ হ’ব। এই জ্ঞান ধাৰণ কৰিবলৈ
সোণৰ পাত্ৰৰ প্ৰয়োজন। পাছত এনেকুৱা সহজ হৈ যাব যেনেকৈ বাবাৰ কাৰণে সহজ। তেতিয়া
তোমালোককো মাষ্টৰ জ্ঞানপূৰ্ণ বুলি ক’ব। আকৌ পুৰুষাৰ্থৰ ক্ৰমানুসৰি মালাৰ মণি হৈ
যাবগৈ। এনেকুৱা কথাবোৰ বাবাৰ বাহিৰে আন কোনেও বুজাব নোৱাৰে। এই আত্মাটিয়েও (ব্ৰহ্মায়ো)
বুজাই আছে। পিতায়ো এই শৰীৰৰ দ্বাৰাহে বুজায়, দেৱতাসকলৰ শৰীৰৰ দ্বাৰা নহয়। পিতা এবাৰে
আহি গুৰু হয় তথাপিও পিতায়ে ভূমিকা পালন কৰিবলগীয়া হয়। 5000 বছৰৰ পাছত আহি ভূমিকা
পালন কৰিব।
পিতাই বুজায় – উচ্চতকৈও উচ্চ মই হওঁ। তাৰপাছত হ’ল মেৰু। যিসকল আদিত মহাৰজা-মহাৰাণী
হয়, তেওঁলোক আকৌ গৈ অন্তত আদি দেৱ, আদি দেৱী হ’বগৈ। এই গোটেই জ্ঞান তোমালোকৰ
বুদ্ধিত আছে। তোমালোকে য’তেই নুবুজোৱা আচম্বিত হৈ যাব। এওঁলোকেতো ঠিকেই কয়। মনুষ্য
সৃষ্টিৰ বীজৰূপ স্বৰূপ জনেই হৈছে জ্ঞানেৰে পৰিপূৰ্ণ। তেওঁৰ বাহিৰে আন কোনেও জ্ঞান
দিব নোৱাৰে। এই সকলো কথা ধাৰণ কৰিব লাগে কিন্তু সন্তানসকলৰ ধাৰণ নহয়। হওঁতে বহুত
সৰল। কোনো জটিলতা নাই। এই ক্ষেত্ৰত প্ৰথম হৈছে স্মৃতিৰ যাত্ৰা, তেতিয়াহে পৱিত্ৰ
পাত্ৰত ৰত্ন স্থায়ী হৈ থাকিব। এয়া হৈছে উচ্চতকৈও উচ্চ ৰত্ন। বাবাতো ৰত্নৰ বেপাৰী
আছিল। বহুত ভাল হীৰা-মুকুতা আদি আহিছিল তেতিয়া ৰূপৰ চন্দুকত কপাহ আদিত ভালদৰে
ৰাখিছিল। যেতিয়া কোনোবাই দেখিব তেতিয়া ক’ব – এয়াতো বহুত উৎকৃষ্ট বস্তু। এয়াও (জ্ঞান
ৰত্নও) এনেকুৱা। ভাল বস্তু ভাল পাত্ৰত শোভা পায়। তোমালোকৰ কাণে শুনে। তাত ধাৰণ হয়।
পৱিত্ৰ হ’লে, বুদ্ধিযোগ পিতাৰ সৈতে থাকিলে তেতিয়া ভালকৈ ধাৰণ হ’ব। নহ’লে সকলো ওলাই
যাব। আত্মাও কিমান সূক্ষ্ম। তাতে কিমান জ্ঞান ভৰি আছে। কিমান ভাল শুদ্ধ পাত্ৰৰ
প্ৰয়োজন। কোনো সংকল্পও যাতে উদয় নহয়। ওলট-পালট সকলো সংকল্প বন্ধ হৈ যোৱা উচিত। সকলো
ফালৰ পৰা বুদ্ধিযোগ আঁতৰি যোৱা উচিত। মোৰ সৈতে যোগসূত্ৰ গঢ়ি পাত্ৰ সোণৰ কৰি দিয়া
যাতে ৰত্ন স্থায়ী হৈ থাকে। পাছত আনকো দান কৰি থাকিবা। ভাৰতক মহাদানী বুলি মান্যতা
দিয়া হয়, সেই ধনতো বহুত দান কৰে। কিন্তু এয়া হৈছে অবিনাশী জ্ঞান ৰত্নৰ দান। দেহ
সহিত যি কিছু আছে সেয়া সকলো এৰি এজনৰ সৈতে বুদ্ধিৰ যোগসুত্ৰ গঢ়িব লাগে। মইতো পিতাৰ
হওঁ, এই ক্ষেত্ৰতে পৰিশ্ৰম কৰিবলগীয়া হয়। লক্ষ্য-উদ্দেশ্যৰ বিষয়েতো পিতাই শুনাই দিছে।
পুৰুষাৰ্থ কৰাতো সন্তানসকলৰ কাম। তেতিয়াহে ইমান উচ্চ পদ পাব পাৰিবা। কোনো ধৰণৰ
ওলট-পালট বা নেতিবাচক সংকল্প উদয় হ’ব নালাগে। পিতাই হ’ল জ্ঞানৰ সাগৰ, হদ আৰু বেহদৰ
সিপাৰে থাকে। বহি সকলো বুজায়। তোমালোকে বুজি পোৱা – বাবাই আমাক চায় কিন্তু মইতো
হদ-বেহদৰ সিপাৰে গুচি যাওঁ। মই তাৰেই নিবাসী। তোমালোকো হদ-বেহদৰ সিপাৰে গুচি যোৱা।
সংকল্প, নেতিবাচক সংকল্প একোৱে যাতে উদয় নহয়। ইয়াৰ বাবে যত্নৰ প্ৰয়োজন। গৃহস্থালিত
থাকি পদুম ফুলৰ সমান হ’ব লাগে। হাতেৰে কৰ্ম কৰা, অন্তৰেৰে পিতাক স্মৰণ কৰা।
গৃহস্থীতো বহুত আছে। গৃহস্থীয়ে যিমান জ্ঞান লয় সিমান ঘৰত (সেৱাকেন্দ্ৰত) থকা
সন্তানসকলে নলয়। সেৱাকেন্দ্ৰ চলাওঁতা, মুৰুলী পঢ়াওঁতাও অনুত্তীৰ্ণ হৈ যায় আৰু
পঢ়োঁতাসকল আগত গুচি যায়। আগলৈ তোমালোকে সকলো গম পাই যাবা। বাবাই একেবাৰে ঠিক কথা
শুনায়। আমাক যিয়ে পঢ়াইছিল তেওঁলোকক মায়াই খাই পেলালে। মহাৰথীক মায়াই একদম গিলি
পেলালে। এতিয়া নায়েই। মায়াবী বিশ্বাসঘাটক হৈ যায়। বিলাততো বিশ্বাসঘাটক হৈ যায় নহয়।
ক’ত ক’ত গৈ শৰণাপন্ন হয়। যিফালে শক্তিশালী হয় সেইফালে গুচি যায়। এই সময়ততো মৃত্যু
সন্মুখত নাই জানো গতিকে বহুত শক্তিশালীসকলৰ ওচৰলৈ যাব। এতিয়া তোমালোকে বুজি পোৱা যে
পিতাহে শক্তিশালী। পিতা হ’ল সৰ্বশক্তিমান। আমাক শিকাই শিকাই গোটেই বিশ্বৰ মালিক কৰি
দিয়ে। তাত সকলো পোৱা যায়। কোনো অপ্ৰাপ্ত বস্তু নাথাকে, যাৰ প্ৰাপ্তিৰ বাবে আমি
পুৰুষাৰ্থ কৰিম। তাত কোনো এনেকুৱা বস্তু নাথাকে যিটো তোমালোকৰ ওচৰত নাথাকিব। সেয়াও
পুৰুষাৰ্থৰ ক্ৰমানুসৰি পদ পোৱা। পিতাৰ বাহিৰে এই কথাবোৰ আন কোনেও নাজানে। সকলো
পূজাৰী। যদিও ডাঙৰ ডাঙৰ শংকৰাচাৰ্য আদি আছে, বাবাই তেওঁলোকৰ মহিমাও শুনায়। প্ৰথমতে
পৱিত্ৰতাৰ শক্তিৰে ভাৰতক বহুত ভালকৈ সংযমত ৰখাৰ নিমিত্ত হয় সেয়াও যেতিয়া তেওঁলোক
সতোপ্ৰধান হৈ থাকে। এতিয়াতো তমোপ্ৰধান। তেওঁলোকৰ কি শক্তি থাকিল। এতিয়া তোমালোক
যিসকল পূজাৰী আছিলা সেইসকলেই পুনৰ পূজ্য হোৱাৰ বাবে পুৰুষাৰ্থ কৰি আছা। এতিয়া
তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান আছে। বুদ্ধিত ধাৰণ হওঁক আৰু তোমালোকে বুজাই থাকা।
পিতাকো স্মৰণ কৰা। পিতাইহে গোটেই বৃক্ষৰ ৰহস্য বুজায়। সন্তানসকল এনেকুৱা অমায়িকো
হ’ব লাগে। যুদ্ধ নহয় জানো। মায়াৰ ধুমুহাও বহুত আহে। সকলো সহ্য কৰিবলগীয়া হয়। পিতাৰ
স্মৃতিত থাকিলে সকলো ধুমুহা আঁতৰি যাব। ‘হাতমতাই’ৰ খেলৰ কথা শুনাই নহয়। মুখত লাড়ু
সুমুৱাই দিছিল, মায়া গুচি গৈছিল। লাড়ু উলিয়াই দিলেই মায়া আহি গৈছিল। ‘লাজুকীলতা’ আছে
নহয়। হাত লগালে মৰহি যায়। মায়া বহুত তীক্ষ্ণ, ইমান উচ্চ পঢ়া পঢ়ি থাকোঁতে বগৰাই দিয়ে
সেইবাবে পিতাই বুজাই থাকে - নিজক ভাই ভাই বুলি বুজা তেতিয়া হদ-বেহদৰ সিপাৰে গুচি
যাবা। শৰীৰে নাই তেন্তে দৃষ্টি ক’লৈ যাব। ইমান যত্ন কৰিব লাগে, শুনি চেতনাহীন হৈ
যাব নালাগে। কল্পই কল্পই তোমালোকৰ পুৰুষাৰ্থ চলে আৰু তোমালোকে নিজৰ ভাগ্য লাভ কৰা।
পিতাই কয় – যি পঢ়িছা সকলো পাহৰি যোৱা। বাকী যি কেতিয়াও পঢ়া নাই সেয়া শুনা আৰু
স্মৃতিত ৰাখা। তাক কোৱা হয় ভক্তিমাৰ্গ। তোমালোক ৰাজঋষি নহয় জানো। জঁটা খোলা আৰু
মুৰুলী শুনোৱা। সাধু-সন্ত আদিয়ে যি শুনায় সেয়া সকলো হ’ল মনুষ্যৰ মুৰুলী। এয়া হ’ল
বেহদৰ পিতাৰ মুৰুলী। সত্যযুগ-ত্ৰেতাততো জ্ঞানৰ মুৰুলীৰ দৰকাৰে নাথাকে। তাত জ্ঞানৰো
দৰকাৰ নাই, ভক্তিৰো দৰকাৰ নাই। এই জ্ঞান তোমালোকে এই সংগমযুগত পোৱা আৰু পিতাই হৈছে
এই জ্ঞান দিওঁতা।
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বুদ্ধিত
জ্ঞান ৰত্ন ধাৰণ কৰি দান কৰিব লাগে। হদ আৰু বেহদৰ সিপাৰে এনেকুৱা স্থিতিত থাকিব লাগে
যাতে কেতিয়াও ওলট-পালট বা নেতিবাচক সংকল্প উদয় নহয়। আমি আত্মা ভাই ভাই, এইটোৱে যাতে
স্মৃতিত থাকে।
(2) মায়াৰ ধুমুহাৰ পৰা
ৰক্ষা পাবলৈ পিতাৰ স্মৃতিৰূপী লাড়ু মুখত সুমুৱাই ৰাখিব লাগে। সকলো সহ্য কৰিব লাগে।
‘লাজুকীলতা’ৰ দৰে (স্পৰ্শকাতৰ) হ’ব নালাগে। মায়াৰ হাতত পৰাজিত হ’ব নালাগে।
বৰদান:
সদায় এজনৰ
স্নেহত সমাহিত হৈ একমাত্ৰ পিতাক অৱলম্বন কৰি লওঁতা সৰ্ব আকৰ্ষণ মুক্ত হোৱা
যিসকল সন্তান একমাত্ৰ
পিতাৰ স্নেহত সমাহিত হৈ থাকে তেওঁলোক সৰ্ব প্ৰাপ্তিৰে সম্পন্ন আৰু সন্তুষ্ট হৈ থাকে।
তেওঁলোকক কোনো প্ৰকাৰৰ অৱলম্বনে আকৰ্ষিত কৰিব নোৱাৰে। তেওঁলোকৰ সহজেই “একমাত্ৰ পিতা
অন্য কোনো নাই” - এইটো অনুভূতি হয়। তেওঁলোকৰ বাবে একমাত্ৰ পিতাই সংসাৰ, একমাত্ৰ
পিতাৰ দ্বাৰাই সৰ্ব সম্বন্ধৰ ৰসৰ অনুভৱ হয়। তেওঁলোকৰ বাবে সৰ্ব প্ৰাপ্তিৰ আধাৰ
একমাত্ৰ পিতাই হয়, বৈভৱ বা সাধন নহয় সেই কাৰণে তেওঁলোক সহজে আকৰ্ষণ মুক্ত হৈ যায়।
স্লোগান:
প্ৰকৃতিক পাৱন কৰি তুলিবলৈ হ’লে সম্পূৰ্ণ আকৰ্ষণ মুক্ত হোৱা।
সফলতামূৰ্ত হ’বলৈ
আজিৰ অব্যক্ত সংকেত:
সেৱাত থাকি ক’ৰবাত
উপৰাম হ’বলগীয়া হয় আৰু ক’ৰবাত স্নেহী, ইয়াৰ প্ৰতি বিশেষ মনোযোগ দিয়া। যদি স্নেহেৰে
সেৱা নকৰা সেইটোও ঠিক নহয় আৰু স্নেহত আৱদ্ধ হৈ সেৱা কৰা সেইটোও ঠিক নহয়। গতিকে
স্নেহেৰে সেৱা কৰা কিন্তু উপৰাম স্থিতিত স্থিত হৈ কৰা তেতিয়া সফলতা পাবা। যদি
পৰিশ্ৰমৰ তুলনাত সফলতা কমকৈ পোৱা তেন্তে নিশ্চয় স্নেহী আৰু উপৰাম হোৱাৰ সন্তুলনৰ
অভাৱ আছে।